কেৱল আৰবীসকলৰ নহয়, হিজৰী মুছলমানৰ চন, ইছলামী চন
হিজৰী চনৰ প্রথম মাহ মুহাৰৰম। এই হিজৰী চনৰ সূচনা, প্রেক্ষাপট, মুছলিম-জীৱনত ইয়াৰ প্রভাৱ, হিজৰী কেলেণ্ডাৰ আৰু একেদিনাই বিশ্বব্যাপী ঈদ-ৰোজা কৰা বিষয়ত ‘মাসিক আলকাউসার’ ৰ সম্পাদক, মাৰ্কাযুদ দাওৱাহ আলইছলামিয়া ঢাকাৰ মুদীৰ (ব্যৱস্হাপক) মুফতী আবুল হাছান মুহাম্মাদ আবদুল্লাহ চাহাবে এটি সাক্ষাৎকাৰ দিয়ে। উক্ত সাক্ষাৎকাৰৰ এটি চুম্বকাংশ যোৱা ২৫ নৱেম্বৰৰ ‘দৈনিক আমার দেশ’ ত মুদ্রিত হয়। সাক্ষাৎকাৰৰ পূর্ণৰূপ ইয়াত মুদ্রিত হ’ল। সাক্ষাৎকাৰ লৈছে শ্বৰীফ মুহাম্মদে।
হিজৰী চনৰ সূচনা কেতিয়া, কেনেকৈ?
হজৰত ওমৰ (ৰাঃ) য়ে তেওঁৰ খিলাফতকালত হিজৰতৰ ১৭তম বর্ষত হিজৰী চন গণনা আৰম্ভ কৰে। ইয়াৰ প্রেক্ষাপট আছিল এনেধৰণৰ—হজৰত ওমৰ(ৰাঃ) ৰ ওচৰত বিভিন্ন ৰাষ্ট্রীয় চিঠি আহিছিল। তাত মাহৰ নাম আৰু তাৰিখ লিখা হৈছিল। কিন্তু চনৰ নাম নাথাকিছিল। ফলত বিভ্রান্তিৰ সৃষ্টি হৈছিল। তেতিয়া পৰামর্শৰ ভিত্তিত এটি চন নির্ধাৰণ আৰু গণনাৰ সিদ্ধান্ত হয়। বিভিন্ন উপলক্ষৰ পৰা চন গণনাৰ মতামত আহিলেও শেষ পর্যন্ত হিজৰতৰ ঘটনাৰ পৰা চন গণনাৰ সিদ্ধান্ত হয়।
হিজৰতৰ বছৰৰ পৰাই চন গণনাৰ তাৎপর্য কি?
চন গণনাৰ আলোচনাৰ সময়ত প্রস্তাৱ আহিছিল, ঈছায়ী চনৰ সূচনাৰ সৈতে মিল ৰাখি নবীজীৰ জন্মৰ চনৰ পৰা ইছলামী চনৰ আৰম্ভ হোৱা। এনে ধৰণৰ আৰু বহুকেইটা উপলক্ষৰ কথাও আলোচিত হয়। কিন্তু হিজৰতৰ চনৰ পৰা চন গণনা চূড়ান্ত হোৱাৰ মাজত তাৎপর্য হ’ল, হিজৰতক মূল্যায়ন কৰা হয় ‘আল ফাৰিকু বাইনাল হাক্কি ৱাল বাতিল’ অর্থাৎ সত্য-মিথ্যাৰ মাজত সুস্পষ্ট পার্থক্যকাৰী বিষয় হিচাপে। হিজৰতৰ পিছৰ পৰাই মুছলমানে প্রকাশ্যে ঈবাদত আৰু সমাজ-গঠনৰ ৰূপৰেখা বাস্তৱায়ন কৰিব পাৰিছিল।
প্রকাশ্যে আজান, নামাজ, জুমা, ঈদ ইত্যাদি হিজৰতৰ পিছৰ পৰাই আৰম্ভ হৈছে। এইসমূহ তাৎপর্যৰ দিশে লক্ষ্য ৰাখিয়েই মুছলমানসকলৰ চন গণনা হিজৰতৰ পৰাই আৰম্ভ হোৱাৰ সিদ্ধান্ত হয়।
হিজৰী চনৰ মাহবোৰ তো আগৰে পৰাই আছিল। সেই হিচাপে এই চনটোক কেৱল আৰবী চন হিচাপে সাব্যস্ত কৰিব পাৰি নে নাই?
