স্বাধীনতাৰ ৭৫ বছৰ আৰু আমি : বক্তব্য-১

Share :

বছৰ বছৰ ধৰি আন্দোলনৰ পিছত, লক্ষাধিক দেশবাসীৰ বলিদানৰ পিছত আমাৰ ভাৰতবৰ্ষ বৃটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰিলে। ফলত আমি ভাৰতবাসীয়ে প্ৰতি বছৰে ১৫ আগষ্টৰ দিনা বৰ উলহ-মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰি আহিছো । ভাৰত স্বাধীন হোৱাৰ পিছত ২৬ জানুৱাৰীত দেশৰ গণতান্ত্ৰিক ব্যৱস্থা কাৰ্যকৰী কৰা হল, বিশ্বৰ ভিতৰত আটাইতকৈ দীঘলীয়া সংবিধানখন প্ৰস্তুত কৰা হল আৰু দেশৰ এই সংবিধানে প্ৰতিজন নাগৰিকক প্ৰতিটো ক্ষেত্ৰতেই সম অধিকাৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিলে।

এতিয়া প্ৰতিজন ভাৰতীয়ই স্বাধীনভাৱে উশাহ লব পৰা হৈছিল ।
এতিয়া প্ৰতিজন ভাৰতীয়ৰ বাবে সম অধিকাৰৰ ব্যৱস্থা কৰা হৈছিল ।
এতিয়া কলা বগাৰ পাৰ্থক্য নাইকিয়া হৈ গৈছিল ।
এতিয়া জাতি বৰ্ণৰ কাহিনী পূৰণি হৈছিল।
এতিয়া সকলোৱে কান্ধত কান্ধ মিলাই আগবাঢ়িবলৈ প্ৰস্তুত হৈছিল।
এতিয়া সকলোৱে অনুভৱ কৰিছিল যে আটাইতকৈ বৃহৎ সফল শক্তি হল “হিন্দু-মুছলিমৰ একতা “।

আৰু এইবোৰ সম্ভৱ হৈ উঠিছিল…
হিন্দু-মুছলিম একতাৰ বলত,
স্বাধীন মতলীয়া সৈন্য বাহিনীৰ বলত,
লাখ লাখ প্ৰাণৰ বিনিময়ত,
অশেষ প্ৰচেষ্টাৰ ফলত,
হাজাৰজনে হাজাৰবিধৰ শাস্তি ভোগৰ পিছত ।

এই স্বাধীনতাৰ দাবী কৰাৰ বাবেই হাজাৰ হাজাৰ উলামাক শিৰচ্ছেদ কৰি, গছবোৰত তেওঁলোকৰ মূৰ ওলমাই থৈছিল ।
এই স্বাধীনতাৰ গোন্ধ পাবলৈ হাজাৰ হাজাৰ মাতৃয়ে সন্তানৰ কেচা তেজৰ গোন্ধ সহ্য কৰিছিল।
এই স্বাধীনতাৰ যাত্ৰাৰ বাবেই হাজাৰ হাজাৰ যুৱকে নিজৰ সপোন, ইচ্ছা, সংসাৰ এৰি নিজৰ প্ৰাণ আহুতি দিছিল ।
এই স্বাধীনতা পাবলৈ হাজাৰ হাজাৰ মহিলাই নিজৰ স্বামীক চিৰবিদায় জনাই বিধবা হৈছিল।
এই স্বাধীনতাৰেই ফুল হাতত লবলৈ হাজাৰ হাজাৰ শিশু অনাথ হৈছিল।
তেতিয়া ভাৰতবৰ্ষৰ সকলো ধৰ্মাৱলম্বী লোক ইংৰাজৰ বিৰুদ্ধে একত্ৰিত হৈছিল ।
হিন্দু, মুছলিম, শিখ সকলোৱে মিলি স্বাধীনতাৰ বাবে নিজৰ তন মন ধন সৰ্বস্ব ত্যাগ দিছিল।
এই দেশৰ স্বাধীনতাৰ বাবে যত বহুতো হিন্দু, শিখ, মুছলিমক ফাঁচী দিয়া হৈছিল, তাতে আটাইতকৈ বেছি উলামাসকলে স্বাধীনতাৰ বাবে শ্বহীদ হৈছিল।

