শেষ পৰ্ব: UCC ৰ বিৰোধিতা

Share :

ইউনিফৰ্ম চিভিল কোড (UCC) কি আৰু কিয় নহয়? শেষ পৰ্ব

ইউনিফৰ্ম চিভিল কোড (UCC) ৰ বিৰোধিতা :

ভাৰতবৰ্ষত “ইউনিফৰ্ম চিভিল কোড”ৰ স্পষ্ট অৰ্থ হল, এই দেশৰ মুছলমানসকলে নিজৰ ধৰ্মীয় নিৰ্দেশনাৰ বিৰুদ্ধে বিবাহ আৰু বিবাহ বিচ্ছেদ আদি কৰি মুঠ ১৬ (যোৱা পৰ্বত উল্লেখ কৰা হৈছে) বিষয় সম্পাদন কৰিব লাগিব। উক্ত বিষয়বোৰত ধৰ্মীয় আইনৰ পৰিৱৰ্তে অন্য আইন মানি চলিব লাগিব।

একেদৰে দেশখন ৰঙিন বাগিছা হিচাপে উজ্জ্বল কৰি ৰখা বিভিন্ন ধৰ্ম আৰু ৰীতি-নীতিৰ দ্বাৰা বান্ধ খাই থকা লোকসকলে নিজৰ ধৰ্ম এৰিব লাগিব, তেওঁলোকৰ ৰীতি-নীতি নিঃশেষ কৰি নতুন আইনখন অনুসৰণ কৰিব লাগিব।

এইদৰে ইউনিফৰ্ম চিভিল কোড স্পষ্টভাৱে “মুছলিম পাৰ্চনেল ল'”ৰ পৰা পৃথক আইন।যিখন কাৰ্যকৰী হোৱাৰ পিছত “মুছলিম পাৰ্চনেল লা’ ৰ কোনো অস্তিত্ব নাথাকিব।

মুঠতে ক্বুৰআন আৰু চুন্নাহৰ ওপৰত ভিত্তি কৰি গঠিত মুছলিম পাৰ্চনেল লা’ (ইছলাম ধৰ্মাৱলম্বী লোকৰ ব্যক্তিগত আইন) আৰু ইউনিফৰ্ম চিভিল কোডক কোনোপধ্যেই একত্ৰিত কৰিব নোৱাৰি। ( ইউনিফৰ্ম চিভিল কোড: ৬)

প্ৰয়াত মৌলানা আব্দুল ৰহিম কুৰেশ্বীয়ে (প্ৰাক্তন কেন্দ্ৰীয় সাধাৰণ সম্পাদক অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব’ৰ্ড) ইউনিফৰ্ম চিভিল কোডৰ সত্যতাক আলোকপাত কৰি অতি গুৰুত্বপূৰ্ণ ৪টা দিশ উল্লেখ কৰিছে-

১। “মুছলিম পাৰ্চনেল ল’ সম্পৰ্কীয় বিষয়ত মুছলমানক অন্য কিবা আইন মানি চলিবলৈ কোৱা বা বাধ্য কৰাটো ধৰ্মত্যাগৰ আমন্ত্ৰণ নহয় যদিও, কিন্তু ধৰ্মীয় আদেশ উলংঘা কৰাৰ মুক্ত আহ্বান এয়া।

UCC ৰ সত্যতা :

২। এনে বহু ধৰ্মীয়, বহুভাষিক, আৰু বহু-সাংস্কৃতিক দেশ যাৰ এলেকা আৰু জনসংখ্যা উপ-মহাদেশীয়, তাত ইউনিফৰ্ম চিভিল কোডৰ দৰে আইন ৰূপায়ণ বহুত ক্ষতিকাৰক হ’ব।

৩। বাস্তৱিক দৃষ্টিকোণৰ পৰা উপলব্ধি কৰা উচিত যে ঐক্য আৰু সম্প্ৰীতিৰ আধাৰ আচলতে নিজস্বত্ববোধৰ অনুভৱ।
আৰু এই অনুভূতিৰ উদ্ভৱ “মোৰ দেশত নিজৰ প্ৰিয় বস্তু, নিজৰ সংস্কৃতি, নিজৰ পৰিচয় আৰু নিজৰ ঐতিহ্যৰ প্ৰতি কোনো ভাবুকি নাই বুলি বিশ্বাস” ৰ পৰাই।

