স্বাধীনতা সংগ্ৰামত মাদ্ৰাছা আৰু আলিমসমাজৰ (মৌলানা) ভূমিকা আৰু কুৰ্বানী 

Share :

স্বাধীনতা সংগ্ৰামত মাদ্ৰাছা আৰু আলিমসমাজৰ (মৌলানা) ভূমিকা আৰু কুৰ্বানী 

“স্বাধীনতা সংগ্ৰামত ইছলামী শিক্ষানুষ্ঠান অৰ্থাৎ মাদ্ৰাছাসমূহৰ আৰু উলামা-ই-কেৰামৰ ভূমিকা”  (جنگ آزادی میں مدارسِ اسلامیہ کے علماء  کرام کی  قربانیاں) সন্দৰ্ভত আলোচনা কৰা, তাৰ প্ৰচাৰ আৰু প্ৰসাৰ , সদায়ৰ দৰে সাম্প্রতিক সময়তো, আজিৰ দিনতো আমাৰ সমাজত অত্যন্ত প্ৰাসংগিক হৈ আছে। 

ভূমিকা :

ভাৰতৰ কৌমী তথা ইছলামিক মাদ্ৰাছা সমূহে জেহালত (মূৰ্খতা) আৰু নিৰক্ষৰতাৰ বেহু ফালি বিভিন্ন দ্বীনি শিক্ষা আৰু ভিন্ন বিষয়ৰ ওপৰত প্ৰশিক্ষণ, প্ৰসাৰ-প্ৰচাৰ, মিল্লতে ইছলামীয়াৰ দ্বীনি, মিল্লী আৰু কৌমী নেতৃত্ব দিয়াৰ লগতে উম্মতক মাৰ্গদৰ্শন দিয়াৰ দায়ৱদ্ধতা আৰু কৰ্তব্য পালন কৰি আহিছে। মুল্ক ৱ মিল্লত (দেশ আৰু জাতি) ৰ উন্নয়ন আৰু প্ৰগতিৰ ক্ষেত্ৰখনতো এই মাদ্ৰাছা সমূহৰ খেদমতৰ উজ্জ্বল অধ্যায় জিলিকি আছে। বিশেষকৈ বৃটিছ সাম্ৰাজ্যবাদী সকলৰ আগ্ৰাসী চৰিত্ৰ, ভাৰতৰ জনসাধাৰণৰ ওপৰত চলোৱা বৰ্বৰ অত্যাচাৰৰ পৰা সুৰক্ষা পোৱা, স্বদেশক দাসত্বৰ পৰা মুক্ত কৰা, ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আৰু স্বতন্ত্ৰতা ৰক্ষা কৰিবলৈ স্বাধীনতা সংগ্ৰাম কৰাৰ ক্ষেত্ৰত এই মাদ্ৰাছা সমূহৰ উলামা সকল আৰু কৰ্তৃপক্ষৰ কোৰ্বানী আৰু ভূমিকা আছিল অপৰিসীম। ইছলামিক মাদ্ৰাছা সমূহৰ উলামা সকলেইতো স্বদেশৰ জনসাধাৰণক আই মাতৃ ভাৰতবৰ্ষৰ স্বাধীনতাৰ বাবে  জাগাইছিল; তাকো সেই সময়ত, যেতিয়া দেশৰ জনতা শুই শুই সপোনপুৰীত বিভোৰ হৈ আছিল। স্বাধীনতাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বৰ প্ৰতি উদাসীন আৰু দাসত্বৰ অপমানৰ প্ৰতি সচেতনহীন এখন সমাজক স্বাধীনতাৰ প্ৰতি সজাগ কৰা কিযে দুৰূহ কাম সেয়া বিদ্যান সকলেহে অনুমান কৰিব পাৰিছিল। ইছলামিক মাদ্ৰাছা সমূহৰ উলামা সকল দেশৰ জনতাৰ মাজত এই সজাগতা বিস্তাৰ কৰাৰ ক্ষেত্ৰত সকলোতকৈ আগত আছিল। আনকি সেই সকল উলামায়েই স্বাধীনতাৰ বাবে সৰ্বপ্ৰথম সশস্ত্ৰ সংগ্ৰামৰ পোষকতা কৰি দেশৰ বাহিৰে ভিতৰে আলোড়নৰ সৃষ্টি কৰি ইংৰাজৰ বিৰুদ্ধে চলে বলে কৌশলে যুজিবলৈ জনসাধাৰণৰ মাজত ডংকা বজাইছিল। 

পৰন্তু আজি ইওঁ এক অকথ্য সত্য যে প্ৰতিটো বছৰৰ ১৫ আগষ্ট তাৰিখটো ৰাষ্ট্ৰীয় ঐতিহাসিক স্বাধীনতা দিৱস হিচাপে পালন কৰা আৰু দেশৰ স্বাধীনতা আন্দোলনৰ সেনানী সকলৰ স্মৃতি ৰোমন্থন কৰা হয় যদিও ইছলামিক মাদ্ৰাছা সমূহৰ সেই সকল উলামা যোদ্ধাৰ কোনো দিন নামো লোৱা নহয়। তেওঁলোকৰ অৱদান আৰু ভূমিকাক সদায় একাষৰীয়া কৰি থোৱা হয়, যিসকলে ৰাষ্ট্ৰ আৰু জাতিৰ বাবে কাৰাবৰণ খাতিবলগীয়া হৈছিল, মাল্টা আৰু কালাপানীৰ জেলত শ’ত-সহস্ৰ দিন ভেৰোনীয়া ইংৰাজ সেনাৰ হাতত অত্যাচাৰ সহ্য কৰিবলগীয়া হৈছিল। তাত তেওঁলোকে এনে উদাহৰণ প্ৰতিষ্ঠা কৰিছিল যে যাৰ কোনো নজিৰ বিচাৰি পোৱা নাযায়, দেশৰ কোণে কোণে যাৰ অজস্ৰ জলন্ত সাক্ষী আজিও বিৰাজমান। 

দেশৰ এটা বৃহৎ অংশ সদায় এটা ভ্ৰান্ত ধাৰণাত নিমজ্জিত হৈ আছে যে সেই ইছলামিক মাদ্ৰাছা সমূহৰ উলামা-ফোজালা সকল জাতীয় ধাৰা আৰু সোঁতৰ পৰা সম্পূৰ্ণ পৃথক, স্বদেশী আৰু জাতীয় স্বাৰ্থৰ পৰা তেওঁলোক বেপৰোৱা হৈ কেৱল দ্বীনি শিক্ষা দানত ব্ৰতী হৈ থাকে, ইছলামিক মাদ্ৰাছা সমূহ আৰু তাৰ শিক্ষাৰ্থী উলাম-ফোজালা সকল দেশৰ পৰিস্থিতি আৰু প্ৰগতিৰ ক্ষেত্ৰত বে-খবৰ, দেশ আৰু জাতিৰ সেৱা আৰু স্বাৰ্থৰ প্ৰতি তেওঁলোক উদাসীন আৰু চেতনাহীন; কিন্তু ইছলামিক মাদ্ৰাছা সমূহৰ ঐতিহাসিক অতীতৰ আদৰ্শবান চৰিত্ৰ অধ্যয়ন কৰিলে দেখা যায় যে সেই ধাৰণা সম্পূৰ্ণ ভুল আৰু অজ্ঞানতাৰ ওপৰত প্ৰতিষ্ঠিত, বিশুদ্ধ অধ্যয়ন আৰু তথ্যভিত্তিক গৱেষণাই তেনে ভ্ৰান্ত ধাৰণাক সম্পূৰ্ণৰূপে নস্যাৎ কৰে আৰু ভিত্তিহীন বুলি প্ৰমাণ কৰে। ভাৰত তথা ইছলামিক মাদ্ৰাছা সমূহৰ বিশুদ্ধ সোঁনালী ইতিহাসে স্বদেশ আৰু জাতিৰ বাবে তেওঁলোকে আগবঢ়োৱা সেৱা আৰু বিভিন্ন বিষয়ত তেওঁলোকে গ্ৰহণ কৰা ভূমিকাই চিয়ঁৰি চিয়ঁৰি কয় যে ইছলামিক মাদ্ৰাছা সমূহৰ উলামা-ফোজালা সকলে সৰ্বদাই স্বদেশআৰু জাতিৰ স্বাৰ্থত সকলোতকৈ আগত নিজৰ ঘাম আৰু ৰক্ত বোৱাইছে; আৰু দেশৰ স্বাধীনতাৰ ইতিহাসৰ প্ৰতিটো পৃষ্ঠা তেওঁলোকৰ ত্যাগে সিক্ত কৰি ৰাখিছে। সেই শ’ত-সহস্ৰ উলামা আৰু স্বাধীনতা সেনানীৰ এক দীঘলীয়া তালিকা আছে, যিসকলে স্বাধীনতাৰ বাবে সকলো ধৰণৰ ত্যাগ স্বীকাৰ কৰিছিল আৰু দেশ ৰক্ষাৰ স্বাৰ্থত নেতৃত্বমূলক পদক্ষেপ গ্ৰহণ কৰিছিল। দেশ স্বাধীন হোৱাৰ পিছত বৃটিছ পাৰ্লিয়ামেন্টত দাখিল কৰা ৰিপোৰ্টত বৃটিছৰ বিৰুদ্ধে আন্দোলন কৰা ইছলামিক মাদ্ৰাছা সমূহৰ উলামা সকলৰ এখনি তালিকা দাখিল কৰা হৈছিল, য’ত ৫৭,৫০০ উলামাৰ নাম সন্নিবিষ্ট হৈ আছে। প্ৰকৃত তালিকা প্ৰস্তুত কৰিবলৈ হ’লে মাদ্ৰাছাৰ শিক্ষাৰ্থী উলামা-ফোজালা সকলৰ কেৱল নাম লিখিবলৈও কেইবা হাজাৰ পৃষ্ঠাৰ প্ৰয়োজন হ’ব।

