৬৩ বছৰীয়া জীৱনত এটাও মিছা নোকোৱা এজন মহান ব্যক্তি

Share :

▪️৬৩ বছৰীয়া জীৱনত কেতিয়াও মিছা নোকোৱা এজন মহান ব্যক্তি —

▪️ৱহীক অস্বীকাৰ কৰা ব্যক্তি কেতিয়াও আহলে ক্বুৰআন হ’ব নোৱাৰে —

▪️হাদীছৰ অস্বীকাৰ কৰা ব্যক্তি কেতিয়াও কুৰআন মানি চলে বুলি দাবী কৰিব নোৱাৰে —

আল্লাহ’ৰ ৰাছূল ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে প্ৰতিটো কথা আৰু প্ৰত্যেকটো নিৰ্দেশনা কেৱল ৱহী (ঐশ্বৰিক বাণী) অনুযায়ী আলোচনা কৰিছে —

ক্বুৰ’আনুল কাৰীমত বাৰে বাৰে কোৱা হৈছে যে, মহান আল্লাহ তা’আলাই তেওঁৰ  ৰাছূল ছল্লাল্লাহু আলাইহি ওয়া ছাল্লামক দুটা বিষয় প্রদান কৰিছে এটা ‘কিতাব’ বা ‘পুস্তক’ আৰু দ্বিতীয়টো ‘হিকমাহ’ বা ‘প্রজ্ঞা’।   ( ছূৰাঃ বাক্বাৰাহ আয়াত নং ১২৯, ১৫১, ২৩১; ছূৰা আলি-ইমৰাণ আয়াত নং ১৬৪, ছূৰাঃ নিছা আয়াত নং ১১৩; ছূৰাঃ আহযাব আয়াত নং ৩৪; ছূৰা জুমুআহ:

আয়াত নং ২)

এই পুস্তক বা ‘কিতাব’ হ’ল ক্বুৰ’আনুল কাৰীম, যি হুবহু ৱহীৰ শব্দত আৰু বাক্যত সংকলিত হৈছে। আৰু ‘হিকমাহ’ বা প্রজ্ঞা হ’ল ৱহীৰ মাধ্যমত প্রদত্ত অতিৰিক্ত প্রায়োগিক জ্ঞান যি ‘হাদীছ’ নামেৰে সংকলিত হৈছে। গতিকে ইছলামত ৱহী দুই প্রকাৰ হল—

১। ক্বুৰ’আন। 

২। হাদীছ। 

ইছলামৰ এই দুই মূল উৎসৰ ৰক্ষাৰ্থে বিশেষ ব্যবস্থা গ্রহণ কৰা হৈছে। ৱহীৰ জ্ঞানক হুবহু নির্ভেজালভাবে সংৰক্ষণৰ বাবে এফালে ক্বুৰ’আন আৰু হাদীছক হুবহু শাব্দিকভাবে মুখস্থ ৰাখিবলৈ নির্দেশ দিয়া হল। আনফালে সন্দেহাতীতভাবে প্রমাণিত নোহোৱা এনে কোনো কথাক মহান আল্লাহ বা তেওৰ ৰাছূল ﷺ ৰ নামত ক’বলৈ কঠিনভাবে নিষেধ কৰা হল। কাৰণ মহানবী ছাঃ ৰ কোনো কথা বা কোনো নিৰ্দেশনা নিজৰ ব্যক্তিগত মত নহয়, বৰঞ্চ মহান সৃষ্টিকৰ্তাৰ মহান বাণী বা ঐশ্বৰিক বাণী। 

এতেকে ৰাছূলুল্লাহ ছাঃ এ তেওঁৰ এইবোৰ দায়িত্ব পালানার্থে, হাদীছৰ মাধ্যমত , পৱিত্ৰ কুৰআনৰ ব্যাখ্যা স্বৰূপ যি যি বিশ্লেষণ আৰু যুক্তি তথা আলোচনা কৰি গৈছে সকলো ১০০% সত্য, তাক কোনো ধৰণৰ সন্দেহৰ অৱকাশ নাই বা থাকিব নালাগে। হয়, ইছলাম বুজাবলৈ মহানবী ছাঃ এ যিমান আলোচনা কৰিছে, যিমান আমল কৰি দেখাইছে আৰু নিৰ্দেশনা প্ৰদান কৰিছে, তাত এটাও মিছা নাই, তাৰ কোনো এটা নিজৰ ইচ্ছামতে কৰা নাই বা কোৱা নাই; সকলো আল্লাহ’ৰ নির্দেশ অনুসৰি কৰিছে বা কৈছে। এনেকৈয়ে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ নবীগৰাকী কোনো ধৰণৰ মিছাৰ আশ্ৰয় অবিহনে ৬৩ টা বছৰ সম্পূৰ্ণ কৰিছিল। তলত প্ৰমান হিচাপে কিছু আয়াত উল্লেখ কৰা হ’ল :

১। ছূৰা নাজমত আছে-

وَ مَا یَنْطِقُ عَنِ الْهَوٰی  اِنْ هُوَ اِلَّا وَحْیٌ یُّوْحٰی.