৪। বিভিন্ন পৰিচয়ক স্বীকৃতি দিলে জাতীয় ঐক্য, সমন্বয় আৰু একতা শক্তিশালী হৈ উঠিব। ইয়াৰ বিপৰীতে একেধৰণৰ নাগৰিক সংহিতা (UCC) জাপি দিয়াৰ ফলত, বঞ্চনা আৰু নিৰাপত্তাহীনতাৰ অনুভূতিৰ সৃষ্টি হ’ব, যি নেকি দেশৰ ঐক্য আৰু সংহতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব।

UCC ৰ বিৰোধিতা কিয়?

মুছলমানসকলে ইউনিফৰ্ম চিভিল কোডৰ বিৰোধিতা কৰিব লাগে তাৰ কাৰণসমূহ ব্যাখ্যা কৰি হজৰত মৌলানা মিন্নতউল্লাহ ৰহমানীয়ে লিখিছে:

পোন প্ৰথমে এটা সকলোৱে ভালকৈ মনত ৰখা উচিত যে কেৱল মুছলমানসকলে ইউনিফৰ্ম চিভিল কোডৰ বিৰোধিতা নকৰে, বৰঞ্চ হিন্দু ধৰ্মীয় সমাজেও ইয়াৰ সৈতে একমত নহয়। প্ৰতিবাৰৰ দৰে এইবাৰো দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন জাতি জনজাতি, জনগোষ্ঠীয় ইউ ছি ছি ৰ বিৰোধিতা কৰি আছে। কিন্তু দূৰ্ভাগ্যজনক বিষয় যে কোনো বিক্ৰিত মেডিয়াই সেইবোৰ প্ৰচাৰ কৰি থকা নাই।

দেশৰ ১৯ কোটি মুছলমানে UCC প্ৰত্যাখ্যান কৰাৰ মূলতে দুটা কাৰণ –

১) “ইউনিফৰ্ম চিভিল কোড (UCC)” ধৰ্মীয় (দ্বীনী) শিক্ষাৰ বিৰোধিতা কৰে। এয়া কাৰ্যকৰী হোৱাৰ পিছত পাৰিবাৰিক আৰু ব্যক্তিগত জীৱনত ক্বুৰআন আৰু চুন্নাহৰ নিৰ্দেশনা পৰিত্যাগ কৰিব লাগিব। আৰু প্ৰতিজন মুছলিমে নিজৰ জীৱনত এনে এক আইন কাৰ্যকৰী কৰিব লাগিব, যাৰ ফলত ধৰ্মৰ নিৰ্ধাৰিত সীমাসমূহ (ক্বুৰআন আৰু হাদীছ মতে) মচি পেলোৱা হ’ব আৰু ব্যক্তিগত জীৱনৰ পৰা হালাল আৰু হাৰামৰ অস্তিত্ব নোহোৱা হৈ যাব।

মুছলমানসকল এনে আইনৰ (UCC) জৰিয়তে নিজৰ পাৰিবাৰিক তথা ব্যক্তিগত বিষয়বোৰ আৰু বিভিন্ন সমস্যাৰ সমাধান কৰিবলৈ মুঠেই সাজু নহয়, যাৰ প্ৰতিটো খোজতে ধৰ্মৰ সৈতে সংঘাতৰ সৃষ্টি হয়।

