ইছলাম হ’ল এটি পূর্ণাংগ জীৱন ব্যৱস্থা বা complete code of life. মানৱ জাতিৰ বাবে প্রয়োজনীয় এনে কোনো বিষয় বাকী নাই যাৰ বিৱৰণ তথা সঠিক সমাধান ইছলামে দিয়া নাই। ইছলামে মানৱ সমাজক যিবোৰ দি থৈ গৈছে, পৃথিৱীৰ আন কোনো ধর্মত তেনে সঠিক সমাধান দিয়াত সক্ষম হোৱা নাই। জ্ঞান-বিজ্ঞানৰ উৎকর্ষ সাধনতো ইছলামৰ অৱদান অ-সামান্য। জ্ঞান-বিজ্ঞানৰ দ্বাৰ উন্মোচনত ইছলাম প্রশংসনীয় ভূমিকা পালন কৰি আহিছে।
কোৱা হয়, আধুনিক বিজ্ঞানৰ নৱজাগৰণৰ সৃষ্টিত ইছলামৰ ভূমিকা সর্বাধিক। ডেৰ হাজাৰ বছৰ পূর্বে জাহেলিয়াতৰ ঘোৰ অন্ধকাৰত মানৱ জাতি অধঃপতনৰ অটল গহ্বৰত নিমজ্জিত থকা অৱস্থাত বিশ্ব প্রভু মহান আল্লাহ তা’য়ালাই অৱতীর্ণ কৰে ইছলামৰ প্রধান উৎস পবিত্ৰ কোৰ-আন। যাক তেখেতে বিজ্ঞানময় বুলি ঘোষণা কৰে (ছূৰাঃইয়াছীন, আয়াত-২)। সেই সময়ৰ পৰাই ইছলাম বিজ্ঞান সম্পর্কিত নির্ভুল তথ্য প্রদান কৰি আহিছে। ইছলামৰ সৈতে বিজ্ঞানৰ কোনো বিৰোধ নাই যদিও কোনোবাই আকৌ বিজ্ঞানত ইছলামৰ অৱদানক খুবেই ক্ষুদ্ৰ দৃষ্টিত প্ৰয়াস কৰিছে। ই এটি পৰিতাপৰ বিষয়। ইছলাম সম্পর্কে স্বচ্ছ ধাৰণা নথকাৰ কাৰণেই এনে ঘটিছে।
পৃথিৱীৰ সর্বশ্রেষ্ঠ মানৱ মোহাম্মদ (ছঃ) তথা গৱেষণাৰ অনেক উপায় থৈ গৈছে। যিটো বিজ্ঞানীসকলে স্বীকাৰ কৰিছে। ইছলামে সদায় বিজ্ঞানক সন্মুখ ফালে অগ্ৰসৰ হ’বলৈ দিয়ে। এই প্রৱন্ধটিত আধুনিক বিজ্ঞানত ইছলামৰ ভূমিকা প্রসংগত আলোচনা উপস্থাপনৰ প্রয়াস পাব ইনশ্বা-আল্লাহ।
বিজ্ঞান অর্থাৎ বিশেষ জ্ঞান। আমাৰ চাৰিওঁফালৰ দৃশ্যমান মানৱ, জীৱ-জগত আৰু বিভিন্ন বস্ত্ত মানুহৰ মনত কৌতুহলৰ সৃষ্টি কৰে তথা এইবোৰ সৃষ্টি ৰহস্য সম্পর্কে সন্তোষজনক সমাধান বাহিৰ কৰিবলৈ সকলোৱে যত্ন কৰে। এই বিশাল বিশ্বজগত কেনেদৰে পৰিচালিত হৈছে সেই সত্য উদঘাটন কৰাটোৱেই বিজ্ঞানৰ উদ্দেশ্য। কিন্তু বাহ্যিকভাৱে পঞ্চেন্দ্রিয়লব্ধ জ্ঞানকেই বিজ্ঞান একফালে শ্বাশত সত্য বুলি প্ৰকাশ কৰিছে লগতে ধর্মগ্রন্থ সমূহত বর্ণিত আল্লাহৰ বাণীক প্রত্যাখ্যান কৰিছে। অথচ বিংশ শতাব্দীত উপণিত হৈ বিজ্ঞানৰ চৰম উৎকর্ষৰ যুগত বিজ্ঞানী আলবার্ট আইনষ্টাইনে কৈছিল, Science without religion is lame and religion without science is blind.
