আজি বিশ্ব গ্ৰন্থ দিৱস : জানক কিতাপৰ ইতিহাস 

Share :

বিশ্ব গ্ৰন্থ দিৱস : জানক কিতাপৰ ইতিহাস 

▪️ বিশেষকৈ ২৩ এপ্ৰিলত বহু প্ৰখ্যাত লেখক-সাহিত্যিকৰ জন্ম আৰু মৃত্যু হৈছিল।

▪️ ১৯৯৫ চনৰ ২৩ এপ্ৰিলত পোন প্ৰথমবাৰৰ বাবে বিশ্ব গ্ৰন্থ দিৱস উদযাপন কৰা হয়৷

▪️অসমীয়া শব্দ ‘কিতাপ’ আৰবী ‘কিতাব’ ৰ পৰা লোৱা হৈছে। ইয়াৰ ইংৰাজী শব্দ ‘বুক (Book) ‘ শব্দটো পুৰণি ইংৰাজী শব্দ ‘boc’  পৰা আহিছে। যাৰ মূল শব্দ জাৰ্মানী  *bōk- ৰ পৰা আহিছে।

◼️ গ্ৰন্থ সম্পৰ্কে কিছু আকৰ্ষণীয় তথ্য :

▪️সৰ্বাধিক পঠনীয় বা বিক্ৰী হোৱা গ্ৰন্থ-

১। পৱিত্ৰ বাইবেল (অপৰিৱৰ্তিত ইঞ্জীল ) (৩.৯ বিলি+ কপি) 

২। পৱিত্ৰ ক্বুৰআন (৮০০ মিলি, ১২২ ভাষাত) 

৩। হেৰী পটাৰ ছিৰিজ (৪০০ মি+) 

৪। চেয়াৰমেন মাও চে টুঙৰ বাণী।

৫। দ্য লৰ্ড অৱ দ্য ৰিংছ (১০৩ মিলি+) 

▪️ বিশ্বৰ সৰ্ববৃহৎ ৰহস্যময় গ্ৰন্থ – “দি ভয়ানিচ মানসস্ক্রিপ্ট” (“The Voynich Manuscript) 

▪️বিশ্বৰ সৰ্বাধিক মুখস্থ কৰা গ্ৰন্থ – পৱিত্ৰ ক্বুৰআন। 

▪️বিশ্বৰ পৰিৱৰ্তন নোহোৱা ঐশ্বৰিক গ্ৰন্থ – পৱিত্ৰ ক্বুৰআন। 

◾খ্ৰীষ্টপূৰ্ব ২৪০০ চনত মিচৰীয়াসকলে পেপিৰাছ গছৰ ভিতৰৰ অংশ পাতলকৈ কাটি শুকুৱাই পেপিৰাছৰ ওপৰত লিখিবলৈ আৰম্ভ কৰে, যিটো কৌশল গ্ৰীক আৰু ৰোমানসকলে হাজাৰ হাজাৰ বছৰৰ আগতে আয়ত্ত কৰিছিল। পিছলৈ হেৰোডোটাছৰ সময়ত পোৱালি, ভেড়া বা ছাগলীৰ ছালত লিখা হৈছিল। ১০৫ খ্ৰীষ্টাব্দত কাগজত লিখা আৰম্ভ হৈছিল। 

◼️ সৰ্বপ্ৰথম/ অতি পূৰণি গ্ৰন্থ – 

▪️আটাইতকৈ পুৰণি ধৰ্মীয় গ্ৰন্থ – বেদ (হিন্দু ধৰ্মীয় তথ্য অনুসৰি) । 

▪️বিশ্বৰ প্ৰথমখন উপন্যাসৰ নাম ‘গিলগামেছ’। যিখন উপন্যাস প্ৰায় চাৰি হাজাৰ বছৰ আগতে প্ৰাচীন মেছ’পটেমিয়াত অৰ্থাৎ বৰ্তমানৰ ইৰাক আৰু ছিৰিয়াত ৰচনা কৰা হৈছিল। লেখকৰ নাম জানিব পৰা হোৱা নাই। কিতাপখন কিয় লিখা হ’ল। গ্ৰন্থখন ব্ৰিটিছ মিউজিয়ামত মাটিৰ ফলকত সংৰক্ষিত হৈ আছে।

▪️ গুটেনবাৰ্গ বাইবেলক বিশ্বৰ প্ৰথম ছপা গ্ৰন্থ বুলি গণ্য কৰা হয়। ১৪৫৫ চনত কলাত্মকভাৱে প্ৰস্তুত কৰা ৪২ শাৰীৰ বাইবেল নামেৰে জনাজাত কিতাপখনৰ ২১ কপি এতিয়াও আছে। 

