শিশু দিৱস আৰু শিশুৰ/ সন্তানৰ লালন পালন
পৰ্ব-১: সন্তান আল্লাহৰ নিয়ামত (মূল্যবান সম্পদ) –
সন্তান আল্লাহৰ নিয়ামত (সম্পদ) :
সন্তানৰ বাবে উপযুক্ত শিক্ষাৰ ব্যৱস্থা কৰক
আল্লাহৰ নিয়ামত অপৰিসীম। গণনা কৰি শেষ কৰিব নোৱাৰি। যাৰ কথা আল্লাহ তাআলাই নিজেই ঘোষণা কৰিছে—
وَ اِنْ تَعُدُّوْا نِعْمَةَ اللهِ لَا تُحْصُوْهَا اِنَّ اللهَ لَغَفُوْرٌ رَّحِيْمٌ-
যদি তুমি আল্লাহৰ নিয়ামত গণনা কৰিব বিচৰা তেন্তে গণনা কৰি শেষ কৰিব নোৱাৰিবা। নিশ্চয় আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু। (ছূৰা নাহাল (১৬): ১৮)
গতিকে মূল্যবান সম্পদ গৰাকী হৈ বান্দাৰ কৰ্তব্য হৈছে তাৰ কৃতজ্ঞতা স্বীকাৰ কৰা অৰ্থাৎ কথা আৰু কৰ্মৰ দ্বাৰা শ্বুকৰিয়া আদায় কৰা।
যদি কৃতজ্ঞতা স্বীকাৰৰ দ্বাৰা এই কৰ্তব্য পালন কৰা হয় তেন্তে মহান আল্লাহ তা‘আলাই নিয়ামত তথা সম্পদসমূহ বৃদ্ধি কৰি দিব। আৰু যদি আপুনি নিজৰ কৰ্তব্যক অৱহেলা কৰে তেন্তে তাৰ বাবে কঠোৰ শাস্তি নিৰ্ধাৰিত আছে। অৰ্থাৎ সেই সম্পদ কাঢ়ি লব। এই ক্ষেত্ৰত আল্লাহে কৈছে –
لَىِٕنْ شَكَرْتُمْ لَاَزِيْدَنَّكُمْ وَ لَىِٕنْ كَفَرْتُمْ اِنَّ عَذَابِيْ لَشَدِيْدٌ.
অৰ্থ: যদি তোমালোক কৃতজ্ঞ হোৱা তেন্তে অৱশ্যে মই তোমালোকক আৰু অধিক প্ৰদান কৰিম, আৰু অকৃতজ্ঞ হ’লে নিশ্চয় মোৰ শাস্তি অতি কঠোৰ। (ছূৰা ইব্ৰাহীম (১৪): ০৭)
আমাৰ সন্তান আমাৰ বাবে এক মহান নিয়ামত আৰু সম্পদ , যি কেৱল সেইজনে অৰ্জন কৰিব পাৰে যাক আল্লাহে দান কৰে। ইয়াত কাৰো কোনো ক্ষমতা নচলে।
এই ক্ষেত্ৰত আল্লাহ তা’আলাই ঘোষণা কৰিছে-
لِلهِ مُلْكُ السَّمٰوٰتِ وَ الْاَرْضِ يَخْلُقُ مَا يَشَآءُ يَهَبُ لِمَنْ يَّشَآءُ اِنَاثًا وَّ يَهَبُ لِمَنْ يَّشَآءُ الذُّكُوْرَ،اَوْ يُزَوِّجُهُمْ ذُكْرَانًا وَّ اِنَاثًا وَ يَجْعَلُ مَنْ يَّشَآءُ عَقِيْمًا اِنَّهٗ عَلِيْمٌ قَدِيْرٌ.
অৰ্থ : আকাশসমূহ আৰু পৃথিৱীৰ আধিপত্য কেৱল আল্লাহৰেই। তেওঁ যি ইচ্ছা সেয়া সৃষ্টি কৰে। তেওঁ যাক ইচ্ছা কন্যা সন্তান দান কৰে আৰু যাক ইচ্ছা পুত্ৰ সন্তান দান কৰে, নাইবা সিহঁতক পুত্ৰ আৰু কন্যা উভয়কে দান কৰে আৰু যাক ইচ্ছা কৰে বন্ধ্যা কৰি দিয়ে। নিশ্চয় তেওঁ সৰ্বজ্ঞ, মহা ক্ষমতাবান। ( ছুৰা শ্বুৰা , আয়াত ৪৯ , ৫০)
গতিকে হে পিতৃ – মাতৃ সকল!
