হিজৰী আৰু ইছলামী বৰ্ষপঞ্জি

Share :

হিজৰী আৰু ইছলামী বর্ষপঞ্জি কি ?

ইছলামী নতুন বৰ্ষ যিহেতু হিজৰীৰ পৰা আৰম্ভ হয়। গতিকে এই সুযোগতে “হিজৰী” সন্দৰ্ভত কিছু কথা জানি থোৱা উচিত। ইছলামী বর্ষপঞ্জি বা হিজৰী বর্ষপঞ্জি এটি চন্দ্রনির্ভৰ বর্ষপঞ্জি। বিভিন্ন মুছলিম দেশসমূহে এই বর্ষপঞ্জি অনুসৰণ কৰে, আৰু সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে হিজৰীৰ অনুসৰণ কৰি ইছলামৰ বিভিন্ন পবিত্র দিন আৰু উৎসৱসমূহ উদযাপন কৰে।

‌ ◾ কেতিয়াৰ পৰা আৰম্ভ হয় ?

ইছলাম ধর্মৰ শেষ বাণীবাহক মুহাম্মদ(ছাঃ) মক্কাৰ ক্বুৰাইশ্বৰ দ্বাৰা নির্যাতিত হৈ ৬২২ খৃষ্টাব্দত মক্কাৰ পৰা মদীনা গমন কৰে । তেওঁৰ এই জন্মভূমি ত্যাগ কৰাৰ ঘটনাক ইছলামী পৰিভাষাত ‘হিজৰত’ আখ্যা দিয়া হৈছে । যিহেতু এই হিজৰত, নবী ছঃৰ মদিনা লৈ ভ্ৰমণৰ পিছৰ পৰা ইছলামৰ বৈপ্লৱিক ইতিহাস ৰচনা আৰম্ভ হৈছিল। গতিকে ৰাছুল মুহাম্মদ (ছাঃ)ৰ হিজৰতৰ এই ঘটনাক চিৰস্মৰণীয় কৰাৰ উদ্দেশ্যে হিজৰী বৰ্ষ গণনাৰ সূচনা হয়। ইছলামৰ দ্বিতীয় খলিফা হজৰত ওমৰ (ৰাঃ) ৰ শাসন কালত ১৭ হিজৰী, অর্থাৎ নবী মুহাম্মদ (ছাঃ)ৰ মৃত্যুৰ সাত বছৰ পিছত চন্দ্র মাহ হিচাবে এই পঞ্জিকা প্রৱর্তন কৰা হয়। হিজৰতৰ এই ঐতিহাসিক তাৎপৰ্যৰ ফলতেই হজৰত ওমৰ ৰাঃ ৰ শাসনকালত যেতিয়া মুছলমানসকলৰ বাবে পৃথক আৰু স্বতন্ত্র পঞ্জিকা প্রণয়নৰ প্ৰশ্ন উঠে, তেতিয়া সকলোৱে সর্বসম্মতভাৱে হিজৰতৰ পৰাই এই পঞ্জিকাৰ গণনা আৰম্ভ কৰে। যাৰ ফলতেই চন্দ্রমাহৰ এই পঞ্জিকাক ‘হিজৰী চন’ বোলা হয় ।

বিৱৰণ :

প্রতিদিন সূৰ্যাস্তৰ মাধ্যমত দিন গণনা আৰম্ভ হয়।কিন্তু মাহ গণনাৰ ক্ষেত্রত নির্দিষ্ট তথা ফৰকাল আকাশলৈ খালি দৃষ্টি, অথবা যন্ত্রপাতি যেনে : দূৰবীণ , সাধাৰণ দূৰবীক্ষণ যন্ত্র আদিৰ সহযোগত জোন দেখাৰ উপৰত নিৰ্ভৰ কৰে ।

মাহবোৰ জোনৰ ওপৰত নির্ভর কৰি ২৯ দিনীয়া বা ৩০ দিনীয়া হয়। যিমাহত ২৯ দিনৰ শেষত নতুন জোন দেখা নাযায, সেই মাহ ৩০ দিন পূৰণ কৰি মাহটো সম্পূৰ্ণ কৰা হয়।

মাহৰ নামসমূহ :

বৰ আক্ষেপৰ বিষয়ে যে মুছলমানৰ ঘৰত জন্ম হৈ, আমি বহু কথাই নাজানো। দৈনিক নামাজ নপঢ়িলেও জুমআৰ নামাজ পঢ়ো। কিন্তু কিয় পঢ়ো? কৰ পৰা আৰম্ভ হল? একো নাজানো।
ঠিক সেইদৰে ৰোজা, হজ, জাকাত আদি আদায় কৰো, কিন্তু এইবোৰ ইবাদত কেনেকৈ আৰম্ভ হল? তাৰ ইতিবৃত্তি, পটভূমি, একো নাজানো।আৰু জনাৰ প্ৰয়োজনবোধো নকৰোঁ । ফলত একো একোজন হৈ থাকিল পৰম্পৰাগত মুছলমান, পোছাক আৰু খানা পিনাৰ মুছলমান।

সেইদৰে কিছুমান প্ৰাথমিক কথাও আমাৰ অৱগত নহয় । ইংৰাজী মাহবোৰ ৪ বছৰৰ পৰাই আমাৰ লৰা ছোৱালীক শিকাও, কিন্তু ইছলামী মাহবোৰৰ বিষয়ে আনক শিকোৱা দূৰৰ কথা, নিজেই নাজানো।

আহক অন্তত এই চেগতে মাহবোৰ এতিয়াই মুখস্থ কৰি লওঁ :

  • ১। মুহৰ্ৰম (محرّم)
  • ২। ছফৰ (صفر)
  • ৩। ৰবিউল আওৱাল (ربيع الأولى)
  • ৪। ৰবিউচ ছানী (ربيع الثاني)
  • ৫। জমাদিউল ঊলা (جمادى الأول)
  • ৬। জমাদিউচ ছানী (جمادالثاني)
  • ৭। ৰজব (رجب المرجب)
  • ৮। শ্বা’বান (شعبان)
  • ৯। ৰমজান (رمضان)
  • ১০। শ্বাওৱাল (شوّال)
  • ১১। জ্বিলক্বাদাহ (ذو القعدة)
  • ১২। জ্বিলহাজ্জাহ (ذو الحجة)

এতিয়া আমি নিশ্চয় জানিব পাৰিলো যে হিজৰত কাক কয় আৰু হিজৰী কি হয়? কিন্তু হিজৰতৰ বিষয়ে এইখিনি মুঠেই যথেষ্ট নহয়।

(আগলৈ……)

হিজৰত ৰ বিষয়ে জানিবলৈ আগ্ৰহী হলে লাইক কমেন্টত জনাব । নিশ্চয় জনোৱা হব।

কলম: মুৰতাজা ইউছুফ তেজপুৰীয়া ।

1 thought on “হিজৰী আৰু ইছলামী বৰ্ষপঞ্জি”

Comments are closed.