মাহবোৰ আৰবী মাহ হ’লেও চনটোক সমগ্ৰ মুছলিম উম্মাহৰ চন হিচাপেই গ্রহণ কৰিব লাগিব। মাহবোৰ আচলতে চান্দ্র বর্ষৰ মাহ। আৰবীত ‘আশশুহুৰুল কামাৰিয়্যা’ বোলা হয়। এই কাৰণে হিজৰী চন এটা চান্দ্রবর্ষ। যেনেকৈ ঈছায়ী চনৰ মাহবোৰক বোলা হয় ‘আশশুহুৰুশ শামছিয়্যা’ বা সৌৰবর্ষৰ মাহ। এই চান্দ্রবর্ষক সেয়ে কেৱল আৰবীসকলৰ চন হিচাপে আখ্যায়িত কৰিব নোৱাৰি।
এই চান্দ্রবর্ষ বা হিজৰী চনৰ প্রভাৱ কোন কোন ক্ষেত্রত কিমানখিনি?
এই চান্দ্রবর্ষ তথা চান্দ্রমাহৰ প্রভাৱ মুছলমানসকলৰ জীৱনত ব্যাপক। জীৱনৰ সকলো ক্ষেত্রতেই ইয়াৰ প্রভাৱ আৰু গুৰুত্ব আছে। বিশেষকৈ ঈবাদতৰ তাৰিখ, ক্ষণ আৰু মৌচুমী নির্ধাৰণৰ ক্ষেত্রত হিজৰী চনৰ প্রভাৱ আৰু গুৰুত্ব অপৰিসীম। এই কাৰণে হিজৰী চনৰ হিচাপ স্মৰণত ৰখা মুছলমানসকলৰ বাবে জৰুৰী। বহু ক্ষেত্রতেই ইয়াৰ প্রভাৱ বিদ্যমান। যেনেঃ ৰমজানৰ ৰোজা, দুই ঈদ, হজ্ব, যাকাত ইত্যাদি ক্ষেত্রবোৰত চান্দ্রবর্ষ বা হিজৰী চন ধৰিয়েই আমল কৰিব লাগে। ৰোজা ৰাখিব লাগে চন্দ্ৰ দেখি, ঈদ কৰিব লাগে চন্দ্ৰ দেখি। ঠিক তেনেকৈ অন্যান্য আমলো। এনেকি স্বামীৰ মৃত্যুৰ পিছত মহিলাসকলৰ ইদ্দতৰ ক্ষেত্রতো চান্দ্রবর্ষৰ হিচাপ গণনা কৰিবলগীয়া হয়। অর্থাৎ মুছলমানসকলৰ ধর্মীয় কতিপয় দিন-তাৰিখপ হিচাপ-নিকাচৰ ক্ষেত্র আছে, যিবোৰত চন্দ্ৰৰ হিচাপে দিন, তাৰিখ, মাহ আৰু বছৰ হিচাপ কৰা আৱশ্যকীয়।
চান্দ্রবর্ষৰ হিচাপ মিলালে দেখা যায়, একেটা ঈবাদতৰ বতৰ কেইটামান বছৰৰ ব্যৱধানত শীত-গৰম-বর্ষাত পৰিৱর্তিত হৈ থাকে। সৌৰবর্ষৰ হিচাপে এনেকুৱা নহয়। ইয়াত কোনো হিকমত বা কল্যাণ নিহিত আছে নে?
