মহৰম মাহ আৰু দশম মহৰম।

Share :

১.) মহৰম মাহ:


মহৰম মাহৰ নামাকৰণৰ পৰাই প্রতীয়মান হয় তাৰ ফজিলত আৰু তাৎপৰ্য । আৰবী বর্ষপঞ্জিৰ প্রথম মাহ মহৰম মাহ । মহৰম শব্দৰ অর্থ অলঙ্ঘনীয়, মর্যাদাপূর্ণ, তাৎপর্যপূর্ণ। যিহেতু অনেক ইতিহাস-ঐতিহ্য, ৰহস্যময় তাৎপর্য নিহিত হৈ আছে এই মাহত ।ইয়াৰ লগে লগে এই মাহত যুদ্ধ-বিগ্রহ সম্পূর্ণৰূপে নিষিদ্ধ আছিল । এয়াই মাহটোৰ নাম ৰখাৰ মূল কাৰণ ।

১.১) ইছলামৰ পূৰ্বে এই মাহৰ তাৎপৰ্য :
এই মাহৰ ফজিলত আৰু গুৰুত্ব প্ৰাকইছলামৰ পৰাই প্ৰতিয়মান হৈ আহিছে। আৰববাসী এই মাহত সকলো ধৰণৰ কাজিয়া, যুদ্ধ আদিৰ পৰা আতঁৰি থাকিছিল, আৰু আনকো বিৰত ৰাখিছিল ।আৰু সকলো ১০ মহৰমৰ দিনা ৰোজা ৰাখিছিল । ক্বুৰাইশ্বসকলে এই মাহৰ ১০ তাৰিখে আল্লাহৰ পৱিত্ৰ ঘৰ কা’বা ৰ কাপোৰ সলাই নতুন কাপোৰ পৰিধান কৰাইছিল।

১.২) ইছলামত মাহটোৰ তাৎপৰ্য :

ইছলামত মাহটোৰ ফজিলত পূৰ্ণ আৰু তাৎপৰ্যপূৰ্ণ হোৱাৰ চাৰিটা কাৰণ :

১.২.১) দ্বীনে ইছলামৰ বিধানতো পূৰ্বৰ দৰে মহৰম মাহৰ সকলো ফজিলত প্ৰতিয়মান হৈ আছে । মহৰম সম্পর্কে (যি মাহ আশ্বহুৰে হুৰুমেৰ অন্তর্ভুক্ত তথা নিষিদ্ধ ) পবিত্র কোৰআনত বর্ণিত আছে :
” নিশ্চয় আল্লাহৰ বিধান আৰু গণনাত মাহৰ সংখ্যা ১২, যিদিনাৰ পৰা তেওঁ সকলো আকাশ আৰু পৃথিবী সৃষ্টি কৰিছে । তন্মধ্যে চাৰিটা হল সম্মানিত মাহ, এয়াই সুপ্রতিষ্ঠিত বিধান। গতিকে তোমালোক এই মাহবোৰৰ সম্মান বিনষ্ট কৰি নিজৰ প্রতি অত্যাচাৰ নকৰিবা ।” (ছুৰা তৌবা: ৩৬)

অর্থাৎ সৃষ্টিৰ সূচনালগ্নৰ পৰাই আল্লাহ পাকে ১২ টা মাহ নির্ধাৰণ কৰি দিয়ে । আৰু চাৰিটা মাহ বাকী ৮ মাহৰ তুলনাত অধিক তাৎপর্যপূর্ণ আৰু গুৰুত্বপূৰ্ণ । ইয়াৰ বিস্তাৰিত বর্ণনা হজৰত আবু হুৰাইৰা (ৰাঃ)ৰ পৰা বর্ণিত, হাদিছ এই ধৰণে উল্লিখিত আছে, নবী কৰীম (ছাঃ ) ইৰ্শ্বাদ :