 সেই দীঘলীয়া তালিকাৰ তালিকাৰ কিয়দাংশ তলত দাঙি ধৰা হ’ল-

১। মৌলানা ছাহ ৱলিউল্লাহ মহাদ্দিছে দেহলৱী (ৰঃ)।

২। মৌলানা ছাহ আব্দুল আজিজ মহাদ্দিছে দেহলৱী (ৰঃ)।

৩। মৌলানা ছাহ ৰফিউদ্দিন দেহলৱী (ৰঃ)।

৪। মৌলানা ছাহ আব্দুল কাদিৰ দেহলৱী (ৰঃ)।

৫। মৌলানা চৈয়দ আহমদ ছহীদ ৰায়বেৰলৱী (ৰঃ)।

৬। মৌলানা চৈয়দ ইছমাইল ছহীদ দেহলৱী (ৰঃ)।

৭। মৌলানা ছাহ ইচহাক দেহলৱী (ৰঃ)।

৮। মৌলানা আব্দুল হাই বুদ্ধানৱী (ৰঃ)।

৯। মৌলানা ৱলায়ত আলী আজিমাবাদী (ৰঃ)।

১০।  মৌলানা জাফৰ থানেশ্বৰী (ৰঃ)।

১১। মৌলানা আব্দুল্লা চাদিকপুৰী (ৰঃ)।

১২। মৌলানা নজিৰ হুছাইন (ৰঃ)।

১৩। মুফতি চদৰুদ্দিন আজদাহ (ৰঃ)।

১৪। মুফতি এনায়েত আহমদ কাকুৰী (ৰঃ)।

১৫। মৌলানা ফৰিদুদ্দিন ছহীদ দেহলৱী (ৰঃ)।

১৬। চৈয়্যিদুত ত্বাইফাহ হাজী ইমদাদুল্লাহ মুহাজিৰে মক্কী (ৰঃ)।

১৭। ইমামে হুৰ্ৰিয়ত মৌলানা মহম্মদ কাছিম নানতৱী (ৰঃ)।

১৮। ফকীহে মিল্লাত মৌলানা ৰছিদ আহমদ গংগোহী (ৰঃ)

১৯। কাজী এনায়ত আহমদ থানৱী (ৰঃ)।

২০। কাজী আব্দুৰ ৰঙীণ থানৱী (ৰঃ)।

২১। হাফিজ জামিন ছহীদ (ৰঃ)।

২২। মৌলানা ৰহমাতুল্লাহ কীৰানৱী (ৰঃ)।

২৩। মৌলানা ফইজ আহমদ বদাযুনী (ৰঃ)।

২৪। মৌলানা আহমদুল্লাহ মাদ্ৰাজী (ৰঃ)।

২৫। মৌলানা ফজলে হক খয়ৰাবাদী (ৰঃ)।

২৬। মৌলানা ৰাজীউল্লাহ বদায়ুনী (ৰঃ)।

২৭। ইমামুল হিন্দ মৌলানা আবুল কালাম আজাদ (ৰঃ)।

২৮। ইমামে ইনক্লাব ছেইখুল হিন্দ মৌলানা মাহমুদ হাছান দেওবন্দী (ৰঃ)।

২৯। মৌলানা ছাহ আব্দু ৰহীম ৰায়পুৰী (ৰঃ)।

৩০। মৌলানা মহম্মদ আলী জৌহৰী (ৰঃ)।

৩১। মৌলানা হচৰত মোহানী (ৰঃ)।

৩২। মৌলানা ছৌকত আলী ৰামপুৰী (ৰঃ)।

৩৩। মৌলানা ওবাইদুল্লাহ সিন্ধী (ৰঃ)।

৩৪। মৌলানা ডা০ বৰ্কতুল্লাহ ভূপালী (ৰঃ)।

৩৫। ছেইখুল ইছলাম মৌলানা চৈয়দ হুছাইন আহমদ মদনী (ৰঃ)।

৩৬। মৌলানা কেফায়াতুল্লাহ দেহলৱী (ৰঃ)।

৩৭। মৌলানা চাইফুৰ ৰহমান কাবুলী (ৰঃ)।

৩৮। মৌলানা ৱাহীদ আহমদ ফইজাবাদী (ৰঃ)।

৩৯। মৌলানা মহম্মদ মিঞা আনচাৰী (ৰঃ)।

৪০। মৌলানা আজিজ গুল পেছাৱৰী (ৰঃ)।

৪১। মৌলানা হাকিম নুচৰত হুছাইন ফতেহপুৰী (ৰঃ)।

৪২। মৌলানা আব্দুল বাৰী ফিৰংগীমহল্লী (ৰঃ)।

৪৩। মৌলানা আবুল মহাচিন চাজ্জাদ পাটনৱী (ৰঃ)।

৪৪। মৌলানা আহমদ চয়ীদ দেহলৱী (ৰঃ)।

৪৫। মুজাহিদে মিল্লাত মৌলানা হিফজুৰ ৰহমান শিৱহাৰৱী (ৰঃ)।

৪৬। মৌলানা মহম্মদ মিঞা দেহলৱী (ৰঃ)।

৪৭। মৌলানা আতাউল্লাহ ছাহ বোখাৰী (ৰঃ)।

৪৮। মৌলানা হবীবুৰ ৰহমান লুধিয়ানৱী (ৰঃ)।

৪৯। মৌলানা আহমদ আলী লাহোৰী (ৰঃ)।

৫০। মৌলানা আব্দুল হেলীম চিদ্দিকী (ৰঃ)।

৫১। মৌলানা নুৰুদ্দিন বিহাৰী (ৰঃ)।

৫২। মৌলানা ছিব্বীৰ আহমদ ওচমানী (ৰঃ)।

উল্লেখিত উলামা সকলে আজাদীৰ বাবে কৌমক নেতৃত্ব দি দেশৰ কোণে কোণে, প্ৰান্তে প্ৰান্তে গৈ জনসাধাৰণক সজাগ কৰি জংগে আজাদীৰ মুজাহিদীন সকলক সংগঠিত কৰিছিল। 

