জাকাৎ কত আৰু কাক আদায় কৰিব?

Share :

জাকাৎ কত আৰু কাক আদায় কৰিব?

إِنَّمَا ٱلصَّدَقَٰتُ لِلْفُقَرَآءِ وَٱلْمَسَٰكِينِ وَٱلْعَٰمِلِينَ عَلَيْهَا وَٱلْمُؤَلَّفَةِ قُلُوبُهُمْ وَفِى ٱلرِّقَابِ وَٱلْغَٰرِمِينَ وَفِى سَبِيلِ ٱللَّهِ وَٱبْنِ ٱلسَّبِيلِ ۖ فَرِيضَةً مِّنَ ٱللَّهِ ۗ وَٱللَّهُ عَلِيمٌ حَكِيمٌ.

পৱিত্ৰ ক্বুৰআনৰ ছূৰা তৌবাহৰ ৬০ নং আয়াতত মুঠ ৮ প্ৰকাৰৰ ব্যক্তিক জাকাৎ দিয়াৰ কথা বৰ্ণিত আছে:

◾১- দুখীয়া (الفقراء ) ।  সামান্য ধন-সম্পদৰ গৰাকী। অৰ্থাৎ যাৰ নেছাব পৰিমাণৰ (প্ৰায় ৫০ হাজাৰ টকা) ধন-সম্পদ নাই।

◾২- মিছকীন (المساكين) । যাৰ কোনো ধৰণৰ ধন-সম্পদ নাই, যাৰ দ্বাৰা কাপোৰ কানি কিনি গা ঢাকিব পাৰে বা পেটভৰাই খাব পাৰে। আৰু এইখিনি কৰিবলৈ আনৰ সহায় লব লাগে। যেনে–আজিৰ কিছু সংখ্যক মগনীয়া, ভিখাৰী আদি।

◾৩- জাকাত আদায়কাৰী (العاملين) : 

ইচলামী ৰাষ্ট্রৰ ৰাষ্ট্রীয় কোষাগাৰৰ বাবে শৰীয়ত নিৰ্ধাৰিত জাকাৎ আদায়কাৰী অৰ্থাৎ “আ’মিল” । এয়া ইছলামী ৰাষ্ট্রপ্রধানৰ দ্বাৰা নিযুক্ত হব লাগিব । নিজে নিজে নিৰ্ধাৰণ কৰি ললে নহ’ব। {জাৱাহিৰুল ফিক্ব্হ-৬/৬৯}
  (আজিৰ জাকাত সংগ্ৰহ কৰা লোকৰ বিষয়টো সুকীয়া। ইয়াত আলোচনা কৰা হোৱা নাই।)

◾৪- উৎসাহিত কৰিবলৈ (ٱلْمُؤَلَّفَةِ قُلُوبُهُمْ) :

নমুছলিমসকলৰ ইছলামৰ প্রতি আকৰ্ষণ বৃদ্ধি কৰিবলৈ উৎসাহমূলক জাকাৎ প্রদান।

এই বিধানটি ৰহিত হৈ আছে। সেয়েহে বর্তমান কোনো ধনী নমুছলিমক জাকাৎ প্রদান  কৰা জাইজ নাই। {হিদায়া-১/১৮৪, মাআ’ৰিফুল ক্বুৰআন ৪/১৭১, তফ্ছীৰে মাযহাৰী-৪/২৩৫}

কিন্তু ইছলামিক পাৰ্চনেল লা’বোর্ডৰ সাধাৰণ সম্পাদক মওঃ খালিদ ছাইফুল্লাহ ৰাহমানী চাহেবে উল্লেখ কৰা মতে আজিৰ দিনতো দৰৎ

◾৫- দাসমুক্তিৰ বাবে (الرقاب) :

ইছলামী জীৱন ব্যৱস্থা দাসপ্ৰথাৰ পৰিপন্থী। সেয়ে জাকাতৰ দ্বাৰা দাস মুক্ত কৰিবলৈ সুবিধা দিয়া হৈছে। অৱশ্যে বর্তমান দাসপ্রথা নাই।

