শিশুৰ লালন পালনৰ ক্ষেত্ৰত বিশেষ ৮ টি নিৰ্দেশনা : পৰ্ব-১

Share :

( শিশুৰ বয়স অনুযায়ী শিক্ষা আৰু ইছলামী লালন পালনৰ সম্পূৰ্ণ পদ্ধতি, নিৰ্দেশনা আদি জানিবলৈ বিশেষ App আদি বিচাৰে নেকি?
কমেন্টত জনাব!)

সন্তান আল্লাহৰ নিয়ামত : সন্তানত উপযুক্ত শিক্ষাৰ ব্যৱস্থা কৰক- পৰ্ব-২

◼️ লালন পালনৰ ক্ষেত্ৰত বিশেষ ৮টি নিৰ্দেশনা – পৰ্ব-১

১। সন্তানৰ বাবে প্ৰাৰ্থনা, দুআ কৰা-


শিশুক ভাল মানুহ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাৰ ক্ষেত্ৰত দুআ কৰাটো প্ৰথম কৰণীয়।
আল্লাহ তা’আলাই যেন তাক যোগ্য আৰু নেক সন্তান হিচাপে গঢ়ি তোলে।

ক্বুৰআনত এনে বহু দুআ আছে।

▪️ দুআ- ১ : ইব্ৰাহিম আঃ ৰ দুআ –

رَبَّنَا هَبْ لَنَا مِنْ أَزْوَاجِنَا وَذُرِّيَّاتِنَا قُرَّةَ أَعْيُنٍ وَاجْعَلْنَا لِلْمُتَّقِينَ إِمَامًا

‘হে আমাৰ ৰব! আমাক এনেকুৱা স্ত্ৰী আৰু সন্তান-সন্ততি দান কৰা, যাৰ দ্বাৰা আমাৰ চকু জুৰ পৰে। আৰু তুমি আমাক মুত্তাক্বীসকলৰ বাবে অনুসৰণযোগ্য বনাই দিয়া’। (ছুৰা ফুৰকান, আয়াত ৭৪)

▪️ দুআ-২: মৰিয়ম (আঃ) ৰ মাকৰ দোআ-

وَإِنِّي أُعِيذُهَا بِكَ وَذُرِّيَّتَهَا مِنَ الشَّيْطَانِ الرَّجِيمِ

মই অভিশপ্ত চয়তানৰ পৰা তাক আৰু তাৰ সন্তানক তোমাৰ আশ্ৰয়ত দিছো। (ছুৰা আলে ইমৰাণ, আয়াত ৩৬)

▪️দুআ-৩ : জাকাৰিয়া (আঃ) ৰ দোআ-

قَالَ رَبِّ اِنِّيْ وَهَنَ الْعَظْمُ مِنِّيْ وَ اشْتَعَلَ الرَّاْسُ شَيْبًا وَّ لَمْ اَكُنْۢ بِدُعَآىِٕكَ رَبِّ شَقِيًّا، وَ اِنِّيْ خِفْتُ الْمَوَالِيَ مِنْ وَّرَآءِيْ وَ كَانَتِ امْرَاَتِيْ عَاقِرًا فَهَبْ لِيْ مِنْ لَّدُنْكَ وَلِيًّا، يَّرِثُنِيْ وَ يَرِثُ مِنْ اٰلِ يَعْقُوْبَ وَ اجْعَلْهُ رَبِّ رَضِيًّا

তেওঁ কৈছিল, ‘হে মোৰ ৰব! মোৰ অস্তিত্ব দুৰ্বল হৈছে, বাৰ্ধক্যত মোৰ মূৰ শুভ্ৰোজ্জ্বল হৈছে; হে মোৰ ৰব! তোমাৰ ওচৰত দুআৰ ফলত মই কেতিয়াও ব্যৰ্থ হোৱা নাই। আৰু মই মোৰ পিছত মোৰ স্বগোত্ৰীয়সকলৰ বিষয়ে আশংকাবোধ কৰিছো; আৰু মোৰ স্ত্ৰীও হৈছে বন্ধ্যা। সেয়ে তুমি তোমাৰ ফালৰ পৰা মোক এজন উত্তৰাধিকাৰী দান কৰা, যিয়ে মোৰ উত্তৰাধিকাৰিত্ব কৰিব আৰু উত্তৰাধিকাৰিত্ব কৰিব ইয়াকূবৰ বংশৰ। আৰু হে মোৰ ৰব! তাক তুমি সন্তোষভাজন কৰিবা’। (ছুৰা মাৰিয়াম , আয়াত ,৪-৬)