یہ ہند میں سرمایہٴ ملت کے  نگہباں

اللہ  نے  بر وقت کیا ان کو خبردار

উল্লিখিত মুজাহিদীন উলামায়ে কেৰামৰ আটাইকেইজন ইছলামিক মাদ্ৰাছাৰেই ফাৰিগ শিক্ষাৰ্থী আছিল। এওঁলোকৰ ভিতৰত সেই সকল উলামাও আছে যি সকলে স্বাধীনতাৰ বাবে প্ৰচেষ্টা আৰু আন্দোলনৰ আৰম্ভণি কৰিছিল। প্ৰথাৱস্থাত হজৰত ছাহ আব্দুল আজিজ মুহাদ্দিছে দেহলৱী (ৰঃ) আৰু হজৰত মৌলানা আহমদ ছহীদ ৰায়বেৰলৱী (ৰঃ) ৰ নেতৃত্বত কাম কৰিছিল। তেওঁলোকৰ ইন্তেকালৰ পিছতো আন্দোলন জাৰি ৰাখিছিল ইছলামিক মাদ্ৰাছা সমূহৰ স্বাধীনতা প্ৰত্যাশী উলামায়ে কেৰামে। ১৮৫৮ খৃষ্টাব্দৰ চিপাহী বিদ্ৰোহ খ্যাত আন্দোলনত স্বয়ং নিজে ভাগ লোৱা উলামাৰ নামো এই তালিকাত আছে। পৰৱৰ্তী সময়ত ছেইখুল হিন্দ হজৰত মৌলানা মাহমুদ হাছান দেওবন্দী (ৰঃ) আৰু ইমামুল হিন্দ হজৰত মৌলানা আবুল কালাম আজাদ (ৰঃ) ৰ নতৃত্বতত স্বাধীনতা সংগ্ৰামত ভাগ লোৱা উলামায়ে কেৰামো আছে। তেওঁলোকৰ কোৰ্বানী আৰু ত্যাগৰ বিৱৰণ ঐতিহাসিক। 

◼️ ১। ১৮৫৭ চনৰ পূৰ্বলৈকে —

১৬ শতিকাৰ শেষাংশতেই ইংৰাজ চৌদাগৰ সকলে ভাৰতবৰ্ষত আহি থিতাপি লৈছিলহি। ১৬০১ খৃষ্টাব্দত ৰাণী এলিজাবেথৰ অনুমতি সাপেক্ষে এশগৰাকী বনিকে ৩০ হাজাৰ পাউণ্ড টকা ব্যয় কৰি ব্যৱসায় কৰাৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানী (East India Company) শীৰ্ষক এটা কোম্পানী প্ৰতিষ্ঠা কৰে। পশ্চিমবংগত কোম্পানীটোৱে নিজৰ কেন্দ্ৰীয় কাৰ্যালয় স্থাপন কৰি ১৫০ বছৰলৈ নিজৰ কাম-কাজ ব্যৱসায়ৰ ওপৰতেই ন্যস্ত ৰাখে। কিন্তু যেতিয়া সম্ৰাট আলমগীৰ ঔৰংগজেব (ৰঃ) আৰু মোআজ্জম ছাহৰ পিছত মোগল ৰাজত্বৰ ভেটি দুৰ্বল হৈ পৰিছিল আৰু দেশত অৰাজকতা আৰু বিচ্ছেদিত শাসন (Anarchy and prostitutes) ৰ যুগ আহিছিল, তেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিজৰ মুখা খুলি ৰাজত্বত হস্তক্ষেপ কৰা আৰম্ভ কৰিছিল। ১৭৫৭ খৃষ্টাব্দত পলাচীৰ যুদ্ধত নবাব ছিৰাজুদ্দৌলাৰ বিৰুদ্ধে বৃটিছ ফৌজে মুকলি ভাৱে ৰণক্ষেত্ৰত নামিছিল। ধৰ্মহীন, চেতনাহীন আৰু জাতিৰ দায়বদ্ধতাহীন অপদাৰ্থ মীৰ জাফৰৰ গাদ্দাৰীৰ বাবে নবাব ছিৰাজুদ্দৌলাই পৰাজয়বৰণ কৰিবলগীয়া হৈছিল। সম্পূৰ্ণ বংগ বৃটিছে নিজৰ দখললৈ নিবলৈ সক্ষম হৈছিল। 

পুনৰ ২২ অক্টোবৰ, ১৭৬৪ খৃষ্টাব্দত বৃটিছৰ বিৰুদ্ধে নবাব ছুজাউদ্দৌলা বক্সৰ (Battle of Buxar) ত হাৰিল। পৰিণতিত বংগ আৰু বিহাৰ বৃটিছৰ দখললৈ গ’ল। ১৭৯২ খৃষ্টাব্দত চুলতান টিপু (ৰঃ) ক ছহীদ কৰি বৃটিছে মাইছোৰ (Mysore) নিজৰ দখললৈ নিয়ে। ১৮২৬ খৃষ্টাব্দত এংলো-বাৰ্মাৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসম বৃটিছৰ দখললৈ যায়। ১৮৪৯ খৃষ্টাব্দত পঞ্জাৱো ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কব্জা কৰে। একেদৰে ক্ৰমশঃ এখনৰ পিছত আনখন ঠাই বৃটিছে কব্জা কৰি কৰি এনেকৈয়ে এটা সময়ত সমগ্ৰ ভাৰতবৰ্ষ নিজৰ দখললৈ নিয়ে। অৱশেষত দিল্লীতো ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজত্ব প্ৰতিষ্ঠা হোৱাৰ পিছত মোগল ৰাজত্বৰ কেৱল নামহে বাকী থাকিলগৈ। 

এই অঞ্চল সমূহ জয় কৰিবলৈ বৃটিছ ঔপনিৱেশিক শক্তিয়ে কেনে ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল সেই সম্পৰ্কে বিশ্বখ্যাত লেখিকা মিচেছ এনি বেচেন্টে কয় : “ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কৰা যুদ্ধ চিপাহী সকলৰ ফালৰ পৰা কৰা হোৱা নাছিল, বৰং বনিক সকলৰহে যুদ্ধ আছিল। হিন্দুস্থানক ইংলিছস্থানে তৰোৱালৰ দ্বাৰা জয় কৰা নাই, বৰং স্বয়ং হিন্দুস্থানী তথা ভাৰতীয় নাগৰিক সকলৰেই তৰোৱাল, ঘোছ, মুনফিকী, ষড়যন্ত্ৰ, দুমুখীয়া চৰিত্ৰৰ গাদ্দাৰী, স্বদেশৰেই একাংশই একাংশৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হোৱাৰ সুযোগ গ্ৰহণ কৰি সিহঁতে ভাৰতবৰ্ষ দখল কৰিছিল।” (হিন্দুস্তান কী কূছিছ আজাদী কে লিয়ে, পৃষ্ঠাঃ ৫৪)।

