মূল (উৰ্দু ) : হজৰত মৌলানা খালিদ ছাইফুল্লাহ ৰহমানী
প্ৰতি বছৰ নতুন বছৰ আগমনৰ লগে লগে চৌদিশে আৰম্ভ হয় চেলিব্ৰেশ্বনৰ প্ৰতিযোগিতা। আনকি আমাৰ অসমৰ লগতে সমগ্ৰ দেশতো ইংৰাজী নৱবৰ্ষ উদাযাপনৰ এই পশ্চিমীয়া সংস্কৃতি ধুমধামেৰে পালন কৰা হয়, যদিও এয়া না অসমৰ অসমীয়া নৱবৰ্ষ আৰু না ভাৰতীয় সংস্কৃতি।
মানুহে নতুন বছৰ উদযাপন কৰে; কিন্তু সুস্থ মস্তিষ্কৰ সৈতে বিবেচনা কৰিলে নিশ্চয় অনুধাৱন কৰিব পাৰিব যে , এই মূহুৰ্তবোৰ সুখতকৈ অধিক দুখৰ মূহুৰ্তহে , এই সময়বোৰ উদযাপন কৰিবলৈ নহয়; বৰঞ্চ শিক্ষা লোৱাৰ আৰু চিন্তাৰ সময়। কাৰণ বছৰ পাৰ হোৱাৰ লগে লগে বয়স বাঢ়ি নাযায়; কমিহে যায় আৰু জীৱনৰ নিৰ্দিষ্ট আয়ুসৰ পৰা এটা বছৰ কমি যায়, অৰ্থাৎ আপোনাৰ জীৱনৰ পৰা ৩৬৫ দিন বা ৮৭৬০ ইটা খহি পৰে।
গতিকে নৱবৰ্ষৰ আগমন – উল্লাস আৰু বিলাসত মগ্ন হোৱাৰ আহ্বানৰ পৰিৱৰ্তে, অৱহেলা আৰু গাফলতত ডুবি থকা ব্যক্তিসকলৰ বাবে এক সতৰ্কবাণী। নতুন বছৰৰ আগমন টোপনিত লালকাল হৈ থকা মনুষ্যৰ বাবে এক জাগৰণৰ এলাৰ্ম, যে –
এই সময় হল — এজন মূমিনৰ কপাল মহান সৃষ্টিকৰ্তা আল্লাহৰ দৰবাৰত ছিজদাতকৃত (নতশিৰ) হ’ব লাগে, তেওঁৰ ওচৰত অনুগ্ৰহ তথা কৃতজ্ঞতাৰে হাত উঠাব লাগে, যে ‘আপুনি
মোৰ সমসাময়িক তথা মোৰ সমবয়সীয়া বহু লোকক এই জগতৰ পৰা বিদায় দিছে আৰু মোক জীৱন দান তথা আয়ুস বৃদ্ধিৰ দ্বাৰা ভাগ্যশালী কৰিছে, সেয়েহে মই আপোনাৰ দৰবাৰত কৃতজ্ঞতাৰ শৰাই আগবঢ়াইছোঁ।
এই সময় হল — মহান সৃষ্টিকৰ্তাৰ ওচৰত অনুৰোধ আৰু মিনতিৰে হাতযোৰ (দুআ) কৰাৰ , যে – হে মোৰ প্ৰতিপালক! মোৰ ভৱিষ্যতক মোৰ অতীততকৈ উত্তম কৰি তোলক, মোৰ বিফলতাসমূহ সফলতাৰ সৈতে আৰু মোৰ নিম্নগামিতাক উচ্চতাৰ সৈতে পৰিৱৰ্তন কৰি দিয়ক।
বিশেষকৈ বৰ্তমান সময়ত মুছলমানসকলে নিজৰ দেশৰ লগতে, সমগ্ৰ বিশ্বতে মহান সৃষ্টিকৰ্তা আল্লাহক অৱহেলা কৰা আৰু পাৰ্থিৱ জগতৰ লগত সীমাহীন প্ৰেম ভালপোৱাৰ যি শাস্তি আৰু শিক্ষাৰ সন্মুখীন হৈ আছে, সেই পটভূমিত সমগ্ৰ মুছলিম উম্মতে, নিজৰ দেশৰ বাবে, মুছলিম বিশ্বৰ বাবে আৰু বিশেষকৈ পৱিত্ৰ স্থানসমূহৰ সুৰক্ষাৰ বাবে দুআ – প্ৰাৰ্থনা কৰিব লাগে ।