সৰ্বপ্ৰথম সন্তান সৰ্বশক্তিমান আল্লাহৰ বিশেষ নিয়ামত বুলি ভাবি আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব। তাৰ পিছত মনত ৰাখিব লাগিব যে তেওঁলোকৰ প্ৰতি কিছু দায়িত্ব আৰু কৰ্তব্য আছে। কিয়ামতৰ দিনা সিহঁতক যাৰ বিষয়ে জবাবদিহি কৰা হ’ব। এটি দীঘলীয়া হাদীছত নবিজী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে-
“এজন পুৰুষ নিজৰ পৰিয়ালৰ মুৰব্বী; তেওঁক পৰিয়ালৰ বিষয়ে সোধা হ’ব। এগৰাকী নাৰী স্বামীৰ ঘৰ আৰু তেওঁৰ সন্তানৰ বাবে দায়বদ্ধ; তেওঁক সেইবোৰৰ বিষয়ে সোধা (জবাবদিহি কৰা) হ’ব।” (চুনানে আবু দাউদ, হাদীছ ২৯২৮)
◼️ পিতৃ মাতৃৰ কৰ্তব্য :
পিতৃ মাতৃৰ কৰ্তব্য হ’ল , শিশুৰ শিক্ষা জীৱন সম্পূৰ্ণ কৰি , সাংসাৰিক আৱশ্যকতাসমূহ যিমান সম্ভৱ পূৰণ কৰা আৰু তেওঁ যেন আখিৰাতত জাহান্নামৰ পৰা মুক্ত হৈ জান্নাত লাভৰ মাধ্যমৰে সৰ্বোচ্চ সফলতা অৰ্জন কৰিব পাৰে তাৰ বাবে আপ্ৰাণ চেষ্টা কৰা।
আল্লাহে কৈছে :
يَا أَيُّهَا الَّذِينَ آمَنُوا قُوا أَنْفُسَكُمْ وَأَهْلِيكُمْ نَارًا وَقُودُهَا النَّاسُ وَالْحِجَارَةُ
অৰ্থ : হে ঈমান্দাৰসকল! তোমালোকে নিজক আৰু তোমালোকৰ পৰিয়ালবৰ্গক জাহান্নামৰ পৰা ৰক্ষা কৰা, যাৰ ইন্ধন হ’ব মানুহ আৰু শিল।(ছুৰা আত-তাহৰীম আয়াত ০৬)
আজিৰ দিনত বহুতেই শিশুটিৰ অস্থায়ী ভৱিষ্যতৰ সফলতাৰ বাবে চেষ্টা কৰে আৰু বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে, কিন্তু সিহঁতৰ স্থায়ী সফলতা তথা ডাঙৰ জাহান্নামৰ পৰা মুক্তিৰ পথৰ প্ৰতি আমাৰ প্ৰায় লোক উদাসীন আৰু গুৰুত্বহীন।
◼️ নিজৰ সন্তানক জাহান্নামৰ পৰা ৰক্ষা কৰাৰ উপায় :
পবিত্ৰ ক্বুৰআনত আল্লাহ তা’আলাই জাহান্নামৰ পৰা পৰিত্ৰাণ আৰু জান্নাত লাভ কৰাৰ দুটা মৌলিক উপায় উল্লেখ কৰিছে—
وَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ أُولَٰئِكَ أَصْحَابُ الْجَنَّةِ ۖ هُمْ فِيهَا خَالِدُونَ-
অৰ্থ : 10 আৰু যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে, সিহঁতেই জান্নাতী, সিহঁতে তাত চিৰস্থায়ী হ’ব। (ছুৰা বাক্বাৰা , আয়াত ৮২)
এনে আৰু বহুতো আয়াত আছে, যত মূলতে জাহান্নামৰ পৰা পৰিত্ৰাণ আৰু জান্নাত লাভৰ ২টা উপায় উল্লেখ কৰা হৈছে –
১। ঈমান – অৰ্থাৎ মুমিন হোৱা।
২। নেক আমল- নেক(ভাল আৰু উত্তম কাম) আমলৰ গৰাকী হোৱা।
গতিকে শিশুটিক জাহান্নামৰ পৰা ৰক্ষা কৰিবলৈ হ’লে তাক ঈমান (কুৰআন আৰু হাদীছত উল্লেখিত বিষয়সমূহৰ বিশ্বাসী হোৱা) আৰু নেক আমলৰ দ্বাৰা কুফুৰ, শ্বিৰ্ক আৰু কু-কৰ্ম বৰ্জনকাৰী বনাব লাগিব।
সেই বাবেই সৰুৰে পৰা সন্তানক পৰিকল্পিতভাৱে, নিৰ্দিষ্ট লক্ষ্যৰে লালন পালন কৰিব লাগিব আৰু মেহনত কৰিব লাগিব।
পৰ্ব-২ : সন্তানৰ লালন পালনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ নিৰ্দেশনাৱলী :
( শিশুৰ বয়স অনুযায়ী শিক্ষা আৰু ইছলামী লালন পালনৰ সম্পূৰ্ণ পদ্ধতি, নিৰ্দেশনা আদি জানিবলৈ বিশেষ App আদি বিচাৰে নেকি?
