বাবৰি মছজিদ শ্বহীদ হৈছিল: জানক প্ৰথম আঘাতকাৰী বলবীৰ সিঙৰ  ইছলাম গ্রহণৰ নেপথ্য কথা:

Share :

ইছলাম গ্ৰহণৰ পিছত প্ৰায়শ্চিত্ত কৰিবলৈ বলবীৰ সিং ওৰফে মহম্মদ আমিৰে ভাঙি পৰা বা নতুনকৈ ১০০ খন মছজিদ মেৰামতি আৰু নিৰ্মাণ কৰিবলৈ সংকল্পবদ্ধ হৈছিল। মুহাম্মদ আমিৰৰ দাবী মতে , ১৯৯৩ চনৰ পৰা ২০১৭ লৈকে, এই ২৪ বছৰৰ ভিতৰত উত্তৰ ভাৰতৰ বিভিন্ন ঠাইত , বিশেষকৈ মেৱাতত বহুকেইখন মছজিদৰ মেৰামতিৰ কাম কৰাইছে। তাৰ সংখ্যা শেষ সময়লৈকে জনামতে ৫০ ৰো অধিক হব। আৰু সহযোগী যোগেন্দ্ৰ ওৰফ ওমৰে ৮০ ৰো অধিক মছজিদৰ মেৰামতিৰ কাম শেষ কৰে ইতিমধ্যে। 

 ইয়াৰ লগতে বলবীৰ সিং ওৰফে মুহাম্মদ আমিৰে অমুছলিসকলৰ মাজত ইছলামৰ প্ৰচাৰ চলাই দাৱাতৰ কামত বিৰাট ব্যস্তপূৰ্ণ জীৱন কটায়। যত এতিয়ালৈকে আনুমানিক ১০,০০০ লোক ইছলাম ধৰ্ম গ্ৰহণ কৰে। 

পৰ্ব-১ 

বাবৰি মছজিদ প্রথম আঘাতকাৰী বলবীৰ সিং ৰ  ইছলাম গ্রহণ : নেপথ্য কথা:

পৃথিৱীৰ শ্রেষ্ঠতম জাগা  হৈছে আল্লাহৰ ঘৰ মছজিদ । কিন্তু ঐ ঘৰ যদি কোনোবাই  ভাঙি দিয়ে! সেয়া হব খুবেই  নিকৃষ্ট কাম । কৈ আছিলো ভাৰতৰ অযোধ্যাত অৱস্থিত বাবৰি মছজিদৰ কথা। এই মছজিদ ভাঙিবলৈ  প্রথম আঘাত কৰিছিলে যিজন ব্যক্তি তাৰ নাম বলবীৰ সিং।

কিন্তু মহান আল্লাহ’ৰ অশেষ ৰহমতত সেই বলবীৰ সিং আজি নৱমুছলিম মুহাম্মদ আমিৰ। যি ব্যক্তিয়ে  এদিন মছজিদ ভাঙি দিছিল তেৱেই এখন পথে পথে ঘুৰি আল্লাহ’ৰ ঘৰ পুনৰ্নিৰ্মাণ ও নতুন মছজিদ নির্মাণ কৰিছে । কিন্তু কেনেকৈ তাৰ এই পৰিৱৰ্তন হোৱা, আহক জানি লওঁ।

আহমদ আওয়াহ : আচ্ছলামু আলাইকুম ৱা ৰাহমাতুল্লাহ ৱাবাৰাকতুহু।

মুহাম্মদ আমিৰ :  ৱা আলাইকুম আচ্ছালাম ৱা ৰাহমাতুল্লাহি ৱা বাৰাকাতুহু।

◼️ ১. প্রশ্ন : প্রথমে আপোনাৰ পৰিচয় দিব। 

উত্তৰ : জন্মসূত্ৰে মোৰ নাম বলবীৰ সিং । ১৯৭০ চনত ৬ ডিচেম্বৰত হাৰিয়ানা প্রদেশৰ পানিপথ জিলাৰ এক ৰাজপুত পৰিয়ালত মোৰ জন্ম হয় ।

 #দেউতা 

 মোৰ দেউতাক আছিল স্থানীয় এখনি প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষক। তেখেত অত্যন্ত ভাল মানুহ আছিল।তেওঁ যিকোনো ধৰণৰ জুলুম, নিপীড়ন আদিৰ বিৰোধিতা কৰিছিল সদায়। ১৯৪৭ চনত দেশ-বিভাগৰ সময়ত হিন্দু-মুছলমান সাম্প্রদায়িক সংঘৰ্ষও তেওঁ দেখিছিল। সেই সময়তে ব্যাপক মুছলিম হত্যাকাণ্ডক দেশৰ বাবে বৃহৎ কলঙ্ক বুলি গণ্য কৰিছিল তেওঁ। আৰু অৱশিষ্ট মুছলমানসকলক পুনর্বাসনৰ ক্ষেত্ৰত তেওঁ বহুত সহায় সহযোগ আগবঢ়াইছিল। তেতিয়া তেওঁ তাৰে বিদ্যালয়ৰ মুছলমান লৰা ছোৱালীক পঢ়া-শুনাৰ ক্ষেত্ৰত বিশেষ যত্ন লৈছিল।

    #কৈশোৰ_কাল 

গাওঁৰ মাধ্যমিক বিদ্যালয়ৰ পাঠ শেষ কৰি মই পানিপথলৈ গৈ উচ্চ মাধ্যমিকৰ শিক্ষা আৰম্ভ কৰোঁ। ইফালে মুম্বাইৰ পিছত পানিপথত আছিল শিৱসেনাৰ আটাইতকৈ শক্তিশালী বৃহৎ কেন্দ্র। বিশেষকৈ যুৱ শ্রেণী আৰু স্কুলৰ ছাত্ৰ ছাত্ৰী বৃহৎ সংখ্যাত শিৱসেনাৰ সৈতে গভীৰভাৱে জড়িত আছিল । গতিকে বহুত শিৱসেনাৰ সৈতে মোৰো বন্ধুত্ব গঢ়ি উঠে আৰু  মইয়ো পানিপথ শিৱসেনা শাখাত নিজৰ নাম লিখালো। 

