শ্ববে(লাইলাতুল) কদৰ

Share :

এই ৰাতিৰ ফজিলত:

 মহান আল্লাহে কৈছে-

“নিশ্চয়ই মই অৱতীৰ্ণ কৰিছো এই কুৰআন শ্ববে ক্বদৰত। আৰু আপুনি জানেনে শ্ববে ক্বদৰ কি? শ্ববে ক্বদৰ হাজাৰ মাহতকৈয়ো শ্ৰেষ্ঠ। সেই ৰাতিত ফিৰিস্তাসকল আৰু ৰূহ তেওঁলোকৰ প্ৰতিপালকৰ অনুমতিক্ৰমে যাৱতীয় সিদ্ধান্ত লৈ অৱতৰণ কৰে। শান্তিময় সেই ৰাতি, ফজৰৰ আবিৰ্ভাৱ নোহোৱালৈকে । (ছুৰা ক্বদৰঃ ১-৫) 

 ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে- যি ব্যাক্তি ঈমানৰ সৈতে ছোৱাবৰ আশাত লাইলাতুল ক্বদৰৰ ৰাতি জাগি থিয় হৈ নামাজ আদায় কৰে, তাৰ পূৰ্বৰ (ছগীৰাহ) গুনাহবোৰ মাফ কৰি দিয়া হয়। (বুখাৰী, হাদিছ নং-১৮০২)

 আনাছ ইবনু মালিক (ৰাঃ) পৰা বর্ণিত, তেখেতে কৈছে, ৰমজান মাহ আৰম্ভ হ’লে ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে :

‘তোমালোকৰ ওচৰত এই মাহ সমুপস্থিত। এই মাহত এনেকুৱা এটা ৰাতি আছে, যি হাজাৰ মাহৰ অপেক্ষা উত্তম। এই মাহৰ পৰা যি ব্যক্তি বঞ্চিত হ’ল, সি সকলো কল্যাণৰ পৰাই বঞ্চিত হ’ল। কেৱল বঞ্চিত ব্যক্তিসকলেই তাৰ পৰা বঞ্চিত হয়।  (ছুনানে ইবনে মাজা, হাদীছ নং ১৬৪৪, হাছান, ছহীহ)

শ্ববে ক্বদৰ এই উম্মতৰ বাবে বিশেষ উপহাৰ:

 হাদিছত আছে- হজৰত মালেক বিন আনাছ (ৰাঃ)ৰ পৰা বৰ্ণিত তেখেতে বিশ্বস্ত এজন আহলুল ইলমৰ পৰা শুনিছে যে ৰাছূল ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামক পূর্বৰ যুগৰ লোকসকলক দেখুওৱা হ’ল। তেতিয়া তেখেতে দেখিলে যে, সেই তুলনাত তেখেতৰ উম্মতৰ হায়াত কম। সেইবাবে তেখেতৰ উম্মত আমলৰ মাধ্যমত সেইখিনি লৈকে যাব নোৱাৰিব। যত দীর্ঘ হায়াতৰ কাৰণে পূর্ববর্তী উম্মত যাব পাৰিছে। তেতিয়া আল্লাহ তায়ালা শ্ববে ক্বদৰ দান কৰিলে, যি এক হাজাৰ মাহতকৈয়ো উত্তম। (মুৱাত্তা মালিক,হাদিছ নং ১১৪৫)

শ্ববে ক্বদৰ কোন ৰাতিত?

শ্ববে ক্বদৰ বিষয়ে বহুতো হাদিছ আছে।তাৰে মাজত শেষ ১০ দিন বা শেষ ১০ দিনৰ বেযোৰ ৰাতিত শ্ববে ক্বদৰৰ অনুসন্ধান কৰিবলৈ কোৱা হৈছে….। 

১) প্রথম পৰ্য্যায়ৰ হাদিছত আছে ৰমজানৰ শেষ ১০ দিন ক্বদৰৰ ৰাতি অনুসন্ধান কৰিব লাগিব:

 ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ৰমজানৰ শেষ দহকত ইতিকাফ কৰিছিল আৰু কৈছিলঃ তোমালোকে শেষ দহকত লাইলাতুল ক্বদৰ অনুসন্ধান কৰা। (বুখাৰী, ইঃফাঃ নং ১৮৯৩)

হজৰত আয়শ্বা (ৰাঃ)ৰ পৰা বর্ণিত, তেখেতে কৈছে, যেতিয়া ৰমজানৰ শেষ দহক আহে তেতিয়া নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে তেখেতৰ লুঙ্গি কহাই লৈছিল (বেছি বেছি ইবাদতৰ প্রস্তুতি লৈছিল) আৰু ৰাতি জাগি থাকিছিল আৰু পৰিয়ালবৰ্গক জগাই দিছিল। ( বুখাৰী, ইঃফাঃ নং ১৮৯৭)

গতিকে সকলোৰে উচিত শেষৰ গোটেই ১০ দিনেই বেছি বেছি ইবাদত কৰা। আৰু প্রতি ৰাতিই আমল কৰা। যিকোনো ৰাতিয়েই শ্ববে ক্বদৰ হ’ব পাৰে।

২) দ্বিতীয় পৰ্য্যায়ৰ হাদিছত আছে শেষ ১০ দিনৰ বেযোৰ ৰাতিত অনুসন্ধান কৰিবলৈ :

 ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম কৈছে- তোমালোকে ৰমজানৰ শেষ দহকৰ বেযোৰ ৰাতিত লাইলাতুল ক্বদৰৰ সন্ধান কৰা।( বুখাৰী, ইঃফাঃ নং ১৮৯০)এই ক্ষেত্ৰত সকলো ৰাতিয়েই ইবাদত কৰিব নোৱাৰিলে অন্ততঃ বেযোৰ সকলো ৰাতিয়েই ইবাদত কৰা উচিত। কাৰণ বেযোৰ যিকোনো ৰাতিত শ্ববে ক্বদৰ হোৱাৰ সম্ভাবনা বহুত বেছি। উল্লেখযোগ্য যে- বহুতৰ মতেই লাইলাতুল ক্বদৰ প্রতি বছৰ একে ৰাতিত বুলি কোনো কথা নাই। এয়া কেৱল ভুল ধাৰণা।গতিকে কোনো ৰাতিক নির্দিষ্ট ভাবে শ্ববে ক্বদৰ হিচাপে পালন নকৰি বেযোৰ সকলো ৰাতিত যথাসাধ্য ইবাদত কৰাটো ভাল। 

৩) আৰু কিছুমান হাদিছত অলপ বেলেগ কৈ আছে। শেষৰ ৭ দিনত শ্ববে ক্বদৰ অনুসন্ধান কৰিবলৈ কোৱা হৈছে। এই ক্ষেত্রত মূল কথা এটোই যে ১০ দিনেই শ্ববে ক্বদৰ সন্ধান কৰা উচিত। বেছি বেছি ইবাদত কৰা উচিত। নহ’লে অন্ততঃ শেষৰ সাত ৰাতিত ইবাদত কৰিব লাগে। হাদীছ এনেধৰণৰ-

ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছেঃ তোমালোকে (ৰমজানৰ) শেষ দহদিনত ক্বদৰৰ ৰাতি অনুসন্ধান কৰা। তোমালোকে কোনোবাই যদি দুর্বল অথবা অপাৰগ হৈ পৰে, তেতিয়া তেওঁ শেষৰ সাত ৰাতিত এলাহ নকৰে যেন। (মুছলিম, ইঃফাঃ নং ৩৬২২)

আন এটি হাদীছত তেখেতে কৈছে (ৰমজানৰ) শেষ সাতদিনৰ ৰাতিবোৰত লাইলাতুল ক্বদৰ অন্বেষণ কৰা। (মুছলিম, ইঃফাঃ নং২৬৭৯)

৪) চতুৰ্থ পর্য্যায়ৰ কিছুমান হাদিছত আৰু নির্দিষ্ট কৰি ৰাতিত কথা কোৱা হৈছে :

