Skip to content
  • About Us
  • Privacy Policy
  • Contact
  • ইছৰা
    • ইছৰা : পৰিচয় আৰু কৰ্মৰাজী
    • দ্বীনিয়াত ফাউণ্ডেশ্বন কোৰ্চ: অফলাইন/অনলাইন
  • ভাষা
    • অসমীয়া
    • اردو
NE Peace
  • অসম
    • অসমৰ ইতিহাস
  • ইছলামিয়াত
    • আকাঈদ
    • ইবাদত
      • পাক পৱিত্ৰতা
      • নামাজ
      • ৰমজান আৰু ৰোজা (ছিয়াম)
      • জাকাত / ফিতৰা
      • হজ আৰু ওমৰা
    • মোআশ্বাৰাত
    • হালাল আৰু হাৰাম
    • মহিলা মেফিল
  • ইতিহাস
    • ইছলামৰ ইতিহাস
    • ভাৰতৰ ইতিহাস
  • নৰ্থ ইষ্ট
  • শিক্ষা আৰু কেৰিয়াৰ
    • DFC কোৰ্চৰ বাবে শিক্ষক (আলিম/হাফিজ)ৰ প্ৰয়োজন
  • সাহিত্য চৰ্চা
    • কবিতা
NE Peace
  • অসম
    • অসমৰ ইতিহাস
  • ইছলামিয়াত
    • আকাঈদ
    • ইবাদত
      • পাক পৱিত্ৰতা
      • নামাজ
      • ৰমজান আৰু ৰোজা (ছিয়াম)
      • জাকাত / ফিতৰা
      • হজ আৰু ওমৰা
    • মোআশ্বাৰাত
    • হালাল আৰু হাৰাম
    • মহিলা মেফিল
  • ইতিহাস
    • ইছলামৰ ইতিহাস
    • ভাৰতৰ ইতিহাস
  • নৰ্থ ইষ্ট
  • শিক্ষা আৰু কেৰিয়াৰ
    • DFC কোৰ্চৰ বাবে শিক্ষক (আলিম/হাফিজ)ৰ প্ৰয়োজন
  • সাহিত্য চৰ্চা
    • কবিতা

ঈদগাহত মহিলাৰ নামাজ: বিধান কি?

March 19, 2026March 19, 2026 by NEPeace

প্ৰশ্ন – মহিলাসকলে ঈদৰ নামাজৰ বা ঈদগাহত বা মছজিদলৈ অহাৰ বিধান কি?

মহিলাসকলে ঈদগাহ বা মছজিদলৈ গৈ জামাতত নামাজ পঢ়াটো মাকৰুহ। অৱশ্যে নামাজ পঢ়িলে আদায় হৈ যাব।

নাৰীৰ আচল স্থান হ’ল তেওঁলোকৰ বসবাস কৰা ঘৰ । ৰাছুলুল্লাহ (ছঃ) এ মহিলাসকলে মছজিদত নামাজ পঢ়িবলৈ অহাটো ভাল পোৱা নাছিল। কিন্তু যিহেতু নবী মুহাম্মদ ছাঃ সকলোৰে নবী, আৰু নবীৰ ওচৰত আল্লাহৰ বাণী ‘ৱহী’ অৱতীৰ্ণ হৈছিল। সেয়ে নবী ছাঃ ৰ ওচৰত মহিলাসকল মছজিদলৈ ৱহীৰ বাণীহে শুনিবলৈ আহিছিল।

এয়াই আছিল মূল প্ৰয়োজনীয়তা, যদিও তেতিয়া লগতে নামাজো আদায় কৰি লৈছিল। আৰু সেই প্ৰয়োজনীয়তা নবী ছাঃ ৰ ইহলীলাৰ লগে লগে বন্ধ হৈ গ’ল।