      মই দেখিলো, পানিপথৰ ইতিহাস ব্যাখ্যা কৰি সেই ঠাইৰ যুৱচামৰ মাজত মুছলিম সম্রাটসকলৰ বিৰুদ্ধে বিভিন্ন আলোচনা আদিৰে বিৰাট ঘৃণা তথা বিদ্বেষ বিয়পোৱা হৈ আছিল।

#মোৰ_পিতৃ-

    ইফালে মোৰ দেউতা যেতিয়া জানিব পাৰিলে যে, মই শিৱসেনাত নাম লিখাই সদস্যপদ গ্ৰহণ কৰিছোঁ, তেতিয়াই তেওঁ মোক  ইতিহাসৰ সূত্র ধৰি বহু কথা বুজাবলৈ চেষ্টা কৰিলে….যে মোৰ এই পদক্ষেপ উচিত হোৱা নাই । 

সম্রাট বাবৰ বিশেষকৈ সম্রাট ঔৰঙ্গজেৱৰ শাসনকালত আদৰ্শ ন্যায় আৰু তেওঁৰ অমুছলিমসকলৰ সৈতে কৰা উত্তম আচৰণৰ  বিভিন্ন কাহিনীও তেওঁ মোক শুনায় আৰু বিতংকৈ কবলৈ চেষ্টা কৰে। ১৯৪৭ চনত দেশ-বিভাজনৰ সময়ৰ অত্যাচাৰ , নিপীড়ন, হত্যা আৰু ধ্বংসাত্মক আদিৰ ঘটনাৱলী শুনাই মোক শিবসেনাৰ যাবতীয় কৰ্মকাণ্ডৰ পৰা দূৰত ৰাখিবলৈ চেষ্টা কৰিছিল। কিন্তু মোৰ দেউতাৰ সেই সকলোবোৰ চেষ্টা বিফলে যায়। মোৰ উপলব্ধিত তেনে বিশেষ একো ধৰা নপৰিল। মই তেনেকুৱাই চলি থাকিলো। 

◼️ ২. প্রশ্ন : ফোলতত থকাসময়ত বাবৰি মছজিদ বিধ্বস্ত কৰাৰ ক্ষেত্রত আপোনাৰ অংশগ্রহণৰ কথা শুনিবলৈ পাইছিলো। এইবাৰ আমাক সেই সন্দৰ্ভত অলপ বিস্তাৰিতভাৱে জনাব! 

উত্তৰ : ঘটনাটো এনে ধৰণৰ…. 

১৯৯৯০ চনত লালকৃঞ্চ এডৱানিৰ ৰথযাত্রা  আছিল। 

 পানিপথৰ ৰথযাত্ৰা কর্মসূচী সফল কৰাৰ ক্ষেত্ৰত মোক বিশেষ দায়িত্ব দিয়া হয়। ৰথযাত্রাত দায়িত্বশীল নেতা সকলে আমাৰ প্রতিটি শিৰা-উপশিৰাত মুছলমান সকলৰ প্রতি পূৰ্বেই ঘৃণা ও বিদ্বেষৰ জুই জ্বলাই দিছিল । মই শিবাজীৰ নামত শপথ গ্রহণ কৰো যে, যি ঘটনা সংঘটিত নহওঁক কিয়,  কোনোবাই কিবা কৰক বা নকৰক…. 

      মই অকলে গৈ ৰাম মন্দিৰ ওপৰত অবৈধভাৱে নিৰ্মিত মছজিদৰ নমুনা ভাঙি গুড়িয়াই দিমেই। এই যাত্রাত মোৰ পূৰ্বৰ কর্মতৎপৰতাৰ ফলত মোকেই শিবসেনাৰ যুব শাখাৰ সহ-সভাপতি নির্বাচিত কৰা হৈছিল। আমি আমাৰ যুৱ দল লৈ ৩০ অক্টোবৰ অযোধ্যাত গৈ উপস্থিত হওঁ। কিন্তু তেতিয়া বহু চেষ্টা কৰিও আমি বাবৰি মছজিদৰ কাষলৈ যাব নোৱাৰিলো। যাৰ ফলত আমাৰ মন মগজুত ঘৃণা আৰু বিদ্বষৰ জুই দপদপকৈ জ্বলি উঠে ।

আমি আমাৰ লগৰীয়া সকলক বাৰে বাৰে কৈছিলো এনেকুৱা জীৱন লৈ জীয়াই  থকাতকৈ মৰি যোৱাই  ভাল!ৰামৰ জন্মভূমিত আৰব সকলৰ কাৰণে ৰামভক্ত সকলৰ  ওপৰত গুলি চলিব, এয়া  কেনে ধৰণৰ অন্যায় ও জুলুম? মোৰ  খুউব খঙ উঠিছিল। মই  খঙত ক্ষোভিত হৈ ফুলি গৈছিলো।কেতিয়াবা  মনে হৈছিল  যে, মই  নিজকেই শেষ কৰি দিও। মই  আত্মহত্যা কৰো। সমগ্ৰ  দেশতে ব্যাপক দাঙ্গা-হাঙ্গামা চলিছিল । মই সেই দিনটোৰ বাবে খুবেই অস্থিৰ হৈ আছিলো, যেন আমাৰ সুযোগ মিলি যায় আৰু মই  নিজ হাতেৰে বাবৰি মছজিদ ভাঙি গুঁড়ি দিম। এনেকৈ  এদিন দুদিনকৈ  সেই অপেক্ষাৰ দিনটোও ওচৰলৈ আহি পৰিল , যি দিনটাক

 মই সেই সময়ত আনন্দৰ দিন বুলি  ভাবিছিলো। আমি আমাৰ কিছু আবেগ-দীপ্ত সাথীক লৈ ৯২ চনৰ  ১ ডিচেম্বৰত প্রথমে অযোধ্যাত যাও। আমাৰ সাথী সকলৰ  মাজত যোগীন্দৰ পাল নামে এজন  যুৱক আছিল । তাৰ ঘৰ  সোনীপথৰ নিকটবৰ্তী জাট সকলৰ গাওঁত । তেওঁ আছিল মোৰ খুবেই ঘনিষ্ঠ বন্ধু। তাৰ দেউতা আছিল এজন বিৰাট জমিদাৰ । জমিদাৰ হলেও তেও মানুহক খুউব  ভালপাইছিল। তেওঁ তাৰ একমাত্র পুত্ৰক  অযোধ্যাত যাবলৈ  বাধা দিয়ে । তাৰ ডাঙৰ  খুৰাই তাক ঘুৰাই আনিবলৈ চেষ্টা কৰে। কিন্তু সি কোনো বাধা নামানিলে।