২) দ্বিতীয় কাৰণটো হ’ল –
প্ৰতিটো ধৰ্মৰ অনুগামীসকলৰ কিছুমান সাংস্কৃতিক পাৰ্থক্য আছে যিবোৰ বহুলাংশে “ব্যক্তিগত আইন (পাৰ্চনেল লা’) “ৰ সৈতে জড়িত। কিছুমান ধৰ্মৰ আকৌ এই বৈশিষ্ট ধৰ্মীয় শিক্ষাৰ ওপৰত ভিত্তি কৰি নহয় বৰঞ্চ ৰীতি-নীতি আৰু ভৌগোলিক অৱস্থাৰ অধীনত থকা বাবে হয়।
গতিকে মুছলমানসকলৰ বা ইছলাম ধৰ্মৰ ষ্পষ্ট সাংস্কৃতিক বৈশিষ্ট্য আছে যিবোৰ প্ৰমানিত ভাৱে ধৰ্মীয় শিক্ষাৰ ওপৰত ভিত্তি কৰিহে পালন কৰা হয়। আৰু মুছলমানসকলে নিজৰ সাংস্কৃতিক বৈশিষ্ট্য ত্যাগ কৰিবলৈ কেতিয়াও, কোনোপধ্যেই ইচ্ছুক নহয়।(ইউনিফৰ্ম ছিভিল কোড : ১৭)

মুঠতে চৰকাৰৰ UCC ৰ পৰিকল্পনা এই দেশৰ শান্তিপূৰ্ণ পৰিৱেশ, সুস্থ পৰিৱেশ আৰু পাৰস্পৰিক আনুগত্যৰ বাবে অতি ক্ষতিকাৰক। দেশৰ পৰিচয় স্বৰূপ নানা ৰং বিৰঙৰ সংস্কৃতি চূৰ্ণ বিচূৰ্ণ হৈ যাব। আৰু UCC কেৱল মুছলমানসকলৰ মাজতে সীমাবদ্ধ নাথাকিব, অন্যান্য ধৰ্ম আৰু সভ্যতাসমূহকো একেদৰে গ্ৰাস কৰি পেলাব।

আনৰ বাবে যিয়েই নহওক কিয়, এজন মুছলমানে UCC ৰ কাৰ্যকৰীকৰণ কেতিয়াও মানি নলয়। কাৰণ ই নিজৰ শ্বৰীয়ত আৰু ইছলামৰ ওপৰত আক্ৰমণ আৰু ব্যক্তিগত ক্ষমতা তথা স্বাধীনতাৰ পৰিপন্থী ।

গতিকে চৰকাৰৰ এই পদক্ষেপক সম্পূৰ্ণৰূপে বৰ্জন কৰি দেশৰ মুছলমান সকলৰ প্ৰতিনিধিত্বমূলক ঐক্যবদ্ধ সংগঠন “অল ইণ্ডিয়া মুছলিম পাৰ্চনেল লেবাৰ ব’ৰ্ড” এ লা’ কমিচন (আইন কমিচন) ৰ UCC পৰামৰ্শক বৰ্জন কৰাৰ কথা ঘোষণা কৰি শ্বৰীয়তত চৰকাৰৰ কোনো ধৰণৰ হস্তক্ষেপ অসহনীয় বুলি ঘোষণা কৰিছে।

সেয়ে দেশৰ প্ৰতিজন মুছলমানে নিজৰ সাংবিধানিক অধিকাৰ উপভোগ কৰি নিজৰ শ্বৰীয়ত আৰু তাৰ শিক্ষা অনুসৰণ কৰিব লাগে। আৰু বৰ্তমান UCC ৰ বিৰোধিতা কৰি নিজৰ মতটো, মুছলিম পাৰ্চনেল ল ব’ৰ্ডে আহ্বান কৰা মতে, ইমেইল যোগে লা কমিছনলৈ ২৮ জুলাই ২০২৩ তাৰিখ লৈকে প্ৰেৰণ কৰি প্ৰাথমিক দায়িত্ব পালন কৰিব লাগে।

কলম – মুফতী এম ইউছুফ কাছিমী ।
উৎস – কেইবাটাও উৰ্দু কিতাপ, প্ৰৱন্ধ।

1 thought on “শেষ পৰ্ব: UCC ৰ বিৰোধিতা”

  1. The, Member Secretary, Law Commission of India, 4″ Floor, Lok Nayak Bhawan, Khan Market, New Delhi 110 003.

    Sir,
    We the Muslims are being governed by the Muslim Personal law for the last 1500 years and have been conducting our life as per Shariya ever since and we want to be governed by the Muslim Personal law in the future too. We don’t want any other civil law to interfere in the Islamic way of life and society except Muslim Personal law.

Comments are closed.