▪️দুআ-৪ : ইব্ৰাহিম (আঃ) ৰ দোআ-

رَبِّ هَبْ لِي مِنَ الصَّالِحِينَ

‘হে মোৰ ৰব! মোক এজন সৎকৰ্মপৰায়ণ সন্তান দান কৰা’। (ছুৰা, ছাফ্ফাত ,আয়াত ১০০)

رَبِّ اجْعَلْنِي مُقِيمَ الصَّلَاةِ وَمِنْ ذُرِّيَّتِي ۚ رَبَّنَا وَتَقَبَّلْ دُعَاءِ

‘হে মোৰ ৰব! মোক নামাজ প্ৰতিষ্ঠাকাৰী বনাই দিয়া লগতে মোৰ বংশধৰসকলৰ পৰাও। হে মোৰ ৰব! আৰু মোৰ দুআ কবুল কৰা’। (ছুৰা ইব্ৰাহিম, আয়াত ৪০)

অম্বিয়ায়ে কেৰামে জানিছিল, আল্লাহৰ ওচৰত কি কামনা কৰিব লাগে আৰু কেনেকৈ কামনা কৰিব লাগে। আল্লাহ তা’আলাই তেওঁলোকৰ দোআবোৰ পবিত্ৰ কোৰ‌আনত উল্লেখ কৰিছে মানৱ জাতিক শিকাবলৈ।

২। সুস্থ পৰিবেশ আৰু সঠিক আচৰণ :

জন্মৰ পিছৰ পৰাই পৰিয়ালৰ সদস্যৰ আচৰণৰ পৰা শিশুৱে শিক্ষা লাভ কৰে। এই শিক্ষণ মুখ খোলাৰ আগতেই আৰম্ভ হয়। বহু শিশুৱে আনৰ সন্মুখত নামাজ পঢ়ে, হাত বান্ধে, ৰুকু , ছিজদা কৰে। গতিকে শিশুটিৰ উপযুক্ত লালন-পালনৰ বাবে সুস্থ তথা ধৰ্মীয় পৰিবেশ সুনিশ্চিত কৰিব লাগিব। যাতে সৰু কালৰ পৰাই মিছা কথা, গালি শপনি, বেয়া কথা আদিৰ পৰা বিৰত থাকে আৰু ভাল কামৰ অভ্যাস কৰিব পাৰে।

৩। শিক্ষাৰ প্ৰতি যত্নপৰ হোৱা:

শেহতীয়া অতীতৰ বিখ্যাত পণ্ডিত মৌলানা মহম্মদ মঞ্জুৰ নোমানী (ৰঃ) কৈছিল-

এই পৃথিৱীৰ, এই ক্ষণস্থায়ী জীৱন সন্দৰ্ভত নবীসকলৰ দৃষ্টিভংগী হ’ল-
এই জীৱন মূলত আখিৰাতৰ অনন্ত জীৱনৰ প্ৰস্তুতি। এই মতৰ স্বাভাৱিক আৰু অত্যাৱশ্যকীয় দাবী যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিষয়টো হ’ল আখিৰাতত সফলতা লাভ কৰা।
সেয়ে আল্লাহৰ ৰাছুল (ছাঃ) এ প্ৰতিজন অভিভাৱকৰ বাবে নিজৰ সন্তানৰ অধিকাৰ দৃঢ়তাৰে নিৰ্ধাৰণ কৰি দিছে, যাতে আৰম্ভণিৰ পৰাই তেওঁ নিজৰ দ্বীনী শিক্ষা আৰু উপযুক্ত লালন-পালনৰ বিষয়ে চিন্তা কৰে। আৰু যদি কোনোবাই এই ক্ষেত্ৰত অৱহেলা কৰে তেন্তে নিশ্চয় সি দোষী হ’ব। (মা’আৰিফুল হাদীছ ৩/২৭৪)

