ইতিক্বাফ: ৰমজানৰ মর্যাদাপূর্ণ আমল

Share :

 ইতিকাফ কি?

  ইতিকাফ আৰবী শব্দ। ইয়াৰ আভিধানিক অর্থ হ’ল অৱস্থান কৰা, কোনো স্থানত নিজকে আবদ্ধ কৰি ৰখা।

  শ্বৰীয়তৰ পৰিভাষাত ইতকিাফ হ’ল ইবাদত আৰু ছোৱাবৰ উদ্দেশ্যত, পুৰুষ সকলৰ বাবে মছজিদত আৰু মহিলাসকলৰ বাবে নিজৰ ঘৰৰ নামাজৰ স্থানত অৱস্থান কৰা।

  ইতিকাফ এনেকুৱা এটি গুৰুত্বপূৰ্ণ ইবাদত যিটো  ইছলামৰ বহু পূর্বৰে পৰাই প্রচলিত আছে। নামায আৰু অন্যান্য ইবাদতৰ লগতে আল্লাহ তাআলাই হযৰত ইব্ৰাহীম আঃ আৰু হযৰত ইছমাঈল আঃ ক ইতিকাফকাৰী সকলৰ বাবে বাইতুল্লাহক পৱিত্র কৰাৰ নির্দেশ দিছিল। ইৰ্শ্বাদ হৈছে- আৰু আমি ইব্ৰাহীম আৰু ইছমাঈলক আদেশ কৰিলোঁ তোমালোকে মোৰ ঘৰক তৱাফকাৰী, ইতিকাফকাৰী আৰু ৰুকু-ছিজদাকাৰী সকলৰ বাবে পৱিত্র ৰখা। (ছূৰা বাক্বাৰা ১২৫) 

ৰমজানত ইতিকাফ আৰু তাৰ ফযীলতঃ

  ৰমজানৰ ২০ তাৰিখৰ সূর্যাস্তৰ পৰা ঈদৰ জোন উঠা পর্যন্ত ইতিকাফ কৰাক ইতিকাফে মাছনূন কোৱা হয়। হাদীছ শ্বৰীফত আছে, নবীয়ে কাৰীম ছাঃ ৰমজানৰ শেষ দহ দিন ইতিকাফ কৰিছিল। (ছহীহ বুখাৰী : ২০২১) 

  মাহে ৰমজানত ইতিকাফ কৰা এটি গুৰুত্বপূর্ণ আমল। ৰমজানৰ ফযীলত, বৰকত আৰু বিশেষত লাইলাতুল কদৰৰ ফযীলত আৰু বৰকত পোৱাৰ বাবে ইতিকাফৰ গুৰুত্ব অপৰিসীম। নবীয়ে কাৰীম ছাঃ তেখেতৰ মাদানী জীৱনত মাত্র এটা ৰমজান জিহাদৰ ছফৰৰ কাৰণে ইতিকাফ কৰিব পৰা নাই। যদিও পৰৱর্তী বছৰত ২০ দিন ইতিকাফ কৰি সেয়া পূৰণ কৰি লৈছে। ইয়াৰ বাহিৰে তেখেতে সকলো কেইটা ইতিকাফ কৰিছে। ছাহাবীসকলেও তেখেতৰ লগত ইতিকাফত শ্বৰীক হৈছিল। সেয়েহে ইতিকাফ এটি মর্যাদাপূর্ণ মাছনূন আমল যিটো ‘শ্বেয়াৰে ইছলাম’ও। আনকি কোনো মছজিদ ইতিকাফশূন্য থাকিলে গোটেই গাওঁবাসী ছুন্নাতে মুআক্কাদাহ বর্জনৰ কাৰণে গুনাহগাৰ হ’ব।

  হাদীছ শ্বৰীফত আহিছে, নবীয়ে কাৰীম ছাঃ প্রত্যেক ৰমজানত দহ দিন ইতিকাফ কৰিছিল। কিন্তু ওফাতৰ বছৰ বিশ দিন ইতিকাফ কৰিছিল। (ছহীহ বুখাৰী ২০৪৪) 