আচলতে ইছলাম হৈছে ‘দ্বীনুল ফিতৰাহ’ বা স্বভাৱ-অনুকূল ধর্ম। ইছলামৰ বিধি-বিধান এনেদৰে দিয়া হৈছে যে, শিক্ষিত-অশিক্ষিত, চহৰীয়া-গ্রাম্য, সমতলবাসী বা পাহাৰীয়া, তথ্য আৰু প্রযুক্তিৰ সুবিধাপ্রাপ্ত আৰু বঞ্চিত – সকলোৱেই যাতে স্বাচ্ছন্দ্যে আল্লাহৰ বিধি-বিধানবোৰ পালন কৰিব পাৰে। চন্দ্ৰৰ মাহ আৰু বছৰৰ হিচাপতেই সহজতে এনে কৰিব পৰা যায়। জোতির্বিদ্যা বিষয়ক তথ্য যিসকলৰ ওচৰত নাথাকে তেওঁলোকেও চন্দ্ৰ দেখি স্বাচ্ছন্দ্যে এই বিধানবোৰ পালন কৰিব পাৰে।
আৰু এটা বিষয় হৈছে, চান্দ্রবর্ষৰ হিচাপ অনুযায়ী হোৱাত একেটা ঈবাদত বিভিন্ন বতৰত পালনৰ সুযোগ মুছলমানে পায়। কেতিয়াবা ৰোজা সৰু দিনৰ হয়, কেতিয়াবা দীর্ঘ দিনৰ। কেতিয়াবা ঈদ আৰু হজ্ব হয় শীতকালত, কেতিয়াবা গ্রীষ্মকালত। বতৰৰ এই বৈচিত্র্যৰ কাৰণে মুছলমানসকলে একেটা ঈবাদত বা উৎসৱ আল্লাহৰ দিয়া প্ৰতিটো বতৰতেই পালন কৰিব পাৰে।
বহু ক্ষেত্রত দেখা যায়, ইছলামৰ ঐতিহাসিক ঘটনাৱলীৰ দিন-তাৰিখবোৰক খ্রীষ্টীয় চন-তাৰিখত ৰূপান্তৰিত কৰি পালন কৰা হয় বা স্মৰণ কৰা হয়। এনে কৰাটো কিমান যুক্তিযুক্ত?
মোৰ বোধেৰে এনে কৰাটো যুক্তিযুক্ত নহয় আৰু এনে কৰা উচিত নহয়। কাৰণ, এইবোৰ ঘটনা যিবোৰ মাহ বা দিনত সংঘটিত হৈছে সেইবোৰৰ পৃথক তাৎপর্য আছে। যেনেঃ বদৰ যুদ্ধৰ দিনৰ কথা ক’ব পাৰে। যুদ্ধটো হৈছে ৰমজান মাহত। কুৰআন নাযিলৰ মাহত। এতিয়া এই যুদ্ধৰ তাৰিখক খ্রীষ্টীয় চনৰ অনুসৰণ কৰি স্মৰণ কৰিলে এটা সময়ত দেখা যাব যে, দিনটো আৰু ৰমজান মাহত নাই। তেতিয়া এই যুদ্ধৰ ইতিহাসৰ যি আবেদন আছে, সেয়া অলপ হ’লেও হেৰাই যাব। গতিকে এনে ঘটনা আৰু দিৱসক হিজৰী চন আৰু তাৰিখ দিয়েই গণনা কৰা উচিত। অৱশ্যে হিজৰী চন ঠিক ৰাখি কোনোবাই যদি ইয়াৰ সৈতে খ্রীষ্টীয় চনক মিলাই উল্লেখ কৰে, তেনেহ’লে দোষণীয় নহয়।
হিজৰী চন বা ইছলামী চনক স্মৰণ আৰু অনুশীলনত ৰখা মুছলমানসকলৰ বাবে কিমান জৰুৰী?
