পৱিত্র কোৰআনৰ এটি ছুৰা (অধ্যায়) নামকৰণ কৰা হৈছে পৰুৱাৰ নামেৰে, সেয়া হল ২৭ নং ছুৰা, ছুৰা- ‘আল-নামাল’ । জীৱ বিজ্ঞানীসকলৰ মতে পৰুৱা এটি অসাধাৰণ বুদ্ধিমান প্রাণী, ইহঁত দলবদ্ধ আৰু সামাজিক প্রাণী । ইহঁতে নিজৰ মাজত বিভিন্ন উপায়েৰে যোগাযোগ স্থাপন ৰাখে ।
হজৰত ছুলেইমান (আ.) আল্লাহৰ এজন নবী আছিল। তেওঁ সমগ্ৰ বিশ্ব শাসন কৰিছিল। আল্লাহ তাআলা তেওঁক এনেকুৱা ৰাজত্ব দান কৰিছিল যি অন্য কোনো নবীক দান কৰা নাছিল। তেওঁ সকলো প্রাণীৰ ভাষা বুজিব পাৰিছিল।
কোৰআন শ্বৰিফত আল্লাহ পাকে কৈছেঃ
“ছুলাইমানৰ সন্মুখত তাৰ সৈন্যবাহিনীক সমবেত কৰা হ’ল। জ্বিন, মানুহ আৰু পক্ষীবোৰক, তাৰপিছত সিহঁতক বিভিন্ন ভাগত বিভক্ত কৰা হ’ল।যেতিয়া সিহঁতে পৰুৱা অধ্যুষিত উপত্যকাত উপনিত হ’ল, তেতিয়া এটা পৰুৱাই ক’লে, হে পৰুৱা বাহিনী, তোমালোকে নিজ নিজ ঘৰত প্রৱেশ কৰা অন্যথা, ছুলাইমান আৰু তেওঁৰ সৈন্যবাহিনীয়ে অজানিতে তোমালোকক গচকি মাৰিব।”
(ছুৰা আন নামল-১৭-১৮)
পূর্বতে কোনোবাই হয়তো কোৰআনৰ প্রতি এই বুলি বিদ্রুপ কৰি থাকব পাৰে যে, কোৰআন পৌৰাণিক কাহিনীৰ গল্প কিতাপ, য’ত পৰুৱাৰ নিজৰ মাজৰ কথোপকথন আৰু উন্নত বার্তা বিনিময়ৰ বিষয় বর্ননা আছে। অতি সম্প্রতি, গৱেষণাৰ মাধ্যমত পৰুৱাৰ জীৱনপদ্ধতি সম্পর্কে এনেকুৱা কিছুমান প্রকৃত আৰু বাস্তৱসম্মত তথ্য উদঘাটিত হৈছে, যি আগতে মানুহৰ অৱগত নাছিল। গৱেষণাত কোৱা হৈছে, মানুহৰ জীৱনৰ লগত যি সকল প্রাণী আৰু কীট-পতঙ্গৰ অধিক সাদৃশ্য আছে, সেইটো হ’ল, পৰুৱা।
Bert Holldobler and Edward O. Wilson,
The Ants (Cambridge: Harvard
University Press: 1990),227.
তলৰ তথ্যবোৰৰ আলোকত পৰুৱা সম্পর্কে উপৰোক্ত সত্যতা প্ৰমাণ কৰা যায়ঃ
১. পৰুৱা মানুহৰ দৰে মৃতদেহ দফন কৰে।
২. সিহঁতৰ মাজত উন্নতমানৰ শ্রম বিভক্তি আছে। তাৰ মাজত আছে, পৰিচালক ‘তত্বাৱধায়ক আৰু শ্রমিক’ ইত্যাদি।
৩. সিহঁতেও ভাৱ বিনিময়ৰ বাবে কোনো কোনো সময়ত একে লগে বহে।
৪. নিজৰ মাজত যোগাযোগৰ বাবে সিহঁতৰ আছে অগ্রিম যোগাযোগ পদ্ধতি। (advance information technology)
৫. দ্রব্য বিনিময়ৰ বাবে সিহঁতৰ বজাৰ বহে।
৬. সিহঁতৰ শীতকালত দীর্ঘ সময়ৰ বাবে খাদ্য দ্রব্য ৰখাৰ বাবে গুদামৰ ব্যৱস্থা কৰে।
৭. খাদ্য শস্যৰ অংকুৰ অৱস্থাত ৰাখি দিলে যদি শষ্যটো পঁচি যোৱাৰ সম্ভাৱনা থাকে, তেতিয়া তাৰ অংকুৰিত অংশটো কাটি দিয়ে।
৮. সিহঁতৰ গুদামৰ শস্যদানাবোৰ যদি বৰষুণৰ কাৰণে ভিজি যায়, তেতিয়া সিহঁতে সেইবোৰ ৰদত শুকুৱাই আৰু শুকুৱাৰ পিছত পুনৰাই ভিতৰত লৈ আহে। হয়তো সিহঁতে এইটো জানে যে, আৰ্দ্ৰতাৰ কাৰণে শষ্যদানা অংকুৰিত হ’ব পাৰে আৰু তাৰফলত শষ্যদানাটো পচি যাব পাৰে।
(Ibid., 244.)