 উবাদা ইবনে ছামিত (ৰাঃ)ৰ পৰা বর্ণিত, তেখেতে কৈছে, এবাৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে আমাক লাইলাতুল ক্বদৰৰ (নির্দিষ্ট তাৰিখত) অৱহিত কৰাৰ বাবে উলাইছিল। তেতিয়া দুজন মুছলিমে কাজিয়া কৰি আছিল। সেইটো দেখি তেখেতে কৈছেঃ মই তোমালোকক লাইলাতুল ক্বদৰৰ সংবাদ দিয়াৰ বাবে উলাই আহিছিলো, তেতিয়া অমুকে অমুকে কাজিয়া কৰিছিল, যাৰ ফলত তাৰ (নির্দিষ্ট তাৰিখৰ) পৰিচয় হেৰুৱাই যায়। সম্ভৱতঃ ইয়াৰ মাজত তোমালোকৰ বাবে কল্যান আছে। তোমালোকে নৱম, সপ্তম আৰু পঞ্চম ৰাতিত সেইটো সন্ধান কৰা। (বুখাৰী, ১৮৯০)

 উক্ত হাদিছত আৰু এনেকুৱা আৰু কিছুমান হাদিছত বিশেষভাৱে এই তিনি ৰাতি বা দুই ৰাতি অনুসন্ধান কৰিবলৈ কোৱা হৈছে।

বুখাৰীৰ এটি হাদিছৰ দ্বাৰা ২১ তাৰিখত হোৱাৰ ইঙ্গিত পোৱা যায়। অইন এটা হাদিছত ইবনে আব্বাছ (ৰাঃ)ৰ মতে শ্ববে ক্বদৰ ২৪ তাৰিখত। মুঠতে সকলো বৰ্ণনা অনুসৰি শ্ববে ক্বদৰ কোন ৰাতিত সেইটো নিশ্চিতভাৱে ক’ব নোৱাৰি। যিকোনো ৰাতিই হ’ব পাৰে। অৱশ্যে বেযোৰ ৰাতিত হোৱাটো সৰ্বাধিক হাদীছত পোৱা যায়। আৰু মুহাদ্দিছসকলৰ মতেও সম্ভাবনা অধিক। 

★ ২৭ তাৰিখৰ ৰাতিত শ্ববে ক্বদৰ বুলি প্ৰমাণ :

 আবুল মুনযিৰ (ৰহঃ)ৰ পৰা বর্ণিত আছে, তেখেতে কৈছে, উবাই ইবনু কা’ব (ৰাঃ)ক মই ক’লো, হে আবুল মুনযিৰ! সাতাইছৰ ৰাতি লাইলাতুল ক্বদৰ বুলি আপুনি কেনেকৈ জানিব পাৰিলে? তেখেতে কলে, হয় নিশ্চয়, আমাৰ ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে যে, এই ৰাতিৰ পৰবর্তী সূর্য উদয় হয় ক্ষীণ পোহৰ লৈ দীপ্তিহীন অৱস্থাত । আমি সেয়া গণনা কৰি স্মৰণ কৰি ৰাখিছো। আল্লাহ তা’আলাৰ শপত! ইবনু মাছউদ (ৰা:) এ জানে যে, সেয়া হ’ল ৰমজানৰ ৰাতি আৰু সাতাইছ তাৰিখৰ ৰাতি। কিন্তু তোমালোকক তেখেতে সেই কথা জনাবলৈ পছন্দ কৰা নাই, তোমালোকে যদি পিছত সেইটোৰ ওপৰতে নির্ভৰ কৰি থাকা । (ছুনানে তিৰমিযি নং ৭৯৩, আবু দাউদ নং ১২৪৭,ছহীহ)

 মুছনাদে আহমদত আৰু হাদিছত ২৭ তাৰিখৰ কথা কোৱা হৈছে। অধিকাংশ উলামা আৰু ইছলামী পণ্ডিতসকলে লাইতুল ক্বদৰ হিচাপে ২৭ তাৰিখৰ ৰাতিক প্রাধান্য দিছে। সেইবাবে এই ৰাতিক প্রাধান্য দি ইবাদত কৰিব পাৰি কিন্তু ২৭ তাৰিখতেই শ্ববে কদৰ বুলি নিশ্চিত হব নালাগে। বেলেগ যিকোনো বেজোৰ ৰাতিও হ’ব পাৰে। গতিকে কেৱল ২৭ তাৰিখতে শ্ববে ক্বদৰ ভাবি কেৱল সেই ৰাতিই ইবাদত কৰা নিজৰেই ক্ষতি।

