ইমাম হুছেইন ৰাঃ ৰ শ্বাহাদত কাহিনী : এপিচড-২, পৰ্ব-১

Share :

পৃথিৱীৰ ইতিহাসত আটাইতকৈ নির্মম আৰু হৃদয় বিদাৰক ঘটনা কাৰবালাৰ ময়দানত সংঘটিত হয়ছিল। ৬১ হিজৰী চনৰ ১০ মুহাৰ্ৰমৰ দিনা ইৰাকৰ ফোৰাত নদীৰ পাৰত কাৰবালাৰ ময়দানত ক্ষমতালোভী, পাপিষ্ট, দুশ্চিন্তক ইয়াযিদৰ নির্দয় সেনাবাহিনীৰ হাতত এটুপি পানী বিচাৰি হাবাথুৰী খাই পিপাসু অৱস্থাত জগতৰ ৰহমতস্বৰূপ ৰাছূল চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ প্রাণপ্রিয় দৌহিত্র, হযৰত আলী ৰাঃৰ নয়নমনি, খাতুনে জান্নাত ফাতিমা (ৰাঃ)- ৰ কলিজাৰ টুকুৰা, জান্নাতৰ যুবক সকলৰ চর্দাৰ হুচাইন (ৰাঃ), তেওঁৰ পৰিয়ালৰ সদস্য আৰু আহলে বাইতৰ শুভাকাঙ্খীৰ লগত ৭২ জন চাহাবী শ্বহাদাত বৰণ কৰিছিল। আল্লামা ইকবাল এটি বিখ্যাত উক্তি,


” ইচলাম জিন্দা হোতা হ্যায়,
হৰ কাৰবালা কি বাদ।”


অর্থাৎ কাৰবালাৰ পিছত ইছলাম পূণর্জীবিত হল। আৰু সদায় কাৰবালাৰ দৰে মহা ক্বুৰাবানীৰ পিছতহে ইছলামৰ ডঙ্কা বাজে।
কিন্তু দুঃখজনক হলেও সত্য যে, কাৰবালাৰ প্রসঙ্গ আহিলে মুছলিম সমাজৰে এক শ্রেনীৰ মানুহ প্রখ্যাত চাহাবী কাতিবে ৱহী হযৰত আমীৰ মুআৱিয়া (ৰাঃ) ক দোষাৰোপ কৰি মনগঢ়া কাহিনী ৰচনা কৰে। আকৌ কোনোবা আবেগৰ আতিশয্যত হজৰত আলী (ৰাঃ) ৰ বিষয়ে অতিৰঞ্জিত কথাবোৰ আলোচনা কৰে।
আমি সকলো প্রকাৰৰ অতিৰঞ্জিত আৰু এৰাধৰাৰ উর্দ্ধত গৈ প্রকৃত ইতিহাস জনাৰ মানসেৰে মর্মান্তিক তথা হৃদয় বিদাৰক ঘটনাটি হৃদয়ত ধাৰণ কৰি প্রয়োজনীয় শিক্ষা গ্রহণ কৰিম। এয়াই হ’ব লেখাটিৰ বা শ্বাহাদতে হুছেইন ৰাঃ ৰ প্ৰকৃত ইতিহাস বৰ্ণনা কৰাৰ উদ্দেশ্য।

পটভূমি :

এক:

যি কোনো ঘটনা সংঘটিত হোৱাৰ আৰঁত কিছুমান কাৰণ থাকে। কাৰবালাৰ ঘটনা তথা ইমাম হুচাইন (ৰাঃ)- ৰ শ্বাহাদাতৰ আঁৰতো সুনির্দিষ্ট কিছু কাৰণ আছে। যাক আমি ভালকৈ বুজি পালে বহু কথাই অনুধাৱন কৰিব পাৰিম আৰু ভাল কিছু দিক্ষাও অৰ্জন কৰিব পাৰিম। হিজৰি ৬০ চনৰ ৰজব মাহত প্রিয় নবী চাল্লাল্লাহু আলাইহি ৱাচাল্লামৰ সম্মানিত চাহাবী কাতিবে ৱহী(ঐশ্বৰিক বাণী লিপিবদ্ধ কৰাৰ দ্বায়িত্বত থকা চাহাবী সকলৰ এজন) হযৰত আমীৰে মুআৱিয়া (রাঃ)-ৰ ইন্তেকাল হয়।

