ৰাষ্ট্ৰীয় শিক্ষা দিৱস আৰু মৌলানা আবুল কালাম আজাদ – পৰ্ব-১, পৰ্ব-২

Share :

“প্রশ্ন হল, এতিয়ালৈকে শিক্ষাৰ ওপৰত আমাৰ কোনো নিয়ন্ত্রণ নাছিল, এয়া বিদেশী চৰকাৰৰ দখলত আছিল। সিহঁতে যি শিকাইছে সম্ভৱত সেয়া শুদ্ধ। কিন্তু যিভাৱে শিকাইছে, সেয়া আমাৰ মগজুক খুলি দিয়াৰ পৰিৱৰ্তে বন্ধ কৰিহে দিছে। “

__ মৌলানা আজাদ।

“সমগ্ৰ ভাৰতেই মোৰ ভূখণ্ড, আৰু মই ইয়াত ৰাজনৈতিক আৰু অর্থনৈতিক জীৱন গঢ়ি তোলাৰ অংশীদাৰ। এজন মুচলমান হিচাপে আমাৰ এই অধিকাৰ আমি কোনোপধ্যেই ত্যাগ কৰিবলৈ প্ৰস্তুত নহয়। উত্তৰাধিকাৰ সূত্রে প্রাপ্ত সম্পদৰ সকলো এৰি, কেৱল তাৰ ক্ষুদ্ৰ টুকুৰা এটি লৈ উৎফুল্লিত হোৱা মোৰ বাবে নিশ্চিতভাৱে সেয়া কাপুৰুষতা “

__ মৌলানা আজাদ।

” ভাৰতীয় মুছলমানসকলে যি বিচাৰে, জিন্নাহ চাহেবে সেয়াই কয়। সেই বাবেই তেওঁ ইমান জনপ্রিয়। আৰু ভাৰতৰ মুছলমানসকলে যি বিচৰা উচিত, মই সেয়া কৈ থাকো। এই বাবেই মই জনপ্রিয় নহয়। ”

“মই এজন মুছলিম আৰু মই ভাৰতীয় হিচাপে গর্বিত! মই ভাৰতৰ অজেয় একতাৰ এটা অংশ।”

__ মৌলানা আজাদ।

” শিক্ষাৰ একমাত্র উদ্দেশ্য জীৱিকা অর্জন নহয়, বৰঞ্চ শিক্ষাৰ দ্বাৰা ব্যক্তিত্ব গঠন উদ্দেশ্য। আৰু এয়া (ব্যক্তিত্ব গঠন) শিক্ষাৰ আটাইতকৈ প্ৰয়োজনীয় দিশ তথা ই অর্থনৈতিক আৰু সাংস্কৃতিক ব্যবস্থাকো উন্নত কৰিব।”

__ মৌলানা আজাদ।

ৰাষ্ট্ৰীয় শিক্ষা দিৱস আৰু মৌলানা আবুল কালাম আজাদ

আজি ১১ নৱেম্বৰ। আজি ভাৰতত ৰাষ্ট্ৰীয় শিক্ষা দিৱস। ১৮৮৮ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ১১ নৱেম্বৰত স্বাধীন ভাৰতৰ প্ৰথম গৰাকী শিক্ষামন্ত্রী মৌলানা আবুল কালাম আজাদৰ জন্ম গ্ৰহণ কৰিছিল । আৰু স্বাধীনতাৰ পাছৰ পৰাই তেখেতৰ জন্মদিনটোক দেশবাসীয়ে শিক্ষা দিৱস হিচাপে পালন কৰি আহিছে। কিন্তু নাজানো পৰৱৰ্তী কিমান বছৰলৈকে চলি থাকিব। যি নহওক তেখেতৰ দেশৰ প্ৰতি আন্তৰিক সেৱা, শিক্ষাজগতত বিপ্লৱৰ সূচনা আদিৰ ফলত আমি তেখেতক আন্তৰিকতাৰে সুঁৱৰিছো। তেখেত আমাৰ বাবে চিৰস্মৰণীয় হৈ থাকিব। সৃষ্টিকৰ্তাৰ ওচৰত তেখেতৰ আত্মাৰ শান্তিৰ বাবে, মাগফিৰতৰ বাবে প্ৰাৰ্থনা জনালোঁ। আমীন।