হয়…. ইংৰাজ ইতিসাহবিদ মিঃ টামচনে নিজৰ কিতাপত উল্লেখ কৰিছে যেঃ উলামাৰ তেজ অবিহনে এই স্বাধীনতা সম্ভৱ নহলেহেঁতেন।
এফালে শ্বেইখুল হিন্দ মাহমুদুল হাছান, মৌঃ হুছেইন আহমদ মদনী, মৌঃ উবাইদুল্লাহ ছিন্ধী, আতাউল্লাহ শ্বাহ বুখাৰী, মৌঃ কাছিম নানতৱী, মহাবীৰ টিপু চুলতান, খাঁ আব্দুল গাফ্ফাৰ খান, মৌঃ আবুল কালাম আজাদ, শ্বাহ ৱলিউল্লাহ মুহাদ্দিছ দেহলৱী, শ্বাহ আবদুল হক মুহাদ্দিছ দেহলৱী, মহম্মদ আলী জৌহৰ, হাজী ইমদাদুল্লাহ মুহাজিৰ মক্কী, মৌঃ ৰশ্বিদ আহমদ গঙ্গোহী, আশ্বফাকুল্লাহ খান ইত্যাদি

আনফালে স্বাধীনতা আন্দোলনৰ গুৰি ধৰোতা মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, জৱাহৰলাল নেহৰু, চৰদাৰ বল্লভ ভাই পেটেল, গোপীনাথ বৰদলৈ, দেশভক্ত তৰুণ ৰাম ফুকন, শ্বহীদ মঙ্গল পাণ্ডে, শ্বহীদ ভগত সিং, কনকলতা বৰুৱা আদি – স্বাধীনতা ন্দোলনৰ সেই বীৰ পুৰুষসকল যিসকলক ইতিহাসৰ পাতত সদায় সোণালী আখৰেৰে লিখা হব। যিসকলৰ ত্যাগ, বলিদান, আৰু কঠোৰ তথা নিস্বাৰ্থ সংগ্ৰামৰ ফলত আজি আমি স্বাধীন ভাৰতৰ মুক্ত আকাশৰ তলত বাস কৰিবলৈ সক্ষম হৈছো।
ইয়াৰ বাহিৰেও আৰু অসংখ্য স্বাধীনতা সংগ্ৰামীসকল আছে যিসকলৰ কুৰবানী, ত্যাগ, দেশৰ প্ৰতি নিস্বাৰ্থ ভালপোৱা আমাৰ বাবে সদায় স্মৰণীয় হৈ ৰব।

কিন্তু আজি আমি স্বাধীনতাক সন্মান জনাবলৈ পাহৰি গৈছো,
আজি আমি স্বাধীনতা আৰু গণতন্ত্ৰৰ প্ৰতিশ্ৰুতি কৰণীয়খিনি নিজ ভৰিৰে মোহাৰিছো- নিজৰ একতাক নিঃশেষ কৰি,
মানৱতাৰ সৰ্ববৃহৎ অট্টালিকাক চূৰমাৰ কৰি,
আকৌ ক’লা বগাৰ মাজত পাৰ্থক্য কৰি,
পুনৰ ধৰ্ম, জাত-পাতৰ নামত সংঘৰ্ষ সৃষ্টি কৰি,
শাসন আৰু ৰাজনীতিৰ নামত গুণ্ডাগিৰী কৰি,
সাধাৰণ মানুহৰ জীৱন যাপন বিপজ্জনক কৰি….. ।

এনে ঘৃননীয় চক্ৰান্ত আৰু কুকৰ্ম চলি থাকিলে সেই মহান শ্বহীদসকলৰ তেজ অথলে নাযাবনে??
দেশৰ ভৱিষ্যত অন্ধকাৰ আৰু আকৌ দাসত্বৰ ফালে গতি নকৰিবনে ??

সন্মানীয় দৰ্শক মণ্ডলী ! গভীৰকৈ ভাবক!! অন্ধ ভক্তি আৰু দাসত্ব ভাৱ এৰি মুক্ত মনে অলপ চিন্তা কৰক…..