কমেন্টত জনাব!)
◼️ লালন পালনৰ ক্ষেত্ৰত বিশেষ কৰণীয় :
১। সন্তানৰ বাবে প্ৰাৰ্থনা, দুআ কৰা-
শিশুক ভাল মানুহ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাৰ ক্ষেত্ৰত দুআ কৰাটো প্ৰথম কৰণীয়। আল্লাহ তা’আলাই যেন তাক যোগ্য আৰু নেক সন্তান হিচাপে গঢ়ি তোলে।
ক্বুৰআনত এনে বহু দুআ আছে—
▪️ দুআ- ১ : ইব্ৰাহিম আঃ ৰ দুআ –
رَبَّنَا هَبْ لَنَا مِنْ أَزْوَاجِنَا وَذُرِّيَّاتِنَا قُرَّةَ أَعْيُنٍ وَاجْعَلْنَا لِلْمُتَّقِينَ إِمَامًا
‘হে আমাৰ ৰব! আমাক এনেকুৱা স্ত্ৰী আৰু সন্তান-সন্ততি দান কৰা, যাৰ দ্বাৰা আমাৰ চকু জুৰ পৰে। আৰু তুমি আমাক মুত্তাক্বীসকলৰ বাবে অনুসৰণযোগ্য বনাই দিয়া’। (ছুৰা ফুৰকান, আয়াত ৭৪)
▪️ দুআ-২: মৰিয়ম (আঃ) ৰ মাকৰ দোআ-
وَإِنِّي أُعِيذُهَا بِكَ وَذُرِّيَّتَهَا مِنَ الشَّيْطَانِ الرَّجِيمِ
মই অভিশপ্ত চয়তানৰ পৰা তাক আৰু তাৰ সন্তানক তোমাৰ আশ্ৰয়ত দিছো। (ছুৰা আলে ইমৰাণ, আয়াত ৩৬)
▪️দুআ-৩ : জাকাৰিয়া (আঃ) ৰ দোআ-
قَالَ رَبِّ اِنِّيْ وَهَنَ الْعَظْمُ مِنِّيْ وَ اشْتَعَلَ الرَّاْسُ شَيْبًا وَّ لَمْ اَكُنْۢ بِدُعَآىِٕكَ رَبِّ شَقِيًّا، وَ اِنِّيْ خِفْتُ الْمَوَالِيَ مِنْ وَّرَآءِيْ وَ كَانَتِ امْرَاَتِيْ عَاقِرًا فَهَبْ لِيْ مِنْ لَّدُنْكَ وَلِيًّا، يَّرِثُنِيْ وَ يَرِثُ مِنْ اٰلِ يَعْقُوْبَ وَ اجْعَلْهُ رَبِّ رَضِيًّا
তেওঁ কৈছিল, ‘হে মোৰ ৰব! মোৰ অস্তিত্ব দুৰ্বল হৈছে, বাৰ্ধক্যত মোৰ মূৰ শুভ্ৰোজ্জ্বল হৈছে; হে মোৰ ৰব! তোমাৰ ওচৰত দুআৰ ফলত মই কেতিয়াও ব্যৰ্থ হোৱা নাই। আৰু মই মোৰ পিছত মোৰ স্বগোত্ৰীয়সকলৰ বিষয়ে আশংকাবোধ কৰিছো; আৰু মোৰ স্ত্ৰীও হৈছে বন্ধ্যা। সেয়ে তুমি তোমাৰ ফালৰ পৰা মোক এজন উত্তৰাধিকাৰী দান কৰা, যিয়ে মোৰ উত্তৰাধিকাৰিত্ব কৰিব আৰু উত্তৰাধিকাৰিত্ব কৰিব ইয়াকূবৰ বংশৰ। আৰু হে মোৰ ৰব! তাক তুমি সন্তোষভাজন কৰিবা’। (ছুৰা মাৰিয়াম , আয়াত ,৪-৬)
▪️দুআ-৪ : ইব্ৰাহিম (আঃ) ৰ দোআ-
رَبِّ هَبْ لِي مِنَ الصَّالِحِينَ-
‘হে মোৰ ৰব! মোক এজন সৎকৰ্মপৰায়ণ সন্তান দান কৰা’। (ছুৰা, ছাফ্ফাত ,আয়াত ১০০)
رَبِّ اجْعَلْنِي مُقِيمَ الصَّلَاةِ وَمِنْ ذُرِّيَّتِي ۚ رَبَّنَا وَتَقَبَّلْ دُعَاءِ-
