সূৰ্য্য গ্ৰহণ : ইছলামী দৃষ্টি আৰু জৰুৰী নিৰ্দেশনা

Share :

সূৰ্য্য গ্ৰহণ : ইছলামী দৃষ্টি আৰু জৰুৰী নিৰ্দেশনা

সূর্যগ্রহণৰ বৈজ্ঞানিক ব্যাখ্যা :

পৃথিৱী নিজৰ পৰিভ্রমণ অৱস্থাত চন্দ্ৰ আৰু সূর্যৰ মাজত আহিলে কিছু সময়ৰ বাবে পৃথিৱী , চন্দ্ৰ আৰু সূর্য্য একেই সৰল ৰেখাত অৱস্থান কৰি থাকে। তেতিয়া পৃথিৱী -পৃষ্ঠৰ মানুহ /প্রাণীৰ পৰা চন্দ্ৰ কিছু সময়ৰ বাবে অদৃশ্য হৈ যায়। এতেকে চন্দ্ৰ অদৃশ্য হলে তাক চন্দ্রগ্রহণ বোলে। আৰবীত ইয়াক খুছুফ(خسوف) আৰু ইংৰাজীত Lunar eclipse কয়। আৰু সূর্য অদৃশ্য হলে তাক সূর্যগ্রহণ বোলে। আৰবীত ইয়াক খুছুফ(کسوف) আৰু ইংৰাজীত Solar eclipse কয়।

বিতংকৈ:

সূৰ্য, পৃথিৱী আৰু চন্দ্ৰ নিজ কক্ষপথত আবৰ্তন কৰি থাকোঁতে কেতিয়াবা চন্দ্ৰ যেতিয়া পৰিভ্ৰমণৰ অৱস্থাত কিছু সময়ৰ বাবে পৃথিৱী আৰু সূৰ্যৰ মাজত আহি পৰে তেতিয়া কিছুসময়ৰ বাবে পৃথিবীৰ কোনো এটা অঞ্চলৰ পৰা আৰু সেই ঠাইৰ কিছুমান লোকৰ বাবে সম্পূৰ্ণৰূপে অদৃশ্য হৈ পৰা দেখা যায়। এই ঘটনাকে সূৰ্যগ্ৰহণ বোলা হয়। সাধাৰণ অৰ্থত সূৰ্য গ্ৰহণ লগাৰ সময়ত সূৰ্য + চন্দ্ৰ + পৃথিৱী এই তিনিটা যেতিয়া এটা শাৰী হয় তেতিয়া মাজত থকা চন্দ্ৰই সূৰ্যক ঢাকি ধৰে ফলত চন্দ্ৰৰ ছাঁটো পৃথিৱীত আহি পৰে আৰু পৃথিৱীৰ পৰা সূৰ্যক সম্পূৰ্ণ ভাবে বা অধিকাংশ দেখা পোৱা নাযায়। ঠিক এনেদৰে = বা এনেদৰে ।

এনেদৰে কিয় হয় বুলি হয়তো কাৰোবাৰ মনত প্ৰশ্ন আহিব পাৰে গতিকে মই আপোনালোকক একেবাৰে সাধাৰণ আৰু সহজ সৰল ভাষাৰে বিতংকৈ জনাই যাম ।

সূৰ্য আৰু চন্দ্ৰ পৃথিৱী এক কক্ষপথত এইবাবেই অৱতীৰ্ণ হয় যে, আমাৰ পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘুৰে আৰু ঠিক তেনেকৈ চন্দ্ৰই আমাৰ পৃথিৱীৰ চাৰিওফালে ঘুৰে। গতিকে এই ঘুৰাৰ প্ৰক্ৰিয়াৰ ফলত কেতিয়াবা তিনিওটা পুনে পুনে একেটা শাৰীত অৱতীৰ্ণ হয়। তেতিয়া চন্দ্ৰ মাজত থাকে বাবে আমি সূৰ্যক দেখা নাপাওঁ। কেৱল চন্দ্ৰৰ ছাঁটো পৃথিৱীত পৰে বাবে ইয়াকে সূৰ্য্য গ্ৰহণ বুলি কোৱা হয়।

