শ্ৰমিক দিৱস : শ্ৰম আৰু শ্ৰমিকৰ গুৰুত্ব

Share :

◼️ শ্ৰমৰ গুৰুত্ব :

ইছলামী জীৱন ব্যৱস্থাই সদায় খাটি খোৱা লোকক উৎসাহিত কৰি আহিছে। নিজ হাতে কৰ্ম কৰি জীৱন নিৰ্বাহ কৰা লোকক ইছলামে অধিকভাৱে পছন্দ কৰে। যাৰ প্ৰমাণ হিচাপে সৃষ্টিকৰ্তা মহান আল্লাহে যুগে যুগে প্ৰেৰণ কৰা নবী (দূত) সকলকো কৰ্ম কৰি জীৱন যাপন কৰাৰ ব্যৱস্থা কৰি দিছিল। নবী হিচাপে, আল্লাহৰ বিশেষ বান্দা হিচাপে যদিও ইয়াৰ কোনো প্ৰয়োজন নাছিল। কিন্তু আজিৰ সমাজত বহু লোকে সৰু কৰ্ম, সৰু পেচা বা খাটি খোৱা পেছাক বাচি লোৱাৰ পৰিৱৰ্তে উপাৰ্জনৰ চমু পদ্ধতিকহে গুৰুত্ব প্ৰদান কৰা দেখা যায়। লাগিলে সেয়া অবৈধ আৰু অনুচিত নহওক কিয়। লাগিলে সেয়া আনৰ অধিকাৰ, সামাজিক অধিকাৰ নষ্ট কৰি নহওক কিয়।

কিন্তু দ্বীনে ইছলামে সদায় ইয়াৰ বিৰোধিতা কৰি আহিছে। কাৰণ ইছলামৰ দৃষ্টিত কোনো পেছা আৰু জীৱিকা ব্যৱস্থা দোষণীয় নহয়।

হাদীছ-বিজ্ঞানৰ পণ্ডিত, ইমাম আল্লামা ইবনে জাউজীয়ে তেওঁৰ কিতাপত লিখিছে যে হজৰত আব্দুল্লাহ বিন আব্বাছ (ৰাঃ) এ বৰ্ণনা কৰা এটি হাদীছ উল্লেখ কৰিছে। যাৰ সাৰমৰ্ম তলত আলোচনা কৰা হ’ল –

▪️ হজৰত আদম আঃ এ কৃষিকাৰ্য কৰিছিল।

▪️হজৰত দাউদ আঃ এ যুদ্ধৰ বাবে লোহাৰ পোছাক আৰু কৱচ প্ৰস্তুত কৰিছিল।

▪️হজৰত চুলাইমান (ছাঃ) এ সমগ্ৰ বিশ্বৰ ৰজা হোৱা সত্ত্বেও গছ আৰু খেজুৰ গছৰ পাতৰ পৰা ফেন আৰু খৰাহি তৈয়াৰ কৰিছিল।

▪️হজৰত নূহ আঃ এ কাঠমিস্ত্ৰীৰ কাম কৰিছিল।

▪️হজৰত ইদ্ৰীছ আঃ এ কাপোৰ চিলাইৰ কাম কৰিছিল।

▪️ হজৰত ছালিহ আঃ এ ব্যৱসায় কৰিছিল।
▪️হজৰত ইব্ৰাহীম আঃ এ খেতি কৰিছিল।

▪️হজৰত লূত্ব আঃ এ ও খেতি বাতি কৰিছিল। হজৰত

▪️হজৰত হূদ আঃ এ ব্যৱসায় কৰিছিল।

▪️সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ শেষ নবী মুহাম্মদ ছাঃ এ ছাগলী ৰখাৰ লগতে ব্যৱসায়ো কৰিছিল।

▪️মানৱজাতিৰ আদি মাতৃ মা হাৱা এ নিজৰ হাতেৰে কাপোৰ বনাই নিজে পিন্ধিছিল আনকো পিন্ধাইছিল।

▪️হজৰত শ্বুয়াইব আঃ এ জীৱ জন্তু পোহপাল দিছিল।

▪️মুছা আঃ এ ছাগলী পোহপাল কৰিছিল।

(“আল-মুন্তজাম ফি তাৰিখি উমাম” ইবনে জাউজীৰ দ্বাৰা, নবীসকলৰ জীৱনীমূলক অধ্যায়)

