‘লাভ জেহাদ’ বিতৰ্ক আৰু ইছলামৰ প্ৰকৃত দৃষ্টিভংগীঃ এক বস্তুনিষ্ঠ বিশ্লেষণ।

সাম্প্ৰতিক ভাৰতীয় সমাজ ব্যৱস্থা আৰু ৰাজনৈতিক প্ৰেক্ষাপটত আটাইতকৈ চৰ্চিত আৰু বিতৰ্কিত শব্দবন্ধটো হৈছে ‘লাভ জেহাদ’। বিশেষকৈ সংবাদ মাধ্যম, সামাজিক মাধ্যম আৰু নিৰ্বাচনী মঞ্চসমূহত এই বিষয়টোক লৈ প্ৰায়ে উত্তপ্ত বাদানুবাদ হোৱা দেখা যায়। একাংশৰ মতে, ই এক সুপৰিকল্পিত ধৰ্মান্তৰকৰণৰ কৌশল; আনহাতে, আন একাংশৰ মতে ই কেৱল এক ৰাজনৈতিক মেৰুকৰণৰ সঁজুলি। এক সুস্থ আৰু ধৰ্মনিৰপেক্ষ সমাজত যিকোনো বিতৰ্কৰ গভীৰতালৈ যোৱাটো অতি প্ৰয়োজনীয়। সেইবাবেই, ‘লাভ জেহাদ’ নামৰ এই সামাজিক ধাৰণাটোৰ সৈতে ইছলাম ধৰ্মৰ প্ৰকৃত দৰ্শন আৰু দৃষ্টিভংগীৰ কতখিনি মিল বা অমিল আছে, তাক কোনো আবেগ বা পূৰ্বগ্ৰহ অবিহনে ধৰ্মীয়, আইনী আৰু মানৱীয় দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰাটো সময়ৰ আহ্বান।

জেহাদৰ প্ৰকৃত অৰ্থ আৰু অপব্যাখ্যাঃ

প্ৰথমতেই বুজিব লাগিব যে, ইছলামিক ধৰ্মশাস্ত্ৰ—পবিত্ৰ কোৰআন বা হাদিছৰ কতো ‘লাভ জেহাদ’ (Love Jihad) নামৰ কোনো শব্দ বা ধাৰণাৰ উল্লেখ নাই। ‘জেহাদ’ (Jihad) এক পবিত্ৰ আৰবী শব্দ, যাৰ আভিধানিক অৰ্থ হৈছে ‘প্ৰচেষ্টা কৰা’, ‘কঠোৰ পৰিশ্ৰম কৰা’ বা ‘অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম কৰা’। ইছলামিক দৰ্শন অনুসৰি, আটাইতকৈ ডাঙৰ জেহাদ হৈছে ‘জেহাদ বিন-নফ্‌ছ’— অৰ্থাৎ নিজৰ অন্তৰৰ কু-প্ৰবৃত্তি, লোভ, হিংসা আৰু অহংকাৰৰ বিৰুদ্ধে কৰা যুদ্ধ। সমাজৰ কল্যাণৰ বাবে কাম কৰা, শিক্ষাৰ বিস্তাৰ কৰা আৰু অন্যায়ৰ প্ৰতিবাদ কৰাটোও জেহাদৰেই অংশ।
আনহাতে, ‘প্ৰেম’ হৈছে মানুহৰ এক স্বতঃস্ফূৰ্ত আৱেগ। ধৰ্মীয় অনুশাসন অনুসৰি, প্ৰেম বা বিয়াৰ নামত কাৰোবাক প্ৰতাৰণা কৰা, মিছা কথা কোৱা বা বিশ্বাসঘাতকতা কৰাটো ইছলামত ‘গোনাহ’ বা মহাপাপ বুলি গণ্য কৰা হয়। গতিকে, পবিত্ৰ ‘জেহাদ’ শব্দটোক প্ৰতাৰণামূলক ধৰ্মান্তৰকৰণৰ সৈতে সাঙুৰি দিয়াটো ধৰ্মীয় পৰিভাষাৰ এক চৰম অপব্যাখ্যা বাদে আন একো নহয়।

ধৰ্মান্তৰকৰণ সম্পৰ্কে ইছলামৰ কঠোৰ নীতি:
‘লাভ জেহাদ’ৰ মূল অভিযোগটোৱেই হৈছে যে ইয়াত প্ৰেমৰ চলেৰে জোৰকৈ ধৰ্ম সলনি কৰোৱা হয়। কিন্তু ইছলামিক চিন্তা-চৰ্চাত বলপূৰ্বক ধৰ্মান্তৰকৰণৰ কোনো স্থান নাই।

পবিত্ৰ কোৰআনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অধ্যায় ‘ছূৰা আল-বাক্বাৰা’ৰ ২৫৬ নম্বৰ আয়াতত অতি স্পষ্টকৈ ঘোষণা কৰা হৈছে— “ধৰ্মৰ ক্ষেত্ৰত কোনো জোৰ-জুলুম বা বাধ্যবাধকতা নাই। নিশ্চয় সত্য পথ অসত্য পথৰ পৰা স্পষ্ট হৈ পৰিছে।”

দ্বিতীয়তে
ইছলামৰ মূল ভেটিটোৱেই হৈছে ‘ঈমান’ বা বিশ্বাস। এই বিশ্বাস অন্তৰৰ পৰা আহিব লাগিব। কোনো ব্যক্তিয়ে যদি কোনো ভয়, প্ৰলোভন, চাপ বা বিয়া কৰোৱাৰ স্বাৰ্থত বাধ্য হৈ ধৰ্ম সলনি কৰে, তেন্তে ইছলামিক শ্বৰীয়ত অনুসৰি সেই ধৰ্মান্তৰকৰণ সম্পূৰ্ণ অবৈধ আৰু আল্লাহৰ ওচৰত ইয়াৰ কোনো গ্ৰহণযোগ্যতা নাই। কাৰোবাক জোৰ কৰি বা প্ৰতাৰণা কৰি ধৰ্মলৈ অনাৰ অধিকাৰ ইছলামে কাকো দিয়া নাই।