আমি ৬ ডিচেম্বৰৰ আগৰ ৰাতিত বাবৰি মছজিদৰ একেবাৰে ওচৰা-ওচৰি গৈ উপস্থিত হও আৰু  মছজিদৰ সন্মুখত  কিছু মুছলমান সকলৰ ঘৰৰ  ছাদত ৰাতি  কটাও। আমাৰ বাৰে বাৰে  মনে হৈছিল, কিজানি ৩০ অক্টোবৰৰ দৰেই  আজিও আমি এই ‘শুভ’ কামৰ পৰা বঞ্চিত হও! কেইবা বাৰো মনে হৈছিল, নেতা নাজানো  কি কৰে, আমালোকে  নিজেই গৈ কৰ সেৱা আৰম্ভ  কৰা উচিত। কিন্তু আমাৰ নেতা  আমাক বাধা দিলে আৰু  শৃংখলাৰ সৈতে থাকিবলৈ কলে। আমি তাৰ ভাষণ শুনি শুনি ঘৰৰ  ছাদৰ পৰা  নামি আহিলো  আৰু  কোৰ  হাতত লৈ বাবৰি  মছজিদ ভাঙিবলৈ  অগ্ৰসৰ হলো।

মোৰ  মনৰ বাসনা পূৰণৰ সময় আহি পৰিল । মই  মাজৰ গম্বুজটোৰ ওপৰত কোৰ লৈ আঘাত কৰিলো আৰু  ভগৱান ৰামৰ নামত জোৰে জোৰে ধ্বনি দিলো। দেখিতে দেখিতে মছজিদ ভাঙি গুঁড়ি  গল। মসজিদ ভাঙি  পৰাৰ  আগতেই আমি তলত নামি পৰিলো। আমি খুবেই আনন্দত আত্মহাৰা হৈ আছিলো । ৰাম লীলা লগোৱাৰ পিছত তাৰ সন্মুখত মূৰ  জোকাৰি আমি আমাৰ বাৰী -ঘৰত উভতি আহিলো। আমাৰ লগতে লৈ আহিলো  মছজিদৰ দুটুকুৰা কৈ ইট, যি আনন্দ মনেৰে  আমাৰ  পানিপথৰ সাথী সকলক দেখুৱালো। তেওঁলোকে  আমাৰ পিঠি চাপৰি  আমালোকৰ  কৃতিত্বৰ আনন্দ প্রকাশ কৰিলে। শিবসেনাৰ অফিচত  দুটা কৈ ইট ৰাখি দিয়া হয়।ইয়াৰ পাছত এক বিৰাট সভা হয় আৰু  সকলেই তেওঁলোকৰ  বক্তৃতাত অত্যন্ত গৰ্বৰ সৈতে  মোৰ ভূয়সী প্ৰশংসা কৰে । মই মোৰ ঘৰত  গৈ  অত্যন্ত আনন্দৰ সৈতে এইকথা কৈছিলো ।

ওওমোৰ দেউতা খুবেই অসন্তুষ্ট হয়। এই ব্যাপাৰত তাৰ গভীৰ দুঃখৰ কথা জনাই  মোক পৰিষ্কাৰ কৈ দিলে , এতিয়া এই ঘৰত মই  আৰু তুমি দু’জনে একলগে  থাকিব নোৱাৰো । তুমি থাকিলে মই  ঘৰ এৰি চলি যাম, নহলে তুমি ঘৰ এৰি  চলি  যাবা। মালিকৰ ঘৰ যিজনে ভাঙিছে আমি তাৰ মুখ দেখিবলৈ নিবিচাৰো । আমাৰ মৃত্যু পর্যন্ত তুমি তোমাৰ মুখ কেতিয়াও  মোক নেদেখাবা। মই  ধাৰণাও কৰিব পৰা নাই যে এনে ঘটিব। মই  তেওঁক বুজাবলৈ  চেষ্টা কৰিলো। তেওঁ  মোক এয়াও কলে যে, এই ধৰণৰ  জালিম সকলৰ  কাৰণে এইদেশ ধ্বংস হৈ যাব। অৱশেষত- খঙত ক্ষোভিত হৈ ঘৰ এৰি  যাবলৈ  উদ্যত হল। মই  ব্যাপাৰটো বুজি পাই কলো, আপুনি ঘৰ এৰি নাযাব। মই  নিজেই আৰু এই ঘৰত থাকিব নিবিচাৰো , যত এজন ৰাম মন্দিৰ ভক্তক জালিম মনে কৰা হয়। ইয়াৰ পিছত মই ঘৰ এৰি আহি পানিপথত থাকিবলৈ আৰম্ভ কৰো ।

প্রশ্ন : আপুনি আপোনাৰ ইছলাম গ্ৰহণৰ ব্যাপাৰত কিছু কওঁক!

উত্তৰ : প্রিয় ভাই আহমদ! আমাৰ আল্লাহ কিমান মেহেৰবান ও দয়ালু। আল্লাহে বিচৰা নাই যে মই  জুলুম ও শ্বিৰ্কৰ অন্ধকাৰত হাবাথুৰি খাও। যিজনে মোক ইছলামৰ নূৰ ও হিদায়াতৰ দ্বাৰা ধন্য কৰিছে। মোৰ দৰে জালিম যিয়ে তাৰ পবিত্র ঘকৰ ভাঙিছে সেইজনেই  তাক হিদায়াত দানৰে ধন্য কৰিছে।

ইছলাম গ্ৰহণৰ_ঘটনাটো_আছিল, মোৰ বন্ধু যোগীন্দৰ  বাবৰি মছজিদৰ কিছু ইট আনি ৰাখিছিল  আৰু মাইক দি ঘোষনা কৰা হল যে, ইটাবোৰ ৰাম মন্দিৰৰ ওপৰত নিৰ্মিত । সৌভাগ্যক্রমে সেয়া আমাৰ হাতত আহি পৰিছে । সমস্ত হিন্দু ভাই সকলে যেন ইয়াৰ ওপৰত পেচাব কৰে । আৰু  কি? ! ঘোষণা হোৱাৰ লগেলগেই  ভিৰ লাগি গল।

