হিজৰী আৰু হিজৰত- এপি-১/পৰ্ব-২ : মুহাম্মদ ছাঃ আৰু হিজৰত

Share :

২য় পৰ্ব: সূচী – • নবী মুহাম্মদ ছাঃ আৰু হিজৰত –
ক) প্ৰথম হিজৰত (হাবশ্বাহ) ।
খ) দ্বিতীয় হিজৰত (হাবশ্বাহ) ।

◼️ প্ৰথম হিজৰত : হাবশ্বা (আবিচিনিয়া) লৈ-

হজৰত মহম্মদ (ছঃ)ৰ দ্বীনে ইছলামৰ ফালে আহ্বানৰ লগে লগে যেতিয়া সত্যৰ ধৰ্ম দিনক দিনে ফুলি উঠিবলৈ ধৰিলে আৰু হজৰত আমীৰ হামজা আৰু হজৰত ওমৰ ৰাঃ ৰ দৰে মহান ব্যক্তিসকলেও ইছলাম ধৰ্ম গ্ৰহণ কৰিলে, তেতিয়া ইছলাম বহু পৰিমাণে শক্তিশালী হ’ল, কিন্তু ক্ৰমান্বয়ে যেতিয়া ইছলাম নিচলা আৰু দৰিদ্ৰ শ্ৰেণী অতিক্ৰম কৰি গণ্যমান্য ব্যক্তিসকলৰ মাজত বিয়পি পৰিল, তেতিয়া কুৰাইশ্বসকলৰ মাজত ইছলামৰ প্ৰতি হিংসা আৰু মুছলিমৰ বিৰোধিতা অতিকৈ বৃদ্ধি পাই থাকিল। তেতিয়া তেওঁলোকে দুৰ্বল মুছলমানসকলক অত্যাচাৰ ভুগিবলৈ বাধ্য কৰালে, যিটো ইছলামৰ স্বাৰ্থত মুছলমানসকলে সহ্য কৰি থাকিল।

কিন্তু নবী পাক (ছাঃ) এ এই নিৰীহ লোকসকলৰ ওপৰত হোৱা অত্যাচাৰ সহ্য কৰিব নোৱাৰিলে আৰু মুছলমানসকলক আক্সুমৰ ৰাজ্য (Aksumite monarch) বা
হাবশ্বালৈ (আজিৰ ইথিওপিয়াৰ অন্তৰ্গত এবিছিনিয়ালৈ ) হিজৰত কৰিবলৈ নিৰ্দেশ দিলে। যি নেকি তেতিয়া খ্ৰীষ্টান দেশ আছিল। আৰু তাৰ ৰজা নাজাশ্বী বৰ দয়ালু আছিল। নবী পাক ছাঃ ৰ আদেশ অনুসৰি মুছলমানসকলে নবুৱতপ্ৰাপ্তৰ পঞ্চম বছৰত শান্তিৰ জীৱন কটাবলৈ পোনপ্ৰথমবাৰৰ বাবে নিজৰ ঘৰ পৰিয়াল ত্যাগ কৰি হাবশ্বালৈ হিজৰত কৰিছিল। য’ত ১২ জন পুৰুষ আৰু ৪ গৰাকী মহিলা আছিল। তাৰ মাজত উছমান ৰাঃ আৰু ৰুকিয়া ৰাঃ ও আছিল।

হিজৰত কৰা চাহাবাসকল :

৬১৩ খৃষ্টাব্দত (আধুনিক ইতিহাসবিদসকলে যাক আকছুমী ৰজা আৰ্মাছ আৰু এলা থাৰামৰ সৈতে চিনাক্ত কৰিছে) এবিছিনিয়ালৈ হিজৰত কৰি যোৱা চাহাবাসকল (মুহাজিৰসকল) :

  • আব্দুল ৰহমান বিন আউফ ৰাঃ ।
  • উছমান বিন আফফান ৰাঃ ।
  • আবু হুজাইফা ৰাঃ
  • জুবাইৰ বিন আৱাম ৰাঃ
  • মুছাব বিন উমাইৰ ৰাঃ
  • আব্দুৰ ৰহমান বিন আউফ ৰাঃ
  • আবু চালামা বিন আব্দুল আছাদ ৰাঃ
  • উছমান বিন মাজুন ৰাঃ
  • আমিৰ বিন ৰবিয়াহ ৰাঃ
  • আবু ছিৰা বিন আবি ৰহাম ৰাঃ
  • চুহাইল বিন বাইদা ৰাঃ
  • হাতিব বিন আমৰ ৰাঃ
  • হজৰত জাফৰ বিন ত্বাইয়্যাৰ ৰাঃ ।
  • ৰুকিয়াহ ৰাঃ (মহিলা)
  • ছাহলাহ বিন চুহাইল ৰাঃ (মহিলা)
  • উম্ম ছালমা ৰাঃ (মহিলা)
  • লাইলা বিনতে আবি হাশ্বমা ৰাঃ (মহিলা)

