জুমআহ দিৱস (শুকুৰবাৰ) : ইতিহাস, গুৰুত্ব আৰু বহু কথা

Share :

পৰ্ব-১ : পটভূমি –

আমি যদি মুছলিম ঘৰত জন্ম গ্ৰহণ কৰিছোঁ, আৰু ইছলামী জীৱন ব্যৱস্থা অৱলম্বন কৰি মুছলিম হিচাপেই মৃত্যুবৰণ কৰিব বিচাৰো, তেন্তে নিশ্চয় সকলোৱে ইছলামৰ প্ৰতিটো ব্যৱস্থা, প্ৰতিটি কৰ্ম, প্ৰতিটি নীতি নিয়মৰ ইতিহাস, পটভূমি অধ্যয়ন কৰাৰ প্ৰয়োজন আছে। যে কোনো ব্যৱস্থা কেতিয়া, কেনেকৈ আৰম্ভ হল ইত্যাদি ইত্যাদি…. । আহক আজি সপ্তাহিক ঈদ শুক্ৰবাৰ অৰ্থাৎ জুমআ বাৰ বা জুমআ দিৱস সম্পৰ্কে জানোঁ।

আল্লাহ তাআলাই নিজৰ কুদৰতৰ দ্বাৰা সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰিছে আৰু ইয়াৰে কিছুমানক আন কিছুমানতকৈ শ্ৰেষ্ঠত্ব প্ৰদান কৰিছিল।এই দৰেই সৃষ্টিকৰ্তাই সাত দিন সৃষ্টি কৰিছে আৰু আন দিনতকৈ শুকুৰবাৰক শ্ৰেষ্ঠতা প্ৰদান কৰিছে।

◼️ পৱিত্ৰ কুৰআনত জুমআ (শুকুৰবাৰ) :

শুকুৰবাৰৰ গুণসমূহৰ ভিতৰত বিশেষভাৱে মন কৰিবলগীয়া যে সপ্তাহৰ সকলো দিনৰ ভিতৰত পবিত্ৰ কুৰআনত কেৱল শুকুৰবাৰৰ নামতহে এখন ছুৰা অৱতীৰ্ণ হৈছে। যিখন ছুৰা এই পৃষ্ঠাখন জীয়াই থকালৈকে পঢ়ি থকা হব, তিলাৱত কৰি থকা হব।

◾ছূৰা জুমআৰ সাৰাংশ:

ছুৰা জুমা হৈছে মাদানী (মুহাম্মদ ছাঃ মদিনাত থকা কালত অৱতীৰ্ণ হৈছে) । এই ছূৰাত ১১ টা আয়াত আৰু ২ টা ৰুকু আছে। ইয়াৰ আৰম্ভণি আল্লাহৰ মহিমা আৰু প্ৰশংসাৰ পৰা হয়, য’ত আল্লাহৰ মূল চাৰিটা গুণ বৰ্ণনা কৰা হৈছে:

(১) আল-মুলক (শাসকীয় ৰজা) প্ৰকৃত চিৰন্তন ৰজা, যাৰ ৰাজ্য কেতিয়াও অৱনমিত নহয়।
(২) আল-কুদছ (বিশুদ্ধ এজন) যি সকলো দোষমুক্ত।
(৩) আল-আজিজ (শক্তিমান) নিজৰ ইচ্ছামতে কাম কৰে, তেওঁৰ কাৰো অমুখাপেক্ষী নহয়, তেওঁ সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ অবিহনে সকলো কৰিবলৈ সক্ষম।
(৪) আল-হাকিম (জ্ঞানী) তেওঁৰ প্ৰতিটো সিদ্ধান্ত জ্ঞানৰ ওপৰত ভিত্তি কৰি লোৱা হয়।

ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নবুৱতৰ কথা উল্লেখ কৰি মহান আল্লাহে কৈছে যে আমি নিৰক্ষৰ লোকসকলৰ মাজলৈ তেওঁলোকৰ মাজৰ পৰা এজন ৰাছুল প্ৰেৰণ কৰিছোঁ, যিয়ে তেওঁলোকক আমাৰ আয়াতসমূহ পাঠ কৰে, তেওঁলোকক সংশোধন কৰে আৰু তেওঁলোকক শিক্ষা দিয়ে কিতাপ আৰু প্ৰজ্ঞা।

