দান-খয়ৰাত পৱিত্ৰ ইছলামৰ এক গুৰুত্বপূৰ্ণ ইবাদৎ, আল্লাহৰ নৈকট্যপ্ৰাপ্তিৰ অন্যতম উপকৰণ ।হাদীছ শ্বৰীফত দান খয়ৰাত এনেভাৱে কৰাৰ প্ৰতি উৎসাহ প্ৰদান কৰা হৈছে যে,এক হাতেৰে দিলে অন্য হাতে যাতে গম নাপায়, অৰ্থাৎ অতি গোপনে দান খয়ৰাত কৰিব লাগে ।(বুখাৰী, মুছলিম ) ।আকৌ পৱিত্ৰ ক্বোৰআনত প্ৰকাশ্যে আৰু গোপনে উভয় প্ৰকাৰে দান-খয়ৰাত কৰাৰ ফজিলত উল্লেখ আছে (ছূৰা বাকাৰা) ।মুহাদ্দিছ আৰু মুফাচ্ছিৰ সকলে হাদীছ আৰু ক্বোৰআনৰ উক্ত আয়াতৰ মাজত সামঞ্জস্যতা এনেদৰে বৰ্ণনা কৰিছে যে, যিবোৰ দান খয়ৰাত জৰুৰী নহয়, বৰঞ্চ কৰাটো উত্তম, নকৰিলেও কোনো অসুবিধা নাই তেনে দান খয়ৰাত গোপনে কৰোটো উত্তম। আৰু যিবিলাক দান খয়ৰাত জৰুৰী তেনে দান খয়ৰাত প্ৰকাশ্য কৰা উত্তম, যেনে জাকাৎ। এনেধৰণৰ দান খয়ৰাত প্ৰকাশ্যে দিয়া এই কাৰণেই উত্তম যে, দান কৰা যিসকলৰ ওপৰত জৰুৰী তেওঁলোকৰ নিজৰ দায়িত্বৰ কথা মনত পৰে আৰু তাৰ প্ৰতি উৎসাহিত হৈ জাকাৎ দিয়া আৰম্ভ কৰে।
সম্প্ৰতি কিছুমান লোকে দান খয়ৰাত কৰি বিভিন্ন প্ৰচাৰ মাধ্যম যোগে দান খয়ৰাত কৰাৰ ফটো আৰু ভিডিঅ আপলোড কৰা পৰিলক্ষিত হৈছে । যদি এয়া সাধাৰণ দান খয়ৰাত হয় তেনেহ’লে অৱশ্যেই এয়া অনুচিত আৰু পৰিহাৰযোগ্য কাম।আৰু যদি এয়া জাকাৎ হয় তেনেহ’লে যদি এই উদ্দেশ্য থাকে যে, মোৰ জাকাৎ দিয়া দেখি যিজনৰ ওপৰত যাকাৎ দিয়া ৱাজিব তেওঁ নিজৰ দায়িত্বৰ কথা সুঁৱৰি জাকাৎ আদায় কৰিব তেনেহ’লে ইয়াৰ অৱকাশ আছে যদিও ছছিয়েল মিডিয়া বা অন্যান্য প্ৰচাৰ মাধ্যম যোগে এয়া প্ৰদৰ্শন কৰা অনুচিত আৰু দৃষ্টিকটু বুলি অনুভূত হয় । কিন্তু কেইজন মানুহৰ এই উদ্দেশ্যে থাকে?। অধিকাংশ লোকৰেই উদ্দেশ্য থাকে নিজৰ প্ৰচাৰ আৰু লোক সমাজৰ পৰা বাঃ বাঃ লোৱা, এয়া অনুচিতেই নহয় বৰঞ্চ ঘৃণনীয় কাম। ক্বোৰআন – হাদীছত এনে প্ৰক্ৰিয়াক “ৰিয়া” বুলি কোৱা হৈছে। এই প্ৰক্ৰিয়াৰ দ্বাৰা দান খয়ৰাত বা অন্যান্য নেক আমলৰ সমুদায় ছাৱাব বৰ্বাদ হোৱাৰ সমান্তৰালকৈ ব্যক্তিগৰাকী গোনাহগাৰো হয়।