প্ৰয়োজনীয় দীন শিক্ষা প্ৰতিজন পুৰুষ-মহিলাৰ বাবে আৱশ্যক। ৰাছুলু্ল্লাহ (ছাঃ ) ইছলাম ধৰ্মৰ বাহক আছিল । আৰু তেখেতৰ সময়ত যিহেতু ধর্মৰ নিয়মবোৰ সময়ে সময়ে জনাই থকা হৈ আছিল, সেয়েহে মহিলা চাহাবাসকলৰ লগতে পুৰুষ ছাহাবীসকলেও নবী (ছাঃ) ৰ দৰবাৰলৈ আহি সেই নীতি নিয়ম আৰু নিৰ্দেশনাসমূহ শিকিবলৈ চেষ্টা কৰিছিল। আৰু তেতিয়া তাত পুৰুষ-মহিলা একত্ৰিত হলেও ফিতনাৰ কোনো ভয় নাছিল। কিন্তু আজিৰ দিনত সেই ফিতনাৰ আশংকাই ভয়াৱহ ৰূপ লৈছে।

সেয়েহে হজৰত ওমৰ ৰাঃ ৰ কালৰ পৰা আৰু আজিৰ দিনতো ইছলামী বিজ্ঞ পণ্ডিত (ফুক্বাহা) সকলে মহিলাসকলক ঈদগাহ আৰু মছজিদলৈ গৈ নামাজ পঢ়াত নিষেধাজ্ঞা আৰোপ কৰিছে, অৰ্থাৎ মাকৰুহ।

একেদৰে এয়া পুৰুষ আৰু মহিলাই একলগে উপাসনালয়ত গৈ ইবাদত কৰাৰ পন্থা ইছলামৰ আদিম মনোভাৱৰ বিপৰীত। কাৰণ ইছলামৰ মূল চিন্তা হ’ল- নাৰীয়ে সমাজ তথা পৰিয়ালৰ মূল কেন্দ্ৰ ‘ঘৰখন’ সৌন্দৰ্য্যবৰ্ধন কৰিব। তাৰ বিপৰীতে ৰাজপথত মুক্তভাৱে ঘূৰি ফুৰাটো তেওঁলোকৰ কাম নহয়।

◼️ তলৰ হাদীছ সমূহ চাওক-

১. হাদীছ নং-১ :

عن عبد الله بن سويد الأنصاري عن عمته امرأة أبي حميد الساعدي : أنها جاءت النبي صلى الله عليه و سلم فقالت : يا رسول الله صلى الله عليه و سلم إني أحب الصلاة معك فقال : قد علمت أنك تحبين الصلاة معي و صلاتك في بيتك خير من صلاتك في حجرتك و صلاتك في حجرتك خير من صلاتك في دارك و صلاتك في دارك خير من صلاتك في مسجد قومك و صلاتك في مسجد قومك خير من صلاتك في مسجدي فأمرت فبني لها مسجد في أقصى شيء من بيتها و أظلمه فكانت تصلي فيه حتى لقيت الله عز و جل

আব্দুল্লাহ বিন ছুৱাইদ আল আনছাৰী ৰাঃ ককাকৰ পৰা বর্ণনা কৰিছে যে আবু হুমাইদ আছ ছাইদিৰ পত্নীয়ে নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওচৰলৈ আহি ক’লে, হে আল্লাহৰ ৰাছুল! নিশ্চয় মই আপোনাৰ লগত নামাজ পঢ়ি ভাল পাওঁ। তেতিয়া নবীয়ে ক’লে – মই জানো যে তুমি মোৰ লগত নামাজ পঢ়ি ভাল পোৱা। কিন্তু নিজৰ ঘৰত নামাজ পঢ়াতকৈ নিজৰ ব্যক্তিগত কোঠাত নামাজ পঢ়াটো তোমাৰ বাবে ভাল। আৰু নিজৰ ঘৰত নামাজ পঢ়াতকৈ নিজৰ বাসগৃহৰ ঘৰত নামাজ পঢ়াটো ভাল। আৰু তোমাৰ স্থানীয় মছজিদত নামাজ পঢ়াতকৈ ঘৰত নামাজ পঢ়া ভাল। আৰু মোৰ মছজিদত [মছজিদ আল-নবৱী] নামাজ পঢ়াতকৈ তোমাৰ অঞ্চলৰ মছজিদত নামাজ পঢ়াটো ভাল। তাৰ পাছত তেওঁৰ ঘৰৰ চুকত এটা কোঠা সাজিবলৈ আদেশ দিলে। আৰু আন্ধাৰ কৰি পেলালে। তাৰ পিছত মৃত্যুৰ আগলৈকে তাতেই নামাজ পঢ়িলে ।

(ছহীহ ইবনে খুজাইমা, হাদীছ নং ১৬৮৯, ১৬৮৬। ইলাউছ চুনান-৩/২৬।)

• এই হাদীছে কি প্ৰমাণ কৰে?