কিন্তু বৰ্তমান এই শিতানটি ব্যৱহাৰ কৰিব পাৰি বৰ্তমান জেলত বন্দী হৈ থকা বহুতো নিৰ্দোষী লোকক মুক্তি দিয়াত সহযোগ কৰিবলৈ। কাৰণ আজিৰ দিনত বহুতো নিৰ্দোষী যুৱক আইনী সহযোগিতাৰ অভাৱত জেলৰ অন্ধকাৰ কোঠাত নিজৰ জীৱনৰ লগত যুজঁ দি আছে।


◾৬- ঋণগ্রস্তৰ বাবে (ٱلْغَٰرِمِينَ) :
এনে ঋণগ্রস্তলোক যিসকলে নিজৰ ঋণ পৰিশোধ কৰিবলৈ অক্ষম, আৰু যিসকলৰ ঋণদাতাসকল ঋণ ক্ষমা কৰিবলৈ ইচ্ছুক নহয়।

এই ক্ষেত্ৰত দুটি বিষয় মনত ৰাখিবলগীয়া :

ক) প্ৰথমটো হল-  ঋণগ্রহীতা যাকাত পোৱাৰ উপযুক্ত তেতিয়াহে হব , যেতিয়া তাৰ সম্পত্তিৰ পৰা তাৰ সকলো ঋণ পৰিশোধ কৰি দিয়া হব আৰু তাৰ ওচৰত নিচাব(জাকাতৰ মাপসূচী) ৰ পৰিমাণ  ধন-সম্পত্তি বাকী নাথাকিব।
এই ধৰণৰ ব্যক্তিৰ বাবে নিৰ্দেশ এইযে, প্রথমে তেওঁ মৌলিক প্রয়োজনীয়খিনিৰ বাহিৰে  সকলো সম্পত্তি বিক্রি কৰি ঋণ পৰিশোধৰ চেষ্টা কৰিব, কিন্তু সেয়া যদি যথেষ্ট নহয়, তেতিয়াহলে জাকাতৰ সহায় লব পাৰিব।

খ) দ্বিতীয় গুৰুত্বপূৰ্ণ বিষয়টো হল, ব্যক্তিজন বৈধ কামৰ বাবে ঋণ লোৱা হব লাগিব। যদি সি অবৈধ কামৰ বাবে ঋণ লৈছিল, তেন্তে তাক সাহায্য কৰা উচিত নহব। যেতিয়ালৈকে সি অনুতপ্ত হৈ তৌবাহ নকৰে আৰু পুনৰাবৃত্তি নকিৰব বুলি শপথ নলয়। এনে হলে জাকাতৰ দ্বাৰা সহায় কৰিব পাৰি।
(তাফছীৰ কুৰতুবী : ৮ ؍১৮৩)

বর্তমান যুগত ইয়াৰ এক উপযুক্ত উদাহৰণ হল, বেংকৰ পৰা লোৱা সূতযুক্ত ঋণ। , এনে লোকক তেতিয়াহে সাহায্য কৰা উচিত, যেতিয়া সিহঁত অনুতপ্ত হৈ তৌবাহ কৰি লব।
আনকি এই তৌবাহ আৰু পুনৰাবৃত্তি নকৰাৰ শপতনামা লিখিত হোৱাহে ভাল।

দুর্ভাগ্যবশত, এক শ্ৰেণীয়ে আজিৰ দিনত বেংকৰ পৰা এনেভাৱে ঋণ লোৱা আৰম্ভ কৰিছে যে সিহঁতে ঋণক নিজৰ আমদানি তথা লাভালাভৰ উৎস বুলিহে গণ্য কৰে। সিহঁতে ঋণৰ দ্বাৰা নিজৰ খাহিশ্ব আৰু লেকামহীন আশাৰ জুইকুৰা নুমাবলৈ চেষ্টা কৰে আৰু অপ্ৰয়োজনীয়ভাৱে যধে মধে খৰছ কৰি ঋণৰ বোজা বৃদ্ধি কৰি থাকে। এনে লোক সহায়, সাহায্যৰ পৰিৱৰ্তে সতৰ্কতা আৰু সংশোধনৰহে যোগ্য।

◾৭- আল্লাহৰ ৰাস্তাত (في سبيل الله) :

