তিনি তালাক বিতৰ্ক আৰু অন্তৰ্নিহিত ষড়যন্ত্ৰ

Share :

ইছলামত বৈধ কামসমূহৰ ভিতৰত আল্লাহৰ ওচৰত আটাইতকৈ নিকৃষ্টতম কাম হৈছে তালাক। অত্যন্ত প্ৰয়োজন সাপেক্ষে আৰু জটিল সন্ধিক্ষণত যদিও তালাকৰ অনুমতি ইছলামত আছে কিন্তু সেয়া অতিশয় অপছন্দনীয় তথা গৰ্হিত কাম বুলি অভিহিত কৰিছে ইছলামে। 

ইছলামৰ এয়া কাম্য নহয় যে, স্বামী – স্ত্ৰীৰ পৱিত্ৰ তথা মধুৰ সম্পৰ্কৰ অকাল সমাধি ঘটক, কিন্তু যদি এনেকুৱা পৰিস্থিতি উদ্ভৱ হয় যে, স্বামী – স্ত্ৰী একত্ৰিত থকা সম্ভৱপৰ নহয়, দুয়োৰে সম্পর্ক তিক্ত হৈ যায় আৰু মনোমালিন্যই তীব্ৰ ৰূপ ধাৰণ কৰে তেনেহ’লে ইয়াৰ সমাধান কি?

‌ পৱিত্ৰ ক্বোৰআনত আৰু হাদীছত ইয়াৰ সমাধান অত্যন্ত সুন্দৰ তথা সুবিন্যস্তভাবে বিদ্যমান।

‌ যাৰ সাৰাংশ হ’ল – আল্লাহ তাআ’লাই নিজৰ প্ৰিয় বান্দা সকলৰ উদ্দেশ্যে কয় ” প্ৰথমে স্বামী – স্ত্ৰীয়ে পৰস্পৰৰ মাজত বুজাবুজিৰে বিবাদ মীমাংসা কৰা, যদি ইয়াৰ দ্বাৰা সম্ভৱ নহয় আৰু তোমালোকৰ (স্বামী-স্ত্ৰী) এনেকুৱা আশংকা হয় যে, দুয়ো মিল- মুহাব্বত, সহমৰ্মিতা আৰু পৰস্পৰৰ মাজত বুজাপৰাৰে সৈতে থাকিব নোৱাৰিবা তেনেহ’লে স্বামীৰ ফালৰ পৰা এগৰাকী ব্যক্তি আৰু স্ত্ৰীৰ ফালৰ পৰা এগৰাকী ব্যক্তি নিৰ্বাচন কৰা!তেওঁলোকে স্বামী- স্ত্ৰীৰ উক্ত বিবাদ মীমাংসা কৰিবলৈ চেষ্টা কৰিব, যদি তেওঁলোক সংশ্লিষ্ট বিবাদ মীমাংসা কৰাত ব্যৰ্থ হয় তেনেহ’লে সৰ্বশেষ পন্থা হ’ল তালাক বা বিবাহ বিচ্ছেদ। 

তালাকৰ মূলত তিনিটা পদ্ধতি আছে প্ৰথমঃ আহচান তালাক, যাৰ সাৰমৰ্ম হ’ল স্বামীয়ে নিজৰ স্ত্ৰীক কেৱল এটা তালাক দিব ইয়াৰ পিছত তিনিটা ঋতুস্ৰাৱ বা তিনিমাহ অতিবাহিত হৈ গলে বা গৰ্ভৱতী স্ত্ৰীয়ে সন্তান প্ৰসৱ কৰিলে স্বামীৰ পৰা পৃথক হৈ যাব। এই তালাকৰ মধ্যৱৰ্তী সময়ত যদি স্বামী-স্ত্ৰীৰ পৰস্পৰে পৰস্পৰৰ প্ৰয়োজনীয়তা অনুভৱ কৰে তেন্তে দুয়ো একত্ৰে থকিব পাৰে। কিন্তু দুয়ো একেলগে কোনো সম্পৰ্ক স্থাপন কৰা নাই এনে অৱস্থাত সংশ্লিষ্ট সময় অতিবাহিত হৈ গলে স্ত্ৰীয়ে ইচ্ছা কৰিলে অন্য পুৰুষৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ব পাৰে নতুবা তাইৰ পূৰ্বৰ স্বামীৰ সৈতে পুনৰাই বিবাহ পাশত আৱদ্ধ হ’ব পাৰে। (বিষয়বস্তুখিনি সামান্য ব্যখ্যাৰ প্ৰয়োজন আছে, গতিকে প্ৰয়োজন সাপেক্ষে ওচৰৰ কোনোবা বিজ্ঞ আলিমৰ পৰা জানি লবলৈ অনুৰোধ জনালোঁ) 

