ইছলামৰ দৃষ্টিত ক্বুৰবানী আৰু ইয়াৰ আনুসঙ্গিক কিছু কথা –

Share :

 মহান আল্লাহ পাকে মানৱ জাতিক মাখদুম (উপভোক্তা) স্বৰূপে আৰু পৃথিবীৰ অইন সৃষ্টজীৱক মানুহৰ খাদিম (উপভোগ্য) স্বৰূপে সৃষ্টি কৰিছে। সেই উপভোগ্য সমূহত জীৱ আৰু জড় দুয়োটাই সন্নিৱিষ্ট। দৈনন্দিন জীৱনত জড় জাতীয় উপভোগ্য সমূহৰ জৰিয়তে লাভৱান হোৱাৰ উপৰিও জীৱ সমূহৰ দ্বাৰাও উপকৃত হোৱাৰ সুযোগ ইছলামী শ্বৰীয়তে প্ৰদান কৰিছে। কিন্তু জীৱ সমূহৰ দ্বাৰা উপকৃত হোৱাৰ প্ৰকাৰ ভিন্ন। কিছু সংখ্যক জীৱক বাহন হিচাপে ব্যৱহাৰ কৰা হয়, অইন কিছুমান এঠাইৰ পৰা আন ঠাইলৈ বয়বস্তু কঢ়িয়াবলৈ ব্যৱহৃত হয় আৰু অন্য কিছুমানৰ নোম ছাল আদিৰেও উপকাৰ সাধন হয়। সেই লাভালাভ সমূহৰ ভিতৰত এক অন্যতম লাভজনক বিষয় হ'ল : জন্তুৰ মংস ভক্ষন কৰা। 

◾জন্তুৰ মংস ভক্ষন কৰা হব, কাৰণ-

মানুহ স্বভাৱগত ভাৱেই এক মাংসভোজী প্ৰাণী। অন্যান্য কাৰণ সমূহৰ উপৰিও মানুহৰ মূখগহ্বৰত থকা বিভিন্ন আকৃতিৰ দাঁতবোৰেই তাৰ এক স্পষ্ট প্ৰমাণ। সেয়ে ইছলামী শ্বৰীয়তে মানুহৰ এই স্বভাৱগত চাহিদা পূৰণাৰ্থে অজস্র প্ৰজাতিৰ জীৱ-জন্তুৰ মাজৰ পৰা কেৱল নিদিষ্ট কিছু জীৱ জন্তুৰ মঙহ ভক্ষন কৰাৰ হে অনুমতি প্রদান কৰিছে। বিশেষকৈ যিবোৰ জন্তু তৃণভোজী, লগতে তুলনামূলক ভাৱে পৰিস্কাৰ পৰিছন্ন তথা নম্ৰ প্ৰজাতিৰ তেনে ধৰণৰ কিছু জীৱ জন্তুকহে নিৰ্দ্ধাৰিত পদ্ধতিৰে হালাল কৰি তাৰ মঙহৰে সেই চাহিদা পূৰণ কৰাৰ অধিকাৰ প্ৰদান কৰা হৈছে। ইয়াৰ বাহিৰে সৰহসংখ্যক জীৱ-জন্তুৰ হত্যা সন্দৰ্ভত ইছলামী শ্বৰীয়তে কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে।