সৃষ্টিকৰ্তা মহান আল্লাহৰ ৰাস্তাত থকা, তেওঁৰ বাবে কাম কৰা ব্যক্তিসকলৰ বাবে । ইয়াৰ আকৌ বিভিন্ন ধৰণ হব পাৰে :
      ক) ইছলামী ৰাষ্ট্ৰৰ সৈনিকসকলক যুদ্ধৰ আহিলাপাতি আৰু ৰছদপাতি ক্ৰয় কৰিবলৈ।
      খ) হজ্বৰ ভ্ৰমণত থকা দৰিদ্ৰ ব্যক্তিৰ বাবে।
      গ) ইলমে দ্বীন বা ইছলামী শিক্ষা অর্জনকাৰী দৰিদ্ৰ ব্যক্তিৰ/ ছাত্ৰ ছাত্ৰীৰ বা।
{আদ দুুৰৰুল মুখতাৰ-৩৪৩, হিদায়া-১/১৮৫, ৰুহুল মাআ’নী-৬/৩১৩}

◾৮- ভ্ৰমণৰত ব্যক্তিক  (إبن السبيل) :

যদিও ঘৰত টকা-পইচা আছে, কিন্তু কোনো ঘৰৰ বাহিৰত, ছফৰ অৱস্থাত অসহায় হৈ পৰিছে, তাক জাকাতৰ টকা দিব পাৰিব।

উপৰোক্ত শ্ৰেণীৰ লোকসকলক জাকাৎ  দিলেহে আদায় হ’ব। অন্য কাৰোবাক জাকাৎ দিলে সেয়া আদায় নহ’ব । ফুক্বাহায়ে কেৰামে জাকাৎ আদায়ৰ বাবে এটি চৰ্তৰ কথা উল্লেখ কৰিছে যে , জাকাতৰ টকাৰ মালিক বনাই দিব লাগিব  দান কৰা ব্যক্তিজনক । যদি মালিক বনাই দিয়া নহয় , তেনেহ’লে জাকাৎ আদায় নহব।

◼️  আত্মীয় স্বজনক জাকাৎ দিয়া :

মাছআলাহ-১:
আত্মীয়-স্বজন যদি জাকাৎ গ্রহণৰ উপযুক্ত হয়  তেনেহ’লে তেওঁলোককেই  জাকাৎ দিয়াটো উত্তম। ভাই,ভনী , ভতিজা, ভাগিন , খুৰা , মামা, পেহী , মাহী আৰু অন্যান্য আত্মীয়সকলক জাকাৎ দিব পৰা যাব।
(মুছান্নাফ  আব্দুৰ ৰাজ্জাক  হাদীছ ৭১৬০,৭১৬১,৭১৬৪,৭১৭১; মুছান্নাফ ইবনে আবী শ্বায়বা ৬/৫৪২-৫৪৬

আদায় কৰাৰ সময়ত জাকাতৰ কথা উল্লেখ নকৰি মনে মনে জাকাতৰ নিয়্যত কৰিলেও জাকাৎ আদায় হৈ যাব। বৰঞ্চ কেতিয়াবা উল্লেখ নকৰাই শ্ৰেয়। নহলে জাকাতৰ সাহাৰ্য বুলি গ্ৰহণ কৰিব নিবিচাৰিব।

মাছআলাহ-২:  নিজৰ পিতৃ-মাতৃ, ককা-আইতা, (দাদা দাদী, নানা নানী) আজুককা  ইত্যাদি ব্যক্তিবর্গ যিসকল জাকাতদাতাৰ জন্মৰ  উৎস তেওঁলোকক নিজৰ জাকাৎ দিয়া জাইজ নাই । তদ্রূপ নিজৰ ল’ৰা-ছোৱালী , নাতি-নাতিনী আৰু সিহঁতৰ অধস্তন সন্তান-সন্ততিক নিজৰ সম্পদৰ জাকাৎ দিয়া জাইজ নাই ।  সমান্তৰালকৈ স্বামী-স্ত্রীয়ে পৰস্পৰে পৰস্পৰক জাকাৎ দিয়া জাইজ নাই। (ৰদ্দুল মুহতাৰ ২/২৫৮)