দেশত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পাৰি দিয়া জাল, ষড়যন্ত্ৰ আৰু সিহঁতৰ বৰ্ধিত প্ৰভাৱ সৰ্বপ্ৰথম যদি কোনোবাই উপলব্ধি কৰিছিল, তেনেহ’লে তেওঁ আছিল হজৰত ছাহ ৱলীউল্লাহ মুহাদ্দিছে দেহলৱী (ৰঃ)। তেখেতৰ সচেতন আৰু দূৰদৰ্শী ব্যক্তিত্ব অনস্বীকাৰ্য। তেখেতে সৰ্বপ্ৰথম নিজৰ ইচলাহী (সংস্কাৰমূলক) বয়ানত বৃটিছ শাসনৰ ভয়াবহতা, ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ হৰণ, দাসত্বৰ অভিশাপত নিমজ্জিত হোৱা আদি বিষয়বোৰৰ ওপৰত দেশবাসীক সজাগ কৰি ইয়াৰ পৰা মুক্তি পোৱাৰ সংগ্ৰাম কৰিবলৈ আহ্বান জনাইছিল আৰু তাৰ বাবে সশস্ত্ৰ সংগ্ৰামৰো পোষকতা কৰিছিল। ইংৰাজৰ দাসত্বৰ পৰা মুক্তি পোৱাৰ বাবে তেওঁ এক ৰোডমেপ তৈয়াৰ কৰি নিজৰ জ্যেষ্ঠ পুত্ৰ হজৰত ছাহ আব্দুল আজিজ মুহাদ্দিছে দেহলৱী (ৰঃ) ক স্বাধীনতা সংগ্ৰামৰ বাবে উদ্বুদ্ধ কৰিছিল। পুত্ৰ হজৰত ছাহ আব্দুল আজিজ মূহাদ্দিছে দেহলৱী (ৰঃ) এ এই কাম শক্তিশালী ৰূপত আৰম্ভণি কৰাৰ্থে সৰ্বপ্ৰথম বৃটিছ প্ৰশাসনৰ বিৰুদ্ধে ফতোৱা জাৰি কৰিলে। উক্ত ফতোৱা কম সময়ৰ ভিতৰতে বনজুইৰ দৰে সমগ্ৰ দেশতে বিয়পি পৰিল। 

১৮১৮ খৃষ্টাব্দত জনসাধাৰণক সংগঠিত কৰিবৰ বাবে হজৰত মৌলানা চৈয়দ আহমদ ছহীদ ৰায়বেৰলৱী (ৰঃ), হজৰত মৌলানা ইছমাইল ছহীদ দেহলৱী (ৰঃ) আৰু হজৰত মৌলানা আব্দুল হাই বুদ্ধানৱী (ৰঃ) ৰ  উমৈহতীয়া পৰামৰ্শ অনুসৰি এটা দল গঠন কৰা হয়। দলটোৱে দেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰি জনসাধাৰণক দ্বীনি দায়িত্ববোধ আৰু ৰাজনৈতিক সজাগতা সৃষ্টিৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰিলে। পুনৰ ইংৰাজৰ সৈতে সশস্ত্ৰ সংগ্ৰাম কৰিবৰ বাবে ১৮২০ খৃষ্টাব্দত হজৰত মৌলানা চৈয়দ আহমদ ছহীদ ৰায়বেৰলৱী (ৰঃ) ৰ নেতৃত্বত মুজাহিদীন সকলৰ এটা দল পঠিওৱা হ’ল। দলটোৱে যুদ্ধৰ বিশেষত্ব অনুসৰি চৰহদ ৰাজ্যক স্বাধীনতা সংগ্ৰামৰ কেন্দ্ৰ হিচাপে বাছি ল’লে। উদ্দেশ্য আছিল ইংৰাজৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰাম কৰা। কিন্তু পঞ্জাৱৰ তদানীন্তন ৰজা ৰঞ্জিত সিং ইংৰাজৰ সৈতে একাত্ম আছিল, উক্ত জেহাদৰ তেওঁ খেলাফ আছিল আৰু সেই যুদ্ধ বিফল কৰিবলৈ তেওঁ বিভিন্ন প্ৰকাৰৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল। সেইবাবে প্ৰথমতে হজৰত চৈয়দ আহমদ ছহীদ ৰায়বেৰলৱী (ৰঃ) এ তেওঁলৈ পয়গাম পঠিয়াইছিল যে “তুমি আমাক সহযোগ কৰা, শত্ৰু (ইংৰাজ) ৰ বিৰুদ্ধে যুদ্ধ কৰি আমি দেশ তোমাৰ হাতত গতাই দিম। আমি দেশ আৰু সম্পত্তিৰ বাবে লালায়িত নহয়।” কিন্তু ৰজাই ইংৰাজৰ ফলীয়া হৈ বৃটিছৰ লগত থকা সম্পৰ্ক এৰিব নোৱাৰিলে। পৰিণতিত তাৰ সৈতে জেহাদ কৰিবলগীয়া হ’ল। ১৮৩১ খৃষ্টাব্দত বালাকোটৰ ময়দানত হজৰত মৌলানা আহমদ ছহীদ ৰায়বেৰলৱী (ৰঃ) এ ছাহাদত বৰণ কৰে। কিন্তু তেওঁৰ সংগী সকলে হিম্মত হেৰাই পেলোৱা নাছিল। দেশৰ বিভিন্ন প্ৰান্তত ইংৰাজৰ বিৰুদ্ধে গেৰিলা যুদ্ধ আৰম্ভ কৰিলে। ১৮৫৭ খৃষ্টাব্দৰ যুদ্ধৰ কাৰণে তেখেতৰ মুজাহিদ সংগী সকলে পুনৰ নজোৱান সকলক সংগঠিত কৰি প্ৰস্তুতি চলাই গৈ থাকিল। 

◼️ ২। ১৮৫৭ চনৰ বিদ্ৰোহ আৰু সংগ্ৰামী উলামা —

১৮৫৭ খৃষ্টাব্দৰ স্বাধীনতা যুদ্ধত উলামা সকলে শক্তিশালী ভাৱে ভাগ লৈছিল। সেই সকল উলামা হজৰত ছাহ ৱলীউল্লাহ মুহাদ্দিছে দেহলৱী (ৰঃ), হজৰত ছাহ আব্দুল আজিজ মুহাদ্দিছে দেহলৱী (ৰঃ) আৰু হজৰত চৈয়দ আহমদ ছহীদ ৰায়বেৰলৱী (ৰঃ) ৰ পাৰম্পৰিক শিকলিৰ এটা এটা গাঁঠি আছিল। সেই যুদ্ধত উলামায়ে কেৰামে জনসাধাৰণক উদ্বুদ্ধ কৰিবৰ কাৰণে দেশৰ পূৱৰ পৰা পশ্চিমলৈ আৰু উত্তৰৰ পৰা দক্ষিণলৈ ৱাজ-নচীহতেৰে বজাৰ গৰম কৰি তুলিছিল। জিহাদৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনালে।

◾ এটা সৰ্বসন্মত ফতোৱা জাৰি কৰি ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰা ফৰ্জ বুলি প্ৰচাৰ কৰিলে। ফতোৱাটোৱে জ্বলা জুইত ঘিঁউ ঢলাৰ কাম কৰিছিল। সমগ্ৰ দেশত স্বাধীনতা যুদ্ধৰ জুইকুৰা বিয়পি পৰিছিল।

◾ আকাবিৰ উলামা সকলে স্বয়ং শ্বামলীৰ ৰণক্ষেত্ৰত ভাগ ল’লে। হজৰত মৌলানা মহম্মদ কাছিমী নানতৱী (ৰঃ), হজৰত মৌলানা ৰছিদ আহমদ গংগোহী (ৰঃ) আৰু হাফিজ জামিন ছহীদ (ৰঃ) এ হজৰত হাজী ইমদাদুল্লাহ মুহাজিৰে মক্কী (ৰঃ) ৰ হাতত জিহাদৰ বয়েত (নিৰ্ধাৰিত নিয়ম অনুসৰি সংকল্প) লৈ তৈয়াৰী আৰম্ভ কৰি দিলে।

◾হজৰত হাজী ইমদাদুল্লাহ মুহাজিৰে মক্কী (ৰঃ) ক জিহাদৰ ইমাম নিৰ্বাচিত কৰা হ’ল।

◾হজৰত মৌলানা মনিৰ নানতৱী (ৰঃ) ক ফৌজৰ সোঁফালৰ আৰু হজৰত হাফিজ জামিন ছহীদ থানৱী (ৰঃ) ক ফৌজৰ বাঁওফালৰ অফিচাৰ হিচাপে নিযুক্ত কৰা হ’ল। 

◾মুজাহিদীন সকলে ইংৰাজ সেনাৰ ওপৰত প্ৰথম আক্ৰমণ শ্বেৰ আলী চ’কত কৰিলে, তাৰ পৰা বৃটিছ সেনাই এৰি যোৱা বহু অস্ত্ৰ-শস্ত্ৰ আহৰণ কৰিলে। 

