চমু পৰিচয় পত্ৰ
-সূচী-
১. চমু পৰিচয় পত্ৰ
২. NE Peace গোট।
৪. কুৰআন হাদীছ আৰু বিজ্ঞান
৫. ইছৰা (ISRAA) ৰ কিছু প্ৰকল্প আৰু সংকল্প।
৬. ইচৰাৰ পৃষ্ঠপোষকতাত ব্যৱস্থাপনাত এতিয়ালৈকে প্ৰকাশিত কিছু গ্ৰন্থ।
৭. মহিলা গোট।
৮. NE Peace ৰ কৰ্মৰাজী
৯. NE PEACE ৰ পৰিচালনাত চলি থকা কিছু অনলাইন আৰু অফলাইন সেৱাসমূহ।
১. NE Peace গোট
৩. কুৰআন হাদীছ আৰু বিজ্ঞান
৪. ইছৰা (ISRAA) ৰ কিছু প্ৰকল্প আৰু সংকল্প:
- গুণগত শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান।
- আদৰ্শ হিফজ শাখা (আধুনিক শিক্ষা সামৰি)।
- তাকমীল ফিল-উলূম [(T.U),(মাদ্ৰাছাৰ ফাৰিগ্বসকলৰ বাবে,আধুনিক শিক্ষা সামৰি।)]
- আধুনিক দ্বীনী অনুষ্ঠান (স্কুল/কলেজৰ শিক্ষা অৰ্জন কৰিব পৰাকৈ)।
- চমু দ্বীনী তালিম কোৰ্চ (মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষা দিয়া শিক্ষাৰ্থীৰ বাবে)
- নৱপ্ৰজন্মৰ দ্বায়িত্ব আৰু কৰ্তব্য তথা চছিয়েল মেডিয়াৰ সঠিক ব্যৱহাৰ’ কেন্দ্ৰকৰি বিভিন্ন কৰ্মশালা।
- প্ৰক্ৰিয়াধীন কিছু প্ৰকল্প :
- আদৰ্শ স্কুল,
- কেৰিয়াৰ গাইড কেন্দ্ৰ,
- স্কলাৰশ্বিপ আৰু আধুনিক অনুষ্ঠান আৰু গৱেষণা প্ৰতিষ্ঠান।
- মবাইল এপচ :
- (ক)ৰমজান এপ।
- (খ)দুআ এপ।
- (গ)নাত প্লেয়াৰ।
- (ঘ)চীৰত প্লেয়াৰ।
৫. ইচৰাৰ পৃষ্ঠপোষকতাত ব্যৱস্থাপনাত এতিয়ালৈকে প্ৰকাশিত কিছু গ্ৰন্থ :
- মুন্তাখাব হাদীছ(অসমীয়া)
- ফাজাঈলে চাদক্বাতৰ দ্বিতীয় সংস্কৰণ (অসমীয়া)।
- ভ্ৰান্তি-ভঙ্গ (ক্বুৰআনৰ বিৰুদ্ধে প্ৰশ্নৰ উত্তৰত)।
- প্যেৰাডক্সিকেল ছাজিদ।
- শীঘ্ৰেই প্ৰকাশ পাবলগীয়া কিছু গ্ৰন্থ :
- ক) পৱিত্ৰ ক্বুৰআন মজিদৰ তৰ্জমা ।
- খ) দলীল সহ নামাজ।
- গ) আদৰ্শ দুআ আৰু মচনূন দুআ।
- ঘ) আধুনিক সময়ত মুহাম্মদ ছাঃৰ প্ৰাসংগিকতা।
- ঙ) ক্বিয়ামতৰ আলামত আৰু দাজ্জ্বালৰ ফিতনাহ (সময়োপযোগী আৰু তথ্যসহ)।
- ইচৰাৰ তত্বাৱধানত প্ৰক্ৰিয়াধীন কিছু গ্ৰন্থ:
- ক) অশান্ত সময়ৰ কলম। খ) দলীলসহ নামাজ, দ্বিতীয় খণ্ড।
- খ) অসমীয়া হায়াতুছ-ছাহাবা(ৰাঃ)। ঘ) ভোট, ভোটাৰ আৰু নিৰ্বাচন।
- গ) মহম্মদ(ছাঃ)ৰ চমু জীৱনী (তথ্যসমৃদ্ধ)।
- ঘ) এতিয়াও সজাগ নহবা নে?
