মুহাম্মদ ছাঃ ৰ দৃষ্টিত সবাতোকৈ নিঃস্ব আৰু অসহায় ব্যক্তি

Share :

সৰ্বকালৰ শ্ৰেষ্ঠ মহাপুৰুষ নবী মুহাম্মদ ছাঃ ৰ দৃষ্টিত সবাতোকৈ নিঃস্ব আৰু অসহায় ব্যক্তি:

সকলোৱে জানে যে, নিঃস্ব বা অসহায় সেইজন ব্যক্তি, যাৰ অর্থ আৰু ধন-সম্পদ নাই। পৃথিৱীত যিসকল ব্যক্তিয়ে অর্থৰ অভাৱত নিজৰ দৈনন্দিন চাহিদা পূৰণ কৰিব নোৱাৰে, সেই সকলেই হৈছে নিঃস্ব বা অসহায়।

কিন্তু ৰাছুলুল্লাহ ﷺ এ এই পৃথিৱীৰ কোনো অভাৱগ্ৰস্ত মানুহক নিঃস্ব বা অসহায় বুলি কোৱা নাই। বৰঞ্চ তেখেতে এনেকুৱা এক শ্ৰেণীৰ মানুহক নিঃস্ব তথা অসহায় বুলি কৈছে, যিসকল সম্পদশালী আৰু ইবাদত কাৰীও। অৰ্থাৎ লোকৰ দৃষ্টিত ধনী হোৱাৰ লগতে পৰ্যাপ্ত পৰিমাণে ইবাদতো কৰে।

তেন্তে প্ৰশ্ন হয়, তেওঁলোক কোন? কোন সেই প্ৰকৃত নিঃশ্ব আৰু অসহায় ব্যক্তি?

এই সম্পৰ্কে হাদিছত আহিছে-

আবু হুৰাইৰা (ৰাঃ) ৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ ﷺ এ কৈছে, তোমালোকে জানানে, মুফলিছ (দেউলীয়া) কোন? 

ছাহাবী সকলে ক’লে হে! ৰাছুলুল্লাহ ﷺ! আমাৰ মাজত মুফলিছ হল সেই ব্যক্তি যাৰ কোনো দিৰহাম (মুদ্রা) নাই, কোনো সম্পদো নাই। (অৰ্থাৎ টকা পইচা একো নাই)

উত্তৰত ৰাছুলুল্লাহ ﷺ এ কলে, মোৰ উম্মতৰ মাজত মুফলিছ সেইসকল ব্যক্তি,

যিসকলে কিয়ামতৰ দিনা ছালাত (নামায), ৰোজা, যাকাত আদি বহু আমলসহ উপস্থিত হব, (কিন্তু) ইয়াৰ লগতে –
তেওঁ কাৰোবাক গালি-গালাজ কৰিছে,
কাৰোবাক তেওঁ অপবাদ দিছে,
কাৰোবাৰ মাল আত্মসাৎ কৰিছে,
কাৰোবাৰ ৰক্ত প্ৰবাহিত (হত্যা) কৰিছে,
কাৰোবাক মাৰধৰ কৰিছে,
(এনে) ইত্যাদি ধৰণৰ অপৰাধসহ তেওঁ উপস্থিত হব।

তেওঁ যেতিয়া বহিব (হিচাপ কিতাপৰ বাবে) আৰু তেওঁৰ নেক আমল (ইবাদত) ৰ পৰা এজন এজনকৈ লৈ যাব (সেই গালি শপনি, আত্মসাৎ আদিৰ বিনিময়ত)।

আৰু এনেকৈ সম্পূৰ্ণ বদলা (বিনিময়) লোৱা শেষ হোৱাৰ পূৰ্বেই যদি তাৰ নেক আমল শেষ হৈ যায়, তেতিয়া সিহঁত (ভুক্তভোগী) ৰ সকলো গুনাহ (কু-কৰ্ম) আনি তাৰ ওপৰত চপাই দিয়া হব (ইবাদতকাৰী ব্যক্তিৰ আমলনামা ত লিখি দিয়া হব) । তাৰ পিছত (পৰিনাম হিচাপে) তেওঁক জাহান্নামলৈ নিক্ষেপ কৰা হব ( তিৰমিজী হাদীছ নং: ২৪১৮)

হাশ্বৰৰ দিনা এনে নিঃসহায় (প্ৰকৃত অসহায়) হোৱাৰ পৰা ৰক্ষা কেনেকৈ?