মহিলাসকলে মছজিদলৈ যোৱাৰ সলনি ঘৰতে নামাজ পঢ়াৰ আদেশ কাৰ আছিল? যদি নবী (ছঃ)-এ মহিলাসকলক মছজিদলৈ অহাটো অপছন্দ কৰিছিল, তেন্তে সাধাৰণ মুছলিম এজনে কেনেকৈ তেওঁলোকক মছজিদ/ ঈদগাহলৈ অহাটো কামনা কৰে বা আশা কৰে?

২। হাদীছ নং-২

আৰু এটি হাদীছ চাওক-

أبي عمرو الشيباني أنه رأى بن مسعود يخرج النساء من المسجد ويقول أخرجن إلى بيوتكن خير لكن

হজৰত আবু আমৰ বিন শ্বায়বানীয়ে বর্ণনা কৰিছে। তেওঁ দেখিলে যে হজৰত আব্দুল্লাহ বিন মাছুদ ৰাঃ মহিলাক মছজিদৰ পৰা বাহিৰ কৰি দিছিল। আৰু তেওঁ কৈছিল মছজিদতকৈ ঘৰ তোমালোকৰ বাবে ভাল।

(মুছান্নাফ আব্দুৰ ৰজাক, হাদীছ নং-৫২০১, মুছান্নাফ ইবনুল জিদ, হাদীছ নং-৪২৯, চুনান বায়হাকী কুবৰা, হাদীছ নং-৫৪৪১, আল মুজামুল কবীৰ, হাদীছ নং-৯৪৭৫)

৩। হাদীছ নং-৩ :

ভালদৰে চিন্তা কৰক । আব্দুল্লাহ বিন মাছ‌উদ (ৰাঃ) এ যিটো কাম অপছন্দ কৰিছিল, আমিও অপছন্দ কৰো। যি বঞ্চনা নবীৰ মৰমৰ ছাহাবীসকলৰ আদৰ্শ। সেইটো আমাৰ ডিঙিৰ হাৰ। যদিও ইয়াক চাহাবা বিদ্বেষীসকলে অপছন্দ কৰে।

عَمْرَةَ بِنْتِ عَبْدِ الرَّحْمَنِ أَنَّهَا أَخْبَرَتْهُ أَنَّ عَائِشَةَ زَوْجَ النَّبِىِّ -صلى الله عليه وسلم- قَالَتْ لَوْ أَدْرَكَ رَسُولُ اللَّهِ -صلى الله عليه وسلم– مَا أَحْدَثَ النِّسَاءُ لَمَنَعَهُنَّ الْمَسْجِدَ كَمَا مُنِعَهُ نِسَاءُ بَنِى إِسْرَائِيلَ. قَالَ يَحْيَى فَقُلْتُ لِعَمْرَةَ أَمُنِعَهُ نِسَاءُ بَنِى إِسْرَائِيلَ قَالَتْ نَعَمْ

হাদীছ নং-৪ :

হজৰত আমৰাতা বিনতে আব্দিৰ ৰহমানে ক’লে – ৰাছুল চাঃৰ পত্নী হজৰত আইশ্বা ৰাঃ ক’লে – যদি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মহিলাৰ বৰ্তমানৰ অৱস্থা জানিলেহেঁতেন, তেওঁলোকে কি কৰে? তেন্তে তেওঁ (ছঃ) তেওঁলোকক মছজিদলৈ অহাটো মানা কৰিলেহেঁতেন যেনেকৈ বনি ইছৰাইলৰ মহিলাসকলক নিষেধ কৰা হৈছিল।

ইয়াহয়াই ক’লে – মই আমৰাতাক ক’লোঁ – বনি ইজৰাইলৰ মহিলাসকলক মছজিদলৈ অহাটো নিষেধ কৰা হৈছিল নেকি? তেওঁ হয় বুলি ক’লে।

