আব্বু- পিতৃৰ মৰ্যাদা, অধিকাৰ আৰু সন্তানৰ প্ৰতি দায়বদ্ধতা

Share :

ইছলামৰ দৃষ্টিত,
পিতৃৰ মৰ্যাদা, অধিকাৰ আৰু সন্তানৰ প্ৰতি দায়বদ্ধতা

(পৰ্ব-১)

পিতৃৰ মৰ্যাদা, অধিকাৰ –

বিভিন্ন দেশত বিভিন্ন তাৰিখত বিশ্ব পিতৃ দিৱস পালন কৰা হয়। পিতৃ দিৱসত পিতৃত্ব, পিতৃত্ব বান্ধোন তথা সমাজত পিতাসমূহৰ প্ৰভাৱৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ধন্যবাদসূচক হিচাপে পালন কৰা হয়। পিতৃসকলৰ মৰম আৰু ত্যাগৰ স্বীকৃতি জনোৱা পিতৃ দিৱস এক মাধ্যম। কিন্তু প্ৰকৃততে এই স্বীকৃতি এই সন্মান যাচিবলৈ নিশ্চয় কোনো তাৰিখ, কোনো দিৱসৰ প্ৰয়োজন নহয়। সেই কথা সকলোৱে উপলব্ধি কৰিব পাৰে কিন্তু পশ্চিমীয়া সংস্কৃতিৰ এটা ৰং আছে নহয়…. যি ৰং নাসানিলে ভাৰতীয়ই অসমীয়াই আধুনিকতাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিব নোৱাৰে। সেয়ে চাগে সকলো বাধ্য….
যিকি নহওক আজিৰ বিষয় এয়া নহয়। এতি মূল বিষয়টো লৈ আহক….

ইছলামী জীৱন ব্যৱস্থাত ক্বুৰআন হাদীছৰ দৃষ্টিত পিতৃ আৰু মাতৃ দুয়োজনৰ প্ৰতি সন্তানৰ হক্ব (অধিকাৰ) ষ্পষ্টকৈ আলোচনা কৰা হৈছে। সন্তানৰ বাবে পিতৃ আৰু মাতৃৰ মৰ্যাদা, সন্মান, শিষ্টাচাৰ আদি অতি ধুনীয়াকৈ বহলাই বিশ্লেষণ কৰা হৈছে। তাৰ লগতে সন্তানৰ প্ৰতি পিতৃ আৰু মাতৃৰ অধিকাৰ তথা দায়বদ্ধতাৰ সন্দৰ্ভতো ষ্পষ্টকৈ আলোকপাত কৰা হৈছে। সকলোবোৰ সামৰি লব বিছাৰিলে লিখনিটো বহুত দিঘলীয়া হৈ যাব। ফলত পাঠকসকলে অলপ বিৰক্তও হব পাৰে।
গতিকে আজিৰ এই পৰ্বত পিতৃ দিৱসৰ লগত সংগতি ৰাখি কেৱল পিতৃৰ মৰ্যাদা, পিতৃৰ প্ৰতি সন্তানৰ অধিকাৰ আৰু সন্তানৰ বাবে পিতৃৰ দায়বদ্ধতা সম্পৰ্কে আলোচনা কৰা হ’ল। অৱশ্যে বিভিন্ন আয়াত আৰু হাদীছ বিশ্লেষণ কৰোতে আংশিকভাৱে মাতৃৰ কথাও উল্লেখ কৰিবলগীয়া হৈছে। আশা কৰোঁ উপকৃত হব।

সমাজত এজন দায়িত্বশীল ব্যক্তি,
এজন অদম্য তেজ মঙহৰ মানুহ,
হাতৰ, ভৰিৰ চামৰা ফাটি, হাড় ওলোৱা মাটিৰ মানুহ,
ৰ’দৰ তাপত জ্বলি কলা পৰা লৌহ মানৱ,
বৰষুণত, চকুলোত তিতি বুৰি সাগৰীয় প্ৰাণী,
যাক প্ৰকৃতিৰ ধুমুহাই, সমাজৰ কটুক্তিয়ে, লোকৰ তুচ্ছ তাচ্ছিল্যই কোনো দিনে বাধা সৃষ্টি কৰিব নোৱাৰে…..
তেনে এজন পিতৃ মাধ্যমতেই আৰম্ভ হয় সন্তানৰ জীৱন। আৰু সেই পিতৃৰ ব্যাপক তথা অনস্বীকার্য অৱদানৰ ফলত সন্তানে নিজৰ সপোনৰ আকাশ চুবলৈ সক্ষম হয়।