◾দ্বিতীয় আক্ৰমণ ১৪ ছেপ্তেম্বৰ, ১৮৫৮ খৃষ্টাব্দত শ্বামলীত কৰিছিল আৰু তাত বিজয়ো সাব্যস্ত কৰে। যেতিয়া খবৰ আহিছিল যে বৃটিছ সেনাৰ এটা দস্তাই ছাহাৰনপুৰৰ পৰা অস্ত্ৰ-শস্ত্ৰৰ এটা ভ্ৰাম্য ভৰাঁল শ্বামলীলৈ পঠিয়াইছে, তেতিয়া হাজী ইমদাদুল্লাহ মুহাজিৰে মক্কী (ৰঃ) এ হজৰত মৌলানা ৰছিদ আহমদ গংগোহী (ৰঃ) ক ৫০ জন মুজাহিদীনৰ সৈতে বৃটিছৰ দস্তাটোক পথতেই ভেটা দিবৰ বাবে ৰৱানা কৰিলে। দস্তাটো এখন বগিছাৰ ওচৰেৰে যোৱা পথেৰে গৈ আছিল। মুজাহিদীনৰ দলটো পূৰ্ব পৰিকল্পনা মতে সেই বাগিছাৰ ভিতৰত প’জলৈ লুকাই আছিল। দস্তাটো সেইফালেদি পাৰ হ’বলৈ ধৰোঁতেই মুজাহিদীন সকলে একেলগে ফায়েৰিং আৰম্ভ কৰিলে। বৃটিছ সেনাৰ দস্তাটোৱে ভয় খায় অস্ত্ৰ-শস্ত্ৰৰ ভৰাঁলটো তাতেই এৰি থৈ পলায়ন কৰিলে। সেই ঘটনাতেই বৃটিছ সেনাৰ গুলীত হজৰত হাফিজ জামিন থানৱী (ৰঃ) এ ছাহাদত বৰণ কৰিছিল। 

◾পৰৱৰ্তী সময়ত হজৰত চৈয়দ হাছান আস্কৰী (ৰঃ) ক ছাহাৰনপুৰলৈ গ্ৰেপ্তাৰ কৰি আনি বৃটিছ সেনাবাহিনীয়ে গুলি কৰি ছহীদ কৰে, হজৰত মৌলানা ৰছিদ আহমদ গংগোহী (ৰঃ) ক গ্ৰেপ্তাৰ কৰি মুজাফ্ফৰ নগৰ জেলত নিক্ষেপ কৰে আৰু হজৰত মৌলানা মহম্মদ কাছিম নানতৱী (ৰঃ) এ ভৱিষ্যত পৰিকল্পনা আৰু সংগ্ৰামৰ প্ৰস্তুতিৰ বাবে নিজকে আত্মগোপন কৰিলে। 

◾১৮৫৭ খৃষ্টাব্দৰ স্বাধীনতা সংগ্ৰাম বিভিন্ন কাৰণ আৰু হেতুৰ বাবে বিফল হৈছিল। তাৰ পৰৱৰ্তী সময়ত স্বাধীনতা প্ৰত্যাশী সকলৰ ওপৰত ষড়যন্ত্ৰ, জুলুম, অত্যাচাৰ আৰু নিৰ্যাতনৰ পাহাৰ ভাঙি পৰিছিল । তাৰ ভিতৰত মুছলমান আৰু বিশেষভাৱে উলামাসকল ইংৰাজ সেনাৰ জুলুম, অত্যাচাৰ আৰু নিৰ্যাতনৰ লক্ষ্য হৈ পৰিছিল। তাৰ মূখ্য কাৰণ হ’ল তেওঁলোকে ৰাজত্ব মুছলমানৰ পৰাই কাঢ়ি লৈছিল আৰু উলামায়ে কেৰামে বৃটিছৰ বিৰুদ্ধে ফতোৱা দি জনসাধাৰণৰ মাজত জেহাদৰ ঘোষনা ব্যাপক কৰি তুলিছিল। 

◼️ ৩। ১৮৫৭ চনৰ বিদ্ৰোহৰ পৰৱৰ্তী অৱস্থা (ক) :

১৮৫৮ খৃষ্টাব্দৰ পৰা ১৪ বছৰ পূৰ্বেই ভাৰতৰ বৃটিছ গৱৰ্নৰ জেনেৰেলে কৈছিল : “মুছলমান সকল মূলতঃ আমাৰ বিৰোধী।” এই যুদ্ধত দুই লাখতকৈ অধিক মুছলমান ছহীদ কৰা হৈছিল, তাৰ ভিতৰত ৫১,৫০০ ই উলামায়ে কেৰাম আছিল। বৃটিছৰ বাবে মুছলমান সকল ইমানেই ডাঙৰ শত্ৰু আছিল যে দাড়ি-টুপি আৰু দীঘল কুৰ্তা দেখিলেই তাক ধৰি আনি ফাঁচী দিয়া হৈছিল। এডোৱাৰ্ড টামচনে কয় : “কেৱল দিল্লীতেই ৫০০ উলামায়ে কেৰামক ফাঁচী দিয়া হৈছিল।” (ৰেচমী ৰুমাল, পৃষ্ঠাঃ ৪৫)। সমগ্ৰ দিল্লী হত্যাক্ষেত্ৰলৈ ৰূপান্তৰিত কৰা হৈছিল। প্ৰখ্যাত কবি মিৰ্জা গালিবে এই প্ৰসংগত কয় :

چوک جس کو کہیں وہ مقتل ہے

گھر  نمونہ  بنا  ہے  زند ا ں   کا

شہر  دلی  کا  ذَ رّہ  ذ رّہٴ    خا ک

تشنہٴ  خوں  ہے  ہر مسلمان  کا

দিল্লী, কলিকতা, লাহোৰ, মুম্বাই, পাটনা, আম্বালা, এলাহাবাদ, লক্ষ্ণৌ, ছাহাৰণপুৰ, চ্যামেলী আৰু ভাৰতৰ কোণে কোণে মুছলমান আৰু অন্যান্য স্বাধীনতা সংগ্ৰামী সকলৰ মৃতদেহ পৰি থকা দেখা গৈছিল। উলামা সকলক জীয়া গাহৰিৰ চামৰাত চিলাই কৰি নিৰ্বাসন কৰা হৈছিল। কেতিয়াবা আকৌ উলামায়ে কেৰামৰ শৰীৰত গাহৰিৰ চৰ্বি সানি জীৱন্তে জ্বলাই দিয়া হৈছিল। (ইষ্ট ইণ্ডিয়া কোম্পানী আউৰ বাগী উলামাৰ দ্ৰষ্টব্য)। 

এই বিদ্ৰোহৰ বিফলতাৰ কাৰণ হ’ল মুজাহিদীনৰ কমি, প্ৰয়োজনীয় ৰছদ-পাতিৰ অভাৱ আৰু সাংগঠনিক দুৰ্বলতা। যাৰ বাবে দেওবন্দৰ আকাবিৰ সকলে চিন্তা-ফিকিৰ কৰাৰ পিছত দেওবন্দত ১৮৬৬ খৃষ্টাব্দত “দাৰুল উলুম দেওবন্দ” শীৰ্ষক প্ৰতিষ্ঠান খনি স্থাপন কৰে। ইয়াৰ মূল উদ্দেশ্য আছিল দ্বীনি শিক্ষাদানৰ লগতে দেশৰ আজাদীৰ বাবে যোদ্ধা তৈয়াৰ কৰা, যিয়ে দেশ আৰু জাতিক দাসত্বৰ পৰা মুক্ত কৰাৰ সংগ্ৰামত জনসাধাৰণক নেতৃত্ব দিব পাৰে, স্বাধীনতাৰ যোদ্ধা সকলক সফলতাৰ সৈতে লক্ষ্যস্থানলৈ পৌচাব পাৰে। দাৰুল উলুম দেওবন্দৰ প্ৰথম বেটছৰ ছাত্ৰ যি শিক্ষান্তৰ পিছত দাৰুল উলুম দেওবন্দৰ অধ্যাপক আৰু চদ্ৰুল মুদাৰ্ৰিছীন হৈছিল; তেখেতে কৈছিল-