‘অর্থাৎ ধর্মহীন বিজ্ঞান পংগু তথা বিজ্ঞানহীন ধর্ম অন্ধ। বিজ্ঞান ও ধর্ম পৰস্পৰৰ পৰিপূৰক। দুয়োটাৰ মাজত বিৰোধ বা সংঘর্ষৰ আশংকা থাকিব নোৱাৰে। ধর্মৰ সৈতে বিজ্ঞানৰ কোনো বিৰোধ নাই।’
আকৌ এই বিজ্ঞানে মুছলমান সকলৰ অৱদান অনস্বীকার্য। যিখিনি অমুছলিম মনীষী সকলেও স্বীকাৰ কৰিছে। জ্ঞান-বিজ্ঞানৰ বিভিন্ন ক্ষেত্রত মুছলমান সকলৰ অৱদানৰ কথা স্বীকাৰ কৰি ছার্টনে কৈছে, মানৱ সমাজৰ প্রধান কাম মুছলমান সকলেহে সাধন কৰিছে। শ্রেষ্ঠ গণিত বিজ্ঞানী আবু কামিল ও ইব্ৰাহীম ইবনে চিনান আছিল মুছলমান। সর্বশ্রেষ্ঠ ভূ-গোলবিদ তথা বিশ্বকোষ প্রণেতা আল-মাছউদী আছিল মুছলমান। সর্বশ্রেষ্ঠ ঐতিহাসিক আত-তাবাৰী তেখেত নিজেই আছিল এজন মুছলমান।
আমি প্রকৃত সত্য উদঘাটনৰ মানসত সজাগ দৃষ্টি নিক্ষেপ কৰিলে দেখিবলৈ পাম, প্রতিটি বিষয়ত মুছলমান সকলৰ অৱদান অসামান্য। যেনে আমি দেখিবলৈ পাও বিজ্ঞানে মুছলমান সকলৰ ভূমিকাৰ বর্ণনা দিবলৈ গৈ মনীষী ৰবার্ট ব্রিফো নির্দ্বিধায় উল্লেখ কৰিছে:
‘ Science is the most momentous contribution of Arab civilization to the modern world. The debt of our science to the Arabs does not consist in starting discoveries or revolutionary theories; Science owes a great deal more to Arab culture it owes its existence.’
অর্থাৎ আধুনিক বিজ্ঞান কেৱল মাত্ৰ চমকপ্রদ আবিষ্কাৰ বা যুগান্তকাৰী তত্ত্বকথাৰ বাবেই মুছলমান সকলৰ ওচৰত ঋণী নহয়, আধুনিক বিজ্ঞান তাৰ অস্তিত্বৰ বাবে মুছলমান সকলৰ ওচৰত চিৰঋণী। বলা বাহুল্য, ইছলামৰ আবির্ভাৱ নঘটিলে আধুনিক বিজ্ঞানৰ জন্ম ন’হলেহেতেন। হ’লেও সেয়া নিশ্চিতৰূপে যথেষ্ট বিলম্বিত হ’লোহয়।
অনুৰূপভাৱে বিখ্যাত পণ্ডিত জৱাহৰলাল নেহৰুৱে স্বীকৃতি প্রদান কৰিছে:
‘ Among ancients we do not find the scientific method in Egypt or China or India. We find just a dit of it in old Greece. In Rome again it was absent. But the Arabs had this scientific spirit of inquiry and so they may be considered the fathers of modern science.’
অর্থাৎ আমি মিচৰীয়, চীনা আৰু ভাৰতীয় আদি সভ্যতাবোৰত বিজ্ঞানৰ অস্তিত্ব উলিয়াব পৰা নাই। ফলত প্রাচীন গ্রীছ সভ্যতাত ইয়াৰ কিছুমান প্রমাণ পোৱা যায় আৰু ৰোম সভ্যতাত এয়া আছিল ৰীতি,মত অনুপস্থিত। কিন্তু আৰবীয় সকলৰ মাজত প্রাণৱন্ত, অনুসন্ধিৎসু বিজ্ঞান বিদ্যমান আছিল। বৰঞ্চ তেওঁলোকক (মুছলিম সকলক) আধুনিক বিজ্ঞানৰ জনক বুলি জনাজাত।
পবিত্র কোৰআনত বিভিন্নভাবে মানুহক বিজ্ঞানৰ প্রতি উৎসাহিত কৰা হৈছে। আল্লাহ তা‘আলাই ফৰমাইছে:
☑️ আকাশমণ্ডল আৰু পৃথিৱীত যি লুকাই আছে সেয়া অনু পৰিমাণ কিংবা তাতোকৈ ক্ষুদ্ৰ বা বৃহৎ হ’লেও তেওঁৰ অগোচৰ নহয়। সেয়া সকলো এখন সু-স্পষ্ট পুথিত লিপিবদ্ধ হৈ আছে। (ছূৰাঃ চাবা,আয়াত-৩)
☑️ মহান আল্লাহ তা’লাই আৰু কৈছে: ‘আকাশমণ্ডলী তথা পৃথিৱীত যিবোৰ আছে তাৰ প্রতি লক্ষ্য কৰা’
(ছূৰাঃইউনুছ,আয়াত-১০১)।
উপৰোক্ত আয়াত সমূহত বিজ্ঞান ভিত্তিক গৱেষণাৰ যথেষ্ট খোৰাক বিদ্যমান। জার্মান বৈজ্ঞানিক আইনষ্টাইন পবিত্ৰ কোৰ-আন’ৰ আয়াতৰ ভাৱ প্রকাশ কৰিলে এনেদৰে:
‘ He who can no longer pause to wonder and stand rapt in awe is as good as dead and his eyes are closed….’