এইবাৰ  মছজিদৰ যিজন মালিক তাৰ ক্ষমতা প্রদর্শনল পাল । চাৰি-পাঁচ দিন পাছত যোগীন্দৰৰ মস্তিষ্কৰ বিকৃতি ঘটে। সি পাগল হৈ যায়,সম্পূর্ণ উলঙ্গ হৈ থাকিবলৈ আৰম্ভ  কৰে । শৰীৰত কেতিয়াও কাপোৰ নিপিন্ধে। সম্মানিত জমিদাৰ চৌধুৰীৰ একমাত্র পুত্ৰ  আছিল তেওঁ। তাৰ দেউতাক এনে কাৰ্য্যত খুবেই চিন্তিত হৈ পৰিল । পুতেকৰ সুচিকিৎসাৰ কাৰণে সাধু-সন্ন্যাসী ও আলিম-উলামাক দেখায়। বাৰে বাৰে মহান মালিকৰ ওচৰত  ক্ষমা বিচাৰি থাকে। দান খয়ৰাত কৰি  থাকে । কিন্তু তাৰ অবস্থাৰ উন্নতি নহৈ বৰঞ্চ আৰু বেয়া  হৈ থাকে। এদিন তেওঁ বাহিৰলৈ যোৱাৰ পাছত  তাৰ মাকক সাবটি  ধৰে । মায়ে  চিৎকাৰ আৰম্ভ কৰিলে  মহল্লাবাসী ছুটি আহি  তাক ৰক্ষা কৰে । ইয়াৰ পিছৰ পৰা  তাক শিকলিৰে বান্ধি ৰখা হয়। যোগীন্দৰৰ দেউতা আছিল খুবেই সম্মানিত লোক। তেওঁ এই ঘটনা শুনি পুতেকক গুলীয়াই মাৰি পেলোৱাৰ সিদ্ধান্ত লয়। এনে সময়তে কোনোবাই তাক কয় যে, ইয়াত  সোনিপথত ঈদগাহৰ ওচৰত এটা  মাদ্ৰাছা আছে। তাত  এজন ডাঙৰ  মৌলানা চাহাব বহি থাকে । এবাৰ  গৈ তাৰ লগত আপুনি সাক্ষাত কৰক। ইয়াৰ পিছতো যদি কিছু নহয় তেন্তে যি হয় কৰিব।

তেওঁ সোনীপথত গল। যোৱাৰ পাছত জানিব পাৰিলে, মৌলানা  চাহেব মাহৰ  এক তাৰিখে আহে।  বিগত পৰশু আহি পাছদিনা  চলি গৈছে ।

মাদ্ৰাছাৰ  ইমাম চাহেব তাক কলে যে, অৱস্থা বেয়া হোৱাৰ  বাবে  ৬ ডিচেম্বৰৰ আগে  হাৰিয়ানাৰ বহু ইমাম ইয়াৰ পৰা  উত্তৰ প্রদেশত চলি গৈছিল আৰু  তেওঁলোকৰ মাজৰ  কোনোবাই এমাহ লৈকে উভতি অহা নাই । এই কাৰণেই  মৌলানা চাহেব ১ তাৰিখত এইবিষয়ে বক্তৃতা কৰে আৰু  বক্তৃতাত বিৰাট  জোৰ দি এইকথা কয় যে, মুছলমান সকলে এইসকল অমুছলিম ভাইক যদি ইছলামৰ দাওয়াত দিলেহেঁতেন তেন্তে  এই ধৰণৰ দুৰ্ঘটনাৰ জন্ম নহলে হয়। তেওঁ আৰু কয় যে, বাবৰি মছজিদ ভাঙাৰ জিম্মাদাৰ এফালৰ পৰা  আমি মুছলমান সকলেও। আৰু এতিয়াও যদি আমালোকৰ  হুঁশ হয় আৰু  আমি যদি দাওয়াতৰ হক আদায় কৰি থাকো তেন্তে  এই মছজিদ যিসকলে ভাঙিছে , তেওঁলোকে মছজিদ নির্মাতা হব পাৰে । হব পাৰে তেওঁলোকেই মছজিদৰ খাদিম।

মাদ্ৰাছাৰ  ইমাম চাহেবে যোগীন্দৰৰ দেউতাক কলে , মই জৰা-ফুকা কৰিছিলো । কিন্তু  মৌলানা চাহাবে  আমাক এইকাম কৰাৰ পৰা বিৰত থাকিবলৈ কৈছে । কিয়নো এই কামত অনেক সময় মিছা কব লাগে আৰু  মহিলা সকলৰ লগতো সাক্ষাত কৰিব লাগে। আৰু আপনাৰ পুত্ৰৰ  ওপৰত তো কোনো জাদু নাইবা  জিন-ভুতৰ আছৰ নাই বৰঞ্চ  এয়া  তো সেই মালিকৰ আযাবৰ ফল। আপোনাৰ  এটা সুযোগ আছে। মৌলানা  চাহেব আগামী বুধবাৰ দুপৰীয়া ইয়াত আহি আছে । আপুনি তেতিয়া তাৰ সৈতে সাক্ষাত  কৰক আৰু  আপোনাৰ কথা তাক  কওঁক । আপোনাৰ পুত্ৰ  আশা কৰো ভাল হৈ যাব। কিন্তু আপোনাক এটা  কাম কৰিব লাগিব  আৰু সেয়া হৈছে , আপোনাৰ পুত্ৰ  যদি ভাল হৈ যায় তেন্তে আপোনাক  মুছলমান হব লাগিব। চৌধুৰী চাহেবে কলে, মোৰ পুত্ৰ ভাল হৈ গলো আমি সকলোকিছু কৰাৰ বাবে সাজু  আছো।