” এক বছৰ ১২ মাহ । ইয়াৰ চাৰি মাহ বিশেষ তাৎপর্য অধিকাৰী । তাৰ মাজত তিন মাহ ধাৰাবাহিকভাবে (অর্থাৎ জিলকদ, জিলহজ আৰু মহৰম) আৰু চতুর্থ মাহ মুজৰ গোত্রৰ ৰজব মাহ। (বোখাৰী : ৪৬৬২, মুছলিম : ১৬৭৯।)

১.২.২) হাদীছ শ্বৰীফত এই মাহৰ ফজিলত আৰু গুৰুত্ব বৰ্ণনা কৰা হৈছে –
ছহী হাদীছৰ বিখ্যাত গ্ৰন্থ তিৰমিজী ত উল্লেখিত হাদীছ এটাত নবী ছঃ এ, এজনৰ প্ৰশ্নৰ উত্তৰত বৰ্ণনা কৰিছে : ৰমজান মাহৰ পিছত আটাইতকৈ তাৎপৰ্যপূৰ্ণ আৰু ফজিলতপূৰ্ণ ৰোজা হল, মহৰম মাহৰ ৰোজা । কাৰণ এই মাহ আল্লাহৰ মাহ। একে বিষয় মুছলিমতো উল্লেখ আছে ।
(মুছলিম – হাদীছ : ২৮১৩) অৰ্থাৎ ইছলামত ৰমজানৰ পিছত আটাইতকৈ তাৎপর্যপূর্ণ ৰোজা হল, ১০ মহৰমৰ ৰোজা।

১.২.৩) তিৰমিজীৰ হাদীছ এটিত মহৰম মাহক আল্লাহৰ মাহ বুলি কোৱা হৈছে । এয়াই মাহটোৰ ফজিলতৰ বাবে যথেষ্ট ।
১.২.৪) চতুৰ্থ কাৰণ হল- মহৰম মাহ হল ইছলামী বৰ্ষৰ প্ৰথম মাহ। সেয়ে ইমাম গাজালী লিখিছে যে, মহৰমৰ প্ৰথম দিনটো ৰোজাৰ দ্বাৰা আৰম্ভ কৰিব লাগে। যাতে গোটেই বছৰ ভালে কুশলে সম্পূৰ্ণ হয়।

১.৩.) মাহটোৰ ছৱাব আৰু গুনাহ :-
সমগ্ৰ মাহ সম্পৰ্কে এতিয়া জানোঁ আহক যে এই মাহত কি কি কৰণীয় আৰু বৰ্জনীয় আছে।কৰণীয়খিনি কৰিলে আৰু বৰ্জনীয়খিনি বৰ্জন কৰিলে নিশ্চয়, গুনাহৰ পৰা মুক্ত হব পাৰিব, আৰু ছৱাব অৰ্জন কৰি নবী ছঃ, আৰু তেখেতৰ নাতিনীয়েক ইমাম হুছেইন ৰাঃ ৰ প্ৰেমী বুলি দাবী কৰিব পাৰিব । চমুকৈ আলোচনা কৰা হল।

১.৩.১) মাহটোৰ কৰণীয় :
হাদীছৰ সমূহ কিতাপ অধ্যয়ন কৰিলে এই মাহত কেৱল দুই ধৰণৰ আমল কৰিবলগীয়া পোৱা যায় —