অর্থাৎ ‘যিজনে মানুহ সৃষ্টি জগতৰ অৱলীলা দেখি বিস্ময়ত স্তম্ভিত নহয়, তাৰ মনত ভয়-ভীতিৰ ৰেখাপাত নকৰে, সি যেন মৃতৰ দৰে উত্তম আৰু তাৰ দৃষ্টিশক্তি বন্ধ হয় যাব।
☑️ সিঁহতৰ কাৰণে আন এটা নিদৰ্শন হ’ল ৰাতি। আমি তাৰ পৰা দিনটো আতঁৰাই দিওঁ,তেতিয়া সিহঁতক অন্ধকাৰে আচ্ছন্ন কৰি লয়। সূৰ্যটো, সিয়ো তাৰ গন্তব্য স্হানলৈ গৈ আছে। এয়া প্ৰবল পৰাক্ৰমী সুবিজ্ঞ সত্তাৰ নিৰ্ধাৰিত বিধান। আৰু চন্দ্ৰটো, তাৰ বাবে আমি কিছুমান স্হান নিৰ্দষ্ট কৰি দিছো, এইদৰে সি তাৰ স্হানসমূহ অতিক্ৰম কৰি শেষত শুকান ঠায়ী সদৃশ হয়। সূৰ্যই চন্দ্ৰক লগ ধৰিবলৈ সক্ষম নহয় আৰু প্ৰত্যেকে নিজ নিজ কক্ষপথত সাঁতুৰি আছে।
(ছূৰাঃ ইয়াছীন,আয়াত-৩৭-৪০)
উপৰোক্ত আলোচনা বোৰত সু-স্পষ্টভাবে বহুবিধ নিয়মৰ দৃষ্টান্ত উঠি আহিছে। এইবোৰ নিয়ম মহাশূন্যৰ সূর্য, চন্দ্র, নক্ষত্র সমূহৰ কার্যাৱলী আৰু গতিবেগ নিয়ন্ত্রণ কৰি থাকে। এইবোৰ জ্যোতিষ্ক মণ্ডলৰ গঠন ও শৃংখলা দর্শন কৰিলে বিষ্ময়ত অভিভূত হ’বলগীয়া হয়। বিশ্বভ্রহ্মাণ্ডত এনে একোৱেই নাই যিসকলে বিশৃংখলভাৱে ঘোৰাফিৰা কৰিছে। সমস্ত সু-মহান সৃষ্টিকর্তাৰ নিয়মৰ আওতাত পৰিচালিত হৈছে। ইছলামে মানুহক বিভিন্নভাৱে বিজ্ঞান গৱেষণাত উৎসাহিত কৰিছে। যাৰ প্রমাণ পবিত্র কোৰ-আন ও ছহীহ হাদীছত বিদ্যমান। এইবোৰ বিষয় গৱেষণা কৰি মুছলিমসকলে অনেক বস্তু আবিষ্কাৰৰ শুভ সূচনা কৰিছিল। কালক্রমত ভিন্ন ধর্মাৱলম্বী সকলৰ হাতলৈ গুছি যায়।
পবিত্র কোৰ-আনৰ বিজ্ঞান ভিত্তিক আলোচনাক লৈ ড° মৰিছ বুকাইলিয়ে কৈছে, ‘কোৰ-আনৰ এনে এটি বক্তব্য নাই, যি বক্তব্যক আধুনিক বৈজ্ঞানিক বিচাৰত খণ্ডন কৰা যাব পাৰে’।পবিত্র কোৰ-আনত একাধিক আয়াতৰ ভূগোল গৱেষণাত উদ্বুদ্ধ কৰা হৈছে। ভূগোল বিষয়ক তত্ত্ব প্রণয়ন, মূল্যৱান প্রৱন্ধাৱলীৰ সংকলন ও প্রাপ্ত তথ্যাৱলীৰ বিশ্লেষণৰ মাধ্যমত মুছলমান সকল ভূগোল শাস্ত্রত অত্যন্ত উচ্চমানৰ অৱদান দি থৈ গৈছে। পি.