ঐতিহাসিক ইছৰা আৰু মিৰাজ ভ্ৰমণ কাহিনী : কুৰআন আৰু হাদীছৰ দৃষ্টিত- এপিচড-১ | পৰ্ব-১, ২

Share :

ঐতিহাসিক ইছৰা আৰু মিৰাজ ভ্ৰমণ কাহিনী : কুৰআন আৰু হাদীছৰ দৃষ্টিত – 

⬛ ঐতিহাসিক “ইছৰা আৰু মিৰাজ ভ্ৰমণ কাহিনী” শীৰ্ষক লিখনিৰ সম্পূৰ্ণ সূচী —

    ১। ইছৰা আৰু মিৰাজ ৰ সংজ্ঞা। 

    ২। মহাভ্ৰমণৰ পটভূমি। 

    ৩। তাৰিখ আৰু দিন। 

    ৪। মহাভ্ৰমণৰ সত্যতাৰ প্ৰমান। 

    ৫। নবী ছাঃ এ সপ্ত আকাশত কত কি দেখিছে?

    ৬। নবী ছাঃ এ সপ্ত আকাশত কাৰ কাৰ লগত সাক্ষাৎ কৰিছে ?

    ৭। শিক্ষা আৰু নিৰ্দেশনাৰ উপহাৰ।

    ৮। “ইছৰা আৰু মিৰাজ” সন্দৰ্ভত দীঘলীয়া সম্পূৰ্ণ এটি হাদীছ। 

    ৯। “ইছৰা আৰু মিৰাজ” ঐতিহাসিক ভ্ৰমণৰ লক্ষ্য আৰু উদ্দেশ্য। 

   ১০। মহাভ্ৰমণ সন্দৰ্ভত বিভিন্ন প্ৰশ্ন আৰু তাৰ উত্তৰ। 

◾এপিচড-১ ৰ সূচী —

    ১। ইছৰা আৰু মিৰাজ ৰ সংজ্ঞা। 

    ২। মহাভ্ৰমণৰ পটভূমি। 

    ৩। তাৰিখ আৰু দিন। 

    ৪। মহাভ্ৰমণৰ সত্যতাৰ প্ৰমান। 

    ৫। নবী ছাঃ এ সপ্ত আকাশত কত কি দেখিছে?

    ৬। নবী ছাঃ এ সপ্ত আকাশত কাৰ কাৰ লগত সাক্ষাৎ কৰিছে ?

    ৭। শিক্ষা আৰু নিৰ্দেশনাৰ উপহাৰ।

 এপিচড-১ | পৰ্ব-১, ২

ইচৰা আৰু মিৰাজ হল নবী কৰিম (ছঃ)ৰ জীৱনত বৰঞ্চ মানব ইতিহাসত সবাতোকৈ  বিস্ময়কৰ, ঐতিহাসিক তথা অলৌকিক যাত্ৰা । এই মহাযাত্ৰাৰ দুটা অংশ। এটা অংশ হল ‘ইছৰা’। ইছৰাৰ অর্থ ৰাত্রিকালীন বা নৈশ ভ্রমণ। যিহেতু নবী কৰিম ছল্লাল্লাহু আলাইহি ৱাছাল্লামৰ মিৰাজ ৰাত্রিকালীন সময়ত হৈছিল, সেই কাৰণেই ইয়াক ইচাৰা বোলা হয়। বিশেষকৈ বাইতুল্লাহ শ্বৰীফৰ পৰা বাইতুল মুকাদ্দাছ লৈকে ভ্ৰমণক ইছৰা বোলা হয়। 

এই মহাযাত্ৰাৰ দ্বিতীয় অংশ হল ‘মিৰাজ’ । ‘মিৰাজ’ المعراج শব্দটো عروج শব্দৰ পৰা উৎপত্তি  হৈছে। ইয়াৰ অভিধানিক অর্থ হল চিড়ী, উপৰলৈ আৰোহণ কৰা বা ঊর্ধ্বগমন কৰাৰ বাহন। 

◼️ ইছৰা আৰু মিৰাজ ৰ সংজ্ঞা :

শ্বৰীয়তৰ পৰিভাষাত মিৰাজ হল, মহানবী হজৰত মুহাম্মাদ ছাল্লাল্লাহু আলাইহি 

ৱাছাল্লাম সোশৰীৰে সজ্ঞানে আৰু জাগ্ৰত অৱস্থাত হজৰত জিবৰাইল (আঃ) আৰু হজৰত মিকাইল (আঃ)ৰ সৈতে বিশেষ বাহন ‘বুৰাক’ নামৰ বিশেষ বাহনৰ দ্বাৰা মছজিদে হাৰাম (পৱিত্ৰ কা’বা) ৰ পৰা মছজিদে আক্বছা হৈ প্রথম আকাশৰ পৰা সপ্তম আকাশলৈ আৰু’ ছিদৰাতুল মুনতাহা’ লৈকে আৰু তাৰ পৰা অকলশৰীয়াকৈ ‘ৰফৰফ’ নামৰ বিশেষ এখন বাহনেৰে ‘মহান আৰ্শ্ব’  লৈকে ভ্রমণ কৰাৰ লগতে মহান সৃষ্টিকৰ্তা ৰব্বুল আলামিনৰ সৈতে সাক্ষাৎ লাভ তথা জান্নাত-জাহান্নাম পৰিদৰ্শন কৰি পৃথিৱীলৈ উভতি অহা। 