ক) নফল ৰোজা। অৰ্থাৎ গোটেই মাহত ৰোজা ৰাখিব পাৰে । বিশেষকৈ ছুন্নত হিচাপে ১০ মহৰমৰ লগতে তাৰ পূৰ্বে বা পিছত মিলাই দুটা ৰোজা ৰাখিব লাগে। (মুছলিম ) মহৰম মাহৰ ৰোজা সম্পর্কে অনেক বিশুদ্ধ হাদিছ বর্ণিত আছে । বিশেষভাবে আশ্বূৰা , অর্থাৎ মহৰম ১০ তাৰিখত ৰোজা ৰখাৰ ফজিলত সম্পর্কে বিভিন্ন হাদিছ উল্লেখ আছে । এটি হাদীছে প্ৰমাণ কৰে যে , ৰমজান মাহৰ ৰোজা ফৰজ হোৱাৰ পূৰ্বে দহ মহৰমৰ ৰোজা উম্মতে মুহাম্মদীৰ ওপৰত ফৰজ আছিল । পৰৱর্তী সময়ত অবশ্যে সেই বিধান সলনি হৈ নফলত পৰিণত হয়। হজৰত ইবনে আব্বাচ (ৰাঃ) সূত্ৰত বর্ণিত- হজৰত ৰাছুলুল্লাহ ছাঃ আশ্বূৰা আৰু ৰমজানৰ ৰোজা সম্পর্কে যিভাবে গুৰুত্ব প্রদান কৰিছিল , অন্য কোনো ৰোজা সম্পর্কে তেনে গুৰুত্বাৰোপ কৰা নাছিল । (সহিহ বুখাৰী / মুছলিম )


খ) নিজৰ পৰিয়াল, ঘৰত মুক্তমনে খৰচ কৰা। হাদীছত আছে, এনে ব্যক্তিক আল্লাহ পাকে স্বচ্ছলতা প্ৰদান কৰিব । ( চুনানুল বাইহাকী )

১.৩.২) মাহটোৰ বৰ্জনীয় :-
ক/ মূৰ্তিযুক্ত জুলুচ আৰু তাজিয়া ওলোৱা, বা তাত অংশগ্ৰহণ কৰা। আৰু শৰীৰ ৰক্তাক্ত কৰি শোক প্ৰকাশ কৰা ।
খ/ বিশেষ খিছিৰিৰ ব্যৱস্থা কৰা ।
গ/ পানী বা চৰবতৰে “ছাবীল ” ব্যৱস্থা কৰা ।
ঘ/ ঢোল পেঁপা, তৰোৱাল আদি লৈ মূৰ্তি সাইলাখ নিৰ্মাণ কৰি জুলুচ আৰু সমদল উলিওৱা বা তাত অংশগ্ৰহণ কৰা।
ঙ/ অন্ধবিশ্বাস — শাক পাচলি, মাছ আদি খাব নোৱাৰি। বিবাহৰ কাম সম্পন্ন কৰিব নোৱাৰি।

সাধাৰণতে এইবোৰে হজৰত হুছেইন ৰাঃ স্বহীদ হোৱাত ঢোল পেঁপা বজাই ফূৰ্তিহে কৰা হে বুজাব। আৰু এইবোৰৰ ইছলামত কোনো স্থান নাই।

২) আশ্বূৰা (দশম মহৰম)ৰ ইতিহাস আৰু তাৎপৰ্য :

