এপিচড-১ : হিজৰতৰ সংজ্ঞা, প্ৰকাৰ আৰু তাৎপৰ্য

Share :

১ম পৰ্ব: সূচী –
• হিজৰতৰ সংজ্ঞা।
• হিজৰতৰ প্ৰকাৰ আৰু বিশেষ অৰ্থ।
• হিজৰতৰ ফজীলত আৰু তাৎপৰ্য।

হিজৰত শব্দৰ অৰ্থ আৰু সংজ্ঞা :

হিজৰত আৰবী শব্দ। ই আৰবী শব্দ ‘হিজৰুণ’ (ھجر) ৰ পৰা উৎপত্তি। ‘হিজৰত’ শব্দৰ অৰ্থ হ’ল –
ত্যাগ কৰা,
কাটি পেলোৱা,
পৰিত্যাগ কৰা,
এৰি দিয়া,
সম্পৰ্ক শেষ কৰা,
এঠাইৰ পৰা আন ঠাইলৈ যোৱা / প্ৰব্ৰজন,
নিজৰ দেশ বা মাতৃভূমি এৰি যোৱা ইত্যাদি।

ইছলামৰ ইতিহাসত হিজৰত এক উল্লেখনীয় তথা চিৰস্মৰণীয় ঘটনা।

▪️হিজৰত (প্ৰব্ৰজন) কি?

হিজৰত কি বা কাক হিজৰত বোলা হয়?
ইছলামিক পৰিভাষাত আল্লাহৰ সন্তুষ্টিৰ স্বাৰ্থত বা ধৰ্মীয় নিৰাপত্তাৰ কাৰণে বা সত্য আৰু ন্যায়ৰ বাবে নিজৰ দেশ এৰি আন ঠাইলৈ যোৱাটোক হিজৰত বোলা হয়। তলত কেইটামান সংজ্ঞা উল্লেখ কৰা হট বল…

▪️হিজৰতৰ সংজ্ঞা –

  • কামুছুল ফিকহ নামৰ ফিকহী অভিধানৰ মতে কাফিৰে শাসন কৰা দেশৰ সীমা অতিক্ৰম কৰি ইছলামিক ৰাষ্ট্ৰলৈ যোৱাটোক হিজৰত বোলা হয়।
  • আল্লামা ইবনে হজৰ আচকালানীৰ মতে, সৰ্বশক্তিমান আল্লাহ তা‘আলাই নিষেধ কৰা বস্তু পৰিত্যাগ কৰাৰ নামেই হিজৰত। • আল্লামা খাত্তাবীৰ মতে হিজৰত হৈছে পবিত্ৰ নবী (ছঃ)ৰ সৈতে আল্লাহৰ পথত যুঁজিবলৈ ধৈৰ্য্যৰে ওলাই যোৱাৰ নাম। গতিকে মূল কথাটো হ’ল আল্লাহৰ সন্তুষ্টিৰ স্বাৰ্থত বা ধৰ্মীয় নিৰাপত্তাৰ কাৰণে বা সত্য আৰু ন্যায়ৰ স্বাৰ্থত নিজৰ গৃহ দেশ এৰি আন দেশলৈ প্ৰব্ৰজন কৰাৰ নামেই হিজৰত।

হিজৰত (প্ৰব্ৰজন) ৰ প্ৰকাৰ :

ইছলামী দৃষ্টিত মুঠ পাঁচ ধৰণৰ হিজৰত পোৱা যায়-

১। মক্কাৰ পৰা মদীনালৈ প্ৰব্ৰজন।
২। পাপৰ পৰা বিৰত থকা।
৩। ইছলাম প্ৰচাৰৰ উদ্দেশ্যে প্ৰতিকূল ঠাইৰ পৰা অনুকূল স্থানলৈ যাত্ৰা কৰা।
৪। শান্তি অৰ্জনৰ উদ্দেশ্যে এখন মুছলমান দেশৰ পৰা আন এখন মুছলমান দেশলৈ যাত্ৰা কৰা।
৫। প্ৰবৃত্তিৰ (মনৰ খাহিশ্ব) আৱশ্যকতা পৰিত্যাগ কৰি আল্লাহৰ ওচৰত সান্নিধ্য লাভৰ উদ্দেশ্যে নিজকে উৎসৰ্গা কৰিছে।

হিজৰতৰ ফজীলত আৰু তাৎপৰ্য :

ইছলামত হিজৰত এক গুৰুত্বপূৰ্ণ ইবাদত। ওপৰত উল্লেখ কৰা মতে জানিব পাৰিছো যে হিজৰতৰ সাধাৰণ অৰ্থ হ’ল আল্লাহৰ স্বাৰ্থত কোনো বস্তু, ঠাই বা ব্যক্তিক পৰিত্যাগ কৰা, তাৰ পৰা আঁতৰি যোৱা। এই অৰ্থ বিস্তৃত।