ইয়াৰ পূৰ্বে মুআৱিয়া ৰাঃ ৰাজত্বক আৰু শাসনক অধিক ভৱিষ্যতত শক্তিশালী কৰিবলৈ বিভিন্ন ফালৰ পৰা পৰামৰ্শ দিয়া আৰম্ভ কৰে , লগতে সাশনভাৰৰ বিভিন্ন দ্বায়িত্বত থকা চল্লিশজন মান গণ্যমান্য তথা ইছলামী খিলাফতত তীক্ষ্ণ দৃষ্টি ৰখা চাহাবী মুআৱিয়া ৰাঃ ৰ ওচৰত গৈ পৰৱৰ্তী খলিফা বা আমীৰ সম্পৰ্কে আলোচনা কৰি, সেই সম্পৰ্কে নিৰ্দিষ্ট নিৰ্দেশনা দি থৈ যাবলৈ পৰামৰ্শ দিলে। লগতে পৰৱৰ্তী আমীৰুল মু’মিনীন (ইছলামী শাসনৰ প্ৰধান মুৰব্বী ) হিচাপে মুআৱিয়া ৰাঃ ৰ পুত্ৰ ইয়াযীদৰ নামটো প্ৰস্তাৱ কৰি থলে। (তাৰ কোনোবাই ইয়াজিদৰ ব্যক্তিত্ব সম্পৰ্কে অৱগত আছিল, কোনোবা ভালকৈ অৱগত নাছিল।)
যিহেতু ইয়াযীদৰ চাৰিত্ৰিক দিশ পিতা মুআৱিয়া ৰাঃ সমুখত ভালকৈ প্ৰকাশ পোৱা নাছিল। আৰু না শাসনভাৰৰ যোগ্যতাও তেখেতৰ সমুখত ষ্পষ্ট হোৱা নাছিল। গতিকে প্ৰথমাৱস্থাত তেওঁৰ পিছত পৰৱৰ্তী আমীৰ আৰু প্ৰশাসক হিচাপে ইয়াযীদক দ্বায়িত্বভাৰ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে। কিন্তু চাৰিওফালৰ পৰা বাৰম্বাৰ একে পৰামৰ্শ, একে আহ্বান কৰা দেখি, বিশেষ সেই চল্লিশজনীয়া পৰামৰ্শমণ্ডলীৰ ইয়াযীৰ প্ৰশংসা আৰু সন্তজনক মন্তব্যৰ পিছত অৱশেষত মুআৱিয়া ৰাঃ ইয়াযীদক দ্বায়িত্বভাৰ প্ৰদান কৰিবলৈ মান্তি হয়। বিভিন্ন ইতিহাসবিদৰ মতে ইয়াযীদে প্ৰশাসক গাদীত বহিবলৈ নিজৰ ষড়যন্ত্ৰকাৰী গ্ৰুপ এটি প্ৰস্তুত কৰি ৰাখিছিল। যিসকলে সকলো ধৰণে সহযোগিতা আগবঢ়াই আছিল।
পিছত সেই দিন আহিল। হজৰত মুআৱিয়া ৰাঃ জীৱিত কালতেই পৰৱৰ্তী আমীৰ আৰু প্ৰশাসক, নিজৰ উত্তৰাধিকাৰী হিচাপে পুত্ৰ ইয়াযীদৰ নাম ঘোষণা কৰিলে। লগে লগে ইৰাক, বাছৰা, কূফাহ আদিত মূল চহৰবোৰত ঘোষণা কৰি দিয়া হ’ল। আৰু সকলো চহৰবাসীয়ে ইয়াযীৰ হাতত আমীৰ হিচাপে স্বীকাৰ কৰি বাইআত (শপত) গ্ৰহণ কৰে। কেৱল বাকী থাকে হিযাজ অৰ্থাৎ মদিনাহ। য’ত হজৰত হুচাইন ৰাঃ সহ বহু বিজ্ঞ চাহাবীসকল বাসস্থান আছিল।
তেতিয়াও মদিনাহ আছিল ইছলামী শাসন আৰু খিলাফতৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। সেয়ে মুআৱিয়া ৰাঃক পৰামৰ্শ দিয়া হৈছিল যে তেওঁৰ জীৱিত অৱস্থাতেই মদিনাবাসীৰ শপত গ্ৰহণ কৰাই লব লাগে। গতিকে মুআৱিয়া ৰাঃ এ মদিনাহৰ গৱৰ্ণৰ মাৰৱানক নিৰ্দেশ দিলে তাত ঘোষণা কৰি বাসিন্দাসকলৰ শপতনামা লবলৈ। মাৰৱানে শুকুৰবাৰে মছজিদত ঘোষণা কৰি কলে, ইতিমধ্যে হজৰত আবু বকৰ ৰাঃ, হজৰত ওমৰ ৰাঃ ৰ দৰে ইয়াযীদৰ খিলাফতৰ ঘোষণা হৈ গ’ল। গতিকে আপোনালোকেও গ্ৰহণ কৰি বাইআত কৰি লব লাগে। লগে লগে এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয় তাত উপস্থিত আবু বকৰ ৰাঃ ৰ পুত্ৰ আঃ ৰহমানে মাৰৱানক উত্তৰ প্ৰদান কৰি কয় যে,