কঠোৰ শাসন, কোমল ভালপোৱা, অক্লান্ত পৰিশ্ৰম আৰু নিস্বাৰ্থ ত্যাগৰ মাজতে সন্তানক যি সুখ-স্বাচ্ছন্দ্য প্ৰদান কৰি যায়,
সেই ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰে সন্তানে।

পৱিত্ৰ ক্বুৰআন :
পবিত্র কুৰআনে অন্তত ১৫ ঠাইত পিতৃ মাতৃ আৰু সন্তানৰ কর্তব্যৰ উল্লেখ কৰিছে । যেনে,
‘তোমাৰ পালনকর্তাই নিৰ্দেশ কৰিছে যে, তেওঁৰ অবিহনে আন অন্য কাৰোৰে উপাসনা নকৰিবা। আৰু পিতৃ-মাতৃৰ লগত সদা সদ্ব্যবহা কৰিবা। সিহঁতৰ এজন বা উভয়েই যদি তোমাৰ জীৱদ্দশাতে বাৰ্ধক্যলৈ উপনীত হয় ; তেতিয়া তেওঁৰ আগত ‘উফ’ শব্দটিও প্ৰকাশ নকৰিবা, আৰু সিহঁতক ডাবি ধমকি নিদিবা। সিহঁতৰ লগত শিষ্টাচাৰপূর্ণভাবে কথা কবা।
( ছূৰা : বনি ইছৰাঈল : ২৩-২৪)

বিভিন্ন হাদীছৰ মূলভাৱ :

‘পিতৃৰ সন্তুষ্টিৰ ওপৰত নিৰ্ভৰ কৰে আল্লাহৰ সন্তুষ্টি। আৰু পিতৃৰ অসন্তুষ্টিৰ ওপৰত নিৰ্ভৰ কৰে আল্লাহৰ অসন্তুষ্টি। ‘

ইছলামত পিতৃ মাতৃৰ লগত অসৎ আচৰণ কবীৰা গুনাহ, অৰ্থাৎ ডাঙৰ পাপসমূহৰ এটা।

এটি দীৰ্ঘ হাদীছৰ মূল ভাব –


এবাৰ নবী ছাঃ ৰ মাজত মেম্বৰত বহিব লোৱাত প্ৰথম, দ্বিতীয় আৰু তৃতীয়… তিনিওটা ছিড়িত আমীন, আমীন, আমীন কৈ আছিল। শেষত মেম্বৰত বহাৰ পিছত চাহাবাসকলে তাৰ কাৰণ সুধিলে।

তেতিয়া নবী ছাঃ বিস্তাৰিতভাৱে কলে যে, তিনিটা ছিড়িত ভৰি দিয়াৰ সময়ত হজৰত জীব্ৰাইল আঃ এ তিনিজন ব্যক্তিৰ বাবে বদ-দুআ  কৰিছে- 
    ১. প্ৰথম ছিড়িত - ৰমজান মাহতো নিজক ক্ষমা কৰাব নোৱাৰা দূৰ্ভগীয়া ব্যক্তি। 
    ২. মোৰ নাম শুনিও দুৰূদ নপঢ়া ব্যক্তি। 
    ৩. নিজৰ পিতৃ মাতৃ বা কোনো এজনক জীৱিত পাইয়ো নিজক জান্নাতৰ যোগ্য কৰিব নোৱাৰা ব্যক্তি।

ইছলামত পিতৃ মাতৃৰ প্ৰতি সন্তানৰ এই হক্ব আৰু দায়িত্ব এই বাবেই, কাৰণ বৃদ্ধ বয়সত মানুহ দ্রুত মৃত্যুৰ দিশে ধাবিত হয়। শৰীৰ ক্ৰমান্বয়ে শক্তিহীন আৰু দুর্বল হৈ থাকে । কর্মদক্ষতাও হেৰুৱাই পেলায়; চলন ফুৰণৰ ক্ষমতা লাহে লাহে নোহোৱা হৈ পৰে, দুর্বলতা আৰু অসহায়ত্ব সিহঁতক গ্রাস কৰি পেলায়।

