পৱিত্ৰ হজ্জ-২০২৩ৰ অন্তিম (আৰাফাৰ বয়ান) ভাষণ অসমীয়াত –

Share :

এইবাৰৰ হজ্জৰ অন্তিম তথা আৰাফাৰ ভাষণ প্ৰদান কৰে কাবা শ্বৰীফৰ ইমাম তথা চৌদি আৰৱৰ সৰ্বোচ্চ উলেমা কাউঞ্চিলৰ সদস্য শ্বায়েখ ডঃ ইউছুফ বিন মহম্মদ বিন ছাঈদ।

কালি ২৭ জুন ২০২৩ মঙলবাৰে ভাৰতীয় সময় অনুসৰি বিয়লি ৩ বজাৰ পৰা হজ্বৰ এই বয়ান (খুৎবা) আৰম্ভ হয়।

প্ৰতি বছৰৰ দৰে এইবাৰো আৰাফাৰ ময়দানত অৱস্থিত মছজিদে নামীৰাৰ পৰা এই বিশেষ বক্তব্য দৰ্শন কৰে সমগ্ৰ বিশ্বৰ পৰা একত্ৰিত হোৱা লাখ লাখ হাজীসকলে।

ভাষণত ড০ ইউছুফে বিশেষকৈ মুছলমান উম্মাহক নিজৰ মাজত একত্ৰিত হ’বলৈ আহ্বান জনায়। তেওঁ কয়, চয়তানে মুছলমানৰ মাজত বিভাজন বিচাৰে। ঐক্য বিনষ্ট কৰা প্ৰতিটো পদক্ষেপ, কৰ্মৰ পৰা আঁতৰি থকাটো আমাৰ বিধান আৰু কৰ্তব্য।

বিশ্বৰ মুছলিম উম্মাহৰ উদ্দেশ্যে খাতীব শ্বেইখ ইউছুফ ইবনে মহম্মদে প্ৰদান কৰা ভাষণৰ সাৰমৰ্ম :

১। একতাৰ গুৰুত্ব :

আল্লাহ মহান আৰু জ্ঞানী। তেওঁ বিভ্ৰান্তি আৰু বিভাজন হাৰাম কৰিছে। পবিত্ৰ ক্বুৰআনত ঐক্য আৰু সংহতিৰ গুৰুত্বৰ বিষয়ে বৰ্ণনা কৰা হৈছে। এই সংসাৰ আৰু পৰকালৰ সকলো বিষয়ৰ সফলতা কেৱল একতা স্থাপনত নিহিত হৈ আছে। মুছলমান সকল একগোট হৈ থকাটো অপৰিহাৰ্য। আল্লাহ তাআলাই কৈছে, যি ব্যক্তিয়ে ক্বুৰআন বিষয়ে মতানৈক্যৰ সৃষ্টি কৰে, তেওঁ হিদায়তৰ পৰা আঁতৰি গৈছে….। যদি আমাৰ মাজত কোনো মতানৈক্য বা পৃথকতা সৃষ্টি হয়, তেন্তে আমাক ক্বুৰআন আৰু চুন্নাহলৈ ঘূৰি যোৱাৰ (সমাধান কৰাৰ) আদেশ দিয়া হৈছে।পৱিত্ৰ ক্বুৰআনত মুছলমানসকলক মিলাপ্ৰীতিৰে একেলগে থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।

২। পৱিত্ৰ হজ্জৰ গুৰুত্ব –

ভাষণত তেখেতে কয় , আমাক নামাজ পঢ়িবলৈ, জাকাত দিবলৈ আৰু দুখীয়াক সহায় কৰিবলৈ আদেশ দিয়া হৈছে। পবিত্ৰ হজ্জ নামৰ ইবাদতো ইছলামৰ এটি গুৰুত্বপূৰ্ণ স্তম্ভ। আপোনালোকে আল্লাহৰ এনেদৰে ইবাদত কৰক যেন তেওঁ আপোনাক চাই আছে।
আল্লাহৰ এনাজৰীডাল জোৰকৈ খামুচি ধৰি ৰাখক।আল্লাহৰ হুদুদ (নিৰ্ধাৰিত সীমা) ৰক্ষা কৰাৰ অৰ্থ হ’ল আমি কেৱল তেওঁৰহে ইবাদত কৰিম। প্ৰতিজন নবী (আঃ) এ এই দাওয়াত দিছে যে এক আল্লহৰ ইবাদত কৰা, নামাজ আদায় কৰা, জাকাত দিয়া।জাকাত আৰু হজ্জৰ আদেশ স্বয়ং আল্লাহে দিছে।