পূৰ্ণ সূৰ্য গ্ৰহণ কেৱল অমাৱস্যাৰ সময়তহে হয়। সূৰ্য গ্ৰহণৰ সময়ত আমি খালি চকুৰে চাব নালাগে, সূৰ্য গ্ৰহণ চাবলৈ এবিধ বিশেষ প্ৰকাৰ চশমা পোৱা যায় , এই চশমা পৰিধান কৰি সূৰ্য গ্ৰহণ চোৱা উচিত। কাৰণ সূৰ্য পৰা ultraviolet আমাৰ চকুত পৰিব ইয়াৰ ফলত আমাৰ চকুৰ ৰশ্মিৰ ক্ষতি হ’ব পাৰে ।

সূৰ্য গ্ৰহণৰ প্ৰকাৰ :

সূৰ্য গ্ৰহণ মুখ্য ৰূপে তিনি প্ৰকাৰ,
পূৰ্ণাগ্ৰহ সূৰ্য গ্ৰহণ (Total Solar Eclipse) :- যেতিয়া চন্দ্ৰই সূৰ্যক সম্পূৰ্ণ ভাবে ধাকি ধৰে , তেতিয়া ইয়াক পূৰ্ণাগ্ৰহ সূৰ্য গ্ৰহণ বুলি কোৱা হয়। এই সূৰ্য গ্ৰহণৰ সময়ত সূৰ্যৰ কিনাৰ অংশ ৰঙাকৈ পোহৰ কৰি ৰাখে আৰু এই ৰঙা পোহৰৰ অংশ কৰ’ণা বুলি কোৱা হয়। পূৰ্ণাগ্ৰহ সূৰ্য গ্ৰহণ হোৱাৰ সময়ত সূৰ্য সম্পূৰ্ণৰূপে অন্ধকাৰ হৈ পৰে।

আংশিক সূৰ্য গ্ৰহণ ( Partial Solar Eclipse) :- আংশিক সূৰ্য গ্ৰহণ সূৰ্য গ্ৰহণৰ সময়ত সূৰ্যৰ কিছুভাগহে অন্ধকাৰ হৈ থাকে অৰ্থাৎ সম্পূৰ্ণৰূপে সূৰ্য ঢাক খাই নাযায়।

হাইব্ৰিড সূৰ্য গ্ৰহণ যেতিয়া হয় এই গ্ৰহণ পূৰ্ণাগ্ৰহ গ্ৰহণ আৰু সমকোণীয় পূৰ্ণাগ্ৰহ গ্ৰহণৰ মিশ্ৰণ হয়। পৃথিৱীৰ কিছু অংশৰ পৰা এই গ্ৰহণ পূৰ্ণাগ্ৰহ হিচাপে দেখা যায় আৰু আন কিছু অংশৰ পৰা সমকোণীয় পূৰ্ণাগ্ৰহ গ্ৰহণ হিচাপে দেখা যায়। এনে সূৰ্য গ্ৰহণ অতি বিৰল। এই গ্ৰহণৰ সময়ত চন্দ্ৰই সূৰ্যৰ মধ্য ভাগহে গ্ৰাহ কৰিব পাৰে।

(এই অংশটো মাইনা গগৈৰ প্ৰৱন্ধৰ পৰা সংযোগ কৰা হৈছে)

কুৰআন হাদীছৰ দৃষ্টিত সূর্যগ্রহণ :

কুৰআনে ঘোষণা কৰি কৈছে যে, মহাশূন্যত যি আছে, সিহতৰ প্রত্যেকেই নিজৰ নিজৰ কক্ষপথত ঘুৰি আছে ( ছূৰা আম্বিয়া: ৩৩, ছূৰা ইয়াচীন: ৪০)।

আল্লাহ পাকৰ ঘোষণা : “আকাশসমূহত আৰু পৃথিৱীত কিমান যে নিদর্শন আছে , যিবোৰ সিহঁতে অতিক্রম কৰি যায় কিন্তু সিফালে সিহঁতে মুঠেও দৃষ্টিপাত নকৰে “
[ছূৰা ইউছুফ : ১০৫]।