◾ মাছআলাহ-১:
শহুৰ- শাহুক জাকাৎ দিয়া জাইজ আছে যদি তেওঁলোক  জাকাৎ লোৱাৰ উপযুক্ত হয়। ( বুখাৰী শ্বৰীফ হাদীছ /১৪৬২; ফাৎহুল বাৰী ৩/৩২৯;)

বৰঞ্চ এই ধৰণৰ নিকটাত্মীয় লোকক জাকাৎ দিলে  দ্বিগুণ ছাৱাব পোৱা যায়।
(তিৰমিযী শ্বৰীফ হাদীছ ৬৫৮; ইবনু মাজাহ হাদীছ ১৮৪৪; মিশ্বকাত হাদীছ /১৯৩৯))

◾ আদায় নহব-২ :

ধনবান লোকক জাকাৎ দিয়া-
যি ব্যক্তিৰ ওচৰত  জাকাতৰ উপযোগী সম্পদ অর্থাৎ সোণ-ৰূপ, টকা-পইচা, ব্যৱসায়িক পণ্য ইত্যাদি নেছাব পৰিমাণ আছে সেই ব্যক্তি শ্বৰীঅ’তৰ দৃষ্টিত ছাহিবে নেছাব। তাক জাকাৎ দিয়া জাইজ নাই ।

তদ্রূপ যি ব্যক্তিৰ ওচৰত জাকাতৰ উপযোগী সম্পদ নেছাব পৰিমাণৰ নাই কিন্তু অন্য ধৰণৰ সম্পদ য’ত জাকাৎ নাহে যেনে ঘৰৰ আচবাবপত্ৰ পৰিধেয় বস্ত্র, জুতা, ঘৰুৱা সামগ্রী ইত্যাদি প্রয়োজন সা-সামগ্ৰী অতিৰিক্ত আৰু নেছাব পৰিমাণৰ  আছে তেনে ব্যক্তিকো জাকাৎ দিয়া জাইজ নাই। (মুছান্নাফ আব্দুৰ ৰাজ্জাক হাদীছ ৭১৫৬)

◾ আদায় নহব-৩ :

দ্বীনদাৰ লোকক জাকাৎ দিয়া –
জাকাতৰ টকা এনে দ্বীনদাৰ দৰিদ্র ব্যক্তিক দিয়া উত্তম। যদি দ্বীনদাৰ নহয় আৰু জাকাৎ লোৱাৰ উপযুক্ত তেনেহ’লে তাকো জাকাৎ দিব পৰা যাব।  কিন্তু যদি প্রবল ধাৰণা হয় যে, জাকাতৰ টকা দিয়া  হ’লে ব্যক্তিজনে সেই টকা গুনাহৰ কামত  খৰচ কৰিব তেনেহ’লে  তাক জাকাৎ দিয়া জাইজ নাই ।

◾ আদায় নহব-৪ :

জাকাতৰ যিহেতু পৱিত্ৰ ক্বুৰআনৰ নিৰ্দেশ মতে কেৱল ৮ টা। সেয়ে কেৱল সেই ৮ টা স্থানতেই জাকাতৰ ধন খৰছ কৰিব লাগিব।  আৰু কোনো অমুছলিমক জাকাৎ দিলে আদায় নহ’ব।

কিন্তু নিশ্চয় অন্যান্য, নফল আদি দান বৰঙণিৰ দ্বাৰা অমুছলিমকো সহায় কৰিব পৰা যাব, বৰঞ্চ সহায় সহযোগিতাৰ প্ৰয়োজন। -(মূল কথাখিনি – মুছান্নাফ আব্দুৰ ৰাজ্জাক  হাদীছ  ৭১৬৬,৭১৬৭, ৭১৭০; মুছান্নাফ ইবনে আবী শ্বায়বা ৬/৫১৬-৫১৭)

◾ আদায় নহব-৫ :

জনকল্যাণমূলক কামত জাকাৎ দিয়া-
জাকাতৰ  টকা জাকাতৰ হক্বদাৰসকলৰ ওচৰত  পৌঁছাই দিব লাগিব । জাকাতৰ নির্ধাৰিত শিতানত ব্যয় নকৰি  অন্য কোনো জনকল্যাণমূলক কামত ব্যয় কৰিলে  জাকাৎ আদায় নহ’ব । যেনে ৰাস্তা-ঘাট, দলং নির্মাণ কৰা , কুঁৱা-নাদ আদি খনন কপা, বিদ্যুত-পানী ইত্যাদি।