অৰ্থ আৰু শ্ৰম ব্যয় কৰি ছাৱাবৰ পৰিৱৰ্তে গোনাহৰ ভাগী হোৱা চৰম দুৰ্ভাগ্যজনক ।
পৱিত্ৰ ঈদুল আজহা সমাগত। সামৰ্থ্যবান ব্যক্তিৰ বাবে ক্বুৰবানী দিয়া ৱাজিব ।দান খয়ৰাতৰ দৰে ক্বুৰবানী দিয়াৰ মাজতো নিজৰ অৰ্থ ব্যয় কৰা হয়, গতিকে এয়াও দান খয়ৰাতৰে অন্তৰ্ভুক্ত।
পূৰ্বৱৰ্তী নবী আঃ সকলৰ উম্মতৰ বাবেও ক্বুৰবানীৰ বিধান আছিল যদিও ক্বুৰবানীৰ মাংস ভক্ষণ কৰাৰ অনুমতি নাছিল। কিন্তু অন্তিম নবী আৰু ৰাছুল হজৰত মুহাম্মদ ছাল্লাল্লাহু আলাইহি ৱা ছাল্লামৰ উম্মতৰ ওপৰত আল্লাহৰ বিশেষ অনুগ্রহ যে, এই উম্মতক মাংস ভক্ষণ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে।
কিছুমান মানুহে কেৱল লোকক দেখুৱাৰ নিমিত্তে ক্বুৰবানীৰ বাবে ডাঙৰ ডাঙৰ গৰু- ম’হ ক্ৰয় কৰে, কিছুমানে কেৱল মাংস খোৱাৰ নিয়তেৰে ক্বুৰবানী কৰে, কিছুমান মধ্যবিত্ত শ্ৰেণীৰ লোকে এই উদ্দেশ্যে ক্বুৰবানী কৰে যে, ক্বুৰবানী নকৰিলে লোকে কি কব? জনসমাজত হেয় প্ৰতিপন্ন নহবনে? ইত্যাদি ইত্যাদি …
কোনোবাই যদি এনেধৰণ উদ্দেশ্য লৈ ক্বুৰবানী কৰে তেনেহ’লে তাৰ ক্বুৰবানী শুদ্ধ নহব, বৰঞ্চ ব্যক্তিগৰাকী ছাৱাবৰ পৰিৱৰ্তে গোনাহগাৰহে হব ।
ক্বুৰবানী এক গুৰুত্বপূৰ্ণ ইবাদৎ, আৰু ইবাদৎ কেৱল আল্লাহৰ সন্তুষ্টি আৰু নৈকট্যপ্ৰাপ্তিৰ উদ্দেশ্য হ’ব লাগিব আৰু আদায় কৰাৰ পদ্ধতি আল্লাহৰ নবী ছাল্লালাহু আলাইহি ৱা ছাল্লামৰ পদ্ধতি আৰু নিৰ্দেশনুসাৰে হ’ব লাগিব। তলত ক্বুৰবানী সম্পৰ্কে কিছুমান অত্যাৱশ্যকীয় মাছায়ীল উল্লেখ কৰা হল-
পূৰ্বেই উল্লেখ কৰা হৈছে যে, ক্বুৰবানী এটা গুৰুত্বপূর্ণ ইবাদত। এয়া আদায় কৰা ওৱাজিব। সামর্থ্য থকা সত্ত্বেও যি ব্যক্তিয়ে এই ইবাদত পালন নকৰে সেই ব্যক্তি সম্পৰ্কে হাদীছ শ্বৰীফত আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱা ছাল্লামে ইৰ্শ্বাদ ফৰ্মাইছে যে, “যাৰ ক্বুৰবানী কৰাৰ সামর্থ্য আছে কিন্তু কুৰবানী নকৰে তেওঁ যেন আমাৰ ঈদগাহত নাহে।”