তেওঁ তেওঁৰ খেয়াল-খুচী মতে একো নকয়। (তেওঁৰ কথাবোৰ) এয়া মাথোন ৱহীহে, যিটো তেওঁৰ প্ৰতি প্ৰেৰণ কৰা হৈছে। (ছূৰাঃ নাজম আয়াত নং: ৩,৪)

২। ছূৰা আহক্বাফত আছে-

قُلْ مَا كُنْتُ بِدْعًا مِّنَ الرُّسُلِ وَ مَاۤ اَدْرِیْ مَا یُفْعَلُ بِیْ وَ لَا بِكُمْ  اِنْ اَتَّبِعُ اِلَّا مَا یُوْحٰۤی اِلَیَّ وَ مَاۤ اَنَا اِلَّا نَذِیْرٌ مُّبِیْنٌ.

(হে নবী) তুমি কোৱা, ‘ ৰছূল হিচাপে ময়েই প্ৰথম নহ’য়; আৰু মই নাজানোঁ যে, মোৰ লগত কেনে আচৰণ কৰা হ’ব আৰু এয়াও নাজানোঁ যে, তোমালোকৰ লগত কেনে আচৰণ কৰা হ’ব! মইতো কেৱল মোৰ প্ৰতি যি ৱহী অৱতীৰ্ণ কৰা হয় তাৰহে অনুসৰণ কৰোঁ আৰু মই এজন স্পষ্ট সতৰ্ককাৰীহে মাথোন। (ছূৰাঃ আহক্বাফ আয়াত নং ৯)

এই আয়াতদ্বয়ৰ পৰা স্পষ্ট, ৰাছূলুল্লাহ ছল্লাল্লাহু আলাইহি  ৱা-ছাল্লাম-এ ক্বুৰ’আনুল কাৰীমৰ তাফছীৰ ও ব্যাখ্যা হিচাবে যি কিছু কৈছে ও কৰিছে, সকলো ওহীৰ ভিত্তিত। তথাপিও বিষয়টো ক্বুৰ’আনত আৰু বিশেষভাবেও উল্লেখিত হৈছ। 

৩। ছূৰা ক্কিয়ামাহ’ত আল্লাহ তা’আলাই কৈছে-

لَا تُحَرِّكْ بِهٖ لِسَانَكَ لِتَعْجَلَ بِهٖ،  اِنَّ عَلَیْنَا جَمْعَهٗ وَ قُرْاٰنَهٗ،  فَاِذَا قَرَاْنٰهُ فَاتَّبِعْ قُرْاٰنَهٗ،  ثُمَّ اِنَّ عَلَیْنَا بَیَانَهٗ.

(হে নবী!) ইয়াক ততাতৈয়াকৈ মুখস্থ কৰিবলৈ তুমি তোমাৰ জিভা নলৰবা। ইয়াক (তোমাৰ অন্তৰত) সংৰক্ষণ কৰা আৰু ( তোমাৰ হতুৱাই) পাঠ কৰোৱাৰ দায়িত্ব মোৰহে। এতেকে, যেতিয়া মই ইয়াক পাঠ কৰোঁ তেতিয়া তুমি সেই পাঠৰ অনুসৰণ কৰিবা। তাৰ পাছত ইয়াৰ (তাৎপৰ্য) বৰ্ণনা কৰাৰ দায়িত্বও মোৰেই। (ছূৰাঃ ক্বিয়ামাহ ১৬ ৰ পৰা ১৯ লৈকে)

৪। ছূৰা নিছাত আল্লাহে কৈছে-

اِنَّاۤ اَنْزَلْنَاۤ اِلَیْكَ الْكِتٰبَ بِالْحَقِّ لِتَحْكُمَ بَیْنَ النَّاسِ بِمَاۤ اَرٰىكَ اللهُ وَ لَا تَكُنْ لِّلْخَآىِٕنِیْنَ خَصِیْمًا.

 নিশ্চয় মই তোমাৰ প্ৰতি সত্যৰে সৈতে এই কিতাবখন নাজিল কৰিছোঁ যাতে আল্লাহে তোমাক দান কৰা উপলব্ধি অনুসৰি তুমি মানুহৰ মাজত বিচাৰ মীমাংসা কৰিব পাৰা; আৰু তুমি খিয়ানতকাৰী সকলৰ পক্ষ অৱলম্বন নহ’বা।। (ছূৰাঃ নিছা আয়াত নং ১০৫)