”حضرت الاستاذ (حضرت نانوتوی) نے اس مدرسے کو کیا درس تدریس، تعلیم وتعلّم کیلئے قائم کیاتھا؟ مدرسہ میرے سامنے قائم ہوا جہاں تک میں جانتا ہوں ۱۸۵۷/ کے ہنگامہ کی ناکامی کے بعد یہ ارادہ قائم کیاگیا تاکہ کوئی ایسا مرکز قائم کیا جائے جس کے زیر اثر لوگوں کو تیار کیا جائے تاکہ ۱۸۵۷/ کی تلافی کی جاسکے“ (رسالہ دارالعلوم شمارہ جمادی الثانی ۱۳۷۲ھ)

ভাৱাৰ্থঃ “শিক্ষাগুৰু হজৰত মৌলানা মহম্মদ কাছিম নানতৱী (ৰঃ) এ এই মাদ্ৰাছা কেৱল শিকা-শিকোৱা আৰু পাঠ দিয়া-লোৱাৰ বাবে প্ৰতিষ্ঠা কৰিছে নেকি? মাদ্ৰাছা মোৰ সন্মুখতে প্ৰতিষ্ঠা হৈছে। যলৈকে মই জ্ঞাত ১৮৫৭ খৃষ্টাব্দৰ হাংগামাৰ বিফলতাৰ পিছত এই অনুষ্ঠান স্থাপন কৰা হ’ল, যাতে কোনো এনে কেন্দ্ৰ স্থাপন কৰা যায় যে যাৰ ছত্ৰছায়াত মানুহক আজাদীৰ বাবে তৈয়াৰ কৰিব পৰা যায় আৰু ১৮৫৭ খৃষ্টাব্দৰ লোকচান পুনৰুদ্ধাৰ কৰিব পৰা যায়”। (ৰিছালা- দাৰুল উলুম, জামাদিউচ্চানী সংখ্যা, ১৩৭২ হিজৰী)।

পৰ্ব-২

ইয়াৰ দ্বাৰা বুজা যায় যে দেশ-জাতিৰ সেৱা আৰু আজাদীৰ জৰিয়তে দাসত্বৰ পৰা মুক্তি লাভৰ প্ৰত্যাশাও দাৰুল উলুম দেওবন্দ প্ৰতিষ্ঠাৰ মৌলিক লক্ষ্য সমূহৰ ভিতৰত অন্তৰ্ভুক্ত। একেদৰে দাৰুল উলুম দেওবন্দৰ অনুকৰণেৰে দেশত যিবোৰ মাদ্ৰাছা পৰৱৰ্তী সময়ত প্ৰতিষ্ঠা কৰা হৈছে সেইবোৰ মাদ্ৰাছাৰ প্ৰতিষ্ঠাৰ লক্ষ্য সমূহৰ ভিতৰতো এই গুৰুত্বপূর্ণ লক্ষ্য অন্তৰ্ভুক্ত আছিল যে ইয়াৰ দ্বাৰা এনে কৰ্মতৎপৰ আৰু সক্ৰিয় ব্যক্তিত্ব প্ৰস্তুত কৰা যিয়ে ৰাষ্ট্ৰ আৰু জাতিৰ প্ৰতিষ্ঠা, উন্নয়ন আৰু প্ৰগতিৰ ক্ষেত্ৰ খনত শক্তিশালী ভূমিকা পালন কৰিব পাৰে। 

পুনৰ ৰাষ্ট্ৰৰ প্ৰতিষ্ঠা, প্ৰগতি আৰু উন্নয়নৰ বাবে ব্যাপক ভাৱে প্ৰচেষ্টা চলাবলৈ দাৰুল উলুম দেওবন্দৰ আকাবিৰীনে “জমিয়ত উলামা-ই-হিন্দ” শীৰ্ষক সংগঠনটো গঠন কৰে, যি দাৰুল উলুম দেওবন্দৰ এটা ৰাজনৈতিক বাহু সদৃশ। জমিয়তৰ আকাবিৰ সকলে জনসাধাৰণৰ মাজত সজাগতাৰ ঢৌ সৃষ্টি কৰি স্বাধীনতাৰ বাবে পৰিৱেশ বনোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। জমিয়ত উলাই কংগ্ৰেছতকৈয়ো পূৰ্বে “কুইট ইণ্ডিয়া” তথা “ভাৰত ত্যাগ” ৰ দাবীৰ প্ৰস্তাৱ পাছ কৰিছিল। হজৰত মৌলানা আবুল কালাম আজাদ (ৰঃ) এ জমিয়ত উলামা আৰু ইণ্ডিয়ান নেচনেল কংগ্ৰেছৰ প্লেটফৰ্মৰ পৰা আনফালে হজৰত মৌলানা মহম্মদ আলী জৌহৰ (ৰঃ) আৰু মৌলানা হচৰত মোহানী (ৰঃ) আদিয়ে স্বাধীনতাৰ বাবে যি তৎপৰতা আৰু পদক্ষেপ লৈছিল সেয়া দিনৰ পোহৰৰ দৰে ইতিহাসত জিলিকি আছে। 

◼️ ৩। ৰেচমী ৰুমাল আন্দোলন (১৮৫৭ চনৰ বিদ্ৰোহৰ পৰৱৰ্তী অৱস্থা-খ) :

শ্বেইখুল-হিন্দ হজৰত মৌলানা মাহমুদ হাছান দেওবন্দী (ৰঃ) এ নিজৰ সংগী সকলৰ লগত মিলি স্বাধীনতাৰ যি আন্দোলন প্ৰতিষ্ঠা কৰিছিল তাৰ ওপৰত কিছু আলোকপাত কৰা উচিত হ’ব। 

তেখেতৰ আন্দোলন “ৰেচমী ৰুমাল আন্দোলন” হিচাপে প্ৰসিদ্ধ। ১৮৫৭ খৃষ্টাব্দৰ আন্দোলনৰ বিফলতাৰ পিছত দেশৰ স্বাধীনতাৰ বাবে বিৰামহীন আন্দোলন আৰম্ভ কৰা হৈছিল। প্ৰথমতে ছেইখুল হিন্দ হজৰত মৌলানা মাহমুদ হাছান দেওবন্দী (ৰঃ) এ দাৰুল উলুম দেওবন্দৰ ফোজালা সকলৰ এটা সংগঠন “চমৰাতুত তৰবিয়্যাহ” গঠন কৰিছিল। তাৰ পিছত “জমিয়তুল আনচাৰ” নামে এটা সংগঠন গঠন কৰে। ইয়াৰ অধীনত মাদ্ৰাছাৰ শিক্ষাৰ্থী সকলক সংগঠিত কৰি প্ৰশিক্ষণ দি স্বাধীনতা সংগ্ৰামৰ বাবে তৈয়াৰ কৰা হৈছিল। তেওঁলোকৰ ভিতৰত কাবুল আৰু চহদৰ ফোজালাও আছিল। হজৰত মৌলানা চৈয়দ আহমদ ছহীদ ৰায়বেৰলৱী (ৰঃ) ৰ সংগ্ৰামৰ প্ৰভাৱ তেতিয়াও বাকী আছিল। হজৰত ছেইখুল হিন্দে সেই অঞ্চলটোকেই নিজৰ সংগ্ৰামৰ কেন্দ্ৰ বনাইছিল। তেওঁলোকৰ পৰিকল্পনা আছিল যে সেই অঞ্চলৰ লোক সকলৰ মাজত স্বাধীনতাৰ স্পৃহা উজাগৰ কৰি আফগানিস্তানৰ প্ৰশাসনক বৃটিছৰ বিৰুদ্ধে যুঁজাৰ বাবে মুজাহিদীন সকলক সহায় কৰিবলৈ আহ্বান জনোৱা আৰু তুৰ্কী প্ৰশাসনৰ সৈতে সম্পৰ্ক কৰি তাৰ প্ৰস্তুতি চলোৱা। যাতে বৃটিছ প্ৰশাসনৰ বিৰুদ্ধে সফলতাৰে যুদ্ধ কৰিব পৰা যায় আৰু যুদ্ধৰ জৰিয়তে ঔপনিবেশিক বৃটিছ প্ৰশাসনক ভাৰত ত্যাগ কৰিবলৈ বাধ্য কৰিব পৰা যায় তাৰ বাবে ভাৰতত বিদ্ৰোহৰ ইনক্লাব জোৰদাৰ কৰিব লাগিব, তেতিয়াহে বৃটিছক ভাৰত ত্যাগ কৰাব পৰা যাব।

