মুফ্তী মহঃ আব্দুৰ ৰৌফ ক্বাছিমী।
(শিক্ষক, জামিয়া ইছলামীয়া জালালীয়া, হোজাই।)
তবলীগী জামাত বৰ্তমান যুগত সৰ্বস্তৰৰ উম্মতৰ হিদায়াতৰ অতি উত্তম আৰু ফলপ্ৰসূ ৰাস্তা।
এক কথাত আল্লাহৰ অতি উত্তম নিআ’মত হৈছে তবলীগী জামাত।
বৰ্তমান যুগত চলি থকা তবলীগৰ পিতৃপুৰুষ হজৰত মৌলানা ইলিয়াছ (ৰহঃ) অতি উচ্চস্তৰৰ বৰেণ্য আলিম আছিল। গতিকে স্বাভাৱিকভাৱেই তবলীগী জামাতৰ আটাইতকৈ বেছি শুভাকাংক্ষী হৈছে দ্বিনী প্ৰতিষ্ঠান আৰু উলামাসকল। বিগত কেইটামান বছৰ ধৰি মৌলানা ছা’দ চাহাবক কেন্দ্ৰ কৰি কিছু বিতৰ্কৰ সূত্ৰপাত হৈছে। যিটো কম-বেছি সকলোৱে অৱগত।
আমাৰ দৰে অধমক যদি কোনোবাই প্ৰশ্ন কৰে, জনাব! আপুনি মৌলানা ছা’দ নামৰ ব্যক্তিজনক সমৰ্থন কৰেনে ? আমাৰ উত্তৰ হ’ব, নিশ্চয়। কাৰণ তেখেতৰ খিদমত বহুত আছে।
যদি প্ৰশ্ন কৰে, তেখেতৰ সেই বয়ান সমূহক সমৰ্থন কৰেনে যিবিলাকৰ ওপৰত দাৰুল উলুম দেওবন্দ আৰু অন্যান্য বহুতো দ্বীনি প্ৰতিষ্ঠানৰ বহুসংখ্যক আলিম-উলামাই আপত্তি দৰ্শাইছে?
আমাৰ সহজ উত্তৰ হ’ব, আমি কোনো ব্যক্তিক সমৰ্থন কৰিলেও তেওঁৰ ভুল আৰু বিভ্ৰান্তিকৰ কথাক সমৰ্থন নকৰোঁ।
◼️আমাৰ আৰজ (আবেদন ) :
১। শ্বুৰাৰ ভাইসকলৰ প্ৰতি —
“যদি আপুনি মৌলানা ছা’দ চাহাবৰ উম্মতৰ প্ৰতি থকা দায়বদ্ধতা, ক্বোৰবানী আৰু খিদমত একোৱেই দেখা নাই তেনেহ’লে আপোনাৰ মৌলানা ছা’দ চাহাবৰ সৈতে থকা মতানৈক্য ব্যক্তিগত কাৰণত। এই মতানৈক্যক হিংসা বা বিদ্বেষ বুলি কোৱা হয়। আৰু যদি আপোনাৰ মতানৈক্য তেখেতৰ নিৰ্দিষ্ট কিছুমান বিভ্ৰান্তিকৰ বয়ানৰ ক্ষেত্ৰতহে, মৌলানা ছা’দ নামৰ ব্যক্তিজনৰ প্ৰতি নহয়, তেনেহ’লে আপোনাৰ মতানৈক্য শুদ্ধ আৰু ইয়াত এখলাছৰ আশা আছে।
যদি মৌলানা ছা’দ চাহাবে আমীৰৰ দায়িত্ব এৰি দিয়ে তেনেহ’লে তবলীগৰ কাম এৰি দিবনে?
নিশ্চয় নিদিয়ে,, তবলীগত গৈ বয়ানো কৰিবলগীয়া হ’ব, তেতিয়াওতো একেটা কথাই হ’ব। গতিকে মূল আপত্তি আমীৰ হোৱাক লৈ নহয় বৰং বিভ্ৰান্তিকৰ বয়ানহে। যদি সেয়া ত্যাগ কৰে আৰু অতি সতৰ্কতাৰে সৈতে বয়ান কৰে তেনেহ’লে আপত্তি কিয় কৰিব আপোনালোকে?