পবিত্ৰ  কুৰআনত আল্লাহ তাআলাই কৈছে: ‘তেওঁ পবিত্ৰ (আল্লাহ) যিজনে নিজৰ বান্দাক ৰাত্রি ভ্রমণ কৰাইছে, মছজিদুল হাৰামৰ পৰা মছজিদুল আকছা লৈকে। যাৰ চৌদিশে আমি বৰকতময় কৰি ৰাখিছো, যাতে আমি তেওক আমাৰ নিদর্শনসমূহ দেখাব পাৰো। নিশ্চয় তেৱেই সর্বশ্রোতা, সর্বদ্রষ্টা।’ (ছুৰা- ইছৰা/ বনী ইছৰাইইল আয়াত: নং ১।

◼️ পটভূমি : 

মহান সৃষ্টিকৰ্তা আল্লাহৰ দৰবাৰত উচ্চমানৰ সন্মান আৰু পদমর্যাদাৰ উচ্চতা দুখ, কষ্ট, ত্যাগ আৰু দুৰ্দশাৰে পৰিপূৰ্ণ।  প্ৰিয় নবী মুহাম্মদ ছাঃ এ ৬৩ বছৰীয়া জীৱনকালত সেয়ে সময়ে সময়ে প্ৰতিটো ক্ষেত্ৰতেই বিভিন্ন পৰীক্ষা, অসীম কষ্ট আৰু সীমাহীন বাধা তথা সমালোচনাৰ সন্মুখীন হৈছে। কিন্তু হিজৰী বৰ্ষৰ দশম বছৰটো বিৰাট কষ্টকৰ আৰু বেদনাদায়ক আছিল। ফলত বছৰটোক যাক ‘আমুল হুজ্ন (দুখৰ বৰ্ষ )’ বুলিও কোৱা হৈছে। তাৰ চাৰিটা কাৰণ অতি চমুকৈ তলত উল্লেখ কৰা হল- 

১. দশম হিজৰীৰ ৰমজান মাহ বা শ্বাৱাল মাহত ৰাছূল (ছাঃ) ৰ  প্রিয়তম খুৰা আবু তালেব মৃত্যুবৰণ কৰে। 

২. খুৰাৰ মৃত্যুৰ তিনি বা চাৰি দিনৰ পিছতেই মুহাম্মদ ছাঃ ৰ একমাত্ৰ সমৰ্থক প্রিয়তমা স্ত্রী খাদিজা (ৰাঃ) দশম হিজৰীতেই কিছুদিনৰ ভিতৰত ইন্তেকাল কৰে। 

আৰু আমি সকলোৱেই অৱগত যে ইছলামৰ ইতিহাসত মুহাম্মদ ছাঃ আৰু সমগ্ৰ উম্মতৰ বাবে আম্মাজান খাদিজাতুল কুবৰা ৰাঃ ৰ সহযোগিতা আৰু ত্যাগ অনস্বীকার্য। 

৩. তাৰ পিছতেই ইছলামৰ সমৰ্থকৰ অনুসন্ধানত ইছলামৰ দাৱাত লৈ তাইঈফ ভ্ৰমণ কৰিলে। এই ভ্ৰমণৰ উদ্দেশ্য আছিল, তাৰ বাসিন্দাই আল্লাহ পাকৰ হিদায়ত তথা সত্য পথ গ্রহণ কৰিব। আৰু মুহাম্মদ ছাঃ ৰ দ্বীনৰ সমর্থক তথা সাহাৰ্যকাৰী হৈ উঠিব। যত সহযাত্ৰী হিচাপে জাইদ বিন হাৰিছ ৰাঃ আছিল।

কিন্তু তাইফ চহৰৰ অধিবাসীসকলে তেতিয়া দূৰ্ভাগ্যজনকভাৱে দাৱাতৰ প্ৰতি কোনো সঁহাৰি জনোৱাৰ বিপৰীতে ৰাছূল (ছাঃ) ক শিল নিক্ষেপ কৰি, মাৰধৰ কৰি ৰক্তাক্ত কৰি পেলায়। ফলত মনত বহু কষ্ট লৈ, ভাৰাক্রান্ত মনেৰে তাইফৰ পৰা ওলাই আহে। (বিতং ইতিহাসৰ কিতাপত উল্লেখ আছে ) 

৪. মক্কাৰ কাফিৰৰ ব্যাপক অত্যাচাৰ – 

ইফালে মক্কা চহৰৰ কাফিৰ বিশেষকৈ আবু জেহেল আৰু তাৰ দলৰ বিৰোধিতা, ঠাট্টা, বিদ্ৰুপ, হত্যা কৰাৰ ধমকী ইত্যাদি দিনে দিনে বৃদ্ধি পাইছিল। 