২০০৮ চনত মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে প্রতি বছৰ এইগৰাকী কিংবদন্তি ব্যক্তিৰ সন্মানত তেখেতৰ জন্মদিন অৰ্থাৎ ১১ নভেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে উদযাপন আৰম্ভ কৰিছিল।

মৌলানা আজাদৰ চমু জীৱনী –

মৌআবুল কালাম আজাদ এজন ভাৰতীয় মুছলিম পণ্ডিত, ৰাজনীতিজ্ঞ আৰু ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰমূখ নেতা হিচাপে জনাজাত। ১৯৯২ চনত মৌলানা আবুল কালাম আজাদক ভাৰত চৰকাৰে মৰণোত্তৰ ভাবে দেশৰ সৰ্ব্বোচ্চ সন্মান ভাৰত-ৰত্ন বঁটাৰে সন্মানিত কৰিছিল। স্বাধীনোত্তৰ কালত তেওঁ ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰতি বছৰে তেওঁৰ জন্ম দিনটো ভাৰতত জাতীয় শৈক্ষিক দিৱস হিচাপে পালন কৰা হয়।

তেখেত আছিল আমাৰ স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতা। তেখেত এজন সুদক্ষ লিখকো আছিল। ১৮৯৯চনত তেখেতে ‘নইৰং-ই-আলম’ বুলি এখন মাহেকীয়া আলোচনী প্ৰকাশ কৰিছিল। তেখেতে আৰবী, পাৰ্চী, উৰ্দু, ইংৰাজী, হিন্দী আদি কেইবাটাও ভাষা জানিছিল।

তেখেতে ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫৮ চনৰ ২২ ফেব্ৰুৱাৰীলৈকে ভাৰতৰ শিক্ষামন্ত্রীৰ কাৰ্য্যকাল দক্ষতাৰে পৰিচালনা কৰিছিল। তেখেতৰ দিনতে বহুতো সাংস্কৃতিক আৰু শৈক্ষিক একাডেমি গঠন হৈছিল। উদাহৰণস্বৰূপে, সঙ্গীত নাটক একাডেমী, ললিত কলা একাডেমী, সাহিত্য একাডেমী আদিৰ নাম উল্লেখ কৰিব পাৰি। সেয়েহে ভাৰত চৰকাৰে তেখেতৰ জন্ম দিনটোক ২০০৮ চনৰ ১১ নৱেম্বৰৰ পৰা “ৰাষ্ট্ৰীয় শিক্ষা দিৱস” হিচাপে ঘোষণা কৰিছিল।

তেখেত আজি আমাৰ মাজত নাই সঁচা, কিন্তু তেখেতে দি থৈ যোৱা অৱদানবোৰ আমি পাহৰিব নোৱাৰো। ১৯৫৮ চনৰ ২২ ফেব্ৰুৱাৰীৰ দিনাখন আমাক এৰি কোনো অজান মুলুকলৈ গুচি গৈছিল।

আজি, ৰাষ্ট্ৰীয় শিক্ষা দিৱসত তেখেতলৈ জনালো অজস্ৰ শ্ৰদ্ধাঞ্জলি। আল্লাহে তেওঁক ক্ষমা কৰি, জান্নাতবাসী কৰক। আমীন ।

ব্যক্তিগত তথ্য -

• সম্পূৰ্ণ নাম- আবুল কালাম মুহিয়ুদ্দিন আহমেদ আজাদ।
• উৰ্দু- ابو الکلام محی الدین احمد آزاد‎
• কাৰ্যকাল- ১৫ আগষ্ট ১৯৪৭ ৰ পৰা ২ ফেব্ৰুৱাৰী ১৯৫৮।
• জন্ম- ১১ নৱেম্বৰ, ১৮৮৮।
• জন্মস্থান - মক্কা, হেজাজ, অট্টমান সাম্ৰাজ্য (বৰ্তমানৰ চৌদি আৰৱ)।
• মৃত্যু- ২২ ফেব্ৰুৱাৰী, ১৯৫৮ (৬৯ বছৰ) দিল্লী।
• সমাধিক্ষেত্ৰ- দিল্লী জামে মছজিদৰ কাষত।