গতিকে হাতেৰে খোৱা আৰু এটা দক্ষতা, কাৰুকাৰ্য্য আৰু উদ্যোগক জীৱিকাৰ মাধ্যম হিচাপে গ্ৰহণ কৰাটো বেয়া কথা নহয়। বৰঞ্চ ভিক্ষা প্ৰথাৰ পৰা, খোজি মাগি চলাৰ পৰা, লোকৰ আগত হাত পাতি আৰু আনৰ ভৰসাত জীৱন পৰিচালনাৰ পৰিকল্পনা কৰি নিজৰ আত্মসন্মান তথা সদায় সত্যনিষ্ঠ জীৱন যাপনৰ শক্তি হেৰুৱাৰ পৰা আঁতৰি বৈধ জীৱিকা উপাৰ্জনৰ উদ্দেশ্যে এটা পেছা গ্ৰহণ কৰা, এটি হালাল জীৱিকা নিৰ্বাহ পন্থা অৱলম্বন কৰা অতি গুণী জ্ঞানী আৰু সৎ ব্যক্তিৰ পৰিচয়। লগতে এয়া ডাঙৰ নেকি আৰু পুৰস্কাৰৰ কাম।

আমাৰ সমাজত কোনো কাৰণ নোহোৱাকৈ বহু বৃত্তিক, বিভিন্ন সৰু সুৰা কৰ্মক নীচ আৰু দোষণীয় বুলি গণ্য কৰা হয়, যিটো মুঠেই উচিত নহয়, আৰু সঁচা নহয়। প্ৰতিটো শ্বৰীয়ত অনুসৰি হালাল তথা বৈধভাৱে বাচি লোৱা বৃত্তি বা কৰ্ম প্ৰশংসনীয়, আদৰণীয় আৰু বৰ্কতপূৰ্ণ।

◼️ শ্ৰমিকৰ গুৰুত্ব :

আবূ হুৰাইৰাহ (পাঃ) ৰ পৰা বৰ্ণিত যে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে : যাৰ হাতত মোৰ জীৱন, সেই শক্তিৰ শপত !

তোমালোকৰ মাজৰ ৰচি লৈ হাবিৰ পৰা কাঠ সংগ্রহ কৰি আনা (আৰু বজাৰত বিক্ৰী কৰি নিজৰ জীৱিকা নিৰ্বাহ কৰা) ব্যক্তিজন কাৰোবাৰ ওচৰত গৈ খুজি মাগি থকা ব্যক্তিতকৈ উত্তম। আৰু তেতিয়া সেই ব্যক্তিজন কিবা দিয়ক বা নিদিয়ক (যাৰ ওচৰত খুজিবলৈ গৈছে)। (বুখাৰী–১৪৭০)

আবূ হুৰাইৰাহ (পাঃ) ৰ পৰা বৰ্ণিত যে, আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে : আল্লাহ তা‘আলা ঘোষণা কৰিছে যে , কিয়ামতৰ দিনা মই স্বয়ং তিনিজন ব্যক্তিৰ বিৰুদ্ধে (বাদী হৈ) থিয় হম:

১. প্ৰথম ব্যক্তি- যি ব্যক্তিয়ে মোৰ নামত প্ৰতিশ্ৰুতি কৰে, আৰু পিছত প্ৰতিশ্ৰুতি ভঙ্গ কৰে।
২. দ্বিতীয় ব্যক্তি- যি ব্যক্তিয়ে কোনো মুক্ত, স্বাধীন (আজাদ) মানুহক বিক্রি কৰি তাৰ মূল্য ভোগ কৰে।
৩. তৃতীয় ব্যক্তি – যি ব্যক্তিয়ে শ্ৰমিক নিয়োগ কৰি তাৰ দ্বাৰা সম্পূৰ্ণ কাম আদায় কৰে, আৰু তাৰ পিছত তাৰ পাৰিশ্ৰমিক আদায় নকৰে। (বুখাৰী – ২২২৭)

_ এম ইউছুফ কাছিমী
সম্পাদক, NE PEACE