◾ আদায় নহব-৬ :
  জাকাতৰ টকাৰ  দ্বাৰা মছজিদ-মাদ্ৰাছা নির্মাণ কৰা, ইছলাম প্রচাৰ, মুআজ্জিনৰ দৰ্মহা দিয়া, ৱাজ মেহফিল কৰা , দ্বিনী কিতাপ -পুস্তক ছপোৱা  ইছলামী মিডিয়া তথা ৰেডিঅ’- টিভিৰ  চেনেল কৰা ইত্যাদিও জাইজ নহয়।

◾ আদায় নহব-৭ :
জাকাৎ আদায় হোৱাৰ বাবে চৰ্ত হল, উপযুক্ত ব্যক্তিক মালিক বনাই দিয়া । যাতে ব্যক্তিজনে নিজৰ নিজৰ ইচ্ছামতে নিজৰ প্রয়োজন পূৰণ কৰিব পাৰে। এনেকুৱা নকৰি যদি জাকাতদাতাই নিজৰ ইচ্ছামতে  দৰিদ্র মানুহৰ কোনো প্রয়োজনত টকাখিনি খৰছ কৰে যেনে , তাৰ ঘৰ মেৰামতি কৰি দিলে, টয়লেট স্থাপন কৰি দিলে কিংবা পানী বা বিদ্যুতৰ ব্যৱস্থা কৰিলে তেনেহ’লে জাকাৎ আদায় নহ’ব। (ৰদ্দুল মুহতাৰ ২/২৫৭)

নিয়ম হ’ল, জাকাতৰ টকা  দৰিদ্র ব্যক্তিৰ মালিকানাযত দি দিয়া। ইয়াৰ পিছত যদি ব্যক্তিজনে নিজৰ ইচ্ছামতে এইবিলাক কামত ব্যয় কৰে তথাপিও জাকাতদাতাৰ জাকাৎ যাকাত আদায় হৈ যাব ।

◾আদায় নহব-৮ :
জাকাতৰ টকাৰে কামৰ পাৰিশ্ৰমিক দিয়া

ঘৰৰ বনকৰা ল’ৰা-ছোৱালীক বা ব্যক্তিক জাকাৎ দিয়া জাইজ আছে  যদি সিহঁত জাকাৎ গ্রহণৰ উপযুক্ত হয়। কিন্তু কামৰ পাৰিশ্রমিক( দৰ্মহা বা হাজিৰা)  হিচাপে জাকাতৰ টকা দিলে জাকাৎ আদায় নহব।

◼️ ভুলক্ৰমে ধনী মানুহক জাকাৎ দিয়া :

কোনো ব্যক্তিক জাকাতৰ উপযুক্ত বুলি ভাবি তাক জাকাৎ দিয়া হল, কিন্তু পৰৱৰ্তী সময়ত গম পোৱা গ’ল যে, মানুহজনৰ নেছাব পৰিমাণ  সম্পদ আছে তথাপিও জাকাৎ  আদায় হৈ যাব । পুনৰ জাকাৎ দিব নালাগে। কিন্তু যাক জাকাৎ দিয়া হৈছে তেওঁ যদি জানিব পাৰে যে, এয়া জাকাতৰ টকা আছিল তেনেক্ষেত্ৰত তাৰ ওপৰত সেই টকা উভতাই দিয়া ৱাজিব।

সাৰকথা হ’ল জাকাতৰ টকা  হক্বদাৰকেই দিব লাগিব। অন্য কোনো ভাল শিতানত  ব্যয় কৰিলেও জাকাৎ আদায় নহ’ব।
(মুছান্নাফ আব্দুৰ ৰাজ্জাক হাদীছ- ৬৯৪৭,৬৯৪৮, ৭১৩৭,৭১৭০)

সংকলন : মুফতী ছাদিকুৰ ৰহমান কাছিমী, কলম গোট, ইচৰা

সম্পাদনা : এম ইউছুফ কাছিমী, সম্পাদক