 ইয়াৰ বাবে হজৰত ছেইখুল হিন্দ মৌলানা মাহমুদ হাছান দেওবন্দী (ৰঃ) এ দেশৰ ভিতৰত দিল্লী, লাহোৰ, পানীপথ, দ্বীনপুৰ, আম্ৰুত, কৰাচী, ইতমাঞ্জই, ঢাকা আদি স্থানত কেন্দ্ৰ স্থাপন কৰালে। এই মিছনৰ কাময়াবীৰ বাবে ব্ৰহ্মদেশ, চীন, ফ্ৰান্স আৰু আমেৰিকালৈ সঁজাতি দল প্ৰেৰণ কৰি তেওঁলোকৰ পৰা সহযোগৰ আশ্বাস ল’লে। হজৰত মৌলানা ওবাইদুল্লাহ সিন্ধী (ৰঃ) ক তেখেতে কাবুলত থাকি কাম কৰি যাবলৈ নিৰ্দেশ দি নিজে হিজাজলৈ বুলি ৰাৱানা হ’ল। তাত খেলাফতে ওচমানীয়াৰ জিম্মেদাৰ সকলক লগ কৰি বৃটিছৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সহযোগ বিচাৰিলে, তুৰ্কীক বৃটিছৰ বিৰুদ্ধে আক্ৰমণ কৰিবলৈ খাতনি ধৰিলে। শেষত তেখেতে গৱৰ্ণৰ গালিব পাছাক সাক্ষাৎ কৰাত গালিব পাছাই তেখেতক পূৰ্ণ সহযোগ কৰি মদিনাত উপস্থিত থকা তুৰ্কীৰ যুদ্ধ মন্ত্ৰী আনোৱাৰ পাছাৰ সৈতে মোলাকাত কৰাই দিলে। আনোৱাৰ পাছাই ছেইখুল হিন্দ হজৰত মৌলানা মাহমুদ হাছান দেওবন্দী (ৰঃ) ক সকলো প্ৰকাৰৰ সহযোগ কৰাৰ আশ্বাস দিলে। এই যুদ্ধ আৰু আন্দোলনৰ পৰিকল্পনা হজৰত মৌলানা ওবাইদুল্লাহ সিন্ধী (ৰঃ) এ এখনি ৰেচমী ৰুমালত গোপনে পত্ৰাকাৰে লিখি যুদ্ধ কেন্দ্ৰ সমূহৰ জিম্মেদাৰ সকললৈ পঠিয়াইছিল, যি বৃটিছ সেনাৰ হাতত ধৰা পৰে আৰু তেতিয়াই এই আন্দোলন “ৰেচমী ৰুমাল আন্দোলন” হিচাপে প্ৰসিদ্ধ হ’ল। 

এই আন্দোলনৰ সদস্য আৰু সহযোগী সকলৰ ভিতৰত শ্বেইখুল হিন্দ হজৰত মৌলানা মাহমুদ হাছান দেওবন্দী (ৰঃ) ৰ সৈতে আছিল—

      – শ্বেইখুল ইছলাম হজৰত মৌলানা চৈয়দ হুছাইন আহমদ মদনী (ৰঃ),

      – হজৰত মৌলানা ওবাইদুল্লাহ সিন্ধী (ৰঃ), 

      –  হজৰত হাজী তৰংজুয়ী (ৰঃ), 

      –  হজৰত মৌলানা আবুল কালাম আজাদ (ৰঃ)

      –  হজৰত মৌলানা আব্দুৰ ৰহীম ৰায়পুৰী (ৰঃ),

      –  হজৰত মৌলানা খলীল আহমদ ছাহৰণপুৰী (ৰঃ),

      –  হজৰত মৌলানা চাদিক কৰাচৱী (ৰঃ),

      –  হজৰত খান আব্দুল গফ্ফাৰ খান চৰহদী (ৰঃ),

      –  হজৰত মৌলানা আহমদ আলী লাহোৰী (ৰঃ),

      –  হজৰত মৌলানা হচৰত মোহানী (ৰঃ), 

      –  হজৰত মৌলানা মহম্মদ আলী জৌহৰ (ৰঃ),

      –  হজৰত মৌলানা আজিজ গুল (ৰঃ), 

      –  হজৰত মৌলানা বৰ্কতুল্লাহ ভূপালী (ৰঃ) আদি। 

অমুছলিম সংগী সকলৰ ভিতৰত আছিল —

     – ৰাজা মহেন্দ্ৰ প্ৰতাপ সিং,

     – ডা০ মঠুৰা সিং, 

     – এ পি পি আচাৰ্য আদি। 

আন্দোলনৰ গোপনীয়তা ভংগ হোৱাৰ বাবে উক্ত আন্দোলন সফল  হৈয়ো বিফল হ’ল। 

◼️ ৪। হিন্দু-মুছলমানৰ শক্তিশালী ভেটি স্থাপন —

হজৰত ছেইখুল হিন্দ গ্ৰেপ্তাৰ হোৱাৰ বাবে আন্দোলনটোৱে যদিও সফলতা নাপালে, কিন্তু আন্দোলনটোৰ দ্বাৰা হিন্দু-মুছলমানৰ মাজত সাম্প্ৰদায়িক সম্প্ৰীতিৰে স্বাধীনতা সংগ্ৰামৰ বাবে যুঁজ দিয়াৰ শক্তিশালী ভেটি প্ৰতিষ্ঠা হ’ল। 

শ্বেইখুল হিন্দ হজৰত মৌলানা মাহমুদ হাছান দেওবন্দী (ৰঃ) ৰ দ্বিতীয় পদক্ষেপ হ’ল যে তেওঁ গান্ধীজীক খেলাফত কমিটি আৰু জমিয়ত উলামা-ই-হিন্দৰ প্লেটফৰ্ম আৰু খৰছৰ দ্বাৰা সমগ্ৰ দেশ ভ্ৰমণ কৰালে আৰু হিন্দু-মুছলিম একহৈ স্বাধীনতা সংগ্ৰাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰালে। 

এই ক্ষেত্ৰত ছেইখুল ইছলাম হজৰত মৌলানা চৈয়দ হুছাইন আহমদ মদনী (ৰঃ) ৰ কৃতজ্ঞতা স্বীকাৰ কৰিব লাগিব যে তেওঁ গোটেই জীৱনটো ছেইখুল হিন্দ হজৰত মৌলানা মাহমুদ হাছান দেওবন্দী (ৰঃ) ৰ পদানুকৰণ কৰি দেশৰ স্বাধীনতা তথা প্ৰতিষ্ঠা আৰু প্ৰগতিৰ কামত যথেষ্ট সৱল ভূমিকা পালন কৰিলে। জমিয়ত আৰু কংগ্ৰেছৰ প্লেটফৰ্মৰ পৰা যি কৰ্মতৎপৰতা তেওঁ গ্ৰহণ কৰিছিল সেইবোৰ আজি দেশৰ বাবে সোনালী ইতিহাস। 

১৯১৯ চনত স্থাপিত জমিয়ত উলামাৰ, ১৯২০ খৃষ্টাব্দত জমিয়ত উলামা-ই-হিন্দৰ সাধাৰণ সভাত সিদ্ধান্ত লোৱা হ’ল যে বৃটিছ প্ৰশাসনৰ সৈতে সকলো ধৰণৰ যোগাযোগ, লেনদেন, সহযোগ আৰু সম্পৰ্ক হাৰাম বা নিষিদ্ধ ঘোষণা কৰা হওক। তাৰ বাবে জৰুৰী হ’ব যে- 