বংশধৰ- 
  মাওলানা আবুল কালাম আজাদৰ পূর্ব পুৰুষ আছিল আফগানিস্তানৰ হিৰাত চহৰৰ বাসিন্দা। মুগল সম্রাট বাবৰৰ শাসনামলত তেওঁৰ পৰিয়ালৰ ভাৰতলৈ আগমন ঘটে। আৰু প্রথমে আগ্রায় আৰু তাৰ পৰবর্তীকালত দিল্লিত। তাৰ পিছত মাজত মক্কাত থাকিবলৈ লয়, কিন্তু অৱশেষত আকৌ ভাৰতলৈ উভতি আহি কলকাতাৰ বাসিন্দা হয়। 

 বটা/সন্মান- 
১৯৯২ চনত মৌলানা আজাদক মৰোনোত্তৰভাৱে দেশৰ সৰ্ব্বোচ্চ সন্মানৰ প্ৰতীক ৰূপে ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হয়। তাৰ পূৰ্বে এই বটাঁ প্ৰদানৰ তালিকাত নাম প্ৰস্তাৱ অহা সত্বেও সমিতিত নিজে সদস্য আছিল বাবেই  প্ৰত্যাখ্যান কৰিছিল। 

 কৰ্মজীৱন- 
মৌলানা আবুল কালাম আজাদ একেসময়তে কেইবাটাও প্ৰতিভা তথা ব্যক্তিত্বৰ অধিকাৰী আছিল- 
      বিচক্ষণ ৰাজনৈতিক নেতা। 
      শিক্ষক আৰু শিক্ষাবিদ। 
      আৰবী-উৰ্দু ভাষাৰ সাহিত্যিক। 
      দৃঢ় সুবক্তা। 
      উৰ্দু, ফাৰ্ছী কবি। 
      সুখ্যাত ব্যতিক্ৰমী লেখক। 
      বিখ্যাত ইছলামী পণ্ডিত।
      মুক্তিযোদ্ধা। 
      সংবাদিক। 
এই বিষয়ে দ্বিতীয় পৰ্বত বিতংভাৱে জানিব পাৰিব।

পৰিয়ালবৰ্গ-

  • পিতা - মহম্মদ খইৰুদ্দিন।
মৌলানা আজাদৰ পিতৃ মহম্মদ খইৰুদ্দিন এজন প্ৰখ্যাত লেখক আছিল। তেওঁ আৰবী আৰু পাৰ্ছী ভাষাত কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল।
  • মাতৃ -  (মক্কাৰ প্ৰখ্যাত পণ্ডিত শেখ মহম্মদ জাহিৰ ওৱাত্ৰিৰ কন্যা) 
  • পত্নী - জুলাইখা বেগম :

জুলাইখা বেগম কম বয়সতেই মাওলানা আবু আল কালাম আজাদৰ লগত বিবাহ পাশত আৱদ্ধ হয়।১৯৪৩ চনৰ ৯ এপ্ৰিল তাৰিখে তেখেত ইহজগতৰ পৰা বিদায় লয়।

১৯৪২ চনত মৌলানা আজাদক এবছৰৰ বাবে কাৰাদণ্ড দিয়াৰ পিছত, জুলাইখা বেগমে মহাত্মা গান্ধীলৈ এখনি চিঠি লিখিছিল। যত লিখিছিল-

“মোৰ স্বামীক মাত্র এবছৰৰ কাৰাদণ্ড বিহা হৈছে, যিটো নেকি মোৰ প্রত্যাশাতকৈ অনেক কম। এয়া যদি দেশ আৰু জাতিৰ প্ৰতি থকা প্ৰেম আৰু ভালপোৱাৰ ফলত শাস্তি, তেন্তে ইয়াক ন্যায় বুলি গণ্য কৰা নহব। এয়া তেওঁৰ যোগ্যতাৰ বাবে বহুগুণে কম। (এই শাস্তি বহুত কম) আজিৰ পৰা বেঙ্গল খিলাফত কমিটিৰ সম্পূৰ্ণ কাম কাজ মই চাম। “

