শ্বাওৱাল মাহৰ ৰোজাৰ ফজীলত আৰু তাৎপৰ্য

Share :

পৱিত্ৰ ৰমজান মাহৰ দীর্ঘদিনীয়া ছিয়াম সাধনাৰ অন্তত পৰৱৰ্তী মাহ “শ্বাওৱাল”ত অতিৰিক্ত ছয়টা ৰোজা পালন কৰা শ্বৰীয়ত অনুযায়ী মুচতাহাব। যাৰ দ্বাৰা গোটেই বছৰ ৰোজা পালন কৰাৰ ছৱাব অৰ্জন কৰিব পৰা যায়। ইয়াৰ ফজীলত সন্দৰ্ভত প্ৰিয় নবী ছঃৰ নিম্নোক্ত ঈৰশ্বাদ বৰ্ণিত আছে—:-

عن أبي أيوب عن رسول الله صلى الله عليه وسلم قال :- من صام رمضان ثم أتبعه ستّا من شوال فذاك صيام الدهر — رواه الجماعة إلا البخاري والنسائي

অর্থঃ আল্লাহৰ ৰাছুল ছঃএ কৈছে : যিয়ে ৰমজানৰ ছিয়াম (ৰোজা) সাধনা কৰিলে, লগতে পৰৱৰ্তী মাহ শ্বাওৱালৰ ছয়টা ৰোজা পালন কৰিলে, তেওঁ যেনিবা গোটেইটো বছৰ ৰোজা পালন কৰিলে। এনে আন এটি হাদীছ হজৰত ছৌবান ৰাঃৰ পৰা বৰ্ণিত আছে, যাক ইমাম নাচাঈ ৰাহঃ এ নিজৰ কিতাপত উল্লেখ কৰিছে।

হাদীছ পাকৰ এক গাণিতিক বিশ্লেষণ :-

যিকোনো পুণ্যকার্য সন্দৰ্ভত পৱিত্র ক্বুৰআনৰ এক প্ৰসিদ্ধ সূত্র হ’ল : এটা নেক আমলৰ পৰিৱৰ্তে দহটা পুণ্য লিপিবদ্ধ কৰা হয় ৷ (ছূৰা আনআম-১৬০, বুখাৰী, মুছলিম)সেই সাপেক্ষে ৰমজানৰ এক মাহৰ ৰোজাৰ পৰিৱৰ্তে অনবৰত দহ মাহ ৰোজা পালন কৰাৰ সমপৰিমান ছোৱাব অৰ্জিত হয় ৷ ঠিক তেনেদৰে, যিয়ে শ্বাওৱাল মাহৰ ৬ দিনৰ ছিয়াম সাধনা কৰিব তেওঁ ৬×১০=৬০ দিন অৰ্থাৎ অতিৰিক্ত সম্পূর্ণ দুমাহ ৰোজা পালনৰ ছোৱাব অৰ্জন কৰিব পাৰিব। সেই সূত্র অনুযায়ী ৰমজানৰ ৰোজাৰ বিনিময়ত অৰ্জিত দহ মাহৰ ৰোজাৰ সৈতে শ্বাওৱালৰ ৰোজাৰ বিনিময়ত অৰ্জিত ৬০ দিন অৰ্থাৎ দুমাহৰ ৰোজাৰ সংযোজন কৰিলে, হয় মুঠ ১২ মাহ অৰ্থাৎ সম্পূর্ণ ১ বছৰ। লিল্লাহিল হামদ্ ৱা বিল্লাহীত তাওঁফীক্ব!!

কেতিয়া ৰাখিব এই নফল ৰোজা? শ্বাওৱাল মাহৰ ৬ ৰোজা কেৱল প্রথম শ্বাওৱাল অৰ্থাৎ ঈদুল ফিতৰৰ দিনটোক বাদ দি শ্বাওৱাল মাহৰ ২ তাৰিখৰ পৰা আৰম্ভ কৰি উক্ত মাহ সমাপ্ত নোহোৱালৈকে এই ছয় ৰোজা একেলেথাৰিয়ে বা পৃথক পৃথক ভাৱে ৰাখিব পাৰি। আলোচনাখিনিৰ পৰা স্পষ্ট হ’ল যে, এনে ধৰণৰ ৰোজা পালন কৰিব পৰাটো নিশ্চয় এক সৌভাগ্যৰ বিষয়। গতিকে, শ্বাওৱাল মাহৰ এই ছয় দিনৰ ছিয়াম সাধনাৰ প্ৰতি যত্নবান হোৱাটো সকলোৰে বাবে বাঞ্ছনীয়।

কলম- আকিব শ্বামিম চৌধুৰী। সম্পাদনা – NE PEACE সম্পাদক।