(মুস্তাদৰাক হাকিম, হাদীছ : ৩৫১৯, আত্তাৰগীব ওৱাত্তাৰহীব ২/১৫৫)
মাছআলাহঃ-
প্রাপ্তবয়ষ্ক, সুস্থ বিবেক সম্পন্ন প্রতিগৰাকী মুছলিম নৰ-নাৰী, যিয়ে ১০ যিলহজ্ব ফজৰৰ পৰা ১২ জিলহজ্ব সূৰ্য্যাস্ত পর্যন্ত সময়ৰ ভিতৰত প্ৰয়োজনতকৈ অতিৰিক্ত, নেছাব পৰিমাণ সম্পদৰ মালিক হ’ব তাৰ ওপৰত ক্বুৰবানী কৰা ৱাজিব। টকা-পইচা, সোন-ৰূপ, অলঙ্কাৰ, বসবাস আৰু খোৰাকীৰ বাবে প্রয়োজন নোহোৱা মাটি, ব্যৱসায়িক পণ্য আৰু অপ্রয়োজনীয় সকলো বস্তু-বাহানি ক্বুৰবানীৰ নেছাবৰ ক্ষেত্রত হিচাপযোগ্য।আৰু নিছাব হ’ল সোণৰ ক্ষেত্রত চাৰে সাত (৭.৫) তোলা , ৰূপৰ ক্ষেত্রত চাৰে বাৱন্ন (৫২.৫) তোলা , টাকা-পইছা তথা অন্যান্য বস্তুৰ ক্ষেত্রত নিছাব হ’ল তাৰ মূল্য চাৰে বাৱন্ন তোলা ৰূপৰ মূল্যৰ সমপৰিমাণ। আৰু সোণ, ৰূপ বা টকা-পইছা এইবোৰৰ কোনো এটি যদি পৃথকভাৱে নিছাব পৰিমাণ নেথাকে কিন্তু প্রয়োজনতকৈ অতিৰিক্ত একাধিক বস্তু মিলাই চাৰে বাৱন্ন তোলা ৰূপৰ মূল্যৰ সমপৰিমাণ হয়, তেতিয়া হ’লে তাৰ ওপৰত ক্বুৰবানী কৰা ৱাজিব।(আলমুহীতুল বুৰহানী ৮/৪৫৫; ফাতাৱা তাতাৰখানিয়া ১৭/৪০৫)
মাছআলাহঃ- ক্বুৰবানীৰ পশু হৃষ্ট-পুষ্ট হোৱা উত্তম। (মুছনাদে আহমদ ৬/১৬৩, আলমগীৰী ৩/৩০০
মাছআলাহঃ-
ক্বুৰবানীৰ নিছাব গোটেই বছৰ থকাটো আৱশ্যকীয় নহয়; বৰঞ্চ ক্বুৰবানীৰ তিনি দিনৰ ভিতৰত যিকোনো এদিন থাকিলেই ক্বুৰবানী ৱাজিব হ’ব।(বাদায়িউছ ছানায়ি ৪/১৯৬, ৰদ্দুল মুহতাৰ ৬/৩১২)
মুঠ তিনিদিন ক্বুৰবানী কৰিব পাৰি। জিলহজ্বৰ ১০, ১১ আৰু ১২ তাৰিখ সূর্য্যাস্ত পর্যন্ত। কিন্তু সম্ভৱ হ’লে জিলহজ্বৰ ১০ তাৰিখত ক্বুৰবানী কৰা উত্তম। (মুৱাত্তা মালিক ১৮৮, বাদায়িউছ ছানায়ি ৪/১৯৮, ২৩, ফাতাওয়া হিন্দিয়া ৫/২৯৫)
মাছআলাহঃ-
