Skip to content
  • About Us
  • Privacy Policy
  • Contact
  • ইছৰা
    • ইছৰা : পৰিচয় আৰু কৰ্মৰাজী
    • দ্বীনিয়াত ফাউণ্ডেশ্বন কোৰ্চ: অফলাইন/অনলাইন
  • ভাষা
    • অসমীয়া
    • اردو
NE Peace
  • অসম
    • অসমৰ ইতিহাস
  • ইছলামিয়াত
    • আকাঈদ
    • ইবাদত
      • পাক পৱিত্ৰতা
      • নামাজ
      • ৰমজান আৰু ৰোজা (ছিয়াম)
      • জাকাত / ফিতৰা
      • হজ আৰু ওমৰা
    • মোআশ্বাৰাত
    • হালাল আৰু হাৰাম
    • মহিলা মেফিল
  • ইতিহাস
    • ইছলামৰ ইতিহাস
    • ভাৰতৰ ইতিহাস
  • নৰ্থ ইষ্ট
  • শিক্ষা আৰু কেৰিয়াৰ
    • DFC কোৰ্চৰ বাবে শিক্ষক (আলিম/হাফিজ)ৰ প্ৰয়োজন
  • সাহিত্য চৰ্চা
    • কবিতা
NE Peace
  • অসম
    • অসমৰ ইতিহাস
  • ইছলামিয়াত
    • আকাঈদ
    • ইবাদত
      • পাক পৱিত্ৰতা
      • নামাজ
      • ৰমজান আৰু ৰোজা (ছিয়াম)
      • জাকাত / ফিতৰা
      • হজ আৰু ওমৰা
    • মোআশ্বাৰাত
    • হালাল আৰু হাৰাম
    • মহিলা মেফিল
  • ইতিহাস
    • ইছলামৰ ইতিহাস
    • ভাৰতৰ ইতিহাস
  • নৰ্থ ইষ্ট
  • শিক্ষা আৰু কেৰিয়াৰ
    • DFC কোৰ্চৰ বাবে শিক্ষক (আলিম/হাফিজ)ৰ প্ৰয়োজন
  • সাহিত্য চৰ্চা
    • কবিতা

সন্তান আল্লাহৰ নিয়ামত (সম্পদ) – পৰ্ব-১

July 27, 2023July 12, 2023 by NEPeace

সন্তান আল্লাহৰ নিয়ামত (সম্পদ) : সন্তানৰ বাবে উপযুক্ত শিক্ষাৰ ব্যৱস্থা কৰক

আল্লাহৰ নিয়ামত অপৰিসীম। গণনা কৰি শেষ কৰিব নোৱাৰি। যাৰ কথা আল্লাহ তাআলাই নিজেই ঘোষণা কৰিছে—

وَ اِنْ تَعُدُّوْا نِعْمَةَ اللهِ لَا تُحْصُوْهَا اِنَّ اللهَ لَغَفُوْرٌ رَّحِيْمٌ-

যদি তুমি আল্লাহৰ নিয়ামত গণনা কৰিব বিচৰা তেন্তে গণনা কৰি শেষ কৰিব নোৱাৰিবা। নিশ্চয় আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু। (ছূৰা নাহাল (১৬): ১৮)

গতিকে মূল্যবান সম্পদ গৰাকী হৈ বান্দাৰ কৰ্তব্য হৈছে তাৰ কৃতজ্ঞতা স্বীকাৰ কৰা অৰ্থাৎ কথা আৰু কৰ্মৰ দ্বাৰা শ্বুকৰিয়া আদায় কৰা।

যদি কৃতজ্ঞতা স্বীকাৰৰ দ্বাৰা এই কৰ্তব্য পালন কৰা হয় তেন্তে মহান আল্লাহ তা‘আলাই নিয়ামত তথা সম্পদসমূহ বৃদ্ধি কৰি দিব। আৰু যদি আপুনি নিজৰ কৰ্তব্যক অৱহেলা কৰে তেন্তে তাৰ বাবে কঠোৰ শাস্তি নিৰ্ধাৰিত আছে। অৰ্থাৎ সেই সম্পদ কাঢ়ি লব।

এই ক্ষেত্ৰত আল্লাহে কৈছে :

لَىِٕنْ شَكَرْتُمْ لَاَزِيْدَنَّكُمْ وَ لَىِٕنْ كَفَرْتُمْ اِنَّ عَذَابِيْ لَشَدِيْدٌ.