৬. মহিলা গোট
মহিলা সকলৰ মাজত “মেহফিল এ খাতুন” নামৰ Whatsapp আৰু Facebook গোটৰ মাধ্যমত দ্বীনি সেৱা আগবঢ়াই থকা হৈছে ।
Mob- 9435260836/ 7577809644
Email- israassam17@gmail.com
WhatsApp: 7577809644
Facebook: ISRAA Official
NE Peace ৰ কৰ্মৰাজী
NE PEACE (এন ই পিচ) ইচৰাৰ তত্বাৱধানত পৰিচালিত এখনি সাংস্কৃতিক, সামাজিক আৰু ইছলাম সম্পৰ্কীয় গোট। যাৰ লক্ষ্য আৰু উদ্দেশ্য বিভিন্ন চেনেল, ৱেবচাইট আৰু চছিয়েল মেডিয়া আদিৰ মাধ্যমত উত্তৰ পূৱ ভাৰতৰ বিভিন্ন সামাজিক, শৈক্ষিক, অৰ্থনৈতিক, ধৰ্মীয় আদি সন্দৰ্ভত বিভিন্ন দিশবোৰ সত্যতা আৰু সততাৰে আলোচনা কৰা। বিশেষকৈ ইছলাম সম্পৰ্কীয় বিভিন্ন বিষয়বোৰ তথ্যসমৃদ্ধভাৱে বিশ্লেষণ কৰা।
যাতে ভাৰতত বসবাস কৰা বিভিন্ন ধৰ্মাৱলম্বী লোক, বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ মাজত কোনো এটি বিষয় হৈ ভুল বুজাবুজি সৃষ্টি নহয়। সকলোৱে সকলোৰ বিষয়ে তথ্যসহকাৰে জানিব আৰু বুজিব পাৰে। ফলত সকলোৰে মাজত ভাতৃত্ববোধৰ শিপাডাল আৰু মজবুত হব আৰু একতাৰ এনাজৰীডাল অধিক শক্তিশালী তথা নিৰাপদ হব।
আৰু তাৰে এটি গুৰুত্বপূর্ণ মাধ্যম হ’ল এই ৱেবছাইট।
ইয়াত প্ৰথম পৰ্যায়ত অসমীয়া, ইংৰাজী, উৰ্দু আৰু হিন্দী ভাষা সংযোগ কৰা হৈছে। আৰু প্ৰথমতে অসমীয়া ভাষাত লিখনি তথা বিভিন্ন তথ্যসমূহ আপলোড কৰি থকা হৈছে। আৰু পৰ্যায়ক্ৰমে অইন ভাষাতো কাম কৰি থকা হব।
যাতে বিশ্বই আৰু ভাৰতৰ অইন ৰাজ্যবোৰে অসম, অসমবাসী জনগণ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে বিভিন্ন জানিবলগীয়া কথা সত্যতাৰ সৈতে, তথ্যসহ জানিব পাৰে।
NE PEACE ৰ পৰিচালনাত চলি থকা কিছু অনলাইন আৰু অফলাইন সেৱাসমূহ –
- ১। ইউটিউব চেনেল – NE PEACE
- ২। চছিয়েল মেডিয়াত –
- NE PEACE (পেজ)
- NE PEACE নৰ্থ ইষ্ট মুছলিম সমাজ (গ্ৰুপ)
- ৩। আলিফ চিৰিজ –
- ইয়াত WhatsApp যোগে যোগ্য উলামা আৰু মুফতীসকলৰ তত্বাৱধানত সাধাৰণ মুছলমানৰ বিভিন্ন প্ৰশ্নসমূহৰ তথ্যযুক্ত উত্তৰ প্ৰদান কৰা হয়। এতিয়ালৈকে দুটা গোট চলি আছে-
- আলিফ-১
- আলিফ-২
- ইয়াত WhatsApp যোগে যোগ্য উলামা আৰু মুফতীসকলৰ তত্বাৱধানত সাধাৰণ মুছলমানৰ বিভিন্ন প্ৰশ্নসমূহৰ তথ্যযুক্ত উত্তৰ প্ৰদান কৰা হয়। এতিয়ালৈকে দুটা গোট চলি আছে-
- ৪। এপ্লিকেচন – সময়ৰ আহ্বানক সঁহাৰি জনাই আৰু নৱপ্ৰজন্মৰ চাহিদা অনুসৰি, ইচৰাৰ ব্যৱস্থাপনাত এতিয়ালৈকে তলত দিয়া এপচসমূহ সম্পূৰ্ণ হৈ উঠিছে (আলহামদুলিল্লাহ) ।
- • আদৰ্শ দুআ– ইয়াত দুআৰ সংজ্ঞা, কবুল হোৱাৰ নীতি নিয়ম আৰু প্ৰয়োজনীয় দুআ’সমূহ অসমীয়া উচ্চাৰণ তথা অৰ্থৰ সৈতে জানিব পাৰিব আৰু পঢ়িব পাৰিব।
- • মাহে ৰমজান– ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পৱিত্ৰ ৰমজান মাহৰ চেহেৰী আৰু ইফতাৰৰ সঠিক সময়সূচী জানিব পাৰিব।
- • ভ্ৰান্তি-ভংগ– ইছলাম তথা পৱিত্ৰ কুৰআন আৰু হাদীছ লৈ যোগাযোগ ধৰি উত্থাপন কৰা বিভিন্ন প্ৰশ্ন আৰু আপত্তিৰ উত্তৰসমূহ লিপিবদ্ধ কৰি প্ৰস্তুত কৰা হৈছিল ‘ভ্ৰান্তি-ভংগ’। তাৰ সকলোবোৰ লিখনি এই এপ্লিকেচনত আপলোড কৰি ডিজিটেল সংস্কৰণ কৰা হ’ল।
- • ৰেঙনী – এই এপ্লিকেচন কেৱল ইচৰাৰ সদস্যসকলৰ বাবে। যত দৈনিক বিভিন্ন আয়াত, হাদীছ আৰু লিখনিৰ পোষ্টাৰ আদি প্ৰস্তুত কৰি চছিয়েল মেডিয়াত আপলোড কৰিব পাৰিব।
এই সকলো Application গুগল প্লে ষ্টোৰৰ পৰা এপটো ডাউনলোড কৰিব পাৰিব।
৫। সাংস্কৃতিক কাৰ্যসূচী –
সময়ে সময়ে জিকিৰ, গজল, হামদ-নাত, তিলাৱত, পোছাক আদি ক্ষেত্ৰত বিভিন্ন কৃষ্টি সংস্কৃতিবোৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰা হব