তাৰ পিছত ইহুদী আৰু খ্ৰীষ্টানসকলৰ কথা উল্লেখ কৰা হৈছে।

আৰু এনেকৈয়ে এই ছুৰাৰ শেষৰ ৩ খন আয়াতত জুমআৰ দিন তথা জুমআৰ নামাজৰ কথা উল্লেখ কৰা হৈছে:

“হে বিশ্বাসীসকল! যেতিয়া শুকুৰবাৰে (জুমআৰ দিনত) ছালাতৰ বাবে আমন্ত্ৰণ কৰা হয়, তেতিয়া আল্লাহক স্মৰণ কৰিবলৈ খৰখেদা কৰা আৰু কিনা-বিক্ৰয় বন্ধ কৰা। এয়া তোমালোকৰ বাবে উত্তম, যদি তোমালোকে জানা। (আয়াত- ৯)

আৰু যেতিয়া নামাজ (ছালাত) শেষ হ’ব তেতিয়া পৃথিৱীত (চৌদিশে) বিস্তৃত হৈ যোৱা আল্লাহৰ সম্পদ বিচাৰি, অৰ্থাৎ হালাল জীৱিকা বিচাৰিবলৈ। আৰু আল্লাহক বহুত স্মৰণ কৰক; যাতে তোমালোক সফল হোৱা। (আয়াত-১০)

মানুহে যেতিয়া কোনো ব্যবসায় বা কোনো দৃশ্য ঘটি থকা দেখিলে, তেতিয়া তেওঁলোকে পলাই গৈ আপোনাক থিয় কৰাই এৰি থৈ যায়। গতিকে কওক, “আল্লাহৰ ওচৰত যি আছে সেয়া (অযথা) খেলা ধূলা (আদি মনোৰঞ্জন) তকৈ উত্তম। আল্লাহেই হৈছে সৰ্বোত্তম জীৱিকা নিৰ্বাহক।” (আয়াত-১১)

▪️ শেষ (১১নং) আয়াতৰ পটভূমি (শ্বানে নযূল):

ইছলামৰ প্ৰাথমিক কালত প্ৰথমে জুমআৰ নামাজ আদায় কৰা হৈছিল আৰু তাৰ পিছত খুত্ববাহ (বৰ্তমান জুমআৰ নামাজৰ পিছত আৰবী ভাষাত বিভিন্ন বিষয়ত বিশেষ পদ্ধতিৰে ভাষণ প্ৰদান কাৰ্য) দিয়া হৈছিল।

গতিকে, এবাৰ নবী কৰীম (ছাঃ) এ জুমআৰ নামাজ শেষ কৰি খুত্ববাহ প্ৰদান কৰি আছিল, তেতিয়া হঠাতে ৱাহয়া ইবনে খালিফাৰ যাত্ৰীদল ছিৰিয়া দেশৰ শস্য লৈ মদীনাত উপস্থিত হৈছিল। সেই সময়ত মদিনাত শস্যৰ অত্যন্ত নাটনি চলি আছিল। চাহাবাসকলে ভাবিলে যে জুমআৰ নামাজ শেষ হৈছে আৰু ঘৰত শস্যও নাই, গতিকে যাতে নতুনকৈ অহা শস্যৰ যোগান শেষ হৈ নাযায়, সেয়ে তেওঁলোকে শুকুৰবাৰৰ খুত্ববাহ এৰি বাহিৰলৈ ওলাই আহি ক্ৰয় বিক্ৰয় কৰিলে, আৰু মছজিদত মাত্ৰ ১২ জন নামাজী বাকী থাকিল। সেই সময়ত এই উপলক্ষে উক্ত আয়াতটি অৱতীৰ্ণ হৈছিল।

যাৰ পৰা ষ্পষ্টকৈ বুজা যায় জুমআৰ আজানৰ পিছত জুমআৰ নামাজ আৰু নামাজৰ প্ৰস্তুতিৰ বাহিৰে আন কোনো কামত ব্যস্ত থকা বা হোৱা মুঠেই উচিত নহয়, ইয়াৰ অনুমতি নাই।