  ইতিকাফৰ ফযীলত সম্পর্কে এটি হাদীছৰ ভাষ্য নিম্নৰূপঃ 

যি ব্যক্তি আল্লাহ তাআলাৰ সন্তুষ্টিৰ উদ্দেশ্যত এদিন ইতিকাফ কৰিব আল্লাহ তাআলায় তাৰ আৰু জাহান্নামৰ মাজত তিনি খন্দক দূৰত্ব সৃষ্টি কৰি দিব। অর্থাৎ আকাশ আৰু জমিনৰ মাজত যিমান দূৰত্ব আছে তাতকৈয়ো বেছি দূৰত্ব সৃষ্টি কৰি দিব। (শ্বুআবুল ঈমান ৩৯৬৫) 

ইতিকাফৰ উপকাৰিতাঃ

১) শ্ববে কদৰ অন্বেষণৰ অন্যতম মাধ্যম হ’ল ইতিকাফ। হাদীছ শ্বৰীফত আহিছে, নবীয়ে কাৰীম ছাঃ ৰমজানৰ মাজৰ দহদিন ইতিকাফ কৰিছিল। এবছৰ এনেকৈ ইতিকাফ শেষ কৰাৰ পিছত যেতিয়া ৰমজানৰ ২১তম ৰাতি আহিল (অর্থাৎ যিটো ৰাতি গৈ পুৱা তেখেতে ইতিকাফৰ পৰা ওলাইছিল) তেখেতে ঘোষণা কৰিলে, যি ব্যক্তি মোৰ লগত ইতিকাফ কৰিছে তেওঁ যাতে শেষ দহকত ইতিকাফ কৰে। কাৰণ মোক শ্ববে কদৰ সম্পর্কে অৱগত কৰা হৈছিল (যে সেয়া শেষ দহকৰ অমুক ৰাতি) ইয়াৰ পিছত সেয়া পাহৰাই দিয়া হৈছে। গতিকে তোমালোকে শ্ববে কদৰ শেষ দহকত বিচাৰি ওলোৱা। (ছহীহ বুখাৰী ২০২৭) 

২) ইতিকাফকাৰী অৱসৰৰ সময়ত কোনো আমল নকৰিলেও তাৰ দিনৰাতি ২৪ ঘণ্টা ইবাদত হিচাপে গণ্য হয়।

৩) ইতিকাফৰ দ্বাৰা অনেক গুনাহৰ পৰা বাচি থাকিব পৰা যায়। পাপ কৰ্মৰ পৰা বাচি থকাৰ বাবে আল্লাহ তাআলাৰ ঘৰ যেন এটা প্রকৃত দুর্গ।

৪) ইতিকাফৰ দ্বাৰা দুনিয়াৰ বহু জামেলাৰ পৰা মুক্ত কৰি নিজকে পৰিপূর্ণ আল্লাহ তাআলাৰ ওচৰত সপি দিয়া হয়। ৰোযাৰ কাৰণে গোটেই দিন ফিৰিস্তা সকলৰ লগত (পানাহাৰ আৰু যৌন কর্ম বর্জনৰ দ্বাৰা) সামঞ্জস্য হয়। আৰু ইতিকাফৰ দ্বাৰা ২৪ ঘণ্টা ফিৰিস্তা নিচিনা আচৰণৰ ওপৰত অবিচল থকাৰ চমৎকাৰ প্রশিক্ষণ হাছিল হয়।

৫) ৰোজাৰ যাৱতীয় আদব আৰু হক যথাযথ আদায় কৰি পৰিপূর্ণ ৰোজা আদায় কৰাৰ বাবে ইতিকাফ যথেষ্ট কার্যকৰ।

৬) আল্লাহ তাআলাৰ আলহী হৈ তাৰ লগত মহব্বত আৰু ভালপোৱা সৃষ্টি কৰাৰ অন্যতম মাধ্যম। মছজিদত অৱস্থান কৰাৰ কাৰণে ইতিকাফকাৰী যিবোৰ আমল কৰাটো অক্ষম যেনেকুৱা জানাযাত শ্বৰীক হোৱা, অসুস্থসকলক সেৱা কৰা ইত্যাদি- এইবোৰ আমল নকৰিও তাৰ ছোৱাব পাই থাকিব ।