হাদীছৰ পৰিভাষাত সেই সকল ইবাদতকাৰী ব্যক্তি মহা হিচাপ (হাশ্বৰ) ৰ দিনা এনে পৰিস্থিতিতৰ পৰা ৰক্ষা পাবলৈ কেৱল দুটা সম্পন্ন কৰিব লাগিব –

১। উল্লেখিত অপৰাধৰ পৰা বিৰত থাকিব লাগিব। কাৰণ কেৱল নামাজ, ৰোজা আদি আদায় কৰিলেই, তাক প্ৰকৃত মুছলিম কব পৰা নাযায়। ক্বুৰআন আৰু হাদীছৰ নিৰ্দেশনা মতে, প্ৰকৃত মুছলিম হবলৈ ইছলামৰ মৌলিক ইবাদত আৰু কৰ্তব্যখিনি পালন কৰাৰ লগতে মানৱ সমাজত উপৰোক্ত সকলে বেয়া কৰ্মৰ পৰা আতৰি থাকিব লাগিব।

২। আৰু যদি এনে এইবোৰ অপৰাধ ইতিমধ্যে সংঘটিত কৰিছে, ইতিমধ্যে জড়িত হৈ পৰিছে…, তেন্তে লগে লগেই, অনতি পলমে তাৰ পৰা আল্লাহৰ ওচৰত তৌবাহ কৰি, ক্ষমাপ্ৰাৰ্থী হৈ তাৰ সমাধান কৰা। যাৰ লগত সেই কাণ্ডবোৰ কৰিছে, সিহঁতৰ ওচৰত ক্ষমা খোজা আৰু কিবা প্ৰাপ্য থাকিলে, শীঘ্ৰেই আদায় কৰা।

এই প্রসঙ্গত হাদিছত আহিছে,
ইবনে মাছউদ (ৰা:) ৰ পৰা বর্ণিত, নবী (ﷺ) এ কৈছে-


কিয়ামতৰ দিৱসত পাঁচটা বিষয় সম্পর্কে জবাবদিহি হোৱাৰ পূৰ্বে আদম সন্তানৰ পদদ্বয় আল্লাহ্ তা’আলাৰ ওচৰৰ পৰা আতৰিব নোৱাৰিব:

১. তাৰ জীৱনকাল সম্পর্কে জবাবদিহি-
যে জীৱনটো কেনেকৈ অতিবাহিত কৰিছে।

২. যৌবনকাল সম্পর্কে জবাবদিহি-
যে কি কামত সেয়া বিনাশ কৰিছে।

৩. ধন-সম্পদ উপাৰ্জন সম্পর্কে জবাবদিহি-
কৰ পৰা সেই ধন সম্পত্তি উপার্জন কৰিছে আৰু সেয়া কি কি কামত খৰছ কৰিছে।

৪. ধন-সম্পদ খৰছ সম্পর্কে জবাবদিহি-
ধন সম্পত্তিখিনি কি কি কামত খৰছ কৰিছে।

৫. অৰ্জিত জ্ঞান সম্পৰ্কে জবাবদিহি –
যি জ্ঞান অর্জন কৰিছিল সেই অনুপাতে কি কি আমল কৰিছে, সেয়া কিমানখিনি অনুসৰণ কৰি জীৱন যাপন কৰিছে।
(তিৰমিজী, হাদীছ নং- ২৪১৬)

গতিকে মুছলিম উম্মাহৰ বাবে উচিত, কুৰআন আৰু ছুন্নাহৰ অনুসৰণ তথা অনুকৰণৰ দ্বাৰা দুনিয়াৰ প্রতিটি মুহূর্ত অতিবাহিত কৰা। তেন্তে পৰকালত দেউলিয়া তথা নিঃস্ব হোৱাৰ পৰা ৰক্ষা পোৱা সম্ভৱপৰ হ’ব ইনশ্বাআল্লাহ।

আল্লাহ তাআলাই মুছলিম উম্মাহক পৰকালৰ কঠিন সময়ত দেউলিয়া তথা নিঃসহায় হোৱাৰ পৰা ৰক্ষা পোৱাৰ তাওফিক দান কৰক। লগতে কিয়ামতৰ ময়দানত উল্লেখিত ৫টা প্রশ্নৰ যথাযথ উত্তৰ দিয়াৰ তাওফিক দান কৰক আমিন।

কলম – মওঃ আলী আছগৰ আকন্দ ।
সম্পাদনা – এম ইউছুফ কাছিমী (সম্পাদক, NE PEACE )

1 thought on “মুহাম্মদ ছাঃ ৰ দৃষ্টিত সবাতোকৈ নিঃস্ব আৰু অসহায় ব্যক্তি”

Comments are closed.