বক্তব্য-২ : স্বাধীনতাৰ ৭৫ বছৰ আৰু আমি

Share :

(১)

শ্ৰদ্ধাৰ ৰাইজ !

আজি স্বাধীনতা দিৱস উপলক্ষে স্মৃতি সভাত এফালে যদি আমি, মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, ডঃ আম্বেদকাৰ ছাৰ, স্বহীদ ভগত সিং, চৰদাৰ বল্লভ ভাই পেটেল, নেতাজী সুভাষ চন্দ্ৰ বসু আদি মহান স্বাধীনতা সংগ্ৰামী সকলক স্মৰণ কৰিব লাগিব, তেন্তে আনফালে ৰেশ্বমী ৰোমাল আন্দোলনৰ মুখ্য নেতা শ্বেইখুল হিন্দ মওঃ মাহমুদুল হাছান, মওঃ হুছেইন আহমেদ মদনী, মওঃ উবাইদুল্লাহ ছিন্ধী, মওঃ আবুল কালাম আজাদ, হচৰত মোহানি, স্বহীদ আশ্বফাকুল্লাহ খান, মহম্মদ আলী জওহৰ, শ্বৌকত আলী জওহৰ, খান আব্দুল গফ্ফৰ খান, আদি বিজ্ঞ স্বাধীনতা সংগ্ৰামী সকলৰ কথাও আলোচনা কৰিব লাগিব।

ইয়াত, অতিকৈ লজ্জাজনক তথা দূৰ্ভাগ্যজনক যে, এচাম শিক্ষিত ইংৰাজৰ চেলাসকলে Dived and Rule নীতিৰে, সমাজত, দেশৰ প্ৰতিটো বিষয়ত আনকি সংগ্ৰামীসকলৰ ক্ষেত্ৰতো, বিভাজন সৃষ্টি কৰিছে, বা কৰি আছে। আমি জাতি ধর্ম নিৰ্বিশেষে সকলোকে স্মৰণ কৰিব লাগিব, সকলোকে স্বীকৃতি প্ৰদান কৰিব লাগিব, সকলোৰ বাবে দোৱা কৰিব লাগিব।

(২)

প্ৰিয় দৰ্শক! শ্ৰদ্ধাৰ ৰাইজ!

১৮৫৭ চনত, ইংৰাজক খেদিবলৈ প্ৰথম ঐক্যবদ্ধ আন্দোলন হৈছিল। আৰু ১৯৪৭ চনৰ প্ৰাক মুহূৰ্তলৈকে সেই আন্দোলন চলিয়েই থাকিল।
তাৰ পিছত শেষত জোৰদাৰ আন্দোলন হৈছিল ।
হিন্দু-মুছলিম, শিখ-খৃষ্টান,আদি সকলো একত্ৰিত হৈছিল।
তেতিয়া ইংৰাজৰ বিৰুদ্ধে বিভিন্ন সভা সমিতিৰ আয়োজন কৰিছিল ।
পৰিকল্পনা কৰিছিল, সংকল্পবদ্ধ হৈছিল।
সৰু সুৰা মতভেদ আৰু জাত পাত সকলো পাহৰিছিল।

আৰু জপিয়াই পৰিছিল স্বাধীনতাৰ শেষ আন্দোলনত,
লোভী, দালাল, ষড়যন্ত্ৰকাৰী তথা শোষক ইংৰাজক দেশৰ পৰা খেদি পঠাবলৈ,

নিজৰ মাতৃভূমিক নাপাক ছায়াৰ পৰা ৰক্ষা কৰিবলৈ ।
জাতিৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত ঈমানৰ আহ্বানত, কেৱল আৰু কেৱল পৰাধীনতাৰ পৰা স্বাধীন হবলৈ। আৰু অৱশেষত ১৫ আগষ্টৰ দিনা মুক্ত ৰবিৰ কিৰণেৰে দেশবাসী উজলি উঠিছিল।

স্বাধীন ভাৰতৰ হে স্বাধীন নাগৰিকসকল!