চাহাবাসকলক বহিষ্কাৰ কৰাৰ বিফল প্ৰচেষ্টা :

ইফালে মক্কাত এই খবৰ শুনি কুৰাইশ্ব নেতাৰ নিৰ্দেশনাত আব্দুল্লাহ ইবনে ৰাবিয়া আৰু আমৰ ইবনে আছ এ যিকোনো উপায়ে ধৰণে হিজৰত কৰা চাহাবাসকলক হাবশ্বাৰ পৰা উলিয়াই আনিবলৈ বিশেষ উপহাৰ আদি লৈ নাজাশ্বী ৰজাৰ ওচৰ চাপিল। যাতে ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ বাবে মক্কা ত্যাগ কৰা চাহাবাসকল ইয়াতো কোনো আশ্ৰয় নাপাই ইছলাম ত্যাগ কৰিবলৈ বাধ্য হয়।

তেতিয়া ৰজাই মক্কাৰ পৰা লৈ অহা অভিযোগ শুনাৰ পিছত, চাহাবা মুহাজিৰ দলটোক প্ৰশ্ন কৰিলে – তোমালোকৰ সেই ধৰ্মটো কি? যাৰ বাবে তোমালোকে নিজৰ দেশ আৰু নিজৰ পূৰ্বপুৰুষৰ ধৰ্ম ত্যাগ কৰিছা? আৰু কোৱাচোন, তোমালোকৰ নতুন ধৰ্ম আমাৰ ধৰ্মতকৈ কিয় শ্ৰেষ্ঠ?

তেতিয়া ৰজাৰ উত্তৰত, মক্কাৰ সেই প্ৰতিনিধিৰ উপস্থিতিত হজৰত জাফৰ ৰাঃ এ চমু উদাত্ত ভাষণ প্ৰদান কৰিলে।

হজৰত জা’ফৰ ৰাঃ ৰ ভাষণৰ চমুকৈ তলত উল্লেখ কৰা হল –

হে বাদশ্বাহ!
আমি অজ্ঞান আছিলো,
আমি মূৰ্তি পূজা কৰিছিলো,
আমি মৃত খাই আছিলো,
আমি ব্যভিচাৰত লিপ্ত হৈছিলো,
আমি দয়াহীন আছিলো,
আমি আত্মীয়-স্বজন নষ্ট কৰিছিলো,
আমি নিজৰ চুবুৰীয়াৰ লগত বেয়া আচৰণ কৰিছিলো,
আমাৰ ডাঙৰে ডাঙৰক গ্ৰাস কৰি আছিল,
আমাৰ অৱস্থা এনেকুৱা আছিল….

এনেতে আল্লাহ আমাৰ মাজত এজন পয়গম্বৰ প্ৰেৰণ কৰিছে,
যাৰ সত্যতা আৰু সতীত্ব আনি জানোঁ
যাৰ বিশ্বাসযোগ্যতা আৰু বংশ আমি জানো,

তেওঁ আমাক এক ঈশ্বৰৰ ওচৰলৈ মাতিলে-

যাতে আমি অকল তেওঁক পূজা কৰো,
আৰু নিজৰ আৰু নিজৰ পিতৃসকলৰ নামৰ মূৰ্তি-পূজা ত্যাগ কৰোঁ।
তেওঁ আমাক নিৰ্দেশ দিছে –
সত্য কবলৈ দিবলৈ,
আমানত আদায় কৰিবলৈ,
আত্মীয় স্বজনক প্ৰীতি কৰিবলৈ,
ওচৰ-চুবুৰীয়াৰ প্ৰতি দয়া কৰিবলৈ,
নিষিদ্ধ বস্তুৰ পৰা সাৱধান হ’বলৈ,
আৰু ৰক্তপাতৰ পৰা দূৰত থাকিবলৈ,

তেওঁ আমাক নিষেধ কৰিছে –
ব্যভিচাৰৰ পৰা,
মিছা কোৱাৰ পৰা,
অনাথৰ সম্পত্তি খোৱাৰ পৰা,
সতী মহিলাক নিন্দা পৰা।
তেওঁ আমাক এক শক্তিৰ উপাসনা কৰিবলৈ আদেশ দিছে।
ইয়াত তেওঁৰ লগত যাতে সংগী কৰিবলৈ নিষেধ কৰিছে।
আৰু তেওঁ ৰোজা, নামাজ, দান-বৰঙণিৰ আদেশ দিছে।