এই তালাকৰ পিছত যিহেতু চিন্তা কৰাৰ যথেষ্ট সময় আৰু অৱকাশ থাকে গতিকে পৰৱৰ্ত্তী সময়ত স্বামী স্ত্ৰীয়ে বিশেষ অনুশোচনা কৰিব লগা নহয়। 

দ্বিতীয়ঃ তালাকে হাচান বা উত্তম তালাক। ইয়াৰ সাৰমৰ্ম হ’ল স্বামীয়ে প্ৰত্যেক মাহত (ঋতুস্ৰাৱৰ পৰা পৱিত্ৰ থকা অৱস্থাত) এটাকৈ তালাক দিব। যদি এক তালাক বা দুই তালাক দিয়াৰ পিছত অনুশোচনা জাগে তেনেহ’লে পুনৰাই স্বামী-স্ত্ৰী একেলগে থাকিব পাৰিব। যদি তিনি মাহত তিনি তালাক দি দিয়ে তেনেহ’লে আৰু কোনে পদ্ধতি নাই। স্ত্ৰী গৰাকী স্বামীৰ পৰা পৃথক হৈ যাব। 

উল্লেখিত দুয়োটা পদ্ধতিতে স্বামী-স্ত্ৰীৰ হাতত চিন্তা কৰাৰ যথেষ্ট সময় আৰু অৱকাশ থাকে, পৰস্পৰে পৰস্পৰৰ পৰা পৃথকে থাকিব পাৰিব নে নাই এই সংক্ৰান্ততো চিন্তা চৰ্চা কৰাৰ তথা সঠিক সিদ্ধান্ত লোৱাৰ অৱকাশ থাকে, সেয়েহে পৰৱৰ্তী সময়ত অনুশোচনা জাগ্ৰত হোৱাৰ সম্ভাৱনীয়তা বহুত কম। 

তৃতীয়ঃ তালাকে বিদআত বা শ্বৰীয়ত বহিৰ্ভূত তালাক। যাৰ সাৰমৰ্ম হ’ল একেলগে তিনি তালাক দি দিয়া। এই তালাকক ইছলামে গোনাহ, 

অপৰাধ তথা শাস্তিৰ যোগ্য বুলি গণ্য কৰে। 

কিন্তু ইয়াৰ দ্বাৰা তালাক সম্পাদিত হৈ যাব।

তালাকৰ পৰা হাত সাৰিবলৈ ইছলামে প্ৰদান কৰা সকলো প্ৰচেষ্টা ব্যৰ্থ হ’লে আৰু ভৱিষ্যতে জটিল পৰিস্থিতিৰ সম্ভাৱনীয়তা দেখা দিলে তালাক দিয়াৰ অনুমতি প্ৰদান কৰা হৈছে। 

যদি তালাক বা বিবাহ বিচ্ছেদৰ পদ্ধতি নাথাকিলেহেঁতেন তেনেহ’লে স্বামী – স্ত্ৰীৰ মাজৰ তিক্ত সম্পৰ্ক গোটেই জীৱন ধৰি বৰ্তি থাকিলেহেঁতেন আৰু ঘৰখনত এক নৰক সদৃশ পৰিৱেশে বিৰাজ কৰিলেহেঁতেন।

ইয়াতেই শেষ নহয় বৰঞ্চ এই মনোমালিন্য আৰু বিবাদৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ তেওঁলোকৰ সন্তানৰ ওপৰতো পৰি সন্তানৰ ভবিষ্যত ধ্বংস হৈ গ’লহেঁতেন 