▪️ জুমআৰ আজান –

এই আয়াতত উল্লেখ কৰা আজানৰ দ্বাৰা ইমাম চাহেব মিহৰাবত বহাৰ পিছত দিয়া আজানক বুজোৱা হৈছে। এয়াই আছিল পৱিত্ৰ নবী ছাঃ ৰ দিনত জুমআৰ নামাজৰ আজান (আহ্বান) । যেতিয়া তেওঁ হুজৰা (কোঠা) ৰ পৰা আহি মেহৰাব (খুত্ববাহৰ মঞ্চ) গৈছিল, তেতিয়া মেহৰাবত বহাৰ পিছত এই আজান নবীৰ সন্মুখত দিয়া হৈছিল।

ইয়াৰ পূৰ্বৰ আজান বা আজিৰ প্ৰথম আজান হজৰত মহম্মদ (ছাঃ), হজৰত আবু বকৰ ছিদ্দিক আৰু হজৰত ওমৰ ফাৰুকৰ সময়ত নাছিল। হজৰত ওছমান বিন আফ্ফান ৰাঃ ৰ সময়ত যেতিয়া জনসাধাৰণৰ সংখ্যা অত্যধিক হ’ল, তেতিয়া তেওঁ দ্বিতীয় আজান সুকীয়া ঘৰ (জুৰা)ত মাতিছিল যাতে জনসাধাৰণে প্ৰথম আজানৰ পিছত নামাজৰ প্ৰস্তুতিৰ কামত লিপ্ত হয়। (জোৰা: আটাইতকৈ ওখ ঘৰটো আছিল মছজিদৰ ওচৰত।)

— ২ —

◼️ জুমআৰ (শুকুৰবাৰ) ৰ নাম কিয় জুমআহ ৰখা হ’ল:

সাধাৰণতে অসমীয়াত ‘জুম্মা’ বুলি কোৱা শুনা দেখা যায়। কিন্তু ইয়াৰ শুদ্ধ উচ্চাৰণ হল ‘জুমআহ (جمعة)’।

আৰবী নাম জুমআৰ, জুমআ নামাকৰণৰ বিভিন্ন কাৰণ উল্লেখ কৰা হৈছে:

(১) জুমআ “জুমউন্” শব্দৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে: গোট খোৱা। যিহেতু এই দিনটোত মুছলমানসকল ডাঙৰ ডাঙৰ মছজিদত গোট খায় আৰু তাত মুছলমান উম্মাহৰ সমাৱেশ হয়, সেইবাবেই এই দিনটোক ‘জুমআহ’ বুলি কোৱা হয়।

(২) ছয় দিনত আল্লাহ পাকে পৃথিৱী, আকাশ আৰু সকলো জীৱ সৃষ্টি কৰিছে। আৰু সৃষ্টি (মখলূক) ৰ সৃষ্টি শুকুৰবাৰে সম্পূৰ্ণ হৈছিল, অৰ্থাৎ সেইদিনা সকলো সৃষ্টি একত্ৰিত হৈছিল; সেইবাবেই এই দিনটোক জুমআহ (একত্ৰিতকাৰী) বুলি কোৱা হয়।

(৩) হজৰত আদম (ছাঃ)ৰ জন্ম এই দিনটোত হৈছিল। অৰ্থাৎ জুমআৰ দিনত তেওঁক একত্ৰিত (বিভিন্ন প্ৰকাৰৰ মাটি একত্ৰিত কৰি সৃষ্টি কৰা হৈছিল) কৰা হৈছিল। সেই বাবে দিনটোৰ নাম জুমআহ নামেৰে নামাকৰণ কৰা হৈছে।

— ৩ —

◼️ ইছলামত প্ৰথম জুমআহ:

১। ইছলামৰ প্ৰথমটো জুমআহ-

জুমআহ বাৰক আগতে “য়াউমুল আৰুবা” বুলি কোৱা হৈছিল। নবী ছাঃ মদীনালৈ প্ৰব্ৰজনৰ পূৰ্বে আৰু ছুৰা জুমা অৱতীৰ্ণ হোৱাৰ আগতে চাহাবাসকলে মদীনাত দেখিছিল যে ইহুদীসকলে শনিবাৰে গোট খাই উপাসনা কৰে, আৰু খ্ৰীষ্টানসকলে একত্ৰিত হৈ প্ৰাৰ্থনা কৰে দেওবাৰে। গতিকে সকলোৱে সিদ্ধান্ত ল’লে যে আমিও এদিন আল্লাহক স্মৰণ কৰিবলৈ গোট খাব লাগে।

সেয়ে এবাৰ জুমআহ (শুকুৰবাৰ) বাৰে হজৰত আবু উমামাহৰ ঘৰত মানুহ সমবেত হয়। তাৰ পিছত হজৰত আছআদ বিন জাৰাৰাই ৰাঃ এ দুই ৰাকাত নামাজৰ ইমামতি কৰে। মানুহে নিজৰ সমাৱেশৰ ভিত্তিত এই দিনটোৰ নাম “জুমআবাৰ (সমাবেশৰ দিন)” ৰাখিছিল।

এইদৰে ইছলামৰ সৰ্বপ্ৰথম জুমআৰ নামাজ, আচআদ ইবনে জাৰাৰাহ ৰাঃ ৰ ইমামতিত হজৰত মদীনাত হিজৰতৰ পূৰ্বেআদায় কৰা হৈছিল। (তাফছিৰ কুৰতবী, উমদাতুল ক্বাৰী)

২। মুহাম্মদ ছাঃ ৰ সৰ্বপ্ৰথম জুমআহ:

হজৰত মুহাম্মদ (ছাঃ) মক্কাৰ পৰা মদীনালৈ প্ৰব্ৰজন কৰাৰ সময়ত মদীনাৰ ওচৰৰ বনু আমৰ বিন আউফৰ বসতিস্থল কুবাত নামৰ ঠাইত কিছুদিন থাকিছিল। বৃহস্পতিবাৰে, কুবা এৰি যোৱাৰ এদিন আগতে নবীঃ এ মছজিদ কুবাৰ ভেটি স্থাপন কৰে। তাক্বাৱাৰ ওপৰত প্ৰতিষ্ঠিত ইছলামৰ প্ৰথমখন মছজিদ।

এয়াই হল মুহাম্মদ ছাঃ ৰ যুগৰ ইছলামৰ প্ৰথমখন মছজিদ।

মছজিদ নিৰ্মাণৰ পিছত শুকুৰবাৰে পুৱা হজৰত মুহাম্মদ (ছাঃ) কুবা এৰি মদীনালৈ ৰাৱানা হয়। বাটত যেতিয়া তেওঁলোকে বনু ছালিম বিন আউফৰ গাঁৱত উপস্থিত হয়, তেতিয়া জুমআৰ সময় হৈ গৈছিল, গতিকে নবী ছাঃ এ (বৰ্তমান মছজিদে জুমআহ) নিৰ্মাণ কৰা ঠাইত জুমআৰ (শুকুৰবাৰে) নামাজ পঢ়াইছিল। এয়াই হজৰত মুহাম্মদ ছাঃ ৰ (ছঃ)ৰ প্ৰথম জুমআৰ নামাজ।
(তাফছিৰ কুৰতবী, উমদাতুল ক্বাৰী)

বি:দ্ৰ: যিহেতু হজৰত মুছাব বিন উমাইৰ ৰাঃ ৰাছুলুল্লাহ ছাঃ ৰ হৈ ইছলামৰ প্ৰচাৰক হিচাপে মদীনালৈ আহিছিল, আৰু তেওঁৰ দ্বাৰাই মদীনাত ইছলাম বিয়পি পৰিছিল, সেইবাবেই নবী ছাঃ এ হজৰত মুছআব ইবনে উমাইৰৰ ওচৰলৈ জুমআৰ নামাজৰ চিঠি পঠিয়াইছিল।

গতিকে বহু সময়ত প্ৰথম জুমআৰ ইমাম হিচাপে হজৰত মুছআব ইবনে উমাইৰৰ নাম উল্লেখ কৰা হয়।

আগলৈ…….

কলম- মুফতী এম. ইউছুফ কাচিমী