কিন্তু অতি আক্ষেপজনক আৰু লাখ গৰিহণাৰ বিষয় যে চিন্তা তথা শিক্ষা লোৱাৰ এই সময়ছোৱাত উল্লাস- বিলাস, আত্মপাহৰণ আৰু আল্লাহক পাহৰণিৰ সময় নিৰ্ধাৰণ কৰি লোৱা হৈছে ।
এই ক্ষণত আধুনিকতাৰ নামত পশ্চিমীয়া সংস্কৃতিত নিজকে বিলীন কৰি দিয়া হয়,
এই দিনবোৰত মিউজিক আৰু নাচগানৰ মঞ্চবোৰ অতি ধুমধামেৰে সজাই পৰাই তোলা হয়,
এই সময়ত পাৰ্ক আৰু বিভিন্ন উদ্যানবোৰ মনোৰঞ্জনৰ নামত উদ্ভণ্ডালীৰে আকাশ বতাহ কপাই তোলা হয়,
এই দিনকেইটাত প্ৰায় ডাঙৰ ডাঙৰ হোটেল, ভৱন আদিত ‘ফান’ আৰু ‘ইনজয়’ ৰ নামত মুক্ত অশ্লীলতা আৰু চৰিত্ৰ কলংকিত কৰাৰ প্ৰতিযোগিতা চলি থকা দেখা যায়।
এজন সম্ভ্ৰান্ত ব্যক্তিয়ে এনেদৰে মুকলিকৈ অবৈধ ‘ফান’ ৰ লগত সঙ্গতি কৰাটো শোভনীয় হয় নে? এয়া বিশেষকৈ মুছলমানসকলৰ বাবে নিজৰ কৃষ্টি- সংস্কৃতি, নিজৰ আত্মপৰিচয় বিলীন কৰি পশ্চিমীয়া সংস্কৃতিত এইদৰে মাতাল হোৱাৰ কোনো যুক্তি আছে নে ?
যি জাতিৰ প্ৰথম ক্বিবলা তাৰ হাতৰ পৰা কাঢ়ি লোৱা হৈ আছে , ইছলামী জগতৰ হৃদয় আৰু আত্মাত শত্ৰু সোমাই পৰিছে , যাৰ ইবাদতগাহ আৰু প্ৰাৰ্থনাস্থলসমূহ কোনো কাৰণ বা ন্যায্যতা অবিহনে ভাঙি চূৰমাৰ কৰি দিয়া হৈছে, এই চৰম অপমান আৰু সংকটজনক সময়তো এনে
নিপীড়িত আৰু অত্যাচাৰিত জাতিৰ বাবে আনন্দ তথা সন্তুষ্টিৰ গানত আত্মহাৰা হৈ উল্লাস-বিলাসৰ পাৰ্টি সজোৱা আৰু দলে যোগদান কৰাৰ কোনো সুযোগ আছেনে??
“ফা-তাবিৰূ য়া-উলিআল আবছাৰ ( গতিকে হে দৃষ্টিশীল ব্যক্তিসকল, সাৱধান হওক/ শিক্ষা গ্ৰহণ কৰক)” [ছূৰা হাশ্বৰ, আয়াত-২ ]
মূল (উৰ্দু ) : হজৰত মৌলানা খালিদ ছাইফুল্লাহ ৰহমানী — সভাপতি – অল ইণ্ডিয়া মুছলিম পাৰ্ছনেল ব’ৰ্ডৰ সৰ্বভাৰতীয় মুছলিম।
— অনুবাদ & সংযোজন : মুফতী মুৰতাজা ইউছুফ কাছিমী (এম. এ, PhD Scholar ) এডিটৰ, NE PEACE