যদি তোমালোক কৃতজ্ঞ হোৱা তেন্তে অৱশ্যে মই তোমালোকক আৰু অধিক প্ৰদান কৰিম, আৰু অকৃতজ্ঞ হ’লে নিশ্চয় মোৰ শাস্তি অতি কঠোৰ। (ছূৰা ইব্ৰাহীম (১৪): ০৭)

আমাৰ সন্তান আমাৰ বাবে এক মহান নিয়ামত, যি কেৱল সেইজনে যাক আল্লাহে দান কৰে। ইয়াত কাৰো কোনো ক্ষমতা নচলে।

এই ক্ষেত্ৰত আল্লাহ তা’আলাই ঘোষণা কৰিছে,

لِلهِ مُلْكُ السَّمٰوٰتِ وَ الْاَرْضِ يَخْلُقُ مَا يَشَآءُ يَهَبُ لِمَنْ يَّشَآءُ اِنَاثًا وَّ يَهَبُ لِمَنْ يَّشَآءُ الذُّكُوْرَ،اَوْ يُزَوِّجُهُمْ ذُكْرَانًا وَّ اِنَاثًا وَ يَجْعَلُ مَنْ يَّشَآءُ عَقِيْمًا اِنَّهٗ عَلِيْمٌ قَدِيْرٌ.

আকাশসমূহ আৰু পৃথিৱীৰ আধিপত্য কেৱল আল্লাহৰেই। তেওঁ যি ইচ্ছা সেয়া সৃষ্টি কৰে। তেওঁ যাক ইচ্ছা কন্যা সন্তান দান কৰে আৰু যাক ইচ্ছা পুত্ৰ সন্তান দান কৰে, নাইবা সিহঁতক পুত্ৰ আৰু কন্যা উভয়কে দান কৰে আৰু যাক ইচ্ছা কৰে বন্ধ্যা কৰি দিয়ে। নিশ্চয় তেওঁ সৰ্বজ্ঞ, মহা ক্ষমতাবান। ( ছুৰা শ্বুৰা , আয়াত ৪৯ , ৫০)

গতিকে হে পিতৃ মাতৃ সকল!

সৰ্বপ্ৰথম সন্তান সৰ্বশক্তিমান আল্লাহৰ বিশেষ নিয়ামত বুলি ভাবি আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব। তাৰ পিছত মনত ৰাখিব লাগিব যে তেওঁলোকৰ প্ৰতি কিছু দায়িত্ব আৰু কৰ্তব্য আছে। কিয়ামতৰ দিনা আমাক যাৰ বিষয়ে জবাবদিহি কৰা হ’ব।

এটি দীঘলীয়া হাদীছত নবিজী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে।

এজন পুৰুষ নিজৰ পৰিয়ালৰ মুৰব্বী; তেওঁক পৰিয়ালৰ বিষয়ে সোধা হ’ব। এগৰাকী নাৰী স্বামীৰ ঘৰ আৰু তেওঁৰ সন্তানৰ বাবে দায়বদ্ধ; তেওঁক সেইবোৰৰ বিষয়ে সোধা (জবাবদিহি কৰা) হ’ব। (চুনানে আবু দাউদ, হাদীছ ২৯২৮)

◼️ পিতৃ মাতৃৰ কৰ্তব্য :

পিতৃ মাতৃৰ কৰ্তব্য হ’ল , শিশুৰ সাংসাৰিক আৱশ্যকতাসমূহ যিমান সম্ভৱ পূৰণ কৰা আৰু তেওঁ যেন আখিৰাতত জাহান্নামৰ পৰা মুক্ত হৈ জান্নাত লাভৰ মাধ্যমৰে সৰ্বোচ্চ সফলতা অৰ্জন কৰিব পাৰে তাৰ বাবে আপ্ৰাণ চেষ্টা কৰা।

আল্লাহে কৈছে :

يَا أَيُّهَا الَّذِينَ آمَنُوا قُوا أَنْفُسَكُمْ وَأَهْلِيكُمْ نَارًا وَقُودُهَا النَّاسُ وَالْحِجَارَةُ

হে ঈমান্দাৰসকল! তোমালোকে নিজক আৰু তোমালোকৰ পৰিয়ালবৰ্গক জাহান্নামৰ পৰা ৰক্ষা কৰা, যাৰ ইন্ধন হ’ব মানুহ আৰু শিল।
(ছুৰা আত-তাহৰীম আয়াত ০৬)

আজিৰ দিনত বহুতেই শিশুটিৰ অস্থায়ী ভৱিষ্যতৰ সফলতাৰ বাবে চেষ্টা কৰে আৰু বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে, কিন্তু সিহঁতৰ স্থায়ী সফলতা তথা ডাঙৰ জাহান্নামৰ পৰা মুক্তিৰ পথৰ প্ৰতি আমাৰ প্ৰায় লোক উদাসীন আৰু গুৰুত্বহীন।

◼️ নিজৰ সন্তানক জাহান্নামৰ পৰা ৰক্ষা কৰাৰ উপায় :

