পৱিত্ৰ ক্বুৰআনৰ পাচটি মটিভেশ্বনেল আয়াত

Share :

কলম – মওঃ নুৰ আলম শ‌ইকীয়া।

সম্পাদনা (A) – এম ইউছুফ কাছিমী (সম্পাদক NE PEACE ) 

আজিৰ লেখাটিত পৱিত্ৰ কোৰ‌আনৰ এনেকুৱা পাচটা আয়াত সম্পর্কে আলোচনা কৰিব বিচাৰিছোঁ, যিয়ে এজন মানুহৰ হেৰোৱা আত্ববিশ্বাস ঘূৰাই অনাত যথেষ্ট সহায়ক হ’ব। 

১. জীৱন মানেই পৰীক্ষা: 

হতাশাৰ অন্ধাকাৰত ডুব গৈ থকা মানুহৰ মনত এটা প্রশ্নই বাৰ বাৰ এইবুলি ঘুৰপাক খায় থাকে যে,  আমালোকক কিয় সৃষ্টি কৰা হ’ল? কিয় আমি পৃথিৱীৰ বুকুলৈ আহিলোঁ? আমি প্রকৃতিৰ বাবে খেলাৰ পুতুলা নেকি? এনে বহু প্রশ্নৰ উত্তৰ প্ৰদান কৰি মহান আল্লাহ পাকে কয়— 

الَّذِي خَلَقَ الْمَوْتَ وَالْحَيَاةَ لِيَبْلُوَكُمْ أَيُّكُمْ أَحْسَنُ عَمَلًا ۚ وَهُوَ الْعَزِيزُ الْغَفُورُ.

অর্থ: তোমালোকৰ ভিতৰত  সৎকর্মত কোন কিমান অগ্রগামী সেইটো পৰীক্ষা কৰাৰ বাবে তেওঁ জীৱন সৃষ্টি কৰিছে আৰু মৃত্যুৰ ব্যৱস্থা কৰিছে। তেৱেঁই মহা পৰাক্রমশালী আৰু প্ৰকৃত ক্ষমাশীল। (ছুৰা মুলক, আয়াত ২)

এই আয়াতত আল্লাহে কৈছে, আমাক অকাৰণতে দুনীয়ালৈ পঠোৱা হোৱা নাই।  আমি কিমান সুন্দৰকৈ, আমাক অর্পিত দায়িত্ববোৰ সমাপ্ত কৰিব পাৰোঁ তাক পৰীক্ষা কৰাই হল আমাক অৰ্থাৎ মানৱজাতিক সৃষ্টি কৰাৰ উদ্দেশ্য। 

আমি যি কামেই নকৰো কিয়, আল্লাহে ঘোষণা কৰা পদ্ধতিৰে সমাপ্ত কৰিব পাৰিলেই আমি পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰিম আৰু পুৰস্কাৰ হিচাপে আল্লাহে দান কৰা অকল্পনীয় সুন্দৰ জান্নাত লাভ কৰিবলৈ সক্ষম হ’ম।

২. মানৱ জাতিক সৃষ্টি কৰা হৈছে কষ্ট আৰু পৰিশ্রমৰ ওপৰত নির্ভৰ কৰি :

বিভিন্ন সময়ত মনত প্রশ্ন জাগে, কিয় আমি ইমান কষ্ট কৰি জীৱন যাপন কৰিবলগা হয়? জীৱন মানেই সংগ্রাম কিয়? এই প্রশ্নৰ উত্তৰত আল্লাহে কৈছে—

لَقَدْ خَلَقْنَا الْإِنسَانَ فِي كَبَدٍ.

