পৰ্দাঃএক তথ্যভিত্তিক পৰ্য্যালোচনা| প্ৰথম সংখ্যা

Share :

মানুহে প্ৰত্যেক যুগতে নিজৰ বসবাস তথা জীৱন যাপন কালক নতুন যুগ বুলি অভিহিত কৰে। পূৰ্বৱৰ্তী সময় আৰু জীৱন যাপন প্ৰণালীক উপেক্ষা কৰে ।অনুন্নত যুগ বুলি অবজ্ঞা কৰে ।পূৰ্বৱৰ্তী যুগৰ মানুহ আছিল মুৰ্খ আৰু আমি আধুনিক মনোভাৱাপন্ন, আমাৰ ওচৰত এনেকুৱা বস্তু আছে যি পূৰ্বতে নাছিল ইত্যাদি ইত্যাদি ।

মহান আল্লাহ তাআ’লাই হজৰত আদম (আঃ) ৰ পৰা বৰ্তমানলৈকে জ্ঞানৰ যিবোৰ উপকৰণ সৃষ্টি কৰিছে যেনে চকু, কাণ, নাক ইত্যাদি, যাৰ দ্বাৰা ক্ৰমে দৃষ্টিশক্তিৰ মাধ্যমত প্ৰাপ্ত জ্ঞান, শ্ৰৱণশক্তিৰ মাধ্যমত প্ৰাপ্ত জ্ঞান আৰু ঘ্ৰাণ শক্তিৰ মাধ্যমত প্ৰাপ্ত জ্ঞান ইত্যাদি অভিন্ন ।মানুহৰ মস্তিষ্কৰ যোগ্যতা মনৰ ইচ্ছা – আকাঙ্খাৰ কোনো পৰিৱৰ্তন হোৱা নাই। মানুহৰ দেহ-মনৰ চাহিদাও অপৰিৱৰ্তিত অৱস্থাত আছে। মৌলিক কোনো পাৰ্থক্য ঘটা নাই।

হজৰত আদম (আঃ) ৰ যুগত মানুহৰ শাৰীৰিক তথা অংগ প্ৰত্যংগৰ গঠন আৰু প্ৰকৃতি যেনে ধৰণৰ আছিল বৰ্তমান যুগতো তেনে ধৰণেই আছে। হজৰত লুত (আঃ)ৰ যুগত তেখেতৰ জাতি সমকামীতাৰ দৰে ঘৃণনীয় পাপত লিপ্ত আছিল তেনে ধৰণৰ পাপৰ নিদৰ্শন সম্প্ৰতি ইউৰোপ- আমেৰিকাৰ দৰে উন্নত দেশবোৰত দেখিবলৈ পোৱা যায়।

সাৰকথা হল – সৃষ্টিৰ আদি কালৰ পৰা মানুহৰ প্ৰকৃতিৰ সৈতে একাত্ম হৈ আছে কাম, ক্ৰোধ, লোভ, মোহ,পাশৱিক প্ৰবৃত্তি,যৌন আকাঙ্খা, বিপৰীত লিংগৰ প্ৰতি আকৃষ্ট হোৱা ইত্যাদি। মহাপ্ৰজ্ঞাময় আল্লাহ তাআলাই সৃষ্টিৰ অপূৰ্ব নৈপুণ্যতাৰে নাৰী আৰু পুৰুষক সৃষ্টি কৰিছে আৰু উভয়ৰ মাজত পৰস্পৰৰ প্ৰতি আকৰ্ষণ স্থাপন কৰি দিছে ।কিন্তু এগৰাকী নাৰীয়ে পুৰুষৰ প্ৰতি আকৰ্ষিত হলেও নাৰীৰ সংযম ক্ষমতা আৰু লজ্জাবোধ পুৰুষৰ তুলনাত বেছি। পুৰুষ ইয়াৰ সম্পূৰ্ণ বিপৰীত, সংযম ক্ষমতা আৰু ধৈৰ্য্য নিচেই কম। নাৰীৰ প্ৰতি আকৰ্ষিত হলেই তাইক পাবলৈ উদ্বাউল হৈ পৰে। ধৰ্ম, সমাজ আৰু বিবেকৰ অভেদ্য প্ৰাচীৰ ভেদ কৰি কেতিয়াবা এনে আকৰ্ষণে ৰূপ ধাৰণ কৰে ব্যাভিচাৰ আৰু ধৰ্ষণৰ। ফলশ্ৰুতিত সমাজত নামি আহে নৈতিক অৱক্ষয় ।

