আৰাফাহ দিৱস : ঐতিহাসিক পটভূমি, তাৎপৰ্য আৰু কৰণীয়

Share :

◼️ আৰাফাৰ নিৰ্দিষ্ট দিন আৰু নামাকৰণ :

আৰাফা শব্দটো আৰবী । ইয়াৰ অর্থ-
জনা,
পৰিচিত হোৱা,
পৰিচয় লাভ কৰা,
স্বীকাৰ কপা,
স্বীকৃতি দান কৰা ইত্যাদি।

এতিয়া তলত বিতংকৈ জানক – বহলাই আলোচনা কৰা হৈছে-

(১) আজিৰ পৰা ৪৪৭০ বছৰ পূৰ্বে হজৰত ইব্ৰাহিম আঃ ৮ জীলহাজ্জাহ তাৰিখে ৰাতি সপোনত, সৃষ্টিকর্তা আল্লাহৰ ফালৰ পৰা পৰীক্ষা হিচাপে , নিজৰ কলিজাৰ টুকুৰা হজৰত ইছমাইল আঃ ক ক্বুৰবাণী কৰিব দিব লাগে বুলি নিৰ্দেশনা পালে। কিন্তু প্ৰথম দিনা সন্দেহ হোৱাত ৯ জীলহাজ্জাহ তাৰিখে আকৌ একেই সপোন দেখিলে।
এতেকে যিহেতু ৯ তাৰিখে সেই মহান পৰীক্ষা সম্পাদনা কৰিব লাগিব বুলি ভালদৰে মাৰিফত হৈছিল, নিশ্চিত হৈছিল, সেয়ে এই তাৰিখটোক আৰাফাৰ দিৱস (আৰাফাৰ অৰ্থ নিশ্চিতভাৱে অৱগত হোৱা) বুলি নামাকৰণ হৈ জনাজাত হল।

বিঃদ্ৰঃ হজৰত ইব্ৰাহিম আঃ ৰ জন্ম, হজৰত নূহ আঃ ৰ যুগত মহাপ্ৰলয়ৰ পিছত, নূহৰ সপ্তম বংশত, তৌৰিত মতে ‘তাৰখ’ আৰু পৱিত্ৰ ক্বুৰআন মতে ‘আজৰ’ৰ ঘৰত, ইৰাকত ২২০০ খৃষ্টপূৰ্ব, অৰ্থাৎ ঈচা মচীহ আঃ ৰ জন্মৰ ২২০০ বছৰ পূৰ্বে, আৰু মুহাম্মদ ছাঃ ৰ জন্মৰ ১৭০০ বছৰ পূৰ্বে – হৈছিল।

(২) ৯ জীলহাজ্জাহ তাৰিখে আল্লাহৰ ফিৰিস্তা জীব্ৰাইল আঃ এ, হজৰত ইব্রাহীম আঃ ক হজ্বৰ সকলো ৰুকুণ আৰু জৰুৰী কৰণীয়খিনি শিকাইছিল। গতিকে যিহেতু উক্ত দিনা হজ্বৰ সকলো প্ৰয়োজনীয় মানাচিক (ৰুকুণ আদি কৰণীয়) ৰ মাৰিফত হৈছিল, ভালদৰে অৱগত হৈছিল।
হজ্বৰ বিধি-বিধান শিক্ষা দিয়াৰ পিছত জিবরাঈল আঃ এ প্ৰশ্ন কৰিছিল, ‘হাল আৰাফতা’ অৰ্থাৎ আপুনি বুজি পাইছে নে? হজৰত ইব্রাহীম আঃ এ উত্তৰ দিছিল, হয়, বুজিলোঁ।
সেই বাবেই ‘আৰাফা’ শব্দৰ পৰা তাৰ নাম আৰাফাৰ দিন বুলি নামাকৰণ কৰা হৈছে।