গতিকে শিশুটিক সৰ্বপ্ৰথম, আল্লাহৰ নাম আৰু কলিমা শিকাব লাগে। তাৰ পিছত (সময়োপযোগী শিক্ষাৰ লগতে) ক্ৰমান্বয়ে বিভিন্ন জিকিৰ, মচনুন দুয়া আৰু ইছলামিক আচাৰ-ব্যৱহাৰ শিকোৱা উচিত।

নবীজীৰ আমল চাওক –
উমৰ ইবনে আবি চালামা (ৰাঃ) এ ক’লে, মোক সৰু কালত নবী ছাঃ এ ডাঙৰ-দীঘল কৰিছিল। এবাৰ খাই থাকোঁতে মই পাত্ৰৰ চাৰিকোণৰ পৰা খাই আছিলো। তেতিয়া নবী (ছঃ) এ মোক ক’লে-
يَا غُلَامُ، سَمِّ اللهَ، وَكُلْ بِيَمِينِكَ، وَكُلْ مِمَّا يَلِيكَ.

‘হে সন্তান! বিছমিল্লাহ কোৱা, সোঁহাতেৰে খোৱা আৰু কাষৰ পৰা খোৱা।’ (ছহীহ মুছলিম, হাদীছ ২০২২)

এইদৰে শিশুটিক সৰুৰে পৰাই ছুন্নত (উত্তম পন্থা), আচাৰ-ব্যৱহাৰ আদি শিকাব লাগে।

৪। অশুভ শিক্ষা আৰু কু-অভ্যাসৰ পৰা দূৰত-

অৰ্থাৎ শিশুটিয়ে যাতে আমাৰ পৰা কোনো অশুভ শিকিব নোৱাৰে।
সাৱধানতাৰ অভাৱত শিশুৱে প্ৰায়ে, নিজৰ পৰিয়ালৰ পৰা, আনকি অভিভাৱকৰ পৰাই বিভিন্ন কু-সংস্কাৰ, কু-স্বভাৱ, অশুভ আচৰণ শিকি লয়। এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে সাৱধানতা অৱলম্বন কৰিব লাগিব। যত নিম্নলিখিত দিশকেইটা অতিকৈ গুৰুত্বপূৰ্ণ –

ক) মহাবিপদ মবাইল –

বহু সময়ত শিশুটিক বিৰক্তিৰ পৰা হাত সাৰিবলৈ বা চুপ কৰিবলৈ বিভিন্ন ডিভাইচ বিশেষকৈ স্মাৰ্টফোন হাতত তুলি দিয়া হয়। কিন্তু তেতিয়া অলপো চিন্তা কৰে নে, যে কম সময়ৰ বিৰক্তিৰ পৰা পৰিত্ৰাণ পাবলৈ মই কলিজাৰ টুকুৰাৰ হাতত এনে এটা জুইৰ টুকুৰা উঠাই দি আছে, যাৰ দ্বাৰা ইমান, আমল, আখলাক আদি – এক কথাত জীৱনৰ সকলো ক্ৰমান্বয়ে ধ্বংসৰ পথলৈ গতি কৰিব।

আল্লাহ ৰক্ষা কৰক আমাক!