নাবালক শিশুৰ ওপৰত তদ্ৰুপ যি ব্যক্তি সুস্থ বিবেকসম্পন্ন নহয়(পাগল) , নিছাবৰ মালিক হ’লেও তেওঁলোকৰ ওপৰত ক্কুৰবানী ৱাজিব নহয়। অৱশ্যে তেওঁলোকৰ অভিভাৱকে নিজ সম্পদৰ দ্বাৰা তেওঁলোকৰ পক্ষৰ কুৰবানী কৰিলে সেইটো শুদ্ধ হ’ব।(বাদায়িউছ ছানায়ি ৪/১৯৬, ৰদ্দুল মুহতাৰ ৬/৩১৬)
মাছআলাঃ- যি ব্যক্তি কুৰবানীৰ দিনবোৰত মুছাফিৰ থাকিব (অর্থাৎ ৪৮ মাইল বা প্রায় ৭৮ কিলোমিটাৰ দূৰত যোৱাৰ নিয়ত কৰি নিজ মহল্লা ত্যাগ কৰিছে) তাৰ ওপৰত কুৰবানী ৱাজিব নহয়। (ফাতাৱা কাযীখান ৩/৩৪৪, বাদায়িউছ ছানায়ি ৪/১৯৫, দূৰ্ৰে মুখতাৰ ৬/৩১৫
মাছআলাহঃ- নাবালকৰ পক্ষৰ পৰা ক্বুৰবানী কৰা অভিভাৱকৰ ওপৰত ৱাজিব নহয়; বৰঞ্চ মুস্তাহাব।(ৰদ্দুল মুহতাৰ ৬/৩১৫; ফাতাওয়া কাযীখান ৩/৩৪৫)
মাছআলাহঃ- দৰিদ্ৰ ব্যক্তিৰ ওপৰত ক্বুৰবানী কৰা ৱাজিব নহয়; কিন্তু তেওঁ যদি ক্বুৰবানীৰ নিয়তত কোনো জন্তু ক্ৰয় কৰে, তেতিয়া হ’লে তাৰ ওপৰত ক্বুৰবানী কৰা ৱাজিব হৈ যায়। (বাদায়িউছ ছানায়ে ৪/১৯২)
মাছআলাহঃ- কোনোবাই যদি ক্বুৰবানীৰ দিনবোৰত কোনো কাৰণবশতঃ ৱাজিব ক্বুৰবানী দিব নোৱাৰে তেতিয়া হ’লে ক্বুৰবানীৰ জন্তু ক্ৰয় কৰা নেথাকিলে তাৰ ওপৰত ক্বুৰবানীৰ উপযুক্ত এটা ছাগলীৰ মূল্য ছদকা কৰা ৱাজিব। আৰু যদি কুৰবানীৰ বাবে জন্তু ক্ৰয় কৰিছিল, কিন্তু কোনো কাৰণত ক্বুৰবানী দিব পৰা নাই , তেনেহ’লে সেই ক্বুৰবানীৰ জন্তু জীৱিত ছদকা কৰি দিব।(বাদায়িউছ ছানায়ি ৪/২০৪, ফাতাৱা কাযীখান ৩/৩৪৫)।
মাছআলাহঃ- যিসকল অধিবাসীৰ ওপৰত জুমআ আৰু ঈদৰ নামাজ ৱাজিব তেওঁলোকৰ বাবে ঈদৰ নামাজৰ পূৰ্বে ক্বুৰবানী কৰা জাইজ নাই। অৱশ্যে বৰষুণ হোৱাৰ কাৰণে বা অন্য কোনো কাৰণত যদি প্রথম দিন ঈদৰ নামাজ নহয়, তেতিয়া হ’লে ঈদৰ নামাজৰ সময় পাৰ হোৱাৰ পিছত প্রথম দিনাই ক্বুৰবানী কৰা জাইজ আছে।(ছহীহ বুখাৰী ২/৮৩২, কাযীখান ৩/৩৪৪,দূৰ্ৰে মুখতাৰ ৬/৩১৮)
মাছআলাহঃ – ১০ আৰু ১১ তাৰিখৰ দিন গৈ ৰাতিও ক্বুৰবানী কৰা জাইজ আছে। কিন্তু দিনত ক্বুৰবানী কৰাটো উত্তম। (মুছনাদে আহমদ, হাদীছ : ১৪৯২৭, মাজমাউয যাৱাইদ ৪/২২,দূৰ্ৰে মুখতাৰ ৬/৩২০, কাযীখান ৩/৩৪৫, বাদায়িউছ ছানায়ি৪/২২৩)