• সন্তান – ১৯০৮ চনত তেওঁৰ একমাত্র সন্তান ‘হাচীন’ ৰ চাৰি বছৰ বয়সতেই মৃত্যু হৈছিল।

ইমামুল হিন্দ (ভাৰত-নেতা) (চমুকৈ শৈক্ষিক, ৰাজনৈতিক, বৌদ্ধিক আৰু সাহিত্য জীৱন)

ব্যক্তিত্ব –

• অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী আছিল মৌলানা আজাদ। মৌলানা শ্ব-শিক্ষিত আছিল। তেওঁ নিজৰ ঘৰতেই ১৫ বছৰ বয়সলৈকে কেইবাটাও ভাষা আৰু বিষয় শিকি শেষ কৰিছিল। । ১৫ বছৰ বছৰ বয়সত তেওঁ নিজৰ বয়সৰ দ্বিগুণ ছাত্রক এবাৰ পাঠদান কৰি আছিল। তেওঁ আৰবী , ইংৰাজী , উর্দু, হিন্দি, ফাৰ্চি আৰু বাংলাসহ অনেক ভাষা জানিছিল।

• মৌলানা আবুল কালাম আজাদ আছিল ভাৰতবর্ষৰ স্বাধীনতা আন্দোলনৰ অন্যতম সংগঠক, ভাৰতীয় উপমহাদেশৰ আধুনিক সংবাদপত্র ধাৰাৰ ৰূপকাৰ, কবি, দার্শনিক আৰু এগৰাকী শিক্ষা-সংস্কাৰক।

• চিৰন্তন অসাম্প্রদায়িক চেতনাৰ অধিকাৰী মৌলানা আজাদ আমৃত্যু হিন্দু-মুচলমান সম্প্রীতিৰ বাবে নিৰলসভাবে কাজ কাম কৰি গৈছে।

• মহাত্মা গান্ধী মৌলানা আজাদৰ সম্পৰ্কে এবাৰ কৈছিল- “Maulana is the Emperor of learning. I consider him as a person of the calibre of Plato, Aristotle and Pythagorus.”

• ১৯৫৮ চনত মৌলানা আবুল কালাম আজাদ সম্পর্কে পণ্ডিত জৱাহৰলাল নেহেৰুৱে স্পষ্টকৈ কয় – ‘The encyclopaedist, men of Intellect, men of action’.

শিক্ষাগত অৰ্হতা –

মৌলানা আবুল কালাম আজাদৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা মক্কাতে আৰম্ভ হয়। কিন্তু পিতাক খইৰুদ্দিনে মক্কাত স্থায়ীভাবে জীৱন নিৰ্বাহ কৰাৰ কথা নেভাবিলে। তেওঁ আকৌ ভাৰতলৈ আহি কলকাতাত স্থায়ীভাবে বস-বাস কৰিবলৈ লয়। আজাদৰ পিতাকে তেওঁক কোনো স্কুললৈ নপঠিয়াই ঘৰতে নিজে উৰ্দু ভাষাৰ উপৰিও ন্যায়, দৰ্শন, ভূগোল, অংক শাস্ত্ৰ, ইতিহাস আদি আৰবী আৰু পাৰ্ছী ভাষাত শিকাইছিল।
১৯০৫ চনত তেওঁ মিছৰৰ আল-আজহাৰ বিশ্ববিদ্যালয়ত ভৰ্তি হয়। তাতে তেওঁ দুবছৰকাল অধ্যয়ন কৰাৰ পিছত ১৯০৭ চনত ভাৰতলৈ উভতি আহে। পিতাকে তেওঁক ইংৰাজী শিকিবলৈ মানা কৰিছিল যদিও ভাষাটোৰ গুৰুত্ব উপলদ্ধি কৰি এজন বন্ধুৰ ওচৰত তেওঁ ইংৰাজী ভাষা শিকি, কমদিনতে ইংৰাজী ভাষাত তেওঁ ব্যুত্পত্তি লাভ কৰিছিল।

