ঈদুল ফিতৰ কাৰ বাবে?

Share :

■ ঈদ কিয়?

সকলাে উৎসৱৰে মূল লক্ষ্য হ’ল আনন্দৰ মাজেৰে মানুহৰ মাজত একতা ভাব প্রকাশ কৰা। এটি জাতিৰ স্বতন্ত্র পৰিচয়-সত্তা নির্মাণ কৰিবলৈ মানুহৰ মাজত ঐক্যৰ চেতনা আৰু ভ্রাতৃত্বৰ মৈত্রী জাগ্রত কৰিবলে সম্মিলিত আনন্দ আৰু উদযাপনে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। আৰু ঈদ উৎসৱেও একেই উদ্দেশ্য পূৰণ কৰে।

■ ঈদৰ ইতিহাস :

ৰাচুল (ছাঃ) যেতিয়া মক্কাৰ পৰা হিজৰত কৰি মদিনালৈ গমন কৰিছিল, তেতিয়া তাত জাহেলি যুগৰ পৰা প্রচলিত দুটা উৎসৱৰ দেখা পাইছিল, শৰতৰ পূর্ণিমাত ‘নৌৰুজ’ আৰু বসন্তৰ পূর্ণিমাত ‘মেহেৰজান’।

ৰাচুল (ছাঃ) এ সুধিলে , এই দুই উৎসৱ কিহৰ? মদিনাবাসীয়ে উত্তৰত ক’লে, জাহেলি যুগৰ পৰা আমি এই দুটা দিনত খেল ধেমালি আৰু আনন্দ কৰি আহিছোঁ। তাৰ পিছত ৰাচুল (ছাঃ) এ কলে- আল্লাহ পাকে এই দুই দিনৰ পৰিৱৰ্তে তোমালোকক নতুন দুটা উৎসৱ প্ৰদান কৰিছে :
১. এটা হৈছে ঈদুল ফিতৰ।
২. আনটো হৈছে ঈদুল আজহা। (মুছনাদে আহমদ ১৩০৫৮)

এনেদৰেই মুছলমান সকলৰ মাজত সুকীয়াকৈ দুই উৎসৱৰ সূচনা হ’ল। এয়া দ্বিতীয় হিজৰি অর্থাৎ ৬২৪ খ্রিষ্টাব্দৰ ঘটনা।

■ ঈদ শব্দৰ অৰ্থ কি?

‘ঈদ’ শব্দটো আৰবী ‘আওদ’ ৰ পৰা উৎপত্তি হৈছে। ‘আওদ’ ৰ অর্থ হৈছে ঘূৰি অহা, প্রত্যাৱৰ্তন কৰা। এতিয়া ঈদ মানে হল, প্রতি বছৰ ঘূৰি অহা এটা দিন । আৰবী ভাষাত বিশেষ দিৱস বা উৎসৱক ঈদ কোৱা হয়।

ইফালে ‘ফিতৰ’ শব্দৰ অর্থ হৈছে ৰোজা ভাঙা বা ইফতাৰ কৰা। ৰোজাৰ ঈদ’ক ইছলামি পৰিভাষাত ঈদুল ফিতৰ বা ৰোজা ভাঙাৰ উৎসব বুলি কোৱা হয়। আৰু ঈদুল আজহাৰ অৰ্থ হল ক্বুৰবাণীৰ ঈদ। যিহেতু সেই ঈদত ক্বুৰবাণী কৰাই মূল ইবাদত।

■ ঈদৰ ৰাতিৰ ফযীলত :

ৰাচুল ﷺ এ কৈছে, ৰোজাদাৰৰ বাবে দুটা আনন্দক্ষণ নিৰ্ধাৰিত কৰা হৈছে-
১. ইফতাৰৰ সময়ত সি আনন্দিত হয়।
২. আল্লাহৰ লগত সাক্ষাৎকাৰৰ সময়ত সি আকৌ আনন্দিত হব। (বুখাৰি ৭৪৯২)

হযৰত আবু উমামা (ৰাঃ) এ বর্ণনা কৰিছে, নবী ﷺ এ কৈছে, যি ব্যক্তিয়ে দুই ঈদৰ ৰাতি আল্লাহৰ ওচৰত ছৱাব প্রাপ্তিৰ নিয়তত ইবাদত কৰিব তাৰ হৃদয় সিদিনাও জীৱিত থাকিব যিদিনা সকলো হৃদয়ৰ মৃত্যু ঘটিব।
(ইবন মাজাহ, হাদীছ ১৭৮২, আল মুজামুল আওছাত, হাদীছ -১৫৯)