" আপুনি মিছা কথা কৈছে। পূৰ্বে কেতিয়াও এনেকৈ খলিফা আৰু প্ৰশাসক নিৰ্বাচন হোৱা নাই। এতিয়াৰ দৰে উত্তৰাধিকাৰী হিচাপে নিজৰ পুত্ৰক খলিফা নিৰ্বাচন কৰা হোৱা নাছিল। হজৰত ওমৰ ৰাঃ ও নিজৰ পৰৱৰ্তী খলিফা বাচনি কৰি লবলৈ ছয় জনীয়া গোট এটি গঠন কৰি দি গৈছিল। যিসকলে পৰৱৰ্তী সময়ত সেই দ্বায়িত্ব ভালদৰে পালন কৰিছিল। "

মুঠতে হিজায (মদিনাহ) বাসীয়ে মাৰৱানৰ এই ঘোষণাক অস্বীকাৰ কৰাৰ লগতে ইয়াযীদক খলিফা হিচাপে মানি লব পৰা নাছিল। কাৰণ এই সকলোৰ মতে খলিফা নিৰ্বাচনৰ এই পন্থাও ভুল আছিল আৰু ইয়াযীদ ব্যক্তিজনো খলিফা হোৱাৰ যোগ্য নাছিল।
শেষত মুআৱিয়া ৰাঃ ৫১ হিজৰীত যেতিয়া হজ্ব আদায় কৰিবলৈ মক্কালৈ যাত্ৰা কৰে, তেতিয়া মদিনাত গৈ হজৰত আঈশ্বাহ ৰাঃ ক সাক্ষাৎ কৰে। তাত ইয়াযীদৰ খিলাফতৰ কথা আলোচনা হোৱাত আঈশ্বাহ ৰাঃ এ প্ৰশ্ন কৰে, ‘আপুনি বাইতৰ বাবে জবৰদস্তি কৰি আছে বুলি শুনিছো, সচা নেকি?’ মুআৱিয়া ৰাঃ এ এবোৰক মিছা আৰু অপবাদ বুলি কৈছিল। পিছত আঈশ্বাহ ৰাঃ এ কৈছিল, আপুনি সকলোক আৰু সময় দিয়ক, বুজাই থাকক। লাহে ধীৰে, নম্ৰতাৰে কামবোৰ কৰকচোন। মুআৱিয়া ৰাঃ হজৰত আঈশ্বাহ ৰাঃ ৰ লগত তাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰি মক্কালৈ গৈ গুচি আহে।
মদিনাত থকা সময়ত হজৰত হুছেইন ৰাঃ, আঃ ৰহমান ইবনে আবু বকৰ ৰাঃ, ইবনে ওমৰ ৰাঃ আৰু আব্দুল্লাহ ইবনে জুবাইৰ ৰাঃ আদিৰ দৰে বিজ্ঞ চাহাবাসকলৰ পৰিয়ালবৰ্গৰ লগত মত বিনিময় কৰে। আৰু ইয়াযীদৰ খিলাফতৰ কথা আলোচনা কৰে। মক্কালৈ গৈ মুআৱিয়া ৰাঃ, হজৰত হুচাইন ৰাঃ ৰ বাদে বাকী দুজন চাহাবীৰ লগত পৃথক পৃথককৈ আলোচনাত বহে। কিন্তু সকলো প্ৰচেষ্টা বিফলে যায়। মদিনাৰ চাহাবসকলে কোনো কাৰণতেই ইয়াযীদক পৰৱৰ্তী খলিফা হিচাপে মানি লব পৰা নাছিল। মৃত্যূৰ পূৰ্বে পুত্ৰক ৱছিয়ত (উপদেশ) কৰি থৈ গৈছিল,