   

মুঠতে ৰমজানৰ শেষ ১০ দিনৰ ইবাদত কৰা উচিত। নহ’লে অন্ততঃ শেষৰ সাত দিনত বেছিকৈ ইবাদত কৰা উচিত। আৰু সেয়াও যদি সম্ভৱ নহয়, তেন্তে অন্ততঃ বেযোৰ ৰাতিত – অর্থাৎ ২১, ২৩,২৫,২৭,২৯ এই ৫ ৰাতিত ইবাদতৰ দ্বাৰা শ্ববে ক্বদৰৰ অনুসন্ধান কৰা উচিত। সেয়াও যদি কিবা কাৰণত নোৱাৰিলে, তেন্তে অন্ততঃ  ২৭ তাৰিখ ৰাতিত বেছি বেছি ইবাদত কটাব লাগে।

 এই ৰাতিৰ কৰণীয় আমল :

১) হাদিছত আছে, আয়শা (ৰাঃ) কৈছে-হে আল্লাহৰ নবী! যদি মই লাইলাতুল ক্বদৰ পাই যাও তেতিয়া কি ক’ম(পঢ়িম)? ৰাছূলুল্লাহ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম) ক’লে…ক’বা-

‘ ﺍﻟﻠَّﻬُﻢَّ ﺇِﻧَّﻚَ ﻋَﻔُﻮٌّ ﻛَﺮِﻳﻢٌ ﺗُﺤِﺐُّ ﺍﻟْﻌَﻔْﻮَ ﻓَﺎﻋْﻒُ ﻋَﻨِّﻰ’

(আল্লাহুম্মা ইন্নাকা আফুউন, তুহিব্বুল্ আফৱা, ফা’ফু আন্নী”)‘‘

অৰ্থ- হে আল্লাহ আপুনি ক্ষমাশীল, ক্ষমাক ভালপায়, সেইবাবে মোক ক্ষমা কৰি দিয়ক।’’(ছুনানে তিৰমিযী : হাদিছ নং ৩৫১৩)

২) এই ৰাতিত যিকোনো আমল কৰিব পাৰিব। শ্ববে কদৰৰ নির্দিষ্ট পদ্ধতিৰ কোনো নামাজ নাই।

৩) তাৰাবিৰ পিছত দুই দুই ৰাকআত কৰি যিমান ইচ্ছা নফল নামাজ পঢ়িব পাৰে। শেষ ৰাতিত তাহাজ্জুদৰ নামাজ পঢ়িব পাৰিব। লগতে যিকোনো জিকিৰ, দৰূদ আৰু বেছি বেছি ইস্তিগফাৰ কৰিব লাগে।

৪) বিশেষকৈ ক্বাজা নামাজ বেছিকৈ আদায় কৰিব লাগে। 

৫) ৰমজান মাহত দুআ কবুল হোৱাৰ সম্ভাবনা বেছি। তাৰোপৰি ক্বদৰৰ ৰাতিত দুআৰ সৌভাগ্য হ’লে তো কথাই নাই। সেইবাবে এই ৰাতিত বেছি বেছি দুআ কৰা উচিত। 

দোআ সম্পৰ্কে বিশেষ জানিবলৈ PDF কিতাপটো ডাউনলোড কৰি লব পাৰে-

https://play.google.com/store/apps/details?id=com.adarsadua

  আল্লাহ তাআলাই আমাক শ্ববে ক্বদৰ নছীব কৰক। বিশেষকৈ ৰমজানৰ শেষৰ বেযোৰ ৰাতিবোৰত জাগ্ৰত থাকি বেছি বেছিকৈ ইবাদত কৰাৰ তৌফীক দান কৰক। আমীন

সংকলন – হাফিজ মিজানুৰ ৰহমান । সম্পাদনা – এম ইউছুফ কাছিমী।