মাছআলাহঃ- ক্বুৰবানীৰ দিনবোৰত যদি কোনো কাৰণবশতঃ পশু জবেহ কৰিব নোৱাৰে, তেতিয়া হ’লে ক্ৰয় কৰা জন্তু ছদকা কৰি দিব লাগিব। কিন্তু যদি (সময়ৰ পিছত) জবেহ কৰি দিয়ে তেন্তে গোটেই মাংস ছদকা কৰি দিব লাগিব। এই ক্ষেত্রত মাংসৰ মূল্য যদি জীৱিত জন্তুতকৈ কমি যায় তেতিয়া হ’লে যি পৰিমাণ মূল্য হ্রাস পায়, সেই মূল্যও ছদকা কৰিব লাগিব ।(বাদায়িউছ ছানায়ি ৪/২০২, দূৰ্ৰে মুখতাৰ ৬/৩২০-৩২১)
মাছআলাহঃ- ক্বুৰবানীৰ পশু হৃষ্ট পুষ্ট হোৱা উত্তম। (মুছনাদে আহমদ ৬/১৬৩, আলমগীৰী ৩/৩০০)
মাছআলাহঃ-
উট, গৰু, ম’হ, ছাগলী, ভেড়া আৰু দুম্বাৰ দ্বাৰা ক্বুৰবানী কৰা জাইজ আছে। এইবোৰ ঘৰচীয়া পশুৰ বাহিৰে অন্যান্য পশু যেনে- হৰিণ, বনগৰু ইত্যাদিৰ দ্বাৰা কুৰবানী কৰা জাইজ নাই। (কাযীখান ৩/৩৪৮, বাদায়িউছ ছানায়ি ৪/২০৫)
মাছআলাহঃ-
যিবোৰ জন্তু ক্বুৰবানী কৰা জাইজ সেইবোৰ মতা-মাইকী দুয়োটা ক্বুৰবানী কৰিব পাৰিব। (কাযীখান ৩/৩৪৮, বাদায়িউছ ছানায়ি ৪/২০৫)
মাছআলাহঃ-
ক্বুৰবানীৰ পশুৰ ভিতৰত ক্বুৰবানী শুদ্ধ হবলৈ চৰ্ত হল উট কমেও ৫ বছৰৰ হ’ব লাগিব। গৰু আৰু ম’হ কমেও ২ বছৰৰ হ’ব লাগিব। আৰু ছাগলী, ভেড়া আৰু দুম্বা কমেও ১ বছৰৰ হ’ব লাগিব। কিন্তু ভেড়া আৰু দুম্বা যদি ১ বছৰৰ অলপ কম হয়, কিন্তু এনেকুৱা স্বাস্থ্যবান আৰু শকত আৱত হয় যে, দেখাত ১ বছৰৰ হোৱাৰ দৰে লাগে। তেতিয়া হ’লে সেই পশুৰে ক্বুৰবানী কৰাটো জাইজ আছে। অৱশ্যে এইক্ষেত্রত কমেও ৬ মাহ বয়সৰ হ’ব লাগিব।প্ৰণিধানযোগ্য যে, ছাগলীৰ বয়স ১ বছৰৰ কম হ’লে কোনো অৱস্থাতেই সেইটোৰ দ্বাৰা কুৰবানী জাইজ নহ’ব। (কাযীখান ৩/৩৪৮, বাদায়িউছ ছানায়ে ৪/২০৫-২০৬)
এটা ছাগলী, ভেড়া বা দুম্বাৰ দ্বাৰা কেৱল এজনেই ক্বুৰবানী দিব পাৰিব। এনেকুৱা এটা পশুৰে কেইজনমান অংশীদাৰ হৈ ক্বুৰবানী কৰিলে এজনৰো ক্বুৰবানী শুদ্ধ নহ’ব। উট, গৰু, আৰু ম’হত সর্বোচ্চ সাতজনে অংশীদাৰ হ’ব পাৰিব। সাত জনতকৈ অধিক অংশীদাৰ হ’লে কোনো এজনৰো ক্বুৰবানী শুদ্ধ নহ’ব। (ছহীহ মুছলিম ১৩১৮, মুৱাত্তা মালিক ১/৩১৯, কাযীখান ৩/৩৪৯, বাদায়িউছ ছানায়ি ৪/২০৭-২০৮)
