ঈদুল আজহা আৰু কুৰবানীৰ তাৎপৰ্য

Share :

মানুহ মহান আল্লাহৰ শ্ৰেষ্ঠতম সৃষ্টি। স্ৰষ্টাৰ সন্তুষ্টিৰ বাবে মানুহে প্ৰতিনিয়ত তেওঁৰ আনুগত হৈ থকাটো জৰুৰী। 

তথাপিও মানুহে নিজৰ দৈনন্দিন জীৱনৰ সমস্যাবহুল ব্যস্ততা, ঘাত-প্রতিঘাত, দুখ-কষ্টৰ  মাজতাে কিছু সুখ তথা আনন্দৰ সন্ধান কৰে। মানৱ জীৱনৰ নানা দুখ-কষ্টৰ মাজতাে এনে মানসিক আনন্দই মানুহক জীয়াই থকা প্রেৰণা যোগায়। মানৱ মুক্তি বাবে আৱিৰ্ভাৱ হােৱা ইছলাম ধৰ্ময়াে সেয়া এটা নির্দিষ্ট সীমাৰ ভিতৰত আনন্দ কৰাৰ সুযােগ প্রদান কৰিছে। ঈদুল ফিতৰ আৰু ঈদুল আজহা মহানবী হজৰত মুহাম্মদ মোস্তফা (ছাঃ)ৰ যোগেদি আল্লাহ তাআলাই মানুহৰ বাবে দান কৰা এক বৃহৎ নিয়ামত।।

 আল্লাহৰ সীমাহীন আনুগত্য, ত্যাগ আৰু ধৈৰ্যৰ পৰীক্ষাত পূৰ্ণৰূপে সফলতা লাভ কৰা পয়গম্বৰ হজৰত ইব্রাহীম(আঃ) ৰ ত্যাগৰ নিদর্শন হৈছে ঈদুল আজহা আৰু কুৰবানী।

 হজৰত ইব্রাহীম(আঃ)ক আল্লাহ তাআলাই পুত্র ইছমাইল (আঃ)ক সপোনৰ জৰিয়তে কুৰবানী কৰিবলৈ ৱহী পঠিয়াইছিল । পবিত্র কুৰআনে এই সপোনৰ কথা বিস্তৃতভাৱে এনেদৰে উল্লেখ কৰা হৈছে– ‘আৰু ইছমাইল যেতিয়া লৰা-ঢপৰা কৰিব পৰা হ’ল তেতিয়া ইব্রাহীমে ক’লে– 

 ” বােপা! মই সপোনত তােমাক জবেহ কৰি থকা দেখিছাে। তুমি এইক্ষেত্ৰত কি কোৱা? (অর্থাৎ আল্লাহ মা লৈ ৱহীৰ জৰিয়তে হুকুম কৰিছে যে মই তােমাক কুৰবানী কৰিব লাগে। ইয়াত তােমাৰ কিবা আপত্তি আছে নেকি ?) তেতিয়া ইসমাইল কলে– আব্বাজান, আপোনাক যি কামৰ আদেশ কৰা হৈছে তাক আপুনি পালন কৰক। এই ক্ষেত্ৰত মােক আপুনি নিশ্চয় ধৈর্য অৱলম্বনকাৰীসকলৰ মাজত পাব।”

ইছমাইলৰ পৰা সন্মতি লাভ কৰাৰ পিছত ইব্রাহীম(আঃ)য়ে তেওঁক জৱেহৰ বাবে মূৰ তললৈ দি শুৱাই ল’লে (জবেহ কৰিবৰ বাবে সম্পূর্ণ উদ্যত হল আৰু ইছমাইলৰ ডিঙিত ছুৰি চলাবলৈ ল’লে)।