‘হে মোৰ ৰব! মোক নামাজ প্ৰতিষ্ঠাকাৰী বনাই দিয়া লগতে মোৰ বংশধৰসকলৰ পৰাও। হে মোৰ ৰব! আৰু মোৰ দুআ কবুল কৰা’। (ছুৰা ইব্ৰাহিম, আয়াত ৪০)
অম্বিয়ায়ে কেৰামে জানিছিল, আল্লাহৰ ওচৰত কি কামনা কৰিব লাগে আৰু কেনেকৈ কামনা কৰিব লাগে। আল্লাহ তা’আলাই তেওঁলোকৰ দোআবোৰ পবিত্ৰ কোৰআনত উল্লেখ কৰিছে মানৱ জাতিক শিকাবলৈ।
২। সুস্থ পৰিবেশ আৰু সৎ আচৰণ :
জন্মৰ পিছৰ পৰাই পৰিয়ালৰ সদস্যৰ আচৰণৰ পৰা শিশুৱে শিক্ষা লাভ কৰে। এই শিক্ষণ মুখ খোলাৰ আগতেই আৰম্ভ হয়। বহু শিশুৱে আনৰ সন্মুখত নামাজ পঢ়ে, হাত বান্ধে, ৰুকু , ছিজদা কৰে। গতিকে শিশুটিৰ উপযুক্ত লালন-পালনৰ বাবে সুস্থ তথা ধৰ্মীয় পৰিবেশ সুনিশ্চিত কৰিব লাগিব। যাতে সৰু কালৰ পৰাই মিছা কথা, গালি শপনি, বেয়া কথা আদিৰ পৰা বিৰত থাকে আৰু ভাল কামৰ অভ্যাস কৰিব পাৰে।
ইয়াৰ প্ৰতিটো গুণ বিশ্লেষণ কৰিবলগীয়া।
৩। শিক্ষাৰ প্ৰতি যত্নপৰ হোৱা:
শেহতীয়া অতীতৰ বিখ্যাত পণ্ডিত মৌলানা মহম্মদ মঞ্জুৰ নোমানী (ৰঃ) কৈছিল-
এই পৃথিৱীৰ, এই ক্ষণস্থায়ী জীৱন সন্দৰ্ভত নবীসকলৰ দৃষ্টিভংগী হ’ল-
এই জীৱন মূলত আখিৰাতৰ অনন্ত জীৱনৰ প্ৰস্তুতি। এই মতৰ স্বাভাৱিক আৰু অত্যাৱশ্যকীয় দাবী যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিষয়টো হ’ল আখিৰাতত সফলতা লাভ কৰা। সেয়ে আল্লাহৰ ৰাছুল (ছাঃ) এ প্ৰতিজন অভিভাৱকৰ বাবে নিজৰ সন্তানৰ অধিকাৰ দৃঢ়তাৰে নিৰ্ধাৰণ কৰি দিছে, যাতে আৰম্ভণিৰ পৰাই তেওঁ নিজৰ দ্বীনী শিক্ষা আৰু উপযুক্ত লালন-পালনৰ বিষয়ে চিন্তা কৰে। আৰু যদি কোনোবাই এই ক্ষেত্ৰত অৱহেলা কৰে তেন্তে নিশ্চয় সি দোষী হ’ব। (মা’আৰিফুল হাদীছ ৩/২৭৪)
গতিকে শিশুটিক সৰ্বপ্ৰথম, মহান সৃষ্টিকৰ্তাৰ পৰিচয়, আল্লাহৰ নাম আৰু কলিমা শিকাব লাগে। তাৰ পিছত (সময়োপযোগী শিক্ষাৰ লগতে) ক্ৰমান্বয়ে বিভিন্ন জিকিৰ, মচনুন দুআ আৰু ইছলামিক আচাৰ-ব্যৱহাৰ শিকাব লাগে ।
◾নবীজীৰ ছাঃ ৰ আমল চাওক –
ওমৰ ইবনে আবি চালামা (ৰাঃ) এ কয়-
মোক সৰু কালত নবী ছাঃ এ ডাঙৰ-দীঘল কৰিছিল। এবাৰ খাই থাকোঁতে মই পাত্ৰৰ চাৰিকোণৰ পৰা খাই আছিলো। তেতিয়া নবী (ছঃ) এ মোক ক’লে-
يَا غُلَامُ، سَمِّ اللهَ، وَكُلْ بِيَمِينِكَ، وَكُلْ مِمَّا يَلِيكَ.