বুধবাৰে পুৱাত  যোগীন্দৰৰ দেউতাই পুত্ৰক লৈ সেই মাদ্রাছাত গৈ মৌলানা চাহেবৰ বাবে  অপেক্ষা কৰিব লাগিল। দুপৰীয়া যোহৰৰ আগেই মৌলানা চাহেবৰ আগমন ঘটিল । শিকলিৰে  বান্ধা যোগিন্দৰৰ সম্পূর্ণ দিগম্বৰ অবস্থায় থিয় হোৱা। চৌধুৰী চাহেব কান্দি কান্দি  মৌলানা চাহেবৰ ভৰিৰ ওপৰ পৰি গল আৰু কৈ উঠিল, মৌলানা  চাহেব! আমি এই বুৰ্বকটোক বাধা দিবলৈ খুবেই  চেষ্টা কৰিছো, কিন্তু সেই পানিপথৰ এক কুচক্ৰৰ চক্ৰান্তত  পৰে । মৌলানা  চাহেব! আমাৰ ওপৰত দয়া কৰক। আমাক মার্জনা কৰি দিয়ক। আমাৰ ঘৰ বচাওক। মৌলানা  চাহেবঃ কঠোৰ ভাষাত তেওঁক মুৰ তুলিবলৈ কলে আৰু সম্পূৰ্ণ  ঘটনা শুনিলে ।

তেওঁ চৌধুৰী চাহেবক কলে যে, সমগ্র জগত সংসাৰ নিয়ন্ত্রণকাৰী সর্বশক্তিমান আল্লাহ’ৰ ঘৰ মাটিৰ সাথে মিলাই  দি তেওঁলোকে ইমান ডাঙৰ  পাপ কৰিছে আৰু ইমান ডাঙৰ জুলুম কৰিছে যে, যদি তেওঁ সমগ্ৰ  বিশ্বচৰাচৰ ধ্বংস কৰি দিয়ে  তেন্তে সেয়াও যথার্থ হব। এয়া তো বৰঞ্চ  কমেই  হৈছে যে, এই পাপৰ বোজা কেৱল অকলেই তাৰ ওপৰত পৰিছে। আমি সকলোৱেই সেই সর্বশক্তিমান মালিকৰ বান্দা আৰু  এফালৰ পৰা  এই বিৰাট পাপৰ অংশীদাৰ আমালোকেও। আৰু আনফালে যে, আমি  তেওঁলোকক বুজোৱাৰ হক আদায় কৰা নাই যি সকলে  বাবৰি মছজিদ ভাঙিছে। এতিয়া আমালোকৰ আয়ত্বত আৰু কিছুই নাই । আমি কেৱল ইমানেই  কৰিব পাৰো যে. আপুনি সেই মালিকৰ সন্মুখত কান্দি কান্দি তাৰ ওচৰত  ক্ষমা চাওক। আৰু আমিও ক্ষমা বিচাৰো।

ইয়াৰ পিছত  মৌলানা  চাহেবে কলে, মছজিদৰ অনুষ্ঠান শেষ নোহোৱালৈকে  মালিকৰ ওচৰত অন্তৰ দি ক্ষমা চাওক। প্রার্থনা কৰি  থাকক যে, মালিক! আমাৰ বিপদ কেৱল আপনিই দূৰ কৰিব পাৰে, আৰু কোনোবাই দূৰ কৰিব নোৱাৰে।

মৌলানা  চাহেব মছজিদত গল। নামায পঢ়িলে । অলপ সময়ৰ বাবে  উপস্থিত লোকসকলৰ  সন্মুখত  বক্তৃতাও দিলে আৰু  দুআ কৰিলে। মৌলানা চাহেব সকলকেই যোগিন্দৰ ও তাৰ দেউতাৰ বাবে  দুআ কৰিবলৈ কলে। অনুষ্ঠান শেষ হোৱাৰ  পাছত মছজিদত জলপান হল। জলপানৰ পৰা মুক্ত হোৱাৰ পাছত মছজিদৰ পৰা বাহিৰত ওলোৱাৰ পাছত  আল্লাহ’ৰ কি মেহেৰবানী চাওক, যোগীন্দৰ তাৰ দেউতাৰ  মূৰৰ পৰা  পাগৰী টানি লৈ  তাৰ উলঙ্গ শৰীৰ  ঢাকিলে আৰু  দিব্য সুস্থ মানুহৰ দৰেই  তাৰ দেউতাকক সৈতে  কথা কবলৈ  লাগিল। সকলেই এই দৃশ্য দেখি আনন্দিত হল।

মাদ্ৰাছাৰ  ইমাম চাহেব যোগীন্দৰৰ দেউতাক তাৰ প্রতিশ্রুতিৰ কথা স্মৰণ কৰাই দি কলে? যেই মালিক তাক ভাল কৰি দিছে, আপুনি যদি ওয়াদা অনুযায়ী  মুছলমান নহয় তেন্তে সি আকৌ ইয়াতকৈ  মাৰাত্মক পাগল হব পাৰে।

ইয়াৰ পিছত  যোগীন্দৰৰ দেউতাক  মছজিদত লৈ যোৱাত যোগিন্দৰ জিজ্ঞাসা কৰিলে , দেউতা ! আপুনি, কত যাই আছে ? তেওঁ কলে, মুছলমান হবলৈ। তেতিয়া যোগিন্দৰে কলে, মোক তো আপোনাৰ  আগতেই মুছলমান হব লাগিব  আৰু  আমিয়েই  বাবৰি মছজিদ আকৌ এবাৰ  অবশ্যই নিৰ্মাণ কৰিব লাগিব। তাৰপাছত  উভয়ে খুশি মনে ওযু কৰিলে। উভয়ক কলিমা  পঢ়োৱা হল। দেউতাকৰ  নাম মুহাম্মদ উছমান আৰু পুত্ৰৰ  নাম মুহাম্মদ উমৰ ৰখা হল। ইয়াৰ পিছত  তেওঁলোকে খুবেই আনন্দিত হৈ   নিজৰ গাওঁত উভতি আহিল। গাওঁত এটা সৰু মছজিদ আছিল। তেওঁলোকে  মছজিদৰ ইমাম চাহেবৰ সৈতে সাক্ষাৎ কৰিলে। ইমাম চাহেব স্থানীয় মুছলমানদ সকলক তেওঁলোকৰ  বাপেকে পুতেকৰ মুছলমান হোৱাৰ  কথা জনাই দিলে। ফলত এজন দু’জনৰ কানৰ পৰা সমগ্ৰ  এলেকাত এই  কথা বিয়পাই পৰিল। হিন্দু ভাই সকলৰ  কান পর্যন্ত পৌঁছি যায়। ফলত এলাকাৰ প্রভাবশালী হিন্দু সকলৰ  এই লৈ মিটিং হয় আৰু  সিদ্ধান্ত হয় যে, তেওঁলোকৰ  দু’জনক ৰাতিৰ ভিতৰতে মাৰি পেলোৱা হব। অন্যথায় তেওঁলোকে  অনেক লোকৰ ধর্ম নষ্ট কৰি  দিব।