কে. হিট্টিয়ে কৈছে, মুছলমান সকলৰ ভূগোল গৱেষণাৰ মূল প্রধান প্রেৰণা আছিল পবিত্র হজ্জ পালন, মছজিদৰ ক্বিবলা নির্ধাৰণ আৰু ছালাতৰ দিক নির্ণয়ৰ প্রয়োজনীয়তা। ভূগোল ও জ্যোতির্বিদ্যাতো স্পেইনৰ মুছলমান সকল বিখ্যাত আছিল। খলীফা আল-মামূনো ফার্নেল পৃথিৱী পৰিধিৰ মাপ লয়। তেওঁলোকেই প্রথম পৃথিৱী গোলাকাৰ আৰু স্থিৰ নহয়, এই তথ্য প্রদান কৰে। কিন্তু ইয়াৰ কয়েক শ’ বছৰ পিছতো ইউৰোপবাসী সকলৰ বদ্ধমূল ধাৰণা আছিল যে, পৃথিবী স্থিৰ তথা সমতল। এজন মুছলিম গৱেষকে আবেগ জড়িত কণ্ঠত কৈছে, ঊনসত্তৰজন মুছলমান ভূগোলবীদক লৈ পৃথিবীৰ প্রথম মানচিত্র আকিছিল? যাৰ নাম দিয়া হৈছিল ‘ছূৰাতুল আৰজ’ অর্থাৎ পৃথিৱীৰ আকাৰ।
পৃথিৱীত সর্বপ্রথম কম্পাচ যন্ত্রৰ আবিষ্কাৰক হৈছে ইবনে আহমদ- ছাৰ বাৰটনৰ বিৱৰণত স্পষ্টভাবে যিটো লেখা আছে। দশমিক প্রথা, বীজগণিত, সংখ্যা গণনা পদ্ধতি প্রভৃতি বিজ্ঞানৰ শাখাসমূহত মুছলমান সকলৰ আবিষ্কাৰ। অধ্যাপক আর্নল্ডৰ মতে, তেওঁলোকে (মুছলমান সকল) প্রকৃতপক্ষে সমতল ক্ষেত্র আৰু গোলাকাৰ ত্রিকোণমিতিৰ প্রতিষ্ঠাতা। যিটো প্রকৃতপক্ষে গ্রীক পণ্ডিত সকলৰ জনা নাছিল। তেখেতে আৰু ক’লে, আৰবীয় সকল পাশ্চাত্য জগতক সংখ্যা গণনা পদ্ধতি শিক্ষাদান কৰে। ফলত আৰবী প্রতীক এতিয়াও পৃথিৱীৰ সমগ্ৰ জাতিয়ে ব্যৱহাৰ কৰে। তেওঁলোকেই বীজগণিতক পূর্ণাংগৰূপত দান কৰে। ই তেওঁলোকৰ একক গৌৰৱময় কীর্তি বুলি জগতবাসী স্বীকাৰ কৰি লৈছে। বীজগণিত অবিহনে পৰিসংখ্যান, অংক, জ্যামিতি প্রভৃতি ফলিত বিজ্ঞানৰ অন্যান্য শাখাওঁ মুছলমান সকলৰ আবিষ্কাৰ। তেওঁলোকেই প্রথম ইউক্লিডৰ জ্যামিতি অনুবাদ কৰে আৰু দ্বিতীয় পর্যায়ৰ সমীকৰণ আবিষ্কাৰ কৰি দ্বিঘাত সমীকৰণ তথা দ্বিপদ উপপাদ্যৰ উন্নতি সাধন কৰে।
তেওঁলোকৰ গাণিতিক আবিষ্কাৰবোৰ মুছলিম নাবিক, বণিক, সমুদ্রচাৰী,ভ্রমণকাৰী পণ্ডিত সকলে ইউৰোপ ও অন্যান্য দেশলৈ লৈ যায় আৰু তেওঁলোকৰ জৰিয়তে ইউৰোপসহ পৃথিৱীৰ অন্য জাতিবোৰ এই বিষয়ত অধ্যয়ন আৰম্ভ কৰে। কিছু বিখ্যাত গানিতিকৰ নাম : মোহাম্মদ ইবনুল জাতিৰ আল-বাত্তানী (৮৫৮-৯২৯ খৃঃ), আবুল ওয়াফা। (৯৪০-৯৯৭ খৃঃ), বিখ্যাত দার্শনিক আল-কিন্দী (৮৭৪ খৃঃ), আল-বালাখী (৮৮৮ খৃঃ), আল-ছাৰাখামী (৮৮৮ খৃঃ), নাছিৰুদ্দীন তুছী তথা আৰু অনেক মুছলিম বিজ্ঞানী গণিতশাস্ত্রৰ বিভিন্ন শাখা-প্রশাখাৰ ওপৰত মৌলিক অৱদান ৰাখি গৈছে। গণিতশাস্ত্র হ’ল বিজ্ঞানৰ মূল ভিত্তি। এই বিজ্ঞানেই যেতিয়া মুছলিম বিজ্ঞানী সকলৰ অৱদান ৰাখি পৃথিৱীৰ সর্বশ্রেষ্ঠ আবিষ্কাৰক আৰু বিজ্ঞানী হ’ব পাৰিছে তেতিয়া বিজ্ঞানকো সমৃদ্ধ ও আলোকিত কৰিছিল য’ত আশ্চর্য হোৱাৰ কোনো কাৰণ নাই।
