“মক্তবলৈ নগ’লেও হ’ব”— এই এটা বাক্যই আমাৰ ভৱিষ্যৎ ধ্বংস কৰি আছে। আল্লাহ তাআলা কৈছে:يَا أَيُّهَا الَّذِينَ آمَنُوا قُوا أَنْفُسَكُمْ وَأَهْلِيكُمْ نَارًا”হে ঈমানদাৰসকল! তোমালোকে নিজকে আৰু নিজৰ পৰিয়ালক সেই জুইৰ পৰা ৰক্ষা কৰা।” ছুৰা তাহৰীম: ৬
এজন পিতৃয়ে নিজৰ সন্তানৰ বাবে ঘৰ সাজে, মাটি কিনে, ধন সঞ্চয় কৰে, উন্নত বিদ্যালয়ত পঢ়ুৱায়। কিন্তু যদি সেই সন্তানেই আল্লাহক নাজানে, কোৰআন পঢ়িব নাজানে, নামাজ নাজানে, হালাল-হাৰাম নাজানে—তেন্তে সেই সফলতাৰ মূল্য কি?
আজি আমাৰ সমাজৰ আটাইতকৈ ভয়ংকৰ সংকট হৈছে—মক্তবক অপ্রয়োজনীয় বুলি ভাবিবলৈ আৰম্ভ কৰা। বহু অভিভাৱকে কয়, “স্কুললৈ যায়, মক্তবলৈ নগ’লেও হ’ব।” এই এটা বাক্যই নীৰৱে এটা প্ৰজন্মৰ ঈমানী ভেটি ভাঙি দিছে।
আজিৰ বাস্তৱ চিত্ৰ চাই লওক—ৰেজিষ্টাৰত ৪০ জন শিক্ষাৰ্থীৰ নাম, কিন্তু মক্তবত বহি আছে ৪ জন।মক্তব ঘৰ আছে, বেঞ্চ আছে, ব্লেকব’ৰ্ড আছে, কিন্তু শিশুৰ কোলাহল নাই।এই দৃশ্য কেৱল এটা মক্তবৰ নহয়; বহু গাঁৱৰ একেই অৱস্থা।আমি জানিব লাগিব যে মক্তব হৈছে ইছলামৰ শিপা।গছৰ শিপা কাটি দিলে পাতত পানী ঢালি কোনো লাভ নাই।ঠিক তেনেকৈ—মছজিদ, মাদ্ৰাছা, তাবলীগ,দাৰুল ইফতা, হাফিজ,আলিম,ইমাম,মুয়াজ্জিন।এই সকলো ব্যৱস্থাৰ মূল ভিত্তি হৈছে মক্তব।ৰাছুলুল্লাহ ﷺ কৈছেঃخیرکم من تعلم القرآن وعلمه”তোমালোকৰ মাজত সৰ্বোত্তম ব্যক্তি সেইজন, যিয়ে কোৰআন শিকে আৰু শিকায়।” ছহীহ বুখাৰী (৫০২৭)কোৰআন শিকাৰ প্ৰথম পদক্ষেপ মক্তব।যদি আজি মক্তব খালী হয়, তেন্তে ১৫–২০ বছৰ পিছত মছজিদত আজান দিবলৈ মানুহ বিচাৰি ফুৰিব লাগিব।মনত ৰাখিব যদি স্কুলে জীৱিকা দিয়ে, তেন্তে মক্তবে জীৱনৰ উদ্দেশ্য শিকায়হয়! স্কুলে ডাক্তৰ, ইঞ্জিনিয়াৰ, শিক্ষক, IAS, IPS বনায়।কিন্তু;আল্লাহক চিনায় কোনে? কোৰআন শিকায় কোনে? ওজু, নামাজ, ৰোজা শিকায় কোনে? মৃত্যুৰ পিছৰ জীৱনৰ কথা বুজায় কোনে??হয়; সেই কাম কৰে মক্তবে।আল্লাহ তাআলা কৈছেঃوَمَا خَلَقْتُ الْجِنَّ وَالْإِنسَ إِلَّا لِيَعْبُدُونِ”মই জিন আৰু মানুহক কেৱল মোৰ ইবাদতৰ বাবেই সৃষ্টি কৰিছোঁ।”ছুৰা -যাৰিয়াত: ৫৬আমি জনা উচিত যে চাকৰি জীৱনৰ এটা অংশ হে, উদ্দেশ্য নহয়।জীৱনৰ উদ্দেশ্য হৈছে আল্লাহৰ ইবাদত ।