সিহঁতৰ  এই মিটিংত এজন ধর্মত্যাগী উপস্থিত আছিল । সি  ইমাম চাহেবক গোপনে সিহঁতৰ চক্রান্তৰ কথা জনাই দিলে। ফলত আল্লাহৰ মেহেৰবানীত ৰাতিৰ অন্ধকাৰত তেওঁলোকক গাওঁৰ পৰা বাহিৰত পঠিয়াই দিয়া হয়। তেওঁলোকে ফুলাত গৈ উপস্থিত হয় । পিছত  তেওঁলোকক ৪০ দিনৰ বাবে  তাবলিগ জামাতত পঠিয়াই দিয়া হয়। ইয়াৰ পিছত আমীৰ চাহেবৰ পৰামৰ্শ মতে যোগীন্দৰ (ওমৰ) তিন চিল্লাও  দিয়ে। পাছত যোগীন্দৰৰ মাতৃ মুছলমান হৈ যায়।

ইয়াৰ পিছত  মুহাম্মদ ওমৰৰ (যোগিন্দৰ) বিয়া  হয় দিল্লীৰ এক ভাল মুছলিম পৰিয়ালত । এতিয়া তেওঁলোকে ব আনন্দৰ সৈতে  দিল্লীত সপৰিবাৰে  বসবাস কৰে। গাওঁৰ  জাগা-জমি, ঘৰ-বাড়ি সকলো বিক্রি কৰি তেওঁলোকে দিল্লীত এটা কাৰখানা খুলিছে।

২য় পৰ্ব :

প্রশ্ন :মাষ্টৰ চাহেব! আমি আপোনাক  আপোনাৰ ইছলাম গ্ৰহণৰ  ব্যাপাৰত প্রশ্ন কৰিছিলো । আমি জানিব বিচাৰিছিলো  আপুনি কেনেকৈ  মুছলমান হৈছিল ? আপুনি যোগীন্দৰৰ  ও তাৰ পৰিয়ালৰ  (মুছলমান হোৱাৰ ) কাহিনী শুনালে। যদিও সেয়া খুবেই চমকপ্রদ ও বিস্ময়কৰ, কিন্তু আমি তো আপোনাৰ ইছলাম গ্রহণ সম্পর্কে জানিব বিচাৰো, কেনেকৈ  আপুনি ইছলাম গ্রহণ কৰিলে সেই সম্পর্কে।

উত্তৰ : প্রিয় ভাইটি আমাৰ! আচলতে মোৰ  ইছলাম গ্রহণৰ কাহিনী ইয়াৰ পৰা বেলেগ কৰা সম্ভৱ নহয়। এই কাৰণেই আমি ইয়াৰ প্রথম অংশ শুনালো। এতিয়া  দ্বিতীয় অংশ শুনক।

১৯৯৩ চনৰ  ৯ মাৰ্চ মোৰ দেউতাৰ  হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় । বাবৰি মছজিদ ভাঙি  দিয়া আৰু  তাত মোৰ  অংশ গ্রহণ তেওঁক খুবেই আঘাত দিছিলে। তেওঁ প্ৰায়েই মোৰ মাকক কৈছিল, মালিকে আমাক মুছলমান সকলৰ মাজত জন্ম নিদিলে কিয়? আমি  যদি মুছলমান সকলৰ ঘৰত জন্ম ললো হয় তেন্তে অন্তত জুলুম-নিপীড়ন সহ্যকাৰী তালিকাত আমাৰ নাম থাকিলে হেতেন। তেওঁ আমাৰ পৰিয়ালৰ সদস্য সকলক কৈ গৈছিল, মোৰ মৃত্যু হলে মোৰ  লাশৰ ওচৰত যেন বলবীৰ নাহে, প্রথা ও ৰীতি নীতি অনুসৰি চিতাৰ  আগুনত যেন পোৰা নহয়। হিন্দু সকলৰ  শ্মশানত যেন মোক লৈ যোৱা নহয়। পৰিয়ালৰ লোক সকলে তাৰ অন্তিম ইচ্ছা অনুযায়ী সকলো  কিছু কৰে। আঠ দিন পিছত মই মোৰ দেউতাৰ মৃত্যু সংবাদ পাওঁ। এই খবৰ শুনি মোৰ  মন ভাঙি  যায়। তেওঁৰ  মৃত্যুৰ পাছত বাবৰি মছজিদ ভাঙা মোৰ ওচৰত জুলুম মনে হৈ থাকে আৰু গৰ্বৰ পৰিবৰ্তে  আফছোচ্ হৈ থাকে। মোৰ  অন্তৰ যেন হঠাৎ দপ কৈ নুমুৱাই যায়। মই ঘৰলৈ গলে মায়ে মোৰ দেউতাৰ কথা স্মৰণ কৰি কান্দি  থাকে আৰু  কৈ থাকে এনে এজন ভাল মানুহক তই  কষ্ট দি মাৰি পেলালি! ! তই কিমান নিচ ও হীন জাতিৰ মানুহ। মায়েৰ এই ধৰণৰ আচৰণৰ  কাৰণে মই  ঘৰলৈ  যোৱা বন্ধ কৰি দিলো।

জুন মাহত  মুহাম্মদ ওমৰ (যোগিন্দৰ) তাবলিগ জামাতৰ পৰা উভতি আহে। সি পানিপথত মোৰ সৈতে সাক্ষাৎ কৰিলে আৰু  তাৰ সম্পূৰ্ণ ঘটনা বিবৰি কলে। বিগত দু’মাহৰ পৰা মোৰ মন সকলো  সময়তে ভীত-সন্ত্রস্ত থাকে, নাজানো  কোনো আছমানি বালা-মুছিবত মোৰ ওপৰত আহি পৰে। দেউতাৰ দুঃখ-কষ্ট আৰু  বাবৰি মছজিদ ভাঙাৰ কাৰণে মোৰ  মন সকলো সময়তে বেয়া হৈ থাকে। মুহাম্মদ ওমৰৰ (যোগিন্দৰ )ৰ কথা শুনি আৰু বেছি চিন্তিত হৈ পৰিলো।