(৩) ৯ জীলহাজ্জাহ তাৰিখে হাজ্বীসকল আৰাফাৰ ময়দানত গুৰুত্বপূৰ্ণ ৰুকুণ, উকূফে আৰাফাহ (আৰাফাৰ ময়দানত ৯ জীলহাজ্জাহ দিনৰ জুহৰৰ নামাজৰ পৰা ১০ জীলহাজ্জাৰ ফজৰ লৈকে উপস্থিত থাকি , বিভিন্ন নিৰ্দিষ্ট ইবাদতত ব্যস্ত থকাক উকূফে আৰাফাহ বুলি কয়।)
গতিকে হজ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ (ৱাজিব) দুটি কৰণীয়ৰ এটি উকূফে আৰাফাহ যিহেতু এই আৰাফাৰ পাহাৰৰ ময়দানত সম্পন্ন কৰা হয়, সেয়ে দিনটোক ‘আৰাফাহ দিৱস’ বুলি নামাকৰণ কৰা হৈছে।

(৪) ইয়াৰ ওপৰি হজৰত আদম আঃ আৰু হাৱা আঃ পৃথিৱীৰ ভূগৰ্ভত সৰ্বপ্ৰথম আৰাফাৰ ময়দানতেই সাক্ষাৎ হৈছিল (বিতং তলত উল্লেখ কৰা হৈছে) । গতিকে এয়াই এক কাৰণ আৰাফা দিৱস বুলি নামাকৰণ কৰাৰ।

◼️ আৰাফাৰ ময়দান কত অৱস্থিত?

পৱিত্ৰ মক্কা নগৰৰ পৰা পূব-দক্ষিণ ফালে ২০ কিলোমিটাৰ দূৰত অৱস্থিত। ‘জবলে ৰহমত (ৰহমত নামৰ পৰ্ব্বত)’ ৰ পাদদেশত এই ময়দান অবস্থিত। ইয়াৰ দৈর্ঘ আৰু প্রস্থ যথাক্রমে দুই কিলোমিটাৰ, তথা ইয়াৰ উচ্চতা ৭০ মিটাৰ অৰ্থাৎ ২৩০ ফুট।

ঐতিহাসিক ময়দানটোৰ তিনিও কাষ পাহাৰেৰে আৱৰা। ইয়াৰ দক্ষিণ ফালে গাত লাগি গৈছে মক্কা-হাদাহ-তাইফৰ ৰিং ৰোড, আৰু এই ৰোডৰ দক্ষিণ দিশে মক্কাৰ ঐতিহাসিক ‘উম্মুল ক্বুৰা বিশ্ববিদ্যালয়’ অৱস্থিত । উত্তৰ দিশে চা’দ পাহাৰ, তাৰ পৰা আৰাফাৰ ময়দানৰ সীমান্ত প্রায় ১ কিলোমিটাৰ। তাৰ পৰা আকৌ দক্ষিণ ফালে অলপ গৈ মছজিদে নামিৰাহত আৰাফাৰ ময়দানৰ সীমান্ত শেষ হৈছে।

◼️ আৰাফাৰ ময়দানৰ ঐতিহাসিক পটভূমি :

১) হজৰত ইব্ৰাহিম আঃ ৰ যুগৰ আৰাফাহ-

২) আদম-হাৱা আঃ ৰ মিলন ভূমি:
আৰাফাৰ ময়দানৰ ইতিহাস মানৱ-পিতৃ হজৰত আদম (আঃ) আৰু মাতৃ বিবি হাৱা (আঃ) ৰ লগতো জড়িত।
আদম (আঃ) মাতৃ বিবি হাৱা (আঃ), মহান আল্লাহৰ নির্দেশত জান্নাতৰ পৰা নিষিদ্ধ ফল খোৱাৰ বাবে ওলাই দিয়া হৈছিল। আৰু তেতিয়াৰ পৰা দীৰ্ঘদিনৰ বাবে দুয়ো পৃথক হৈ পৰিছিল। (কোৱা হয় যে আদম আঃ ত শ্ৰীলংকাৰ পাহাৰ শৰণদীপত অৱতীৰ্ণ কৰা হৈছিল আৰু তেখেতৰ পত্নী হজৰত হাৱা আঃ ক মক্কাৰ জেদ্দাহত অৱতীৰ্ণ কৰা হৈছিল। ) তাৰ দীৰ্ঘদিন পিছত পৃথিৱীৰ ভূমিত সর্বপ্রথম তেখেতসকলৰ পৰষ্পৰ সাক্ষাৎ হয় এই আৰাফাৰ ময়দানত।