পৱিত্ৰ ক্বুৰআনত আল্লাহ তাআ’লাই যিনা (ব্যাভিচাৰ) ৰ প্ৰতি কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে আৰু ইৰ্শ্বাদ ফৰ্মাইছে “তোমালোকে যিনাৰ ওচৰলৈও নাযাবা”(ছূৰা বনী ইছৰাঈল) উক্ত আয়াতত কেৱলমাত্ৰ নিষেধাজ্ঞা আৰোপ কৰা নাই বৰঞ্চ যিনাৰ যিবিলাক উপকৰণ আছে তাৰপৰাও বিৰত থাকিবলৈ নিৰ্দেশ দিছে।

যিনাৰ উপকৰণ সমূহৰ ভিতৰত অন্যতম তথা প্ৰধান হৈছে পৰ্দা হীনতা বা নগ্নতা। পুৰুষৰ কাম দৃষ্টিৰ চিকাৰ হয় বেপৰ্দা নাৰী, কাৰণ দৃষ্টিপাতৰ পৰাই আকৰ্ষণৰ সৃষ্টি আৰু তাৰ শেষ পৰিণতি কেতিয়াবা ব্যভিচাৰ আৰু কেতিয়াবা ধৰ্ষণলৈ পৰ্যবসিত হয়।

দৃষ্টি নিৱদ্ধ হোৱা বস্তুৰ ধৰণ বা পৰ্যায় অনুযায়ী দ্ৰষ্টাৰ মনত ক্ৰিয়া কৰে, যদি বস্তুটো লোভনীয় বা আকৰ্ষণীয় হয় তেনেহ’লে স্বাভাৱিক ভাৱেই দ্ৰষ্টাৰ মনত তাৰ প্ৰতি আকৰ্ষণ অনুভৱ হয় আৰু সংশ্লিষ্ট বস্তুটো পাবলৈ হাবিয়াস কৰে।

সাধাৰণতে পুৰুষৰ কাম দৃষ্টিৰ চিকাৰ হয় বেপৰ্দা নাৰী ।উদাহৰণ স্বৰূপে সহোদৰ দুই ভগ্নী বা বান্ধবী একেলগে কৰবালৈ ফুৰিবলৈ গৈ আছে। এগৰাকীয়ে আপাদমস্তক আবৃত কৰি অতি ভদ্র তথা মাৰ্জিত পোছাক পৰিধান কৰিছে, আনগৰাকীয়ে পৰ্দাহীনভাবে অত্যন্ত পাতল, ঠেক আৰু আবেদনময়ী পোছাক পৰিধান কৰি লয়লাস ভংগীমাৰে কোনো গলিৰ মাজেৰে খোজকাঢ়ি গৈ আছে।