মাছআলাহঃ-
সাতজনে মিলি ক্বুৰবানী কৰিলে সকলোৰে অংশ সমান হ’ব লাগিব। কোনোবা এজনৰ অংশ এক সপ্তমাংশৰ কম হ’ব নোৱাৰিব। উদাহৰণ স্বৰূপে, কাৰোবাৰ আধা ভাগ, কাৰোবাৰ দেড় ভাগ ইত্যাদি । এনেকুৱা হ’লে কাৰো ক্বুৰবানী শুদ্ধ নহ’ব। (বাদায়িউছ ছানায়ি ৪/২০৭)
মাছআলাহঃ-
উট, গৰু, আৰু ম’হ সাত ভাগত আৰু সাতৰ কমত যিকোনো সংখ্যা যেনেকৈ দুই, তিনি, চাৰি, পাঁচ বা ছয় ভাগে ক্বুৰবানী কৰা জাইজ আছে। (ছহীহ মুছলিম ১৩১৮, বাদায়িউছ ছানায়ি ৪/২০৭
মাছআলাহঃ-
যদি কোনোবাই আল্লাহ তা’লাৰ হুকুম পালনৰ উদ্দেশ্যে ক্বুৰবানী নকৰে বৰঞ্চ কেৱল মাংস খোৱাৰ নিয়তত ক্বুৰবানী কৰে তেতিয়া হ’লে তাৰ কুৰবানী শুদ্ধ নহ’ব। তাক অংশীদাৰ বনালে অংশীদাৰ সকলৰ কাৰো ক্বুৰবানী শুদ্ধ নহ’ব। এয়া অতি স্পৰ্শকাতৰ বিষয় গতিকে অংশীদাৰ নির্বাচন কৰাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰা জৰুৰী। (বাদায়িউছ ছানায়ি ৪/২০৮, কাযীখান ৩/৩৪৯)
মাছআলাহঃ-
সামর্থ্যবান ব্যক্তিয়ে ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱা ছাল্লামৰ তৰফৰ পৰা ক্বুৰবানী কৰা উত্তম। এয়া বহুত সৌভাগ্যৰ বিষয়। নবী ছাল্লাল্লাহু আলাইহি ৱা ছাল্লামে হজৰত আলী (ৰাঃ)ক তেখেতৰ তৰফৰ পৰা ক্বুৰবানী কৰাৰ অছিয়ত কৰিছিল। সেয়েহে হজৰত আলী (ৰাঃ) য়ে, প্রতি বছৰ নবী ছাল্লাল্লাহু আলাইহি ৱা ছাল্লামৰ তৰফৰ পৰা ক্বুৰবানী দিছিল । -ছুনানে আবু দাউদ ২/২৯, জামে তিৰমিজী ১/২৭৫, ইলাউছ ছুনান১৭/২৬৮, মিশ্বকাত ৩/৩০৯
মাছআলাহঃ-
ক্বুৰবানীৰ গৰু, ম’হ আৰু উটত আকীকাৰ নিয়তত অংশীদাৰ হ’ব পাৰিব। এই ক্ষেত্ৰত ক্বুৰবানী আৰু আকীকা দুয়োটাই শুদ্ধ হ’ব।(তাহতাবী আলাদ্দুৰ ৪/১৬৬, ৰদ্দুল মুহতাৰ ৬/৩৬২)
মাছআলাহঃ-