‘হে সন্তান! বিছমিল্লাহ কোৱা, সোঁহাতেৰে খোৱা আৰু কাষৰ পৰা খোৱা।’ (ছহীহ মুছলিম, হাদীছ ২০২২)
এইদৰে শিশুটিক সৰুৰে পৰাই ছুন্নত (উত্তম পন্থা), আচাৰ-ব্যৱহাৰ আদি শিকাব লাগে।
৪। অশুভ শিক্ষা আৰু কু-অভ্যাসৰ পৰা দূৰত-
অৰ্থাৎ শিশুটিয়ে যাতে আমাৰ পৰা কোনো অশুভ শিকিব নোৱাৰে। সাৱধানতাৰ অভাৱত শিশুৱে প্ৰায়ে, নিজৰ পৰিয়ালৰ পৰা, আনকি অভিভাৱকৰ পৰাই বিভিন্ন কু-সংস্কাৰ, কু-স্বভাৱ, অশুভ আচৰণ শিকি লয়। এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে সাৱধানতা অৱলম্বন কৰিব লাগিব। যত নিম্নলিখিত দিশকেইটা অতিকৈ গুৰুত্বপূৰ্ণ –
ক) মহাবিপদ মবাইল —
বহু সময়ত শিশুটিক বিৰক্তিৰ পৰা হাত সাৰিবলৈ বা চুপ কৰিবলৈ বিভিন্ন ডিভাইচ বিশেষকৈ স্মাৰ্টফোন হাতত তুলি দিয়া হয়। কিন্তু তেতিয়া অলপো চিন্তা কৰে নে, যে কম সময়ৰ বিৰক্তিৰ পৰা পৰিত্ৰাণ পাবলৈ মই কলিজাৰ টুকুৰাৰ হাতত এনে এটা জুইৰ টুকুৰা উঠাই দি আছে, যাৰ দ্বাৰা ইমান, আমল, আখলাক আদি – এক কথাত জীৱনৰ সকলো ক্ৰমান্বয়ে ধ্বংসৰ পথলৈ গতি কৰিব।
আল্লাহে ৰক্ষা কৰক আমাক!
