Skip to content
  • About Us
  • Privacy Policy
  • Contact
  • ইছৰা
    • ইছৰা : পৰিচয় আৰু কৰ্মৰাজী
    • দ্বীনিয়াত ফাউণ্ডেশ্বন কোৰ্চ: অফলাইন/অনলাইন
  • ভাষা
    • অসমীয়া
    • اردو
NE Peace
  • অসম
    • অসমৰ ইতিহাস
  • ইছলামিয়াত
    • আকাঈদ
    • ইবাদত
      • পাক পৱিত্ৰতা
      • নামাজ
      • ৰমজান আৰু ৰোজা (ছিয়াম)
      • জাকাত / ফিতৰা
      • হজ আৰু ওমৰা
    • মোআশ্বাৰাত
    • হালাল আৰু হাৰাম
    • মহিলা মেফিল
  • ইতিহাস
    • ইছলামৰ ইতিহাস
    • ভাৰতৰ ইতিহাস
  • নৰ্থ ইষ্ট
  • শিক্ষা আৰু কেৰিয়াৰ
    • DFC কোৰ্চৰ বাবে শিক্ষক (আলিম/হাফিজ)ৰ প্ৰয়োজন
  • সাহিত্য চৰ্চা
    • কবিতা
NE Peace
  • অসম
    • অসমৰ ইতিহাস
  • ইছলামিয়াত
    • আকাঈদ
    • ইবাদত
      • পাক পৱিত্ৰতা
      • নামাজ
      • ৰমজান আৰু ৰোজা (ছিয়াম)
      • জাকাত / ফিতৰা
      • হজ আৰু ওমৰা
    • মোআশ্বাৰাত
    • হালাল আৰু হাৰাম
    • মহিলা মেফিল
  • ইতিহাস
    • ইছলামৰ ইতিহাস
    • ভাৰতৰ ইতিহাস
  • নৰ্থ ইষ্ট
  • শিক্ষা আৰু কেৰিয়াৰ
    • DFC কোৰ্চৰ বাবে শিক্ষক (আলিম/হাফিজ)ৰ প্ৰয়োজন
  • সাহিত্য চৰ্চা
    • কবিতা

নাৰী দিৱস আৰু ইছলাম : পৰ্ব-২

March 8, 2026 by NEPeace

ৰাষ্ট্ৰীসংঘই ১৯৭৫ চনৰ পৰা এই দিনটোক আন্তর্জাতিক নাৰী দিৱস হিচাপে পালন কৰা আৰম্ভ কৰে। তেতিয়াৰ পৰাই বিশ্বেৰ বিভিন্ন প্ৰান্তত দিৱসটো বৰ গুৰুত্বসহ উদযাপন কৰা হয়।

কিন্তু ১৪ শ বছৰ পূৰ্বেই ইছলামে নাৰীৰ ন্যায্য অধিকাৰ নিশ্চিত কৰি থৈ গৈছে। বিতংকৈ জানিবলৈ অলপ ধৈৰ্যসহ সম্পূৰ্ণখিনি পঢ়ক :

পূৰ্বাৱস্থা

১। ইতিসাহ সাক্ষী, ১৫০০ বছৰ পূৰ্বে প্ৰাকইছলাম কালত নাৰী জাতিৰ কোনো মর্যাদা নাছিল । সেই সময়ত নাৰী আছিল নিপীড়িত-নির্যাতিত আৰু অৱহেলিত।

২। তেতিয়া নাৰীৰ লগত কৰা হৈছিল পশুৰ দৰে আচৰণ।

৩। সমগ্ৰ নাৰী সত্ত্বাক পৰিয়াল, সমাজ তথা বংশৰ বাবে অভিশাপ বুলিহে গণ্য কৰা হৈছিল।

৪। কন্যা সন্তান জন্ম হলে তাক অসম্মান আৰু অপমানজনক বিশ্বাস কৰি এসময়ত জীৱন্ত খবৰ দিয়া হৈছিল ।