৩। উত্তম চৰিত্ৰ –

লগতে তেওঁ কয় যে মুছলমানসকলে ভাল চৰিত্ৰ গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজন। পবিত্ৰ শ্বৰিয়তৰ উদ্দেশ্য হৈছে মুছলমানসকলে ইজনে সিজনৰ লগত মিলাপ্ৰীতিৰে বসবাস কৰা (জীৱন ব্যৱস্থা) ।

৪। শ্বিৰ্কক ঘৃণা কৰিবা –
পবিত্ৰ ক্বুৰআনত উল্লেখ আছে – শ্বিৰ্ক (সৃষ্টিকৰ্তা আল্লাহৰ লগত অংশীদাৰিত্ব) নকৰিবা।

৫। পিতৃ-মাতৃৰ লগত ব্যৱহাৰ– মাক-দেউতাকৰ লগত ভাল ব্যৱহাৰ কৰিবা।

৬। সহযোগিতা- পাপৰ কামত সহযোগী নহবা। ভাল কামত সহযোগ কৰিবা।

৭। মতবিৰোধৰ সমাধান –

তেওঁ কয় যে ঐক্য স্থাপনত দ্বীন আৰু দুনীয়াৰ (ইহজগত আৰু পৰজগত) কল‍্যাণ নিহিত হৈ আছে। মুছলমানসকল ইজনে সিজনৰ লগত একত্ৰিতভাৱে থাকিব লাগে, যিকোনো বিষয়ত যদি মত বিৰোধ হয় তেন্তে ইয়াৰ সমাধান ক্বুৰআন আৰু চুন্নাহৰ পৰা বিচাৰি উলিয়াব লাগে।

৮। প্ৰকৃত শ্ৰেষ্ঠত্ব –

শ্বেইখ ইউছুফে খুৎবাত আৰু কয় ,যে এজন আৰবৰ কোনো বিদেশীৰ ওপৰত কোনো শ্ৰেষ্ঠত্ব নাই, এজন বগাৰ কোনো কলাৰ ওপৰত কোনো শ্ৰেষ্ঠত্ব নাই, হজৰত মহম্মদ (ছঃ) এ কয়, যদি কাৰোবাৰ কাৰোবাৰ ওপৰত শ্ৰেষ্ঠত্ব আছে, তেন্তে সেয়া কেৱল ধৰ্মপৰায়ণতা, খোদাভিতী আৰু ভাল আচৰণৰ ভিত্তিতহে। মুছলমান তাকৱা আৰু পৰহেজগাৰী গ্ৰহণ কৰক, আল্লাহক ভয় কৰক আৰু সংস্কাৰৰ চেষ্টা কৰক।

৯। পৰিয়ালৰ অধিকাৰ –

আপোনালোকে শ্বিৰ্ক নকৰিব, পিতৃ-মাতৃৰ লগত ভাল ব্যৱহাৰ কৰিব। নিশ্চয় আল্লাহে পিতৃ-মাতৃ, পতী-পত্নী আৰু সন্তানৰ অধিকাৰ স্পষ্ট কৰি দিছে (সেইমতে জীৱন যাপন কৰিব)।

১০। শেষ দিনৰ হিচাপ –

তেওঁ কয়, কিয়ামতৰ দিনা তোমালোকৰ সকলো আমল (কৰ্মৰ হিচাপ) আল্লাহৰ আগত দাখিল কৰা হ’ব। মুছলমান পাপত আনক সহায় নকৰে, ভাল কামত সহায় কৰে, চয়তানে মানুহৰ মাজত দুৰ্নীতিৰ সৃষ্টি কৰে। (মনত ৰাখিব) সকলো মুছলমান এক শৰীৰৰ দৰে (এক) ।

(শ্বেয়াৰ কৰি সকলোকে পঢ়িবলৈ সুযোগ কৰি দিয়াত কোনো অসুবিধা নাই)

মূল বয়ান – শ্বেইখ ডঃ ইউছুফ ইবনে মহম্মদ বিন ছাইদ
ভাষান্তৰ – মওঃ জিয়াউৰ ৰহমান ক্বাছিমী

সম্পাদনা- এম ইউছুফ কাছিমী (সম্পাদক, NE Peace)

1 thought on “পৱিত্ৰ হজ্জ-২০২৩ৰ অন্তিম (আৰাফাৰ বয়ান) ভাষণ অসমীয়াত –”

Comments are closed.