বিষয়টো সমাজত ব্যাপক হাৰত বৃদ্ধি পোৱাৰ বাবে আমাৰ বাবে অভিভাৱকৰ বাবে আজিৰ দিনত সাধাৰণ হৈ পৰিছে। আমি ভাবো, শিশুটিক ব্যস্ত ৰাখিবলৈ অলপ সময় মবাইল দি ৰাখিলে কিনো ক্ষতি হৈ যাব। কিন্তু গভীৰভাৱে ভাবি চালে ইয়াৰ ভয়াবহ পৰিনাম, নিশ্চয় আমি অতি সহজে উপলব্ধি কৰিব পাৰিম।
মবাইলৰ পৰা শিশুক দূৰত ৰখাৰ কাৰ্যকৰী কাম হ’ল- শিশুটিক যথাযথভাৱে সময় দিয়া। তাক মনোৰঞ্জন আৰু ফূৰ্তিৰ বা সৰ্বোত্তম উপায় বিচাৰি উলিওৱা। আৰু চেষ্টা কৰিলে নিশ্চয় বিভিন্ন উপায় ওলাব।
খ) মিছা আশ্বাস প্ৰদান ত্যাগ কৰক—
শিশুক কেতিয়াও মিছা আশ্বাস নিদিব। এয়া কবিৰা গুনাহ (ডাঙৰ পাপ)। কাৰণ শিশুৱে ইয়াৰ পৰা, সৰু কালৰ পৰাই মিছা কথা শিকিব। গতিকে সৰু ডাঙৰ সকলো ক্ষেত্ৰতে কথা কোৱাত সাৱধানতাৰ প্ৰয়োজন। এই বিষয়ে নবী (ছাঃ ) এ কৈছে :
হজৰত আব্দুল্লাহ ইবনে আমৰ ৰাঃ ৰ পৰা বৰ্ণিত – (শৈশৱত) এদিন (যেতিয়া মই খেলিবলৈ কোঠাৰ পৰা ওলাই যাব বিচাৰিছিলো) আম্মাই ক’লে, ইয়ালৈ আহা, মই তোমাক কিবা এটা বস্তু দিম। সেই সময়ত নবী (ছঃ) আমাৰ ঘৰত আছিল। তেওঁ ক’লে, তুমি তাকক কি দিব বিচাৰিছা? মায়ে ক’লে, মই তাক খেজুৰ দিব বিচাৰিছো।
তেতিয়া নবীয়ে ক’লে, যদি তুমি তাক একো নিদিয়া, তেন্তে তুমি মিছা প্ৰতিশ্ৰুতি দিয়াৰ বাবে দোষী হ’বা। (ছুনান আবু দাউদ, হাদীছ ৪৯৯১; মুছনাদ আহমদ, হাদীছ ১৫৭০২)
ঘ) খঙৰ সময়ত অনুপযুক্ত শব্দ ব্যৱহাৰ নকৰা —
খঙৰ ভমকত বহুতে শিশুক গালি পাৰে, অশ্ৰৱণীয় ভাষা ব্যৱহাৰ কৰে; যি নেকি কোনো সভ্য ব্যক্তিৰ বাবে মুঠেই উচিত নহয়। ইছলামী জীৱন ব্যৱস্থাত এয়া সমৰ্থনযোগ্য নহয়। কাৰণ ইয়াৰ বহুতো ক্ষতি আছে। যেনে-
১. এয়া কবিৰা গুনাহ (ডাঙৰ পাপ)।
২. ইয়াৰ বাবে সন্তানৰ, নিজৰ পিতৃ-মাতৃৰ প্ৰতি সন্মান নোহোৱা হৈ যায়।
৩. শিশুৱেও এটা সময়ত এইবোৰ পিতৃ-মাতৃৰ ক্ষেত্ৰত প্ৰয়োগ কৰে। যাৰ ফলত পিছত গৈ পিতৃ মাতৃয়ে আফচোচ কৰিবলগীয়া হয়।
বহুত দেখা যায় যে প্ৰথমে মাকে পুত্ৰক বহুত গালি-গালাজ কৰে, কিছুদিনৰ পাছত ল’ৰাটোৱেও মাকক গালি-গালাজ কৰে আৰু মাকে কোৱা কথাবোৰ বকি থাকে।
আমাৰ আচৰণৰ পৰা ল’ৰা-ছোৱালীয়ে বহু কথাই শিকে। গতিকে আমি শিশুটিক সেই উত্তম আচৰণ কৰিব লাগে যি আচৰণ আমি পৰৱৰ্তী সময়ত তাৰ পৰা আশা কৰোঁ।
৫। শিশুৰ লালন-পালনৰ প্ৰতি সম্পূৰ্ণ সচেতন হোৱা—
যদি আপুনি কোনো শিশুৱে কিবা ভুল কৰা দেখিছে, তেন্তে সেইটো সৰু হোৱাৰ বাবে এৰাই চলিব নালাগে; সেই অনুসৰি তাক শিকাওক বা অনুশাসন কৰক। মনত ৰাখিব লাগিব যে আজিৰ শিক্ষাদান, অলপ চকু ৰঙা কৰা বা অলপ ধমকি দিয়া যিখিনি কামত আহিব, হয়তো এটা সময়ত সকলো শক্তি খৰচ কৰিলেও সেইটো কামত নাহিব। নবী (ছাঃ )ৰ আমল চাও আহক –