৩) মুহাম্মদ ছাঃ ৰ উপস্থিতিৰ দিন –

এই মহত্বপূৰ্ণ দিৱসটো যত প্ৰতি বছৰ লাখ লাখ মুছলমান সকলে একত্ৰিত হৈ সৃষ্টিকৰ্তাৰ ওচৰত হাজিৰী দিয়ে, নিজৰ উপস্থিতৰ প্ৰমাণ দিয়ে, এয়া সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মনুষ্য নবী মুহাম্মদ ছাঃ জীৱনৰ লগতো জড়িত হৈ আছে। 
আমাৰ প্ৰিয় নবী ছাঃ বিদায়ী হজ্বৰ  মহামূল্যৱান ভাষণ এই আৰাফাৰ ময়দানৰ সংলগ্ন আৰাফা পাহাৰৰ দাঁতিত অৱস্থিত জবলে ৰহমত (ওখ পাহাৰ) ত উটৰ পিঠিত বহি প্ৰদান কৰিছিল। যি ভাষণে আজিও ইছলামত বিৰাট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। 
গতিকে স্থানটো উম্মতে মুহাম্মদীৰ বাবে ঐতিহাসিক হোৱাৰ এয়াও এক গুৰুত্বপূৰ্ণ কাৰণ। যত আমাৰ এক বৃহৎ ঐতিহাসিক স্মৃতি জড়িত হৈ আছে। 

৪) মহান উৎসৱ –
বুখাৰী আৰু মুছলিম গ্ৰন্থত বৰ্ণিত আছে যে এবাৰ এজন ইহুদীয়ে হজৰত ওমৰ ৰাঃ ৰ লগত বাৰ্তালাপত কলে- আমিৰুল মুমিনীন, আপুনি যি ক্বুৰআন তিলাৱত কৰে, তাৰ এটি আয়াত আছে, সেয়া যদি আমাৰ ওপৰত অৱতীৰ্ণ হলে হয়, তেন্তে আমি সেই দিনটো ঈদৰ দিনা হিচাপে পালন কৰিলোঁ হয়। হজৰত ওমৰ ৰাঃ এ প্ৰশ্ন কৰাত ইহুদীজনে উত্তৰ দিছিল, সেই আয়াতটো হল, ছূৰা মাঈদাৰ ৩ নং আয়াত (আলয়াউমা আকমালতু লাকুম… ) ।
তেতিয়া হজৰত ওমৰ ৰাঃ কলে, সিদিনা আমাৰ বাবে মহত্বপূৰ্ণ হোৱাৰ আন এটা কাৰণ আছে, সেয়া হল, উক্ত আয়াত অৱতীৰ্ণ হোৱা আৰাফাৰ দিনটো শুকুৰবাৰ আছিল।
আন এঠাইত হজৰত ওমৰ ৰাঃ এ কৈছে যে ঈদ, শুকুৰবাৰৰ দৰে আৰাফাৰ দিনটোও আমাৰ ঈদৰ দৰে।

৪) বিশেষ খুত্ববাহৰ দিন :

এটি ঐতিহাসিক খুত্ববাহ অৰ্থাৎ গুৰুত্বপূৰ্ণ ভাষণৰ স্থান এই আৰাফাৰ ময়দান। হাজীসকলক সম্বোধন কৰি হজ্বৰ খুৎবা জুহৰৰ ৱাক্তত এক আজান দুই ইকামতত দুই ৰাকাত কৰি জুহৰ আৰু আছৰ একত্ৰিত কৰি আদায় কৰাৰ পিছত (হজ্বৰ অন্যতম গুৰুত্বপূর্ণ আমল আদায় কৰাৰ পিছত) লগে লগে ঐতিহাসিক মছজিদে নামিৰাৰ মিম্বৰত থিয় হৈ খুত্ববাহ প্ৰদান কৰে মছজিদ হৰমৰ খত্বীবে।

ইছলামী ইতিহাসত মহানবী মুহাম্মদ (ছাঃ) এ সর্বপ্রথম, অষ্টম হিজৰীত মক্কা বিজয়ৰ পিছত হজ্বৰ আমিৰ নিযুক্ত কৰে স্থানীয় চাহাবি হজৰত আত্তাব বিন উচাইদ উমায়িক ৰাঃ ক । পিছৰ বছৰ নৱম হিজৰীত মদিনাৰ পৰা নিজৰ প্রতিনিধি হিচাপে প্ৰেৰণ কৰে হজৰত আবু বকক ৰাঃ ক। 