যিহেতু আপোনালোকেও এখলাছৰ সৈতে আল্লাহ তাআ’লাক ৰাজী কৰিবলৈ তবলীগৰ কাম কৰি আছে সেয়েহে আল্লাহ তাআ’লাৰ ওচৰত মৌলানা ছা’দ চাহাবৰ ইছলাহ তথা সংশোধনৰ বাবে দোআ’ কৰক যাতে আল্লাহ তাআ’লাই তেখেতক পূৰ্বৰ আকাবীৰ সকলৰ দৰেই বিশুদ্ধভাৱে এই মহান কামক পৰিচালনা কৰিবলৈ তৌফিক দিয়ে।
২। ইমাৰতৰ ভাইসকলৰ প্ৰতি —
বিশ্ববিখ্যাত দ্বিনী প্ৰতিষ্ঠান দাৰুল উলুম দেওবন্দৰ সুবিজ্ঞ এদল আলিম-উলামা আৰু মুফ্তী সকলে সকলো সূক্ষ্মভাৱে চালি-জাৰি চাই মৌলানা ছা’দ চাহাবৰ একাংশ ‘বিভ্ৰান্তিকৰ বয়ান’ ৰ ওপৰত তীব্ৰ আপত্তি দৰ্শাইছে। সমান্তৰালকৈ ভাৰতবৰ্ষৰ আন এখন প্ৰখ্যাত দ্বীনি প্ৰতিষ্ঠান মাজাহিৰে উলুম ছাহাৰানপুৰৰ পৰাও আৰু উপমহাদেশৰ বহুকেইখন প্ৰতিষ্ঠানৰ পৰাও দাৰুল উলুম দেওবন্দৰ দৰেই মৌলানা ছা’দ চাহাবৰ নিৰ্দিষ্ট বয়ানৰ ক্ষেত্ৰত একেই স্থিতি ব্যক্ত কৰিছে।
পিছত মৌলানা ছা’দ চাহাবে ৰুজুও কৰিছে।
কিন্তু………..
ইমান ডাঙৰ আৰু অতি স্পৰ্শকাতৰ বিষয়ত যেনেদৰে ৰুজু কৰিব লাগে তেনেদৰে ৰুজু কৰা নাই এয়াও নিশ্চিত আৰু সত্য।
বয়ানত কাৰ ভুল নহয়??? সকলোৰে হয়। বিশ্ববিখ্যাত দ্বীনৰ দাঈ মৌলানা তাৰিক জামিল চাহাব আৰু মুফ্তী তাৰিক মাছউদ চাহাবে নিজৰ বয়ানত ভুল কৰাত আলিম-উলামাসকলে সেয়া আঙুলিয়াই দিয়াৰ পিছত স্পষ্ট ভাষাত ভুল স্বীকাৰ কৰি এনেদৰে ৰুজু কৰিছে যে, পৰৱৰ্তী সময়ত কাৰো কোনো আপত্তি থকা নাই।
কিন্তু মৌলানা ছা’দ চাহাবৰ ৰুজু, ৰুজুৰ দৰে হোৱা নাই। সেয়েহে দাৰুল উলুম দেওবন্দে এই ৰুজুৰ ওপৰত পৰিপূৰ্ণ আস্থা প্ৰকাশ কৰিব পৰা নাই।
শ্বুৰাৰ ভাইসকলৰ দৰে আপোনালোকৰ প্ৰতিও আমাৰ আশা, আপোনালোকেও মৌলানা ছা’দ চাহাবৰ বাবে নহয় বৰং আল্লাহ তাআ’লাক ৰাজী কৰিবলৈ তবলীগ কৰি আছে। আল্লাহ তাআ’লাই উভয় দলৰ মেহনত ক্ববুল কৰক আমীন!
মৌলানা ছা’দ চাহাবক সমৰ্থন কৰক, মুহাব্বত কৰক, সেয়া বেলেগ কথা।
কিন্তু…… যিবিলাক বয়ানৰ ওপৰত দ্বীনৰ নিঃস্বাৰ্থভাৱে মেহনত কৰা অসংখ্য আলিম-উলামাই আপত্তি দৰ্শাইছে সেইসমূহ এৰাই চলক।
দুৰ্ভাগ্যজনকভাৱে আমাৰ দেখাত বহুতে তেনে ধৰণৰ বয়ান নকল কৰাও পৰিলক্ষিত হৈছে। যাৰ আশংকা দাৰুল উলুম দেওবন্দে পূৰ্বেই ব্যক্ত কৰিছে।
গতিকে সকলো সময়তে আলিম-উলামাৰ সৈতে সু-সম্পৰ্ক বজাই ৰাখক। আলিম-উলামাসকল তবলীগ বিৰোধী নহয় বৰং একান্ত আৰু নিৰলস সমৰ্থক হয়। সেয়ে এই মুবাৰক নবীওৱালা কামক নিজৰ বুলি ভাবিয়েই তাত কিবা ভুল দেখা পালে সংশোধন কৰিবলৈ চেষ্টা কৰে। ফলত তেঁওলোকক আপোনালোকৰ একাংশই তবলীগ বিৰোধী আলিম বুলি ভাবে। যিটো অতিশয় হতাশজনক আৰু আক্ষেপৰ কথা।
তবলীগ তথা দ্বীন প্ৰচাৰৰ বহুতো শাখা-প্ৰশাখা আছে। যিসকল আলিম-উলামাৰ তবলীগৰ আলোচিত শাখাৰ সৈতে সম্পৰ্ক আছে তেওঁলোককো মুহাব্বত কৰক আৰু যিসকল আলিম-উলামা দ্বীনৰ অন্যান্য শাখাৰ সৈতে জড়িত তেওঁলোককো আল্লাহৰ বাবে মুহাব্বত কৰিবলৈ শিকক। কাৰণ তেওঁলোকেও অন্তৰৰ অন্তঃস্থলৰ পৰা তবলীগক মুহাব্বত কৰে আৰু উম্মতৰ প্ৰতি থকা তবলীগৰ সীমাহীন অৱদানক একমুখে স্বীকাৰ কৰে। এই বৰ্কতপূৰ্ণ কামৰ য’ত ভুল দেখা পায় সেয়া নিঃস্বাৰ্থভাৱে সংশোধন কৰিবলৈ চেষ্টা কৰে। কাৰণ এয়া আল্লাহ তাআ’লা আৰু ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে দিয়া দায়িত্ব। গতিকে পালন কৰিবই লাগিব।
◼️আপুনি কি কৰিব এতিয়া?
