হুছেইন ইবনে আলী (আৰবি: حُسين بن علي بن أبي طالب) আছিল ইছলামৰ সর্বশেষ খলিফা বিখ্যাত চাহাবী হজৰত আলী ইবনে আবি তালিব আৰু সৰ্বশেষ নবী মুহাম্মদ ছাঃ কন্যা ফাতিমা জাহৰাহ ৰাঃ পুত্র, তথা হাচান ইবন আলী ছাঃ ৰ কনিষ্ঠ ভাতৃ।
হজৰত হুছেইন ৰাঃ আহল বায়েত বা নবী মুহাম্মদৰ পৰিয়ালৰ সদস্য হিচাপে ইছলামী ইতিহাসৰ এজন বিশেষ গুৰুত্বপূর্ণ ব্যক্তি। হাদীছত তেওঁৰ বহুত ফজিলতো উল্লেখ আছে।
নাম- হুছেইন ইবনে আলী ৰাঃ।
উপনাম- আবু আব্দুল্লাহ
মৃত্যুৰ পৰৱৰ্তী নাম- আবুল আহৰাৰ(স্বাধীনতাৰ পিতা)।
জন্ম- ০৩ শ্বাবানা, ০৪ হিজৰী। ০৮ জানুৱাৰী, ৬২৬ খ্রিষ্টাব্দ।
জন্মস্থান- মদিনা, চৌদি আৰব।
মৃত্যু- ১০ মহৰম, ৬১ হিজৰী। ১০ অেক্টোবৰ ৬৮০ খ্রিষ্টাব্দ।
দফন আৰু কবৰ- ইমাম হুছেইন ৰাঃ সৌধ, কাৰবালা, ইৰাক।
পিতৃ- আলী ইবনে ত্বালিব ৰাঃ।
মাতৃ- ফাতিমা বিনতে মুহাম্মদ ছাঃ।
জীৱনকাল:
– ৭ বছৰ নিজৰ নানা মুহাম্মদ ছাঃ ৰ লগত।
– ৭ বছৰ তেওঁৰ মাতৃ ফাতিমা-ৰ লগত।
– ৩৬ বছৰ তেওঁৰ পিতৃ আলী-ৰ লগত।
– ১১ বছৰ নুজৰ ভাতৃ হাচান ইবন আলী ৰাঃ ৰ লগত।
পত্নী :
শ্বাহ জানান বিনতে য়াজদাজৰাদ।
ৰুবাব বিনতে ইমৰাউল ক্বাইচ।
উম্মে ইচহাক্ব ইবনে ত্বালহাহ।
লাইলাহ বিনতে উৰৱাহ।
সন্তান :
আলী আকবৰ ৰাঃ।
আলী আওচাত ৰাঃ
আলী আছগ্বৰ ৰাঃ।
জাফৰ ৰাঃ।
চাকীনাহ ৰাঃ।
ফাতিমা ৰাঃ।
যয়নব ৰাঃ।
খাওলাহ ৰাঃ।
ছাফিয়া ৰাঃ।
হজৰত হুছেইন ৰাঃ ৰ ফজীলত আৰু মৰ্যদা :
◾ আহলে বাইত (নবী ছাঃ ৰ পত্নীসকল, হজৰত আৰু তেখেতৰ সতি সন্ততি; ফাতিমা আৰু তেখেতৰ পতি হজৰত আলী ৰাঃ। লগতে হজৰত হাছান ৰাঃ ,আৰু হুছেইন ৰাঃ আদি।) ৰ ফজিলত সম্পর্কে মহান আল্লাহ বলেছেন,
‘হে নবী-পৰিয়ালৰ সদস্যবৰ্গ! আল্লাহ পাকে কেৱল তোমালোকৰ অপবিত্রতা দূৰ কৰিব আৰু তোমালোকক পূৰ্ণভাৱে পৱিত্ৰ কৰিব বিচাৰে।’ (ছূৰা আহজাব : ৩৩)।
এই আয়াত হুছেইন ৰাঃ আৰু আহলে বাইতৰ সন্দৰ্ভত অৱতীৰ্ণ হৈছে। (মুছলিম – ২৬২২/৬১)
◾ প্রিয় নবী (ছাঃ ) এবাৰ উল্লেখ কৰিছে,‘হুছেইন মোৰ পৰা, আৰু মই হুছেইনৰ পৰা। আল্লাহে সেই সকলক ভাল পাওক যিসকলে মোৰ হুছেইনৰ ভাল পায়। হুছেইন মোৰ বংশৰ এটি বংশ।’ (তিৰমিজী- ৩৭৭৫, ইবন মাজাহ)।
◾হজৰত আবু চাইদ খুদৰী (ৰাঃ) ৰ পৰা বর্ণিত, তেখেতে কৈছে, ৰাচূলুল্লাহ (ছাঃ) ফৰমাইছে :‘হাচান-হুচেইন (ৰাঃ) জান্নাতী যুৱক সকলৰ নেতা।’ ( তিৰমিজী-৩৭৮১, নাচাঈ-৪৫২৫)।
◾ অন্য এটি হাদীছত আছে, ৰাচূলুল্লাহ (ছাঃ) কৈছে: মোৰ আহলে বাইতৰ মর্যাদা নূহ নবীৰ জাহাজৰ আৰোহীৰ দৰে।’(মুচনাদে আহমদ)।
◾সিহঁত দুজন (হাছান আৰু হুছেইন ৰাঃ) পৃথিৱীৰ পৰা মোৰ দুটি ফুল হয়। (ছহী বুখাৰী- ৩৭৫৩)
◾এই দুজন (হাচান, হুছেইন ৰাঃ) মোৰ পুত্ৰ আৰু নাতিনী। হে মোৰ আল্লাহ! মই এই দুজনক ভাল পাওঁ। তুমিও ইহঁতক ভালা পাবা। আৰু যিসকলে এই দুজনক ভাল পাব, সিহঁতকো তুমি ভাল পাবা। ( তিৰমিজী – ৩৭৬৯)।
◾ এবাৰ বিখ্যাত চাহাবী হজৰত আমৰ ইবনে আছ ৰাঃ পৱিত্ৰ কা’বা ঘৰৰ ছাঁত বহি আছিল। হঠাতে সমুখেদি হজৰত হুছেইন ৰাঃ ক অহা দেখি কলে :
’’ھذا أحب أھل الأرض إلٰی أھل السماء الیوم‘‘ এইজন ব্যক্তি আকাশবাসীৰ ওচৰত, ভূমিবাসীৰ মাজত আটাইতকৈ প্ৰিয় ব্যক্তি। ( তাৰিখে দিমশ্বক্ব- ১৪/১৮১)
◾ হজৰত আবু বকৰ ৰাঃ কৈছে,
’’ارقبوا محمدًا ﷺ في أھل بیتہ‘‘ মুহাম্মদ ছাঃ ভালপোৱা, মৰম তেখেতৰ পৰিয়াল(আহলে বাইত) ত অনুসন্ধান কৰা। (ছহী বুখাৰী – ৩৭৫১)