তেনেতে মই আৱাজ দিলাে– হে ইব্রাহীম! তুমি সপােনক সঁচা কৰি দেখুৱালা। এনেদৰেই মই পূণ্যকাৰীসকলক প্রতিদান দিও।এয়া মােৰ এক পৰীক্ষাহে আছিল। ইছমাইলৰ ঠাইত মই এটা জন্তু জৱেহ কৰােৱালাে। ইব্রাহীমৰ এই কর্ম মােৰ ইমানেই পছন্দ হ’ল যে ইয়াক মই পৰৱৰ্তী উম্মতৰ বাবে এক নিদর্শন বনাই দিলাে। ইব্রাহীমৰ ওপৰত শান্তি হওক। এনেদৰেই মই পূণ্যবানসকলক প্রতিদান দিও।” 

(চুৰা চাফাত, আয়াত ১০২-১১০)

 উল্লেখিত আয়াত কেই এত আল্লাহ তাআলাই হজৰত ইব্রহীম(আঃ)ৰ খােদাভক্তি, আনুগত্য তথা ধৈর্যশীলতাৰ পৰীক্ষা লোৱা আৰু হজৰত ইব্রাহীম(আঃ) সেই পৰীক্ষাত পূৰ্ণৰূপে উত্তীর্ণ হেৱাৰ কথা উল্লেখ কৰা হৈছে। মূলতঃ মানৱ জাতিৰ আভ্যন্তৰীণ লােভ, মােহ, কাম-ক্রোধ ইত্যাদি সকলাে ত্যাগ কৰি সম্পূর্ণভাৱে তেখেতৰ বশ্যতা স্বীকাৰ কৰাৰ উৎকৃষ্ট নিদৰ্শন এই কুৰব্বানী।

জৰত আল্লাহৰ আনুগত্য আৰু ভক্তি প্রকাশৰ বাবে এই কুৰবানীৰ প্রথা হজৰত আদম(আঃ)ৰ পৰাই চলি আহিছে। পৃথিৱী সৃষ্টিৰ পিছত আদিমানৱ হজৰত আদম(আঃ)ৰ দুজন পুত্র হাবিল আৰু কাবিলে প্রথম কুৰবানী কৰাৰ কথা পৱিত্ৰ কুৰআনৰ চুৰা মায়িদা

আয়াত নং ২৮ত উল্লেখ আছে। হজৰত ইব্রাহীম(আঃ)ৰ প্রতি আল্লাহ তাআলাৰ পুত্রবলিৰ নির্দেশ স্বয়ং আল্লাহ তাআলাই ফিৰিস্তা জিব্রাইলৰ জৰিয়তে দুম্বা জৱেহ কৰােৱাৰ দ্বাৰা কাৰ্যকৰী কৰােৱাইছিল। তেখেতৰ প্ৰতি আল্লাহৰ এই অনুগ্ৰহৰ বাবে তেওঁ আনন্দিত হৈ দুই ৰাকাত নামাজ আদায় কৰিছিল। সেই দুই ৰাকাত নামাজকেই ইদুল আজহাৰ দিনা ৱাজিব কৰি দিয়া হয় আৰু ইয়াক পৰৱৰ্তী সমগ্র উম্মতৰ

বাবে চুন্নতে ইব্রাহীমী হিচাপে আখ্যা দিয়া হয়।

এইখিনিতে এটা প্রশ্ন হয় যে, আল্লাহ তাআলাই আন সমস্ত হুকুম দিঠকতে দিয়াৰ দৰে এই কুৰবানীৰ হুকুমো সেইদৰে দিব পাৰিলেহেঁতেন। তাৰ পৰিৱর্তে আল্লাহে কুৰবানীৰ হুকুম সপোনত দিয়াৰ কাৰণ কি ?

তাৰ উত্তৰত কওঁ, যিহেতু আল্লাহ তাআলার উদ্দেশ্য ইছমাইল (আ)ক সঁচা অৰ্থত  কুৰবানী কৰাৰ নাছিল বৰঞ্চ নিজৰ মেহবুব প্রিয়তম হজৰত ইব্রাহীম(আঃ)ৰ আনুগত্যৰ পৰীক্ষা লােৱৰহে উদ্দেশ্য আছিল।