(ক) চৰকাৰী অভিধা, এৱাৰ্ড, বটাঁ আৰু পুৰস্কাৰ সমূহ ঘূৰাই দিব লাগে। 

(খ) কাউন্সিল সমূহৰ সদস্য পদৰ পৰা ইস্তাফা দিব লাগে। 

(গ) ইছলামৰ শত্ৰু বৃটিছক কোনো ধৰণৰ ব্যৱসায়িক লাভালাভ দিয়াৰ পৰা বিৰত থাকিব লাগে। 

(ঘ) স্কুল-কলেজ সমূহত কোনো ধৰণৰ চৰকাৰী অনুদান লোৱাৰ পৰা বিৰত থাকিব লাগে। 

(ঙ) ইছলামৰ শত্ৰু বৃটিছ সকলৰ ফৌজৰ চাকৰি কৰা হাৰাম বুলি জ্ঞান কৰিব লাগে। 

(চ) চৰকাৰী আদালত সমূহত কোনো ধৰণৰ গোচৰ তৰাৰ পৰা বিৰত থাকিব লাগে। 

জুলাই, ১৯২১ খৃষ্টাব্দত কৰাচীত খেলাফত কনফাৰেঞ্চত বিশাল গণ সমাৱেশ অনুষ্ঠিত হয়। উক্ত সমাৱেশতো হজৰত মৌলানা চৈয়দ হুছাইন আহমদ মদনী (ৰঃ) এ উল্লিখিত প্ৰস্তাব ঘোষনা কৰে। যাৰ সমৰ্থন কৰিছিল হজৰত মৌলানা মহম্মদ আলী জৌহৰ(ৰঃ), হজৰত ডা০ চাইফুদ্দিন কিচলু (ৰঃ) আদি বিশিষ্ট ব্যক্তি সকলে। যাৰ ফলত হজৰত মৌলানা চৈয়দ হুছাইন আহমদ মদনী (ৰঃ) আৰু তেওঁৰ সংগী সকলক গ্ৰেপ্তাৰ কৰা হৈছিল।

 ২৬ ছেপ্তেম্বৰ, ১৯২১ খৃষ্টাব্দত কৰাচী আদালতত হজৰত মৌলানা চৈয়দ হুছাইন আহমদ মদনী (ৰঃ) ৰ শুনানি গ্ৰহণ কৰা হৈছিল। উক্ত শুনানিত তেখেতে সজোৰে প্ৰস্তাৱটো দোহোৰাই স্পষ্টকৈ কৈছিল যে “বৃটিছ চৰকাৰৰ অধীনত ফৌজত চাকৰি কৰা হাৰাম আৰু নিষিদ্ধ। যদি বৃটিছ চৰকাৰে আমাৰ ধৰ্মীয় স্বাধীনতা হৰণ কৰিব বিচাৰে তেনেহ’লে মুছলমানে নিজৰ প্ৰান বিসৰ্জন দিবলৈ প্ৰস্তুত হ’ব আৰু ময়েই প্ৰথমজন ব্যক্তি হ’ম যিয়ে নিজকে কোৰ্বান কৰিব।” তেখেতৰ এই ষ্টেটমেন্টৰ পিছত ৰইছুল আহৰাৰ হজৰত মৌলানা মহম্মদ আলী জৌহৰ (ৰঃ) এ ছেইখুল ইছলাম হজৰত মৌলানা চৈয়দ হুছাইন আহমদ মদনী (ৰঃ) ৰ চৰণ চুম্বন কৰিছিল। (চেৰাগে মহম্মদ, পৃষ্ঠাঃ ১১৫)।

জমিয়তৰ প্লেটফৰ্মৰ পৰা তথা দেশৰ স্বাধীনতা, প্ৰতিষ্ঠা আৰু প্ৰগতিৰ ক্ষেত্ৰখনত অহৰহ প্ৰচেষ্টা চলোৱা আকাবিৰীন উলামা সকলৰ ভিতৰতউল্লেখযোগ্য হল :

মৌলানা আব্দুল বাৰী ফেৰেংগীমহল্লী (ৰঃ), 

মৌলানা আবুল কালাম আজাদ (ৰঃ), 

মুফতি কেফায়াতুল্লাহ (ৰঃ), 

মৌলানা চাজ্জাদ বিহাৰী (ৰঃ), 

মৌলানা চুলাইমান নাদৱী (ৰঃ), 

আল্লামা আনোৱাৰ ছাহ কাশ্মিৰী (ৰঃ), 

মৌলানা ছিব্বীৰ আহমদ ওচমানী (ৰঃ), 

ছাহ মুঈনুদ্দিন আজমীৰী (ৰঃ), 

মৌলানা আব্দুল হক মদনী (ৰঃ), 

মৌলানা চৈয়দ মহম্মদ মিঞা দেওবন্দী (ৰঃ), 

মৌলানা হিফজুৰ ৰহমান শিবহাৰী (ৰঃ), 

মৌলানা ফখৰুদ্দিন আহমদ মুৰাদাবাদী (ৰঃ), 

মৌলানা আহমদ চয়ীদ দেহলৱী (ৰঃ)…… 

আদি দিগ্বিজয় উলামায়ে কেৰামৰ ভূমিকা আছিল অদ্বিতীয়। 

কবিয়ে কৈছে —

اس بزم جنوں کے دیوانے ہر راہ سے پہنچے یزداں تک

ہیں  عام  ہمارے  افسانے دیوار چمن  سے زنداں تک

দেশৰ স্বাধীনতা সংগ্ৰামত কেৱল সক্ৰিয় নহয় বৰং মূল ভূমিকা গ্ৰহণ কৰা ইছলামিক মাদ্ৰাছা সমূহৰ উলামায়ে কেৰামৰ সেৱা আৰু তৎপৰতাৰ এয়া সামান্য ঝলক لذیذ بود حکایت دراز تر گفتیم ৰ অধীনত আলোকপাত কৰা হ’ল। অন্যথা ইছলামিক মাদ্ৰাছা সমূহৰ উলামা সকলে স্বাধীনতা সংগ্ৰামৰ চোতালখন নিজৰ কলিজাৰ তেজেৰে সিক্ত কৰি তাক ৰঙীণ কৰিছিল। 

جب پڑا وقت ، گلستاں کو خون ہم نے دیا

بہار  آئی  تو  کہتے  ہیں  تیر ا  کا م  نہیں

ৰাজত্বৰ ভিখাৰী আৰু সাম্প্ৰদায়িকতাৰ ৰাজনৈতিক বনিক সকলৰ বাবেতো এই সকলৰ নামো বদহজম হয়। কিন্তু এয়া খোদ আমাৰেই জিম্মেদাৰী যে নিজৰ দেশ আৰু জাতিৰ এই সকল ৰিয়েল হিৰ’ (Real Hero) ৰ কৃতজ্ঞতা আমি স্বীকাৰ কৰিব লাগিব; তেওঁলোকৰ মহান কৰ্ম আৰু সেৱাৰাজীৰে আলোকিত সোনালী ইতিহাসৰ প্ৰতি আমাৰ ভৱিষ্যত প্ৰজন্মক জ্ঞাত কৰি তেওঁলোকৰ মহান শিক্ষা আৰু আদৰ্শ আমি জীয়াই ৰাখিবই লাগিব।

কলম : মৌলানা ফজলুল কৰিম কাছিমী 

ৱেব-সংস্কৰণ : মুৰতাজা ইউছুফ কাছিমী (এডিটৰ, NE PEACE ) 

প্ৰধান সম্পাদক, অসম ইছলামিক সাহিত্য সভা।

অতিৰিক্ত সাধাৰণ সম্পাদক, অসম ৰাজ্যিক জমিয়ত উলামা