এইসমূহ কাৰণত বছৰটো আছিল ৰাছূল ছাঃ ৰ বাবে এক কঠিন সময়। ফলত সৃষ্টিকৰ্তা মহান আল্লাহ পাকে নিজৰ প্ৰিয় বন্ধু, মুহাম্মদ ছাঃ ক পৱিত্ৰ কুৰআনত বিভিন্ন ঠাইত নিজৰ পৱিত্ৰ বাণীৰে বিভিন্ন ধৰণে শান্তনা প্ৰদান কৰিছিল। আৰু অৱশেষত নিজৰ প্ৰিয় হাবীব মহানবী (ছাঃ )ৰ এই মনোকষ্ট দূৰ কৰিবলৈ আল্লাহ পাকে নিজেই একান্তমনে সাক্ষাৎকাৰৰ বাবে মাতি লৈ গল। 

◼️  তাৰিখ আৰু দিন – 

এই বিশ্ব বিস্ময়কৰ ভ্ৰমণৰ আৰবী / হিজৰী তাৰিখ লৈ বহুত মতানৈক্য পোৱা যায়। কিন্তু হাফিজ ইবনে হাজাৰ আচকালানীৰ মতে শুদ্ধ মতটো হল-

 মুহাম্মদ ছাঃ ৰ নবুৱতপ্ৰাপ্ত ৰ ১১তম বছৰত, ২৭ ৰজব, শনিবাৰে ৰাতি এই মহাভ্ৰমণ সম্পন্ন হৈছিল। এয়া হিজৰতৰ ৩ বছৰ পূৰ্বে হৈছিল , তেতিয়া নবী (ছঃ)ৰ বয়স আছিল ৫১ বছৰ। 

   ইংৰাজী তাৰিখ মতে আছিল ৬২১ খৃষ্টাব্দ। 

এপিচড-১ | পৰ্ব-২ 

◼️ এই মহাভ্ৰমনৰ সত্যতা – 

বহুতো মতানৈক্য আৰু মন্তব্যক নেওচি অনেক প্ৰমাণৰ সৈতে আমি কব পাৰো যে ইচৰাৰ আৰু মিৰাজ বিশেষকৈ মিৰাজৰ ঘটনা সত্য আৰু প্ৰমানিত। 

মিৰাজ সংঘটিত হৈছিল সোশৰীৰে আৰু জাগ্রত অবস্থাত। ইয়াৰ আটাইতকৈ প্ৰকৃষ্ট তথা শক্তিশালী প্রমাণ হল, সেই সময়ত মক্কা আৰু মদিনা চহৰৰ কাফিৰ, মুশ্বৰিক আৰু মুনাফিক সকলৰ অস্বীকৃতি আৰু অবিশ্বাস।  যদি আধ্যাত্মিক বা ৰুহানিভাবে অথবা স্বপ্নযোগে ভ্ৰমণ হোৱাৰ কথা প্ৰকাশ কৰিলে হয়, , তেন্তে তেওঁলোকৰ অবিশ্বাস কৰাৰ কোনো কাৰণেই নাথাকিলে হয়। 

মিৰাজৰ বিৱৰণ পৱিত্ৰ কুৰআনৰ ছুৰা নাজম, ছুৰা ইছৰা ত বিবৃত কৰা হৈছে। লগতে হাদিছ শ্বৰীফৰ বিশুদ্ধ কিতাপ, বুখাৰী, মুছলিম শ্বৰীফৰ লগতে ছিহাহ ছিত্তাসহ অন্যান্য কিতাপত এই ইছৰা ও মিৰাজৰ বিষয়টো নির্ভৰযোগ্য বিশুদ্ধ সূত্ৰত প্ৰমাণিত আৰু বিস্তাৰিত ভাবে বর্ণিত হৈছে। বহুতৰ মতে মুতাৱাতিৰ বা বা মশ্বহুৰ পৰ্য্যায়ৰ (হাদীছৰ বিভিন্ন পৰ্য্যায়ৰ নাম)। পৱিত্ৰ কুৰআনত মহান আল্লাহে পৰোক্ষভাৱে মিৰাজৰ প্ৰতি ইঙ্গিত দিছে।

 আল্লাহ তাআলাই কৈছে : 

 ” শপথ নক্ষত্রৰ যেতিয়া সেয়া বিলীন হয়। তোমালোকৰ সঙ্গী (মুহাম্মাদ ছাঃ) বিপথগামী হোৱা নাই আৰু  বিভ্রান্ত হোৱা নাই। আৰু তেওঁ নিজৰ পৰা কোনো কথা কোৱা নাই । (বৰঞ্চ তেখেত  যি কয়) সেয়া প্রদত্ত ৱহী হয় (অন্য একো নহয়)। 

      তেওঁক শিকালে মহাশক্তিধৰে, সহজাত শক্তিসম্পন্নই, তাৰ পিছত তেওঁ (জিব্ৰাইল আঃ) নিজ আকৃতিতে প্রকাশ পালে। আৰু তেতিয়া তেওঁ উর্ধ্ব দিগন্তত অৱস্থান কৰিলে। 