(ছহীহ মুছলিম-১/১৮৩, হাদীছ নং-১০২৭, চুনান আবু দাউদ, হাদীছ নং-৫৬৯, মুছনাদ আহমদ, হাদীছ নং-২৫৯৮২, মুছনাদুৰ ৰাবি, হাদীছ নং-২৫৯, চুনান তিৰমিজী, হাদীছ নং-৫৪০)

এতিয়া ভাবি চাওকচোন – ৰাছুল (ছঃ) ৰ মৃত্যুৰ পিছত মুছলমান মহিলাসকলে এনেকুৱা কি কাপোৰো পিন্ধিছিল , যাৰ বাবে আম্মাজান হজৰত আয়েশ্বা (ৰাঃ) এ এই কথা কৈছিল? আৰু বৰ্তমানৰ মহিলাৰ সাজ-পোছাকৰ দৃশ্য দেখি আম্মাজন আয়েশ্বা (ৰাঃ) এ কি কলেহেতেন ?

উপৰোক্ত হাদীছ সমূহৰ আলোকত মহিলা সকলৰ বাবে ঈদগাহ আৰু মছজিদলৈ অহাটো মাকৰুহ বুলি স্পষ্ট হৈছে।

কলম – লুৎফুৰ ৰহমান ফৰায়েজী
ভাষান্তৰ – মৌলানা জিয়াউৰ ৰহমান ক্বাছিমী
সম্পাদনা – এম ইউছুফ কাছিমী

Categories কুৰবানী আৰু ঈদুল আজহা, ইবাদত, মহিলা মেফিল
ঈদুল ফিতৰ কাৰ বাবে?
শ্বাওৱাল মাহৰ ৰোজাৰ ফজীলত আৰু তাৎপৰ্য

আপুনাৰ প্ৰশ্ন আমাৰ উত্তৰ

শেষতীয়া পস্ট

শ্ৰমিক দিৱস : শ্ৰম আৰু শ্ৰমিকৰ গুৰুত্ব

No Comments May 1, 2026
Read More »

হযরত মুহাম্মদ (ছাঃ) ৰ সকলো বিবাহ: বয়স, প্রেক্ষাপট, আপত্তি আৰু উত্তৰ – এখন অপৰিহাৰ্য হাতপুথি

No Comments April 20, 2026
Read More »

অশ্লীলতা সমাজৰ এক ব্যাধি।

No Comments April 20, 2026
Read More »

সম্ভাৱনাৰ সীমাহীন সাগৰ : “মই নোৱাৰোঁ”ৰ সীমাৰ পৰা “হ’ব পাৰে” বিশালতালৈ

No Comments April 20, 2026
Read More »

শ্বাওৱাল মাহৰ ৰোজাৰ ফজীলত আৰু তাৎপৰ্য

No Comments March 23, 2026
Read More »

Recent Comments

  1. Osman Goni on স্বাগতম হে মাহে ৰমজান -২: ৰমজানৰ ২৪ ঘন্টাৰ ৭+৭ টা কাৰ্যসূচী আৰু ৭ টি প্ৰশিক্ষণ
  2. Ziaur Rahman on স্বাগতম হে মাহে ৰমজান -২: ৰমজানৰ ২৪ ঘন্টাৰ ৭+৭ টা কাৰ্যসূচী আৰু ৭ টি প্ৰশিক্ষণ
  3. Jintu Rahman on ঐতিহাসিক ইছৰা আৰু মিৰাজ ভ্ৰমণ কাহিনী : কুৰআন আৰু হাদীছৰ দৃষ্টিত- এপিচড-১ | পৰ্ব-১, ২
  4. Er Maznoo Hussain on ৰাষ্ট্ৰীয় শিক্ষা দিৱস আৰু মৌলানা আবুল কালাম আজাদ – পৰ্ব-১, পৰ্ব-২
  5. Ziaur Rahman on বিজ্ঞানৰ দৃষ্টিত ৰোজা

  • About Us
  • Privacy Policy
  • Contact
  • ইছৰা
    • ইছৰা : পৰিচয় আৰু কৰ্মৰাজী
    • দ্বীনিয়াত ফাউণ্ডেশ্বন কোৰ্চ: অফলাইন/অনলাইন
  • ভাষা
    • অসমীয়া
    • اردو
© 2026 NEPEACE || Developed & Maintained by Rakibul Islam