ৰাছূলুল্লাহ ছল্লাল্লাহু আলাইহি ওয়া ছাল্লাম- ৰ এই সকলোবোৰ কথা ও কৰ্মক হাদীছ ও ছূন্নাহ বোলে। গতিকে ৰাছূল ছাঃ -ৰ প্রতি ঈমান আনাৰ অর্থই হ’ল- তেওঁৰ ছূন্নাহ ও হাদীছৰ অনুসৰণ কৰা, তেওঁৰ সকলো কথা ও কৰ্মক বিনা দ্বিধাত মানি লোৱা আৰু তাৰ প্রতি নিঃচর্তে আনুগত্য প্রকাশ কৰা।

এই সম্পৰ্কে আল্লাহ তাআলা আৰু কৈছে-

قُلْ اَطِیْعُوا اللهَ وَ الرَّسُوْلَ فَاِنْ تَوَلَّوْا فَاِنَّ اللهَ لَا یُحِبُّ الْكٰفِرِیْنَ.

তুমি কোৱা, তোমালোকে আল্লাহ আৰু ৰছূলৰ আনুগত্য কৰা, তথাপি যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে (জানি ৰাখা,)নিশ্চয় আল্লাহে কাফিৰ হতঁক ভাল নাপায়  (ছূৰাঃ আলি-ইমৰান আয়াত নং ৩২)

৫। অন্য ঠাইত আল্লাহ তা’আলাই কৈছে-

وَ مَا كَانَ لِمُؤْمِنٍ وَّ لَا مُؤْمِنَةٍ اِذَا قَضَی اللهُ وَ رَسُوْلُهٗۤ اَمْرًا اَنْ یَّكُوْنَ لَهُمُ الْخِیَرَةُ مِنْ اَمْرِهِمْ  وَ مَنْ یَّعْصِ اللهَ وَ رَسُوْلَهٗ فَقَدْ ضَلَّ ضَلٰلًا مُّبِیْنًا.

আল্লাহ আৰু তেওঁৰ ৰছূলে কোনো বিষয়ৰ ফয়ছালা কৰি দিয়াৰ পাছত কোনো মু’মিন পুৰুষ অথবা মু’মিন নাৰীৰ বাবে সেই বিষয়ত তেওঁলোকৰ অইন কোনো (সিদ্ধান্ত গ্ৰহণৰ) অধিকাৰ নাথাকে। যিয়ে আল্লাহ আৰু তেওঁৰ ৰছূলক অমান্য কৰিলে সি (দৰাচলতে) সুস্পষ্ট পথভ্ৰষ্টতাত হে লিপ্ত হ’ল।

(ছূৰা আহযাব আয়াত নং ৩৬)

৬। আল্লাহ তা’আলাই আৰু কৈছে-

فَلَا وَ رَبِّكَ لَا یُؤْمِنُوْنَ حَتّٰی یُحَكِّمُوْكَ فِیْمَا شَجَرَ بَیْنَهُمْ ثُمَّ لَا یَجِدُوْا فِیْۤ اَنْفُسِهِمْ حَرَجًا مِّمَّا قَضَیْتَ وَ یُسَلِّمُوْا تَسْلِیْمًا.

কিন্তু নহ’য়, (হে ৰছূল) তোমাৰ প্ৰতিপালকৰ শপত! সিহঁত তেতিয়ালৈকে মু’মিন হ’ব নোৱাৰিব যেতিয়ালৈকে সিহঁতে নিজৰ মাজত সংঘটিত বিবাদ মীমাংসাৰ বাবে তোমাক বিচাৰক হিচাপে মানি নল’ব, তাৰ পাছত তুমি প্ৰদান কৰা ফয়চালাৰ ক্ষেত্ৰত মনত কুণ্ঠাবোধ নকৰিব আৰু সেয়া সৰ্বান্তকৰণে মানি নল’ব। (ছূৰা নিছা আয়াত নং ৬৫)

ছাহাবা-তাবেয়ীন সহ সকলো যুগৰ হকপন্থী মুছলমান সকলে এই ভাবেই ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি  ৱা-ছাল্লামৰ অনুসৰণ কৰিছে। তেওঁৰ প্রতিটো কথা আৰু কামক বিনা দ্বিধায় মান্য কৰিছে। তেওঁৰ ছূন্নাহক শ্বৰয়ী বিধি-বিধানৰ উৎস  ক্বুৰআন অনুধাবনৰ ভিত্তি তথা মানদণ্ড হিচাপে গ্রহণ কৰিছে।

গতিকে যিজনে ৱহীক অস্বীকাৰ কৰিব তেওঁ কেতিয়াও আহলে ক্বুৰ’আন হ’ব নোৱাৰে। বৰঞ্চ তেওঁ এক নম্বৰ ক্বুৰআন অস্বীকাৰ কাৰী হয়।

 واللہ أعلم بالصواب

কলম – মওঃ আলী আছগৰ আকন্দ

         _______ সদস্য – “ইচৰা-কলম”

সম্পাদনা – এম ইউছুফ কাছিমী (এডিটৰ, NE PEACE )