দশম হিজৰীত বিদায়ী হজ্বৰ সময়ত আৰাফাৰ ময়দানত নিজৰ কাচৱা নামৰ উটৰ পিঠিত বহি সর্বপ্রথম আৰাফাৰ খুত্ববাহ প্ৰদান কৰে স্বয়ং মুহাম্মদ ছাঃ এ। তাৰ পিছৰ পৰাই প্রতি বছৰ মুছলিম খলিফা বা তেওঁৰ প্রতিনিধিয়ে খুত্ববাহ প্ৰদানৰ দায়িত্ব পালন কৰি আহিছে।

◼️ থোৰতে খত্বীবসকল (খুত্ববাহদাতা) –


• আলে চৌদৰ শাসনকালত বাদচাহৰ প্রতিনিধি হিচাপে ১৩৪৪ হিজৰীৰ পৰা ১৩৭৬ হিজৰী লৈকে খুত্ববাহ প্রদান কৰিছে শ্বেইখ আবদুল্লাহ বিন হাছান বিন হুচাইন শ্বেইখে।
• ১৩৭৭ হিজৰীৰ পৰা ১৪০১ হিজৰী লৈকে খুত্ববাহ প্ৰদান কৰে শ্বেইখ আবদুল আজিজ বিন আবদুল্লাহ বিন হাছান শ্বেইখে।
• ১৩৯৯ হিজৰীত শ্বেইখ চালিহ বিন মুহাম্মদ আল লাহিদানে খুত্ববাহ প্ৰদান কৰে।
• ১৪০২ হিজৰীৰ পৰা ১৪৩৬ হিজৰী লৈকে শ্বেইখ আবদুল আজিজ বিন আবদুল্লাহ শ্বেইখে।
• ১৪৩৭ হিজৰীত শ্বেইখ ড. আবদুৰ ৰহমান চুদাইচে খুত্ববাহ প্ৰদান কৰে।
• ১৪৩৮ হিজৰীত শ্বেইখ ড. চাদ বিন নাচিৰ শ্বাছাৰিয়ে খুত্ববাহ প্ৰদান কৰে।
• এই অৰ্থাৎ ১৪৪২ হিজৰীত খুত্ববাহ প্ৰদান কৰিলে শ্বেইখ বান্দাৰ বিন আব্দুল আজিজ বালিলা চাহেবে (আজি ১৯ জুলাই, ১২:৩০ বজাত চৌদি সময়মতে, আৰু ভাৰতীয় সময়মতে বিয়লি ৩:৩০ মান বজাত)

আৰাফা ময়দানত জীৱনৰ প্ৰথমবাৰৰ বাবে খুত্ববাহ প্ৰদান কৰি কেৱল ৪৬ বছৰ বয়সতেই খত্বীব হোৱাৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

৫) মছজিদে নামিৰাহ –

খিলাফতে আব্বাছীয় যুগত আৰাফাৰ পাহাৰৰ ওচৰত অৱস্থিত ময়দানৰ যিখিনি ঠাইত নবী মুহাম্মদ ছাঃ কাচৱা নামৰ উটৰ পিঠিত বহি খুত্ববাহ প্ৰদান কৰিছিল, সেই ঠাইতেই হিজৰী দ্বিতীয় শতকত নামিৰাহ নামৰ মছজিদ নির্মিত হয়।

বৃহৎ মছজিদৰ বর্তমান নান্দনিক ৰূপটো সাম্প্রতিক চৌদী শাসনকালৰ। চৌদী চৰকাৰে ২৩. ৭ কোটি ৰিয়াল খৰছ কৰি আৰবৰ তৃতীয় বৃহৎ মছজিদখন নিৰ্মাণ কৰিছে।

