হজৰত মোহাম্মদ (চঃ)ৰ ফটো কিয় নাই? ধৰ্মতাত্বিক আৰু বৈজ্ঞানিক দৰ্শন।

হজৰত মহম্মদ (ছঃ)ৰ ছবি/ফটো কিয় নাই?
মানৱ ইতিহাসৰ এক সুদীৰ্ঘ আৰু চিৰাচৰিত পৰম্পৰা হৈছে কোনো মহান ব্যক্তিৰ স্মৃতিক ধৰি ৰাখিবলৈ তেওঁৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা বা ছবি অংকন কৰা। কিন্তু এই
ধাৰাটোৰ সম্পূৰ্ণ ওলোটা হোৱা দেখা যায় ইছলাম ধৰ্মৰ ক্ষেত্ৰত। সমগ্ৰ বিশ্বৰ কোটি কোটি মুছলমানৰ নয়নৰ মণি, শেষ পয়গম্বৰ হজৰত মহম্মদ (ছঃ)ৰ কোনো ছবি বা ভাস্কৰ্য্যৰ অস্তিত্ব ইতিহাসত নাই। কেৱল নবীজনেই নহয়, ইছলামিক আধ্যাত্মিকতাত সৃষ্টিকৰ্তা বা কোনো পবিত্ৰ সত্তাৰ দৃশ্যমান ৰূপায়ণক কঠোৰভাৱে বাৰণ কৰা হৈছে।
বৰ্তমানৰ এই দৃশ্য-নিৰ্ভৰ (Visual-dominated) পৃথিৱীখনত, য’ত চকুৰে দেখা পোৱা ছবিয়েই সকলো, তাত প্ৰথম চাৱনিতে এই বিষয়টো আধুনিক মনস্তত্ত্বৰ বাবে এক ডাঙৰ কৌতূহলৰ কাৰণ হ’ব পাৰে। কিন্তু চকুৰ সন্মুখত কোনো দৃশ্যমান ছবি নোহোৱাকৈও বিগত প্ৰায় পোন্ধৰ শ বছৰ কেনেকৈ তেওঁ বিশ্বৰ কোটি কোটি মানুহৰ অন্তৰত আটাইতকৈ প্ৰাণৱন্ত আৰু প্ৰিয় ব্যক্তিত্ব হিচাপে জীয়াই আছে?
ইয়াৰ আঁৰত থকা গভীৰ ধৰ্মতাত্ত্বিক দৰ্শন, মনস্তাত্ত্বিক দিশ আৰু যুক্তিনিষ্ঠ দলিলসমূহ পৰ্যালোচনা কৰিলে ইয়াৰ সাৰ্বজনীন সৌন্দৰ্য্য আৰু সময়োপযোগিতা প্ৰতিভাত হৈ পৰে।

১/ তৌহিদৰ সুৰক্ষা আৰু ব্যক্তিপূজাৰ বিলোপ সাধনঃ
ইছলামৰ মূল দৰ্শন হৈছে ‘তৌহিদ’ বা সৰ্বশক্তিমান আল্লাহৰ একত্ববাদ। সৃষ্টিকৰ্তা নিৰাকাৰ আৰু অতুলনীয়; তেওঁক কোনো মানৱীয় কল্পনাৰ ফ্ৰেমত আবদ্ধ কৰিব নোৱাৰি। হজৰত মহম্মদ (ছঃ) আল্লাহৰ প্ৰেৰিত পুৰুষ (ৰাছুল)হে আছিল। আল্লাহ নাছিল।
ইতিহাস সাক্ষী আছে যে, মানুহে
প্ৰথমে শ্ৰদ্ধাৰ পৰা কাৰোবাৰ ছবি বা মূৰ্তি বনায়, কিন্তু কালক্ৰমত সেই শ্ৰদ্ধা অন্ধভক্তিলৈ ৰূপান্তৰিত হয় আৰু মানুহজনে নিজেই আল্লাহ (ভগৱান) ৰ আসন লাভ কৰে।
নবী (ছঃ)ই নিজৰ জীৱনকালতে এই বিপদৰ উমান পাইছিল। সেইবাবেই তেওঁ কঠোৰ সাৱধানবাণী শুনাই গৈছিল। পবিত্ৰ বুখাৰী শ্বৰীফৰ হাদীছত বৰ্ণিত হৈছে, নবী (ছঃ)ই কৈছিল:

“খ্ৰীষ্টানসকলে মৰিয়মৰ পুত্ৰ (ঈছা/যীচু)ক লৈ যিদৰে অতিৰঞ্জন কৰিছিল, তোমালোকে মোক লৈ তেনে নকৰিবা। মই কেৱল আল্লাহৰ এজন বান্দা। গতিকে তোমালোকে মোক আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল বুলি কবা।” (চহীহ বুখাৰী: ৩৪৪৫)

প্ৰতিচ্ছবি নিষিদ্ধকৰণৰ জৰিয়তে ইছলামে মানৱ সমাজক ব্যক্তিপূজাৰ পৰা মুক্ত কৰি কেৱল এক নিৰাকাৰ পৰম সত্যৰ উপাসনাৰ পিনে ধাৱমান কৰাৰ এক সুদূৰপ্ৰসাৰী ধৰ্মতাত্ত্বিক দলিল দাঙি ধৰিছে।

২/ চিত্ৰাংকন আৰু মূৰ্তি নিৰ্মাণৰ সন্দৰ্ভত ধৰ্মীয় দলিল (হাদীছৰ প্ৰমাণ)
প্ৰতিচ্ছবি বা ছবি সংৰক্ষণৰ বিৰুদ্ধে ইছলামিক শ্বৰীয়তৰ নিৰ্দেশনা অতি স্পষ্ট। হজৰত মহম্মদ (ছঃ)ৰ কেইবাটাও হাদীছত জীৱিত বস্তুৰ ছবি অংকন বা মূৰ্তি গঢ়াৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে, যাতে ই মানুহক অহংকাৰ আৰু আল্লাহৰ সৃষ্টিৰ সৈতে প্ৰতিযোগিতা কৰাৰ মানসিকতাৰ পৰা আঁতৰাই ৰাখে।

  • প্ৰথম দলিল: আব্দুল্লাহ ইবনে মাছউদ (ৰা:)ৰ পৰা বৰ্ণিত, নবী (ছঃ)ই কৈছে— “নিশ্চয় কিয়ামতৰ দিনا আল্লাহৰ ওচৰত সেইসকল লোকৰ শাস্তি আটাইতকৈ কঠিন হ’ব, যিসকলে (জীৱন্ত বস্তুৰ) ছবি বা মূৰ্তি তৈয়াৰ কৰে।” (চহীহ বুখাৰী: ৫৯৫০)
  • দ্বিতীয় দলিল: আবু তালহা (ৰা:)ৰ পৰা বৰ্ণিত, নবী (ছঃ)ই কৈছিল— “সেই ঘৰত (ৰহমতৰ) ফিৰিস্তাসকল প্ৰৱেশ নকৰে, যি ঘৰত কুকুৰ আৰু (জীৱন্ত বস্তুৰ) ছবি বা মূৰ্তি থাকে।” (চহীহ বুখাৰী: ৩২২৫)
    এই ধৰ্মীয় নিৰ্দেশনাসমূহৰ বাবেই মুছলমান সমাজে যুগ যুগ ধৰি চিত্ৰকলাৰ ক্ষেত্ৰত মানৱ শৰীৰৰ পৰিৱেৰ্তে জ্যামিতিক নক্সা (Geometric patterns) আৰু কেলিগ্ৰাফী (আখৰৰ নান্দনিক লিখনশৈলী)ক আদৰি লৈ এক সুকীয়া শিল্পকলাৰ জন্ম দিছে। ৩/ অবয়বৰ সীমাবদ্ধতা বনাম আদৰ্শৰ সৰ্বজনীনতাঃ
    ছবি এখনে সদায় এজন ব্যক্তিক এটা নিৰ্দিষ্ট ভৌগোলিক পৰিচয়, ছালৰ ৰং, আৰু মুখাৱয়বৰ মাজত বন্দী কৰি পেলায়। ধৰক, যদি হজৰত মহম্মদ (ছঃ)ৰ এখন সৰ্বসন্মত ছবি থাকিলহেঁতেন, তেন্তে মানৱ মনৰ সংকীৰ্ণতাৰ বাবেই হয়তো কোনোবা বৰ্ণ বা জাতিৰ মানুহে তেওঁক নিজৰ বুলি অহংকাৰ কৰিলেহেঁতেন আৰু আন বৰ্ণৰ মানুহে দূৰত্ব অনুভৱ কৰিলেহেঁতেন।
    ইছলামে বৰ্ণবাদক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰে। নবী (ছঃ)ৰ কোনো দৃশ্যমান অৱয়ব নথকাৰ বাবেই আজি এজন আফ্ৰিকান কৃষ্ণবৰ্ণৰ মুছলমান, এজন শুভ্ৰবৰ্ণৰ ইউৰোপীয় বা এজন মংগোলীয় মূলৰ এছিয়ান মুছলমানে তেওঁক সমানেই আপোন বুলি বুকুত সাৱটি ল’ব পাৰে। তেওঁ কোনো বিশেষ গোষ্ঠী বা দেশৰ নহয়, তেওঁ সমগ্ৰ বিশ্বৰ বাবে ‘ৰহমত’ বা আশীৰ্বাদ।