ওমৰ ভাই মোক কলে, মই  যেন ২৩ জুনত সোনিপথত মৌলানা চাহেবৰ সৈতে অবশ্যই সাক্ষাত কৰো । আৰু ভাল হব যদি তাৰ সৈতে  মই  কিছু দিন থাকো। আমি প্রোগ্রাম বনালো । কিন্তু উপস্থিত হওতে মোৰ কিছু পলম হয়। ওমৰ ভাই মোৰ  আগতেই উপস্থিত হৈ গৈছিল। আৰু  মৌলানা চাহেবক মোৰ অৱস্থা সম্পর্কে সকলো কথা কৈছিল।মই তাত গলে মৌলানা  চাহেবে মোক ওচৰত টানি লৈ কলে , যোগিন্দৰৰ লগত  সর্বময় মালিকে যি কৰিছে আপোনাৰ  সৈতেও  একেধৰণেই  ব্যবহাৰ কৰিব পাৰে। আৰু মালিকে যদি এই জগতত শাস্তি নিদিয়ে  তেতিয়া হলে মৃত্যুৰ পিছত চিৰস্থায়ী জীৱনত যি শাস্তি পাব আপুনি সেয়া কল্পনাও কৰিব নোৱাৰিব।

 মৌলানা চাহেবৰ লগত এঘন্টা থকাৰ  পাছত মই সিদ্ধান্ত ললো , আছমানি বালাৰ হাতৰ পৰা বাচিবলৈ হলে মোক  অবশ্যই মুছলমান হব লাগিব। মৌলানা  চাহেব দু’দিনৰ বাবে বাহিৰত কোনো ভ্ৰমণত গৈ আছিল । তেওঁৰ সৈতে মই যাব বিচৰাত তেওঁ খুউব খুশি হৈ অনুমতি দিলে।

এদিন হাৰিয়ানা, ইয়াৰ পিছত  দিল্লী ও খোর্জাৰ ভ্ৰমণ আছিল। দু’দিন পিছত  তেওঁ ফুলাত উভতি আহিল। এই দুদিনত মোৰ  মন ইছলাম গ্রহণৰ বাবে  তৈয়াৰী হৈ গৈছিল। মই  ওমৰ ভাইক মোৰ  ইচ্ছাৰ কথা কলো। সি খুউব খুশি হৈ মৌলানা চাহেবক এই কথা জনালে আলহামদুলিল্লাহ! ২৫ জুন ১৯৯৩ যোহৰ নামাযৰ পাছত মই  ইছলাম কবুল কৰো। মৌলানা  চাহেবে মোৰ  নাম ৰাখিলে  মুহাম্মদ আমিৰ। ইছলাম সম্পর্কে পঢ়া শুনা আৰু  নামাযৰ নিয়ম-কানুন ও প্ৰয়োজনীয় মাছআলা-মাছাইল শিক্ষাৰ বাবে তেওঁ মোক কিছুদিন ফুলাত থকাৰ পৰামর্শ দিলে । মই

মোৰ স্ত্রী ও সৰু লৰা ছোৱালীৰ সমস্যাৰ কথা কোৱাত তেওঁ ঘৰৰ  ব্যৱস্থা কৰি দিলে। মই  কেইমাহমান  ফুলাত আহি থাকিলো আৰু মোৰ  স্ত্রীৰ ইছলাম গ্রহণৰ ব্যাপাৰত কাম কৰি আছিলো। তিনি মাহ পাছত আলহামদুলিল্লাহ! মোৰ  স্ত্রীও মুছলমান হৈ যায়।

প্রশ্ন : আপোনাৰ মাকৰ কি হল?

উত্তৰ: মই মোৰ মাকক  মুছলমান হোৱাৰ  ব্যাপাৰত কোৱাত  তাই খুউব খুশি হয়,আৰু কয়  তোৰ বাপেৰ আত্মাই ইয়াৰ দ্বাৰা শান্তি পাব। মোৰ  মা ঐ বছৰেই মুছলমান হয় ।

প্রশ্ন : এতিয়া আপুনি কি কৰি আছে ?

উত্তৰ : বৰ্তমানে মই এটা জুনিয়ৰ হাইস্কুল চলাই আছো। স্কুলত ইছলামী শিক্ষাৰ লগে লগে  ইংলিছমিডিয়ামৰ শিক্ষাৰো ব্যৱস্থা আছে।

প্রশ্ন : আব্বা কৈছিল , আপুনি হাৰিয়ানা, পাঞ্জাবসহ বিভিন্ন জাগাত বন্ধ হৈ যোৱা  মছজিদ সমূহ  পুনৰায় চালু কৰাৰ বাবে চেষ্টা কৰি আছে ?