নজনা লোকে ভাবে এই সকলোবোৰ কেৱল এটি বস্তু আৰু সামগ্ৰী । সাধাৰণ বস্তুৰ নিয়ম মতেই এইবোৰ পৰিচালিত হয়, যিবোৰক সিহতে এন্টি ৰেডিয়েশ্বন গ্লাছৰে দেখি আনন্দ ভোগ কৰে । অথচ আকাশ আৰু পৃথিৱীৰ প্রতিটো বস্তু, প্ৰতিটো সৃষ্টি এক মহাসত্যৰ প্রতি তথা সৰ্বশক্তিমান এক সৃষ্টিকৰ্তাৰ প্ৰতি ইংগিতকাৰী আৰু একো একোটা নিদর্শন।

অন্ধবিশ্বাস :

উল্লেখযোগ্য যে , পৱিত্ৰ কুৰআনত এই তথ্য আল্লাহৰ নবী ছঃৰ ওচৰত তেতিয়া আহিছে, যেতিয়া বিজ্ঞানৰ কোনো অস্তিত্ব পৃথিৱীৰ বুকুত কতো নাছিল। যেতিয়া সূর্যগ্রহণ আৰু চন্দ্রগ্রহণ সম্পর্কে হাজাৰো কুসংস্কাৰ সমাজত প্ৰচলিত আছিল।

বাহিৰত যাব নালাগে, খোৱা অৱস্থাত থাকিব নালাগে, গৰ্ভৱতী মহিলাই ছুৰী আদি লৈ থাকিব নালাগে ইত্যাদি ইত্যাদি বহুতো অন্ধবিশ্বাস।

এই সম্পৰ্কে মুগীৰা ইবনে শু’বা ৰা: ৰ পৰা বর্ণিত যে, “ৰাছূল ছাল্লাল্লাহু ‘আলাইহি ৱাছাল্লামৰ পুত্র ইব্ৰাহীমৰ মৃত্যুৰ দিনটোতেই সুর্যগ্রহণ হৈছিল । তেতিয়া আমি সকলোৱে আলোচনা কৰিছিলো যে, নবীপুত্রৰ মৃত্যুৰ কাৰণতেই এনে ঘটনা ঘটিছে । আমাৰ কথাবার্তা শুনি নবী ছঃৰ কৈছিল : সুর্য্য আৰু চন্দ্র আল্লাহৰ অগণিত নিদর্শন সমূহৰ মাজত দুটা অন্যতম নিদর্শন। কাৰোবাৰ মৃত্যু নতুবা জন্মগ্রহণৰ ফলত চন্দ্রগ্রহণ বা সুর্যগ্রহণ নহয়”। (বুখাৰী : ১০৪১, মুছলিম : ৯১৫ – আৰবী সংস্কৰণ )

সূৰ্য্য গ্ৰহণৰ সময়ত কৰণীয় :

সূৰ্য্য গ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ সময়ত নবী ছাঃ এ দীৰ্ঘতম নামাজ আদায় কৰিছিল আৰু চাহাবাকো আদেশ কৰিছিল। লগতে আল্লাহৰ ওচৰত তৌবা, ইস্তেগফাৰ কৰি বেছি বেছিকৈ ক্ষমা খুজিব লাগে, দোৱাত কন্দা কটা কৰিব লাগে।

কাৰণ মহান সৃষ্টিকৰ্তাৰ দুটা বৃহৎ সৃষ্টি সূৰ্য্য আৰু চন্দ্ৰ, যাৰ অবিহনে পৃথিৱী আৰু পৃথিৱীবাসী অস্তিত্বহীন ….. যাৰ অবিহনে অলপ সময়ৰ বাবে পৃথিৱীখন অন্ধকাৰত পৰিণত হয়। নিশ্চয় সেই এক সৃষ্টিকৰ্তাৰ এক বৃহৎ শক্তিপ্ৰদৰ্শনৰ বহিপ্ৰকাশ ঘটে , দুয়োটা গ্ৰহক স্থগিত আৰু শক্তিহীন কৰাৰ দ্বাৰা ।

চন্দ্ৰ গ্ৰহণে নিশ্চয় বিবেকবান জ্ঞানী ব্যক্তিক সোঁৱৰাই দিয়ে যে গছ বন, তৰু লতা, পাহাৰ ভৈয়াম, শিল, নদী, সূৰ্য্য, চন্দ্ৰ সকলো সেই মহা শক্তিমানৰে সৃষ্টি। আৰু তেৱেঁই একমাত্ৰ পূজনীয় আৰু প্ৰাৰ্থনা তথা ইবাদতৰ উপযুক্ত। তেওঁৰ বাহিৰে আৰু কোনো পূজনীয় নাই, আন কোনো শক্তি পূজাৰ যোগ্য নহয়।