তাৰ পিছত তেওঁ আৰু নিকটবৰ্তী হল, পিছত  তেওঁ হালি পৰিল। তেতিয়া দুই ধনুক ব্যবধান আছিল বা তাতোকৈ কম। তেতিয়া আল্লাহে নিজৰ বান্দাৰ প্রতি  প্রত্যাদেশখিনি আদেশ দিলে। ৰছূলৰ অন্তৰ মিছা নকয়, যি সি দেখিছে। 

তোমালোকে সেই বিষয়টো লৈ বিতর্ক কৰিবা নেকি যিটো তেওঁ দেখিছে?  নিশ্চয় তেওঁ তাক আকৌ এবাৰ দেখিছিল, ‘চিজৰাতুল মুন্তাহা’ ৰ কাষত। যাৰ কাষত অৱস্থিত ‘বসবাসৰ জান্নাত (জান্নাতে মা’ৱা) ‘ । যেতিয়া তাক(চিদৰাতুল মুনতাহা) ঢাকি ৰাখিছিল, যিটোৱে ঢাকি থৈছিল। 

তেওঁৰ দৃষ্টিবিভ্রম হোৱা নাই। আৰু পথভ্রষ্টও হোৱা নাই ।  নিশ্চয় সি নিজৰ পালনকর্তাৰ মহান নিদর্শসমূহ অৱলোকন কৰিছে। ” (ছুৰা- নাজম,  আয়াত: ১ৰ পৰা ১৮ লৈকে।

২.  মিৰাজৰ ঘটনা ঘটনা সম্পর্কে এজন অমুছলিমৰ সাক্ষ্য — 

তফছীৰে ইবনে কাছীৰত উল্লেখ আছে যে, এবাৰ ৰাছুলুল্লাহ (ছঃ) ৰোম সম্রাট হিৰাক্লিয়াছ (Heraclius) ৰ ওচৰত পত্র লিখি, হজৰত দাহইয়া ইবনে খলিফাৰ হাতত প্ৰেৰণ কৰিছিল। ৰোম সম্রাট হিৰাক্লিয়াছে পত্র পাঠ কৰাৰ পিছত ৰাছুলুল্লাহ (ছঃ)-ৰ বিষয়ে জানিবলৈ আৰবৰ কিছু লোকক দৰবাৰত মাতি আনে। তেতিয়া উপস্থিত হোৱা আবু ছুফিয়ান ইবনে হৰব আৰু তাৰ সঙ্গী সকলে সেই সময়ত বাণিজ্যিক যাত্ৰাদল এটি লৈ সেই দেশত বাস কৰি আছিল। সিহঁত দৰবাৰত উপস্থিত হোৱাৰ পিছত হিৰাক্লিয়াছে সিহঁতক কিছু প্রশ্ন কৰে, যিবোৰৰ বণৰ্না হাদীছৰ শুদ্ধ কিতাপ বুখাৰী আৰু মুছলিমত পোৱা যায়। 

তাত উপস্থিত আবু ছুফিয়ানৰ আন্তৰিক কামনা আছিল আছিল যে এই সুযোগত তেওঁ ৰাছুলুল্লাহ (ছঃ) সম্পর্কে এনে কিছু কথা সম্ৰাটৰ আগত কব, যাতে সম্ৰাটৰ ওচৰত তেওঁৰ ভাৱমূৰ্তি বিনষ্ট হৈ যায়। (হাদীছত উল্লেখ মতে) তেতিয়া আবু ছুফিয়ানে কৈছিল যে , আমাৰ এই কামত বাধা এটা আছিল, সেয়া হল মোৰ মুখেৰে কোনো সুস্পষ্ট মিছা কথা প্ৰকাশ পালে সম্ৰাটৰ দৃষ্টিত হেয়প্রতিপন্ন হব, আৰু মোৰ  সঙ্গীসকল মোক মিথ্যাবাদী বুলি ভৎসৰ্না কৰিব। 

তেতিয়া মোৰ ইচ্ছা হল মিৰাজৰ ঘটনাটো সম্পৰ্কে কবলৈ। এয়া যে মিছা আৰু মনগঢ়া কাহিনী, সেয়া সম্রাটে নিজেই বুজি লব (আৰু মোৰ উদ্দেশ্যও পূৰণ হব)। (আবু ছুফিয়ানে কলে) তেতিয়া মই কলো, ঘটনা এটা শুনক, আপুনি নিজেই বুজিব যে বিষয়টো সমুলি মিথ্যা। হিৰাক্লিয়াছে প্ৰশ্ন কৰিলে। কি ঘটনা? তেতিয়া আবু ছুফিয়ানে কলে-

 নবুৱতৰ এইজন দাবীদাৰ (মুহাম্মদ ছাঃ ) ৰ বক্তব্য এই যে তেওঁ এৰাতিৰ ভিতৰত মক্কা চহৰৰ পৰা ওলাই গৈ বাইতুল মুকাদ্দাছ (পেলেষ্টাইন) লৈকে যাত্ৰা কৰি, তাৰ পৰা পুৱা হোৱাৰ পূৰ্বেই মক্কাত আমাৰ মাজত উভতি আহে।