এইবোৰেই যদি কৰিব আছিল,
পুনৰ তেজৰ নদীয়ে যদি বোৱাব আছিল,
ধৰ্ষণ, হত্যা, লুণ্ঠন আৰু কেলেংকাৰী আদিতেই যদি জীৱন কটাব আছিল…
একো নিচিন্তি, নুবুজি গোলামী জীৱনেই যদি যাপন কৰিব আছিল,
ধৰ্ম, জাত বৰ্ণৰ নামত মৰামৰি-কটাকটি কৰিয়েই যদি নিজৰ সকলো উজাৰি দিব আছিল,
“ডিভাইড এণ্ড ৰুল ” মতেই যদি পৰিচালিত হব আছিল …..

তেন্তে পৰাধীনতাৰ শিকলি ছিঙি, স্বাধীনতাৰ আৱাজ দিয়াৰ কি প্ৰয়োজন আছিল?
ইংৰাজৰ পৰা স্বাধীনতা লাভ কৰাৰ কি উদ্দেশ্য আছিল ?
দাসত্বৰ পৰা মুক্তি লাভৰ কি দৰকাৰ আছিল?

প্ৰিয় বন্ধুসকল !!
আমাৰ আপোনাৰ সপোনৰ দেশখনে আৰ্তনাদ কৰিছে, আজি মাতৃভূমি অতি জটিল, সংকটজনক সময় পাৰ কৰি আছে। চাৰিওপিনে নৈৰাজ্য, হত্যা, ধৰ্ষণ, সাম্প্রদায়িক সংঘর্ষ ইত্যাদিয়ে সমাজখন কোঙা কৰি পেলাইছে । স্বাধীনতাৰ ৭৫ বছৰ পিছতো দেশৰ নাগৰিকে নিজৰ নাগৰিকত্বৰ বাবে আন এক আন্দোলন চলাবলৈ বাধ্য হৈছে, দেশৰ প্ৰতিটো জাতিয়েে, জনগোষ্ঠীয়ে, সকলো শ্রেণীয়ে গভীৰভাৱে আজিৰ সময়ত নিজৰ কৰ্তব্য তথা দাায়িত্ব উপলব্ধি কৰা উচিত। আৰু চিন্তা কৰা উচিত যে –

আৰু কিমান ভ্ৰষ্টাচাৰ, লুণ্ঠন আৰু গুণ্ডাবাহিনীৰ ৰাজত্ব চলি থাকিব ?
নেতাবোৰে আৰু কিমান বঞ্চনা, শোষণৰ আশ্ৰয় লৈ, কেৱল মিছা প্ৰতিশ্ৰুতিৰ ফুলজাৰীৰে জনতাাকবুৰ্বক সজাই থাকিব?
আৰু কিমান সমাজৰ অনৈতিকতা, অন্যায়, অত্যাচাৰ, ব্যভিচাৰৰ ফালে পিঠি দি থাকিব ??
আৰু কিমান “বিভাজন কৰ আৰু ৰাজত্ব কৰ” নীতিৰে ৰাজনীতিৰ সুবিধা দি থাকিব??
আৰু কিমান দিন লৈকে মুৰ্খ আৰু অযোগ্যবোৰ দেশৰ নেতা হৈ লুণ্ঠনৰাজ চলাই থাকিব ??

স্বাধীনতাৰ ৭৬ বছৰ পিছত এই ৭৭তম গণতন্ত্ৰ দিৱসত, আমি নিজৰ দেশৰ হকে, দেশৰ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত, দেশৰ উন্নতিৰ প্ৰতিশ্ৰুতিবদ্ধৰে সংকল্পবদ্ধ হোৱাৰ সময় আহি পৰিছে।

(সকলোৱে বেছিকৈ শ্বেয়াৰ আৰু প্ৰকাশ কৰিব পাৰে। স্কুল, মাদ্ৰাছাত বক্তব্য প্ৰদান কৰিব পাৰে ।)

কলম- এম ইউছুফ (এম.এ, এম.এম.)