যদি কোনো ব্যক্তিয়ে গৰু, ম’হ বা উট অকলে ক্বুৰবানী দিয়াৰ নিয়তত ক্ৰয় কৰে আৰু ব্যক্তিগৰাকী ধনী হয় তেতিয়া হ’লে ইচ্ছা কৰিলে অন্য কাৰোবাক অংশীদাৰ কৰিব পাৰিব। কিন্তু এই ক্ষেত্রত অকলে ক্বুৰবানী কৰাটো উত্তম। অংশীদাৰ কৰিলে সেই টাকা ছদকা কৰি দিয়াটো উত্তম। আৰু যদি সেই ব্যক্তিগৰাকী এনেকুৱা দুখীয়া হয়, যাৰ ওপৰত ক্বুৰবানী কৰা ৱাজিব নহয়, তেন্তে তেওঁ বেলেগক অংশীদাৰ কৰিব নোৱাৰিব।
এনেকুৱা দুখীয়া ব্যক্তি যদি কাৰোবাক অংশীদাৰ কৰিব খোজে তেন্তে ক্বুৰবানীৰ জন্তু ক্রয় কৰাৰ সময়ত নিয়ত কৰি ল’ব।(কাযীখান ৩/৩৫০-৩৫১, বাদায়িউছ ছানায়ি’ ৪/২১০)
মাছআলাহঃ- খুৰা পশু, যি তিনিঠেঙেৰে চলে, একঠেং মাটিত ৰাখিব নোৱাৰে বা ভৰ দিব নোৱাৰে এনে পশুৰ ক্বুৰবানী জাইজ নহয় (জামে তিৰমিজী ১/২৭৫,বাদায়িউছ ছানায়ি৪/২১৪)
মাছআলাহঃ- ক্ষীণ, অতিশয় দূৰ্বল, যি জবেহ কৰা ঠাই পৰ্যন্ত যাব নোৱাৰে এনে পশুৰ ক্বুৰবানী জাইজ নহয়। (জামে তিৰমিজী ১/২৭৫,বাদায়িউছ ছানায়ি’ ৪/২১৪)
মাছআলাহঃ- দাঁত একেবাৰেই নাই বা ইমান বেছি সৰি পৰিছে যে, খাদ্য চোবাই খাব নোৱাৰে এনে পশুৰ ক্বুৰবানী জাইজ নহয়।(বাদায়িউছ ছানায়ি ৪/২১৫)
মাছআলাহঃ- যি পশুৰ নেজ বা কাণ আধা বা তাতোকৈ অধিক কটা আছে সেয়া ক্বুৰবানী কৰা জাইজ নাই, আধাতকৈ কম কটা থাকিলে অৰ্থাৎ অৱশিষ্ট অংশ আধাতকৈ বেছি থাকিলে জাইজ আছে( জামে তিৰমিজী ১/২৭৫,মুছনাদে আহমাদ১/৬১০,আলমগীৰী৫/২৯৭,২৯৮)
মাছআলাহঃ- দুয়োটা চকু অন্ধ বা এটা চকু সম্পূৰ্ণ নষ্ট হৈ গৈছে এনে পশুৰ ক্বুৰবানী জাইজ নহয় ( জামে তিৰমিজী ১/২৭৫,বাদায়িউছ ছানায়ি ৪/২১৪)
মাছআলাহঃ- যি পশুৰ শিং ওপৰৰ পৰা ফাটি গৈছে, সামান্য ভাঙিছে বা গুৰিলৈকে ভাঙিছে কিন্তু মস্তিষ্ক পৰ্যন্ত পোৱা নাই তেনে পশুৰ ক্বুৰবানী জাইজ আছে আৰু যদি ভাঙি মস্তিষ্ক পৰ্যন্ত পাই যায় তেনেহ’লে সংশ্লিষ্ট পশুৰ ক্বুৰবানী জাইজ নহব । ( জামে তিৰমিজী ১/২৭৬,বাদায়িউছ ছানায়ি ৪/২১৬)
