মহৰম মাহ সম্পৰ্কীয় কেইটামান হাদীছ।

أَفْضَلُ الصِّيَامِ بَعْدَ رَمَضَانَ شَهْرُ اللَّهِ الْمُحَرَّمُ، وَأَفْضَلُ الصَّلاَةِ بَعْدَ الْفَرِيضَةِ صَلاَةُ اللَّيْل
অৰ্থঃ ৰমজানৰ পিছত আটাইতকৈ উত্তম ৰোজা হ’ল আল্লাহৰ মাহ মহৰমৰ ৰোজা। আৰু ফৰজ নামাজৰ পিছত উত্তম নামাজ হ’ল ৰাতিৰ নামাজ। (ছহীহ মুছলিম, হাদীছ নং ১১৬৩)

শিক্ষা- ৰাছুল ﷺ এ মহৰমক ‘আল্লাহৰ মাহ’ বুলি কৈছে। এয়ে একমাত্ৰ মাহ যিটোক আল্লাহৰ লগত সম্বন্ধ কৰা হৈছে।

قَدِمَ النَّبِيُّ ﷺ الْمَدِينَةَ فَرَأَى الْيَهُودَ تَصُومُ يَوْمَ عَاشُورَاءَ فَقَالَ: مَا هَذَا؟ قَالُوا: هَذَا يَوْمٌ صَالِحٌ، هَذَا يَوْمٌ نَجَّى اللَّهُ بَنِي إِسْرَائِيلَ مِنْ عَدُوِّهِمْ، فَصَامَهُ مُوسَى. قَالَ: فَأَنَا أَحَقُّ بِمُوسَى مِنْكُمْ، فَصَامَهُ، وَأَمَرَ بِصِيَامِهِ

অৰ্থাৎঃ নবী ﷺ মদীনালৈ আহি দেখিলে ইহুদীসকলে আশুৰাৰ দিনা ৰোজা ৰাখিছে। তেওঁ সুধিলেঃ এইটো কি?সিহঁতে ক’লেঃ এইটো ভাল দিন। এই দিনা আল্লাহে বনী ইছৰাঈলক শত্ৰুৰ পৰা মুক্তি দিছিল, গতিকে মুছা (আঃ) য়ে ৰোজা ৰাখিছিল। তেওঁ ক’লেঃ মুছা (আঃ) ৰ ওপৰত মই তোমালোকতকৈ বেছি হকদাৰ। তাৰ পিছত তেওঁ নিজে ৰোজা ৰাখিলে আৰু ৰাখিবলৈ নিৰ্দেশ দিলে। (ছহীহ বুখাৰী, হাদীছ নং ২০০৪, ছহীহ মুছলিম, হাদীছ নং ১১৩০)

صِيَامُ يَوْمِ عَاشُورَاءَ أَحْتَسِبُ عَلَى اللَّهِ أَنُ يُكَفِّرَ السَّنَةَ الَّتِي قَبْلَهُ

অৰ্থাৎঃ আশুৰাৰ দিনৰ ৰোজাৰ বিষয়ে মই আল্লাহৰ ওচৰত আশা কৰোঁ যে তেওঁ ইয়াৰ দ্বাৰা আগৰ এবছৰৰ গুনাহ মাফ কৰি দিব। (ছহীহ মুছলিম, হাদীছ নং ১১৬২)

لَئِنْ بَقِيتُ إِلَى قَابِلٍ لَأَصُومَنَّ التَّاسِعَ

অৰ্থাৎঃ যদি মই অহা বছৰলৈ জীয়াই থাকোঁ, তেন্তে নিশ্চয় নৱম তাৰিখেও ৰোজা ৰাখিম। (ছহীহ মুছলিম, হাদীছ নং ১১৩৪)

ইবনে আব্বাছ (ৰাঃ)য়ে কৈছেঃ ৰাছুল ﷺ এ আশুৰাৰ লগত ৯ মহৰম বা ১১ মহৰম মিলাই ৰাখিবলৈ কৈছিল।(মুছনাদে আহমদ, হাদীছ নং ২১৫৪ — শ্বেইখ শ্বুআইব আৰ্নাউত-হাছান)

إِنَّ دِمَاءَكُمْ وَأَمْوَالَكُمْ وَأَعْرَاضَكُمْ عَلَیکم حَرَامٌ، كَحُرْمَةِ يَوْمِكُمْ هَذَا، فِي شَهْرِكُمْ هَذَا، فِي بَلَدِكُمْ هَذَا

