দ্বীনিয়াত ফাউণ্ডেশ্বন কোৰ্চ: অফলাইন/অনলাইন

কোৰ্চৰ পৰিচয়

আচ্ছালামু আলাইকুম ৱাৰাহমাতুল্লাহ!

শ্ৰদ্ধাৰ দ্বীনী সতীৰ্থ ! আশা কৰোঁ কুশলে আছে। মহান সৃষ্টিকৰ্তা আল্লাহ তাআলাই সদায় কুশলে ৰাখক, আমীন।

শ্ৰদ্ধাৰ দ্বীনী ভাই/ ভনীসকল।

আমি ভালকৈ অৱগত যে আধুনিক যুগত নিজৰ বাবে আৰু নিজৰ পৰিয়ালৰ বাবে সৎ আৰু দ্বীনদাৰ হৈ চলাফুৰা আৰু সত্য তথা ঈমানৰ সৈতে বাস কৰা কিমান কঠিন হৈ পৰিছে। অতি ভয়ংকৰভাৱে দেশৰ ভৱিষ্যত স্বৰূপ আমাৰ নৱপ্ৰজন্ম আমাৰ পৰা আৰু আমাৰ সমাজৰ পৰা অন্ধকাৰ জগতলৈ টাপলি মেলিছে। আনকি লাহে লাহে অজানিতে বা ইচ্ছাকৃতভাৱে এক বৃহৎ সংখ্যক দ্বীনী ভাই-ভনী মুৰ্তদ তথা ঈমানহীন হোৱাৰ প্ৰস্তুতি লোৱা পৰিলক্ষিত হৈছে।

এফালে যদি পিতৃ-মাতৃ — সন্তানৰ সম্পৰ্ক , গিৰিয়েকে- ঘৈণীয়েকৰ সম্পৰ্ক, আৰু নিজৰ পৰিয়ালৰ নিবিড় নিবিড় সম্পৰ্কত ফাঁট মেলিছে, তেন্তে অন্যফালে একেজন পুৰুষ, একেজনী মহিলাই, একেজন সন্তানে এই নিজৰ আত্মীয়ৰ বাহিৰত বৈধ অবৈধৰ কোনো পাৰ্থক্য নকৰি নতুন আত্মীয়তা বিচাৰি হাবাথুৰি খাই থকা দেখা গৈছে।

শ্ৰদ্ধাৰ ভাতৃ ভগ্নী বৃন্দ!

আমি যদিও ধন সম্পত্তি, অৰ্থ, শক্তি আৰু নিত্য নতুন সা-সুবিধা উপভোগ কৰি নিজৰ অস্থায়ী সপোনবোৰ পূৰণ কৰি গৈ আছো আৰু নিজৰ জীৱনটো বিলাসপূৰ্ণভাৱে যাপন কৰি আছোঁ। কিন্তু
এই পাৰ্থিৱ জগতৰ ব্যস্ততাই, এই বস্তুগত জীৱনৰ ৰংগমঞ্চই, এই ক্ষণস্থায়ী দুনিয়াৰ মোহ মায়াই আমাক দ্বিনী শিক্ষাৰ পৰা দূৰত ৰাখি ঈমানৱালা জীৱনৰ পৰা বঞ্চিত কৰাৰ লগতে স্থায়ী জীৱনৰ স্থায়ী আনন্দৰ পৰা, জান্নাতৰ যোগ্য হোৱাৰ পৰা আৰু মহান সৃষ্টিকৰ্তাৰ সান্নিধ্য তথা সন্তুষ্টিৰ পৰা ক্ৰমান্বয়ে আমাক বহু দূৰলৈ খেদি পঠিয়াই আছে । যাৰ মূল কাৰণ কেইটা হল :

  • ৯৮% সাধাৰণ মুছলিমে শুদ্ধকৈ পৱিত্ৰ কুৰআন পাঠ কৰিবলৈ সক্ষম নহয়।
  • নামাজ, ৰোজা আদি ইবাদতৰ লগতে হালাল-হাৰাম, পাক-পৱিত্রতা ইত্যাদি সন্দৰ্ভত প্ৰায়ভাগ কথাই আমি অৱগত নহয় বা হবলৈ ইচ্ছুক নহয়।
  • ইন্টাৰনেট আৰু মবাইলৰ অসৎ ব্যৱহাৰ চৰমভাৱে বৃদ্ধি পাইছে।
  • পুৰুষ মহিলা উভয়ে বিশেষকৈ যুৱপ্ৰজন্মই নিজৰ চখ পূৰণ, অযথা অভ্যাস আদিত সময়ৰ অপব্যৱহাৰ দিনে দিনে বাঢ়ি গৈছে।
  • পশ্চিমীয়া সংস্কৃতিৰ লগতে নানা অপ সংস্কৃতিত মাতাল হৈছে আজিৰ যুৱপ্ৰজন্ম।
  • মদ, জুৱা, ড্ৰাগছ, জিনা, আদি কু-স্বভাৱৰ প্ৰতি নিচা তথা আসক্তি চৰম সীমা পাইছে।
  • বিভিন্ন কুচক্ৰান্ত আৰু নিত্য নতুন ফিতনাহে এই উম্মতৰ, এই অভিভাৱকহীন জাতিক কোঙা কৰি পেলাইছে।