“মই ভাবো পিছত ইৰাকবাসীয়ে হুচাইনক তোমাৰ(খিলাফতৰ) প্ৰতিদ্বন্দিতাত থিয় কৰাব। এনেকুৱা হল তুমি যদি সফল হোৱা তেন্তে হুচাইনৰ লগত ক্ষমা কৰি দিবা। “

দুই: মুআৱিয়া ৰাঃ ৰ মৃত্যুৰ পিছত :


চর্ত সাপেক্ষে ইয়াযীদৰ বাবে পূর্বৰ পৰাই মুআৱিয়া ৰাঃ এ বাইয়াত কৰাই ৰাখিছিল । ফলত তেখেতৰ ইন্তেকালৰ পিছত ইয়াযীদ, নিজৰ পিতৃৰ উত্তৰাধিকাৰী সূত্ৰে খলিফাৰ আসনত বহে। ক্ষমতাৰোহণৰ পিছত ইয়াযীদৰ আটাইতকৈ গুৰুত্বপূর্ণ ইচ্ছা আছিল, হজৰত ইমাম হুচাইন ৰাঃ , হজৰত আবদুল্লাহ ইবনে জুবাইৰ আৰু আবদুল্লাহ ইবনে ওমৰ (ৰাদ্বিয়াল্লাহু আনহুম)-ৰ বাইআতৰ নিশ্চয়তা বিধান কৰা। কিয়নো ইয়াযীদ খলীফাৰ স্থলাভিষিক্ত হোৱাটোক প্রথমৰ পৰাই তেওঁলোকে স্বীকাৰ কৰি লোৱা নাছিল। ইয়াৰোপৰি ইয়াযীদৰ মনত আশঙ্কা জাগি উঠিছিল যে , তেওঁলোকৰ কোনোবাই আকৌ খিলাফতৰ দাবী কৰি নবহে তো!
বা সমগ্র হিজাযবাসী তাৰ বিৰুদ্ধে অৱস্থান লৈ কিবা পদক্ষেপ লোৱাৰ আশঙ্কাও তাক যন্ত্ৰণা দিছিল। এয়া কিন্তু ইমাম হোচাইন (ৰাঃ) ক খলীফা নিৰ্বাচনৰ দাবীত ইৰাকত বিদ্রোহৰ দাবানল জ্বলোৱাৰ সম্ভাবনাৰ দৰে নহয়। যিহেতু এয়া কেৱল কিছুমানৰ অপপ্ৰচাৰ আৰু ভুল ধাৰণা। এই সকলো আশঙ্কাৰ কাৰণত ইয়াযীদৰ দৃষ্টিত আটাইতকৈ প্রয়োজনীয় আৰু গুৰুত্বপূর্ণ কামটো আছিল নিজ ক্ষমতাৰ ভেটি শক্তিশালী আৰু নিষ্কণ্টক কৰা। যাৰ বাবে সেই উক্ত ব্যক্তিবর্গৰ আনুগত্য আদায় কৰা জৰুৰি বুলি ভবা হয়।

সেয়ে মদীনাহৰ তেতিয়াৰ গৱর্নৰ ৱালীদ ইবনে উকবাক প্রথমত আমীৰে মুআৱিয়া (ৰাঃ)- ৰ মৃত্যুৰ সংবাদ জনায় আৰু লগে লগে বর্ণিত বিজ্ঞসকলৰ পৰা বাইআত গ্রহণৰ জন্যে অত্যন্ত কঠোৰ নির্দেশ প্রদান কৰে। নির্দেশনামাত ইয়াযীদৰ ভাষ্য আছিল এনে,
‘হুচাইন, আবদুল্লাহ ইবনে ওমৰ আৰু ইবনে জুবাইৰ (ৰাদিয়াল্লাহু আনহুম) ক এনেকৈ বন্ধি কৰা যেন বাইআত নোহোৱা লৈকে মুক্তি নাপায়।’ (ইবনে আছীৰ, ৪/৪)।