অর্থ: নিশ্চই আমি মানুহক কষ্ট আৰু পৰিশ্ৰম নিৰ্ভৰশীল কৰিয়েই সৃষ্টি কৰিছোঁ। (ছুৰ বালাদ, আয়াত ৪)

এই আয়াতৰ সহজ অর্থ হ’ল, জীৱন মানেই কষ্ট আৰু সংগ্রাম। মানুহ দুনীয়াত যিমান দিন জীয়াই থাকিব সিমান দিনলৈকে পৰিশ্রম আৰু কষ্ট কৰিয়েই জীয়াই থাকিব লাগিব।

আমি যে দৈনন্দিন  খোৱা-বোৱা, আনন্দ-স্ফুর্তি কৰোঁ সেয়া কম কষ্টকৰ নে? আনন্দত ডুবি থকাৰ কাৰণে আমি হয়তো সেই কষ্টখিনি অনুভৱ নকৰো। আপোনাৰ সকলো কষ্টৰ সিদিনাই সমাপ্তি ঘটিব, যিদিনা জীৱন ঘড়ীটো সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিব। 

৩. দুখৰ সৈতেই আছে সুখ :

কেতিয়াবা কেতিয়াবা আমাৰ এনে লাগে যে, কিয় আল্লাহে মানুহক কষ্টনির্ভৰ কৰি সৃষ্টি কৰিছে? কষ্ট নাথাকিলে জীৱনটো কিমান যে আৰামদায়ক তথা সুন্দৰ হ’লহেতেন। 

এনেকৈ ভৱাটো যে ভুল, তাকেই কোৱা হৈছে তলৰ আয়াতটোত—

فَإِنَّ مَعَ الْعُسْرِ يُسْرًا – إِنَّ مَعَ الْعُسْرِ يُسْرًا

অর্থ: অৱশ্যেই কষ্টৰ সৈতে সুখ নিহিত হৈ আছে। (আকৌ কৈছোঁ) অৱশ্যেই কষ্টৰ সৈতে সুখ নিহিত হৈ আছে। ( ছুৰা ইনশ্বিৰাহ, আয়াত ৫-৬)

এগৰাকী পৰীক্ষার্থীয়ে যেতিয়া ছয় মাহ অথবা এবছৰ আগৰ পৰা ৰাতি জাগি কষ্ট কৰি পঢ়া-শুনা কৰে, মূলত সেই সময়ৰ পৰাই পৰীক্ষাৰ্থীয়ে আনন্দদায়ক ফলাফলৰ ক্ষণ গণিবলৈ আৰম্ভ কৰে। যদি তেওঁ কষ্ট নকৰিলেহেতেন তেন্তে পৰীক্ষাত একোৱেই লিখিব নোৱাৰিলেহেতেন। 

অনুৰূপ ভাৱে আমি যি সুমিষ্ট খাদ‍্যসম্ভাৰ  ভক্ষণ কৰোঁ, সেয়া যদি ঘণ্টাৰ পিছত ঘণ্টা সময় লগাই মেহনতৰ সৈতে ৰন্ধা-বঢ়া কৰা নগ’লহেতেন তেতিয়াহলে ই সোৱাদযুক্ত খাদ্য হৈ সন্মুখত নাহিলহেতেন।

 মানৱ জীৱনটোও ঠিক তেনেকুৱাই।

যিয়ে যিমান কষ্ট কৰিব, পৰিশ্রম কৰিব, তেওঁ বিনিময় স্বৰুপে সিমানখিনিয়েই আনন্দ লাভ কৰিব পাৰিব। কাৰণ ‘দুখৰ লগতেই নিহিত হৈ আছে সুখ’।

৪. প্ৰকৃততে সফল কোন? 

সঘনাই প্ৰশ্ন হোৱা দেখা যায় যে দুনীয়াৰ ইমানবোৰ মত, ইমানবোৰ পথ- ইয়াৰ মাজত থাকি সফল হ’ব পৰাৰ সূত্রটোনো কি- 

এই প্রশ্নৰ উত্তৰত আল্লাহে কৈছে—

قَدْ أَفْلَحَ الْمُؤْمِنُونَ……  يَرِثُونَ الْفِرْدَوْسَ هُمْ فِيهَا خَالدُونَ [سورة المؤمنون:1-11].

অর্থ: যিসকল বিশ্বাসী সেইসকলেই সফল।আৰু যিসকল…. 