ইয়াৰোপৰি দীৰ্ঘকাল অবধি স্বামী-স্ত্ৰীৰ সম্পর্ক তিক্ত থকাৰ বাবে দুয়ো শাৰীৰিক আৰু মানসিক প্ৰশান্তিৰ পৰা বঞ্চিত হৈ থাকিব। ফলশ্ৰুতিত স্বামীয়ে নিজৰ শাৰীৰিক আৰু মানসিক প্ৰশান্তিৰ বাবে অন্য নাৰীৰ ওচৰ আৰু স্ত্ৰীয়ে অন্য পুৰুষৰ ওচৰ চাপিলেহেঁতেন।

সম্প্ৰতি ইউৰোপ-আমেৰিকাত ব্যাপকভাবে এনে ধৰণৰ ঘটনা ঘটা পৰিলক্ষিত হৈ আছে। 

তেওঁলোকৰ দৃষ্টিত নিজৰ স্ত্ৰীৰ পৰা ৰেহাই পাবৰ বাবে তাইক হত্যা কৰা ন্যায় সংগত বুলি অনুভূত হয়। কিন্তু বৈধ পন্থাৰে বিবাহ বিচ্ছেদ কৰি অন্য স্ত্ৰীক বিবাহ কৰাক ন্যায় সংগত বুলি অনুভূত নহয়।

ইছলামৰ বাহিৰে অন্য কোনো ধৰ্মত এনে পদ্ধতি নথকাৰ বাবে সংশ্লিষ্ট ধৰ্মবিলাকত স্ত্ৰী নিৰ্যাতন আৰু হত্যাৰ প্ৰৱণতা অত্যন্ত বেছি। 

প্ৰণিধানযোগ্য যে, ইছলামত তালাকৰ মাধ্যমত বিবাহ বিচ্ছেদৰ ক্ষমতা কেৱল পুৰুষক দিয়া হৈছে। নাৰীক বিবাহ বিচ্ছেদৰ যি ক্ষমতা দিয়া হৈছে তাক খুলা বুলি কোৱা হয়। 

খুলাৰ সাৰমৰ্ম হ’ল কোনো মহিলাই যদি স্বেচ্ছাই নিজৰ স্বামীক ত্যাগ কৰিব বিচাৰে তেনেহ’লে খুলাৰ জৰিয়তে স্বামীৰ সৈতে চুক্তি কৰিব পাৰে। এই চুক্তিৰ সাৰমৰ্ম হ’ল স্বামীয়ে স্ত্ৰীক বিবাহৰ সময়ত যিমান ধন (মোহৰাণাৰ বাবদ) দিছিল সেই ধন বা দুয়োৰে সন্মতিক্ৰমে যিমান ধন ধাৰ্য কৰা হয় সিমান ধন স্বামীক স্ত্ৰীয়ে দিব, বিমিময়ত স্বামীয়ে স্ত্ৰীক তালাক্ব দিব। নাইবা স্ত্ৰীয়ে যদি স্বামীৰ বিৰুদ্ধে মুছলিম ক্বাজী(বিচাৰক)ৰ ওচৰত অত্যাচাৰ বা অন্য কোনো গ্ৰহণযোগ্য অভিযোগ উত্থাপন কৰি গোচৰ তৰে তেনেহ’লে উক্ত ক্বাজীয়ে দুয়োৰে বিবাহ ভংগ কৰি দিব পাৰে। 

তিনি তালাক বিতৰ্কঃ

পূৰ্বেই উল্লেখ কৰা হৈছে যে, তালাক হ’ল ইছলামৰ এটা নিকৃষ্টতম বৈধ পন্থা । অত্যন্ত জটিল সন্ধিক্ষণতহে ইছলামে ইয়াৰ অনুমতি দিয়ে। তালাকৰ পৰা পৰিত্ৰাণ পোৱা আৰু বৈবাহিক সম্বন্ধ ৰক্ষা তথা মধুৰ কৰাৰ নিমিত্তে যি পন্থা আৰু ব্যৱস্থা ইছলামে গ্ৰহণ কৰিছে ইয়াৰ নজীৰ অন্য কোনো ধৰ্ম বা মতবাদত নাই। সেয়েহে ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত তালাক্বৰ প্ৰৱণতা তুলনামূলকভাৱে অত্যন্ত কম।