হজৰত আবু হুৰাইৰা ৰাঃ এ বৰ্ণনা কৰিছে –
এসময়ত নবী কৰিম (ছঃ) ৰ নাতি হজৰত হাছান ইবনে আলী (ৰাঃ) এটা চদকাৰ খেজুৰ মুখত দিলে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে দেখি লগে লগে ক’লে, “হুহ, হুহ, পেলোৱা, পেলোৱা তুমি নাজানা, আমি (নবীৰ পৰিয়ালে) চদকাৰ বস্তু নাখাওঁ!” (ছহীহ বুখাৰী, হাদীছ ১৪৯১)
তৃতীয় হিজৰীৰ ৰমজানত হাছান ৰাঃৰ জন্ম হৈছিল। তেতিয়া তেওঁৰ বয়স কিমান হ’ব? কিন্তু নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে সৰু শিশু বুলি এৰাই যোৱা নাছিল । তেওঁ কোৱা নাছিল—সি সৰু লৰা, সামান্য এটা খেজুৰৰ দ্বাৰা কি হ’ব ; বৰঞ্চ বাধা দিলে, খাবলৈ নিদিলে; তাৰোপৰি তৰবিয়ত অৰ্থাৎ শিক্ষা দিয়াৰ উদ্দেশ্যে অলপ ধমকৰ সুৰত ক’লে — “নাজানা, আমি চদকা নাখাওঁ? “
এয়া আমাৰ নবীৰ শিক্ষা আৰু আদৰ্শ। কিন্তু আমি প্ৰায়ে নিজেই অজুহাত দেখুৱাওঁ— সিতো সৰু, পিছত গৈ ঠিক হৈ যাব..… ইত্যাদি ইত্যাদি ।
৬। শিশুটিক অন্ততঃ বাধ্যতামূলক দ্বীনী শিক্ষাৰ ব্যৱস্থা কৰা —
শিশুটো অলপ ডাঙৰ হ’লে অজু, গোচল, নামাজ , কোৰআন তিলাৱাত আৰু আক্বাঈদৰ পৰা আৰম্ভ কৰি দ্বীনৰ মৌলিক নিয়মবোৰ ক্ৰমান্বয়ে শিকাব লাগে। বা তেনে কোনো অনুষ্ঠানত এই অতিকৈ গুৰুত্বপূৰ্ণ শিক্ষা অৰ্জনৰ ব্যৱস্থা কৰিব লাগে।
৭। শিশুক নেক (ভাল) কামত অভ্যস্ত কৰা—
শিশুটিক ভাল কামত অভ্যস্ত কৰিবলৈ আমি কিছুমান কাম কৰিব লাগিব:
ক) নিজকে ভাল কামত নিয়োজিত কৰিব লাগে। কাৰণ শিশুৱে প্ৰাপ্তবয়স্কক অনুকৰণ কৰে।
খ) নামাজ , ৰোজা আৰু অন্যান্য আমলত নিজৰ লগত শিশুসকলক অন্তৰ্ভুক্ত কৰিব লাগে।
এই ক্ষেত্ৰত চাহাবা (ৰাঃ) ৰ যুগৰ এটা আমল চাওঁ আহক –
ৰুবাইয়ে (ৰাঃ) ক’লে, “এবাৰ আশ্বুৰাৰ দিন ৰাতিপুৱা ৰাছুলুল্লাহ (ছঃ) এ মদিনাৰ আশে-পাশে থকা গাঁওবোৰলৈ খবৰ পঠিয়ালে, ‘যিসকলে ৰোজা ৰাখিছে তেওঁলোকে যেন পূৰ্ণ কৰে, আৰু যিসকলে ৰোজা ৰখা নাই, তেওঁলোকে বাকী দিনটো ৰোজাদাৰৰ দৰে থাকক ।” তেতিয়াৰ পৰা আমি নিজেই (আশ্বুৰাৰ) ৰোজা ৰাখিছিলোঁ । আমাৰ ল’ৰা-ছোৱালীক অভ্যস্ত কৰি তুলিছিলোঁ। ইফতাৰলৈকে মছজিদত তেওঁলোকৰ লগত থাকিছিলোঁ। আমি সিহঁতৰ বাবে কপাহৰ খেলনা বনাইছিলোঁ। কোনোবাই খাদ্যৰ বাবে কান্দিলে সেই খেলনাটো দিছিলো।
(ছহীহ বুখাৰী, হাদীছ ১৯৬০; ছহীহ মুছলিম, হাদীছ ১১৩৬)
কেনেকৈ ছাহাবাসকলে নিজৰ সন্তানক ৰোজাৰ দৰে কঠোৰ আমলৰ লগত অভ্যস্ত কৰি ৰাখিছিল!