বৰ্তমান মছজিদখনৰ চমু বিৱৰণ-


• শীততাপ নিয়ন্ত্ৰণ সুবিধা আছে।
• ইয়াৰ বৰ্তমান আয়তন ১,১০০০০ বর্গমিটাৰ।
• একেলগে প্রায় ৩ লাখতকৈ অধিক মুচল্লিয়ে নামাজ আদায় কৰিব পাৰে।
• হজ্বৰ সময়ৰ বাহিৰে বছৰৰ অইন সময়ত আৰাফাৰ পাহাৰীয়া অঞ্চলত যিহেতু লোকৰ সমাগম বা যাতায়ত খুবেই কম, মছজিদটি প্ৰায় সময় বন্ধই থাকে।
• মছজিদৰ শোভাবর্ধন কৰিছে ৬০ মিটাৰ ওখ ৬ টা মিনাৰাই। মিনাৰসমূহ অনেক দূৰৰ পৰাই চকুত চাট মাৰি ধৰে।
• ইয়াৰ ৬টা মিনাৰৰ লগতে তিনটা বৃহৎ গম্বুজ, ১০টা মুখ্য গেইট, আৰু ৬৪ টা দুৱাৰ আছে। প্ৰতিটো মিনাৰৰ উচ্চতা ৬০ মিটাৰ।
• মছজিদত টেলিকাষ্টৰ বাবে আৰু অইন প্ৰয়োজনীয় নতুন টেকনলজিৰ সুবিধা আছে।

◼️ আৰাফাৰ দিনৰ গুৰুত্ব আৰু বৈশিষ্ট্য (ইছলামী আৰু বস্তুনিষ্ঠ ) :

১) বছৰৰ ১২ মাহত, চাৰি মাহ অৰ্থাৎ মহৰম, ৰজব, জী-ক্বা’দাহ, আৰু জীল-হাজ্জাহৰ যিদৰে উত্তম আৰু গুৰুত্ব তথা ফজীলতৰ অধিকাৰী, ঠিক তদৰূপ দিনৰ ভিতৰত চাৰিটা দিন, অৰ্থাৎ দুই ঈদ, শুকুৰবাৰ আৰু আৰাফাৰ দিনৰ তাৎপৰ্য আৰু গুৰুত্বও বিৰাট।

সপ্তাহৰ ঈদৰ দিন গুৰুত্বপূৰ্ণ দিনটো হল শুকুৰবাৰ, তদৰূপ বছৰটোত উত্তম দিনটো হল আৰাফাৰ অৰ্থাৎ ৯ জীল-হাজ্জাহৰ দিনটো।
( মিৰক্বাত- পৃষ্ঠা: ৩/২২৩, জামিউল উছূল)

২) সৃষ্টিকৰ্তা মহান আল্লাহে পবিত্র কুৰআনত আৰাফাৰ দিনৰ শপত খাইছে। যিনেকি স্পষ্টভাষাত আৰাফাৰ দিনৰ তাৎপৰ্য আৰু গুৰুত্ব প্ৰকাশ কৰিছে।
পৱিত্ৰ ক্বুৰআনত আছে – ” শপথ উষাৰ। শপথ ১০ ৰজনীৰ, শপথ যোৰ আৰু বেযোৰৰ।” (ছূৰা ফজৰ: আয়াত-১-৩)।
উক্ত আয়াতত যোৰ (even) শব্দৰ দ্বাৰা ঈদুল আজহাৰ দিন আৰু বেযোৰ (Odd) শব্দৰ দ্বাৰা আৰাফাৰ দিৱস বুজোৱা হৈছে ।
হজৰত জাবিৰ (ৰাঃ) ৰ পৰা বর্ণিত হাদিছে হজৰত মুহাম্মাদ (ছাঃ ) যোৰ আৰু বেযোৰ ৰ ব্যাখ্যা এইদৰেই কৰিছে। (তফছীৰে ইবনে কাছীৰ, মাআৰিফুল ক্বুৰআন, তফছীৰে কাৰতাবী, মুচনদে আহমদ- ১৪১০২)।
বিখ্যাত মুহাদ্দিছ হজৰত আকৰামা ৰাহঃ আৰু হজৰত জ্বাহ্হাক ৰাহঃ, এই দুয়োজনেও একে বাখ্যাক উল্লেখ কৰিছে।

৩) পৱিত্ৰ ক্বুৰআনত আন এঠাইত আল্লাহ পাকে কছম খাই এই দিনটো তাৎপৰ্য তথা গুৰুত্বপূর্ণ বুলি প্ৰমাণ কৰিছে।
” প্ৰতিশ্ৰুতিকৃত দিন, উপস্থিতকৰ্তা আৰু উপস্থিতকৃতৰ (অৰ্থাৎ উপস্থিত কৰোতা আৰু যাক উপস্থিত কৰা হৈছে) ৰ শপত। ” (ছূৰা বুৰূজ, আয়াত-৩)