▪️বিশ্বৰ প্ৰথমখন গ্ৰন্থ ৮৮৬ চনৰ ১১ মে’ত চীনত (আধুনিক দিন) প্ৰকাশ পাইছিল।

▪️ জাপানৰ সম্ৰাজ্ঞী ‘মোবাটকুৰ’ এ প্ৰায় দহ লাখ শ্লোকেৰে ‘হীৰা সূত্ৰ’ শীৰ্ষক এখন গ্ৰন্থ প্ৰকাশ কৰাৰ পৰিকল্পনা কৰিছিল। সেই সময়ত আজিৰ দৰে কোনো ছপাশালৰ আৱিষ্কাৰ হোৱা নাছিল। গতিকে কাঠৰ ব্লক তৈয়াৰ কৰি হাতেৰে চলোৱা মেচিনৰ সহায়ত ‘ডাইমণ্ড সূত্ৰ’ গ্ৰন্থখন ছপা কৰা হ’ল। কিতাপখন ছপা কৰিছিল ৱাং চিয়ে।

◼️ ইছলামী গ্ৰন্থ সন্দৰ্ভত কিছু নজনা কথা – 

▪️আটাইতকৈ পূৰণি /সৰ্বপ্ৰথম ছীৰত (মুহাম্মদ ছাঃ ৰ জীৱনী) গ্ৰন্থ – ছীৰতে ইবনে ইচহাক্ব ।

▪️সৰ্বপ্ৰথম হাদীছ সংগ্ৰহ গ্ৰন্থ- 

হজৰত আবু হুৰাইৰাহ ৰাঃ পৰা সংগৃহীত, চহীফা হুমাম ইবনে মাম্বা  ।

▪️সৰ্বপ্ৰথম প্ৰধান আকাশী গ্ৰন্থ – তৌৰাত (অপৰিৱৰ্তিত) 

▪️ সৰ্বপ্ৰথম ক্বুৰআনৰ ব্যাখ্যামূলক গ্ৰন্থ – চহীফা ইবনে আবি ত্বালহাহ ।

▪️ শব্দ, বাক্য, আখৰ হিচাপে আটাইতকৈ পূৰণি তথা অপৰিৱৰ্তিত আকাশী গ্ৰন্থ – পৱিত্ৰ ক্বুৰআন।

▪️সৰ্বপ্ৰথম ফিকহা (ইছলামী শাস্ত্ৰ) ৰ কিতাপ- ইমাম হাচান শ্বাইবানীৰ গ্ৰন্থ। 

◼️ গ্ৰন্থ সম্পৰ্কে নিৰ্বাচিত ১০ মহৎ বাণী – 

১. ”কিতাপৰ দৰে বিশ্বাসী বন্ধু কোনো নাই।” — আৰ্নেষ্ট হেমিংৱে

২. ”ভাল বন্ধু, ভাল কিতাপ আৰু নিস্তব্ধ বিবেক- এয়াই আদৰ্শ জীৱন।”  — মাৰ্ক ট্ৱেইন

৩. “আপুনি পঢ়িব বিচৰা কিতাপ এখন যদি এতিয়াও লিখা হোৱা নাই, তেন্তে সেইখন লিখিবই লাগিব।”   — টনি মৰিছন

৪. “ভাল কিতাপ পঢ়া মানে যোৱা শতিকাৰ মহান ব্যক্তিৰ সৈতে কথা পাতা” – ডেকাৰ্টছ

৫. জীৱনত তিনিটা বস্তু আছে – কিতাপ, কিতাপ আৰু কিতাপ।” – ড° মহম্মদ শ্বাহিদুল্লাহ

৬. “কোনো সামগ্ৰীয়েই কিতাপৰ দৰে ধুনীয়া নহয়।”  -চিডনী স্মিথ

৭. ভাল খাদ্যই পেট ভৰাই তোলে কিন্তু ভাল কিতাপে আত্মাক সন্তুষ্ট কৰে।’ -স্পিনোজা

৮.  “এখন ভাল কিতাপ বৰ্তমান আৰু চিৰদিনৰ বাবে সৰ্বোত্তম বন্ধু।” – টাপাৰ

৯. যেতিয়া আপুনি পঢ়িবলৈ শিকিব তেতিয়া আপুনি পুনৰ্জনম ল’ব … তেতিয়া আপুনি  কেতিয়াও অকলশৰীয়া নহ’ব।  — গুজৱ গডেন

১০. কিতাপ জ্বলোৱাতকৈও গুৰুতৰ অপৰাধ হ’ল কিতাপ লৈ কিতাপ নপঢ়া।’ -জোচেফ ব্ৰডস্কি

উৎস – 

  • Title Capitalization (ৱেব) 

  • ৱিকিপিডিয়া। 

• অইন ৱেবছাইট। 

  • ৱেবছাইট- দাৰুল দেওবন্দ। 

___ এম ইউছুফ কাছিমী, সম্পাদক – NE PEACE