মোহাম্মদ ইবনে মূছা আল-খাওয়াৰিজমী পৃথিৱীত প্রথম বীজগণিতৰ জন্মদাতা। সেই সময়ত তেখেতে পৃথিৱীৰ শ্রেষ্ঠতম গণিতজ্ঞ আছিল। চিকিৎসা বিজ্ঞানতো মুছলমান সকলৰ অসামান্য অৱদান আছে। আৰ-ৰাযী মুছলিম বিশ্বৰ শ্রেষ্ঠতম আৰু সর্বকালৰ অন্যতম শ্রেষ্ঠ চিকিৎসাবিদ আছিল। তেখেতে ডেকা বয়সত আলকেমী চর্চা কৰিছিল। কিন্তু পৰৱর্তীকালত তাৰ খ্যাতি যেতিয়া পশ্চিম এছিয়াৰ সমগ্ৰ অঞ্চলৰ শিষ্য তথা ৰোগী আকর্ষণ কৰে তেতিয়া তেওঁ একান্তভাবে চিকিৎসাশাস্ত্রত আত্মনিয়োগ কৰে। তাৰ জ্ঞান আছিল সর্বব্যাপক আৰু বৈজ্ঞানিক অৱদান আছিল সবিশেষ উল্লেখযোগ্য। তেওঁ ২০০ তকৈ অধিক গ্রন্থ ৰচনা কৰে, যাৰ অর্ধেকেই আছিল চিকিৎসা সংক্রান্ত। মহানবী (চঃ)-য়ে চিকিৎসা বিজ্ঞানত মুছলিম জাতিক উৎসাহিত কৰি কৈছে, ‘আল্লাহ তা‘আলা এনে কোনো বেমাৰ দিয়া নাই যাৰ ঔষধ নিৰ্মাণ হোৱা নাই’। অন্যত্রে তেখেতে কৈছে, ‘প্রত্যেক ৰোগৰ বাবে ঔষধ আছে। বৰঞ্চ সঠিক ঔষধ যেতিয়া বেমাৰৰ বাবে ব্যবহৃত হয়, তেতিয়া আল্লাহৰ হুকুমত ৰোগী ৰোগমুক্ত হৈ যায়’।
তেখেতে আৰু কৈছে, ‘জ্বৰৰ উৎপত্তি জাহান্নামৰ তাপৰ পৰা। তোমালোকে পানীৰ দ্বাৰা ঠাণ্ডা কৰা’। জ্বৰত পানী তথা বৰফৰে ব্যৱহাৰ বর্তমান বৈজ্ঞানিকভাবে স্বীকৃত আৰু ই এটি সাধাৰণ ব্যৱস্থা। জ্বৰ বাঢ়ি গ’লে মূৰত পানী ঢালি কিংবা আইচ-ব্যাগ লগাই তাপ নিবাৰণ কৰা ই এটি ডাক্তাৰী বিধান। বৰঞ্চ এই কথা মানিবই লাগিব যে, নবী কৰীম (চঃ)-ৰ এই বাণী আধুনিক কালৰ চিকিৎসাশাস্ত্রতো বিধিসম্মত। মহানবী (চঃ)-য়ে আৰু কৈছে, ‘কালিজিৰাৰ মাজত মৃত্যু বাদে সমগ্ৰ ৰোগৰ প্রতিষেধক নিহিত আছে’। এ কালিজিৰা বহু ৰোগৰ প্রতিৰোধক হিচাপে বর্তমান স্বিকৃত উদৰৰোগ, হৃদৰোগ, অর্শৰোগত হিতকৰ। এনেদৰে আধুনিক বিজ্ঞানৰ বিভিন্ন শাখাত আমি মুছলিম বৈজ্ঞানিক সকলৰ অৱদান দেখিবলৈ পাইছো। যেনে পৃথিৱীত প্রথম বন্দুক তৈৰী তথা উন্নত ধৰনৰ বাৰুদৰ ব্যৱহাৰ মুছলমান সকলৰ মাজতেই হয়। চিৰিয়াৰ মুছলমান সকল পৃথিৱীত সর্বপ্রথম চেনি তৈৰি কৰে যাক আৰবী ‘ছাকাৰ’ (অর্থ চিনি) নাম তেওঁলোককেই দিয়া হয়। তাৰ পৰাই ইংৰাজী ‘চুগাৰ’ শব্দ উদ্ভূত।