হজৰত আবু হুৰাইৰাহ ৰাঃ ৰ দ্বাৰা বৰ্ণিত এটি হাদীছৰ দ্বাৰা জানিব পৰা গৈছে যে ইয়াত প্ৰতিশ্ৰুতিকৃত দিন বুলি কিয়ামতৰ দিন, উপস্থিতকৰ্তা বুলি শুকুৰবাৰ আৰু উপস্থিতকৃত বুলি আৰাফাৰৰ দিন বুজোৱা হৈছে। (তিৰমিজী- ৩৩৩৯)

৪) আৰাফাৰ দিনাই সৃষ্টিকৰ্তা মহান আল্লাহে কিয়ামত লৈকে পৃথিৱীত জন্ম লোৱা সকলো মানৱজাতিৰ পৰা প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছিল। যাক পৱিত্ৰ ক্বুৰআনত ” আহদে আলাচতু (আলাচতু-প্ৰতিশ্ৰুতি) ” স্মৰণ কৰা হয়।
(ছূৰা আৰাফা- ১৭২, ১৭৩, হজৰত ইবনে আব্বাচ ৰাঃ)

৫) ৰাছুলুল্লাহ (ছাঃ) ঘোষণা কৰিছে যে, এনে কোনো দিন নাই, যিদিনা আৰাফাৰ দিনতকৈ বেছি জাহান্নামৰ পৰা অধিকভাৱে জাহান্নামী সকলক মুক্তি দিয়া হয়। আৰু তেতিয়া নিশ্চয় আল্লাহ পাক বান্দাৰ ওচৰ চাপে আৰু ফিৰিস্তাসকলৰ আগত গৌৰৱ কৰি প্ৰশ্ন কৰে যে , এই সকলে কি বিচাৰি আছে? (চহী মুছলিম-১৩৪৮) ।

৬) আলফাৰ দিৱসত দুআ কবুল হোৱাৰ দিন। এই দিনৰ দুআই হল শ্রেষ্ঠ দুআ। এই সন্দৰ্ভত ৰাছূলুল্লাহ (ছাঃ ) ৰ ঘোষণা –
” সকলো দুআৰ শ্রেষ্ঠ দুআ হ’ল আৰাফাৰ দিনাৰ দুআ । (তিৰমিজী : ৩৯৩৪)।

৭) আৰাফাৰ দিনাই পৱিত্ৰ ক্বুৰআন যোগে আল্লাহ পাকে দ্বীনে ইছলাম সম্পূৰ্ণ হোৱাৰ কথা ঘোষণা কৰিছে। যাক নবী মুহাম্মদ ছাঃ এ বিদায়ী হজ্বত বিশ্লেষণ কৰি চাহাবাসকলক শুনাইছিল।
” আজি আমি তোমালোকৰ বাবে তোমালোকৰ দ্বীন সম্পূৰ্ণ কৰিলোঁ…. । ” (ছূৰা মাঈদাহ-৩)

◼️ আৰাফাৰ দিনৰ কৰণীয় (আমল) :

আজি ৯ জিলহজ (ভাৰতত ৮ জিলহজ)। হাজ্বীসকলে ফজৰৰ পিছত মিনাৰ পৰা আৰাফাহ ময়দানৰ দিশে ৰাৱানা হৈছে । হজ্বৰ ফৰজৰ মাজত এটি ফৰজ, অৰ্থাৎ ময়দানত নিৰ্দিষ্ট সময়লৈকে অবস্থান কৰিবই লাগিব। ইয়াত নির্ধাৰিত দিনত হাজ্বীসকলে অৱস্থান নকৰিলে হজ্বেই আদায় নহব।

ইয়াৰ দ্বাৰা ষ্পষ্টকৈ স্থানটোৰ গুৰুত্ব আৰু তাৎপর্য ফুটে উঠিছে ।

( লিখনিটো যিহেতু আৰাফাৰ সন্দৰ্ভত, সেয়ে হাজ্বীসকলৰ কৰণীয় সম্পৰ্কে বিতংভাৱে লিখা নহল ইয়াত।)