এনে পৰিস্থিতিত পৰ পুৰুষৰ কামদৃষ্টি কোনগৰাকীৰ ওপৰত নিৱদ্ধ হ’ব সেয়া সহজে অনুধাৱন কৰিব পাৰি। তেওঁলোকৰ দৃষ্টিত সন্মান আৰু সম্ভ্ৰমৰ পৰিৱৰ্তে কেৱল যৌনতাৰ অগ্নি প্ৰজ্বলিত থাকিব ।ইয়াৰ বিপৰীতে ভদ্ৰ তথা মাৰ্জিত পোছাক পৰিধান কৰি আপাদ মস্তক আবৃত কৰি ৰখা পৰ্দাশীল ভগ্নী বা বান্ধবী গৰাকীক তেনে দৃষ্টিৰে চাব নে? সেয়েহে বিবেকবান মানুহে অতি সহজে উপলব্ধি কৰিব পাৰিব যে, সন্মান, সম্ভ্ৰম আৰু সুৰক্ষা ক’ত? নগ্নতা আৰু পৰ্দাহীনতাত নে পৰ্দা শীলতাত? আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউষ্টেন চহৰত এবাৰ সংঘটিত হয় এক অভাৱনীয় ঘটনা। এগৰাকী ব্যক্তিয়ে এক লাখ ডলাৰ মূল্যৰ সোণ, ৰূপ হীৰা ইত্যাদি মূল্যবান অলংকাৰেৰে পৰিপূৰ্ণ এখন ব্ৰীফকেচ উন্মুক্ত অৱস্থাত ৰাজপথত থৈ ঘৰৰ বেলকনিত বহি তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আছে। কিছু সময় পিছত দেখিলে এগৰাকী পথচাৰীয়ে গাড়ীৰে আহি থকা অৱস্থাত অলংকাৰেৰে পৰিপূৰ্ণ ব্ৰীফকেচ এখন উন্মুক্ত অৱস্থাত ৰাজপথত পৰি থকা দেখি ততাতৈয়াকৈ গাডীৰ পৰা নামিল আৰু ইফালে সিফালে চাই ব্ৰীফকেচ খন লৈ তীব্ৰ গতিত সেই ঠাইৰ পৰা প্ৰস্থান কৰিলে। বেলকনিত বহি থকা ব্যক্তি গৰাকীয়ে গাড়ীৰ নম্বৰ নোট কৰিলে আৰু পুলিচক জাননী দি দিলে ।যথা সময়ত ব্যক্তি গৰাকী ধৰা পৰিল আৰু আদালতত বিচাৰ হ’ল। বিচাৰত বিচাৰকে ৰায় দিলে যে প্ৰকৃত অপৰাধী সেই গৰাকী যিয়ে ব্ৰীফকেচ খোলা ৰাখিছে, যিয়ে মূল্যবান অলংকাৰেৰে পৰিপূৰ্ণ আৰু উন্মুক্ত ব্ৰীফকেচ চুৰি কৰিছে তেওঁ অপৰাধী নহয়, গতিকে চুৰি কৰোতাৰ বাবে কোনো ধৰণৰ শাস্তি নাই।

যিগৰাকীয়ে মূল্যবান সামগ্ৰীৰে পৰিপূৰ্ণ ব্ৰীফকেচ উন্মুক্ত অৱস্থাত ৰাখিছে তাৰবাবে ছয়মাহৰ কাৰাদণ্ডৰ লগতে মানসিক চিকিৎসাৰ নিৰ্দেশ দিয়ে আদালতে ।ব্ৰীফকেচ উঠাওতাৰ প্ৰতি আদালতে এই বুলি অনুৰোধ জনালে যে, ২০হাজাৰ ডলাৰ মূল্যৰ অলংকাৰ যাতে নিজৰ বাবে ৰাখে আৰু কিছু অংশ ব্ৰীফকেচৰ মালিকৰ বাবে ৰাখে আৰু বাকী অংশ কোনো সমাজসেৱামূলক কামৰ বাবে দান কৰি দিব পাৰে।

সাৰকথা হ’ল – আদালতে নিজৰ মূল্যবান তথা লোভনীয় সামগ্ৰীৰে পৰিপূৰ্ণ ব্ৰীফকেচ যি সুৰক্ষিত আৰু আবৃত ৰখা উচিৎ আছিল তাক উন্মুক্ত আৰু অসুৰক্ষিত ৰখাৰ বাবে একপক্ষীয়ভাবে মালিকক দোষী সাব্যস্ত কৰিছে।

সৃষ্টি কৰ্তাই নাৰীৰ দেহত যি স্বাভাৱিক সৌন্দৰ্য্য আৰু আকৰ্ষণ ৰাখিছে তাইৰ প্ৰতি পুৰুষ আকৰ্ষিত হোৱা নিচেই স্বাভাৱিক।

পৱিত্ৰ ইছলামৰ দৃষ্টিত এগৰাকী নাৰীৰ সন্মান আৰু মান মৰ্য্যদা বিলিয়ন ডলাৰৰ অলংকাৰতকৈও বহুত বেছি মূল্যবান। সেয়েহে নাৰীৰ এই অমূল্য সম্পদ ৰক্ষণাবেক্ষণৰ বাবে সৰ্বোত্তম ৰক্ষাকবচ স্বৰূপে ইছলামে পৰ্দাৰ বিধি বিধান জাৰি কৰিছে।