ফলত সিহঁতহাল সন্তান-সন্ততিৰ ওপৰত পূর্ণ নির্ভৰশীল হৈ পৰে। আনফালে বার্ধক্যৰ চাপত চতুর্মুখী ৰোগ যাতনাত সিহঁতৰ মন মগজু খিটখিট হৈ পৰে , কথাবার্তা কর্কশ আৰু আচাৰ ব্যৱহাৰ ৰূঢ় হৈ যায়। এনে সময় মানুহৰ বাবে চৰম দুর্দিন হিচাপে দেখা দিয়ে।
এই কঠিন মুহূর্ত সৃষ্টিকৰ্তাই দুৰ্বল পিতৃ মাতৃৰ কাষত থিয় দি নিৰ্দেশনা জাৰি কৰিছে যে, পিতৃ মাতৃক সন্তুষ্ট কৰিব পাৰিলেহে জান্নাত অৰ্জন কৰিব পাৰিবা।

তাৰ বিপৰীতে যি সন্তানে নিজৰ পিতৃ মাতৃৰ কষ্ট আৰু তাৰ প্রতি সিহতৰ অবদানক পাহৰি সেই অসহায় অবস্থাত সেৱা, যত্ন কৰাৰ পৰিৱৰ্তে, অবাধ্য হৈ মনত আঘাত দিয়ে, কৰ্ম-কথাৰে কষ্ট দিয়ে, সৃষ্টিকর্তা আল্লাহ পাকে তাৰ প্রতি অসন্তুষ্ট আৰু ৰাগাম্বিত হৈ তাৰ বাবে জাহান্নামৰ ঘোষণা কৰি দিয়ে

(পৰ্ব-২)

আব্বুৰ সন্তানৰ প্ৰতি দায়বদ্ধতা :

সুসন্তান পার্থিৱ জীৱনৰ সুখ-শান্তি আৰু পৰকালৰ মুক্তিৰ অন্যতম মাধ্যম, ধন-সম্পদ প্রাণ ৰক্ষা কৰাৰ মাধ্যম, আৰু সন্তান বংশ ৰক্ষাৰ মাধ্যম।

সেয়ে সন্তানৰ প্রতি পিতৃ-মাতৃৰ অসংখ্য দায়িত্ব আৰু কর্তব্য পালন কৰণীয় আছে । তলত কিছু উল্লেখ :

মহানবী (ছাঃ) ৰ ঘোষণা –
পিতৃয়ে সন্তানক শিষ্টাচাৰতকৈ উত্তম আন কিবা শিক্ষা দিব নোৱাৰে ।
(তিৰমিজী, মিশ্বকাত, পৃষ্ঠা ৪২৩)

১. একত্ববাদ (তৌহীদ) ৰ বাণী শুনাব:


সন্তান জন্মৰ পিছত প্রথম চুন্নত কৰণীয় হল, সো-কানত আজান দিয়া আৰু বাওঁ কানত ইক্বামত দিয়া। ইয়াৰ ফলত সন্তানৰ কানত সর্বপ্রথম একত্ববাদ, এক-সৃষ্টিকৰ্তাৰ বাণী পৰিব।
হজৰত আবু ৰাফি (ৰাঃ) এ বৰ্ণনা কৰিছে যে, মই মহানবী (ছাঃ) কে দেখিছোঁ , যেতিয়া ফাতিমা (ৰাঃ.) ৰ গৰ্ভত হাচান (ৰাঃ) জন্মগ্রহণ কৰিছিল, তেতিয়া তেওঁ হাছান ৰাঃ ৰ কানত নামাজৰ আজানৰ দৰে আজান দিয়া হৈছিল।
(তিৰমিজী, প্রথম খণ্ড, পৃষ্ঠা ১৮৩)

আন এটি হাদীছত আছে মহানবী (ছাঃ) এ ঘোষণা কৰিছে, যেতিয়া তোমালোকৰ সন্তানে কথা কবলৈ আৰম্ভ কৰে তেতিয়া সিহঁতক কলিমা (বাক্যটি) ‘লা-ইলাহা ইল্লাল্লাহ’ শিকাই দিয়া। (বায়হাকি)

২. অর্থবহ নামেৰে নামাকৰণ :

মানুহৰ ব্যক্তিত্বৰ প্রকাশ ঘটে নামৰ মাধ্যমত। আৰু পৃথিৱীৰ এই নামেৰেই পৰকালত তাক মাতা হব। এই নামৰেই প্রভাৱ পৰে নিজৰ বংশত, আৰু সমাজত।