খ) হজ্ব নকৰাসকলৰ কৰণীয় –

( ১) ৰোজা –
হজ্ব নকৰাসকলে নিজৰ ঘৰত, নিজৰ দেশত থাকি হজ্ব কৰাসকলৰ সাদৃশ্য থকা বিশেষ আমল কৰিব লাগে। অৰ্থাৎ এনে কৰাটো চুন্নত তথা সেই দিনটোৰ সৰ্বোত্তম আমল।
হজৰত ক্বাতাদাহ ৰাঃ ৰ পৰা বৰ্ণিত যে, এয়া আৰাফাৰ দিনাৰ ৰোজা পৰৱৰ্তী দুবছৰৰ গুনাহৰ বাবে কাফ্ফাৰা স্বৰুপ। অৰ্থাৎ তাৰ দুবছৰৰ ছগীৰা গুনাহ (সৰু পাপসমূহ ) ক্ষমা কৰি দিয়া হব। (তিৰমিজী- ১১৬২,মিশ্বকাত- ৪৪০২)

আন এটি হাদীছত আছে –
‘আৰাফাৰ দিৱসৰ ৰোজা, পূৰ্বৱৰ্তী এবছৰ আৰু পৰৱৰ্তী এবছৰৰ গুনাহৰ কাফফাৰা হৈ যায় (গুনাহ ছগীৰাসমূহ ক্ষমা কৰি দিয়া হয়) ’।

অৱশ্যে এই দিনা হাজ্বীসকলৰ বাবে ৰোজা পালন কৰা মাকৰূহ অৰ্থাৎ অপছন্দনীয় তথা গুনাহৰ কাম।

কাৰণ হজৰত ৰাথূলুল্লাহ ছাঃ এ বিদায়ী হজ্বৰ সময়ত আৰাফাহ দিৱসত ৰোজা পালন কৰা নাছিল। বৰঞ্চ সকলোৰে সমুখত তেওঁ গাখীৰ পান পান কৰিছিল। (মুচলিম)

(২) তাকবীৰে তাহৰীমাসহ জামাতত নামাজ আদায় কৰা। বেছি বেছিকৈ চিজদা কৰা অর্থাৎ নফল নামাজ পঢ়া ।
ৰাছূলুল্লাহ ছাঃ এ কৈছে, ‘বেচি বেছিকৈ চিজদা কৰা তোমাৰ দায়িত্ব। কিয়নো , তুমি যদি আল্লাহৰ বাবে এটি চিজদাহ কৰা, তেন্তে আল্লাহ পাকে তোমাৰ এটি মর্যাদা বৃদ্ধি কৰিব, আৰু এটি গুনাহ ক্ষমা কৰি দিব।’ (চহীহ মুচলিম: ৭৮৮)

(৩) তকবীৰে তাশ্বৰীক –
পুৰুষে উচ্চস্বৰে তাকবীৰে তাশ্বৰীক পাঠ কৰিব। আৰু নাৰীসকলে নিম্নস্বৰে তাকবীৰ পাঠ কৰিব।

৯ জীলহাজ্জাহ অৰ্থাৎ ২০ জুলাই ২০২১, মঙলবাৰৰ ফজৰৰ পৰা আৰম্ভ কৰি ১৩ জীলহাজ্জাহ অৰ্থাৎ ২৪ জুলাই ২০২১, শনিবাৰে আছৰ লৈকে প্ৰতি ফৰজ নামাজৰ পিছত (জামাতত বা অকলশৰীয়া) তকবীৰে তাশ্বৰীক পঢ়াটো ৱাজিব আৰু জৰুৰী।

তকবীৰ-

" اَللّٰہُ اَکْبَرُ ، اَللّٰہُ اَکْبَرُ ، لَآ اِلٰہ الَّا اللّٰہُ ، وَاللّٰہُ اَکْبَر ، اللّٰہُ اَکْبَر ، وَلِلّٰہِ الْحَمْدُ۔

উচ্চাৰণ: আল্লাহু আকবৰ, আল্লাহু আকবৰ, লা-ইলাহা ইল্লাল্লাহু, ৱাল্লাহু আকবৰ, আল্লাহু আকবৰ, ৱা-লিল্লাহিল-হামদ।

কলম- মুৰতাজা ইউছুফ কাছিমী (কলম গোট)