পানীৰ গভীৰতা আৰু সমুদ্রৰ স্রোত-মাপক যন্ত্রৰ আবিষ্কাৰক ইবনে আব্দুল মজীদ নামক মুছলমান। ৭০২ খ্রীঃ তুলাৰ পৰা তুলট কাগজ প্রথম তৈৰি কৰে হজৰত ইউচুফ ইবনে ওমৰ। ঠিক তাৰ দুই বছৰ পিছত বাগদাদত কাগজৰ কাৰখানা নিৰ্মিত হয়। খলীফা হাৰুনুৰ ৰশীদৰ যুগত মুছলিম বিজ্ঞানী সকলেই সর্বপ্রথম জলঘড়ি তৈৰি কৰে। প্রথম পানী জমাই বৰফ তৈৰি কৰাটো মুছলিম বিজ্ঞানী সকলৰ অমৰ কীর্তি। ইউৰোপে তাৰ অনেক পিছত নিজৰ দেশত বৰফ প্রস্ত্তত কাৰখানা জাৰি কৰে।
মুছলমানৰ আমোলত স্পেইনত সকলো ধৰনৰ কৃষি কৰা হৈছিল। ভবিষ্যতৰ বাবে স্পেইনত সৰ্বসময়ত খাদ্য সংগৃহীত কৰি ৰখা হৈছিল। এইবোৰ খাদ্য সংগ্রহ কৰাৰ বাবে দেশৰ বিভিন্ন ঠাইত চৰকাৰী খাদ্যগুদাম আছিল। সেই আমোলত কর্ডোবা, চেভিল, গ্রানাডা, ছাৰাগোজা, টলেডো প্রভৃতি ঠাইত ডাঙৰ ডাঙৰ গুদাম নিৰ্মাণ কৰা হয়। টলেডো আৰু গ্রানাডাৰ আব-হাওয়া শষ্য ৰক্ষাৰ ক্ষেত্ৰে অত্যন্ত অনুকূল আছিল। শুকান ফলমূল ১০ বছৰ পর্যন্ত ৰাখিব পাৰিছিল। গ্রানাডা অধিকাৰৰ ২০০ বছৰ পিছতো তাৰ এক গুদামৰ শষ্য সম্পূর্ণ অবিকৃত অৱস্থাত পোৱা যায়। প্রাচ্য-পাশ্চাত্যৰ বিখ্যাত ঐতিহাসিক সকলৰ লিখিত ইছলামৰ অৱদান সম্পর্কে অধ্যয়ন কৰিলে আমি স্বাভাৱিক ভাবেই বুজিব পাৰো যে, বিশ্ব সভ্যতাৰ ইতিহাসত মুছলমান সকলৰ দান অপৰিসীম।
ঐতিহাসিক গীবনে তেওঁৰ ‘Decline and fall of Roman Empire’ গ্রন্থত উল্লেখ কৰি কৈছে, লণ্ডনৰ পথ যেতিয়া অন্ধকাৰত নিমজ্জিত আছিল, কর্ডোভাৰ পথ তেতিয়া আলোৰে উদ্ভাসিত আছিল। ড্রেপাৰ, গীজা ডেভেনপোর্ট, লেইনপুল, চার্টন, হিট্টি প্রমুখ্য পাশ্চাত্য খ্রিষ্টান ঐতিহাসিক বিশ্বসভ্যতাৰ অগ্রগতিত মুছলিম অৱদানৰ কথা অকপটে স্বীকাৰ কৰিছে। এই প্রসংগে বিখ্যাত ঐতিহাসিক মন্তব্য কৰিছে, অষ্টম শতাব্দীৰ মধ্যভাগৰ পৰা ত্রয়োদশ শতাব্দীৰ শেষভাগ পর্যন্ত আৰবী ভাষাভাষী লোক সকলে সমগ্র বিশ্বৰ বুদ্ধি ও সভ্যতাৰ আলোকবর্তিকা আছিল। তেওঁলোকৰ মাজত প্রাচীন বিজ্ঞান আৰু দর্শন পুনৰুজ্জীৱিত, সংযোজিত ও সম্প্রসাৰিত হৈ উঠে। ফলত পশ্চিম ইউৰোপত ৰেনেচাৰ উন্মেষ সম্ভৱপৰ হৈ পৰে। এজন গৱেষকে হাজাৰ বছৰ পূৰ্ৱে মুছলিম স্পেইনৰ বর্ণনা দিবলৈ গৈ তেখেতে কৈছিল, ৮টি বৃহৎ চহৰ আৰু তিন হাজাৰতকৈ বেছি ক্ষুদ্ৰ চহৰ কর্ডোভাৰ অধীনত আছিল। প্রতি বছৰ ৰাজস্ব পোৱা গৈছিল ১৮ কোটি ৭৫ লাক্ষ টকা। চহৰৰ প্রত্যেকটি ৰাস্তাৰ কাষত ৰাতি চৰকাৰী বন্তি প্ৰজ্জ্বলিত হৈছিল। অথচ ইয়াৰ ৭০০ বছৰ পিছতো লণ্ডনৰ ৰাজপথত কোনো বাতিৰ চিহ্ন নাছিল।