৫। কেৱল ইমানেই নহয়– নাৰীৰ প্ৰাপ্য অধিকাৰ বুলি একোৱেই নাছিল। না সমাজত, না পৰিয়ালত। ন্যায্য অধিকাৰ (মিৰাছ) উত্তৰাধিকাৰী কৰাৰ ব্যৱস্থা নাছিল । কোনো সম্পদৰ গৰাকী হোৱাৰ ক্ষমতা লাভ কৰিব পৰা নাছিল । আনকি এজন মানুহ হিচাপেও কোনো প্ৰাপ্য ধন আদি দিয়া হোৱা নাছিল।

৬। নাৰীৰ ইজ্জত, সন্মান লৈ খেলা কৰা, পুতলা হিচাপে ব্যৱহাৰ কৰা আছিল দৈনন্দিন জীৱনৰ এটা আনন্দময় অংশ।

৭। সামাজিক মর্যাদাৰ ক্ষেত্রত নাৰীৰ অৱস্থান আছিল অতি নিম্ন। নাছিল কোনো স্বীকৃতি।

৮। বিভিন্ন ধৰ্মত –

ক) বৌদ্ধ সমাজত নাৰীক অতি উত্তম বিলাসিতাৰ উপকৰণ হিচাপেহে ব্যৱহাৰ কৰা হৈছিল । এই ধর্মত নাৰী আছিল ভোগৰ বস্তু।

খ) ইহুদি ধর্ম মতে নাৰী হল পাপৰ উৎসমূল। ইয়াৰ সতীদাহ প্ৰথা, ডাইনী হত্যা প্ৰথা, মাহেকীয়া হলে চুব নোৱাৰা প্ৰথা ইত্যাদি ইত্যাদিয়ে (আজিৰ দিনতো বহুত প্ৰচলিত হৈ আছে) নাৰী জাতিক অস্তিত্বহীন কৰি পেলাইছিল।

⬛ নাৰী জাতিলৈ ইছলামৰ পুৰস্কাৰ :

১। নাৰী আছিল পুৰুষৰ বাবে অন্যান্য ভোগ্য পণ্যৰ দৰে । ইছলামে নাৰীক পুৰুষৰ অর্ধাঙ্গিনী হিচাপে স্বীকৃতি প্ৰদান কৰিলে ।

২। পিতৃ-মাতৃ আৰু স্বামীৰ সম্পত্তিত নাৰীৰ অধিকাৰ প্রতিষ্ঠিত কৰিছে ।

৩। স্বামীৰ সংসাৰত স্ত্রীৰ অধিকাৰ নিশ্চিত কৰিছে।

৪। নাৰীক তাৰ বৈবাহিক জীৱনত খাদ্য উপার্জনৰ চিন্তাৰ পৰা মুক্ত কৰিছে।

৫। তদৰূপ সমাজৰ সর্বস্তৰত নাৰীৰ যথার্থ মর্যাদা তথা অধিকাৰ প্রতিষ্ঠিত কৰিছে ।

৬। ইছলামে শিক্ষা দিছে যে :

ক) মানৱজগত নাৰী-পুৰুষৰ দ্বাৰা গঠিত। নাৰীৰ পৰা পুৰুষ , আৰু পুৰুষৰ পৰা নাৰী কোনোপধ্যেই পৃথক কৰাৰ সুযোগ নাই।

খ) এই পৃথিৱীত মানৱ সমাজৰ অস্তিত্ব থাকিবলৈ হলে নাৰী-পুৰুষৰ যৌথ উপস্থিতি অপৰিহার্য।
গ) নাৰীৰ ওচৰত কাছে পুৰুষ , আৰু পুৰুষৰ ওচৰত নাৰী সদায় ঋণী।
ঘ) ব্যক্তি জীৱন , সমাজ জীৱন, ৰাষ্ট্রীয় জীৱন , সকলো জীৱনতেই এজন আনজনৰ বাবে দায়বদ্ধ।
ঙ) পিতৃ-মাতৃ বিশেষ কোনো দিৱস সম্পর্কযুক্ত হব নোৱাৰে । সিহঁত সদায় সদায় একেই । মা হল জোনৰ দৰে। আৰু পিতৃ হল সূৰ্যৰ পোহৰৰ দৰে।

চ) যৌতুকমুক্ত আৰু অতি কম খৰচত বিবাহৰ কাম সম্পন্ন কৰাৰ নিৰ্দেশ দিয়া হৈছে।

৭। ইছলামে কুৰআন আৰু হাদিছৰ দ্বাৰা কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ( ৮ নিৰ্দেশনা) :