এই ধৰণীত পৌৰাণিক সভ্যতাৰ পৰাই জীৱ-জন্তুৰ তেজেৰে উৎসৱ পালনৰ বিভিন্ন প্ৰথা-পৰম্পৰা অব্যাহত আছিল। আদি পিতা হজৰত ইব্রাহীম (আঃ) ৰ জৰিয়তে আল্লাহ পাকৰ সন্তুষ্টি অৰ্জনৰ উদ্দেশ্যে এটি বেহেস্তী পশুক জবেহ কৰি কাৰ্যকৰী ভাৱে সেই পৰম্পৰাক এক শুদ্ধ পন্থালৈ ৰূপান্তৰিত কৰা হয়। ইছলামী শ্বৰীয়ত মতে কোৰবাণী কৰা কেৱল জায়েজ (বৈধ), তেনে নহয় বৰং ই এক অত্যন্ত প্ৰশংসনীয় কৰ্মও। ইছলামী শ্বৰীয়তে মুছলিম সামৰ্থবান সকলৰ বাবে আল্লাহ পাকৰ নৈকট্য অৰ্জনৰ উদ্দেশ্যে নিদিষ্ট দিৱসত নিদিষ্ট জন্তুক কোৰবাণী অৰ্থাৎ আল্লাহৰ নামত জবেহ কৰা ৱাজিব (বাধ্যতামূলক) বুলি নিৰ্দেশনা জাৰি কৰিছে। এই কৰ্মৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ নবী ছল্লাল্লাহু আলাইহি ৱাছাল্লামে সতর্কবাণী জাৰি কৰিছে যে :

ًمن وجد سَعة لأن يضحّي فلم يضحّ فلا يحضر مصلّٰنا . رواه الحاكم ٢/٣٨٩, الترغيب والترهيب – ٢٥٦

হাদিছৰ অৰ্থ :- যিজন মুছলমানৰ ক্বুৰবাণী কৰাৰ সামৰ্থ আছে কিন্তু তেওঁ ক্বুৰবাণী নকৰিলে, তেওঁ যেন (ঈদৰ নামাজ পঢ়িবলৈ) আমাৰ ঈদগাহলৈ নাহে। (হাকিম: ২/৩৮৯)

প্ৰিয় নবী ছল্লাল্লাহু আলাইহি ৱাছাল্লামৰ এনে সতৰ্কবাণীৰ দ্বাৰা ইছলামী জীৱন ব্যৱস্থাত ক্বুৰবাণীৰ গুৰুত্ব আৰু মহত্ব যে কিমান বেছি, সেয়া সহজেই অনুমেয়।

◾ক্বুৰবাণীৰ দিন-

ক্বুৰবাণীৰ বাবে নিৰ্ধাৰিত দিন সমূহত কোৰবাণীতকৈ উত্তম কোনো আমল নাই :- কোৰবাণীৰ বাবে নিৰ্ধাৰিত দিন অৰ্থাৎ আৰবী জিলহজ্জ মাহৰ ১০ তাৰিখ ছুবহে ছাদিক্বৰ পিছৰ পৰা আৰম্ভ কৰি ১২ তাৰিখ বেলি অস্ত যোৱাৰ আগ মুহূর্ত লৈকে সময় খিনিত আল্লাহ পাকৰ দৰবাৰত অন্য নেক আমলৰ তুলনাত কোৰবাণীৰ আমল আটাইতকৈ বেছি প্রিয়। এই সম্পর্কে হজৰত আয়েশ্বা ৰাঃৰ পৰা বৰ্ণিত আছে যে, প্ৰিয় নবী ছঃয়ে কৈছে :

  • ما عمل آدمي من عمل يوم النحر أحب إلي الله من إحراق الدم…. الخ __ ابن ماجة / ٣١٢٦, ترمذي / ١٤٩٣

অৰ্থ :- কোৰবাণীৰ দিন সমূহত আল্লাহ পাকৰ দৰবাৰত আটাইতকৈ উত্তম আমল হ’ল, কোৰবাণীৰ জন্তুৰ তেজ প্ৰবাহিত কৰা ৷ ক্বিয়ামতৰ দিৱসত কোৰবাণীৰ জন্তুবোৰ নিজস্ব শিং, নোম আৰু খুৰৰ সৈতে উপস্থিত হ’ব ৷ কোৰবাণীৰ জন্তুৰ প্ৰবাহিত তেজ মাটিত সৰি পৰাৰ আগতেই সেই কোৰবাণী আল্লাহ পাকৰ দৰবাৰত ক্ববুল হৈ যায়। গতিকে তোমালোকে অত্যন্ত আগ্রহ ও হেঁপাহেৰে কোৰবাণীৰ আমল সম্পন্ন কৰিবা। ( তিৰমিজী/১৪৯৩)