আকৌ হযৰত মু‘আয ইবন জাবাল (ৰাঃ) ৰ পৰা বর্ণিত, নবী ﷺ এ কৈছে, যি ব্যক্তিয়ে পাঁচ ৰাতি ইবাদতৰ মাধ্যমত জাগ্রত থাকিব তাৰ কাৰণে জান্নাত ৱাজিব হৈ যাব।
১. যিলহাজ্জ মাহৰ আঠ তাৰিখৰ ৰাতি।
২. যিলহাজ্জ মাহৰ ন’ তাৰিখৰ ৰাতি।
৩. ঈদুল আযহাৰ ৰাতি।
৪. ঈদুল ফিতৰৰ ৰাতি
৫. পোন্ধৰ স্বাবানৰ ৰাতি।
(আত তাৰগীব ৱা-ত্তাৰহীব, ২য় খন্ড, পৃষ্ঠা-৯৮, হাদীছ-১৬৫৬)

■ ঈদ হৈছে পুৰস্কাৰৰ দিৱস :

আউছ আল আনছাৰি (ৰাঃ) এ বৰ্ণনা কৰিছে, ৰাচুল ﷺ এ কৈছে , ঈদুল ফিতৰৰ ৰাতিপুৱা ফিৰিস্তা সকল ৰাস্তাত ৰখি ইমানদাৰসকলক উদেশ্য কৰি কৈ থাকে, হে মুছলমানসকল!
” তোমালোক দয়ালু প্রতিপালকৰ ফালে আগুৱাই আহা । উত্তম প্রতিদান আৰু বিশাল ছৱাব-প্রাপ্তিৰ ফালে আগুৱাই আহা। তোমালোকক ৰাতিৰ নামাজৰ নির্দেশ দিয়া হৈছিল, তোমালোকে সেই নির্দেশ অনুযায়ী নামাজ পঢ়িছা, তোমালোকক দিনত ৰোজা ৰাখিবলৈ কোৱা হৈছিল, তোমালোকে সেই নির্দেশো পালন কৰিছা, এক মাহ ৰোজা ৰাখিছা। দুখীয়াক আহাৰ কৰোৱাৰ মাধ্যমত নিজৰ প্রতিপালকক তোমালোকে আহাৰ কৰাইছা। এতিয়া নামাজ পঢ়ি এইসমূহ পূণ্যকৰ্মৰ প্রতিদান বা পুৰস্কাৰ গ্রহণ কৰা।

ঈদৰ নামাজ পঢ়াৰ পিছত এজন ফিৰিস্তাই ঘোষণা কৰে, শুনা নামাজ আদায়কাৰীসকল! তোমালোকৰ মহান ৰাব্বুল আলামিনে সকলো গুনাহ মাফ কৰি দিছে এতিয়া মুক্ত অবস্থাত নিজৰ নিজৰ ঘৰত উভতি যোৱা। আৰু শুনা আজি পুৰস্কাৰ প্রদানৰ দিন। আকাশত এই দিনৰ নামকৰণ কৰা হৈছে ‘পুৰস্কাৰৰ দিন হিচাপে’ ।
(আল মুজামুল কাবিৰ লিত তাবাৰানি ৬১৭, ৬১৮)

◾ছদকাতুল ফিতৰ :

ঈদৰ আৰু এটি আৱশ্যেকীয় আমল হৈছে ছদকাতুল ফিতৰ। ৰচুল(ছ:) য়ে কৈছে বেহুদা বা অশ্লীল কথা-আচৰণৰ পৰা পৱিত্ৰ কৰাৰ উদ্দেশ্যে আৰু দৰিদ্রসকলৰ খাদ্যৰ ব্যৱস্থা কৰাৰ বাবে ছদাকাতুল ফিতৰ ৱাজিব কৰা হৈছে। (চুনানে আবু দাউদ ১৬০৯)

◾এই ঈদ মিলনৰ ঈদ :

আত্মীয় আৰু প্রতিবেশী সকলৰ সৈতে লগ কৰা, সাক্ষাৎ কৰি তেওঁলোকৰ খবৰ লোৱাৰ এক সুবৰ্ণ সুযোগো পোৱা যায় এই ঈদৰ সম্মিলন বা দাওয়াতত। ইছলামত আত্মীয়তাৰ বন্ধন ৰক্ষা কৰা ফৰজ। সুদীর্ঘ এক মাহৰ চিয়াম সাধনাৰ পিছত এই অবসৰযাপন আৰু বিনোদনে এক অনাবিল প্রশান্তি আৰু আনন্দ কঢ়িয়াই আনে আমাৰ জীবনত।
আত্মীয়তা, ভ্ৰাতৃত্ববোধ আৰু বন্ধুত্বৰ মিলনত উজ্জ্বল হৈ উঠে ঈদৰ কেইটামান দিন। আমাৰ অৱসাদক্লিষ্ট জীবনৰ গাঁঠিত প্রাণশক্তিৰ জোৱাৰ উঠে। তথা নতুন উদ্যম আৰু কর্মপ্রেৰণা লৈ আমি আকৌ কৰ্ম জীৱনত ঘূৰি আহিব পাৰো।

আৰ্শ্বিয়া শ্বেহনাজ আহমেদ,
এডমিন, মহিলা মেহফিল (ইচৰা)

Leave a Comment