মাছআলাহঃ- অংশীদাৰী ক্বুৰবানীত মাংস ভাগ বিতৰণ কৰোঁতে কমবেছি কৰিব নোৱাৰিব, অনুমান কৰি বন্টন কৰিব নোৱাৰিব, দগা-পাল্লাৰে জুখি বন্টন কৰিব লাগিব। (দূৰ্ৰে মুখতাৰ ৬/৩১৭)
মাছআলাহঃ- ক্বুৰবানীৰ পশু জবেহ কৰাৰ বিনিময়ত পাৰিশ্রমিক দিয়া-নিয়া জাইজ। কিন্তু ক্বুৰবানীৰ পশুৰ পৰা (মাংস ইত্যাদি) পাৰিশ্রমিক হিচাপে দিয়া নাযাব । -কিফায়াতুল মুফতী ৮/২৬৫
মাছআলাহঃ- ক্বুৰবানীৰ পশুৰ কোনো অংশ পাৰিশ্রমিক হিচাপে দিয়া জাইজ নহয়। মাংসও পাৰিশ্রমিক হিচাবে লগুৱা বা কামকৰা লোকক দিয়া নাযাব। অৱশ্যে সেই সময়ত ঘৰৰ অন্যান্য সদস্যৰ দৰে লগুৱা সকলক মাংস খুউৱা জাইজ আছে ।(আহকামুল ক্বুৰআন জাচ্ছাছ ৩/২৩৭, বাদায়িউছ ছানায়ি ৪/২২৪, আলবাহৰুৰ ৰাইক ৮/৩২৬, ইমদাদুল মুফতীয়ীন)
মাছআলাহঃ- এটা ক্বুৰবানীৰ পশুত আকীকা, হজ্ব আৰু ক্বুৰবানীৰ নিয়ত কৰিব পৰা যাব । ইয়াত প্রত্যেকৰ নিয়তকৃত ইবাদত আদায় হৈ যাব।-বাদায়িউছ ছানায়ি ৪/২০৯, ৰদ্দুল মুহতাৰ ৬/৩২৬, আলমাবছুত লিচ্ছাৰাখ্ছী৪/১৪৪, আল ইনায়াহ ৮/৪৩৫-৩৪৬, আলমুগনী ৫/৪৫৯
মাছআলাহঃ- ক্বুৰবানীৰ পশু নিজে জবেহ কৰা উত্তম। নিজে নোৱাৰিলে আনৰ হতুৱাই জবেহ কৰাব পাৰিব । এইক্ষেত্রত ক্বুৰবানীদাতা পুৰুষ হলে জবেহস্থলত উপস্থিত থকা ভাল। -মুছনাদে আহমদ ২২৬৫৭,বাদায়িউছ ছানায়ি ৪/২২২-২২৩, আলমগীৰী ৫/৩০০, ই’লাউছ ছুনান১৭/২৭১-২৭৪
মাছআলাহঃ- বহু সময় দেখা যায় জবেহকাৰীৰ জবেহ সম্পন্ন নহয় , তেতিয়া কছাই বা আন কোনোবাই জবেহ সম্পন্ন কৰে। এইক্ষেত্রত অৱশ্যেই উভয়ৰ বাবে নিজৰ নিজৰ জবেহৰ পূৰ্বে ‘বিছ্মিল্লাহি আল্লাহু আকবাৰ’ পঢ়িব লাগিব । যদি কোনো এজনে নপঢ়ে তেনেহ’লে সংশ্লিষ্ট ক্বুৰবানী শুদ্ধ নহ’ব আৰু জবেহকৃত পশুও হালাল নহ’ব । -ৰদ্দুল মুহতাৰ ৬/৩৩৪
বিঃ দ্ৰঃ – বৰ্ধিত কলেবৰৰ প্ৰতি লক্ষ্য ৰাখি কেইটামান মাছায়ীলহে উল্লেখ কৰা হৈছে। অধিক জানিবলৈ ওচৰৰ বিজ্ঞ আলিম – মুফতীৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ।
মৌলানা নুৰুল আমিন কাছিমী