অতি পৰিতাপৰ বিষয় যে, সম্প্ৰতি কিছুমান নিজকে অতি আধুনিক বুলি ভাবা তথাকথিত নাৰীবাদী সকলে পৰ্দাক বন্দীত্ব বুলি প্ৰচাৰ কৰিবলৈ ধৰিছে ।তেওঁলোকৰ তৰল মস্তিষ্ক প্ৰসূত চিন্তাধাৰাৰ প্ৰতিফল তথাকথিত নাৰী স্বাধীনতাই সকলো বাধা নিষেধৰ গণ্ডী অতিক্ৰম কৰি সমগ্ৰ সমাজ ব্যৱস্থাক কলুষিত কৰিছে আৰু ধ্বংসৰ মুখলৈ ঠেলি দিছে। তেওঁলোকে নাৰীক ঘৰৰ বাহিৰলৈ ওলাই অহাৰ বাবে উৎসাহিত কৰিছে ভোগ বিলাসৰ অনুপম সামগ্ৰী বনোৱাৰ নিমিত্তে । প্ৰমোদ ভ্ৰমণৰ সংগী, মদৰ আড্ডাত মদ পৰিবেশন কৰি তেওঁলোকে লম্পট পুৰুষক তৃপ্তিদান কৰাত আৰু অৰ্ধউলংগ হৈ উদ্দাম নৃত্য কৰি দৰ্শকক আমোদ প্ৰমোদ দিয়াত ব্যস্ত হৈ পৰিছে। নাৰীৰ দ্বাৰা কৰোৱা পুৰুষৰ এই সমূহ চিত্তবিনোদনৰ বাবে সংশ্লিষ্ট মহিলাই কৰ্তৃপক্ষৰ পৰা কিছু পৰিমাণে ধনো লাভ কৰে। বিনিময়ত নিজৰ দেহ আৰু সৌন্দৰ্যক পন্যৰ দৰে বিক্ৰী কৰি দিয়ে। এনে ধৰণৰ বহুজাতিক কোম্পানী, বিউটি কন্টেষ্ট, মিছ ৱৰ্ল্ড, মিছ ইউনিভাৰ্ছ আদিৰ আয়োজক কৰ্তৃপক্ষই নাৰীক কেইটামান টকাৰ বিনিময়ত ক্ৰয় কৰি নাৰীৰ দেহ- সৌন্দর্য আৰু সন্মান – সম্ভ্ৰমৰ দ্বাৰা কোটি কোটি ডলাৰ উপাৰ্জন কৰিছে। এয়াই নাৰীবাদী প্ৰদত্ত নাৰী স্বাধীনতাৰ কদৰ্য স্বৰূপ ।

পুৰুষৰ গৰ্হিত আক্ৰমণৰ পৰা আত্মৰক্ষাৰ বাবে নাৰীৰ হাতত দুই ধৰণৰ অস্ত্ৰ আছে, এটা নিজস্ব চাৰিত্ৰিক শক্তিৰ আধ্যাত্মিক প্ৰাচীৰ আনটো নাৰীৰ বাহ্যিক আৱৰণৰ পৰ্দা – প্ৰাচীৰ ।নিজৰ আধ্যাত্মিক আৰু চাৰিত্ৰিক শক্তিয়ে নাৰীৰ অবৈধ কামনা-বাসনাৰ পৰা অন্য পুৰুষক ৰক্ষা কৰে, য’ত নাৰীৰ সুৰক্ষাও বিদ্যমান।আনহাতে বাহ্যিক পৰ্দা বা পৱিত্ৰতাৰ ফলত নাৰী পৰ পুৰুষৰ কামনাৰ পৰা সুৰক্ষিত থাকে। সেয়েহে কেৱল বাহ্যিক পৰ্দা নহয় বৰঞ্চ অন্তৰৰ পৰ্দা তথা পৱিত্ৰতাও নাৰীৰ সুৰক্ষাৰ বাবে জৰুৰী।

গতিকে পৰ্দাক নাৰীৰ বাবে অবমাননা বা অৱজ্ঞা কৰা কোনো বিবেকবান মানুহৰ কাম হ’ব পাৰেনে?

তথাকথিত আধুনিক নাৰীবাদী আৰু বুদ্ধিজীৱীয়ে পৰ্দা প্ৰথাক মধ্যযুগীয় বৰ্বৰতা আৰু পশ্চাদগামীতা বুলি আখ্যায়িত কৰে। কিন্তু বৰ্তমান যুগৰ সভ্য মানুহৰ আচৰণৰ কেনে ধৰণৰ? ‌তেওঁলোক জীতেন্দ্ৰীয় নে? নতুবা কামভাৱহীন নপুসংক নে?