ৰাজকর্মচাৰী সকলৰ প্রাসাদ অবিহনেও সাধাৰণ লোকৰেই ১,১৩,০০০ প্রাসাদ, ৩,৮০০ মছজিদ, ৯০০ স্নানাগাৰ আৰু ৪,০০০ দোকান আছিল। আধুনিক কোনো ইউৰোপীয় চহৰো ইমান সমৃদ্ধশালী আছিল নে নাই যিটো সন্দেহৰ বিষয়। মুঠতে সেই সময়ত মুছলিম স্পেইন সভ্যতাৰ চৰম শিখৰত উন্নীত হৈছিল। মুছলিম জাতি শিক্ষা-দিক্ষাত পিছুৱাই থকা নাছিল। মেজৰ আর্থাৰ গ্রীন লিনওয়ার্ড কৈছে, আৰববাসী সকলৰ উচ্চশিক্ষা, সভ্যতা ও মানসিক উৎকর্ষ আৰু তেওঁলোকৰ উচ্চশিক্ষাৰ প্রণালী প্রৱর্তিত নহ’লে ইউৰোপ অদ্যাপি অজ্ঞতাৰ অন্ধকাৰত নিমগ্ন থাকিলে হয়। বিজেতাৰ ওপৰত সৎ ব্যৱহাৰ তথা উদাৰতা তেওঁলোকে যেনেদৰে প্রকাৰ প্রদর্শন কৰিছিল সেয়া প্রকৃততেই চিত্তাকর্ষক। যেতিয়া ইউৰোপত অন্ধযুগৰ অভিশাপত শিক্ষা কেৱল গীর্জা ও মঠৰ মাজত সীমাবদ্ধ আছিল তেতিয়া কর্ডোভা, গ্রানাডা, চিচিল, জ্যালেনছিয়া, টলেডো, জাতিভা ও আলমিৰিয়াত অসংখ্য বিশ্ববিদ্যালয় ও কলেজ গঢ়ি উঠিছিল। এইবোৰে মুছলিম সভ্যতাৰ সাক্ষ্য বহন কৰে।
এইবোৰক ইউৰোপ আমেৰিকাৰ বিশ্ববিদ্যালয় সমূহৰ জন্মদাতা বুলি ক’ব পাৰি। অৱশ্যে ইংৰাজ সকলে তেওঁলোকৰ লিখা সমূহত পৰিষ্কাৰভাবে স্বীকাৰ কৰিছে। উদাহৰণস্বৰূপে মিঃ নিকোলছনে কৈছে, মুছলমান সকলৰ কর্ডোভা বিশ্ববিদ্যালয় স্পেইন, ফ্রান্ছ, ইটালী আনকি জার্মানীৰ জ্ঞান সাধক সকলৰ চুম্বকৰ দৰে আকৰ্ষন কৰাইছিল।একমাত্র কর্ডোভাত বিনা বেতনে শিক্ষাদানৰ বাবে স্কুলৰ সংখ্যা আছিল ৮০০টা। পৃথিৱীৰ প্রায় সমগ্ৰ দেশৰ পৰাই শিক্ষার্থী সকলে ইয়াত আহি ভিৰ কৰিছিল। অজাতশত্রু খৃষ্টানসকলেও ইয়াৰ পৰা শিক্ষা গ্রহণৰ সুযোগ পাইছিল। দ্বিতীয় ‘পোপ ছিলভাৰষ্টাৰ’ যাৰ বার্তাৰ শিক্ষালাভ ঘটিছিল কর্ডোভা বিশ্ববিদ্যালয়ত। স্পেইনৰ বিশ্ববিদ্যালয় সমূহত কোৰ-আন তথা মুছলিম আইন বাদেও গ্রীক, লেটিন, হিব্রু, প্রকৃতি বিজ্ঞান, দর্শন, চিকিৎসাশাস্ত্র, জ্যোতির্বিদ্যা, কবিতা, শিল্প, ৰসায়ন আৰু সঙ্গীত শিল্প শিক্ষা দিয়া হৈছিল। নৱম শতাব্দীত কর্ডোভা বিশ্ববিদ্যালয়ত ছাত্র-ছাত্রীৰ সংখ্যা আছিল ১১ হাজাৰ। সেই সময়ত মিচৰৰ চুলতান মোস্তানছিৰৰ লাইব্রেৰীত ৮০ হাজাৰ, ত্রিপোলীৰ লাইব্রেৰীত দুই লাক্ষ, স্পেইনৰ খলীফা দ্বতীয় হাকামৰ লাইব্রেৰীত ছয় লাক্ষ তথা কায়ৰোৰ ফাতেমীয়া খলীফা সকলৰ লাইব্রেৰীত ১০ লাক্ষ পুস্তক আছিল।