▪️হাদীছ –
এই বহল অৰ্থতেই নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে (অনুবাদ)-
‘সঁচা মুহাজিৰ হ’ল সেইজন যিয়ে আল্লাহৰ নিষেধাজ্ঞা ত্যাগ কৰে। (ছহীহ বুখাৰী, হাদীছ- ১০)

▪️হাদীছ –
আন এটা হাদীছত নবীক সোধা হৈছিল, কোনটো হিজৰত ভাল? তাৰ পাছত তেওঁ কৈছিল, “তোমাৰ প্ৰতিপালকে যি অপছন্দ কৰে, তাক ত্যাগ কৰা।” (মুছনাদ আহমদ ২/১৬০ হাদীছ: ৬৪৮৭)

জ্ঞানৰ স্বাৰ্থত দেশৰ বাহিৰলৈ যাত্ৰা কৰা, দা’ৱাহ-তবলিগ আৰু জেহাদ আদিও হিজৰতৰ এই বহল আৰু সাধাৰণ অৰ্থৰ অন্তৰ্ভুক্ত।

যেনে, এটি হাদীছত নবী ছাঃ ক সোধা হৈছিল, হিজৰত কি? তেওঁ গুনাহ ত্যাগ কৰা। প্ৰশ্ন কৰাজনে ক’লে, কোনটো হিজৰত ভাল? ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কলে, জিহাদ… (মুছনাদ আহমদ ৪/১১৪ হাদীছ ১৭০২৭)

উল্লেখযোগ্য এই বহল অৰ্থৰ হিজৰত বাবে কোনো নিৰ্দিষ্ট সময় নাই; বৰঞ্চ ই আল্লাহৰ এজন বিশ্বাসী খাটি বান্দা (মনুষ্য) ৰ অহৰহ অভ্যাস।

কিন্তু শ্বৰীয়তৰ ‘বিশেষ হিজৰত’ ৰ মানে, ‘স্বীয় দ্বীন আৰু ঈমানৰ সুৰক্ষাৰ্থে, নিৰাপদভাৱে আল্লাহৰ ইবাদতত মগ্ন হৈ থাকিবলৈ, আল্লাহু আৰু তেওঁৰ ৰছুলৰ সন্তুষ্টিৰ উদ্দেশ্যে, দাৰুল হৰব বা দাৰুল খৌফ অৰ্থাৎ কুফৰ ভূখণ্ড বা অসুৰক্ষিত ভূখণ্ড ত্যাগ কৰি বা দাৰুল ইছলাম বা দাৰুল আমানক, অৰ্থাৎ ইছলামিক ভূখণ্ড বা নিৰাপদ ভূখণ্ডলৈ যোৱা।

এয়াই হল হিজৰত শ্বৰিয়ীৰ প্ৰকৃত অৰ্থ। এই অৰ্থতেই চাহাবাসকলৰ মাজত প্ৰব্ৰজন কৰা জামাতক ‘মুহাজিৰ’ উপাধি দিয়া হৈছে। আৰু তেওঁলোকৰ সহায়কসকলক আনছাৰ বোলা হৈছিল। পৱিত্ৰ ক্বুৰআনৰ অসংখ্য আয়াতত আল্লাহ তাআলাই এই দুই চাহাবা গোটক এই অৰ্থত ‘মুহাজিৰ’ আৰু ‘আনছাৰ’ বুলি উল্লেখ কৰিছে আৰু বাৰে বাৰে বিভিন্ন প্ৰশংসা আৰু গুণৰ কথা উল্লেখ কৰিছে।

এই অৰ্থ অনুযায়ী হিজৰত সৰ্বকালৰ কাম নহয়। বৰঞ্চ ইয়াৰ সময় আৰু ক্ষেত্ৰ সকলো নিৰ্ধাৰিত। শ্বৰীয়তত হিজৰতৰ বাবে সুনিৰ্দিষ্ট চৰ্ত আৰু বিধানৰ পোহৰত যদি ক’ৰবাত হিজৰতৰ বাবে পৰিৱেশৰ সৃষ্টি হয় তেন্তে সেয়া সাধাৰণতে ছুন্নাহ।

উদাহৰণ স্বৰূপে চাহাবাসকলৰ আবিচিনিয়ালৈ হিজৰত , হজৰত মুহাম্মদ ছাঃ ৰ মদীনালৈ যোৱাৰ পূৰ্বে ছাহাবাসকলৰ মদীনালৈ হিজৰত। এই হিজৰতৰ বাবে ওপৰত উল্লেখ কৰা মতে আল্লাহৰ ফালৰ পৰা জান্নাত আৰু ক্ষমা প্ৰাৰ্থনাসহ অনেক পুৰস্কাৰ নিৰ্ধাৰিত কৰা হৈছে।