তেতিয়া বাইতুল মুকাদ্দাছৰ সর্বপ্রধান যাজক আৰু পণ্ডিত ৰোম সম্ৰাটজনৰ কাষতেই আছিল। লগে লগে তেওঁ কলে, মই সেই ৰাতি সম্পর্কে জ্ঞাত। ৰোম সম্রাট তেওঁৰ পিনে ঘুৰি  কলে, আপুনি এই সম্পর্কে কি জানে? তেওঁ কলে, মোৰ কাম আছিল ৰাতি শুৱাৰ আগত বাইতুল মুকাদ্দাছৰ সকলো দৰজা বন্ধ কৰা। আৰু সেই ৰাতি মই সকলো দুৱাৰ বন্ধ কৰি দিছিলো, কিন্তু এটা দুৱাৰ মই বন্ধ কৰিব নোৱাৰিছিলো। উপায়হীন হৈ কৰ্মচাৰী সকলক মাতিলো। সিহঁতে বিৰাট চেষ্টা কৰিও লগাব নোৱাৰিলে। দৰজাৰ কপাট মুঠেও লৰচৰ নহল। 

আমি যেন কোনো পাহাৰক ঠেলি আছোঁ। আমি অপাৰগ হৈ কর্মচাৰী, মিস্ত্ৰী সকলোক মাতিলো। তেওঁলোকে একত্ৰিতভাৱে পৰীক্ষা কৰি কলে, কপাটৰ ওপৰত দুৱাৰৰ প্রাচীৰৰ বোজা চাপি বহিছে। এতিয়া পুৱা হোৱালৈকে দুৱাৰ বন্ধ কৰাৰ  কোনো উপায় নাই। পুৱা আমি আকৌ চেষ্টা কৰিম। চাম কি কৰা যায়। 

(বাইতুল মাক্বদিছৰ মুখ্য পণ্ডিতজনে কৈ আছিল) অৱশেষত মই সেই দুৱাৰখন খোলা ৰাখি উভতি আহিলো।

        ৰাতিপুৱা মই সেই দুৱাৰৰ ওচৰত গৈ দেখিলো মছজিদৰ দুৱাৰৰ ওচৰত ছিদ্র কৰা এটি প্ৰস্তৰৰ খণ্ড পৰি আছে। অনুভৱ হৈছিল যে তাত কোনো জন্তু বান্ধা হৈছিল। তেতিয়া মই সঙ্গী সকলক কৈছিলো, আল্লাহ তা’আলাই এই দুৱাৰখন সম্ভৱত এই কাৰণেই বন্ধ হবলৈ  দিয়া নাই। হয়তো তেতিয়া আল্লাহৰ কোনো প্রিয় বান্দা ইয়াত আহিছিল। 

      ইয়াৰ পিছত তেওঁ(পণ্ডিতজনে) কলে, এই ৰাতিত তেওঁ আমাৰ মছজিদত নামাজ আদায় কৰে। ইয়াৰ পিছত তেওঁ আৰু বিশদ বর্ণনা দিলে (ইবনে কাছিৰ ৩/২৪)

৩. ইচৰা আৰু মিৰাজৰ ঘটনাৰ সত্যতাৰ প্ৰমান হিচাপে কেইবাটাও আয়াত ১ম পৰ্বত উল্লেখ কৰা হৈছে। যত ছূৰা বনী ইস্ৰাঈলৰ প্ৰথম আয়াতো উল্লেখ কৰা হৈছে। তলত উক্ত আয়াতৰ কেইবাটাও দিশ ব্যাখ্যামূলক আলোচনা কৰা হ’ল-

سبحان الذي اسري بعبده ليلا من المسجد الحرام الي المسجد الأقصى. 

◾’চুবহান (سبحان) ‘ শব্দৰ ব্যৱহাৰ – 

উল্লেখিত পৱিত্ৰ আয়াতত  ‘চুবহান’ শব্দটি ব্যবহৃত হৈছে।

যিদৰে কোনো আজব ঘটনা দেখিলেই আমি নিজৰ আচৰিত ভাৱ প্ৰকাশ কৰি কওঁ- سبحان الله (চুবহানাল্লাহ ), ঠিক তদৰূপ মিৰাজৰ ঘটনাৰ আশ্চৰ্যজনক ভাৱ বর্ননা কৰিবলৈ আল্লাহ পাকে ‘চুবহান’ শব্দ ব্যৱহাৰ কৰিছে। অৰ্থাৎ আৰবী ভাষাত বিস্ময়কৰ সংবাদ শুনি ‘চুবহান’ শব্দ ব্যৱহাৰ কৰা হয়। 

এতেকে সোশৰীৰে জাগ্রত অৱস্থাত মিৰাজ সংঘটিত হৈছে বাবেই ইয়াক বিস্ময়কৰ ঘটনা বুলি কোৱা হব, নহলে বিস্ময়কৰ হোৱাৰ কোনো অৰ্থ নাই। 