◾ক্বুৰবাণীৰ সমপৰিমান –

ক্বুৰবাণীৰ পৰিবৰ্ত্তে তাৰ সমপৰিমাণ মূল্য ছদকা কৰিলে, সেয়া কোৰবাণী স্বৰূপে যথেষ্ট নহয় :- এয়া স্পষ্ট যে, কোৰবাণীৰ দিন সমূহত কোৰবাণীৰ উদ্দেশ্যে জন্তু জবেহ কৰা অপৰিহাৰ্য। জন্তুৰ সমপৰিমাণ টকা পইচা আল্লাহৰ ৰাস্তাত ছদকা কৰিলে, সেয়া কোৰবাণীৰ বিকল্প স্বৰূপে গ্রহণযোগ্য নহয়।

কাৰণ –

পৱিত্ৰ কোৰআনত স্পষ্ট ভাৱে কোৱা হৈছে যে :

ما آتاَكُم الرّسُولُ فخُذوه وما نهاكم عنه فانتَهُوا واتقوا الله (الحشر)

আয়াতৰ সাৰাংশ : আল্লাহৰ ৰাছুল ছঃএ তোমালোকক যি কাম কৰাৰ আদেশ দিছে, তোমালোকে সেয়া নতশিৰে পালন কৰা আৰু যি কৰ্ম কৰিবলৈ তেওঁ তোমালোকক নিষেধ কৰিছে, তাৰ পৰা নিজকে বিৰত ৰাখা আৰু তোমালোকে আল্লাহক ভয় কৰা। (ছুৰা হাশ্বৰ : ৭)

বিশ্বৰ শ্ৰেষ্ঠতম মানৱ, কৰুণাৰ আধাৰ নবী ছাল্লাল্লাহু আলাইহি ৱাসাল্লামে নিজ হাতেৰে কোৰবাণীৰ জন্তু জবেহ কৰিছে আৰু লগতে গোটেই উম্মতক সেই কাম সম্পন্ন কৰিবলৈ নিৰ্দেশনাও জাৰি কৰিছে।

গতিকে, যিজনে আল্লাহৰ পৱিত্ৰ বাণী আৰু ৰছুল ছঃ ৰ এনে নিৰ্দেশনাক আওকাণ কৰি নিজৰ সামৰ্থ থকা স্বত্বেও জন্তু কোৰবাণী নকৰিব তেওঁ নিশ্চয় অত্যন্ত গোনাহগাৰ হ’ব। কাৰণ তেওঁ জানি শুনি এক ৱাজিব আমল ত্যাগ কৰিলে।

◾তথাকথিত বুদ্ধিজীৱি-

 সাম্প্রতিক সময়ত গোটেই বছৰটো বিভিন্ন ধৰণৰ মঙহৰে উদৰ পুৰাই খোৱা কিছু তথাকথিত বুদ্ধিজীৱি সকলে কোৰবাণীৰ বাবে জন্তু জবেহ নকৰি সেই টকাখিনি আল্লাহৰ ৰাস্তাত ছদকা কৰি দিলে হে বেছি ছোৱাব পোৱা যাব বুলি মত পোষণ কৰে। মনত ৰখা উচিত যে, তেওঁলোকৰ এনে কথা-কৰ্ম আদি ইছলামী শ্বৰীয়তৰ সম্পূর্ণ পৰিপন্থী। আল্লাহ আৰু তেওঁৰ ৰছুল ছঃৰ ষ্পষ্ট নিৰ্দেশনাৰ সন্মুখত তেওঁলোকৰ এনে মতামত কেতিয়াও চৰ্চিত বিষয় হ'ব নোৱাৰে আৰু সেয়া কোনোপধ্যেই গ্ৰহণ যোগ্য নহয়। 

আল্লাহ পাকে আমাক সদায় তেওঁৰ নিৰ্দেশনা অনুযায়ী জীৱন-যাপন কৰাৰ শক্তি প্ৰদান কৰক। আমীন।।

কলম __ মহঃ আক্বিব শ্বামিম ক্বাছিমী।
সম্পাদনা – সম্পাদক, NE PEACE