ইতিকাফৰ মাছাইলঃ

◾মাছআলা: মাছনূন ইতিকাফ যিহেতু শেষ দহ দিন ব্যাপী, সেয়েহে প্রথমৰ পৰাই গোটেই দহদিন ইতাকাফ কৰাৰ নিয়ত কৰিব। একেলগে দহদিনৰ নিয়ত নকৰিলে ছুন্নাত ইতিকাফ আদায় নহ’ব; গতিকে সেয়া নফল হিচাপে পৰিণত হ’ব।

◾মাছআলা: ২০ তাৰিখ সূর্য্যস্তৰৰ আগতেই ইতিকাফৰ নিয়তত মছজিদত উপস্থিত হোৱাটো জৰুৰী।

◾মাছআলা: মাছনূন ইতিকাফ আৰম্ভ কৰিলে সেয়া পূর্ণ কৰা আৱশ্যক। ওযৰ ব্যতীত সেয়া ভঙ্গ কৰা জাইজ নাই।

◾মাছআলা: ইতিকাফকাৰী সকলৰ বাবে ইতিকাফ অৱস্থাত স্ত্রীসহবাস কৰা হাৰাম। সেইদৰে স্ত্রীক চুমা খোৱা, আলিঙ্গন কৰা ইত্যাদি সকলোবোৰ নাজাইজ।

◾মাছআলা: মাছনূন ইতিকাফ আৰম্ভ কৰাৰ পিছত মাজতে দুই এদিন যদি ভঙ্গ হৈ যায় তেতিয়া হ’লে সেই দিনবোৰৰ ইতিকাফ পিছত কাযা কৰি ল’ব লাগিব। অর্থাৎ যি কেইদিনৰ ইতিকাফ ভঙ্গ হৈছে সেই কেইদিনৰ বাবে ৰোজা অৱস্থাত মছজিদত অৱস্থান কৰিব।

◾মাছআলা: পাৰিশ্ৰমিক বিনিময়ত ইতিকাফ কৰা আৰু কৰোৱা উভয়ই নাজাইজ।

◾মাছআলা: ইতিকাফৰ দিনবোৰত তিলাৱাত, তাছবীহ-তাহলীল আৰু ইবাদত-বন্দিগীত কটোৱা উত্তম।

◾মাছআলা: কিছু সময় দ্বীনি মাছাইলৰ কিতাব আদি পঢ়া-শুনা কৰা আৰু বেলেগক শুনোৱা উচিত।

◾মাছআলা: পুৰুষসকলে কেৱল মছজিদত ইতিকাফ কৰিব। আৰু মহিলা সকলে তেওঁলোকৰ ঘৰতে নামাজৰ স্থানত ইতিকাফ কৰিব।

◾মাছআলা: মহিলাসকলে তেওঁলোকৰ ইতিকাফৰ স্থানক পর্দাৰে ঢাকি দিব, যাতে গাইৰ মাহৰুম পুৰুষ আহিলে স্থান পৰিৱর্তন কৰিব লগা নহয়।

◾মাছআলা: অজ্ঞান বা পাগল হৈ গ’লে ইতিকাফ নষ্ট নহয়। কিন্তু সেয়া যদি পৰৱর্তী দিন বা আৰু বেছি সময় পর্যন্ত দীর্ঘায়িত হয় তেন্তে প্রথম দিন বাদ দি যিকেইদিন এনেকুৱা অৱস্থাত থাকে সেইবোৰৰ কাযা কৰিব লাগিব।

◾মাছআলা: ইতিকাফ ছহীহ হোৱাৰ বাবে শ্বৰঈ মছজিদ হোৱা আৱশ্যক। জামে মছজিদ হওক বা পাঞ্জেগানা উভয়টিতে ইতিকাফ কৰিব পৰা যায়।

ইতিকাফ অৱস্থাত যি কৰিব পৰা যায় :

◾মাছআলা: অন্যান্য ৰোজাদাৰ সকলৰ নিচিনা ৰাতি খোৱা-লোৱা বা চাহ-পান ইত্যাদি কৰা সকলোবোৰে ইতিকাফকাৰীৰ বাবে জাইজ।