◾লাইল (لیلا) – এৰাতিৰ ভিতৰত। অৰ্থাৎ এটি ৰাতিৰ কেৱল শেষৰ ফালে (وقت خاص ووقت قليلا) মক্কা চহৰৰ পৰা পেলেষ্টাইনৰ বাইতুল মাক্বদিচলৈকে ১৪৮২ কিলোমিটাৰ পথ যাত্ৰা কৰি সপ্ত আকাশ ভ্ৰমণ কৰি আকৌ মক্কাৰ ঘৰলৈ উভতি আহিছে। 

◾’আবদ (عبد) ‘ শব্দৰ ব্যৱহাৰ – 

এই বিস্ময়কৰ ভ্ৰমণক সপোন বুলি কব বিচৰা এক শ্ৰেণী ইছলামী পণ্ডিতক উত্তৰ দিবলৈ এই ‘আবদ’ শব্দৰ ব্যাখ্যা যথেষ্ট। 

পৱিত্ৰ আয়াতত উল্লেখিত ‘আবদ’ (অৰ্থ- বান্দা/দাস) শব্দটিৰ দ্বাৰাও বুজাইছে যে এই ভ্ৰমণ আত্মা আৰু সোশৰীৰে সম্পূৰ্ণ হৈছে। এয়া কেৱল সপোনত আত্মাৰ ভ্ৰমণ নহয়।

৩. ছিদ্দিক (صديق) শব্দৰ ব্যৱহাৰ – 

এনে সত্য ঘটনাক বিশ্বাসৰ সৈতে উপলব্ধি বা হৃদয়ঙ্গম কৰাটো প্রতিজন মুমিন, প্ৰত্যেকজন মুছলমানৰ দায়িত্ব আৰু কর্তব্য। 

যত সৰ্বপ্ৰথম বিশ্বাসৰ ধ্বজা উৰুৱাইছিল হজৰত আবু বকৰ (ৰাঃ) এ। অৰ্থাৎ সর্বপ্রথম  মিৰাজৰ এই বাস্তৱ ঘটনাক বিশ্বাস কৰি সকলোৰ ওচৰত সাক্ষ্য প্ৰদান কৰিছিল। 

 আৰু ইয়াৰ ফলতেই তেখেত ‘চিদ্দিকে আকবৰ’ অর্থাৎ মহাসত্যবাদী উপাধি লাভ কৰিছিল। 

◼️  সপ্ত আকাশৰ মূল ঘটনাসমূহ : 

১। সপ্ত আকাশত নবীসকলৰ লগত সাক্ষাৎকাৰ – 

মিৰাজৰ ভ্ৰমণত আকাশত যি  নবীসকলৰ লগত সাক্ষাৎ কৰিছিল, সেই নবী সকল হল —

১. প্রথম আকাশত হজৰত আদম (আঃ) ৰ লগত  সাক্ষাৎকাৰ কৰিছিল। 

২. দ্বিতীয় আকাশত হজৰত ইয়াহইয়া (আঃ) আৰু হজৰত ঈছা (আ:) ৰ লগত  সাক্ষাৎকাৰ কৰিছিল। 

৩. তৃতীয় আকাশত হজৰত ইউছুফ (আঃ) ৰ লগত  সাক্ষাৎকাৰ কৰিছিল। 

৪. চতুর্থ আকাশত হজৰত ইদ্রিছ (আঃ) ৰ লগত  সাক্ষাৎকাৰ কৰিছিল। 

৫. পঞ্চম আকাশত হজৰত হাৰুন (আঃ) ৰ লগত  সাক্ষাৎকাৰ কৰিছিল। 

৬. ষষ্ঠ আকাশত হজৰত মুছা (আঃ) ৰ লগত  সাক্ষাৎকাৰ কৰিছিল। 

৭. সপ্তম আকাশত হজৰত ইব্ৰাহিম (আঃ) ৰ লগত  সাক্ষাৎকাৰ কৰিছিল। 

সাতোটা আকাশত লগ পোৱা উপৰোক্ত প্ৰত্যেকজন নবীৰ লগত নবী ছাঃ ৰ ছালাম, কালাম (চমু বাৰ্তালাপ) কুশল বিনিময় হৈছে। যি বাৰ্তালাপত মূলতে আছিল – 

     • ছালাম। 

     • খবৰ আৰু দুআ (হাদীছৰ কিতাপত অৱশ্যে কিছু বাৰ্তালাপ আৰু দুআ উল্লেখ পোৱা যায়। ) 

২। ছিদৰাতুল মুনতাহা- 

     নবী ছাঃ ‘ছিদৰাতুল মুনতাহা’ ৰ ওচৰলৈ গল।

‘ছিদৰাতুল মুনতাহা’ ৰ অভূতপূর্ব স্বর্গীয় দৃশ্য দেখি তেওঁ বিমোহিত হৈ পৰে। তেতিয়া হজৰত জিব্রাইল (আঃ) এ জনায় যে, হে আল্লাহৰ নবী! এয়াই মোৰ শেষ সীমা, এই সীমা অতিক্ৰম কৰি অগ্ৰসৰ হোৱাৰ সাধ্য মোৰ নাই। এতিয়া আপুনি অকলেই যাব লাগিব আল্লাহ পাকৰ সমুখত। এই সম্পৰ্কে পৱিত্ৰ কুৰআনে সাক্ষ্য প্ৰদান কৰিছে – 

وهوبالافق الاعلي فكان تتدلها فكان قاب قوسين او أدنى. 