গ) শিশুটিক ভাল কাম কৰিবলৈ আদেশ দিব লাগে-
এই সন্দৰ্ভত আল্লাহ তাআলাই নিজেই আল্লাহৰ ৰাছুল (ছঃ) ক’ আদেশ কৰি কয় ।
وَأْمُرْ أَهْلَكَ بِالصَّلَاةِ وَاصْطَبِرْ عَلَيْهَا ۖ لَا نَسْأَلُكَ رِزْقًا ۖ نَحْنُ نَرْزُقُكَ ۗ وَالْعَاقِبَةُ لِلتَّقْوَىٰ
তুমি তোমাৰ পৰিয়ালবৰ্গক চালাতৰ আদেশ দিয়া আৰু নিজেও তাৰ ওপৰত অবিচল থাকা; আমি তোমাৰ ওচৰত কোনো জীৱিকা নিবিচাৰো , বৰঞ্চ আমিয়েই তোমাক জীৱিকা দান কৰোঁ; আৰু শুভ পৰিণাম কেৱল তাক্বৱাৰ ভিতৰতেই নিহিত। (ছুৰা ত্বাহা , আয়াত-১৩২)
যদি শিশুৱে কথা নুশুনে তেন্তে প্ৰয়োজন হ’লে কিছু অনুশাসন কৰিব লাগে।
◾গুৰুত্বপূৰ্ণ বয়স –
মহানবী ছাঃ এ বয়স হিচাপে নিৰ্দেশনা প্ৰদান কৰি কৈছে:
যেতিয়া তোমাৰ সন্তানৰ বয়স সাত বছৰ হ’ব তেতিয়া (সিহতক) নামাজ পঢ়িবলৈ নিৰ্দেশ দিয়া । আৰু দহ বছৰ হ’লে নামাজত অৱহেলা কৰাৰ বাবে প্ৰহাৰ কৰা আৰু এই বয়সত উপনিত হ’লে বিচনাখন পৃথক কৰি দিয়া। (ছুনানে আবু দাউদ, হাদীছ ৪৯৫)
দহ বছৰ বয়সত নামাজ পঢ়াটো ফৰজ ( বাধ্যতামূলক) নহয়, তথাপিও প্ৰহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে, যাতে তেওঁ বালিগ ( যৌৱন) হোৱাৰ আগতেই নামাজৰ অভ্যস্ত হৈ পৰে। যদিও এই হাদীছত জীৱনৰ অইন নীতিসমূহ ৰ নিৰ্দেশনাৰ বিষয়ে উল্লেখ হোৱা নাই , কিন্তু সেইবোৰৰ নিয়ম নামাজৰ দৰে একেই।
গতিকে বয়স অনুযায়ী উত্তম কৌশল অৱলম্বন কৰি নিজৰ সন্তানৰ উত্তম তৰবিয়ত আৰু লালন পালনৰ ব্যৱস্থা কৰিব লাগিব।
৮। ল’ৰা-ছোৱালীৰ মনত দ্বীনী আৰু মূল্যবোধ চিন্তা-চেতনাৰ বীজ সিঁচা। ইয়াৰ বাবে আমি কেইটামান কাম কৰিব লাগিব:
ক) শিশুটিক এই বিষয়ত তাৰ নিজৰ ধৰণেৰে নিৰ্দেশনা দিব লাগে। এই বিষয়ে অনুসৰণ কৰিব পাৰি লুকমানে (আঃ) নিজৰ পুত্ৰক দিয়া উপদেশ । যিটো পবিত্ৰ কুৰআনৰ চুৰা লুকমান ১৩, ১৬, ১৭, ১৮ আৰু ১৯ৰ মুঠ পাঁচটা আয়াতত উল্লেখ কৰা হৈছে।
খ) নবীসকলৰ কাহিনী, আমাৰ নবী ছাঃ ৰ চীৰত (জীৱনী) , চাহাবা ৰাঃ, তাবিঈটন আৰু আকাবীৰ-আছলাফৰ জীৱনী তথা ঘটনাবোৰ বর্ণনা কৰা।
গ) হাক্কানী উলামায়ে কেৰামৰ মজলিছলৈ লৈ যোৱা। কাৰণ উলামায়ে কেৰাম এই গুণৰ বাহক।
➖ মুৰতাজা ইউছুফ কাছিমী, এডিটৰ
(Mufti, M.A., PhD Scholar )
➖ জিয়াউৰ ৰহমান কাছিমী (ৰঙিয়া), কলম গোট- ইচৰা