ফলত পিতৃ-মাতৃৰ কর্তব্য হল, নিজৰ সন্তানৰ এটি অর্থবহ ভাল নাম দিয়া। মহানবী (ছাঃ) এ কোনো অৰ্থ নথকা বহু নাম পৰিৱৰ্তনো কৰিছে।। যেনে—
‘আব্দুল ওজ্জা’ পৰিৱৰ্তন কৰি ৰাখিছে আবদুল্লাহ,
‘আচিয়া’ ৰ পৰিৱৰ্তন কৰি ৰাখিছে জামিলা,
‘বুৰৰা’ পৰিৱৰ্তন কৰি ৰাখিছে জয়নব।

৩. আক্বীকাহ কৰা:

শিশুৰ জন্মৰ পিছত আক্বিকা কৰা চুন্নত। আৰু সপ্তম দিনা আকিকা কৰা আন এটি চুন্নত। মহানবী (ছাঃ) ৰ ইৰ্শ্বাদ –
প্রতিটি শিশু নিজৰ আক্বিকাৰ সৈতে বন্ধক থাকে। গতিকে তাৰ জন্মৰ সপ্তম দিনা তাৰ ফালৰ পৰা পশু জবহ কৰিবা , মূৰৰ চুলি মুণ্ডন কৰিবা আৰু নাম ৰাখিবা।
ৰাছূল (ছাঃ) এ কৈ গৈছে, লৰা সন্তানৰ বাবে দু’টি ছাগল (জবহ কৰিলে) আৰু কন্যা সন্তানৰ বাবে এটা ছাগল আক্বিকা কৰিবা। (বায়হাকি)।

৪. খতনা কৰাব :


পিতৃ-মাতৃৰ আন এটি গুৰুত্বপূর্ণ কৰণীয় (হক্ব) হ’ল, পুত্রসন্তানৰ খতনাৰ ব্যৱস্থা কৰা। এয়া চুন্নতে ইব্রাহীমী। সৰ্বপ্ৰথম ইব্রাহীম (আঃ) এ খতনা কৰিছিল কিন্তু বৃদ্ধ বয়সত। মহানবী (ছাঃ) এ মানৱীয় স্বভাবসম্মত কৰ্ম পাঁচটা। তাৰ মাজতে এটা হ’ল খতনা।

৫. যথাযথ প্রতিপালন :

সন্তানক যথাযথ প্রতিপালন কৰা পিতৃ-মাতৃৰ অপৰিহাৰ্য্য কৰ্তব্য। সন্তানৰ জীৱনৰ নিৰাপত্তা, শিক্ষা, চিকিৎসা, ৰোগমুক্ত কৰি ৰখা, নিচামুক্ত কৰি স্বাস্থ্যবান হিচাপে গঢ়ি তোলা আৰু জীৱনৰ উন্নতি তথা বিকাশকল্পে যথাসাধ্য প্রচেষ্টা চলোৱা পিতৃ-মাতৃৰ কর্তব্য। তাৰ বাবে পুষ্টিকৰ খাদ্য, বিশুদ্ধ পানিসহ প্রয়োজনীয় সকলো সা-সুবিধা কৰি লোৱাটো প্ৰয়োজনীয়।

৬. দ্বীনি শিক্ষা প্ৰদান :

পিতৃ-মাতৃৰ প্রধান দায়িত্ব হল স্বীয় সন্তানক দ্বীনি শিক্ষা প্ৰদান কৰা । মহানবী (ছাঃ) এ ঘোষণা কৰে, প্রত্যেক মুছলিম নৰ-নাৰীৰ ওপৰত দ্বীনি জ্ঞান/শিক্ষা
অর্জন কৰা ফৰজ।
(ইবনে মাজাহ, বায়হাকি, মিশ্বকাত , পৃষ্ঠা ৩৪)

৭. শিষ্টাচাৰী শিক্ষা প্ৰদান :


সন্তানক নম্রতা, ভদ্রতা আৰু শিষ্টাচাৰ শিক্ষা দিয়া পিতৃ-মাতৃৰ প্রধান দায়িত্ব। মহানবী (ছাঃ) ৰ ঘোষণা, পিতৃয়ে স্বীয় সন্তানক শিষ্টাচাৰতকৈ উত্তম একো শিকাব নোৱাৰে।
(তিৰমিজী, মিশ্বকাত- পৃষ্ঠা ৪২৩)