বিবাহ (নিকাহ) আৰু সামাজিক সততা:
ইছলামিক সমাজ ব্যৱস্থাত বিবাহক কেৱল এটা জৈৱিক বা আৱেগিক সম্পৰ্ক বুলি ধৰা নহয়, ইয়াক ‘নিকাহ’ অৰ্থাৎ এক পবিত্ৰ আইনী আৰু সামাজিক চুক্তি হিচাপে গণ্য কৰা হয়। এই চুক্তিৰ প্ৰথম চৰ্তই হৈছে সততা। বিয়াৰ বাবে নিজৰ আচল নাম লুকুওৱা, ধৰ্মীয় পৰিচয় গোপন কৰা বা ভুৱা পৰিচয়েৰে সম্পৰ্ক গঢ়ি তোলাটো ইছলামিক আইনৰ দৃষ্টিত এক ডাঙৰ অপৰাধ। ইছলামে সদায় জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে স্পষ্টতা আৰু সত্যবাদিতাক প্ৰাধান্য দিয়ে। ধৰ্মীয় দৃষ্টিকোণৰ পৰা, এগৰাকী মুছলমান পুৰুষ বা মহিলাই এগৰাকী অনা-মুছলমান (যিসকল একেশ্বৰবাদী নহয়) ব্যক্তিক তেতিয়ালৈকে বিবাহ কৰিব নোৱাৰে, যেতিয়ালৈকে তেওঁ নিজৰ স্বতন্ত্ৰ ইচ্ছাৰে ইছলাম ধৰ্ম গ্ৰহণ নকৰে। ইয়াত লুকুৱাই বা চল-চাতুৰিৰে কাম কৰাৰ কোনো অৱকাশ নাই।
ভাৰতীয় আইন আৰু ন্যায়পালিকাৰ মজিয়াতো এই বিষয়টো বহুবাৰ উত্থাপিত হৈছে। ভাৰতৰ বিভিন্ন উচ্চ ন্যায়ালয় আৰু দেশৰ শীৰ্ষ তদন্তকাৰী সংস্থা (যেনে NIA) সমূহে বিভিন্ন গোচৰৰ তদন্তৰ অন্তত স্পষ্ট কৰি দিছে যে ‘লাভ জেহাদ’ বুলি কোনো সংগঠিত অপৰাধৰ অস্তিত্ব বা আইনী সংজ্ঞা আমাৰ দেশৰ আইনত নাই।
আমাৰ ভাৰতীয় সংবিধানৰ ২১ নম্বৰ অনুচ্ছেদে প্ৰতিগৰাকী প্ৰাপ্তবয়স্ক নাগৰিকক নিজৰ পচন্দৰ জীৱনসংগী বাছি লোৱাৰ অধিকাৰ (Right to Choose) দিছে। ঠিক তেনেদৰে, ২৫ নম্বৰ অনুচ্ছেদে ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰিছে। কোনোবাই যদি আইনসংগতভাৱে, কাৰো ধৰ্মীয় অনুভূতিত আঘাত নকৰাকৈ ‘স্পেচিয়েল মেৰেজ এক্ট’ৰ অধীনত বা স্বেচ্ছাই ধৰ্ম সলনি কৰি বিবাহপাশত আৱদ্ধ হয়, তেন্তে তাক অপৰাধ চকুৰে চোৱাটো সংবিধানবিৰোধী।

শেষত
সামাজিক শান্তি আৰু সম্প্ৰীতিৰ স্বাৰ্থত আমি বুজি পোৱা উচিত যে, প্ৰেম বা বিবাহৰ দৰে ব্যক্তিগত সম্পৰ্ক এটাত যদি কোনোবাই প্ৰতাৰণাৰ আশ্ৰয় লৈছে, মিছা মাতিছে বা জোৰ-জুলুম কৰিছে, তেন্তে তেওঁ যি ধৰ্মৰে নহওক কিয়—তেওঁ এজন অপৰাধী। ধৰ্মীয় নীতি বা দেশৰ আইন, দুয়োটা মতেই তেওঁ শাস্তিৰ যোগ্য।
কিন্তু এজন ব্যক্তিৰ অপৰাধক গোটেই ধৰ্মৰ ওপৰত জাপি দি ‘লাভ জেহাদ’ৰ দৰে এক সামূহিক নামাকৰণ কৰাটো কোনো সুস্থ মানসিকতাৰ পৰিচায়ক হ’ব নোৱাৰে। ‘লাভ জেহাদ’ এক আধুনিক ৰাজনৈতিক বিতৰ্ক হ’ব পাৰে, কিন্তু ইছলামৰ পবিত্ৰ আধ্যাত্মিক দৰ্শনৰ সৈতে ইয়াৰ দূৰ-দূৰলৈকে কোনো সম্পৰ্ক নাই। এখন বহুজাতিক আৰু বহুসংস্কৃতিৰ দেশত এনে স্পৰ্শকাতৰ বিষয়সমূহক ৰাজনৈতিক চশমাৰে চোৱাৰ পৰিৱেৰ্তে সততা, মানৱীয়তা আৰু ধৰ্মীয় উদাৰতাৰে চোৱাটোহে যুগৰ দাবী।

✍️ হাফিজ মৌলানা নুৰ আলম শইকীয়া।

Leave a Comment