৪/ ৰূপৰ ক্ষণভংগুৰতা বনাম চৰিত্ৰৰ চিৰন্তনতাঃ
চকুৰে দেখা ৰূপ এক দৃশ্যমান ভ্ৰম মাত্ৰ, যি সময়ৰ সোঁতত বিলীন হৈ যায়। কিন্তু চৰিত্ৰ আৰু আদৰ্শ চিৰন্তন। হজৰত মহম্মদ (ছঃ) কেনে আছিল, তাৰ বাবে আমাক কোনো ৰঙীন ছবিৰ প্ৰয়োজন নাই। কাৰণ, তেওঁৰ খোজ কঢ়াৰ ধৰণৰ পৰা আৰম্ভ কৰি হাঁহিৰ সৌন্দৰ্য্যলৈকে, তেওঁৰ ক্ষমা, দয়া, আৰু ন্যায়পৰায়ণতাৰ প্ৰতিটো খতিয়ান ইতিহাসৰ বুকুত ‘ছীৰত’ (জীৱনবৃত্ত) আৰু ‘শামায়েল’ (চৰিত্ৰগত বৈশিষ্ট্য) হিচাপে নিখুঁতভাৱে সংৰক্ষিত হৈ আছে।
নবী পত্নী আয়েশ্বা (ৰা:)ক যেতিয়া সোধা হৈছিল যে নবীজনৰ চৰিত্ৰ কেনে আছিল? তেতিয়া তেওঁ কৈছিল— “পবিত্ৰ কোৰ‌আনেই আছিল তেওঁৰ চৰিত্ৰ।” অৰ্থাৎ, এখন ছবিতকৈ তেওঁৰ আদৰ্শ আৰু শিক্ষা বহুত বেছি সজীৱ আৰু প্ৰাণৱন্ত।

সাম্প্ৰতিক সময়ত ইছলামৰ এই ধাৰণাটো অত্যন্ত প্ৰাসংগিক আৰু সময়োপযোগী। বাহ্যিক চকুৰে দেখা পোৱা ছবি এখনতকৈ বিশ্বাসী অন্তৰৰ মণিকোঠাত থকা ভালপোৱা আৰু শ্ৰদ্ধাৰ ছবিখন বহুত বেছি পবিত্ৰ। ইছলামে আমাক শিকালে যে শ্ৰেষ্ঠত্ব মানুহৰ চেহেৰাত নাথাকে, থাকে চৰিত্ৰ আৰু কৰ্মত। সেয়েহে, হজৰত মহম্মদ (ছঃ)ৰ ছবি নথকাটো কোনো ঐতিহাসিক শূন্যতা নহয়, বৰং ই এক কালজয়ী দৰ্শন, যিয়ে ব্যক্তিকেন্দ্ৰিকতাৰ ঊৰ্ধ্বত কেৱল আধ্যাত্মিক পবিত্ৰতা আৰু সাৰ্বজনীন মানৱতাবাদক জীয়াই ৰাখিছে।

লেখকঃ হাফিজ, মৌলানা নুৰ আলম শইকীয়া।

Leave a Comment