ডাঙৰক সন্মান, শ্রদ্ধা আৰু সৰুক স্নেহ, আদৰৰ প্রশিক্ষণ পিতৃ-মাতৃয়েই প্ৰদান কৰিব লাগিব।
মহানবী (ছাঃ) এ কৈছে, ‘যি ব্যক্তিয়ে সৰুক মৰম নকৰে আৰু ডাঙৰক সম্মান নকৰে, সেইজন প্রকৃত উম্মত নহয়। ‘
(তিৰমিজী, মিশ্বকাত, পৃষ্ঠা ৪২৩)

ইবাদত (উপাসনা) ৰ অভ্যস্ত কৰা :
পিতৃ-মাতৃৰ অন্যতম দায়িত্ব হ’ল, সন্তানক তাৰ বয়স বাঢ়ি যোৱাৰ লগে লগে বয়স অনুপাতে নামাজ, ৰোজা, ক্বুৰআন তিলাৱত, জিকিৰ-আজকাৰ, তাচবিহ-তাহলিল ইত্যাদি ইবাদতত অভ্যস্ত কৰা।

মহানবী (ছাঃ) নিৰ্দেশনা, যেতিয়া তোমালোকৰ সন্তানৰ বয়স সাত বছৰ হব, তেতিয়া তাক নামাজ পঢ়াৰ তাগিদা দিবা, আৰু যেতিয়া ১০ বছৰ বয়সত উপনীত হব তেতিয়া নামাজ পঢ়িবলৈ শাসন কৰিবা। আৰু তেতিয়া সিহঁতৰ বিছানা পৃথক কৰি দিয়া’
(আবু দাউদ, মিশ্বকাত পৃষ্ঠা- ৫৮)

হাদীছটো অধিক বহলাই আলোচনা কৰাৰ প্ৰয়োজন কিন্তু এই লিখনিত সম্ভৱ নহয়।

৮. সন্তানৰ বাবে দুআ :

সন্তানক কেৱল আদব, শিষ্টাচাৰ আৰু সুশিক্ষা প্ৰদানেই যথেষ্ট নহয়, বৰঞ্চ সিহঁতৰ বাবে মহান আল্লাহ দৰবাৰত খুজিবও লাগিব, দুআ কৰিবও লাগিব। অনুৰূপ সন্তান লাভৰ বাবে দুআ কৰিব লাগিব।
যিদৰে নবী হজৰত জাকাৰিয়া (আঃ) দুআ কৰিছিল,
‘হে আল্লাহ! আপুনি নিজৰ ফালৰ পৰা আমাক নেক সন্তান দান কৰক! অৱশ্যেই আপুনি দুআ শ্রবণকাৰী। ’ (ছূৰা আল-ইমৰান, আয়াত: ৩৮)

৯. বিবাহৰ ব্যবস্থা কৰা :

সন্তান প্ৰাপ্তবয়স্ক হোৱাৰ পিছত ভাল ঘৰ চাই সিহঁতৰ বিবাহৰ চিন্তা কৰা আৰু ব্যৱস্থা কৰা পিতৃ-মাতৃৰ অন্যতম দায়িত্ব।
মহানবী (ছাঃ) তিনিটা কাম দ্রুতভাৱে সম্পাদন কৰিবলৈ নিৰ্দেশ দিছে —
১. সময় হৈ গলে নামাজ আদায় কৰা।
২. ল’ৰা-ছোৱালী প্রাপ্তবয়স্ক হলে বিবাহৰ ব্যৱস্থা কৰা।
৩. জানাজা উপস্থিত হলে জানাজা পঢ়া।
(তিৰমিজী, মিশ্বকাত)

✔ ইয়াৰ প্ৰায়কেইটা বিষয় অধিক বিস্তাৰিতভাৱে লিখাৰ প্ৰয়োজন আছে। পৰৱৰ্তী সময়ত অৱশ্যে চেষ্টা কৰিম, যদি প্ৰয়োজনবোধ প্ৰকাশ কৰা হয়।

মহান সৃষ্টিকৰ্তাই আমাক, সকলোকে যথাযথভাৱে নিজৰ নিজৰ দায়িত্ব পালন কৰিবলৈ শক্তিদান কৰক। আমীন।

কলম- মুৰতাজা ইউছুফ কাছিমী।

ভাৰতীয় সময়: ১০:১০ জুৱ, ২০২১