‌ এই দেশৰ সু-সভ্য নাৰী পুৰুষৰ আৰু ইউৰোপ-আমেৰিকাৰ দেৱ দেৱী সকলৰ যৌন জীৱনৰ প্ৰতি দৃষ্টিপাত কৰিলে যি ইতিহাস পোৱা যাব সেয়া বৰ বেছি ৰুচিকৰ নহ’ব। (ইসলাম সম্পর্কে অমুসলিম দের ভুল ধারণা)

এতিয়া স্বাভাৱিকতে মনত অসংখ্য প্ৰশ্নই ভুমুকি মাৰিব পাৰে, ইমাম বিধি বিধানৰ মাজত থাকি মহিলাই অত্যন্ত প্ৰয়োজনীয় কাম যেনে লিখা পঢ়া, চিকিৎসা ইত্যাদি কেনেদৰে সম্পাদন কৰিব?

শ্ৰদ্ধাৰ পাঠক সমাজ! সৃষ্টিকৰ্তা আল্লাহ তাআ’লাই নিজৰ সৃষ্টিৰ সকলো প্ৰকাৰৰ প্ৰয়োজন আৰু চাহিদা সম্পৰ্কে আটাইতকৈ বেছি অবগত। সৃষ্টি কৰ্তা আল্লাহ তাআ’লাই নাৰীৰ যাবতীয় প্ৰয়োজন পূৰণাৰ্থে সুবিধা প্ৰদান কৰিছে আৰু ইয়াৰ দিক নির্দেশনা আল্লাহৰ প্ৰেৰিত দূত হজৰত মুহাম্মদ ছাল্লাল্লাহু আলাইহি ৱা ছাল্লামৰ মাধ্যমত 1400বছৰ পূৰ্বেই প্ৰদান কৰিছে। আহক আমি সেইফালে আলোকপাত কৰোঁ।

সাধাৰণ অধিকাৰ – নিজকে পৰ্দাৰ মাজত ৰাখি প্ৰয়োজন সাপেক্ষে মহিলাই নিজৰ মাকৰ, জীয়েকৰ বা অন্যান্য আত্মীয় স্বজনৰ ঘৰলৈ যোৱাত বা চিকিৎসা কৰিবলৈ যোৱাত কোনো বাধা নাই। এই অধিকাৰ সাধাৰণ ভাবে সকলো নাৰীকে ইছলামে প্ৰদান কৰিছে, চৰ্ত হ’ল পৰ পুৰুষৰ দৃষ্টিৰ পৰা নিজকে বচাই ৰাখিব লাগিব। এয়া অনস্বীকার্য যে, পৰ্দাৰ বাবে সংশ্লিষ্ট কামসমূহ কৰাত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়।

শিক্ষাৰ অধিকাৰ – আল্লাহ তাআ’ লাই পৱিত্ৰ ক্বুৰআনত ঘোষণা কৰিছে – “পাঠ কৰক আপোনাৰ পালনকৰ্ত্তাৰ নামত যিয়ে আপোনাক সৃষ্টি কৰিছে” উক্ত আয়াতত শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব বৰ্ণনা কৰা হৈছে, তদ্ৰুপ হাদীছ শ্বৰীফতো কোৱা হৈছে “জ্ঞান অৰ্জন কৰা প্ৰত্যেক নৰ – নাৰীৰ ওপৰত ফৰজ (অৱশ্যপালনীয়)”

শ্ৰদ্ধেয় পাঠক সমাজ! ইছলামৰ এই শিক্ষা আৰু নিৰ্দেশনা প্ৰায় ১৫ শ বছৰ পূৰ্বৰ এনেকুৱা সময়ৰ যেতিয়া সমগ্ৰ আৰব অজ্ঞতাত নিমজ্জিত আছিল। ইছলামৰ অভ্যুত্থানৰ লগে লগে আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱা ছাল্লামে নৰ – নাৰী উভয়ৰ বাবে শিক্ষা বাধ্যতামূলক কৰি দিছে। ইয়াৰ প্ৰভাৱ ইমানেই সুদূৰপ্ৰসাৰী আৰু ক্ষীপ্ৰতৰ আছিল যে ‘তেখেতৰ জীৱদ্দশাতেই তেখেতৰ সংগী – ছাহাবা সকলৰ এক বৃহৎ অংশই তফছীৰ, হাদীছ, ফিক্বহ, গনিত, দৰ্শণ, ইতিহাস, চিকিৎসাশাস্ত্ৰ ইত্যাদি বিষয়ত যথেষ্ট ব্যুৎপত্তি অৰ্জন কৰিছিল। এই ক্ষেত্ৰত মহিলা সকলো পিছপৰি থকা নাছিল। মহিলা সকলৰ ভিতৰত হজৰত মুহাম্মদ ছাল্লাল্লাহু আলাইহি ৱা ছাল্লামৰ পত্নী হজৰত আইশ্বা আৰু উম্মে ছালামা (ৰাঃ) অন্যতম।