বিষয়টো সমাজত ব্যাপক হাৰত বৃদ্ধি পোৱাৰ বাবে আমাৰ বাবে অভিভাৱকৰ বাবে আজিৰ দিনত সাধাৰণ হৈ পৰিছে। আমি ভাবো, শিশুটিক ব্যস্ত ৰাখিবলৈ অলপ সময় মবাইল দি ৰাখিলে কিনো ক্ষতি হৈ যাব।
কিন্তু গভীৰভাৱে ভাবি চালে ইয়াৰ ভয়াবহ পৰিনাম, নিশ্চয় আমি অতি সহজে উপলব্ধি কৰিব পাৰিম।

মবাইলৰ পৰা শিশুক দূৰত ৰখাৰ কাৰ্যকৰী কাম হ’ল- শিশুটিক যথাযথভাৱে সময় দিয়া। তাক মনোৰঞ্জন আৰু ফূৰ্তিৰ বা সৰ্বোত্তম উপায় বিচাৰি উলিওৱা। আৰু চেষ্টা কৰিলে নিশ্চয় বিভিন্ন উপায় ওলাব।

খ) মিছা আশ্বাস প্ৰদান ত্যাগ কৰক-

শিশুক কেতিয়াও মিছা আশ্বাস নিদিব। এয়া কবিৰা গুনাহ (ডাঙৰ পাপ)। কাৰণ শিশুৱে ইয়াৰ পৰা, সৰু কালৰ পৰাই মিছা কথা শিকিব। গতিকে সৰু ডাঙৰ সকলো ক্ষেত্ৰতে কথা কোৱাত সাৱধানতাৰ প্ৰয়োজন। এই বিষয়ে নবী (ছাঃ ) এ কৈছে :

হজৰত আব্দুল্লাহ ইবনে আমৰ ৰাঃ ৰ পৰা বৰ্ণিত –
(শৈশৱত) এদিন (যেতিয়া মই খেলিবলৈ কোঠাৰ পৰা ওলাই যাব বিচাৰিছিলো) আম্মাই ক’লে, ইয়ালৈ আহা, মই তোমাক কিবা এটা বস্তু দিম। সেই সময়ত নবী (ছঃ) আমাৰ ঘৰত আছিল। তেওঁ ক’লে, তুমি তেওঁক কি দিব বিচাৰিছা?
মায়ে ক’লে, মই তাক খেজুৰ দিব বিচাৰিছো।

তেতিয়া নবীয়ে ক’লে, যদি তুমি তাক একো নিদিয়া, তেন্তে তুমি মিছা প্ৰতিশ্ৰুতি দিয়াৰ বাবে দোষী হ’বা।
(ছুনান আবু দাউদ, হাদীছ ৪৯৯১; মুছনাদ আহমদ, হাদীছ ১৫৭০২)

ঘ) খঙৰ সময়ত অনুপযুক্ত শব্দ ব্যৱহাৰ নকৰা –

খঙৰ ভমকত বহুতে শিশুক গালি পাৰে, অশ্ৰৱণীয় ভাষা ব্যৱহাৰ কৰে; যি নেকি কোনো সভ্য ব্যক্তিৰ বাবে মুঠেই উচিত নহয়। ইছলামী জীৱন ব্যৱস্থাত এয়া সমৰ্থনযোগ্য নহয়। কাৰণ ইয়াৰ বহুতো ক্ষতি আছে। যেনে-

১. এয়া কবিৰা গুনাহ (ডাঙৰ পাপ)।
২. ইয়াৰ বাবে সন্তানৰ, নিজৰ পিতৃ-মাতৃৰ প্ৰতি সন্মান নোহোৱা হৈ যায়।
৩. শিশুৱেও এটা সময়ত এইবোৰ পিতৃ-মাতৃৰ ক্ষেত্ৰত প্ৰয়োগ কৰে। যাৰ ফলত পিছত পিতৃ মাতৃয়ে আফচোচ কৰিবলগীয়া হয়।

বহুত দেখা যায় যে প্ৰথমে মাকে পুত্ৰক বহুত গালি-গালাজ কৰে, কিছুদিনৰ পাছত ল’ৰাটোৱেও মাকক গালি-গালাজ কৰে আৰু মাকে কোৱা কথাবোৰ বকি থাকে।

আমাৰ আচৰণৰ পৰা ল’ৰা-ছোৱালীয়ে বহু কথাই শিকে। গতিকে আমি শিশুটিক সেই উত্তম আচৰণ কৰিব লাগে যি আচৰণ আমি পৰৱৰ্তী সময়ত তাৰ পৰা আশা কৰোঁ।

আগলৈ…..