◾মাছআলা: প্রয়োজনীয় দুনিয়াবী কথাবার্তা কোৱা জাইজ।

◾মাছআলা: প্রয়োজন অনুসৰি বিশ্ৰাম লোৱা আৰু টোপনি মাৰা জাইজ।

◾মাছআলা: জৰুৰী চিঠিপত্র লিখা আৰু ধর্মীয় কিতাপ পত্ৰ লিখা জাইজ ।

◾মাছআলা: মছজিদত ইতিকাফ কৰা অৱস্থাত কেৱল প্রয়োজনীয় বেচাকিনাৰ কথাবার্তা কোৱা জাইজ। মছজিদৰ ভিতৰত প্রৱেশ কৰা নাযাব।

◾মাছআলা: ডাক্তৰে প্রয়োজনবশত ইতিকাফ অৱস্থাত পাৰিশ্ৰমিক নোলোৱাকৈ চিকিৎসাপত্র লিখিব পাৰিব।

◾মাছআলা: মল-মূত্র ত্যাগ, অজু, (ফৰজ আৰু  নফল) ফৰজ গোছল আৰু ছুন্নাত গোছলৰ বাবে মছজিদৰ পৰা ওলোৱা জাইজ আছে।

◾মাছআলা: প্ৰয়োজনীয় খোৱা বস্তু মছজিদলৈকে পৌছাই দিবলৈ কোনো নাথাকিলে নিজে গৈ সেয়া আনিব পাৰিব।

◾মাছআলা: মুআজ্জিনে ইতিকাফ কৰিলে আৰু আজানৰ স্থান মছজিদৰ বাহিৰত হ’লে তেন্তে বাহিৰত গৈ তাৰ বাবে আজান দিয়া জাইজ।

◾মাছআলা: পাঞ্জেগানা মছজিদ হ’লে জুমা নামাজৰ বাবে জামে মছজিদত যোৱা জাইজ।

◾মাছআলা: জুমাৰ শেষত (৪ ৰাকাত আৰু ২ ৰাকাত মুঠ ৬ ৰাকাত ছুন্নাত পঢ়ি লগে লগে) ইতিকাফৰ স্থানত উভতি আহিব।

◾মাছআলা: অজু-ইস্তিঞ্জাৰ বাবে ওলালে যদি কোনো জানাযা উপস্থিত থাকে তেন্তে পথত বিলম্ব নকৰি জানাযাৰ নামায পঢ়ি লোৱা জাইজ।

◾মাছআলা: ফৰজ আৰু মাছনূন গোছলৰ (যেনেঃ জুমাৰ গোছল) বাহিৰে স্বাভাৱিক গোছলৰ বাবে মছজিদৰ পৰা নোলাব। কিন্তু বেছি প্রয়োজন দেখা দিলে মছজিদৰ ভিতৰত বহি মুৰ ওলিয়াই দি মুৰত পানী দিব। তথাপিও সমস্যা সমাধান নহ’লে কোনো কোনো মুফতীৰ মতে অজু-ইস্তিঞ্জাৰ বাবে যেতিয়া ওলাব তেতিয়া ওচৰত পানীৰ ব্যৱস্থা থাকিলে অতিদ্রুত গোছল কৰি ল’ব।

◾মাছআলা: কুৰআন মাজীদ আৰু দ্বীনি কিতাপৰ তালীম দিয়া জাইজ।

◾মাছআলা: ইতিকাফ অৱস্থাত শৰীৰত তেল লগোৱা, সুগন্ধি ব্যৱহাৰ কৰাৰ অনুমতি আছে।

◾মাছআলা: ইতিকাফ অৱস্থাত চুপ থকাটো ছোৱাব বুলি ভাবি চুপ থকা অর্থাৎ কোনো যিকিৰও নকৰা মাকৰূহে তাহৰীমী।

◾মাছআলা: মছজিদ একতলা বিশিষ্ট হওক বা বহুতলা বিশিষ্ট, ছাদ মছজিদৰ অন্তর্ভুক্ত হ’ব। গতিকে ইতিকাফকাৰী ছাদত যাব পাৰিব।

মছজিদৰ বাৰান্দা যদি মছজিদৰ অন্তর্ভুক্ত হয় (অর্থাৎ নির্মাণৰ সময়ত বাৰান্দাও যদি মছজিদৰ অংশ বুলি ভবা হয়) তেন্তে তাতেও ইতিকাফকাৰী যাব পাৰিব।