২.১) ভূমিকা :
ওপৰত সমগ্ৰ মাহটোৰ বিষয়ে আলোচনা কৰা হৈছে। ইয়াত বিশেষকৈ মহৰমৰ দহ তাৰিখ সম্পৰ্কে আলোকপাত কৰা হৈছে। জানি থলে যথেষ্ট উপকৃত হব, আৰু আমল কৰিলে নিশ্চয় নিজৰ সমাজখনত অলপ হলেও পৰিৱৰ্তন আনিবলৈ সক্ষম হব। মহৰম মাহ সম্মানিত হোৱাৰ বিশেষ এটি কাৰণ হল- আশ্বূৰা (মহৰম ১০ তাৰিখ )। এই বসুন্ধৰা ঊষালগ্নৰ পৰাই আশ্বূৰাৰ দিনত সংঘটিত হৈছিল অনেক ঐতিহাসিক ঘটনা আৰু হৃদয়বিদাৰক কাহিনী। এটাই প্রসিদ্ধ ভ্ৰান্তিৰ অপনোদন অনেকেই নুবুজি অথবা ভ্রান্ত প্ৰৰোচনাত পৰি বিশ্বাস কৰে যে : আশ্বূৰাৰ ঐতিহ্য, কেৱল হজৰত ৰাসূলুল্লাহ (ছাঃ)ৰ প্রিয়তম দৌহিত্র, জান্নাতৰ যুৱকসকলৰ নেতা হজৰত হুছেইন (ৰাঃ )ৰ শ্বাহাদত, তথা নবী ছঃৰ পৰিয়ালৰ কেইজনমান সম্মানিত সদস্যৰ ৰক্তত ৰঞ্জিত কাৰবালাৰ ইতিহাসেই হয়। অথচ বাস্তবতা ইয়াৰ সম্পূর্ণ বিপৰীত । বৰঞ্চ আশ্বূৰাৰ ঐতিহ্যৰ স্বীকৃতি প্রাচীনকালৰ পৰাই দিয়া হৈছে । হজৰত হুছেইন (ৰাঃ) ৰ মর্মান্তিক শ্বাহাদাতৰ ঘটনাৰ বহু আগৰ পৰাই থেকেই ১০ মহৰম বিভিন্ন তাৎপর্যপূর্ণ আৰু ৰহস্যপূৰ্ণ দিন। কাৰণ কাৰবালাৰ যুদ্ধ সংঘটিত হয় ৬১ হিজৰী, ১০ মহৰম দিনা । আৰু আশ্বূৰাৰ ৰোজাৰ প্রচলন চলি আহিছে ইছলাম আবির্ভাৱৰ বহুকাল আগৰ পৰাই । এটা কথা অনস্বীকার্য যে, আবহমানকালৰ পৰাই আশ্বূৰাৰ দিনা সংঘটিত বিভিন্ন ঘটনা যেনেকৈ অপৰিসীম গুৰুত্বপূর্ণ , তেনেকৈ হিজৰী ৬১ বৰ্ষত আশ্বূৰাৰ দিনা কাৰবালাৰ ময়দানত দুঃখজনক ঘটনাও মুছলিম জাতিৰ বাবে অতিশয় হৃদয়বিদাৰক তথা বেদনাদায়ক। প্রতিবছৰে আজিৰ দিনটো আমাক এই দুঃখজনক ঘটনা স্মৰণ কৰাই দিয়ে । আৰু এয়াও বাস্তব যে এই ঘটনাক সঠিকভাবে মূল্যায়ন কৰিব নোৱাৰি আজিৰ দিনত অনেকেই ভ্রষ্টতা আৰু কুসংস্কাৰৰ অন্ধকাৰত নিমজ্জিত। যিসকলে কাৰবালাৰ মর্মান্তিক ঘটনাকক বেদনাৰে স্মৰণ কৰে , সেইসকলে কেতিয়াবা চিন্তা কৰিছেনে যে কি কাৰণত হজৰত হুছেইন (ৰাঃ ) কাৰবালাৰ ময়দানত অকাতৰে নিজৰ মূল্যবান জীবন বিলীন কৰি দিছিল । ১০ মহৰমৰ ইতিসাহ তথা বিখ্যাত হোৱাৰ কাৰণসমূহ জানি লওঁ আহক:

২.২) ইতিহাসৰ পাতত ১০ মহৰম :