সন্তানৰ দ্বীনি শিক্ষা এনে ধৰণৰ ইবাদত আৰু নেক আমল; যিটো আপোনাৰ মৃত্যুৰ পিছতো চলি থাকিব। ৰাছুল ﷺ কৈছেঃعَنْ أَبِي هُرَيْرَةَ رضي الله تعالى عنه: أَنَّ رَسُولَ اللَّهِ ﷺ قَالَ: إِذَا مَاتَ ابنُ آدم انْقَطَعَ عَنْهُ عَمَلُهُ إِلَّا مِنْ ثَلَاثٍ: صَدَقَةٍ جَارِيَةٍ، أو عِلْمٍ يُنْتَفَعُ بِهِ، أَوْ وَلَدٍ صَالِحٍ يَدْعُو لَهُ. رَوَاهُ مُسْلِمٌহজৰত আবু হুৰাইৰাহ ৰাঃৰ পৰা বৰ্নিত ৰাছুলুল্লাহ ﷺএ কৈছেঃ “মানুহৰ মৃত্যু হ’লে তাৰ সকলো আমল বন্ধ হয়, কিন্তু তিনিটা আমল চলি থাকে—(১) সদকায়ে জাৰিয়া,(২) উপকাৰী ইলম,(৩) নেক সন্তান, যিয়ে তাৰ বাবে দোৱা কৰে।” ছহীহ মুসলিম (১৬৩১)এতিয়া প্ৰশ্ন হৈছে:—আপোনাৰ সন্তান যদি ছুৰাহ ফাতিহাই শুদ্ধকৈ নাজানে, তেওঁ আপোনাৰ বাবে কেনেকৈ দোৱা কৰিব?যদি কালিমা নাজানে, জানাজা নাজানে, কোৰআন নাজানে—তেন্তে আপোনাৰ কবৰলৈ নূৰ কেনেকৈ যাব?সেয়েহে মক্তব কেৱল সন্তানৰ বাবে নহয়—ই পিতৃ-মাতৃৰ আখিৰাতৰ লগতো জড়িত।মক্তব হৈছে সমাজৰ নৈতিক সুৰক্ষাৰ ভেকচিন।আধুনিক সমাজত নিচা, অশ্লীলতা, অপৰাধ, অবাধ্যতা বৃদ্ধি পাইছে। হয়; আইন আছে,আৰক্ষী আছে,আদালত আছে।তথাপিও অপৰাধ কমা নাই।কাৰণ??আইনে মানুহক বাহিৰত নিয়ন্ত্ৰণ কৰে। হৃদপিণ্ডৰ গভিৰত??তাক্বৱা,পৰহেজগাৰিতা , খোদাভিৰুতা;ই মানুহক ভিতৰৰ পৰা নিয়ন্ত্ৰণ কৰে। যিটো শিকাৰ এটাই সহজ ৰাস্তা সেয়া হৈছে মক্তব।আল্লাহ কৈছে: —إِنَّ اللَّهَ كَانَ عَلَيْكُمْ رَقِيبًا”নিশ্চয় আল্লাহ তোমালোকৰ ওপৰত সদায় তীক্ষ্ণ পৰ্যবেক্ষক।”— ছুৰা নিছা: ১যি শিশুৱে সৰুৰে পৰা শিকে—যে”আল্লাহে মোক দেখি আছে”তেওঁ নিশ্চিত তাক্বৱা আৰু পৰহেজগাৰিতাৰ পিনে গৈ আছে আৰু তেওঁ ডাঙৰ হৈ অপৰাধ কৰাৰ আগতেই নিজকে ৰখাই দিব।আৰু আমি জানিব লাগে যে সেই তাক্বৱা মক্তবতেই জন্ম লয়।
আজিৰ সমাজত; মছজিদ নিৰ্মাণত লাখ লাখ টকা ব্যয় হয়।সুন্দৰ মাইক, টাইলছ, AC লগোৱা হয়।কিন্তু!!এজন দক্ষ উস্তাদক সামান্য সন্মানজনক বেতন দিব নোৱাৰোঁ।এইটো আমাৰ অগ্ৰাধিকাৰৰ সংকট।আল্লাহ তাআলা কৈছে:—إِنَّ اللَّهَ لَا يُغَيِّرُ مَا بِقَوْمٍ حَتَّىٰ يُغَيِّرُوا مَا بِأَنْفُسِهِمْ”আল্লাহ তা’আলাই কোনো জাতিৰ অৱস্থা সলনি নকৰে, যেতিয়ালৈকে তেওঁলোকে নিজকে সলনি নকৰে।”ছুৰা ৰা’দ: ১১আমি TikTok, Facebook, YouTubeত ঘণ্টাৰ পিছত ঘণ্টা কটাই দিওঁ।কিন্তু কোৰআনৰ বাবে ৩০ মিনিট সময় নিদিওঁ। তেন্তে ধৰ্মীয় চেতনা আমাৰ সমাজত কেনেকৈ আহিব ?? মনত ৰাখিব!!আমাৰ সন্তানৰ বাবে কেৱল দুনিয়াৱী শিক্ষাই যথেষ্ট নহয়।ইমাম মালিক (ৰহ.) কৈছে:—”সন্তানক আদব শিকোৱাটো বহু ইলম শিকোৱাতকৈ অধিক প্ৰয়োজনীয়।”ইমাম গাজ্জালী (ৰহ.) ইহইয়াউল উলূমিদ্দীনত লিখিছে:—”সন্তান হৈছে পিতৃ-মাতৃৰ ওচৰত এটা আমানত।”সন্তানক দ্বীনি শিক্ষা নিদিয়া কেৱল অৱহেলা নহয়, এয়া আমানতৰ খিয়ানত।যদি আজি মক্তব খালী হয়, কাইলৈ কি হ’ব?