(ছুৰাঃ মুমিনুন, আয়াত ১ ৰ পৰা ১১ )

অৰ্থাৎ যিসকলে আল্লাহ আৰু পৰকালৰ জীৱন তথাআয়াতত উল্লেখ কৰা গুণবোৰৰ অধিকাৰ বিশ্বাস কৰে, সেইসকলেই প্রকৃত সফল মানুহ। 

বিশ্বাসহীন কোনো পথ অথবা কোনো মতে মানুহক সফলতা আনি দিব নোৱাৰে । তদ্ৰুপ অর্থ-বিত্ত, বিদ্যা-বুদ্ধি এইবোৰো প্ৰকৃত সফলতাৰ মানদণ্ড নহয়। 

গতিকে প্ৰকৃত সফলতাৰ মানদণ্ড কেৱলমাত্ৰ এটাই, সেয়া হৈছে- আল্লাহক বিশ্বাসী কৰি তলৰ গুণসমূহৰ অধিকাৰী হৈ জীৱন-যাপন কৰা :

১। যিসকল প্ৰাৰ্থনাত বিনয়ী আৰু নম্ৰ।

২। যিসকল বেয়া বা অলস কথাৰ পৰা আঁতৰি থকা সকল।

৩। যিসকলে তজকিয়া বা শুদ্ধিকৰণত সক্ৰিয়।

৪। আৰু যিসকলে নিজৰ ব্যক্তিগত লজ্জাস্থানৰ হিফাজত কৰে (অপকৰ্মৰ পৰা দূৰত থাকে) 

৫। আৰু যিসকলে নিজৰ আমানত আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰে। 

৬। আৰু যিসকলে নিজৰ নামাজ সঠিকভাৱে আদায় কৰে।

পৰৱৰ্তী আয়াতত আল্লাহ পাকে সেই সফলতাৰ পুৰষ্কাৰ ঘোষণা কৰিছে – 

” তেওঁলোকে (এই গুণসমূহৰ অধিকাৰী) উত্তৰাধিকাৰী হ’ব। তেওঁলোকে জান্নাতুল ফিৰদৌছৰ গৰাকী হব। যত সিহঁত চিৰকাল থাকিব।” 

৫. ভৰসা কৰাৰ বাবে আল্লাই যথেষ্ট :

আল্লাহে মানৱ জাতিক কেৱল কষ্টনির্ভৰ হিচাপে সৃষ্টি কৰি এৰি দিয়া নাই, ক্ষান্ত থকা নাই। বৰঞ্চ যেতিয়া মানুহ হতাশাৰ চক্রত ভাঙি ছিঙি কোনো পাৰ নাপায়, আশাৰ কোনো কিৰণ দেখা নাপায়, বিচাৰিও কাকো ওচৰত নাপায়, তেতিয়া আল্লাহেই মানুহক বিপদৰ পৰা টানি উদ্ধাৰ কৰে। কিন্তু তাৰ ৩ টা চৰ্ত উল্লেখ কৰা হৈছে – 

    ১। আল্লাহক বিশ্বাস কৰা। 

    ২। কিয়ামতৰ দিনক বিশ্বাস কৰা। 

    ৩। আল্লাহক ভয় কৰা (তেওঁৰ নিৰ্দেশআৰু নিষেধাজ্ঞাসমূহ মানি চলা) । 

       মহান আল্লাহে কৈছে—

مَن كَانَ يُؤْمِنُ بِاللَّـهِ وَالْيَوْمِ الْآخِرِ ۚ وَمَن يَتَّقِ اللَّـهَ يَجْعَل لَّهُ مَخْرَجًا. وَيَرْزُقْهُ مِنْ حَيْثُ لَا يَحْتَسِبُ ۚ وَمَن يَتَوَكَّلْ عَلَى اللَّـهِ فَهُوَ حَسْبُهُ.

অর্থ: যি ব্যক্তিয়ে আল্লাহআৰু কিয়ামতৰ দিনক বিশ্বাস কৰে,আৰু আল্লাহক ভয় কৰে, তেতিয়া তেওঁ তাৰ বাবে বিপদ আৰু অশান্তিৰ পৰা উদ্ধাৰ হোৱাৰ পথ উলিয়াই দিয়ে। আৰু অপ্রত্যাশিত উৎসৰ পৰা জীৱন উপকৰণ তথা জীৱিকা নিৰ্বাহ প্ৰদান কৰে। যিয়ে আল্লাহৰ ওপৰত নির্ভৰ কৰে, আল্লাহ তাৰ বাবে যথেষ্ট। ( ছুৰাঃ তালাক, আয়াত ২-৩)