উত্তৰ : ওমৰ ভাইৰ সৈতে  মিলি আমি  ঠিৰাং কৰিছো আল্লাহৰ ঘৰ ভাঙি  আমি যি বিৰাট গুনাহ কৰিছো  তাৰ কাফ্ফাৰা  হিচাবে  বন্ধ হৈ যোৱা মছজিদ সমূহ চালু কৰিম আৰু  নতুন নতুন মছজিদ বনাম। আমি দু’জনে মিলি আৰু  সিদ্ধান্ত লৈছো, আমি নিজেৰ মাজত কাম ভগাই লম ।মই বন্ধ মছজিদ সমূহ চালু কৰিম আৰু ওমৰ ভাই নতুন নতুন মছজিদ বনাবলৈ  চেষ্টা চলাব । এই ব্যাপাৰে মছজিদ বনাবলৈ ও সেইবোৰত মানুহ ভৰপুৰ কৰিবলৈ  কর্মসূচি হাতত ললো । আলহামদুলিল্লাহ! এই পর্যন্ত মই  হাৰিয়ানা, পাঞ্জাব, দিল্লী ও মিৰাট সেনানিবাস এলেকাত  ১৩টা বন্ধ হৈ যোৱা মছজিদ পুনৰায় চালু কৰিছো। ওমৰ ভাই মোতকৈ  অনেক আগুৱাই গৈছে । আজিলৈকে সি ২০টা মছজিদ তৈয়াৰী কৰিছে  আৰু   ২১ তম মছজিদৰ ভিত্তি স্থাপন কৰিছে । আমি উভয়ে এই সিদ্ধান্ত লৈছো যে , বাবৰি মছজিদ ভাঙাৰ বাৰ্ষিকীত ৬ ডিচেম্বৰ  তাৰিখত এটা বন্ধ হৈ যোৱা মছজিদত অবশ্যই নামাযৰ আৰম্ভণি কৰা হব। আলহামদুলিল্লাহ! আমি আজিলৈকে কোনো বছৰতেই এই কাম কৰিবলৈ  ব্যর্থ হোৱা নাই । অৱশ্যে শতকৰ লক্ষ্য পূৰণ এতিয়াও বহু দূৰত। আশা কৰিছো  এইবছৰত ইয়াৰ  সংখ্যা বহুত বৃদ্ধি পাব। ৮ টা মছজিদ সম্পর্কে কথাবর্তা চলি আছে । আশা কৰো , আগামী কেইমাহমানৰ ভিতৰত সেইবোৰ  চালু হৈ যাব। ওমৰ ভাই অনেক আগতেই  লক্ষ্য অর্জনত মোতকৈ আগুৱাই গৈছে। আৰু আচলতে  মোৰ কাম কাজ তো তাৰ ভাগতেই  পৰে । মোক  অন্ধকাৰৰ পৰা আলোত লৈ অহাৰ  মাধ্যম তো মূলত তেওঁ।

প্রশ্ন : পাঠক সকলৰ উদ্দেশ্য  আপুনি কি কিছু কবনে?

উত্তৰ : সকলো মুছলমানৰ ওচৰত মোৰ  এটাই নিবেদন আৰু সেয়া হল, নিজৰ জীৱনৰ লক্ষ্য কি? সেয়া জানি আৰু  ইছলামক মানৱতাৰ আমানত মনে কৰি ইয়াক মানুহৰ ওচৰত পৌছাই দিয়া ,আৰু  পৌছাই দিয়াৰ কথা ভবা । কেৱল ইছলামৰ প্ৰতি শত্ৰুতাৰ কাৰণে তাৰ পৰা বদলা লোৱাৰ প্রতিশোধ গ্রহণৰ  উৎসাহিত নহৈ। আহমদ ভাই! মই  এইকথা একেবাৰে মোৰ  ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছো , বাবৰি মছজিদ ভাঙাত অংশগ্ৰহণকাৰী  প্রত্যেক শিবসেনা, বজৰং দলৰ সদস্যসহ সকলো হিন্দু যদি এয়া  জানিলে যে, ইছলাম কি? মুছলমান কাক বোলে? কুৰআনুল কাৰিম কি? মছজিদ আচলতে  কোন বস্তুৰ নাম, তেতিয়া  তেওঁলোক সকলোৱে  মছজিদ নিৰ্মাণৰ কথা ভাবিব পাৰিলে হেতেন, মছজিদ ভাঙাৰ প্রশ্নই নুঠিলে হেতেন। মই মোৰ প্রবল প্রত্যয়ৰ পৰা কৈছো , বাল থ্যাকাৰ, উইৰে কুঠিয়াৰ যদি ইছলামৰ  প্রকৃত সত্য ও মর্মবাণী জানিব  পাৰে আৰু  জানিব পাৰে যে, ইছলাম (কেৱল মুছলমান সকলৰ নহয়) সকলোৰে ধর্ম, এইটো আমাৰ দৰকাৰ তেতিয়া হলে  তেওঁলোকে প্ৰত্যেকেই নিজ খৰচত  বাবৰি  মছজিদ পুনৰবাৰ  নিৰ্মাণ কৰাক নিজৰ  সৌভাগ্য ভাবিব ।

আহমদ ভাই! সি যিয়েই নহওঁক , কিছু লোক তো এনে আছে যিসকলে  মুছলমান সকলৰ  প্রতি শত্রুতায় বিখ্যাত, কিন্তু এতিয়া  এশ’ কোটি হিন্দুৰ  ভিতৰত এনে  এক লাখ নহব। সত্য কথা বুলিলে  কি, মই  ছাগে বঢ়াই কৈছো, ৯৯ কোটি ৯৯ লাখ লোক তো আমাৰ দেউতাৰ দৰেই , যিসকলে  মানবতাৰ বন্ধু আৰু  ইছলামী ৰীতিনীতি অন্তৰ  দিয়েই পছন্দ কৰে । আহমদ ভাই! মোৰ দেউতা (কান্দি কান্দি  ) কি স্বভাবগতভাবে মুছলমান নাছিল নে? কিন্তু মুছলমান সকলে  তেওক দাওয়াত নিদিয়াৰ কাৰণে তেওঁ কুফুৰি অবস্থাত মৃত্যু হৈছে ।

মৌলানা  চাহেবে সত্য কথা কৈছে , আমি যি সকলে  বাবৰি মছজিদ ভাঙিছো সিহঁতে নজনাৰ কাৰণে  আৰু  মুছলমান সকলে  চিনিবলৈ সক্ষম নোহোৱাৰ  কাৰণে এনে জুলুম কৰিছো । আমি  অজানা ও অজ্ঞতাৰ কাৰণে  জুলুম কৰেছি । আমাৰ পিতাৰ কুফুৰি অবস্থায় মৃত্যু হোৱাৰ কথা  যেতিয়া ৰাতিত  মনে হয় তেতিয়া মোৰ টোপনি পলাই যায়। সপ্তাহৰ পাছত  সপ্তাহ টোপনি নাহে । টোপনিৰ কাৰণে মোক  ঔষধ খাব লাগে। হায়! মুছলমান সকলৰ  যদি এই আঘাতৰ অনুভূতি হলহেঁতেন! আল্লাহ হাফিজ ।

কলম – এম ইউছুফ 

উৎস – মাহিলী আৰমুগান পত্রিকা, আৰু হিন্দী আৰু উৰ্দু প্ৰৱন্ধক সহযোগত