সেয়ে অন্যান্য হুকুমৰ পৰিৱৰ্তে এই হুকুম সপোনত দিয়া হ’ল।

তাফচীৰ গ্রন্থসমূহত লিখিছে যে হজৰত ইব্রাহীম(আঃ)য়ে সপোনত হজৰত ইছমাইলক জৱেহ কৰি থকা দেখা নাছিল। বৰঞ্চ তেওঁ হজৰত ইসমাইলকে জবেহ ৰ বাবে সম্পূর্ণ উদ্যত হোৱাহে দেখেছিল।।

 হজৰত ইব্রাহীম(আঃ)ও পিছদিনা পুৱা এশ উট কুৰবানী কৰিছিল। সেইদিনা ৰাতি সপােনত হজৰত ইব্রাহীম(আঃ)য়ে সেই একেই সপোনকে দেখিছিল। পুৱা পুনৰ এশটা উট কুৰবানী কৰিছিল। এনেদৰে তিনি বাৰৰ অন্তত যেতিয়া পুনৰ একে সপোনকে দেখিবলৈ ল’লে তেতিয়া চূড়ান্ত খােদাভক্তি প্রদর্শনৰ বাবে পুত্র

হজৰত ইছমাইল (আঃ)ক কুৰবানী কৰাৰ বাবে উদ্যত হৈছিল আৰু ইব্রাহীম(আঃ)ৰ সেই কর্ম আল্লাহে অতি পছন্দ কৰা বুলি পবিত্ৰ কুৰআনে ঘোষণা কৰিছে।

কুৰবানীৰ ফজিলত :

 হজৰত আয়েশ্বা চিদ্দিকা(ৰাঃ)ৰ পৰা বর্ণিত, ৰছুলুল্লাহ(ছঃ)য়ে কৈছে জিলহজ মাহৰ দহ তাৰিখে (অর্থাৎ ঈদুল আজহাৰ দিনা) আদম জাতিৰ কোনাে কাম কুৰবানী কৰাতকৈ অধিক প্রিয় নহয়। কিয়ামতৰ দিনা কুৰবানীৰ জন্তুবােৰ শিং, চুলি আৰু খুৰেৰে (একোটা জীৱন্ত জন্তু হৈ) উপস্থিত হ’ব। কুৰবানী জন্তুৰ তেজ মাটিত পৰাৰ পূর্বেই আল্লাহে কুৰবানী কবুল কৰে।।

গতিকে আল্লাহ বান্দাসকল তােমালােকে আনন্দেৰে কুৰবানী কৰা। (তিৰমিযী)

 জিলহজৰ প্রথম দহ দিনৰ ফজিলত : হযরত ইবনে আব্বাছ(ৰাঃ)ৰ পৰা বর্ণিত আছে ৰছুলুল্লাহ(ছঃ)য়ে ইর্শাদ ফৰ্মাইছ জিলহজ মাহৰ প্রথম ১০ দিনৰ নেক আমলবােৰ আল্লাহৰ ওচৰত যিমান প্রিয় আন কোনাে দিনবােৰতে সিমান প্রিয় নহয়।

☑️ কুৰবানী কৰিলে জন্তুবােৰৰ সংখ্যা হ্রাস পায় নেকি ?

কিছু সংখ্যক লােকে ধাৰণা কৰে যে মুছলমান সকলে বছৰৰ তিনিটাদিনত অসংখ্য জন্তু হত্যা কৰে। সেয়ে ইয়াৰ প্ৰভাৱ নিশ্চিতভাৱে পৃথিৱীৰ অর্থনৈতিক অৱস্থাৰ ওপৰত পৰে। যদিও এই ধাৰণা সহজভাৱেই হয় কিন্তু আমি ।

কিছু দকৈ ভাৱি চালে বুজিব পাৰিম যে আল্লাহ

তাআলাই পৃথিৱীত প্রয়োজন অনুপাতে উৎপাদন বৃদ্ধি কৰে। এজন মানুহে তেওঁৰ ঘৰৰ কুঁৱাটোৰ পৰা কুঁৱা শুকায় যোৱাৰ আশংকাত যদি পানি কম কৈ তুলে তেনেহ’লে তেওঁৰ কুঁৱাটোৰ পানী নিগৰা বন্ধ হৈ হোৱাৰ উপক্রম হয়। ইতিহাস লৈ উভতি গলে আমি দেখিবলৈ পাম যে পূর্বৰ যুগৰ লােকসকলে যিমান