কেৱল হিজৰী চন নহয়, হিজৰী চনৰ মাহবোৰৰ তাৰিখ ব্যৱহাৰ আৰু চর্চাত ৰখা প্রত্যেক মুছলমানৰ কর্তব্য। মুছলমানসকলৰ হিচাব-নিকাচবোৰ হিজৰী তাৰিখ উল্লেখ কৰিয়েই কৰা উচিত। অন্য চনৰ হিচাপ অনুগামী হিচাপে আহিব পাৰে।
মনত ৰাখিব লাগিব, ইছলামী তাৰিখ বা চান্দ্রবর্ষৰ হিচাপ ৰক্ষা কৰা মুছলমানসকলৰ বাবে ফৰজে কিফায়া। এনেকৈ ভবাৰ কোনো অৱকাশেই নাই যে, হিজৰী চনটো আচলতে আৰবী বা কেৱল আৰবীসকলৰ এটি চন; বৰং এইটো মুছলমানসকলৰ চন আৰু ইছলামী চন। এই ক্ষেত্রত কেৱল এটা চন্দ্ৰ দেখা কমিটী বনাই এখন মুছলিম-ৰাষ্ট্রৰ দায়িত্ব পৰিপূৰ্ণ ৰূপে পালিত নহয়। বৰং সকলো মুছলিমপ্রধান ৰাষ্ট্রৰ উচিত, তেওঁলোকৰ স্বাতন্ত্র্য আৰু স্বকীয়তা বজায় ৰাখি ইছলামী বা হিজৰী চনক প্রাধান্য দিয়া।
মোৰ অনুভৱ হয়, এই ক্ষেত্রত ও.আই.ছি. য়ে অগ্রণী ভূমিকা পালন কৰিব পাৰে। নিজৰ নিজৰ ক্ষেত্রত প্রত্যেক মুছলিম ৰাষ্ট্রয়ো এইটো কৰিব পাৰে। বহু মুছলিম ৰাষ্ট্রত ইয়াৰ নজিৰো আছে।
বহুতে ক’ব বিচাৰে যে, চন্দ্ৰ দেখা নহয়, গণনাৰ ভিত্তিত হিজৰী চনৰ হিচাপ ৰখা আৰু তাৰ বাবে স্থায়ী হিজৰী কেলেণ্ডাৰ প্ৰণয়নৰ উদ্যোগ ল’ব পাৰি। এই বিষয়ত আপুনি কি কয়?
গণনাৰ ভিত্তিত হিজৰী কেলেণ্ডাৰ প্ৰণয়নৰ বিষয়টোৰ আচলতে দুটা ৰূপ হ’ব পাৰে। এটা হ’ল, সৌৰবর্ষৰ দৰে হিজৰী চনৰো ১২ মাহ আৰু প্রতি মাহৰ দিন ২৯/৩০ হোৱাৰ হিচাপ কৰা (যিটো বৰ্তমান প্রচলিত আছে)। এনেদৰে কেলেণ্ডাৰ প্ৰণয়ন কৰা দোষনীয় নহয়। কিন্তু তাত উল্লেখ থাকিব লাগিব, এইটো চন্দ্ৰ দেখাৰ ওপৰত নির্ভৰশীল। বহুকেইখন আৰব দেশতো এনে ধৰণৰ কেলেণ্ডাৰ অনুসৰণ কৰা হয়। পৰৱর্তী সময়ত চন্দ্ৰ দেখাৰ ভিত্তিত কম-বেছি হ’লে তেওঁলোকে কেলেণ্ডাৰ সংশোধন কৰি ল’ব।
আন এটা ৰূপ হৈছে, চন্দ্ৰ নেদেখুৱাকৈয়ে গণনাৰ ভিত্তিত নিশ্চয়তাৰ সৈতে আগতীয়াকৈ কৈ দিয়া যে, এইবাৰ অমুক মাহৰ এক তাৰিখ অমুক বাৰত হ’ব। এই চিন্তাটো ভুল। শ্বৰীয়তত ইয়াৰ কোনো ভিত্তি নাই। কুৰআন মজীদৰ বিভিন্ন স্থানত চান্দ্রমাহৰ কথা উল্লেখিত হৈছে আৰু সেইবোৰ গণনাৰ মাধ্যম হিচাপে সাব্যস্ত কৰা হৈছে। ইয়াত ‘গণনাৰ মাধ্যম’ কোৱাৰ উদ্দেশ্য প্রথম ৰূপটো। অর্থাৎ সৌৰবর্ষ যেনেকৈ গণনাৰ মাধ্যম চান্দ্রবর্ষও তেনেকৈ গণনাৰ মাধ্যম। কুৰআন মজীদৰ মৌলিক জ্ঞান নথকাৰ কাৰণে বহুতে উক্ত শব্দমালাৰ দ্বাৰা এই কথা বুজি লৈছে যে, চন্দ্ৰ দেখাৰ বিষয়ত নিশ্চিত নোহোৱাকৈয়ো হিজৰী বর্ষৰ প্রত্যেক মাহৰ প্রথম তাৰিখ আৰু শেষ তাৰিখ নিশ্চিতভাৱে চিহ্নিত কৰি হিজৰী কেলেণ্ডাৰ প্ৰণয়ন কৰি লোৱা উচিত। অথচ হিজৰী মাহৰ বিষয়টো যে চন্দ্ৰ দেখাৰ ওপৰত নির্ভৰশীল সেইটো এটা স্বতঃসিদ্ধ বিষয়।