শিক্ষাজগতত মৌলানা আজাদৰ অৱদান –


মৌলানা আজাদে শিক্ষামন্ত্ৰী হোৱাৰ কৰ্তব্য আৰু দায়িত্ব এশ শতাংশই পালন কৰিছিল। স্বাধীনতাৰ পাছত ১৯৫৮ চন লৈকে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত যাৰ ফলত দেশৰ শিক্ষাজগতত ব্যাপকভাৱে পৰিবৰ্তন আহে। আৰু আজিও প্ৰতিজন ছাত্ৰ ছাত্ৰী চিৰকৃতজ্ঞ হৈ থাকিব।

মৌলানা আজাদৰ শিক্ষাজগতত উল্লেখযোগ্য অৱদানসমূহ হল-
১. বিশ্ববিদ্যালয় অনুদান কমিচন (UGC) গঠন।
২. অল ইণ্ডিয়া কাউঞ্চিল ফৰ টেকনিকেল এডুকেশ্বন (IIT) খড়গপুৰ।
৩. বিশ্ববিদ্যালয় শিক্ষা কমিচন (UEC)
৪. মাধ্যমিক শিক্ষা কমিশন।
৫. জামিয়া মিল্লিয়া ইচলামিয়া।

মৌলানা আজাদে হিন্দী ভাষাত কাৰিকৰী শিক্ষা ব্যাপকভাৱে আগবঢ়াই থৈ গৈছিল।

ৰাজনৈতিক/ স্বাধীনতা সংগ্ৰামী জীৱন –

• মৌলানা আবুল কালাম আজাদৰ কাম-কাজৰ প্ৰতি বেঙ্গল চৰকাৰ ৰুষ্ট হয় আৰু সেই মৰ্মে ১৯১৬ চনৰ ২২ মাৰ্চ তাৰিখে এক ঘোষণা জাৰি কৰি, আজাদক বংগ প্ৰদেশ এৰি যাবলৈ এক কঠোৰ নিৰ্দেশ দিয়ে। আজাদে সেই নিৰ্দেশ মানি ৩০ মাৰ্চত কলকাতা এৰি ৰাঁছীলৈ গুচি যায়। ৰাঁচীৰ মৰহাবাদী নামৰ এখন জনজাতী গাঁৱত তেওঁ বস-বাস কৰিবলৈ লয়। তেওঁ ৰাঁচীত থকা কালছোৱাত ওৰাং, কোল, মুণ্ডা আদি জনজাতিসকলৰ লগত মিলি পৰম সুখৰে দিন কটাইছিল।

• সংগঠক মৌলানা আজাদে ১৯১৩ চনত আবুল প্রতিষ্ঠা কৰিছিল ‘Party of God’ বা ‘হিজবুল্লাহ’ নামক এটি দল।

• ১৯১৪ চনত কলকাতায় প্রতিষ্ঠা কৰিছিল ‘Dar-ul-Irshad’ (House of guidance), কিন্তু সেয়াও বন্ধ কৰা হৈছিল।

• ১৯২০ চনৰ জানুৱাৰী মাহত আজাদৰ ওপৰত থকা অন্তৰীণ বন্দীৰ আদেশ চৰকাৰে উঠাই লয়। তেওঁ তেতিয়া ৰাঁচীৰ পৰা কলকাতালৈ উভতি আহে। আজাদ কলকাতালৈ আহি এইবাৰ সক্ৰিয় ৰাজনীতিত প্ৰবেশ কৰে।

• ১৯২০ চনৰ ১৮ জানুৱাৰীত তেওঁ মহাত্মা গান্ধীৰ সান্নিধ্যলৈ আহে

• ১৯২৩ চনত কেৱল ৩৫ বছৰ বয়সত তেওঁ নিখিল ভাৰত কংগ্রেছৰ কনিষ্ঠতম সভাপতি নির্বাচিত হৈছিল।