কিন্তু মুষ্টিমেয় কেইগৰাকীমান তালাক প্ৰাপ্ত মহিলাৰ গোচৰৰ বিষয়টো ইমানেই অধিক আৰু ব্যাপকভাৱে প্ৰচাৰ কৰা হৈছে যে, এনে ধাৰণাৰ সৃষ্টি হবলৈ ধৰিছে যে, মুছলমান মহিলা মানেই তালাকৰ চিকাৰ।

সম্প্ৰতি কিছুমান কট্টৰ হিন্দুত্ববাদী সংগঠন আৰু শাসনাধিষ্ঠিত বিজেপি 

আৰু নিজকে বুদ্ধিজীৱী বুলি পৰিচয় দিয়া কিছুমান নামধাৰী মুছলমানে তিনি তালাকক লৈ অত্যন্ত হৈ চৈ কৰা পৰিলক্ষিত হৈছে। 

তেওঁলোকৰ মন্তব্য হ’ল তালাক হেনো মানৱতাবিৰোধী আৰু মহিলাৰ অধিকাৰৰ পৰিপন্থী। এই মুখৰোচক শ্লোগানৰ আঁৰত লুকাই থকা কু অভিসন্ধিৰ বিষয়ে সৰ্বসাধাৰণ বৰ বেছি অৱগত নহয়। সেয়েহে বিষয়টো পৰিষ্কাৰ কৰাৰ প্ৰয়াস কৰা হৈছে। 

অসংখ্য মন্দিৰ – আশ্ৰম আদিত আৰু অন্যান্য ঠাইত হাজাৰ হাজাৰ মহিলা ধৰ্ষিতা হৈ আছে, বিশ লাখতকৈ অধিক হিন্দু মহিলাৰ এক বৃহৎ অংশই বৈধব্যৰ যন্ত্ৰনাময় জীৱন কটাই আছে আৰু এক বৃহৎ সংখ্যক হিন্দু মহিলা স্বামী কৰ্তৃক পৰিত্যক্ত অৱস্থাত যন্ত্ৰণাময় জীৱন অতিবাহিত কৰি আছে স্বামীৰ পৰা ন্যায্য অধিকাৰ বা ভৰণ – পোষণ আদিও লাভ কৰিব পৰা নাই, স্বামীয়ে তালাকো দিয়া নাই যাতে অন্য পুৰুষৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ এটা সুস্থ আৰু সুন্দৰ জীৱন যাপন কৰিব পাৰে। এনে যন্ত্ৰনাৰ চিকাৰ লাখ লাখ হিন্দু মহিলা ভাৰতত বিদ্যমান সেইবোৰৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নাই, যৌতুকৰ নামত নিৰ্যাতন আৰু হত্যাৰ বলি হৈ আছে অগনন মহিলা। সেইবোৰৰ প্ৰতি কোনো ভ্ৰুক্ষেপ নাই কিন্তু দুই এটা মুছলিম মহিলাৰ তালাকক লৈ ইমান সহমৰ্মিতা প্ৰদৰ্শন কৰাৰ ৰহস্য কি ??? মুছলিম মহিলাৰ সমস্যা কেৱল এয়াই নে? কোটি কোটি মহিলাৰ ভিতৰত উচ্চতম ন্যায়ালয়ত কেৱল 440 টাহে তালাক সংক্ৰান্তীয় গোচৰ আছে ইয়াৰ বিপৰীতে ধৰ্ষণ আৰু হত্যাৰ গোচৰ অগনন। কিন্তু সেইফালে কোনো ভ্ৰুক্ষেপ নাই কিয়? 

মুছলিম মহিলাৰ সৱলীকৰণ, শিক্ষা, সংৰক্ষণ আদিৰ প্ৰতি কিয় গুৰুত্ব নাই? এইবোৰ অধিকাৰৰ আওতাত নপৰেনে? এই সম্পৰ্কে চৰকাৰ নীৰৱ কিয়? 

চৰম হাস্যকৰ বিষয় যে, মৃত মুছলিম মহিলাক কবৰৰ পৰা ওঠাই ধৰ্ষণ কৰিব লাগে বুলি মন্তব্য কৰা সকলে সম্প্ৰতি মুছলিম মহিলাৰ অধিকাৰৰ হকে মাত মাতি আছে! 