ক) হাদীছৰ দ্বাৰা ভাল লালন পালন কৰি, সিহঁতৰ লগত উত্তম আচৰণ কৰা তিনিজনী বা দুজনী কন্যা সন্তানৰ গৰাকীৰ বাবে জান্নাত বাধ্যতামূলক কৰিছে।

খ) নাৰীৰ মর্যাদা, ইজ্জত আৰু সতীত্ব সুৰক্ষাৰ বাবে (ধৰ্ষণ, যৌন নিৰ্যাতন ইত্যাদিৰ পৰা ) পর্দাৰ বিধান বাধ্যতামূলক কৰিছে।

গ) ক্বুৰআনে পুৰুষসকলক (মুমিন) পৰস্ত্রীৰ পৰা নাৰীৰ পৰা নিজৰ দৃষ্টিক অৱনমিত ৰাখিবলৈ আৰু নিজৰ যৌনাঙ্গক হেফাজত কৰিবলৈ নিৰ্দেশ দিছে।

ঘ) ঠিক তেনেদৰে মুমিন নাৰীক পুৰুষৰ পৰা নিজৰ দৃষ্টি অৱনমিত ৰাখিবলৈ তথা নিজৰ সতীত্ব ৰক্ষা কৰিবলৈ নিৰ্দেশ দিছে । (ছুৰা নূৰ: ৩০)

ঙ) নাৰীয়ে পুৰুষৰ পৰা পর্দা কৰিব। তাৰ ৰূপ-সৌন্দর্য পৰ পুৰুষৰ পৰা আবৃত ৰাখিব।

পর্দাৰ অর্থ এয়া নহয় যে নাৰীক আৱদ্ধ, চৰাইৰ দৰে বন্দী কৰি ৰখা। বৰঞ্চ পর্দা আৰু আবুৰত থাকি বাহিৰত (প্ৰয়োজনত) যিকোনো কাম কৰিব পাৰিব বুলি অনুমতি দিচে ইছলামে। কেৱল নাৰীৰ ইজ্জত, সম্মান ৰক্ষাৰ বাবেহে ইছলামৰ এই বিধান।

চ) তোমালোকে সিহঁতৰ (নাৰীৰ ) লগত উত্তম আচৰণ কৰিবা, আৰু উত্তম আচৰণ কৰাৰ শিক্ষা প্ৰদান কৰিবা।’ (ছুৰা-নিচা, আয়াত: ১৯)

ছ) হাদিছ গ্রন্থসমূহৰ মাজত হজৰত আইশ্বা ৰাঃ (নবী ছাঃৰ পত্নী)ৰ পৰা বর্ণিত হাদীছৰ সংখ্যা ২ হাজাৰ ২১০। অৰ্থাৎ সকলোৱে চাহাবৰ ভিতৰত দ্বিতীয় সর্বোচ্চ বৰ্ণনাকাৰী চাহাবী।
ইয়াৰ পৰা নাৰী শিক্ষাৰ গুৰুত্ব ষ্পষ্টকৈ বুজিব পাৰি।

জ) বিধৱাৰ অধিকাৰ আৰু সম্মান:
বিধৱাসকলৰ অধিকাৰ সম্পর্কে মহানবী (ছাঃ) ঘোষনা কৰিছে ,
‘যিসকলে বিধৱা নাৰীৰ ভৰণ–পোষণৰ দায়িত্ব গ্ৰহণ কৰে , সেইসকল ব্যক্তি আল্লাহৰ পথত জিহাদকাৰী তথা নিৰলস নামাজী আৰু চিৰ ৰোজাদাৰ। (বুখাৰী আৰু মুছলিম।

৮। পত্নী/ মা/ হিচাপে মৰ্যদা :

ক) ‘উত্তম পত্নী সৌভাগ্যেৰ পৰিচায়ক ’। (হাদীছ)
খ) ‘তোমালোকৰ মাজত সেই জনেই উত্তম, যি নেকি নিজৰ পত্নীৰ ওচৰত উত্তম’। (বুখাৰী)
গ) মাৰ মর্যাদা- ‘মাৰ ভৰিৰ তলত সন্তানৰ জান্নাত ।’ (তিৰমিজী)