এই অন্ধকাৰ তথা ফিতনাহৰ যুগত নিত্য নতুন কুসংস্কাৰ আৰু নানা কুচক্ৰান্ত তথা চয়তানৰ জালৰ পৰা ৰক্ষা পোৱাৰ বা উদ্ধাৰ হোৱাৰ আৰু কৰাৰ, নিজৰ পৰিয়াল আৰু বৈধ ৰিস্তাবোৰ সুস্থভাবে বজাই ৰাখি সেই সম্পৰ্ক চিৰস্থায়ী তথা চিৰস্মৰণীয় কৰি ৰখাৰ একমাত্ৰ উপায় হল – দ্বীনে ইছলামৰ শিক্ষাৰ ভেটি শিক্ষাৰ ভেটি শক্তিশালীকৰণ (Strong Deeniyat Foundation ) । অৰ্থাৎ নিজৰ বাবে, নিজৰ সন্তানৰ বাবে, আৰু পৰিয়ালৰ বাবে দ্বীনী শিক্ষাৰ ব্যৱস্থা কৰি দিয়াৰ লগতে সদায় কুৰআন আৰু হাদীছ অনুসৰি জীৱন অতিবাহিত কৰা। ( এই কোৰ্চে প্ৰমাণ কৰিব যে এই দ্বীনী জীৱন ব্যৱস্থা কিমান সহজ আৰু সৰল। )

গতিকে এই প্ৰয়োজন পূৰণ কৰাৰ লক্ষ্যৰে পোনপ্ৰথমবাৰৰ বাবে, “ইছৰা” ৰ শৈক্ষিক গোট আজানপীৰ এডুকেশ্বন চেন্টাৰৰ উদ্যোগত, ‘দ্বীনিয়াত ফাউণ্ডেশ্বন কোৰ্চ’ নামৰ এক উন্নত মানদণ্ডৰ অংশকালীন কোৰ্চৰ ব্যৱস্থা কৰা হৈছে। যত সম্পূৰ্ণ ইছলামৰ প্ৰাথমিকভাৱে সংযুক্ত কৰা হৈছে —

  • তাজৱীদৰ সৈতে পৱিত্ৰ কুৰআন পাঠ শিকন।
  • দৰকাৰী মাছাঈল।
  • ইছলামী মটিভেশ্বন (ছাত্ৰ ছাত্ৰী আৰু কৰ্মী মানুহৰ বাবে অতিকৈ কাৰ্যকৰী),
  • উত্তম চৰিত্ৰ গঠন,
  • আদৰ্শ জীৱনৰ আদৰ্শ নীতি…….. ইত্যাদি।

✔ কোৰ্চৰ বৈশিষ্ট্য / উপকাৰিতা

১। প্ৰকৃত মুমিন —
ক) দ্বীনিয়াত ফাউণ্ডেশ্বন কোৰ্চৰ দ্বাৰা মহান সৃষ্টিকৰ্তাৰ পৱিত্ৰ বাণী, কুৰআন মজীদ শুদ্ধকৈ পঢ়িব পাৰিব আৰু অতিকৈ প্ৰয়োজনীয় ছূৰা মুখস্থ কৰিব পাৰিব।
খ) ইছলামৰ মৌলিক আক্বিদাহ, সঠিকভাৱে ইবাদত, উত্তম চৰিত্ৰ গঠনৰ মাধ্যমত সৃষ্টিকৰ্তাৰ লগত বিশেষ সম্পৰ্ক স্থাপন কৰি ইহজগত আৰু পৰজগতৰ সফলতা অৰ্জন কৰিব পাৰিব।

২। সুযোগ্য সন্তান —
ক) এজন পুত্ৰই নিজৰ পিতৃৰ জানাজাত নিজেই ইমামতি কৰিব পাৰিব (গৌৰৱময় এটি আমল)। আৰু প্ৰয়োজন সাপেক্ষে যিকোনো সময়ত নামাজৰ ইমামতি কৰিব পাৰিব (মনত কৰক লকডাউনৰ সময়ত ঈদৰ নামাজৰ কথা। )
খ) উক্ত কোৰ্চ সম্পূৰ্ণ কৰিলে বা কৰাৰ সুবিধা প্ৰদান কৰিলে পিতৃ-মাতৃ আৰু সন্তানৰ আদৰ আৰু সন্মানৰ সম্পৰ্ক সদায় অটুট হৈ থাকিব। পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত থৈ অহাৰ বা সন্তানক তাজ্যপুত্ৰ কৰাৰ প্ৰয়োজন নহ’ব বুলি নিশ্চিতভাৱে কব পাৰোঁ।