মদীনাত মুআৱিয়া (ৰাঃ) ৰ মৃত্যুৰ সংবাদ পোৱাৰ পূর্বে মদীনাৰ গৱর্নৰ ৱলীদ ইয়াযীদৰ ফৰমান পাই বিচলিত হৈ গৈছিল। তেতিয়া তেওঁ কিংকর্তব্যবিমূঢ় হয় আৰু নিজৰ নাইব(উপ গৱৰ্ণৰ) মাৰৱানকৰ লগত এই বিষয়ে পৰামর্শ কৰিলে। মাৰৱান আছিল ৰুঢ় আৰু কঠিন মানসিকতাৰ। তেওঁ পৰামর্শ দিলে, ‘তেওঁলোকৰ তিন জনক মাতি আনক আৰু বাইআতৰ প্রস্তাব দিয়ক। প্রস্তাব গ্ৰহণ কৰিলে, ভালেই , নহলে তেওঁলোকক গ্ৰেপ্তাৰ কৰি শিৰচ্ছেদ কৰক। যদি আপুনি তেনে নকৰে, তেনেহলে সুবিধা নাপাব আৰু।’ পৰামর্শৰ পিছত গৱর্নৰে তেওঁলোকৰ তিনজনৰ ওচৰত দূত প্রেৰণ কৰে। দূত আহি ইমাম হুচাইন আৰু আবদুল্লাহ ইবনে জুবাইৰক (ৰাদিয়াল্লাহু আনহুমা) ক মছজিদত পালে। তেওঁলোকে সংবাদ পাই মাতি পঠিওৱাৰ কাৰণ অনুসন্ধান কৰিব গৈ দূৰদর্শী ইমাম হুচাইন (ৰাঃ) কৈছিল-
‘মই ভাবো যে আমীৰে মুআৱিয়া (ৰাঃ) ৰ ইন্তেকাল হৈছে। পৰামর্শক্রমে কিছু যুবক লৈ তেওঁ গৱৰ্ণৰৰ ওচৰত গল। যুৱসকলক চৰ্ত সাপেক্ষে বাহিৰত অপেক্ষা কৰিব দিলে। আৰু এই কৈ ভিতৰত সোমাই গ’ল যে, ‘মই মাত দিলে বা উচ্চস্বৰে কথা কলে তোমালোক ভিতৰলৈ আহিবা, নহ’লে আহিব নালাগে।’

গৱৰ্ণৰে প্রথমে মুআৱিয়া (ৰাঃ) ৰ মৃত্যুৰ দুঃসংবাদ জনাই ইয়াযীদৰ নির্দেশ জনাই দিলে। ইমাম হুচাইন (ৰাঃ) সমবেদনা জ্ঞাপনপূর্বক কলে, ‘মোৰ দৰে এজন লোকৰ পক্ষে এনেকৈ গোপনভাৱে বাইআত গ্রহণ কৰা শোভনীয় নহয়। প্রকাশ্যে সকললোৰ লগতে বাইআতৰ আহ্বান কৰিলে দেখা যাব।’ (ইবনে আছীৰ, তাবৰী)। এই কথা কৈ তেওঁ তাৰ পৰা ওলাই যোৱাৰ লগে লগে আৰম্ভ হৈছিল চৰম দুঃচিন্তা, ষড়যন্ত্ৰ। এফালে আবদুল্লাহ ইবনে জুবাইৰ (ৰাঃ) নানা কৌশলত গৱৰ্ণৰৰ দূতক এৰাই চলি আছিল। দ্বিতীয় দিনা মক্কালৈ গুচি যায়।

…………………ক্ৰমশঃ

সংকলক- ইচৰা-কলম। সম্পাদনা- এম ইউছুফ কাচিমী (এম.এ., এম.এম,মুফতী)