ৰাছুলে কাৰীম ছাল্লাল্লাহু আলাইহি ৱা ছাল্লামে স্পষ্ট ভাষাত কৈছে, তোমালোকে চন্দ্ৰ দেখি ৰোজা ৰাখা আৰু চন্দ্ৰ দেখি ইফতাৰ কৰা। – ছহীহ বুখাৰী, হাদীছঃ ১৯০৯; ছহীহ মুছলিম, হাদীছঃ ১০৮৯; মুছনাদে আহমদ, হাদীছঃ ৯৫৫৬
কুৰআন মজীদতো (ছুৰা বাকাৰাঃ ১৮৯) হজ্বৰ বিষয়ক চন্দ্ৰৰ ওপৰত নির্ভৰশীল ঘোষণা কৰা হৈছে। বিষয়টো হাজাৰ বছৰ ধৰি মুছলমানসকলৰ মাজত মীমাংসিত। সেয়েহে এই বিষয়ত নতুনকৈ বিভ্রান্তি সৃষ্টিৰ সুযোগ নাই।
এটা মহলে বিশ্বব্যাপী একেদিনাই ঈদ পালন আৰু একেলগে ৰোজা ৰখাৰ দাবী তুলিছে। এই দেশৰ কিছুমান গাঁৱত এনেদৰে পালিতও হৈ আছে। এই বিষয়ত আপোনাৰ বক্তব্য কি?
চাৱক, ছাহাবায়ে কেৰামৰ যুগতো ইছলাম যেতিয়া বিশ্বৰ বিভিন্ন ঠাইত বিয়পি পৰিছিল তেতিয়াও ভিন ভিন এলাকা ভেদে ঈদ আৰু ৰোজাৰ দিন ভিন্ন হৈছে। ছিৰিয়া আৰু মদীনাত একেদিনাই ঈদ হোৱা নাই। হাদীছৰ কিতাপত لكل أهل بلد رؤيتهم নামেৰে এটা অধ্যায় আছে। গতিকে সমগ্ৰ বিশ্বত একেদিনাই ৰোজা আৰু ঈদ পালন কৰাৰ নামত দেশৰ কিছুমান গাঁৱত আগতীয়াকৈ ৰোজা বা ঈদ পালন কৰাটো ঐক্যৰ নামত অনৈক্যৰেই এটি নিদর্শন। অৱশ্যে এইবোৰ বিষয়ক লৈ অতিৰঞ্জিত কৰা বা পৰস্পৰ তিক্ততাৰ সৃষ্টি কৰা কোনোপধ্যেই কাম্য নহয়।
মনত ৰাখিব লাগিব যে, মুছলমানসকলৰ মূল সৌন্দর্য আৰু ঐক্যৰ ভিত্তি হৈছে শ্বৰীয়তৰ অনুসৰণৰ মাজত। সমগ্ৰ পৃথিৱীত একেদিনাই ৰোজা আৰু ঈদ পালন কৰা জৰুৰী কোনো বিষয় নহয়।
যেনেদৰে বিশ্বৰ বিভিন্ন অঞ্চলৰ মানুহে তেওঁলোকৰ পাঁচ ৱাক্তৰ নামাজ বিভিন্ন সময়ত পঢ়ি থাকে। যেনেদৰে আপুনি যেতিয়া ফজৰ পঢ়ি আছে জাপানত তাক পঢ়া হৈ গৈছে আৰু ৩ ঘণ্টা আগত। আৰু ছৌদী আৰবত তাক পঢ়া হ’ব ৩ ঘণ্টাৰো বেছি সময় পিছত। ইয়াত তো কোনো অনৈক্যৰ সৃষ্টি নহয়।
[মূল- মুফতি আবুল হাছান মুহাম্মাদ আব্দুল্লাহ
মাসিক আলকাউসার | মুহাৰৰম-১৪৩৩ || ডিচেম্বৰ-২০১১ ]
সংগ্রহ আৰু অনুবাদঃ দেলুৱাৰ খান বিন আব্বাছ খান
খৰুৱাপাৰা, বৰপেটা
শিক্ষক, দাৰুল উলুম ভেল্লা, বৰপেটা
সম্পাদনা – এম ইউছুফ কাছিমী ।