কোৰআনৰ আয়াতবোৰ ভাষাতত্ত্ববিদ সকলৰ বাবে তথ্যৰ খনি। আল্লাহ তা’আলাই খুব সাধাৰণ যেন দেখা কিছু আয়াতত, সাধাৰণ কিছু গল্প বা কথোপকথনৰ মাজেদি অসাধাৰণ তথ্য প্রকাশ কৰিছে। যেনে, তলৰ আয়াতটো চাওঁক য’ত আল্লাহে আমাক এটি স্ত্রী পৰুৱাৰ এটি মাত্র কথাৰ মাজেদি পৰুৱাবোৰৰ সম্পর্কে কিমান ধৰণৰ তথ্য দিছেঃ
“আৰু যেতিয়া সিহঁতে পৰুৱা অধ্যুষিত উপত্যকাত উপনিত হ’ল, তেতিয়া এটা পৰুৱাই (স্ত্ৰী) ক’লে, হে পৰুৱাসকল, তোমালোক নিজ নিজ ঘৰত প্রৱেশ কৰা অন্যথা, ছুলাইমান আৰু তেওঁৰ সৈন্যবাহিনীয়ে অজানিতে তোমালোকক গচকি মাৰিব।” (২৭;২৮)
আপোনালোকে হয়তো ভাবিব পাৰে যে, এইটো শিশু সকলৰ কোনো গল্প কাহিনীৰ বাক্য। পৰুৱাই আকৌ কথা কয় নেকি? ইয়াত পৰুৱাৰ সম্পর্কে আল্লাহে নতুন কি আমাক জনালে যিটো আমি নাজানো?
লক্ষ্য কৰক, এই আয়াতত আল্লাহে আমাক পৰুৱা সকলৰ সম্পর্কে বহুবোৰ তথ্য দিছে,
“এটা পৰুৱাই (স্ত্ৰী লিংগ) ক’লে” –
পৰুৱা ইয়াত স্ত্রী লিঙ্গ, পৰুষ লিঙ্গ নহয়। ঘৰৰ বাহিৰত স্ত্রী পৰুৱা থাকে, পুৰুষ পৰুৱা নহয়। আমি বহুতেই জানো যে স্ত্রী পৰুৱাবোৰ কর্মী পৰুৱা, পুৰুষবোৰ মাত্ৰ প্রজনন কামৰ বাবে জীয়াই থাকে।
(National Geographic 165, no. 6, 777.)
“হে পৰুৱাসকল” – শব্দটো বহুবচন যাৰ
অর্থ এটি স্ত্রী পৰুৱাই একেলগে অন্য একাধিক পৰুৱাবোৰক নির্দেশ দিব পাৰে।
পৰুৱাই ফেৰোমোন (Feromon hormone) নামৰ এটি ৰাসায়নিক পদার্থৰ প্রতি সংবেদনশীল আৰু ইয়াৰ দ্বাৰা সিহঁতে এজনে অন্যৰ লগত যোগাযোগ কৰে। ইয়াৰ বাহিৰেও কিছু প্রজাতিৰ
পৰুৱাই নিয়াৰ-ফিল্ড শব্দ তৈয়াৰ কৰি ওচৰে পাজৰে থকা পৰুৱাবোৰৰ লগত যোগাযোগ কৰে।
এনেকৈ এটি পৰুৱাই অকলেই একাধিক পৰুৱাক সংকেত দিব পাৰে। এই আয়াতত আল্লাহে “কৈছিল” ব্যৱহাৰ কৰিছে, একেই শব্দ মানুহৰ কথা কোৱাৰ বেলিকাও ব্যৱহাৰ কৰা হয়। যাৰ অর্থ মানুহে যেনেকৈ শব্দৰ সৈতে কথা কয়, সেই দৰে পৰুৱাও শব্দ ব্যৱহাৰ কৰি যোগাযোগ কৰে, যিটো বৈজ্ঞানিক সকলে মাত্র কেইটামান বছৰ আগতে আৱিস্কাৰ কৰিছে। কেইবছৰমান আগতেও বৈজ্ঞানিক সকলে ভাবিছিল পৰুৱাই কোনো শব্দ কৰিব নোৱাৰে আৰু সিহঁতৰ শব্দ শুনাৰ কোনো ক্ষমতা নাই।