৯। কুৰআনৰ বৰ্ণনা :

পৱিত্ৰ ক্বুৰআনত ‘নিচা’ অর্থাৎ ‘মহিলা’ শব্দটো ৫৭ বাৰ এবং ‘ইমৰাআহ’ অর্থাৎ ‘নাৰী’ শব্দটো ২৬ বাৰ উল্লেখ কৰা হৈছে । লগতে ‘নিচা’ অৰ্থাৎ ‘মহিলা’ শিৰোনামাৰ নাৰীৰ অধিকাৰ আৰু কর্তব্যসংক্রান্ত এটি স্বতন্ত্র বৃহৎ ছুৰাও (অধ্যায়) উল্লেখ আছে।

১০। নাৰী পুৰুষতকৈ ভিন্ন :

ক) ইছলাম এজন মাতৃক পিতৃতকৈ বেছি অধিকাৰ প্ৰদান কৰিছে ।

খ) যিদৰে বহুতো দেশত চাকৰিজীৱি মহিলাকলক ছুটিৰ ক্ষেত্ৰত, ৰেহাই দিয়াৰ ক্ষেত্ৰত বিশেষ অধিকাৰ প্ৰদান কৰা হয়, সেইদৰে নাৰীসকলৰ মাহত প্রায় এসপ্তাহ আৰু বছৰত প্রায় এমাহ নামাজ ৰেহাই(ক্ষমা) দিয়া হয়। কিন্তু পুৰুষৰ বাবে এই ৰেহাই নাই।

গ) ইছলামে নাৰীসকলৰ সোন আৰু ৰেছমী কাপোৰ ব্যবহাৰ কৰাৰ অনুমতি প্ৰদান কৰিছে, পুৰুষক দিয়া নাই।

⬛ আজিৰ দিনত নাৰী :

আজিৰ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে যিমানেই আলোচনা নকৰো কিয়, লিখা মেলা নকৰো কিয়, নাৰী অধিকাৰ আৰু মর্যাদা কেৱল কাগজত কলমত আৰু শ্লোগানত সম্ভব নে ? চাৰিওফালে এবাৰ চকু ফুৰাই কওকচোন, কি হৈ নাৰী অধিকাৰৰ লগত আৰু নাৰী অধিকাৰৰ নামত?

১। অধীনতাৰ পৰা মুক্ত হৈ নাৰীক স্বাধীনতাৰ শ্লোগান দিয়া হৈছে । কিন্তু এই স্বাধীনতা বা অধীনতামুক্তৰ অর্থ কী? পিতা আৰু স্বামীৰ অধীনতাৰ পৰা মুক্ত হৈ স্বার্থান্বেষী,কপট শত পুৰুষৰ অধীন হোৱা নহয়ে নে? অধীনতামুক্ত বুলি কোনো বিষয় আছে নে প্ৰকৃততে?

২। ইছলামে দিলে নাৰীৰ পূৰ্ণ নিৰাপত্তা । নাৰীৰ ফালে চকু উঠাই দেখাও নিষেধ। আৰু দিলে নাৰীকো নিৰাপদ থকাৰ ব্যৱস্থা।
কিন্তু আজিৰ ‘পুৰুষতান্ত্রিক’ সমাজে নাৰী মুক্তিৰ শ্লোগান দি কি পাব বিচাৰে ? আৰু নাৰীকো কি দিব বিচাৰে চায়? বা নাৰীয়েই স্বাধীনতাৰ নামত কি পাব বিচাৰে? নহলে নাৰীক কিয় বনোৱা হয়; নতুন মডেলৰ গাড়িৰ ‘মডেল’, আৰু পণ্যৰ বিজ্ঞাপন ‘নাৰীপণ্য’? অর্থৰ বিনিময়ত কিয় ক্ৰয় কৰা হয় নাৰীৰ ৰূপ-যৌৱনৰ চিত্র?

৩। যৌতুক, ডাইনী হত্যা, সতীদাহ প্ৰথা, নিম্ন শ্ৰেণী মহিলা আদিৰ পৰম্পৰাগত অত্যাচাৰৰ কেতিয়া অন্ত পৰিব? এনেকৈয়ে খৰ্ব হোৱা নাইনে লাখ লাখ নাৰীৰ অধিকাৰ?