পবিত্ৰ ক্বুৰআনত আল্লাহ তা’আলাই জাহান্নামৰ পৰা পৰিত্ৰাণ আৰু জান্নাত লাভ কৰাৰ দুটা মৌলিক উপায় উল্লেখ কৰিছে—

وَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ أُولَٰئِكَ أَصْحَابُ الْجَنَّةِ ۖ هُمْ فِيهَا خَالِدُونَ

আৰু যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে, সিহঁতেই জান্নাতী, সিহঁতে তাত চিৰস্থায়ী হ’ব। (ছুৰা বাক্বাৰা , আয়াত ৮২)

এনে আৰু বহুতো আয়াত আছে, যত মূলতে জাহান্নামৰ পৰা পৰিত্ৰাণ আৰু জান্নাত লাভৰ ২টা উপায় উল্লেখ কৰা হৈছে –
১। ঈমান – অৰ্থাৎ মুমিন হোৱা।
২। নেক আমল- নেক আমলৰ গৰাকী হোৱা।

গতিকে শিশুটিক জাহান্নামৰ পৰা ৰক্ষা কৰিবলৈ হ’লে তাক ঈমান (কুৰআন আৰু হাদীছত উল্লেখিত বিষয়সমূহৰ বিশ্বাসী হোৱা) আৰু নেক আমলৰ দ্বাৰা কুফুৰ, শ্বিৰ্ক আৰু কু-কৰ্ম বৰ্জন কাৰী বনাব লাগিব।

সেই বাবেই সৰুৰে পৰা সন্তানক পৰিকল্পিতভাৱে, নিৰ্দিষ্ট লক্ষ্যৰে লালন পালন কৰিব লাগিব আৰু মেহনত কৰিব লাগিব।

……… ক্ৰমশঃ

Categories ইছলামিয়াত, মহিলা মেফিল, মোআশ্বাৰাত
পৱিত্ৰ হজ্জ-২০২৩ৰ অন্তিম (আৰাফাৰ বয়ান) ভাষণ অসমীয়াত –
শিশুৰ লালন পালনৰ ক্ষেত্ৰত বিশেষ ৮ টি নিৰ্দেশনা : পৰ্ব-১

আপুনাৰ প্ৰশ্ন আমাৰ উত্তৰ

শেষতীয়া পস্ট

শ্ৰমিক দিৱস : শ্ৰম আৰু শ্ৰমিকৰ গুৰুত্ব

No Comments May 1, 2026
Read More »

হযরত মুহাম্মদ (ছাঃ) ৰ সকলো বিবাহ: বয়স, প্রেক্ষাপট, আপত্তি আৰু উত্তৰ – এখন অপৰিহাৰ্য হাতপুথি

No Comments April 20, 2026
Read More »

অশ্লীলতা সমাজৰ এক ব্যাধি।

No Comments April 20, 2026
Read More »

সম্ভাৱনাৰ সীমাহীন সাগৰ : “মই নোৱাৰোঁ”ৰ সীমাৰ পৰা “হ’ব পাৰে” বিশালতালৈ

No Comments April 20, 2026
Read More »

শ্বাওৱাল মাহৰ ৰোজাৰ ফজীলত আৰু তাৎপৰ্য

No Comments March 23, 2026
Read More »

Recent Comments

  1. Osman Goni on স্বাগতম হে মাহে ৰমজান -২: ৰমজানৰ ২৪ ঘন্টাৰ ৭+৭ টা কাৰ্যসূচী আৰু ৭ টি প্ৰশিক্ষণ
  2. Ziaur Rahman on স্বাগতম হে মাহে ৰমজান -২: ৰমজানৰ ২৪ ঘন্টাৰ ৭+৭ টা কাৰ্যসূচী আৰু ৭ টি প্ৰশিক্ষণ
  3. Jintu Rahman on ঐতিহাসিক ইছৰা আৰু মিৰাজ ভ্ৰমণ কাহিনী : কুৰআন আৰু হাদীছৰ দৃষ্টিত- এপিচড-১ | পৰ্ব-১, ২
  4. Er Maznoo Hussain on ৰাষ্ট্ৰীয় শিক্ষা দিৱস আৰু মৌলানা আবুল কালাম আজাদ – পৰ্ব-১, পৰ্ব-২
  5. Ziaur Rahman on বিজ্ঞানৰ দৃষ্টিত ৰোজা

  • About Us
  • Privacy Policy
  • Contact
  • ইছৰা
    • ইছৰা : পৰিচয় আৰু কৰ্মৰাজী
    • দ্বীনিয়াত ফাউণ্ডেশ্বন কোৰ্চ: অফলাইন/অনলাইন
  • ভাষা
    • অসমীয়া
    • اردو
© 2026 NEPEACE || Developed & Maintained by Rakibul Islam