অৰ্থাৎঃ নিশ্চয় তোমালোকৰ তেজ, তোমালোকৰ সম্পদ, তোমালোকৰ সন্মান তোমালোকৰ ওপৰত হাৰাম — যেনেকৈ তোমালোকৰ এই দিনটো, এই মাহটো, এই চহৰখন সন্মানিত। (ছহীহ বুখাৰী, হাদীছ নং ৬৭, ছহীহ মুছলিম, হাদীছ নং ১৬৭৯)

ইবনে আব্বাছ (ৰাঃ)ৰ তাফছীৰ- হাৰাম মাহত গুনাহ কৰিলে শাস্তি বেছি, নেকী কৰিলে ছোৱাবো বেছি। (তাফছীৰ ইবনে কাছীৰ, ছুৰা তৌবাহ ৯:৩৬ ৰ তাফছীৰ)

لَيْسَ مِنَّا مَنْ لَطَمَ الْخُدُودَ، وَشَقَّ الْجُيُوبَ، وَدَعَا بِدَعْوَى الْجَاهِلِيَّةِ*

অৰ্থাৎঃ যিয়ে গাল চপৰিয়ায়, কাপোৰ ফালে, আৰু জাহেলিয়াতৰ মাত মাতে, সি আমাৰ দলভুক্ত নহয়। (ছহীহ বুখাৰী, হাদীছ নং ১২৯৪, ছহীহ মুছলিম, হাদীছ নং ১০৩)

মহৰম মাহত দ্বীনৰ নামত ভেজালৰ আমদানি কৰা সকলৰ বাবে তলত উল্লিখিত হাদীছটি অতি গুৰুত্বপূৰ্ণ।

مَنْ أَحْدَثَ فِي أَمْرِنَا هَذَا مَا لَيْسَ مِنْهُ فَهُوَ رَدّ

অৰ্থাৎঃ যিজনে আমাৰ এই দ্বীনৰ ভিতৰত নতুন কিবা সংযোজন কৰে যিটো ইয়াৰ অংশ নহয়, সেয়া প্ৰত্যাখ্যাত।
(ছহীহ বুখাৰী, হাদীছ নং ২৬৯৭, ছহীহ মুছলিম, হাদীছ নং ১৭১৮)

জানিবলগীয়াঃ হুছাইন (ৰাঃ) ৬১ হিজৰীত শ্বহীদ হৈছিল। ৰাছুল ﷺ ৰ ইন্তেকাল হৈছিল ১১ হিজৰীত। ছাহাবায়ে কেৰাম, তাবেঈন, তাবে-তাবেঈন — কোনেও আশুৰাত মাতম কৰা নাছিল। তাজিয়া, মাতম ৪০০ বছৰ পিছত বুয়িহ শাসনকালত আৰম্ভ হৈছিল।

এই মাহত কৰণীয় অথবা ছুন্নত আলমসমূহঃ
৯+১০ বা ১০+১১ মহৰমৰ ৰোজা ধৰা (মুছলিমঃ ১১৩৪)
অইন মাহতকৈ তুলনামূলকভাৱে তৌবাহ, ইস্তিগফাৰ, ছদকা বেছিকৈ কৰা (তৌবাহ ৯:৩৬)
আত্মীয়ৰ খবৰ লোৱা (মুছলিমঃ ১৬৭৯)
কুৰআন তিলাৱত, দৰুদ পাঠ (মুছলিমঃ ১১৬৩)

এই মাহৰ বৰ্জনীয় অথবা বিদআত আমলসমূহ।
মাতম, তাজিয়া (বুখাৰীঃ ১২৯৪) মহৰমক ‘শোকৰ মাহ’ বনোৱা (বুখাৰীঃ ২৬৯৭)
বিয়া-বাৰু হাৰাম বুলি ভবা (হজৰত আলী (ৰাঃ) ৰ বিয়া মহৰম মাহত হৈছিল)
মহৰমৰ বিশেষ নামাজ বনোৱা বিদায়াত (মুছলিমঃ ১৭১৮)

সংগ্রহঃ হাফিজ মৌলানা দেলুৱাৰ খান বিন আব্বাছ খান
ইমামঃ শিলা আঞ্চলিক জামে মছজিদ, বৰপেটা।

Leave a Comment