◼️ আজিৰ দিনতে মহান সৃষ্টিকৰ্তা আল্লাহ পাকে আকাশ,সূৰ্য্য, চন্দ্ৰ, কলম(লৌহে মহফূজৰ) আদি কৰি সমগ্র জগত সৃষ্টি কৰিছিল ।
◼️ এই দিনতে কেয়ামত অনুষ্টিত হব।
◼️ হজৰত আইয়ুব (আঃ) কঠিন ৰোগৰ পৰা মুক্তি পাইছিল।
◼️ আজিৰ দিনটোত হজৰত ঈছা (আঃ) জন্মগ্রহন কৰিছিল।
◼️ হজৰত দাউদ (আঃ) আল্লাৰ পৰা ক্ষমা লাভ কৰিছিল।
◼️ হজৰত ছুলাইমান (আঃ) তাৰ হেৰুৱা ৰাজত্ব পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।
◼️ হজৰত ইউনুছ (আঃ) মাছৰ পেটৰ পৰা ৪০ দিন পিছত মুক্তি লাভ কৰিছিল।
◼️ হজৰত ইয়াকুব (আঃ) তেখেতৰ হেৰুৱা পুত্র হজৰত ইউছুফ (আঃ)ক ৪০ বছৰ পিছত বিচাৰি পাইছিল ।
◼️ ফেৰাউনৰ স্ত্রী বিবি আছিয়াই শিশু মুছা(আঃ)ক লালন পালনৰ বাবে গ্রহন কৰিছিল।
◼️ মহা প্লাবনৰ সময়ত হজৰত নূহ (আঃ) ৰ নাওঁ তাৰ অনুসৰণকাৰী সকলক লৈ জুদি পাহাড়ৰ পাদদেশত আহি থামিছিল।
◼️ এই দিনত স্বেৰসাৰী ইয়াজিদ বাহিনীয়ে হজৰত ইমাম হুছেইন (ৰা:) ৰ পৰিয়ালৰ সকলোকে কাৰবালাৰ মৰু প্রান্তত নির্মমভাবে স্বহীদ কৰিছিল।
◼️ আজিৰ দিনতে আল্লাহ পাকে মানৱ জাতিৰ প্ৰথম পিতৃ হজৰত আদম আঃ ক মাটিৰে সৃষ্টি কৰিছিল।হজৰত ইব্ৰাহীম আঃ নমৰূদৰ জুইৰ পৰা মুক্তি লভিছিল আৰু “খলীলুল্লাহ” উপাধি অৰ্জন কৰিছিল।
◼️ হজৰত ইউছুফ আঃ ইজিপ্তৰ জেলৰ পৰা মুক্তি লাভ কৰি ইজিপ্ত চৰকাৰৰ কৃষি আৰু বিত্ত বিভাগৰ দ্বায়িত্বভাৰ অৰ্জন কৰিছিল ।
◼️ হজৰত মূছা আঃ আৰু তেওঁৰ ক্বৌম বনি ইছৰাইল ফিৰআউনৰ সৈন্যবাহিনীৰ পৰা নীল নদীৰে পাৰ হৈ মুক্তি লাভ কৰিছিল।
◼️ হজৰত ঈছা ( খৃষ্টানৰ মতে যীশুখ্রীষ্ট) আঃ ক, তেওঁৰ অত্যাচাৰী জাতিৰ ষড়যন্ত্ৰৰ পৰা আকাশলৈ উঠাই লৈছিল।
◼️ প্ৰিয় নবী হজৰত মহম্মদ ছাঃ এ খাদীজা (ৰাঃ) ৰ লগত বিবাহপাশত আবদ্ধ হৈছিল।
◼️ হজৰত আদম আঃ ৰ তৌবা ক্ববুল হৈছিল।

(নুজহাতুল মাজালিছ, মা’ৰিফুল ক্বুৰআন, মা’ৰিফুল হাদীছ)

আল্লাহ পাক আমাক সকলোক ক্বুৰআন আৰু ছুন্নত মতে জীৱন গঢ়িবলৈ তৌফিক দান কৰক ।

পৰৱৰ্তী সংখ্যাত….

এই মাহৰ লগত জড়িত বহুতো ইতিহাস ইছলামৰ লগত জড়িত হৈ আছে । বিশেষকৈ দশম মহৰম অৰ্থাৎ ইমাম হুছেইন ৰাঃৰ স্বাহা (কাৰবালা ৰ ঘটনা ) আৰু ১ মহৰম হজৰত ওমৰ ৰাঃ ৰ মৃত্যু।

এই বিষয়ে জানিবলৈ আগ্ৰহী হলে কমেন্টত প্ৰকাশ কৰিব।

এম ইউছুফ