সাম্প্ৰতিক যুগত নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা বহুত বেছি। বিশেষকৈ মহিলা ডাক্তৰৰ প্ৰয়োজনীয়তা বহুত বেছি। কিন্তু সংশ্লিষ্ট শিক্ষা অৰ্জন কৰিবৰ বাবে চৰ্ত হল Co-Education বা সহ – শিক্ষাৰ মাধ্যমত হ’ব নোৱাৰিব। মহিলাৰ কলেজ – ইউনিভাৰ্ছিটি বা অন্যান্য শিক্ষালয় সমূহ থকিব লাগিব পুৰুষৰ পৰা পৃথক আৰু স্বতন্ত্ৰ। শিক্ষক – শিক্ষাৰ্থী সকলো মহিলা হ’ ব লাগিব। তাত পুৰুষৰ যাতায়াত সম্পূৰ্ণ নিষিদ্ধ।

পেছাগত অধিকাৰ -পৰ্দাৰ গণ্ডীৰ মাজত থাকি নাৰীয়ে নিজৰ আত্মীয় সকলৰ মাজৰ মাহৰাম (যাৰ সৈতে বৈবাহিক সম্বন্ধ হাৰাম) ব্যক্তিৰ মাধ্যমত ব্যৱসায় – বাণিজ্য আদি পৰিচালনা কৰিব পাৰে। বালিকা বিদ্যালয়, ছোৱালী মহাবিদ্যালয়, মহিলাৰ মাদ্ৰাছা, নাৰ্ছাৰী, কেজি বা প্ৰাথমিক বিদ্যালয়ত যত সৰু সৰু লৰা ছোৱালীয়ে অধ্যয়ন কৰে ইত্যাদিত শিক্ষকতা কৰিব পাৰে।কিন্তু মডেলিং, বিজ্ঞাপন, অভিনয় আদিৰ বাবে ইছলামে কদাপিও অনুমতি নিদিয়ে। কাৰণ এনেধৰণৰ পেছাত নাৰীৰ পৰ্দাত বিঘিনি ঘটে আৰু এয়া সন্মান আৰু সম্ভ্ৰমৰ পৰিপন্থী।

তাৎপৰ্যপূৰ্ণ কথাটো হল ইছলামে নাৰীক পেছাগত অধিকাৰ প্ৰদান কৰিছে যদিও নাৰীৰ হিতাৰ্থে সেয়া পছন্দ নকৰে। কাৰণ বাহিৰৰ কাম কাজ আৰু শাৰীৰিক পৰিশ্ৰম নাৰীৰ দূৰ্বল শৰীৰৰ বাবে মুঠেই অনুকূল নহয়।

ঘন্টাৰ পিছত ঘন্টা ধৰি ৰ’দ – বতাহত থিয় হৈ হুইচেল বজাই থকা মহিলা ট্ৰেফিক পুলিচৰ মলিন – জৰাজীৰ্ণ চেহেৰা দেখিলে পুতৌ উপজে। এনে দৃশ্য অৱলোকন কৰিলে কিছু পৰিমাণে হ’লেও উপলব্ধি কৰিব পৰা যায় যে, বাহিৰৰ কাম আৰু শাৰীৰিক পৰিশ্ৰম নাৰীৰ বাবে কিমান কষ্টকৰ।