৩। দেশৰ মূল্যবান সম্পদ – মানৱ সম্পদ / দেশৰ প্ৰকৃত ভৱিষ্যত —
ক) ইয়াৰ দ্বাৰা যুৱ প্ৰজন্ম বিশৃংখলতা আৰু বিভিন্ন কু-সংস্কাৰৰ পৰা মুক্ত হৈ নিজকে মানৱ সম্পদ হিচাপে গঠন কৰিব পাৰিব। বিশৃংখলতা আৰু কুসংস্কাৰ, যেনে —
• সময়ৰ অপচয়।
• ইন্টাৰনেট আৰু মবাইলৰ অপব্যৱহাৰ (কেনেকৈ কম হ’ব/ কত কত ব্যৱহাৰ হ’ব) ।
• নিত্য নতুন নিচা (জুৱা, মদ, অনলাইন জুৱা ইত্যাদি)
• চমু পদ্ধতিৰ উপাৰ্জন ব্যৱস্থা।
খ) ইয়াত শিক্ষাৰ্থীয়ে নিজৰ স্কুল / কলেজৰ অধ্যয়নৰ ক্ষেত্ৰত বা নিজৰ কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত বিভিন্ন সমস্যা দূৰ কৰি নতুন দিশৰ সূচনা কৰিব পাৰিব। বিভিন্ন সমস্যা, যেনে —
• ঘৰুৱা সমস্যা।
• বিভিন্ন অভ্যাস।
• বিভিন্ন সম্পৰ্ক।
গ) উত্তম চৰিত্ৰ / মানৱীয় গুণাৱলীৰ অধিকাৰী —

✔ শিক্ষাৰ্থীৰ বাবে চৰ্তাৱলী :


১। স্কুল / কলেজৰ শিক্ষাৰ্থীয়ে বা কোনো কৰ্মত ব্যস্ত ব্যক্তিয়ে এই গুৰুত্বপূৰ্ণ কোৰ্চ কৰিব পাৰিব।
২। শিক্ষাৰ্থীয়ে নিৰ্ধাৰিত সময়ত কোৰ্চ সম্পূৰ্ণ কৰাৰ পিছত প্ৰমাণ পত্ৰ লাভ কৰিব।
৩। শিক্ষাৰ্থীয়ে নিম্নলিখিত একাডেমিক নিৰ্দেশনাৱলী মানি চলিব লাগিব—
ক) নিৰ্ধাৰিত দিনবোৰত ক্লাছত উপস্থিত থাকি পাঠ্যক্ৰমৰ বিষয়খিনি অধ্যয়ন কৰি / আলোচনা কৰি আৰু বুজি, শেষ কৰিব লাগিব। অৱশ্যে বিশেষ কাৰণত কোনো পিৰিয়ড অনুপস্থিত থাকিলে পিছত শিক্ষকৰ লগত যোগাযোগ কৰি বিষয়টো সংগ্ৰহ কৰি লব বা চৰ্চা কৰি লব ।
খ) সময়মতে অনুষ্ঠিত হোৱা পৰীক্ষাত অংশগ্ৰহণ কৰিব লাগিব।
গ) সময়মতে শ্ৰেণীকোঠাত উপস্থিত থাকিব লাগিব (আগতিয়াকৈ নহয়) আৰু সময়মতে ঘৰ গৈ পাব লাগিব (পলমকৈ নহয়) ।

৪। শিক্ষাৰ্থীয়ে একপি পাছপৰ্ট চাইজ ফটো আৰু স্থায়ী ঠিকনাৰ প্ৰমাণ পত্ৰসহ, চেন্টাৰৰ নিৰ্ধাৰিত ফৰ্ম (অফলাইন /অনলাইন) যোগে আবেদন কৰিব লাগিব। অনলাইন কোৰ্চ হলে কিছু সুকীয়া নিয়মাৱলী অনুসৰণ কৰিব লাগিব।
৫। নিৰ্ধাৰিত সময়ত নিৰ্ধাৰিত মাচুল জমা কৰিব লাগিব। মাচুল লৈ কিবা কবলগীয়া থাকিলে অথবা কোনো অসুবিধা হ’লে পৰিচালকৰ লগত যোগাযোগ কৰিব।