• দ্বিতীয় বিশ্বযুদ্ধৰ ক্রান্তিকালীন সময়ত ১৯৩৯-৪৬ চন লৈকে নিখিল ভাৰত কংগ্রেছৰ সভাপতি হিচাপে নেতৃত্ব প্ৰদান কৰি ভাৰতক লৈ গৈছিল গেছেন স্বাধীনতাৰ দুৱাৰডলি লৈ।

• ১৯৪২ চনৰ ৮ আগষ্টত নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে ভাৰত-ত্যাগ প্ৰস্তাৱ গ্ৰহণ কৰে। এই প্ৰস্তাৱ গৃহীত হোৱাৰ পিছত, ৯ আগষ্টত ব্ৰিটিছ চৰকাৰে মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, সৰুজিনী নাইডু, মৌলানা আবুল কালাম আজাদক আটক কৰে।

• ১৯৪৫ চনৰ মে মাহত ব্ৰিটিছ চৰকাৰে ক্ষমতা হস্তান্তৰ কৰিবলৈ চিমলাত এখন সন্মিলন পাতে। এই সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে সভাপতি মৌলানা আবুল কালাম আজাদক অধিকাৰ দিছিল।

• ১৯৪৭ চনৰ ১৫ জুলাইত মৌলানা আবুল কালাম আজাদে অন্তৰ্ৱতী চৰকাৰত শিক্ষা মন্ত্ৰী হিচাপে দায়িত্ব পালন আৰম্ভ কৰে।

সাহিত্য জীৱন –

• সাহিত্য চৰ্চাৰ প্ৰতি মৌলানা আজাদ বিৰাট আগ্ৰহী আছিল। ১২ বছৰ বয়সতেই বিখ্যাত মুছলিম দাৰ্শনিক ‘ইমাম গাজ্জালী’ ৰ জীৱনী ৰচনা আৰম্ভ কৰিছিল। উৰ্দু আৰু ফাৰ্ছী ভাষাত কবিতা লিখি ভাল পাইছিল আৰু বহুত চৰ্চাও কৰিছিল।

• তেখেতৰ সাহিত্য চৰ্চাৰ কেইটামান বিখ্যাত নমুনা হল- “ইণ্ডিয়া উইনচ ফ্রিডম (India Wins Freedom)”

এই বিখ্যাত গ্ৰন্থখন মৌলানা আবুল কালাম আজাদৰ আত্নজীবনীমূলক ৰচনা হলেও, ই ভাৰতীয় ইতিহাসৰ পাতত এটি গুৰুত্বপূর্ণ স্থান দখল কৰি আছে।

• আল-হিলাল (الہلال ) :
ইংৰাজৰ বিৰুদ্ধে দেশব্যাপী জনমত গঢ়ি তোলাৰ উদ্দ্যেশে তেওঁ ১৯১২ চনৰ জুন মাহত ‘আল-হিলাল’ নামৰ পত্রিকা প্রকাশ কৰিছিল।
“উর্দু সাংবাদিকতাৰ ইতিহাসত ‘আল-হিলাল’ ৰ প্রকাশ এক যুগান্তকাৰী ঘটনা । অল সময়ৰ ভিতৰতেই এই পত্ৰিকা অভূতপূর্ব জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল । জনসাধাৰণ ইয়াৰ প্ৰতি আকৃষ্ট হৈছিল, তাক প্রচারিত বলিষ্ঠ জাতীয়তাবাদী অভিনৱ সুৰৰ বাবে, কেৱল তাৰ উন্নত ধৰণৰ ছপা আদিৰ বাবে নহয়।
১৯১৪ চনত অৱশেষত বৃটিছৰ চক্ৰান্তত বন্ধ কৰিবলগীয়া হৈছিল।

• ১৯২১ চনত মৌলানা আজাদে কলকাতাৰ পৰা পয়গাম নামেৰে এখন সাপ্তাহিক কাকত প্ৰকাশ কৰিছিল।

• পৰৱৰ্তী কালত ‘আল-বালাগ্ব’ নামৰ এটি পত্রিকা প্রকাশ কৰে। ছমাহৰ পিছত বৃটিচ শাসকগোষ্ঠীয়ে সেয়াও বন্ধ কৰি দিয়ে।