অধিকাংশ পেছাতেই কম- বেছি পৰিমাণে শাৰীৰিক পৰিশ্ৰম কৰিব লগা হয়।

সেয়েহে নাৰীক এনে কষ্টৰ পৰা ৰেহাই দিয়াৰ নিমিত্তে ইছলামে উপাৰ্জনৰ দায়িত্ব পুৰুষৰ ওপৰত ন্যস্ত কৰিছে। ইছলামে পুৰুষক নাৰীৰ (স্ত্ৰী, কন্যা, মাতৃ, ভগ্নী ইত্যাদি) সকলো প্ৰকাৰৰ প্ৰয়োজন যেনে-অন্ন, বস্ত্ৰ, বাসস্থান চিকিৎসা ইত্যাদিৰ ব্যৱস্থা কৰি দিয়াৰ বাবে বাধ্য কৰিছে। এনে দায়িত্বৰ পৰা নাৰীক অব্যাহতি দি আন এক সন্মানীয় পদত অধিষ্ঠিত কৰিছে, সেয়া হ’ল এটা প্ৰজন্ম আৰু এটা জাতি গঠনৰ কৰাৰ দায়িত্ব।

মহান সম্ৰাট নেপোলিয়নৰ ভাষাত- “মোক এগৰাকী ভাল মাতৃ দিয়া মই তোমালোকক এটা ভাল জাতি উপহাৰ দিম “। এই কথা অনস্বীকার্য যে, সন্তানৰ শিক্ষা আৰু চৰিত্ৰ গঠনত মাতৃৰ ভূমিকা অতুলনীয়। গতিকে ঘৰুৱা কাম কাজ সম্পাদন কৰি নিজৰ সন্তানৰ পঢ়া শুনাৰ প্ৰতি নজৰ দিব লাগে। তেওঁলোকক ইতিহাস প্ৰসিদ্ধ মহান মহান ব্যক্তি সকলৰ কাহিনী শুনাই শুনাই বিভিন্ন ভাল কাম যেনে দানশীলতা, পৰোপকাৰ, ডাঙৰক সন্মান আৰু সৰুক মৰম কৰা, লগতে পৰিচয় কৰাই দিব লাগে সকলো নাৰী- পুৰুষ তোমাৰ মা – দেউতাৰ দৰে, দাদাৰ দৰে, বাইদেউৰ দৰে, পেহীৰ দৰে, মাহীৰ দৰে তোমাৰ আত্মীয়, গতিকে তেওঁলোকক সম্মান কৰিব লাগে। সৰ্বপ্ৰথম শিক্ষয়িত্ৰী মাতৃৰ এনে শিক্ষাই শিশুৰ কোমল মনত বাৰুকৈয়ে প্ৰভাৱ বিস্তাৰ কৰে আৰু সেই প্ৰভাৱ জীৱনৰ অন্তিম সময়লৈকে বৰ্তি থকা পৰিলক্ষিত হয়।

এনে শিক্ষা লাভ কৰা সন্তানে ডাঙৰ হলে নিজৰ লগতে আনৰ মাতৃ- ভগ্নীৰ প্ৰতিও শ্ৰদ্ধাশীল হৈ থাকিব।

কোমল বয়সতে মাতৃৰ পৰা লাভ কৰা শিক্ষাই সমগ্ৰ জীৱন ব্যাপী সমগ্ৰ নাৰীকুলৰ সন্মানৰ কথা সোঁৱৰাই থাকিব।

ইয়াৰ বিপৰীতে মাতৃ যদি গোটেই দিন বাহিৰত থাকে নিজৰ সন্তানক সময় নিদিয়ে তেনে সন্তান মাতৃস্নেহ আৰু শিক্ষাৰ পৰা বঞ্চিত হৈ থকাৰ বাবে নিজৰ মাতৃৰ প্ৰতি বীতশ্ৰদ্ধ হৈ পৰে আৰু সন্মানৰ চকুৰে নাচায়। যিয়ে নিজৰ মাতৃক সন্মান নকৰে তেওঁ আনৰ মাতৃক সন্মান কৰাৰ প্ৰশ্নই নুঠে।

এনেধৰণৰ বাল্যশিক্ষাবঞ্চিত ব্যক্তি সাধাৰণতে লম্পট তথা চৰিত্ৰহীন হয়।

এনে অৱক্ষয় তেতিয়াই ৰোধ কৰিব পৰা যাব যেতিয়া প্ৰত্যেক নাৰীয়ে এই কথা ভাবিব যে, ঘৰখনেই মোৰ কৰ্মস্থলী, এয়া বন্দীত্ব নহয় বৰঞ্চ সৃষ্টি কৰ্তাই মোক এটি সু সভ্য জাতি গঠন কৰাৰ সন্মানীয় দায়িত্ব আৰু পদবীত অধিষ্ঠিত কৰি সন্মানিত কৰিছে।

ক্ৰমশঃ…