আজিও একত্ৰিত হব লাগিব। নিজৰ প্ৰাপ্যৰ বাবে সংগ্ৰাম কৰিব লাগিব । নিৰ্ভিক হৈ মুখ খুলিব লাগিব। জাতি ধর্মৰ মতভেদ ত্যাগ কৰিব লাগিব।
আৰু মাত মাতিব লাগিব-

অন্যায়ৰ বিৰুদ্ধে,
শোষণৰ বিৰুদ্ধে,
অত্যাচাৰৰ বিৰুদ্ধে,
অসহিষ্ণুতাৰ বিৰুদ্ধে,
Dived and Rule ৰ বিৰুদ্ধে।
সমাজত প্ৰচলিত কুসংস্কৃতিৰ বিৰুদ্ধে,
সমাজত প্ৰচলিত মদ জুৱাৰ বিৰুদ্ধে,
সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে।

তেতিয়াহে আমি শান্তিৰে জীয়াই থাকিব পাৰিম, তেতিয়াহে আমি স্বাধীনতাৰ প্ৰকৃত সোৱাদ গ্ৰহণ কৰিব পাৰিম।

(৩)

দেশপ্ৰেমী ৰাইজ !!
আমি পৰাধীনৰ পৰা, বৃটিছৰ পৰা স্বাধীন হোৱাৰ ৭৬ বছৰ হল ঠিকেই, কিন্তু আমি আজিও স্বাধীন হোৱা নাই-
বৃটিছ নীতি Dived and Rule ৰ পৰা।
সাম্প্ৰদায়িক শক্তিৰ পৰা।
সাম্প্ৰদায়িক কাৰ্যকলাপৰ পৰা।
সাম্প্ৰদায়িক চিন্তা ধাৰাৰ পৰা।
দূৰ্নীতিৰ পৰা, ভ্ৰষ্টাচাৰৰ পৰা।
আনৰ শোষণ আৰু লুন্ঠনৰ পৰা।

আজিও…
দেশৰ কোটি কোটি জনগণে প্ৰশ্ন কৰি আছে,
দেশৰ আকাশ পাতালে বাৰে বাৰে সুধি আছে,
দিল্লীৰ লালকিল্লাই চিঞৰি চিঞৰি কৈ আছে,
শ্যামলীৰ যুদ্ধ-পথাৰে জবাবদিহি কৰি আছে,
স্বহীদ সকলৰ আত্মাই বাৰে বাৰে মাত দি আছে ….

যে ৭৬ বছৰ অতিক্ৰম কৰাৰ পিছতো, আজি… আমি কিমান স্বাধীনতা উপভোগ কৰি আছো?
জনসাধাৰণে কিমান স্বাধীনভাৱে কাম কৰিব পাৰিছে?
দেশৰ জনগণে…, কথা কোৱাৰ অধিকাৰ, প্ৰাপ্য অধিকাৰ, সমঅধিকাৰ,
মুক্ত আকাশত চলা ফুৰাৰ অধিকাৰ, ইত্যাদি ইত্যাদি স্বাধীনভাৱে উপভোগ কৰিছে নে?

(৪)

বন্ধুসকল !!!

শেষত আপোনাৰ হৈ, দেশৰ কোটি জনতাৰ হৈ, নিজৰ হৈ এটা কথা কব বিচাৰিম যে,


আজি আমি যি পৰিস্থিতিৰ সন্মুখীন হৈছো,
পৰিৱৰ্তন, আচ্ছে দিনৰ নামত যি ধৰণে মুৰ্খ সাজিছো,
এইবোৰ যদি এনেকুৱাই চলি থাকে,
এনেকুৱাই যদি কথিত গোৰক্ষৰ অত্যাচাৰ চলি থাকে,
এনেকুৱাই যদি গো-হত্যাৰ নামত নিৰীহ
লোকক হত্যা অব্যাহত থাকে,
Dived and Rule নীতিৰে কেতিয়াবা দলিতক,
কেতিয়াবা খৃষ্টানক, কেতিয়াবা মুছলিমক,
কেতিয়াবা আন ধৰ্মাৱলম্বী লোকক……

নানা ধৰণৰ হাৰাশাস্তি কৰা বন্ধ নহয়,
বিভিন্ন পন্থাৰে দমন কৰাৰ ঘৃণনীয় খেল বন্ধ নহয়,
বিজ্ঞানক বৰ্জন কৰি, গোমুত্ৰ আদি অন্ধবিশ্বাসৰ যাত্ৰা বন্ধ নহয়,
দেশৰ গণতন্ত্ৰক ধ্বংস কৰা আৰু দেশৰ সংবিধান নিঃশেষ কৰাৰ বিভিন্ন পৰিকল্পনা বন্ধ নহয়,

তেন্তে দেশবাসীৰ, অচিৰেই আন এক স্বাধীনতা আন্দোলনৰ বাবে প্ৰস্তুত হব লাগিব।

ধন্যবাদ। জয় আই অসম। জয় ভাৰত

কলম- এম ইউছুফ (এম.এ, এম.এম., এফ,ডি)