◾মাছআলা: ইতিাকাফকাৰী নফল অজুৰ বাবে মছজিদৰ বাহিৰত যাব পাৰিব।

মহিলাসকলৰ ইতিকাফঃ

◾মাছআলা: মহিলাসকলে তেওঁলোকৰ ঘৰত নামাজৰ স্থানত ইতিকাফ কৰিব। নামাজৰ স্থান পূর্বৰ পৰা নিৰ্দিষ্ট কোনো স্থান নেথাকিলে তেন্তে নির্দিষ্ট কৰি ল’ব লাগিব। ইয়াৰ পিছত তাত ইতিকাফ কৰিব।

◾মাছআলা: যি মহিলাৰ স্বামী বৃদ্ধ, অসুস্থ বা তাৰ সৰু সৰু সন্তান আছে আৰু সিহঁতৰ সেৱা কৰাৰ কোনেও নাই, সেই মহিলাৰ বাবে ইতিকাফতকৈ সিহঁতৰ খেদমত আৰু যত্ন লোৱা উত্তম।

◾মাছআলা: মাহেকীয়া (ঋতুস্রাব) অৱস্থাত ইতিকাফ কৰা শুদ্ধ নহয়। কাৰণ এই অৱস্থাত ৰোজা ৰাখিব পৰা নাযায়। আৰু মাছনূন ইতিকাফৰ বাবে ৰোজা ৰখাটো জৰুৰী।

◾মাছআলা: মহিলাসকলৰ উচিত তেওঁলোকৰ নির্দিষ্ট দিনবোৰৰ আৰম্ভণি-শেষৰ পিনে লক্ষ্য ৰাখি ইতিকাফ কৰা।

◾মাছআলা: মহিলাসকলে তেওঁলোকৰ ইতিকাফৰ নির্দিষ্ট স্থানৰ পৰা ঘৰৰ অন্য ঠাইলৈ নাযাব। অন্যথা ইতিকাফ ভঙ্গ যাব।

◾মাছআলা: মহিলাসকলৰ ইতিকাফ কৰিব হ’লে স্বামীৰ অনুমতি লৈ ইতিকাফ কৰিব লাগিব। স্বামীৰ নিষেধ স্বত্ত্বেও ইতিকাফ কৰিলে ইতিকাফ শুদ্ধ নহ’ব।

ইতিকাফ ভঙ্গৰ কাৰণসমূহঃ

মাছআলা:১ ইতিকাফ অৱস্থাত সহবাস কৰিলে ইতিকাফ ভঙ্গ হৈ যাব। ইয়াৰোপৰি স্ত্রীক চুমা খোৱা বা স্পর্শ কৰাৰ দ্বাৰা বীর্যপাত ঘটিলে ইতিকাফ ভঙ্গ হৈ যাব।

মাছআলা:২ ফৰজ আৰু মাছনূন নহয় এনেকুৱা গোছলৰ বাবে মছজিদৰ পৰা ওলালে ইতিকাফ ভঙ্গ হৈ যাব।

মাছআলা:৩ শিক্ষক আৰু চাকৰিয়াল সকলে নিজৰ দায়িত্ব পালনৰ বাবে মছজিদৰ পৰা বাহিৰত গ’লে ইতিকাফ ভঙ্গ হৈ যাব। এই ধৰণৰ দায়িত্বশীল সকলৰ বাবে ইতিকাফৰ আগতেই ছুটি ল’ব লাগিব।

মাছআলা:৪ অন্য মছজিদত খতম তাৰাৱীহৰ বাবে গ’লেও ইতিকাফ ভঙ্গ হৈ যাব।

মাছআলা:৫ বিনা প্রয়োজনত মছজিদৰ বাহিৰত গ’লে যদিও সেয়া অলপ সময়ৰ বাবেও হয়, ইতিকাফ ভঙ্গ হৈ যাব।

মাছআলা:৬ কোনো কাৰণত ৰোজা ভঙ্গ হৈ গ’লে বা ৰোজা ৰাখিব নোৱাৰিলেও ইতিকাফ ভঙ্গ হৈ যাব। কাৰণ মাছনূন আৰু ৱাজিব ইতিকাফৰ বাবে ৰোজা ৰখা জৰুৰী।

মাছআলা:৭ জানাযাৰ বাবে মছজিদৰ পৰা ওলালে ইতিকাফ ভঙ্গ হৈ যাব।

সংকলক — সম্পাদক, NE PEACE