যি সকলে মুছলমানৰ সংবিধান প্ৰদত্ত ধৰ্মীয় স্বাধীনতাত পদাঘাত কৰি মুকলি স্থানত নামাজ পঢা়ত বাধা আৰোপ কৰি আছে তেওঁলোকেই আজি মুছলমানৰ অধিকাৰৰ মাত মাতি আছে! 

এয়া যে, এক সাম্প্ৰদায়িকতা আৰু কুটিল ৰাজনৈতিক ষড়যন্ত্ৰ তথা মুছলমানৰ সংবিধান প্ৰদত্ত ধৰ্মীয় অধিকাৰ খৰ্ব কৰাৰ কু অভিসন্ধি তাত তিলমানো সন্দেহ নাই।

পাঠক সমাজ! কোটি কোটি মুছলমান মহিলা আৰু পুৰুষৰ তীব্ৰ প্ৰতিবাদক আওকাণ কৰি লোকসভাই(ভাৰতীয় জনতা পাৰ্টীয়ে) বিগত কাৰ্যকালত অনুমোদন জনোৱা আৰু চলিত কাৰ্যকালত পুনৰ উত্থাপন কৰা বহু বিতৰ্কিত তিনি তালাক বিধেয়ক খনৰ অন্তঃসাৰশূণ্যতা আৰু ইয়াৰ আৰঁত লুকাই থকা মুছলমান পুৰুষক কাৰাৰুদ্ধ কৰা আৰু মহিলাক পথৰ ভিক্ষাৰীত পৰিণত কৰাৰ ভয়ানক ষড়যন্ত্ৰৰ ফালে আলোকপাত কৰোঁ আহক! 

