মানুহক হহুঁৱাবলৈ যিসকলে মিছা কথা কয়! সিহঁতৰ পৰিণতি।
অনেকেই ধাৰণা কৰে যে হাহিঁ তামাচা বা ৰং ধেমালিত মিথ্যা কথা কোৱা বৈধ! আৰু এই ধাৰণাৰ পৰাই বিশ্ব ধোকা দিবস বা এপ্ৰিল ফুলৰ জন্ম। এই ধাৰণাৰ,এই দিৱসৰ কোনো ভিত্তি নাই ইছলামত। ৰং ধেমালি হওঁক অথবা স্বাভাৱিক অৱস্থাত হওঁক মিথ্যা সকলো অৱস্থাতে হাৰাম।
এই সন্দৰ্ভত কেইটামান হাদিছ তলত দাঙি ধৰা হল:
✔️ বাহয ইবনু হাকীম (ৰাজ্বি:)ৰ পৰা বৰ্ণিত তেখেতে কৈছে, আমি ৰাছুলুল্লাহ( ছ:) ক কওঁতে শুনিবলৈ পাইছিলো : মানুহক হহুঁৱাবলৈ যি ব্যক্তিয়ে মিছা কয় তাৰ বাবে ধবংস, তাৰ বাবে ধবংস, তাৰ বাবে ধবংস।
➡️ [ছুনানে আবু দাউদ: 4990] অধ্যায় শিষ্টাচাৰ।
➡️(জামে আত তিৰমিযী: 12) অধ্যায়: কিতাবুল যুহুদ।
✔️ ইবনে উমৰ (ৰাজি:) ৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ (ছ:) মে কৈছে ” আমি ৰং ধেমালি কৰো ঠিক, কিন্তু সত্য ব্যতীত কেতিয়াও মিথ্যা নকওঁ”।
➡️ (তাবাৰানি ফিল মুজামিল কাবিৰ:12/391,
ছহীহ আল-জামে হা:/2494)
✔️ আবু হুৰাইৰাহ( ৰাজি:) ৰ পৰা বৰ্ণিত, ছাহাবায়ে কিৰাম এদিনাখন কলে হে আল্লাহৰ ৰাছুল( ছ:)!আপুনি তো আমালোকৰ সৈতে ৰং ধেমালি কৰে। তেখেতে ৰাছুলুল্লাহ (ছ:)মে কলে ‘আমি সত্য ভিন্ন কিছু নকওঁ’।
➡️ (তিৰমিযী, হা /1980)
♣️মিথ্যা খোৱাৰ কুফল আৰু ইয়াৰ পৰিণতি সম্পৰ্কে হাদীছত আহিছে♣️
আব্দুল্লাহ (ৰাজি:) ৰ পৰা বৰ্ণিত তেখেতে কৈছে: ৰাছুলুল্লাহ (ছ:)মে কৈছে ” তোমালোকে মিথ্যা পৰিহাৰ কৰিবা। কিয়নো মিথ্যা মানুহক বেয়া কামত লিপ্ত কৰায়।আৰু অপকৰ্ম মানুহক জাহান্নামত লৈ যাব । যেতিয়া কোনো ব্যক্তিয়ে মিথ্যা কোৱা আৰম্ভ কৰে, তেতিয়া বাৰে বাৰে মিথ্যা কোৱাৰ কাৰণে আল্লাহৰ ওচৰত তেওঁৰ নামটো ‘মিথ্যাবাদী’ হিচাপে লিখা হয়।
ইয়াৰ পিছত তেখেতে ৰাছুলুল্লাহ( ছ:)মে কলে:
তোমালোকে সত্য কথা কবা। কিয়নো, সত্য মানুহক কল্যাণৰ দিশত লৈ যায় আৰু কল্যাণে তেওঁক জান্নাতত প্ৰবেশ কৰাব। আৰু যেতিয়া কোনো ব্যক্তি সত্য কথা কৈ থাকে,তেতিয়া সকলো সময়তে সত্য কথা কোৱাৰ কাৰণে, আল্লাহৰ ওচৰত তেওঁৰ নামটো ‘সত্যবাদী’ হিচাপে লিখা হয়।”
( ছুনানে আবু দাউদ (ইফা:) হাদিছ নং-4904)
গতিকে আমালোকৰ উচিত হব মিথ্যা সকলো অৱস্থাত পৰিহাৰ কৰা আৰু মিথ্যাৰ কোনো আশ্ৰয় আমালোকৰ মুছলিম জীৱনত স্থান নিদিয়া। আৰু ইয়াৰ কুফল ও পৰিণাম সম্পৰ্কে সকলোকে সতৰ্ক ও সংশোধন কৰি দিয়া।
আল্লাহ তাআলা আমাক সকলোকে ইয়াৰ ওপৰত আমোল কৰাৰ বাবে তৌফিক দান কৰক আ-মীন।