▪️পৱিত্ৰ ক্বুৰআন – যেনে, আল্লাহে কৈছে (অনুবাদ)-

‘গতিকে যিসকলে প্ৰব্ৰজন কৰিছিল, ঘৰৰ পৰা খেদি পঠিওৱা হৈছিল, মোৰ পথত অত্যাচাৰিত হৈছিল, জিহাদ আৰু যুদ্ধ কৰিছিল তথা শ্বহীদ হৈছিল। মই নিশ্চয় তেওঁলোকৰ পাপ ক্ষমা কৰিম আৰু তেওঁলোকক জান্নাতত প্ৰৱেশ কৰিম, যাৰ তলেদি নদী বৈ যায়। এই পুৰস্কাৰ আল্লাহৰ পৰা, আৰু আল্লাহৰ ওচৰত সৰ্বোত্তম পুৰস্কাৰ। (চুৰা আল-ইমৰাণ ১৯৫)

▪️হাদীছ –

হাদীছত উল্লেখ কৰা মতে ‘হিজৰাত, তাৰ পূৰ্বৰ সকলো পাপৰ বাবে কাফফাৰা।’ অৰ্থাৎ হিজৰত কৰাৰ পাছত, হিজৰতৰ পূৰ্বৰ সকলো গুনাহ ক্ষমা কৰি দিয়া হয়। ( ছহীহ মুছলিম হাদীছ: ১২১)

আকৌ বিশেষ ক্ষেত্ৰত এই হিজৰত ‘বাধ্যতামূলক (ফৰজে আইন) ’ হৈ পৰিল। উদাহৰণস্বৰূপে, নবী ছাঃ ৰ হিজৰতৰ পিছত মক্কা বিজয়লৈকে মক্কাৰ সকলো মুছলমানৰ বাবে মদীনালৈ হিজৰত কৰাটো বাধ্যতামূলক হৈ পৰিছিল। যিসকল সক্ষম, তথাপি এই হিজৰতৰ পৰা বিৰত থাকিছিল তেওঁলোকৰ বাবে কঠোৰ ‘ৱঈদ (শাস্তি)’ ঘোষণা কৰা হৈছিল।

▪️ক্বুৰআন – আল্লাহ তাআলাই কৈছে (অনুবাদ)-

নিশ্চয় যেতিয়া ফিৰিস্তা (স্বৰ্গদূত) এনে লোকৰ (যিসকলে নিজৰ সামৰ্থ্য সত্ত্বেও হিজৰত কৰা নাই) ৰূহ কবজ কৰিব, তেতিয়া ফিৰিস্তাই তেওঁলোকক ক’ব, তোমালোকে কি কৰি আছিলা? (আদেশ, নিষেধসমূহ কিয় পালন কৰা নাই?) সিহঁতে ক’ব যে, ‘আমি পৃথিৱীত অসহায় আছিলোঁ।, ফিৰিস্তাই ক’ব, আল্লাহৰ মাটি (দেশ) যথেষ্ট প্ৰশস্ত নাছিলনে, যত তুমি হিজৰত কৰিব পাৰা? তেওঁলোকৰ বাসস্থান হ’ব জাহান্নাম আৰু সেয়াই নিকৃষ্টতম গন্তব্যস্থান।” (ছুৰা নিছা: ৯৭)

ইয়াৰ আন এটি কথা ষ্পষ্ট হল যে হিজৰত আৰু দেশ ত্যাগ সম্পৰ্কে পৱিত্ৰ ক্বুৰআন আৰু হাদীছত উল্লেখ কৰা তাৎপৰ্য, এনেক ফজীলত, বিশেষ সন্মান আৰু মৰ্যাদা প্ৰকৃত মুহাজিৰ আৰু আনছাৰৰ বাবেহে উল্লেখ কৰা হৈছে। অৰ্থাৎ ইয়াত মুহাজিৰ আৰু হিজৰতৰ দ্বাৰা শ্বৰীয়ত আৰু মূল পাৰিভাষিক অৰ্থ ‘হিজৰত’ উদ্দেশ্য। বহল আৰু সাধাৰণ অৰ্থত ব্যৱহৃত হিজৰত উদ্দেশ্য নহয়।

পৰৱৰ্তী / ২য় পৰ্ব: সূচী –
• নবী মুহাম্মদ ছাঃ আৰু হিজৰত –
ক) প্ৰথম হিজৰত (হাবশ্বাহ) ।
খ) দ্বিতীয় হিজৰত (হাবশ্বাহ) ।

কলম- মুৰতাজা ইউছুফ কাছিমী ।