গতিকে এনে সময়ত মহা শক্তিমানক ভয় কৰি ভয় প্ৰদৰ্শনো কৰিব লাগে। অৰ্থাৎ তেওঁৰ অসীম শক্তিৰ কথা মনত পেলাই নামাজৰ দ্বাৰা তেওঁৰ প্ৰশংসা আৰু মহত্ব স্বীকাৰ কৰাই হল নামাজৰ উদ্দেশ্য।

আয়শ্বা ৰাঃ ৰ পৰা বর্ণিত, নবী ছঃৰ যুগত এবাৰ সূর্যগ্রহণ হল, গ্রহণ আৰম্ভ হোৱাৰ লগে লগে ৰছুল ছাঃ দ্রুতগতিত মছজিদৰ ফালে ধাবিত হল, আৰু সকলোক মছজিদত আহিবলৈ আহ্বান জানালে। তেওঁ নামাজত থিয় হৈছিল আৰু ইমান দীর্ঘ কৰিল যে জামাতত ইয়াৰ পূৰ্বে কেতিয়াও এনে কৰা নাছিল ।

তাৰ পিছত ৰুকূত গৈ, ৰুকূ ইমান দীর্ঘ কৰিলে যে পূৰ্বে কেতিয়াও কৰা নাছিল । তাৰ পিছত থিয় হৈ ছিজদা নকৰি, দ্বিতীয় ৰাকাতৰ বাবে দীঘলীয়া ছূৰা পাঠ কৰিলে। তাৰ পিছত ৰুকূত গৈ, পূৰ্বতকৈ দীৰ্ঘ কৰিলে ৰুকূ……
এই ভাৱে দীঘলীয়াকৈ নামাজ সম্পন্ন কৰিলে। তেতিয়ালৈকে সূৰ্য্য গ্ৰহণ শেষ হৈ গৈছিল।

নামাজ শেষ কৰি বক্তব্য প্ৰদান কৰিলে :
” সুর্য্য আৰু চন্দ্র আল্লাহৰ অগণিত নিদর্শন সমূহৰ মাজত দুটা অন্যতম নিদর্শন। কাৰোবাৰ মৃত্যু নতুবা জন্মগ্রহণৰ ফলত চন্দ্রগ্রহণ বা সুর্যগ্রহণ নহয় ”।

আৰু যেতিয়াই তোমালোকে চন্দ্রগ্রহণ বা সূর্যগ্রহণ প্রত্যক্ষ কৰিবা তেতিয়াই আল্লাহক মাতিবা , তেওঁৰ বৰত্ব আৰু মহত্ব প্রকাশ কৰি নামাজত ব্যস্ত থাকিবা। [বুখাৰী : ১০৪৪, মুছলিম : ৯০১, বুখাৰী: ১০০৮, ৯৯৫]।

কুছূফৰ নামাজ :

সূর্যগ্রহণৰ সময়ত, চন্দ্ৰ গ্ৰহণৰ নামাজৰ বিপৰীতে জামাতৰ (চন্দ্ৰ গ্ৰহণৰ নামাজ জামাতৰ সৈতে পঢ়া নহয়) সৈতে কমেও ২ ৰাকাত পঢ়িব লাগে। এয়া ছুন্নতে গায়েৰ মুৱাক্কাদাহ। যত আজান, ইক্বামত আৰু খুতবাহৰ প্ৰয়োজন নাই। কিন্তু লোকক একত্ৰিত কৰিবলৈ ঘোষণা কৰিব পাৰিব। জামাতত নোৱাৰিলে অকলে হলেও পঢ়িব লাগে। দুই ৰাকাতৰ সলনি চাৰি ৰাকাতো পঢ়িব পাৰিব।
(মৌচুআতুল ফিক্বহিয়্যা, বাদা’ই ছানা’ই। )

পঢ়ি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সম্পাদক NE PEACE

✒ এম ইউছুফ কাছিমী।

Leave a Comment