জন্তুৰ কুৰবানী কৰিছিল আজিৰ যুগত তাৰ তুলনাত কম। ইছলামৰ আৰম্ভণিতে চাহাবাসকলে এজনেই

এশটিকৈ উট কুৰবানী কৰাৰ উদাহৰণ আছে। খোদ ৰছুলুল্লাহ (সা)য়ে এবাৰ এশ উট কুৰবানী কৰিছিল। আৰু তাৰে ৬৩টা উট নিজ হাতে কুৰবানী কৰিছিল। সেয়ে কুৰবানীৰ বাবে জন্তুৰ সংখ্যা হ্রাস পােৱাৰ অভিযােগ একেবাৰে অবান্তৰ।

পৃথিৱীত এনে বহুতে দেশ আছে যত মুছলমান লোকৰ সংখ্যা একেবাৰে কম। সেই অনুপাতে কেনে ঠাইত কুৰবানীৰ সংখ্যা কম। কিন্তু তেনে দেশসমূহত জন্তু অলিয়ে-গলিয়ে দেখিবলৈ পোৱা নাযায়। বৰঞ্চ জন্তুৰ মাংসৰ দাম আমাৰ দেশত কৈ সেইবোৰ ঠাই তহেঅধিক আকাশলঙ্ঘী হোৱা দেখা যায়।

• কুৰবানী নকৰা লোকৰ প্রতি ৰছুলুল্লাহ(ছাঃ)ৰ ধমকি :

হজৰত  আবু ৰাইৰ(ৰাঃ)ৰ পৰা বর্ণিত আছে ৰছুলুল্লাহ(ছঃ)য়ে কৈছে– যিজনে সামর্থ থকা সত্বেও কুৰবানী নকৰে তেওঁ যেন আমাৰ ঈদগাহৰ ওচৰ নাচাপে। (বায়হাকী)।

 বর্তমান বস্তুবাদী যুগৰ অগ্ৰগতিৰ লগে লগে মানুহাে দিনক দিনে অস্বাভাৱিকভাৱে বস্তুবাদী হৈ পৰিছে। পাৰ্থিৱ মােহ মায়া আৰু আর্থিক লােভ-লালসাত কুৰবানীৰ দৰে এক মহত্বপূর্ণ ইছলামী বিধানকো ওলাই কৰি বলৈ মানুহে কুণ্ঠাবোধ নকৰা হৈছে। আমাৰ মাজৰে বহুতাে লােকে আর্থিক স্বচ্ছলতা থকা সত্বেও কুৰবানী

নকৰে। এনে লােকে যেন নবীজী(ছঃ)ৰ এই ধমকিক কিছু গুৰুত্ব প্রদান কৰে। আনহাতে আন বহুতাে লােকে আকৌ কেৱল আনক দেখুৱাবৰ বাবে  কুৰবানী কৰে। কুৰবানীৰ প্রকৃত উদ্দেশ্য নিয়তৰ নিষ্কলুষতাৰ দ্বাৰা সাধিত হয়। আল্লাহ তাআলাই কুৰআনত ঘােষণা কৰিছে– 

‘আল্লাহৰ ওচৰত কুৰবানীৰ জন্তুৰ মাংস আৰু তেজ নপৌছে, বৰঞ্চ তেওঁৰ ওচৰলৈ পৌছে একমাত্র তোমালোকৰ তাকৱা বা আন্তৰিক খোদাভীতি। (চুৰা আনআম)

 গতিকে আগন্তুক ঈদুল আজহা তথা কুৰবানীৰ মৌচমত আহক,  আমি সকলোৱে আল্লাহৰ সন্তুষ্টিৰ বাবে কুৰবানী কৰো।  

▶️ মৌলানা নুৰুল আমিন কাছিমী। ◀️