  • ১-মুছলমান সকলক নিজৰ ধৰ্ম অনুযায়ী চলিবলৈ নিদিয়া। আভ্যন্তৰীণ ধৰ্মীয় বিষয়বস্তু সংশ্লিষ্ট ধৰ্মীয় সংস্থাৰ হস্তান্তৰ নকৰি অনধিকাৰ প্ৰৱেশ কৰা। এক কথাত ধৰ্মীয় স্বাধীনতা হৰণ কৰাৰ প্ৰথম পদক্ষেপ। 
  • ‌2-বিশ্বদৰবাৰত মুছলমানক হেয় প্ৰতিপন্ন কৰা। মুছলমান মানেই বিবাহ আৰু লগে লগে তালাক,অৰ্থাৎ তালাক যেন মুছলমানৰ মাজত এক সহজলভ্য আৰু নিত্য নৈমিত্তিক ঘটনা। 
  • ‌3-সামাজিক আৰু পাৰিবাৰিক গাঁথনি থান বান কৰি দিয়া। স্বামী – স্ত্ৰীৰ মাজত যদি সহমৰ্মিতা আৰু সম্প্ৰীতি অটুট নাথাকে তেনে জটিল পৰিস্থিতিত তালাকৰ জৰিয়তে পৃথক হোৱাৰ পথ ৰুদ্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত পুৰুষে স্ত্ৰীৰ ওপৰত অকথ্য শাৰীৰিক নিৰ্যাতন চলাই যাব। উপায়ন্তৰ হৈ মহিলা গৰাকীয়ে আত্মহত্যা কৰিব। ফলশ্ৰুতিত মুছলিম মহিলাৰ আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি পাব। 
  • ‌4- কিছুমান বিকৃত মানসিকতাৰ আৰু চৰিত্ৰহীনা মহিলাই বিনা দ্বিধাই বুকু ফিন্দাই অপৰাধ কৰিব। পৰ পুৰুষৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈয়ো কুন্ঠাবোধ নকৰিব। ইতিপূৰ্বে এগৰাকী অভিনেতাৰ পত্নীয়ে পৰ পুৰুষৰ সৈতে পলাই গৈ কেইবাদিনো কটাই অহা খবৰে সংবাদ শিৰোনামা দখল কৰিছিল । এনেধৰণৰ অজস্ৰ ঘটনা অহৰ্নিশে সংঘটিত হৈ আহিছে। এনে ধৰণৰ চৰিত্ৰহীনা মহিলাক স্বামীয়ে কোন সতেৰে নিজৰ ঘৰত ৰাখিব? ইফালে কঠোৰ আইনৰ প্ৰতিবন্ধকতাৰ ফলত উপায়হীন হৈ স্বামীয়ে সংশ্লিষ্ট স্ত্ৰীৰ পৰা পৰিত্ৰাণ পাবলৈ হয়তো হত্যা নাইবা অকথ্য শাৰীৰিক যন্ত্ৰণা দিব , নতুবা অপৰিণামদৰ্শী স্বামীয়ে খঙৰ বশৱৰ্তী হৈ তালাক দি কাৰাবাস খাটিব।
  • 5-একেলগে তিনি তালাক দিলে হেনো কোনো তালাক নহ’ব ।
  • যদি তালাক নহয়েই তেনেহ’লে স্বামীয়ে কাৰাবাস কিয় খাটিব? তিনিবছৰ কাৰাবাস খটাৰ পিছত স্বামীয়ে পুনৰ উক্ত স্ত্ৰীক ৰাখিব লাগিব অৰ্থাৎ তিনিবছৰ পূৰ্বে দিয়া তালাক মূল্যহীন। 
  • যদি তালাক মূল্যহীন তেনেহলে কোন অপৰাধৰ বাবে স্বামীয়ে কাৰাবাস খাটিব লগা হৈছিল। কেৱল তালাক তালাক তালাক এই তিনিটা শব্দৰ বাবে তিনি বছৰৰ কাৰাবাস?? এই তিনিটা শব্দ ইমানেই প্ৰতিক্ৰিয়াশীল যে, তিনিবছৰৰ কাৰাবাসৰ দৰে কঠিন শান্তি এই শব্দবোৰৰ মাজতে কেন্দ্ৰীভূত হৈ আছে? ধৰ্ষণৰ বাবে তিনিবছৰ কাৰাবাস খাটিব লগা নহয় কেৱল তিনিটা শব্দৰ বাবে তিনিবছৰ কাৰাবাস??
  • 6-কাৰাবৰণ কৰা কালীন দীৰ্ঘ তিনিটা বছৰ স্ত্ৰী আৰু সন্তানৰ ভৰণ পোষণৰ দায়িত্ব কোনে লব ? 
  • স্ত্ৰী আৰু সন্তান আৰু স্বামীৰ পিতৃ-মাতৃ পথৰ ভিক্ষাৰী হ’ব। 
  • সন্তান অন্ন, বস্ত্ৰ আৰু উপযুক্ত শিক্ষাৰ পৰা চৰমভাবৱে বঞ্চিত হৈ সমাজৰ আৱৰ্জনাত পৰিণত হ’ব। 
  • যদি স্বামীয়ে কাৰাগাৰত বন্দী থকা সত্বেও নিজে ভৰণ-পোষণৰ দায়িত্ব ল’ব লগা হয় তেনেহ’লে কাৰাবাস বৰণ কৰাকালীন স্বামীৰ সঞ্চিত ধন মাটি-বাৰী আৰু অন্যান্য সম্পদ পৰিয়ালৰ ভৰণ- পোষণত খৰছ হৈ যাব। পৰিণতিত কাৰাগাৰৰ পৰা তিনি বছৰ পিছত স্বামী ভিক্ষাৰী হৈ ওলাই আহিব। 
  • 7-যদি স্বামীয়ে একেলগে তিনি তালাক নিদি পৃথকে পৃথকে দিয়ে বা স্ত্ৰীক তালাক নিদি ঘৰৰ পৰা ওলিয়াই দিয়ে নাইবা ভৰণ-
  • পোষণ নিদি সম্পূৰ্ণৰূপে স্ত্ৰীৰ সৈতে সম্পৰ্কচ্ছেদ কৰি পৃথকে থাকে, যেনেদৰে অগনন হিন্দু পুৰুষে আৰু স্বয়ং প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজৰ স্ত্ৰীৰ সৈতে কৰিছে, তেনেক্ষেত্ৰত সেই মহিলা গৰাকীৰ ন্যায় প্ৰাপ্তিৰ কি ব্যৱস্থা চৰকাৰে বিধেয়ক খনত ৰাখিছে? 
  • ভৰণ-পোষণৰ পৰা বঞ্চিত আৰু অন্য কোনো পুৰুষৰ সৈতে বৈবাহিক সম্বন্ধ স্থাপন কৰি সুন্দৰ জীৱন অতিবাহিত কৰাৰ পৰা বঞ্চিত মহিলা গৰাকী তালাক প্ৰাপ্ত মহিলাতকৈ বহুগুণে অধিক নিৰ্যাতিত নহয়নে? 
  • 8-তিনি বছৰ পিছত জেলৰ পৰা ওলাই অহা স্বামীৰ বাবে তালাক্বপ্ৰাপ্তা স্ত্ৰীৰ সৈতে সহাৱস্থান কৰা ইছলামৰ দৃষ্টিত সম্পূৰ্ণ হাৰাম আৰু ব্যাভিচাৰ বুলি গণ্য হ’ব।
  • ‌ 9-স্ত্ৰীৰ গোচৰৰ ফলত দীৰ্ঘ তিনিটা বছৰ কাৰাবৰণ কৰা স্বামীয়ে দ্বিতীয় বাৰ সেই গৰাকী স্ত্ৰীক সহজভাৱে ল’ ব পাৰিবনে?
  • সংশ্লিষ্ট স্বামী-স্ত্ৰীৰ মাজত পুণৰাই সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনীয়তা আছেনে? 
  • সেই স্বামীয়ে স্ত্ৰীৰ ওপৰত দ্বিতীয়বাৰ অত্যাচাৰ আৰু নিৰ্যাতন নকৰাৰ কোনো নিশ্চয়তা আছেনে? 