“তোমালোকে নিজ নিজ ঘৰত প্রৱেশ কৰা” –
পৰুৱা সকলৰ একাধিক ঘৰ থাকে। এটি পৰুৱাৰ গাতত বহুতো সংযুক্ত ঘৰ আৰু নির্দিষ্ট পৰুৱাৰ নির্দিষ্ট ঘৰ থাকে। স্ত্রী পৰুৱাই জানে পৰুৱাই যদি ঘৰত সোমাই যায়, তেনেহ’লে সিহঁতৰ কোনো ক্ষতি নহ’ব। পৰুৱাৰ ঘৰ আর্কিটেক্টৰ বাবে এক বিস্ময় আৰু ছিভিল ইঞ্জিনিয়াৰিংৰ অসাধাৰণ নিদর্শন।
“অন্যথা ছুলাইমানে” –
স্ত্রী পৰুৱাটোৱে নবী ছুলাইমানক চিনিব পাৰিছিল। যাৰ অর্থ স্ত্রী পৰুৱা বহু মানুহৰ মাজত কোনো এজনক চিনিব পাৰে। মানুহৰ গাৰ পৰাও ফেৰোমোন (Feromon) বাহিৰ হয়। ধাৰণা কৰা হয়
স্ত্রী পৰুৱাই হয়তো নবী ছুলেইমানৰ গাৰ পৰা বাহিৰ হোৱা ফেৰোমোন চিগনেচাৰৰ দ্বাৰা তেওঁক চিনিব পাৰিছিল, যিদৰে কুকুৰে প্রতিটো মানুহক চিনিব পাৰে।
ইয়াৰ বাহিৰেও ইয়াত লক্ষণীয় যে স্ত্রী পৰুৱাই আগন্তুক বিপদ অনুধাৱন কৰি সংকেত দিব পাৰে। অর্থাৎ সিহঁতৰ ইমানখিনি বুদ্ধিমত্তা আছে যে সিহঁতে আগতেই বিপদৰ অনুমান কৰিব পাৰে।
“আৰু তেওঁৰ সৈন্যবাহিনী” –
পৰুৱাই বুজিব পাৰিছিল যে এটি সৈন্যবাহিনী আহিছে। পৰুৱাই সিহঁতৰ ভৰিৰ দ্বাৰা মাটিত কম্পন অনুভৱ কৰিব পাৰে। এইকাৰণেই সিহঁতে দূৰৰ পৰা বুজিব পাৰিছে যে কোনোবাই সিহঁতৰ পিনে আহি আছে। এটি সৈন্যবাহিনীয়ে মাটিত ব্যাপক ভাৱে কম্পন তৈয়াৰ কৰিব।
“অজানিতে তোমালোকক গচকি মাৰিব”
–
স্ত্রী পৰুৱাই আগৰ পৰাই বুজিব পাৰিছিল যে নবী ছুলাইমান আৰু তেওঁৰ সৈন্যবাহিনীয়ে অজানিতে পৰুৱাবোৰক গচকি পেলাব পাৰে। কাৰণ স্ত্রী পৰুৱাই তাৰ ওচৰ পাজৰৰ অৱস্থাৰ পৰ্য্যালোচনা কৰি বিপদৰ প্রকৃতি সম্পর্কে আগৰ পৰাই বুজিব পাৰে। বৈজ্ঞানিক সকলৰ বাবে এই আয়াতত আল্লাহে বহুতো ইংগিত দি ৰাখিছে।
☑️ প্রথম–
ঘৰৰ বাহিৰত যি পৰুৱা থাকে সেই সকলো স্ত্রী পৰুৱা । পুৰুষ পৰুৱা সকলো সময়ত ঘৰৰ ভিতৰত থাকে। সমস্ত কর্মী পৰুৱা স্ত্রী।
☑️ দ্বিতীয়—
কেনেকৈ এটি পৰুৱাই হাজাৰ হাজাৰ পৰুৱাৰ লগত ৰাসায়নিক পদার্থ আৰু গোন্ধৰ দ্বাৰা যোগাযোগ কৰে , যিটো নির্ভৰযোগ্য ভাৱে তথ্য সম্প্রচাৰ কৰাৰ বাবে এটি অত্যন্ত সফল মাধ্যম।
☑️ তৃতীয়–