সাধাৰণ মুছলমান বা সাধাৰণ তবলীগী জামাতৰ কৰ্মীসকলে কি কৰিব?
অতি পৰিতাপৰ বিষয় যে, সম্প্ৰতি অসমত শ্বুৰা আৰু ইমাৰত দুয়োটা পন্থীৰেই কৰ্মপদ্ধতি সন্তোষজনক বুলি ক’ব নোৱাৰি। একাংশই দুয়োটা পন্থীৰ পৰাই দূৰত্ব বজাই ৰখাটো যুগুত হ’ব বুলি ধাৰণা কৰিবলৈ লৈছে । যিটো উম্মতৰ বাবে বহুত ক্ষতিকাৰক।
আমাৰ আৰু অসংখ্য বিজ্ঞ উলামা আৰু দ্বীনদাৰ ব্যক্তিৰ স্থিতি হৈছে বৰ্তমান পৰিস্থিতিত কিছু বিসংগতি আৰু অসুবিধা থকা সত্বেও দুয়োটা জামাতৰ সৈতে মিলি কাম কৰাৰ বাহিৰে দ্বিতীয় কোনো ৰাস্তা নাই। অন্যথা আল্লাহ তাআ’লাই নকৰক! এই মুবাৰক কামৰ আৰু উম্মতৰ বৃহৎ ক্ষতি হোৱাৰ সম্ভাৱনা আছে।
আলহামদুলিল্লাহ! আমি দুয়োটা জামাতৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি সামান্য পৰিমাণে হ’লেও দ্বীনৰ কাম কৰি আছোঁ। কোনোবা মছজিদত জামাত আহিলে যি পন্থীৰেই নহওক তাৰ সৈতে একেলগে কাম কৰাৰ মানসিকতা আমাৰ থাকিব লাগিব। আগন্তুক জামাতক গমেই পাবলৈ নিদিব আপোনাৰ অন্তৰৰ আকৰ্ষণ শ্বুৰাৰ প্ৰতি বেছি নে ইমাৰতৰ প্ৰতি।
অসমত আগন্তুক অনুষ্ঠিত হ’বলগীয়া সকলো ইজতেমা শ্বুৰাৰ তত্বাৱধানত হওক নাইবা ইমাৰতৰ তত্বাৱধানত উভয়তে সুযোগ-সুবিধা অনুযায়ী শ্বৰীক হোৱাৰ চেষ্টা কৰিব। সকলোতে আল্লাহ আৰু ৰাছুলৰ তথা দ্বীনৰ আলোচনাই হ’ব। সকলো ইজতেমাৰ কামিয়াবীৰ বাবে আল্লাহ তাআ’লাৰ ওচৰত দোআ’ কৰক!
◼️ শেষ আহ্বান —
সমান্তৰালকৈ সকলোৱে নিজৰ নিজৰ বয়ানত পাৰাপক্ষত নিজামুদ্দিন বা মৌলানা ছা’দ চাহাব বা শ্বুৰা কোনো এটাৰ উদ্ধৃতি দিয়াৰ পৰা বিৰত থকাটো উত্তম হ’ব। কাৰণ ভুল-শুদ্ধ পৃথক বিষয় কিন্তু, যিহেতু মতানৈক্য হৈ গৈছে সেয়েহে বয়ানত পৱিত্ৰ ক্বুৰআন-হাদীছ আৰু ছাহাবায়ে কেৰামৰ উদ্ধৃতি দিবলৈ হে চেষ্টা কৰিব, ইন-শ্বা-আল্লাহ মতানৈক্য দূৰ হোৱাত বা হ্ৰাস হোৱাত সহায়ক হ’ব।
অন্যথা মছজিদে মছজিদে শ্বুৰা আৰু ইমাৰতক লৈ অধিক টনা-আঁজোৰা কৰা মানুহে তবলীগৰ কাম কৰাৰ সলনি নিজৰ ঘৰত বহি থাকিলে উম্মতৰ বেছি লাভ হ’ব।