আজিৰ শিশু
কাইলৈৰ,আলিম,হাফিজ,ইমাম,,শিক্ষক,সমাজ সেৱক।যদি আজি তেওঁলোকে কোৰআন নাশিকে তেন্তে তেওঁলোকে ১০–২০ বছৰৰ পিছত—ফতোৱা দিবলৈ বাহিৰৰ পৰা মুফতি আনিব লাগিব।ঈদৰ নামাজ পঢ়াবলৈ বাহিৰৰ পৰা ইমাম আনিব লাগিব।জানাজাৰ নামাজত সূৰা ভুলকৈ পঢ়া হ’ব।কোৰআন পঢ়িব পৰা মানুহ কমি যাব।আৰু ইয়াৰ ফলত সন্তানসকলে —”কালিমা মানে কি? ঈমানৰ গুৰুত্ব কি? পাহৰি যাব।আৰু এইটো কোনো কল্পনা নহয় দেই!!
বহুতো ঠাইত ইতিমধ্যে এই বাস্তৱতা দেখা গৈ আছে । আমাৰ ধৰ্মীয় প্ৰতিষ্ঠান আৰু মছজিদ সমুহৰ বাবে বেলেগ ঠাইৰ পৰা ,বহি ৰাজ্যৰ পৰা আলিম উলামা আনিব লগা হৈছে।আপুনি জানে নে ইয়াৰ সমাধান কি?(ক) প্ৰতিজন অভিভাৱকৰ দায়িত্ব!!প্ৰতিদিন সন্তানক মক্তবলৈ পঠিয়াওক।নিজেও সপ্তাহত অন্ততঃ এদিন খবৰ লওক।(খ) মছজিদ কমিটিৰ দায়িত্ব!!বাজেটৰ এটা নিৰ্দিষ্ট অংশ মক্তবৰ বাবে ৰাখক।দক্ষ উস্তাদক সন্মানজনক ভাতা দিয়ক।(গ) সমাজৰ দায়িত্ব!!যি শিশুৱে মক্তবলৈ নাযায়, তাৰ অভিভাৱকৰ লগত সৌজন্যমূলকভাৱে কথা পাতক।বছৰত অন্ততঃ দুবাৰ মক্তব উন্নয়ন সভা কৰক।মক্তবৰ শিক্ষাৰ্থীক উৎসাহিত কৰক।মূল কথা হ’ল :-মক্তব কোনো এজন হুজুৰৰ ব্যক্তিগত প্ৰতিষ্ঠান নহয়।ই হৈছে:—কোৰআনৰ ঘৰ,ঈমানৰ বিদ্যালয়,সমাজৰ ভৱিষ্যৎ, উম্মতৰ আমানত।আজি যদি আমি মক্তবক বচাব নোৱাৰোঁ। তেন্তে কাইলৈ মছজিদ থাকিব,কিন্তু নামাজী নাথাকিব।মিনাৰা থাকিব,কিন্তু আজান দিওঁতা নাথাকিব।আল্লাহৰ কিতাপ থাকিব,কিন্তু পঢ়োঁতা নাথাকিব।সেয়ে আহক, আজিয়েই দৃঢ় নিয়ত কৰোঁ!!”মই মোৰ সন্তানক মক্তবলৈ পঠিয়াম।মই মোৰ গাঁৱৰ মক্তবক সময়, সম্পদ আৰু সহযোগিতাৰে জীয়াই ৰাখিম।”আল্লাহ তাআলা আমাৰ সন্তানসকলক কোৰআনৰ মানুহ, নামাজৰ মানুহ আৰু দীনৰ খাদিম হিচাপে কবুল কৰক। তাৰ বাবেই এই প্ৰবন্ধটো লিখা হ’ল।
✍️ মাহমুদুল হাছান ক্বাছিমী আলমগঞ্জী।