পাঠক সমাজ! 

গভীৰভাৱে দৃষ্টিপাত কৰিলে উপলব্ধি কৰিব পাৰা যায় বিধেয়ক খনত কেনেদৰে মুছলিম পুৰুষক কাৰাৰুদ্ধ কৰাৰ, মহিলা সকলক পথৰ ভিক্ষাৰী কৰি অধিক নিৰ্যাতনৰ চিকাৰ বনোৱাৰ আৰু মুছলমান ল’ৰা ছোৱালী বিলাকক শিক্ষাৰ পৰা বঞ্চিত কৰাৰ ভয়ানক কু অভিসন্ধি নিহিত হৈ আছে।

বিধেয়ক খনৰ অন্তঃসাৰশূন্যতা আৰু অন্যান্য ক্ষেত্ৰত মুছলমানৰ বিৰুদ্ধে কৰা বৈষম্যতাই মুছলমানৰ সামাজিক, অৰ্থনৈতিক আৰু ধৰ্মীয় সকলো অধিকাৰ আৰু স্থিতিশীলতাক নিঃশেষ কৰাৰ ভয়ানক ষড়যন্ত্ৰৰ সাক্ষ্য বহন কৰে। 

 উপসংহাৰ – ইছলামে সদায় তালাকৰ বিৰুধিতা কৰে। তালাকৰ পৰা হাত সাৰি থাকিবলৈ যি বিলাক নীতিমালা ইছলামে প্ৰস্তুত কৰি দিছে সেয়া অৱলম্বন কৰাৰ পিছতো যদি একত্ৰে থকা সম্ভৱপৰ নহয় তেনেহ’লে হঠকাৰীতাৰ বশৱৰ্তী নহৈ ইছলামে দেখুৱাই দিয়া সুস্থিৰ পদ্ধতিৰে তালাক দিয়া উচিত । 

আমাৰ মহামান্য উচ্চতম ন্যায়ালয় আৰু চৰকাৰৰ প্ৰতি আবেদন জনাও যে, মুছলমানৰ সংবিধান প্ৰদত্ত ধৰ্মীয় অধিকাৰ খৰ্ব নকৰি এই বিষয়টো মুছলিম পাৰ্চনেল ল’ বৰ্ডৰ হস্তান্তৰ কৰি সংশ্লিষ্ট কৰ্তৃপক্ষক ইমানখিনি অধিকাৰ প্ৰদান কৰা হওক যাতে সামাজিক তথা পাৰিবাৰিক স্থিতিশীলতাৰ প্ৰতি লক্ষ্য ৰাখি অপৰাধীৰ বাবে কোনো উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰিব পাৰে।