নবী ছাঃ এ কোৱা মতে ‘ছিদৰাতুল মুনতাহা’ এটি প্রকাণ্ড বৃক্ষবিশেষ, যাৰ এক সীমা হজৰ অঞ্চলৰ প্ৰকাণ্ড আকাৰৰ মটকাৰ দৰে। আৰু তাৰ পাতবোৰ হাতীৰ কাণৰ দৰে। চিদৰাতুল মুনতাহা প্ৰকৃততে বিশেষ ধৰণৰ ডাঙৰ বগৰী গছ বা বগৰী গছৰ এটি প্ৰকাণ্ড আকাৰৰ গছ। 

যাৰ সীপা হল প্ৰথম আকাশত আৰু আগটো হল সপ্তম আকাশত। 

   আল্লাহৰ ফিৰিস্তাসকল সকলো ৰিপৰ্ট, বাৰ্তা ইত্যাদি ইত্যাদি ইত্যাদি লৈ ইয়াতে উপস্থিত হয়, আৰু মহান সৃষ্টিকৰ্তাৰ আদেশ, নিষেধাজ্ঞাসমূহ এই (দেখাত) বিশেষ প্ৰকাৰৰ গছৰ পৰাই ফিৰিস্তাসকলৰ ওচৰত আহে, আৰু তাৰত পিছত পৃথিৱীলৈ স্থানান্তৰিত হৈ থাকে। কাৰণ ইয়াৰ ওপৰত প্ৰৱেশ কৰাৰ অনুমতি নাই।

  নবী ছাঃ এ সেই ঠাইত চাৰিটা নদী দেখিলে ; জিব্ৰাইল আঃ এ বাখ্যা কৰা অনুসৰি দুটা প্রকাশ্য আৰু দুটা অপ্রকাশ্য। অপ্রকাশ্য দুটা নদী জান্নাতৰ চালচাবীল আৰু কাওছাৰ নদী। আৰু প্রকাশ্য নদী দুটা হল ইজিপ্তৰ নীল নদী আৰু ইৰাক চহৰৰ ফুৰাত নদী। 

৪। বাইতুল মামূৰ- 

    তাৰ পিছত নবী মুহাম্মদ ছাঃ ‘বাইতুল মামূৰ’ ত উপস্থিত হল। তেতিয়া তেওঁক এক পিয়লা মদিৰা, আৰু এক পিয়লা গাখীৰ প্ৰদান কৰা হ’ল। কিন্তু তেখেতে গাখীৰ পান কৰিলে। জিব্ৰাইল আঃ এ তেতিয়া মন্তব্য কৰিছিল ‘এয়াই স্বভাৱসুলভ তথা প্ৰাকৃতিক ইছলাম।’

  বাইতুল মামূৰ সপ্তম আকাশত অৱস্থিত সাইলাখ পৃথিৱীৰ কা’বা শ্বৰিফ ‘ এটি পৱিত্ৰ ঘৰ, যত প্ৰতিদিন ৭০ সত্তৰ হাজাৰ ফিৰিস্তাই তৱাফ কৰে। আৰু যিসকলে দ্বিতীয়বাৰ তৱাফ কৰিবলৈ তেতিয়াও সুযোগপ্ৰাপ্ত নহয়। অৰ্থাৎ ফিৰিস্তাৰ সংখ্যা ইমানেই বেছি। 

৫। আৰ্শ্বে মুআল্লা (মানুহৰ ভাষাত সৃষ্টিকৰ্তাৰ সিংহাসন)। (বুখাৰী শ্বৰীফ: ৩৬৭৪, খণ্ড: ১, পৃষ্ঠা ৫৪৮-৫৫০)

৬। সৰ্বশেষত নবী (ছঃ) এ জান্নাত(সৰগ) আৰু জাহান্নাম (নৰক) পৰিদৰ্শন কৰিছে।

ওপৰৰ প্ৰতিটো বিষয়ৰ বাবে বহল আলোচনাৰ প্ৰয়োজন কিন্তু ইয়াত বিতং আলোচনা কৰা সম্ভৱ নহয়, নহলে বেছি দীঘলীয়া হব। অৱশ্যে পৰৱৰ্তী সময়ত লাহে ধীৰে লিখনিসমূহ প্ৰকাশ পাই থাকিব। (আপুনি আগ্ৰহী হলে নিশ্চয় কমেন্টত প্ৰকাশ কৰিব।) 

◼️ মিৰাজৰ ৰাতিৰ বিশেষ কেইটামান নিৰ্দেশ:

মিৰাজৰ ৰাতিত হাবিব ও মাহবুবৰ একান্ত সাক্ষাতে ১৪টা বিষয় ঘোষণা হৈছিল, যথাক্ৰমে-

 ১. আল্লাহৰ অবিহনে কাৰোবাৰ  ইবাদত নকৰিবা। 

 ২. পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰিবা

 ৩. ওচৰৰ আত্মীয় স্বজনক অধিকাৰ দিবা। 

 ৪. মিছকীন আৰু পথসন্তানৰ অধিকাৰ দিবা। 

 ৫. অপচয় নকৰিবা, অপচয়কাৰী শয়তানৰ ভাই।

  ৬. কৃপণতা নকৰিবা। 

  ৭. সন্তানক হত্যা নকৰিবা। 

  ৮. ব্যভিচাৰৰ ওচৰলৈকে নাযাবা। 

  ৯. মানুহক হত্যা নকৰিবা। 

  ১০. এতিমৰ সম্পদৰ ওচৰলৈকৈ নাযাবা। 

  ১১. প্রতিশ্রুতি পূর্ণ কৰিবা।

  ১২. জোখ মাপত পূৰ্ণকৈ দিবা। 

  ১৩. তাত অৱস্থান নকৰিবা যত তোমাৰ জ্ঞান নাই। 

  ১৪. মাটিৰ ওপৰত অহংকাৰ লৈ নচলিবা।

 এই সকলোবোৰ কু-স্বভাৱ, বৰ্জনীয় আৰু তোমাৰ পালনকৰ্তাৰ ওচৰত অপছন্দনীয়। (ছুৰা- বনি ইছৰাইল, ৰুকু: ৩-৫, আয়াত: ২২ৰ পৰা৪৪ লৈকে।

◼️ মি’ৰাজৰ প্ৰাপ্তি বা উপহাৰ :  

মি‘ৰাজ ভ্ৰমণ সমাপ্ত কৰি উভতি অহাৰ সময়ত মহান আল্লাহ তেওঁৰ প্রিয় বান্দা মুহাম্মদ (ছাঃ) ক স্বীয় সান্নিধ্য মাতি লৈ, উম্মতে মুহাম্মাদীক পুৰস্কাৰ স্বৰূপ তিনটি বিষয় প্রদান কৰিছে :

 ১.পাঁচ ৱাক্ত ছালাত (الصلوات الخمس) 

 যি ৫ নামাজ ফজীলত আৰু ছৱাবৰ ক্ষেত্ৰত  ৫০ ৱাক্ত নামাজৰ সমান । সেই বাবেই ছালাত (নামাজ) হ’ল উম্মতে মুহাম্মাদীৰ বাবে আল্লাহৰ প্ৰদান কৰা সৰ্ববৃহৎ পুৰস্কাৰ। কাৰণ ছালাতৰ মাধ্যমতেই মানুহৰ নৈতিক উন্নয়ন ঘটে। আৰু নৈতিক উন্নতিয়েই হ’ল সকল উন্নতিৰ চাবিকাঠি।

২. ছূৰা বাক্বাৰাৰ শেষ আয়াত (خواتيم سورة البقرة) :

 দ্বীতিয় পুৰস্কাৰ হিচাপে প্ৰদান কৰে ছূৰা বাক্বাৰাৰ শেষৰ কেইটামান আয়াত (২৮৫-৮৬)। কাৰণ এই আয়াত সমূহত উম্মতৰ প্রতি আল্লাহৰ অশেষ ৰহমত আৰু অনুগ্রহ প্রকাশ কৰা হৈছে।

৩. বিশেষ পুৰস্কাৰৰ ঘোষণা : শ্বীৰ্কৰ বাহিৰে সকলো ক্ষমাৰ সুসংবাদ-

           ” وغفر لمن لايشرك بالله من أمته شيئا والمقحمات” 

উম্মতে মুহাম্মাদীৰ মাজত যিসকলে কেতিয়াও শ্বিৰ্ক কৰা নাই, সিহঁতৰ বাবে এই সুসংবাদ তথা বিশেষ পুৰস্কাৰ। কাৰণ শ্বিৰ্ক হ’ল পাপসমূহৰ সৰ্ববৃহৎ পাপ (ছূৰা লোক্বমান- ১৩)। 

অৰ্থাৎ যিজন মুছলিমে আল্লাহৰ লগত অইন কোনো ব্যক্তি, বস্তু আদিক প্ৰভুত্বত অংশীদাৰ নকৰে, তাৰ সকলো কবিৰাহ (ডাঙৰ) গুনাহ ক্ষমা কৰি দিয়া হব।  (চহীহ মুচলিম)

 ……… আগলৈ। 

পৰৱৰ্তী পৰ্বত –

    ৮। “ইছৰা আৰু মিৰাজ” সন্দৰ্ভত দীঘলীয়া সম্পূৰ্ণ এটি হাদীছ। 

 ৯। “ইছৰা আৰু মিৰাজ” ঐতিহাসিক ভ্ৰমণৰ লক্ষ্য আৰু উদ্দেশ্য। 

  ১০। মহাভ্ৰমণৰ সন্দৰ্ভত বিভিন্ন প্ৰশ্ন আৰু তাৰ উত্তৰ। 

______ সম্পাদনাত – এম ইউছুফ কাছিমী।

______  ভাষান্তৰ – মওঃ আলী আছগৰ আকন্দ