আমি ইয়াক মানি লৈ বিশ্বাস কৰিছোঁ। এতিয়া আমি শ্বিৰ্ক পৰিত্যাগ কৰি এক আল্লাহৰ ইবাদত গ্ৰহণ কৰি হালাল আৰু নিষেধাজ্ঞাৰ প্ৰতি সচেতন হৈছোঁ।

সেয়ে আমাৰ জাতিটো আমাৰ শত্ৰু হৈ আমাক সকলো ধৰণৰ বিপদৰ সৃষ্টি কৰিবলৈ ধৰিলে যাতে আমি এক আল্লাহৰ পূজা এৰি মূৰ্তিৰ পূজন আৰম্ভ কৰোঁ।

তাৰ পিছত ৰজা নাজাশ্বীয়ে ক্বুৰআন শুনিবলৈ ইচ্ছা প্ৰকাশ কৰিলে, হজৰত জাফৰ ৰাঃ এ ছূৰা কাফ-হা-আইন-চা’দ (کھیٰعٰص) ৰ
প্ৰথম কেইটামান আয়াত পাঠ কৰিলে।

আয়াত শুনি ৰজা নাজাশ্বী আৰু তেওঁৰ দৰবাৰত থকা বিভিন্ন লোক ইমানেই প্ৰভাৱিত হল যে, তেওঁলোকৰ দাড়ি চকুলোৰে তিতি গ’ল।

তেতিয়া ৰজাই কলে, এই ধৰ্ম আৰু যীচুৱে অনা ধৰ্ম দুয়ো একেটা লেম্পৰ দুই পোহৰ। কুৰাইশ্বৰ প্ৰতিনিধি দলে নাজাশ্বীৰ সমুখত মুছলমান সকলক ঈছা (আঃ) সম্পৰ্কে বিষয়ে সুধিব কলে।

ৰজাই প্ৰশ্ন কৰিলে, ঈচা ৰ বিষয়ে তোমালোকৰ কি কোৱা?
হজৰত জাফৰ ৰাঃ এ উত্তৰ দিলে
তেওঁ আমাৰ কিতাপ অনুসৰি আল্লাহৰ বান্দা, আৰু ৰাছুল । আৰু তেওঁ আল্লাহৰ ৰূহ (আত্মা) আছিল।

নাজাশীয়ে মাটিত জোৰে হাত মাৰি এটা বন এটি তুলি লৈ ক’লে-
আপুনি যি কৈছে, হজৰত যীচু এই বনতকৈ অলপো বেছি নাছিল (অৰ্থাৎ সম্পূৰ্ণকৈ সচা কৈছে। আমি জনা আৰু আপোনাৰ বক্তব্যচ তিলমান পাৰ্থক্য নাই) ।

এই লৈ বহু তাত বহু বিতৰ্ক হয় আৰু অ অৱশেষত কুৰাইশ্বক দূতাবাস বিফল হৈ মক্কালৈ উভতি যায়।

◼️ ইছলামৰ দ্বিতীয় হিজৰত (হাবশ্বালৈ) :

প্ৰথম হিজৰতৰ কিছুমাহৰ পিছত এটি উৰা বাতৰিৰ দ্বাৰা মুহাজিৰসকলে জানিব পাৰিলে যে মক্কাৰ পৰিস্থিতি শান্ত আৰু নিৰাপদ হ’ল। তাৰ পিছত মুছলমানসকল এবিচিনিয়াৰ পৰা মক্কালৈ উভতি আহিল।

কিন্তু পৰিস্থিতি শান্ত হোৱাৰ বিপৰীতে পুনৰ কষ্ট আৰু অত্যাচাৰ বাঢ়িব ধৰিলে। গতিকে নবী পাক (ছাঃ) এ পুনৰ এবিচিনিয়ালৈ হিজৰতৰ অনুমতি দিলে। কিন্তু এইবাৰ ইমান সহজ নাছিল, কাফিৰসকলে তীব্ৰ প্ৰতিৰোধ কৰিছিল, বিভিন্ন ধৰণৰ বাধা দিবলৈ আৰম্ভ কৰিছিল। অৱশ্যে ৮৩ জন পুৰুষ আৰু ১৮ জন মহিলা কোনোমতে এবিচিনিয়ালৈ গুচি গৈছিল।

আগলৈ……

কলম – মুৰতাজা ইউছুফ কাছিমী
(এম. এ., বি-এড)