স্বামী বিবেকানন্দ এই সত্যটিক স্বীকাৰ কৰি কয় যে, মুৰ নামক মুছলমান জাতি স্পেইন (Spain) দেশত অতি সু-সভ্য ৰাজ্য স্থাপন কৰিলে, নানান বিদ্যা চর্চা কৰি ইউৰোপত প্রথম ইউনিভার্চিটি হ’ল। ইটালি, ফ্রান্ছ, সুদূৰ ইংলেণ্ডৰ পৰা বিদ্যা অৰ্জন কৰিবলৈ আহিছিল। যাৰ পেৰিপ্ৰেক্ষিতত ঘৰ-দোৱাৰ আটাইবোৰ নতুনকৈ নিৰ্মাণ হ’বলৈ ধৰিলে। শ্রী মান বেন্দ্রনাথ ৰায়ে কৈছে, Leaming form the Muslim Europe became the leader of modern civilization. অর্থাৎ মুছলিম শিক্ষাৰ প্রভাৱতেই ইউৰোপ আধুনিক সভ্যতাৰ নেতা হ’ব পাৰিছে।
আলোচনাৰ শেষ প্রান্তত আমি এই কথাই ক’ব পাৰি যে, আধুনিক বিজ্ঞানত মুছলমান সকলৰ ভূমিকা অপৰিসীম। যাৰ সত্যতা অমুছলিম জ্ঞান সাধকসকলে অকপটে স্বীকাৰ কৰিছে। শিক্ষা-সভ্যতা, কুৰআন-চুন্নাহ, দর্শন, চিকিৎসা বিজ্ঞান, ৰসায়ন, ভূগোল, জ্যোতির্বিদ্যা, গণিত প্রভৃতি আছিল মুছলিম বিজ্ঞানী সকলৰ অবাধ বিচৰণ। কালক্রমত ইহুদী-খ্রীষ্টান সকলৰ ষড়যন্ত্রৰ চিকাৰত পৰিণত হৈ মুছলিম সভ্যতাৰ পতন ঘটে। তাৰ লগে লগে সকলোবোৰ গুছি যায় তেওঁলোকৰ নিয়ন্ত্রণত আৰু পিছুৱাই থাকে মুছলিম জাতি। ফলত এই জাতিটো আজিলৈকে সম্পূৰ্ণ ভাৱে উদ্ভাসিত হ’ব পৰা নাই। সেইবাবে কোৱা হ’য় তেওঁলোকৰ অতীত অৱদানক অস্বীকাৰ কৰা নাযায়। প্রতিটি বস্তুৰ সূচনাকাৰীৰ স্থান সর্বত্ৰে ই কিন্তু চিৰ সত্য কথা। ইছলাম বিজ্ঞানৰ প্রতিবন্ধক নহয়, বৰঞ্চ ইছলামে বিজ্ঞানক ঢলি সজাওঁতে অসামান্য ভূমিকা পালন কৰিছে। সেইবাবে আমি ক’ব পাৰি বিশ্ব সভ্যতাত ইছলামৰ অৱদান সর্বাধিক।
এই প্রসংগত আধুনিক পণ্ডিত মিঃ ব্রিফল্ট-ৰ মন্তব্যটি পেচ কৰি আলোচনা শেষ কৰিব পাৰি:
Science is the most momentous contribution of Arab civilization to the modern world.
অৰ্থাৎ ‘আধুনিক বিশ্বৰ বাবে বিজ্ঞান হ’ল আৰব সভ্যতাৰ সর্বশ্রেষ্ঠ দান’।
তেখেতে আৰু অধিক উৎসাহিত হৈ ক’লে: European Science owes its existence to the Arabs.
অর্থাৎ ‘ইউৰোপীয় বিজ্ঞান তাৰ অস্তিত্বৰ বাবেই আৰব তথা মুছলমান সকলৰ ওচৰত চিৰঋণী’।