৪। পৈতৃক সম্পত্তি, স্বামীৰ সম্পত্তিত নিয়মীয়াকৈ অধিকাৰ দিয়া হয় নে? সমান গুৰুত্বসহকাৰে ছোৱালীক শিক্ষা প্ৰদান কৰা হৈ আছে নে? হাজাৰ হাজাৰ গৰ্ভৱতী মহিলা কাৰখানাত, লোকৰ ঘৰত কাম কৰি আছে। নকৰিবলগীয়া কামো কৰি আছে। নাৰীৰ অধিকাৰ এনেকৈয়ে আদায় হৈছে নেকি?

৫। ঘৰনিৰ্মাতা, পৰিয়াল-নিৰ্মাতা, শিশু-নিৰ্মাতা জনীক মুক্তিৰ নামত বাহিৰত ওলাই আনি ঘৰ, পৰিয়াল আৰু শিশুৰ উপযুক্ত লালন পালন হৈ আছে নে? এয়াই নে নাৰী অধিকাৰৰ উদ্দেশ্য?

__এম ইউছুফ।
(এম.এ., এম. এম., বিএড, মুফতী)

সভাপতি, অল ইণ্ডিয়া ইমামচ কাউঞ্চিল অসম, সচিব- ইচৰা ।

Categories মহিলা মেফিল, ইছলামিয়াত
আন্তৰাষ্ট্ৰীয় নাৰী দিৱস আৰু ইছলাম: পৰ্ব-১
ঈদুল ফিতৰ কাৰ বাবে?

আপুনাৰ প্ৰশ্ন আমাৰ উত্তৰ

শেষতীয়া পস্ট

শ্ৰমিক দিৱস : শ্ৰম আৰু শ্ৰমিকৰ গুৰুত্ব

No Comments May 1, 2026
Read More »

হযরত মুহাম্মদ (ছাঃ) ৰ সকলো বিবাহ: বয়স, প্রেক্ষাপট, আপত্তি আৰু উত্তৰ – এখন অপৰিহাৰ্য হাতপুথি

No Comments April 20, 2026
Read More »

অশ্লীলতা সমাজৰ এক ব্যাধি।

No Comments April 20, 2026
Read More »

সম্ভাৱনাৰ সীমাহীন সাগৰ : “মই নোৱাৰোঁ”ৰ সীমাৰ পৰা “হ’ব পাৰে” বিশালতালৈ

No Comments April 20, 2026
Read More »

শ্বাওৱাল মাহৰ ৰোজাৰ ফজীলত আৰু তাৎপৰ্য

No Comments March 23, 2026
Read More »

Recent Comments

  1. Osman Goni on স্বাগতম হে মাহে ৰমজান -২: ৰমজানৰ ২৪ ঘন্টাৰ ৭+৭ টা কাৰ্যসূচী আৰু ৭ টি প্ৰশিক্ষণ
  2. Ziaur Rahman on স্বাগতম হে মাহে ৰমজান -২: ৰমজানৰ ২৪ ঘন্টাৰ ৭+৭ টা কাৰ্যসূচী আৰু ৭ টি প্ৰশিক্ষণ
  3. Jintu Rahman on ঐতিহাসিক ইছৰা আৰু মিৰাজ ভ্ৰমণ কাহিনী : কুৰআন আৰু হাদীছৰ দৃষ্টিত- এপিচড-১ | পৰ্ব-১, ২
  4. Er Maznoo Hussain on ৰাষ্ট্ৰীয় শিক্ষা দিৱস আৰু মৌলানা আবুল কালাম আজাদ – পৰ্ব-১, পৰ্ব-২
  5. Ziaur Rahman on বিজ্ঞানৰ দৃষ্টিত ৰোজা

  • About Us
  • Privacy Policy
  • Contact
  • ইছৰা
    • ইছৰা : পৰিচয় আৰু কৰ্মৰাজী
    • দ্বীনিয়াত ফাউণ্ডেশ্বন কোৰ্চ: অফলাইন/অনলাইন
  • ভাষা
    • অসমীয়া
    • اردو
© 2026 NEPEACE || Developed & Maintained by Rakibul Islam