সংকেত পাই কেনেকৈ হাজাৰ হাজাৰ পৰুৱাই খুব কম সংঘর্ষ কৰি মুহূর্তৰ ভিতৰত ঘৰৰ ভিতৰত সোমাই পৰে, যিয়েই নহওঁক বৈজ্ঞানিক সকলক যানবাহনৰ ট্রাফিক ব্যৱস্থা বা যিকোনো জৰুৰীকালীন অৱস্থাৰ উন্নতৰ কৰাৰ ধাৰণা আছে।
☑️ চতুর্থ—
এককভাৱে প্রতিটো পৰুৱাৰ বুদ্ধি কম, কিন্তু হাজাৰ হাজাৰ পৰুৱাৰ সম্মিলিত ভাৱে উচ্চতৰ বুদ্ধিমত্তাৰ
পৰিচয় দিয়ে যাক “ছোৱাৰ্ম ইন্টেলিজেন্স” (swarm intelligence) কোৱা হয়।
☑️ পঞ্চম—
পৰুৱাৰ কোনো সামাজিক শ্রেণী বিন্যাস নাই। সিহঁতৰ কোনো দলনেতা নাই। কিদৰে হাজাৰ হাজাৰ পৰুৱা কোনো দলনেতা, ৰজা বা ৰাণী পৰুৱাৰ নিয়ন্ত্রণ অবিহনে প্রত্যেকে নিজৰ নিজৰ কাম সুশৃঙ্খলভাৱে কৰি যায়, সেইটো এতিয়াও এটি বিৰাট বিস্ময় আৰু এই লৈ বিগত বিশ বছৰ ধৰি গৱেষণা চলি আছে।
মানুহে যদি এনেধৰণৰ উন্নত যান্ত্রিক ব্যৱস্থা তৈয়াৰ কৰিব পাৰে যাৰ কোনো কেন্দ্রীয় নিয়ন্ত্রণ ব্যৱস্থাৰ প্রয়োজন নাই আৰু এটি বিশাল যন্ত্রৰ প্রতিটো অংশ নিজে নিজে সকলো সময় সঠিক কাম কৰি যাব, তেনেহ’লে ইঞ্জিনিয়াৰিংৰ বহুতো সমস্যাৰ সমাধান কৰা যাব।
সম্ভৱত এই কাৰণেই আল্লাহে কৈছেঃ
ﺍﻟَّﺬِﻱ ﺃَﺣْﺴَﻦَ ﻛُﻞَّ ﺷَﻲْﺀٍ ﺧَﻠَﻘَﻪُ ﻭَﺑَﺪَﺃَ ﺧَﻠْﻖَ
ﺍﻹﻧْﺴَﺎﻥِ ﻣِﻦْ ﻃِﻴﻦٍ
“He Who has made
everything which He has created
most good: He began the creation
of man with (nothing more than)
clay” (32;7)
“যিজনে তেওঁৰ
প্রত্যেকটো সৃষ্টিক সুন্দৰ
[নিখুঁত] সৃজন কৰিছে “… (৩২:৭)
যেতিয়াই কোৰআনৰ কোনো আয়াতত কোনো কথোপকথন আহে, তেতিয়াই দেখিব আল্লাহে আমালোকক কথোপকথনৰ শব্দ, বাক্যবোৰৰ
মাজেদি কমপক্ষে এই তথ্যবোৰেদি বক্তাৰ সংখ্যা, প্রকৃতি, জ্ঞান, মানসিকতা, শ্রুতাৰ সংখ্যা, প্রকৃতি, জ্ঞান, বক্তা আৰু শ্রোতাৰ মাজৰ সম্পর্ক, কথোপকথনৰ আগতে কি ঘটি গৈছে আৰু বহু সময় তাৰ পিছত কি ঘটিব, ওচৰে পাজৰৰ অৱস্থা, প্রেক্ষাপট, আশে পাশে যি আছে তাৰ ভুমিকা সকলোবোৰ বিৱৰি কয় ৷ এখন কোৰআন লৈ কিছু আয়াত পঢ়ি চাওক য’ত আল্লাহে কিছু কথোপকথন কৰিছে। আয়াতবোৰ সম্পর্কে আপোনাৰ ধাৰণা গোটেইটো পৰিৱৰ্তন হৈ যাব।
“এইখনেই সেই কিতাব; য’ত কোনো সন্দেহ নাই”
(আল কোৰআন ২:২)